অন্যযুগ/


মাধৱী, মই আৰু জুয়ে পোৰা মঙহবোৰ

 নিংকু নিশা নেওগ

             

য’ত কাহিনী এটাৰ জন্ম হ’ব নালাগিছিল :

আৰু এনেকৈয়ে এদিন কেতিয়াও নঘটিব বুলি ভবা ঘটনাবোৰেই ঘটিছিল৷ কাহিনীকাৰলৈ কাহিনী এটাই কোলা বাগৰি বাগৰি উজাই আহিছিল৷

ঘটনাবোৰৰ আৰম্ভণি ক’ত হৈছিল, কোনে কৰিছিল মই জনা নাছিলোঁ৷ এদিন অভাৱনীয়ভাৱে কিছুমান সোঁৱৰণিত নজহা নপমা ঘটনা ঘটিছিল৷  তেতিয়া মাধৱীজনী মাধৱী হৈয়েই আছিল৷ এয়া মাধৱী ৰেৱতী ফুকন হোৱাৰ বহু আগৰে কথা৷

মাধৱী৷ দুখনকৈ গাঁৱৰ ডেকাৰ টোপনি কঢ়া চেহেৰাৰ মানুহজনী৷ তাইৰ খিলখিল হাঁহি একোটাৰ কাৰণেই যেন জাৰত ৰঙাকৈ পকিছিল ৰৱাব, জহত ৰঙাকৈ বাঢ়িছিল জোনৰ মৰল৷ ডেকাজাকক বলীয়া কৰা এই মানুহজনীক এদিন নিমিষতে লগা এজাক জুইয়ে জ্বলাই মাৰিছিলহি৷          

কামে কাজে নিপুণ মানুহজনীক সকলোৱেই বৰ মৰম কৰিছিল৷ ডেকাবোৰে বিয়া পাতি নিগাজিকৈ মাধৱীক পাবলৈ নিজৰ মাজতে প্ৰতিযোগিতা কৰিছিল৷ তাইহে মনটো এজনক সঁপি থৈ বতাহত চিলা উৰাদি উৰি ফুৰিছিল৷

বিয়াৰ পাছতো তাই বতাহৰ দৰেই হৈ থাকিছিল৷ গাঁৱতেই বিয়া হোৱা ছোৱালী, কিডালনো পৰিৱৰ্তন হ’ব৷ তাই আছিল এবেলাতে তিনিপাককৈ টোলোঠা ঘূৰাই কাপোৰ বোৱা পাকৈত শিপিনী৷ তাই নজনা কাম আছেই বা কি? তাই বোৱা এহাত ফুলৰ গামোচা ডিঙিত লৈয়েই সিহঁতৰ চুবুৰীটোৰ কিমানটা দৰাই কইনা সুমুৱালেহি কোনেও লেখ ৰখা নাই৷ তাইৰ হাতৰ হৰি হৰি ৰাম ৰাম বুলি ৰঙা সূতাৰে ফুল বচা গামোচাখনেই বহু বছৰ ধৰি নামঘৰৰ মণিকুট শুৱাই ৰাখিছিল৷ এনেহেন ৰূপৱতী গুণৱতী মানুহজনীও এদিন সলনি হৈ পৰিছিল৷ আচলতে সলনি হ’বলৈ তাইক পৰিস্থিতিয়ে বাধ্য কৰাইছিল৷ সময়েতো সকলোকেই সলাই পেলাব পাৰে৷ লাগিলে সেয়া কঠিন সুউচ্চ গিৰিপৰ্বতেই হওক নতুবা চঞ্চল চপল নদীয়েই হওক৷ সময়ে এদিন সকলোৰে পৰিবৰ্তন কৰি পেলায়৷

কোনেনো বাৰু ভাবিছিল দিনত ৰবাব টেঙা চকলিয়াই পথাৰত শালি ধান এবোজা কাটি, সন্ধিয়া নৰাই কটা আঙুলিবোৰত মিঠাতেল ঘঁহি থকাৰ সময়তে এনেকুৱা অঘটন এটা ঘটি যাব৷ মাধৱীয়ে লগৰ বোৱাৰী, জীয়াৰীজাকৰ লগত দেখোন পথাৰত সেইদিনা ঘৰৰে পাচলি আৰু গঁৰালৰ কুকুৰাৰ মঙহেৰে কলপাত পাৰি একেলগেই ফূৰ্তি কৰি ভাত খাই আহিছিল৷ ভাতবোৰততো ভাগ ভাগ নাছিল৷ কুকুৰাৰ মঙহখিনিততো জাতি-জনজাতিৰ ভাগ-বাটোৱাৰা কৰা নাছিল৷ ভাতবোৰৰ ৰং বগা আৰু কুকুৰাৰ তেজবোৰ ৰঙা আছিল৷ তাত অসমীয়া, বড়ো বুলি কোনো ভাগ ভাগ নাছিল৷

দিনত একেলগে হাঁহি-মাতি ভাত খাই ঘৰলৈ আহি গৰু-ছাগলী সামৰি বান্ধোতেই মানুহবোৰে কোনেও কাকো চিনিব নোৱৰা কেনেকৈ হ’ল? কোন আপোন কোন পৰ যেন সিহঁতে গমেইহে নাপায়৷ বগাভাত খোৱা মানুহবোৰৰ ৰং কোনেও চিনিব নোৱাৰা হ’ল৷ এসাঁজ ভাত হজম নৌহওঁতেই মানুহে মানুহক চিনিব নোৱৰা হৈ গ’ল৷

এসাঁজ ভাতৰ ব্যৱধানতেই কিমানটা যে কাহিনীৰ জন্ম হ’ল, কিমানটা যে কাহিনী আধা ডুখৰীয়া হৈ থাকি গ’ল, কিমানটা যে কাহিনী জন্মই নোহোৱাকৈ ৰৈ গ’ল৷ কোনেনো ভাৱিলে এই অজন্মা কাহিনীবোৰৰ বোজা কোনে বৈ থাকিব?

মাধৱীয়ে কোৱা মতে তাহাঁতৰ আৰু কছাৰী গাঁৱৰ একেখনেই পথাৰ৷ লিকপৰা ৰাস্তাৰ দুয়োপাৰে সীমা নথকা বিঘা বিঘা মাটিৰ পথাৰ৷ মাজৰ ৰাস্তাটো কুঁজা মানে ভাঁজ লগা৷ দেখিবলৈ এনেকুৱা লাগে পিঠিত কঢ়িয়াই অনা কটা ধানৰ মুঠিৰ ভৰত চাপৰি থকা এজনী যেন কুঁজী বুঢ়ীহে৷ বুঢ়ীৰ কুঁজটোতে যেনিবা বৰপুখুৰীটো৷ মাঘৰ বিহুৰ ভোজটোৰ দিনা সেই পুখুৰীতে দুয়োখন গাঁৱৰ মানুহে মিলি মাছ ধৰিবলৈ আহে৷ কোনোবাই বিহু এফাঁকি জুৰিলে, আন এটাই মনে মনে লৈ অনা জৌ বিদৌ আগবঢ়াই দি ডাঙৰখিনিয়ে নেদেখাকৈ মনে মনে খায়৷ ঘৰৰ চৰুত বৰাহ নৰন্ধা দুটামানে ঘৰৰ বুঢ়া-মেথাই গম নোপোৱাকৈ ইখন গাঁৱৰ জুহালত বহি জুইত সেকা বৰাহৰ মঙহৰ জুতি লৈ আহেগৈ৷

 মাধৱীয়ে গোপীহঁতৰ লগত ধান কাটি আহিছিল৷ সেইদিনা ৰহিলা, থুনলাহঁতেও সিহঁতৰ মাটিত ধান কাটিছিল৷ পাছদিনা তাহাঁতমখাই ৰহিলাহঁতৰ ধান কাটিবগৈ৷ বন্দোবস্তি মতে থুনলাৰ ভায়েকে তাহাঁতক নৈৰ পাৰৰ পৰা অনা বালিয়া বগৰী খুৱাব লাগিব৷ এক পকেট বগৰীৰ বন্দোবস্তিতে দুপৰৰ বেলিৰ চোক পাহৰিব পৰা সিহঁতৰ মাজৰ আপোনত্ব৷ এয়া কেনে বন্দবস্ত, এইয়া কেনে ধৰণৰ বুজা-পৰা? ভাবিলে আচৰিত লাগে ইমান সহজে কেনেকৈ এই মানুহখিনিয়ে সকলো কথা মানি লয়৷

 কথাবোৰ ৰাতিৰ বুকু ফালি বতাহ হৈ উফৰি নহালৈকে সকলো ঠিকেই আছিল৷ সিহঁত খিলঞ্জীয়া, ইহঁত অসমীয়া বুলি ভাগ-ভাগ হোৱা নাছিল৷ দেশৰ ৰজা আৰু দেশৰ ৰাজনীতি নুবুজা হোজা মানুহসোপাই কোনে কাক খেদি দেশৰ বাহিৰ কৰিব লাগে একো বুজিয়েই পোৱা নাছিল৷ এই নুবুজাটোৱেই আচলতে সিহঁতৰ দোষ আছিল৷ জুমাই খাই খাই জুইৰ উত্তাপ লৈ দিনৰ ভাগৰ পলোৱা মেলতে কোনোবাই আহি কথাটো উলিয়াইছিলহি৷ বোলে অসমীয়া মানুহমখাই বিদেশী খেদা আন্দোলন কৰিবলৈ ওলাইছে৷ দুটামানে ৰাগি সহিব নোৱাৰি মুখ বিকটাইছিল৷ কোনোবা দুটামান জুইকুৰাৰ আৰু অলপ ওচৰ চাপি বহিছিলহি৷ হঠাতে কথা এটা জলকল পটপট কৈ ওলাই পৰিছিল৷ সিহঁতমখা বোলে বিদেশী৷ অসমীয়ামখাই সিহঁতকো খেদাৰ পৰিকল্পনা কৰিছে৷ হোজা, অশিক্ষিত মানুহমখাৰ হাতৰ মুঠি টান হৈ পৰিছিল লাহে লাহে৷ কোনোবা এটাই দোৰোল খোৱা জিভাৰে চিঞৰি আস্ফালন কৰিছিল, “খাৰ-খোৱা অসমীয়াক জ্বলাই ছাৰ খাৰ কৰি পেলাম৷ সিহঁতৰ ঘৰ-বাৰী জ্বলাই খেদি দিম৷ আমাক খেদিবলৈ আহ’ হুহ্... আমিয়েই তহঁতক খেদি পঠাম৷”          

তেজপুৰৰ দাঁতিত অৱস্থিত গাঁওখন ৰাতিটোৰ ভিতৰতে জুই একুৰাৰ দৰে হঠাৎ খড়্গহস্ত হৈ পৰিছিল৷ তেজবোৰ সিহঁতৰ গৰম হৈ সিৰাই সিৰাই বৈ যাবলৈ ধৰিছিল৷ নিচা লগা জিভাবোৰত কথাৰ লাগ-বান্ধ ছিঙিবলৈ ধৰিছিল৷

অৰাজনৈতিক নিৰ্দোষ মানুহ এজাকক কোনোবা কাল শতৰুৱে ৰাতিটোৰ দৰেই এজনী বিধ্বংসী দেৱদাসী সজাই দিছিল৷ মানুহজাকৰ নিচা লাগিছিল৷ মানহজাকে গাত হুঁচ নোহোৱাকৈ হালি-জালি নাচিবলৈ ধৰিছিল৷ নাচি নাচি মানুহজাকে হাততে পোৱাবোৰ এফালৰ পৰাই জ্বলাই দিছিল৷ দেৱদাসী লম্ভা মানুহবোৰ বলীয়া হৈছিল৷

সিহঁতৰ কথাবোৰে ডাঙৰকৈ হঠাতে গজা মেঘৰ গাজনিৰ দৰে গাজিবলৈ আৰম্ভ কৰিছিল৷ দিনটো পথাৰত হাড়ভগা পৰিশ্ৰম কৰি অহা ডেকামখাই ভাতৰ পাতৰ পৰা “ক’ত কি হ’লনো ঔ?” বুলি বাটলৈ ওলাই আহিছিল৷ তেতিয়ালৈ কেইবাটাও মানুহে জুই লৈ ওচৰৰ গাঁওখন জ্বলাবলৈ দৌৰি গৈছিল৷ ডেকামখাৰ তেজবোৰত পিৰপিৰণি উঠিছিল৷ নিজৰ মাটিকণ, বোপাককাৰ গাঁওখন হেৰুৱাৰ ভয়ত সিহঁতেও জুই একুৰা মেলি দিছিলগৈ৷ ৰহিলা, থুনলাহঁতে কাকো বাধা দিব পৰা নাছিল৷ তেতিয়ালৈ যে গোটেই গাঁওখনেই এটা ভুল ধাৰণাৰ গৰাহত পৰি ককবকাবলৈ আৰম্ভ কৰিছিল৷       

মাধৱীয়ে পাছদিনা ৰহিলাহঁতৰ পথাৰত ধান কাটিবলৈ যাব লগা হোৱা নাছিল৷ থুনলাৰ ভায়েকে বুটলি অহা বালিয়া মিঠা বগৰীসোপা থুনলাই গেজেপনিলৈ দলিয়াই দিছিল৷ গাহৰিৰ মঙহেৰে ৰন্ধা ভাতৰ হাণ্ডিটো পথাৰত তেনেকৈয়ে পৰি ৰৈছিল৷ সিহঁত কাৰোৰেই ভোক লগা নাছিল৷ অসমীয়া গাৱঁৰ পৰা বতাহত উটি  অহা ধান পোৰা গোন্ধত সিহঁতেও সোণালী ধানৰ পথাৰত বহি থাকিও উশাহ ল’ব পৰা নাছিল৷  জোৰকৈ উশাহ ল’বলৈও ভয় লাগিছিল৷ জানোচা বতাহত কোনোবা আপোন মানুহৰে জ্বলি যোৱা মঙহৰ গোন্ধ বৈ আহে৷

জুই লগা দেৱদাসীয়ে খেদি অহা সময়খিনিত মাধৱীয়ে পাকঘৰত নতুনকৈ খান্দি অনা আলুৰে গঁৰালৰ পৰা বুটলি অনা হাঁহকণী ভাজি আছিল৷ তাইৰ ল’ৰাটোৱে চাকিৰ পোহৰতে ফলি এখনত জোটাই জোটাই অ আকেইটা লিখিবলৈ যত্ন কৰি কৰি জাৰত কঁপি আছিল৷ তাই এই মৰজাৰত পঢ়ি হাকিম হ’ব নালাগে বুলি তাক নি বিছনাত কেথাখন জাপি বহুৱাই থৈছিলগৈ৷ ফটফটী চেলা এটা সেইদিনা বিছনাত বগাই আছিল৷ তাৰ গাটোৰ ৰূপালী ৰং এসোপা কেঁথাখনত লাগি সন্ধিয়াৰ আন্ধাৰত জিলিকি আছিল৷ তাই আন্ধাৰত কেথাখনত জিলিকি থকা ৰূপালী ৰংখিনি দেখি ঘিণত নাক কোঁচাইছিল, কিন্তু ল’ৰাটোৰ ফূৰ্তি লাগিছিল৷ ৰূপালীখিনি তাইৰ ল’ৰাটোৰ কাৰণে আছিল জিকমিক তৰাৰ দৰে উজলি উঠা ৰং কিন্তু তাইৰ কাৰণে সেয়া আছিল চেলাৰ গাটোত ঘহঁনি খাই এৰাই যোৱা তেজ৷ তেজৰ ৰং উজ্জ্বল কিন্তু সেই উজ্জ্বলতা প্ৰাণঘাটী৷ তেজ ভালপোৱা মানুহে সেউজীয়াৰ প্ৰেমিক হ’ব নোৱাৰে৷

তাইৰ মানুহটো ঘৰত নাছিল৷ হয়তো সেইখিনি সময়ত অন্য দিনাৰ দৰেই ভাঙৰ খোলাত থানেশ্বৰহঁতৰ লগত হয়তো বহি আছিলগৈ৷

 তেনেতে নভবা-নিশ্চিন্তা ঘটনাটো ঘটিছিল৷ এফালৰ পৰা ঘৰবোৰ, ভঁৰালবোৰ, পথাৰৰ পৰা আনি মৰণা মাৰিবলৈ জাপি থোৱা ধানৰ ডাঙৰিবোৰ, তামোলৰ আগবোৰ, নাৰিকলৰ আগবোৰ সকলোতে জুই জ্বলিবলৈ ধৰিছিল৷ দেখিলে এনে লাগে টগবগীয়া জুইৰ নৈ এখনেহে সিহঁতৰ গাঁওখন এফালৰ পৰা গিলি আহিবলৈ ধৰিছে৷ জুই আৰু ধোৱাৰ লেলিহান শিখাই ৰাতিৰ আকাশখন ধুৱলি- কুৱলি কৰি তুলিছিল৷ ধান পোৰাৰ গোন্ধ, গোহালিৰ গৰু-ছাগলী পোৰাৰ গোন্ধ, গাৰ চাদৰ পোৰাৰ গোন্ধ, মাধৱীৰ ল’ৰাটোৰ গাত জাপি দিয়া কেথাখনৰ পৰা ওলোৱা মানুহ পোৰা পোৰা গোন্ধে তাইক আৱৰি ধৰিছিল৷ তাই ওকলিয়াই দিছিল৷ পোৰা পোৰা গোন্ধত উশাহ হেৰুৱাই তাই অৱশ হৈছিল৷ দীঘলকৈ উশাহ টানিবলৈও যে ভয়৷ কিজানি জ্বলি জ্বলি উৰি অহা ক’লা ক’লা ছায়ে কলিজাটো পুৰি পেলায়হি৷

জুহালৰ কেৰাহীত সিজোৱা আলুৰে ভজা হাঁহকণীৰ ভাজিখন দেই গৈছিল৷ তাৰ পৰাও চাগৈ পোৰা পোৰা গোন্ধেই ওলাইছিল৷ কিন্তু তাইৰ চাৰে তিনি বছৰীয়া ল’ৰাটোৰ জ্বলি যোৱা শৰীৰৰ গোন্ধে সকলো ম্লান কৰি পেলাইছিল৷

তাই দৌৰিছিল৷ কেবল দৌৰিছিল৷ দৌৰি দৌৰি কেতিয়ানো খৰালিৰ একঁকাল পানী পাৰ হৈ পুঠিমাৰী পাইছিলগৈ তাই নিজেও নাজানে৷ নদীয়া চেঁচা বতাহেও নুমুৱাব নোৱাৰা জুই একুৰা তাই বুকু ভৰাই লৈ আহিছিল৷ নিজৰ পেটৰ পোৱালিৰ মঙহ পোৰা গোন্ধ এটা বুকুত বকবককৈ উতলি আছিল৷ ভঁৰালৰ ন ধান জ্বলি আখৈ ফুটি ফুটি ক’লা ছাই হৈ পৰাত তাৰ পৰাও এটা পোৰা পোৰা গোন্ধ ওলাইছিল৷ তাই সেই পোৰা গোন্ধটোও আধা পোৰা কপাহী চাদৰৰ আঁচলত বান্ধি আনিছিল৷ পোৰা গোন্ধৰ উপদ্ৰৱত তাইৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হৈ আহিছিল৷ নৈখন পাৰ হৈ যেনি তেনি তাই দৌৰিয়েই আছিল৷ আৰু দৌৰি দৌৰি কাৰোবাৰ বাৰীৰ ঢাপত গজা বিহলঙনী এডৰাৰ মাজত পৰি গৈছিল৷

সেই যে তাই দৌৰিবলৈ আৰম্ভ কৰিলে, তাই দৌৰিয়েই থাকিল৷ দৌৰি দৌৰি মানুহজনী এদিন সাহসী হৈ উঠিল৷ হাতত মাৰণাস্ত্ৰ তুলি লৈ মানুহৰ বুকুৰ তেজ বোৱাব পৰাকৈ সাহসী৷ এটা নিষিদ্ধ সংগঠনত যোগদান কৰিবৰ পৰাতো মানুহজনীৰ ভয়- ভীত একেবাৰে  নোহোৱা হ’ল৷


য’ত কাহিনীবোৰে অন্য একোটা কাহিনীৰ জন্ম দিছিল :

এনেকুৱা নিষিদ্ধ সংগঠনৰ কোনোবা মানুহক যে কেতিয়াবা দেখিম, লগ পাম বা সিহঁতে হাতত বন্দুক লৈ আমাৰ ঘৰ ওলাবহি মোৰ বাবে সেয়া কল্পনাৰো অগোচৰ আছিল৷ তেনেকুৱা মানুহৰ দলবোৰে আগতীয়াকৈ খবৰ নিদিয়াকৈ আলহী হয়হি বুলি মোৰ লগৰ ল’ৰাবোৰে কৈ থকা শুনিছিলোঁ৷ আমাৰ ঘৰলৈহে কেতিয়াও কোনো অহা নাছিল৷ কিন্তু এদিন সিহঁতবোৰ আহিল৷
        : “মানুহ মাৰিবলৈ কলিজা থাকিব লাগিব৷”
 

কঠোৰ মাত এষাৰত সেইদিনা ইকৰাৰ বেৰত গোবৰ-মাটিৰ প্ৰলেপ এটা কৰণিৰে লেপি চূণ দিয়া ঘৰটোৰ কব্জাবোৰ কঁপি উঠিল৷ মই কঁপি কঁপি মাক সাবটি ধৰিছিলোঁ৷ দেউতাই মুখত আঙুলি লগাই মনে মনে থাকিবলৈ ইংগিত দিছিল৷ নিষিদ্ধ সংগঠনটোৰ নেত্ৰী ৰেৱতী ফুকন ওৰফে মাধৱীৰ মুখৰ ৰেখাবোৰ আৰু বেছি কোঁচ খাই আহিল৷ বয়সে মুখলৈ কঠোৰতা আনিলে৷ ৰবাব টেঙা এচকল দেখিলেই সুখী হৈ যোৱা মানুহজনী এতিয়া তেজ বোৱাই দিও কঠোৰ হৈ থাকিব পৰা হ’ল৷ ইকৰাৰ বেৰখনৰ সিপাৰৰ কথাবোৰে ইপাৰৰ মোৰ কাণলৈ তাঁত-বাতি কাঢ়ি থাকিল৷ মই আৰু অলপ বেৰখনত কাণখন লগাই ভিতৰৰ কথাবোৰ শুনিবলৈ যত্ন কৰিলোঁ৷ কিন্তু স্পষ্টকৈ একোৱে শুনা নাপালোঁ৷

ওচৰৰ গাঁৱৰ মাধৱীক দেউতাই চিনিছিল৷ কিন্তু তাই যিমান পাৰি অচিনাকি হৈ দেখুৱাবলৈ চেষ্টা কৰিছিল৷ তাইৰ কথাবোৰ ফুচফুচাই দেউতাই আমাক কৈছিল৷ তাইৰ লগত অহা মানুহখিনিৰ লগত মিলা-মিছা নকৰিবলৈ সঁকিয়াই দিছিল৷ দেউতাই তাইক আৰু তাইৰ সংগীজাকক বিশ্বাস তেতিয়াও নকৰিছিল৷

সিহঁত অহাৰ পাছদিনা মোৰ বছৰেকীয়া পৰীক্ষা আছিল৷ কিন্তু ভয় আৰু চেপা উত্তেজনাৰ পঢ়াত মোৰ অলপো মন বহা নাছিল৷ আচলতে মই মোৰ মনৰ ভিতৰতে এনেকুৱা এখন যুদ্ধৰ কল্পনাত উটি-ভাহি আছিলোঁ যে পৰীক্ষাৰ কাৰণে টেবুলত মেলি লোৱা অসমীয়া সাহিত্যৰ কিতাপখনৰ এটা বাক্যয়ো মোক আকৰ্ষিত কৰিব পৰা নাছিল৷ অসমৰ বানপানীৰ সমস্যা, প্ৰিয় সাহিত্যিক ৰচনাকেইখন মই যেন একোৱেই বুজি পোৱা নাই৷ চিঞাহী দোৱাতটো খুলি এনেই কলমত চিঞাহী ভৰোৱাৰ ভাও দি থাকিলোঁ বহুসময় ধৰি৷ এসময়ত মায়ে ভাত খাবলৈ মতাতহে সকাহ পাইছিলোঁ৷

সেইদিনা ভাতৰ পাতত বহি চকু কপালত উঠা দৃশ্য৷ ভাতৰ লগত কাঁহৰ বাটিত এবাটি মাংস৷ মাংসৰ বাতিটো দেখি মোৰ বেছিকৈ ভোক লাগিবলৈ ধৰিছিল৷ সাধাৰণতে আমাৰ ঘৰত মন গ’লেই আমি মাংস খাবলৈ নাপাওঁ৷ মাংস আমাৰ কাৰণে বিলাসিতা৷ তদুপৰি দুদিনৰ আগতেই আমি মাংস খাইছিলোঁ৷ সেয়াও ঘৰৰে একণীয়া পাৰ এজনী৷ এজনী পাৰৰ মাংসকে আমি ঘৰৰ ছটা মানুহে বৰ তৃপ্তিৰে আঙুলি চেলেকি চেলেকি খাইছিলোঁ৷ আমি ল’ৰা- ছোৱালী চাৰিটাই জানোৱেই পুনৰ কিছুদিনলৈ মাংস ভাত খোৱাৰ সৌভাগ্য আমাৰ নিমিলে৷ মাংসৰ ক্ষেত্ৰত মই আৰু ভাইটি ইমানেই স্বাৰ্থপৰ হৈ যাওঁ যে মাৰ কাঁহীত জোল অকণমানো পৰিছেগৈনে নাই চাবলৈও আমাৰ ধৈৰ্য নাথাকে৷ অৱশ্যে আমাৰ বাইদেউ দুজনী আমাৰ দৰে মুঠেও নাছিল৷

মই একেথৰে বাটিটোলৈকে চাই ৰৈছিলোঁ৷ ভাইটিয়ে ইতিমধ্যেই মোকোৰা-মোকোৰে মাংস ভাত খোৱা আৰম্ভ কৰিছিলেই৷ বাইদেউহঁতৰ কাঁহীলৈ চালোঁ৷ দুয়োজনীয়ে জুহালৰ পৰা পুৰি অনা আলুৰ লগত মিঠাতেল সানি ভাত খাবলৈ আৰম্ভ কৰিছে৷ দেউতাৰ বাটিতো মঙহ নাই৷ সামান্য অকণমান জোল আৰু দুটুকৰা আলু৷ মায়ে এতিয়াও নিজলৈ ভাত বাঢ়ি অনা নাই৷ মায়ে পানীৰ জগটোত জুহালত বহাই থোৱা চছপেনটোৰ পৰা গৰম পানী বাকি আছে৷ পাকঘৰটোত ভাইটিয়ে মাংসৰ হাড় চোবোৱাৰ শব্দৰ বাহিৰে সকলো মৌন৷ মাজে মাজে মাত্ৰ জুহালৰ জ্বলা খৰি ফুটাৰ শব্দ৷ মই মাংসবাটি খোৱা উচিত হ’বনে নহ’ব উৱাদিহ পোৱা নাই৷ বিশেষকৈ ডাঙৰ বাইদেউৰ ভাত খোৱাৰ মাজে মাজে শেঙুন উজোৱাৰ শব্দটোৱে মোক আৰু বেছিকৈ বিমোৰত পেলাইছে৷ এপাকত মই সুধিয়েই দিলোঁ৷

-  মা, মাংস ক’ত পালিনো? আমি পৰহি মাংস খাইছিলোঁহে৷ আজি আকৌ মাংস৷

 মায়ে উত্তৰ দিয়াৰ আগতেই বাইদেৱে শেঙুন উজাই আৰ্তনাদ কৰি উঠিল৷

-  দেউতাই বগীক মাৰি পেলালে৷ এয়া মোৰ বগীৰ মঙহ৷ খা খা হুটাহ মাৰি খা৷


           তাই ভাত খাবলৈ এৰি পুনৰ কান্দিবলৈ ধৰিলে৷ যিজনী বগীৰ কণী খাই খাই মই পঢ়া টেবুলত বহি ইতিহাসৰ পাতত শিল্প বিপ্লৱ, মোগলৰ শাসন পঢ়োঁ, এ প্লাছ বি হ’ল স্কুৱেৰৰ ফৰ্মুলা আওৰাওঁ, সমকোণী ত্ৰিভুজ সমদ্বিবাহু  ত্ৰিভুজৰ উপপাদ্য সমাধান কৰোঁ সেইজনী বগীৰ মঙহেৰে ভাত খাবলৈ মোৰ অলপ বেয়া লাগিল৷

-  কিন্তু দেউতা আপুনিনো বগীক কিয় মাৰিবলগা হ’ল? আমিতো কোনেও মাংস খাবলৈ মন যোৱাৰ কথা কোৱা নাছিলোঁ৷

এইবাৰো দেউতা মৌন হৈ ভাত সানিয়েই থাকিল৷ পুনৰ বাইদেৱেই টেপেককৈ মাত লগালে৷

- মাংস আমাৰ কাৰণে নহয় বুন৷ আজি অহা  আলহীলৈহে মাংস যোগাৰ কৰিছিলে৷ তইতো জানই, ওচৰত এখনো মাংসৰ দোকান নাই৷ মাংসৰ দোকান থাকিলেও মাংস কিনিবলৈ ইমানবোৰ পইচা হঠাৎ দেউতাই ক’ত পাব! তাতে তেওঁলোকক মাংস লাগিবই বোলে৷ সেয়ে উপায় নাপায় বগীকেই মাৰিবলগীয়া হ’ল৷ হাঁহজনী যিহেতু মৰিলেই, গতিকে তই মাংসবাটি নষ্ট নকৰিবি৷ খাই পেলা৷

        মাংস খামনে নাখাম বুলি মোক থেৰো গেঁৰো কৰি থকা দেখিয়েই তাই পাছৰ বাক্যটো ক’লে৷ তথাপি দেখোন মোৰ বগীৰ মঙহেৰে ভাত খাবলৈ মন নগ’ল৷ মই মাংসবাটি ভাইটিক দি জোল অকমানৰ লগত আলু দুটুকুৰা সানিয়েই ভাত খাই উঠি আহিলোঁ৷

ভাত খাই মই লেম্পটো জ্বলাই পুনৰ টেবুলত বহিলোঁ৷ কিন্তু পঢ়িবলৈ অকণো মন যোৱা নাই৷ সিটো কোঠাৰ পৰা এতিয়াও ভুনভুনকৈ কথা পতাৰ শব্দ ভাহি আহিছে৷ তেওঁলোক মানে এতিয়াও শোৱা নাই৷ মই কিতাপৰ পাতবোৰত এনেয়ে চকু ফুৰাই আছোঁ৷ আজি বাইদেউহঁতেও ৰাতি পঢ়িবলৈ বহা নাই৷ মায়ে চেফটি পিন এটাৰে বাচন ধোওঁতে নখৰ গুৰিত সোমোৱা ফুটছাইবোৰ খুচৰি খুচৰি মোৰ ওচৰতে বহিলহি৷ মোৰ ওচৰত বহাৰো দুটা উদ্দেশ্য৷ জ্বলি থকাৰ লেম্পটোৰ পোহৰত নখৰ গুৰিবোৰ ভালকৈ পৰীক্ষা কৰা আৰু বেৰৰ সিপাৰৰ সংগঠনৰ মানুহবোৰৰ গোপন আলোচনা শুনা৷ অৱশ্যে মাৰ এটা উদ্দেশ্যও সফল হ’বলৈ নাপালে৷ কাৰণ মই লেম্পটো নুমুৱাই বিছনাত বাগৰ দিলোঁ আৰু বেৰৰ সিপাৰৰ পৰাও কোনো কথা ভাহি নহা হ’ল৷

পাছদিনা ৰাতি নৌপুৱাওঁতেই ঘৰত হুলস্থূল শুনি সাৰ পালোঁ৷ লেপৰ তলত ভাইটি আৰু মই দন্তিয়া দ এটাৰ দৰে কোঁচ খাই শুই আছিলোঁ৷ বাহিৰত বুট জোতাৰ গিৰিপ গাৰাপ শব্দ৷ মোৰ বুকু ঢপঢপাবলৈ ধৰিলে৷ মায়ে আমাক খপজপাই জোকাৰি জোকাৰি জগাই বিছনাৰ পৰা চোঁচৰাই নিয়াদি নি চোতাল পোৱালেগৈ৷ বাহিৰত আন এক অবৰ্ণনীয় দৃশ্যই যে আমালৈ অপেক্ষা কৰি আছিল আমি কল্পনাও কৰা নাছিলোঁ৷ বাহিৰত আমাৰ দেউতা, বৰদেউতা, খুৰা, বৰদেউতাহঁতৰ ল’ৰাকেইটা সকলোকে চোতালৰ সোঁমাজত দীঘলীয়া শাৰী পাতি আঁঠু কঢ়াই থোৱা আছিল৷ মোৰ বাবে দেউতা এনে এজন মানুহ যাৰ মাতটো দুঘৰ সিপাৰে শুনিলেও মই দৌৰ মাৰি আহি পঢ়া টেবুলত বহোঁহি৷ লাগিলে তেওঁ তিনিআলিত দোকান দিয়া সাধাৰণ গেলামালৰ দোকানীয়েই নহওক কিয়, আমাৰ কাৰণে দেউতা পৰম পূজনীয়৷ তেখেতৰ প্ৰতি থকা অকৃত্ৰিম শ্ৰদ্ধাই জন্মোৱা ভয়ত আমি আটাইকেইটা ল’ৰা- ছোৱালীয়েই আক্ৰান্ত৷ ইফালে বৰদেউতা হৈছে আমাৰ গাঁওখনৰ একমাত্ৰ শিক্ষক৷ গাঁওখনত তেওঁৰ সন্মানৰ কথা বেলেগকৈ বুজাই ক’বলৈ আৰু প্ৰয়োজনেই নাই৷ খুৰা থাকে বঙাইগাঁৱত৷ কালিহে তেওঁ ঘৰলৈ আহিছিল৷ ইফালে দাদাহঁতৰ দুটা চাকৰিয়াল আৰু দুটা কলেজীয়া ছাত্ৰ৷ মোৰ উপস্থিতিয়ে তেওঁলোকক আৰু লাজত পেলাব বুলি ভাবিয়েই মই তেওঁলোক এজনলৈও চোৱা নাছিলোঁ৷ কিন্তু তেওঁলোকৰ চকুলৈ নাচালেও তেওঁলোকৰ চকুত বিস্ফোৰণ ঘটা লাজ আৰু অক্ষমতা মই অনুভৱ কৰিব পাৰিছিলোঁ৷

নিশাটোৰ ভিতৰতে আমি গোটেইবোৰ নিষিদ্ধ সংগঠনৰ সদস্যক ৰাতি আশ্ৰয় দিয়াৰ অপৰাধত অপৰাধী হৈ পৰিছিলোঁ৷

আৰ্মিৰ দলটোৱে আমাৰ ঘৰৰ সকলোবোৰ বস্তু লণ্ডভণ্ড কৰি পেলাইছিল৷ দেউতাৰ পিঠিত ৰাইফলেৰে খুন্দা মাৰি ৰাতিৰ অচিন আলহীৰ পৰিচয় বিচাৰি সোধা-পোছা কৰিছিল৷ তেওঁ যে ৰাইফলৰ খুন্দাতকৈ বেছি আত্মসন্মানৰ আঘাতেৰে জৰ্জৰিত হৈছিল সেয়া গোটেই গাঁওখনৰ মানুহেই বুজিছিল৷ আৰ্মিৰ দলটোৱে আমাৰ পুৰণি কেথাকেইখন, কম্বলকেইখন কেঁচা মজিয়াত পেলাই গচকি পেলাইছিল৷ আমাৰ কিতাপ-বহীবোৰো যেনি তেনি দলিয়াই দিছিল৷ কিতাপ-বহীকেইখন চিট ভোলোঙা খাই পৰি থকা দেখিহে মোৰ মনলৈ আহিছিল আজি যে মোৰ বছৰেকীয়া পৰীক্ষা আছে৷ সিহঁতে আমাৰ তিনি কুঠলীয়া ঘৰটোত কিবা গোপন কাগজ পত্ৰ নতুবা সংগঠনৰ সদস্যৰ চিন-চাব পাওঁ বুলি এনেকৈ মহতিয়াই পেলাইছিল জানোচা আমাৰ ঘৰটোত আমি অস্ত্ৰ- শস্ত্ৰহে লুকুৱাই ৰাখিছোঁ৷

একেৰাহে চাৰে তিনি ঘণ্টা সময় ধৰি আমাৰ ঘৰটো তালাচী চলাই সিহঁত গৈছিলগৈ৷ সেইদিনা গোটেই গাঁওখনৰে প্ৰতি ঘৰ মানুহৰে ঘৰত তালাচী চলিছিল৷            

এসময়ত আৰ্মিবোৰে কোনো শুং-সূত্ৰ নাপাই অহা বাটে উভতি গৈছিলগৈ৷ যাওঁতে গাঁৱৰ ডেকা ল’ৰাজাক আৰু আমাৰ ঘৰৰ মতা মানুহকেইটাক কোবাই পুনৰ অহাৰ ভাবুকি দি গৈছিল৷ মই মন কৰিছিলোঁ আমাৰ আত্মসন্মানী দেউতাৰ মুখখন আগতকৈও বেছি ক’লা পৰি গৈছিল৷ চোতালত আঁঠু কাঢ়ি থকাৰ পৰা তেওঁ উঠি আহি বাৰাণ্ডাৰ নাল ভঙা কাঠৰ চকীখনত বহি চকুকেইটা মুদি দিছিল৷ তেওঁৰ শুকান ক’লা গাল দুখনেৰে দুধাৰি চকুপানীৰ ধাৰ বৈ আহিছিল৷ পুৱতি নিশাৰ পৰাই নিজম পৰি থকা গাঁওখন পুনৰ সৰৱ হ’বলৈ আৰম্ভ কৰিছিল৷ মানুহবোৰ কামলৈ ওলাইছিল৷ কোনোবাই মৰ ঠাণ্ডাত টিতিৰ ঝনঝননি শুনি চৰাই কিছুমান উৰি আহি চুৱা-পাতনিত পৰিছিলহি৷ মোৰ লগৰ দুটামানে কেহোঁ-ঢেহোঁকৈ স্কুলৰ ফালে যোৱা দেখিহে মোৰ যে আজি ন বজাৰ পৰা পৰীক্ষা আছে আৰু মই যে এতিয়াই দৌৰি নগ’লে যে পৰীক্ষা নাপামগৈ সেই কথাটো মনলৈ আহিছিল৷

পৰীক্ষাৰ কথা মনলৈ অহাত মই কাৰোলৈ বাট নাচাই মোৰ বেগটো আৰু কলম দুটা লৈ ওলাই আহিছিলোঁ৷ আন দিনা হোৱাহ’লে মায়ে পৰীক্ষালৈ সুদা পেটে যাবলৈ নিদিলেহেঁতেন৷ মায়ে গৰম ভাত কেইটামান হ’লেও খাই যা বুলি চিঞৰিলেহেঁতেন৷ কিন্তু সেইদিনা তেনেকুৱা একো নহ’ল৷ আনকি মোৰ বাইদেউ দুজনীৰো কোনো খবৰ নাই৷ কালি মৰা হাঁহজনীৰ বগা পাখিবোৰ চুৱা-পাতনিলৈ পেলাই দি দুয়োজনী বেঙে মূটা গৰুৰ দৰে একে ঠাইতে জলকা লাগি বহি আছে৷


কাহিনীটোৰ পোক লাগি বিকৃত হোৱা অন্য এটা কাহিনী :

 

জুই লগা তিৰাশীৰ পৰা বহুযোজন দূৰত ৰৈ যোৱা এজন যুৱক মই৷ মই মাধৱীৰ গাঁওখন দেখা নাই৷ মাধৱীহঁতৰ লগৰ বড়ো গাভৰুহঁতক চাই জু খালে লগা নিচাৰ দৰে মাদকতাতো মই বুৰ গৈ পোৱা নাই৷ দেউতাক চোতালত আঁঠু কঢ়াই অনা অসমীয়া মিলিটাৰিয়ে কৰা অকথ্য অপমানবোৰো মোৰ দৰে অসমীয়া মানুহখিনিয়ে পাহৰি গ’ল৷ দেউতাক কৰা নিৰ্যাতন দেখিও বছৰেকীয়া পৰীক্ষা নিদিয়াকৈ নথকা ল’ৰা আছিলোঁ মই৷ কিয় যে দেউতাহঁতৰ দৰে মুৰ্খ মানুহবোৰে ভাবিছিল, ল’ৰাক পঢ়‍‍‍াই-শুনাই ডাঙৰ মানুহ কৰিলে সমাজখন সলনি কৰিবহি৷ 

কিন্তু দেউতাৰ দৰে মানুহবোৰৰ সৰলতালৈ সমাজৰ বিয়াগোম মানুহবোৰে যে পুতৌ কৰে তেওঁ জনা নাছিল৷ নজনাটো আচলতে ভালেই আছিল৷ 

মই চাকৰিৰ আশা কেতিয়াবাই বাদ দিলোঁ৷ পোহনীয়া হাঁহ এজনীৰ দুখত ভাত নোখোৱাকৈ থকা মোৰ বাইদেউ দুজনীৰ সৰলতা এতিয়া নাই৷ সিহঁত এতিয়া দুই-তিনিটা সন্তানৰ মাক৷ সংসাৰৰ তিতা-কেঁহাই তাহাঁতক শিলৰ দৰে কঠোৰ কৰি তুলিলে৷ দেউতাও কেতিয়াবাই ঢুকাল৷ ভাইটিয়ে কাঠ-মিস্ত্ৰী কৰে৷ বিয়া-বাৰু পাতি সি চহৰৰ দুকুঠলীয়া ভাড়া-ঘৰত থাকি কাম কৰে৷ একে ঠাইতে যদি কোনোবা ৰৈ গ’ল, তেনেহ’লে সেয়া মই৷ 

যি ৰাতিৰ ঘটনাটোৱে আমাৰ সকলোৰে জীৱন সলাই পেলাইছিল, সেই ৰাতিৰ বিশেষ আলহী কেইজনৰ কিন্তু বিশেষ কিবা ক্ষতি হৈছিল নেকি মোৰ বোধগম্য নহয়৷ আমাৰ গাঁওখনৰ ডেকাজাকে বন্দুকৰ কুন্দাৰ কোব খোৱা সময়ত তেওঁলোক পলাই ফুৰিছিল৷ আমাৰ ঘৰখনৰ দৰে আন কাৰোবাৰ ঘৰ এখন বাচি লৈ নিৰাপদে আশ্ৰয় লৈছিল৷ বগী হাঁহজনীৰ মঙহ চোবোৱাৰ দৰে হয়তো অন্য এঘৰৰো আত্মসন্মান চোবাই চোবাই খাই পেলাইছিল৷ সেইখন ঘৰৰ গৃহস্থকো মূৰ দোঁৱাই দেশৰ সৈন্যবাহিনীৰ সন্মুখত আঁঠু কাঢ়িবলৈ বাধ্য কৰাইছিল৷ এৰাতিৰ আশ্ৰয় আৰু এৰাতিৰ খাদ্য দান কৰি অপৰাধী হৈ পৰা লোকৰ সংখ্যা গাঁওবোৰত বাঢ়িবলৈ ধৰিছিল৷ 

তেনেকৈ নিষিদ্ধ সংগঠনটোত অন্তৰ্ভুক্ত সদস্যৰ ঘৰবোৰতো অত্যাচাৰ বাঢ়িছিল৷ আৰ্মিয়ে সোধা-পোছাৰ বাবে ঘৰৰ পৰা উঠাই নিয়া এনেকুৱা কাৰোবাৰ ঘৰৰ মতগজ ডেকা ল’ৰা একোটা ৰাতিটোৰ ভিতৰতে আৰ্মিকেম্পৰ পৰা নিখোজ হৈছিল৷ দুদিনমানৰ পাছত পিটনি, বাহঁতল নতুবা দলঙৰ তলত পাহোৱাল ডেকাল’ৰাবোৰ মৃতদেহ হৈ পৰি থাকিছিল৷ জীয়ৰী-বোৱাৰীৰ শৰীৰবোৰত চুৱা লাগিছিল৷ চুৱা লগা শৰীৰেৰে সিহঁতে চিলিঙিৰ কাঠত ওলমি দিছিলগৈ, কিছুমানে নদীয়ে-পুখুৰীয়ে জঁপিয়াই চুৱা শৰীৰবোৰ লুকুৱাই পেলাইছিল৷ 

মোৰ মনত ক্ষোভ বাঢ়িছিল৷ আৰ্মিৰ মাৰ খাই কোঙা হোৱা দেউতাই বাইদেউ দুজনীক সময়তকৈ আগতেই বিয়া দি দিছিল৷ কলেজত পঢ়াৰ আশাবোৰ সিহঁতে বুকুতেই গাপ দিছিল৷ বিয়াৰ ৰংচঙীয়া সস্তীয়া কাপোৰৰ আঁৰত চকুপানীবোৰ ঢাকি পেলাইছিল৷ ভাইটিয়ে কাঠ-মিস্ত্ৰীৰ যোগালি হৈ হাজিৰা কৰাত লাগিছিল৷ মই আমাৰ মাটিখিনিতেই খেতিত ধৰিছিলোঁ৷ কিন্তু খেতিৰ মাটিও যথেষ্ট কম হোৱাত তাৰ ধানেৰে বছৰৰ আধাও নুজুৰিছিল৷ মায়ে তাঁত-শালত গামোচা বৈও বেচিছিল৷ দেউতাৰ দোকানখন নচলা হৈছিল৷ তিনিআলিত পকা-চিমেণ্টেৰে বনোৱা দোকানবোৰ বাঢ়ি আহিছিল৷ ওচৰা-উচৰিকৈ দুটা পিচিঅ বহিছিল৷ দুখন গেলা-মালৰ দোকান, এখন ঘুগুনি আলুচপৰ দোকান, এখন চাহৰ দোকান মিলি দেউতাৰ গুমটিৰ অস্তিত্বই নোহোৱা কৰি দিছিল৷ এসময়ত বাঁহৰ ঘৰটোও উঁৱলি ভাগি পৰিছিলগৈ৷ ইমানৰ পাছতো মই হাৰ মনা নাছিলোঁ৷ 

মাধৱীয়ে জংঘল এৰি ঘূৰি আহিছিল৷ ডাঙৰকৈ ঘৰ সাজিছিল৷ ডাঙৰ গাড়ীত আইনা বন্ধ কৰি ঘূৰি ফুৰিছিল৷ তাইক মই ঘিণ কৰিছিলোঁ৷ তাইৰ পথটো মই মানি ল’বলৈ টান পাইছিলোঁ৷ সেইদিনাৰ ঘটনাটোৰ পাছতো তাই মাজে মাজে আমাৰ খবৰ লৈ আছিল৷ কেতিয়াবা আৱেগিক হৈ কৈ পেলাইছিল কেনেকৈ একেখন কাঁহীতে ভাত খোৱা মানুহেই ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ তাহাঁতৰ গাঁওখন জ্বলাই দিছিল৷ নিজৰ বুকুৰ সন্তানক জ্বলা জুইত এৰি অহা মানুহজনীৰ চকুদুটা ভমক কৈ জ্বলি উঠা দেখিছিলোঁ৷ 

চৰকাৰ আহিল, চৰকাৰ গ’ল৷ মাধৱীহঁত, মই আৰু মোৰ দৰে অনেক মানুহ একুৰা জুইত নিৰৱধি জ্বলি থাকিলোঁ৷ এনেকৈয়েই এদিন অদৃশ্য জুইকুৰাত জ্বলি জ্বলি ছাই হৈ গ’লে কিজানি আকৌ মানুহ পোৰাৰ গোন্ধ এটা ওলাব, বতাহত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ উটি ভাহি যাব৷

 

ঠিকনা :

নিংকু নিশা নেওগ

তেজপুৰ, অসম

ভ্ৰাম্যভাষ — ৬০০২৯৪৮৯২৫

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ