অনামিকা বৰা
এটা অপ্ৰত্যাশিত
ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷
মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্ ব্লাউজ, অগ্নিপথৰ
প্ৰিয়ংকা চোপ্ৰাৰ নিম্ন মধ্যবিত্ত স্বনিৰ্ভৰশীলতা, কিছু প্ৰগলভ্
কৰি তোলা ধৰণৰ বুকুৰ ঠেক উপত্যকা, ঠিক এটা গিৰিপথৰ
দৰে নক্সাৰে বৈ অহা চিলচিলিয়া পানীৰ দৰে চিফনৰ এটুকুৰ চাদৰ, এখন
হাত আত্মবিশ্বাসী, স্মাৰ্ট ভংগিমাৰে সমুখলৈ সামান্য হালি বহা
আঁঠুৰ ওপৰত, আনখন থুঁতৰিত, ওলাই আহিবলৈ বাট
বিচাৰি নাপাই ওঁঠত আৱদ্ধ হৈ ৰোৱা এধানমান হাঁহি, কিহবাৰ প্ৰত্যাশাত
নিজুম পৰি ৰোৱা এখন নিৰ্দোষ মুখ, বয়সতকৈ বহু সৰু যেন লগা এটা
কিশোৰী চেহেৰা৷ ঠিক তাৰ বৌৱেকৰ দৰে৷ সৰুকৈ দিয়া ধমকিতে উচপ খাই উঠা বৌৱেকৰ ভীতিবিহ্বলতাৰ
আলফুলীয়া ইমেজ এটা৷
ভবাতকৈ বহু বেছি
মৰম লগা ছোৱালী এজনী৷ এৰেঞ্জ মেৰেজৰ বাবে তাৰ দাদাকৰ মতে এইটো এটা অকল্পনীয় প্ৰস্তাৱ৷
ষ্টেটাছ্
ছিংগ’ল৷ নট ইন এনি ৰিলেশ্বনশ্বিপ্৷ দাদাক, মাক-দেউতাক আটাইৰে তালৈ
এটাই অনুৰোধ, উপদেশ লগতে নিৰ্দেশো যে সি সন্মতি দিব লাগে৷ ছোৱালীজনীৰ
সন্মতি আছে৷ তাই তাক পছন্দ কৰিছে৷ হেল্ডি, ৱেল্ডি, হেণ্ডছাম বেচেলৰ সি৷ পছন্দ
কৰাটো ডাঙৰ কথা নহয়৷ দাঙৰ কথাটো হৈছে – জীৱনৰ প্ৰতি তাৰ বাস্তৱ
পৰ্যালোচনা, পৰ্যৱেক্ষণে অনা অন্যমাত্ৰাৰ দৃষ্টিভংগী৷
জুমনদা তাৰ মৰমৰ৷
কিমান মৰমৰ সি উপলব্ধি বা অনুভৱহে কৰি থাকিব পাৰে৷ জুমনদাৰ বিয়াৰ কইনা জুমনদাই নিজেই
চাইছিল৷ বৌৱেকক সি যিদিনা দাদাকৰ স’তে এখন কাফেত প্ৰথম দেখা পাইছিল,
তাক সাৱটি ধৰি দাদাকে বাৰে বাৰে তাৰ কপালত নিজৰ কপালেৰে লাহেকৈ খুন্দা
মাৰি মাৰি ফাটি পৰা উচ্ছ্বাস, সামৰিব নোৱৰা স্নেহেৰে কৈছিল
– এই হিয়া, এইটোৱে মোৰ ভাইটিটো৷ মাই ছেকেণ্ড ছ’ল৷
এইটো কথাৰ বাবেই
নেকি সমাহিত, শান্ত নিৰিবিলি জোনাক ৰাতি যেন লগা ভৰপূৰ স্নিগ্ধতাৰ বৌৱেকে
শুনো কি নুশুনো মাতেৰে কৈছিল – জুমন খুব ইম’শ্ব’নেল!
বিগত ছয়বছৰে সি বৌৱেক
নামৰ সম্পৰ্কত সম্পৃক্ত তেওঁৰ নাৰীসত্ত্বাৰ স’তে পৰিচিত হৈছে৷ যি অভিজ্ঞতা,
চিনাকি বা পৰিচয়ে অনেক বাৰ তাৰ পুৰুষত্বক বন্দী, অসহায় আৰু বহু দুখক তুচ্চ কথা বুলি গণ্য কৰিবলৈ শিকাইছে৷ বহু সময়ত সি এগৰাকী
নাৰীৰ লগত একাত্ম আৰু অভিন্ন হৈ থকা নৰককুণ্ড এখন দেখিছে৷ যিখন পৃথিৱীৰ কোনো নাৰীয়ে লাজৰ সঁফুৰাত আলফুলে জাপি-কুচি থৈ দিব খোজে, সেইখন পৃথিৱীকে অন্য কোনো নাৰীয়ে প্ৰখৰ
ৰ’দত নাঙঠ কৰি মেলি দি নাৰীত্বৰ লাভ উঠাব খোজে৷ তাৰ দৰেই বহু
সময়ত অসহায় হৈ পৰে তাৰ মাক৷ মাকে ‘বেবি বাম্প’ নামৰ বস্তুটো যে সন্তান সম্ভৱা মাতৃ বা গৰ্ভধাৰিণীৰে আন এটা নাম জনাৰ পাছত কিনো
ক’ব ভাবি নাপাই ল’ৰা দুটালৈ চাই ৰৈছিল৷
কিমান লুভীয়া, খ্যাতি কিম্বা যশৰ, কিমান উতনুৱা নিলাজ, নিৰ্দয় আৰু অমাতৃসুলভ হ’লেহে চাগৈ এগৰাকী নাৰীয়ে কেঁচুৱাটি
টোপনি গৈ থকা ফুলাম বিছনাখন অজস্ৰ চকুৰে চেলেকিবলৈ উদঙাই দিব পাৰে৷ পৰীয়েও তাকে কৰিছিল৷
হট পেণ্টৰ ওপৰত গেঞ্জী
পিন্ধি ন-মহীয়া সকামৰ ঠিক আগে আগে প’ষ্ট দিছিল৷
পুচুকুচুৰ জন্ম হৈছিল৷
তাৰ পাছত পৰী বৌৰ ‘গা বেয়া’ লগা বা হৈ থকাটো এটা অভ্যাসত পৰিণত হৈছিল৷ বেমাৰ হৈ পৰিছিল
এক ধৰণৰ বিলাসিতা বা বিলাসী সপোন দেখাৰ আটাইতকৈ লাভজনক সহানুভূতি, গুৰুত্ব আদায় কৰাৰ
আহিলা৷ পৰী বৌ ঘৰখনৰ বোৱাৰী৷ জুমনৰ পত্নী৷ বনকৰা তিৰোতাতো নহয়৷ সন্তান জন্ম দিয়া যন্ত্ৰতো নহয়৷
তাৰ মাক অসহায় হৈ
পৰিল, জুমন তাতোকৈ বাছি অসহায়, দুৰ্বল হৈ পৰিল৷ পৰী বা কোনো নাৰী সন্তান জন্ম দিয়া
যন্ত্ৰ যে নহয়, সি জানে, সি মাত্ৰ নাজানে বা জানিব নোৱাৰিলে পুৰুষসকল নো কি? অন্যসকল,
যাক বনকৰা তিৰোতা বোলা হয়, তেওঁলোক নো কি? বনকৰা তিৰোতাৰ অভাৱ পুৰাবলৈ তাৰ মাকে অন্য
তিৰোতাক অসন্মান কৰিব নুখুজি নিজে বনকৰা তিৰোতাৰ বেশ ল’লে৷ এইজনী বনকৰা তিৰোতাই ৱাশ্বিং
মেশ্বিন কেনেকৈ চলায় শিকিলে, ভেকুৱাম ক্লিনাৰৰ ব্যৱহাৰ শিকিলে, অনলাইনত গেছ বুক কৰাটো
জানিলে৷ নাতিক ক, খ পঢ়ালে৷
প্ৰথমতে কথাবোৰ মিলা
নাছিল৷ পাছলৈ চব সহজ হৈ পৰিল৷
মাকে মাত্ৰ এদিন
দুখ কৰা সি শুনিলে৷ নাৰী বুলিলে কেৱল গাভৰু পত্নী এজনীকেই বুজায় নেকি? বুঢ়া মাকবোৰ
‘নাৰী’ৰ শাৰীত নপৰে নেকি?
সি মন কৰিছে জুমনদাটো জধলা হ’ল৷ জুমনদাটো আগতকৈ কথকী হ’ল৷ ঘোচখোৰ হ’ল৷ সি জুমনক কৈছিল সতৰ্ক হ’বলৈ, চাই-চিতি চলিবলৈ৷ দিন-কাল বেয়া৷ জুমনে পাট্টা নিদিলে- ঘোচখোৰ মৰা নাই নমৰে৷
জুমনৰ কথা হ’ল, টকা লাগিবই৷ টকাৰ প্ৰয়োজনীয়তা বুজিবলৈকে, গুৰুত্ব উপলব্ধি কৰিবলৈকে, জীৱনৰ মিঠা-তিতা সকলো অভিজ্ঞতাৰে ধনী হ’বলৈ তাৰ একমাত্ৰ ভাইটি বাবুৱে বিয়া পাতক৷ পাতক নহয়৷ মাষ্ট বি৷ এপ্ৰিলৰ আঠাইছ তাৰিখে মানে বা খুব বেছি মে’ মানত সি বিয়া পাতিব লাগিব৷
কইনা মাণ্ডৱী ৰাজী৷
দুয়ো ঘৰে দুয়ো ঘৰ চাই-চিতি, কথা-বতৰা হৈ গৈছে৷ ব্যৱসায়ৰ টকা খাবলৈ, জীৱনটো যাপন কৰিবলৈ
সংগী লাগে৷ তাৰ দ্বিধাগ্ৰস্ততা জোকাৰি জুমনে কয় – পৰী আচলতে খুবেই ভাল ছোৱালী৷ অলপ
আদৰুৱা আৰু কি৷ সি ভাবে, জানে জুমনদাৰ এয়া চাফাই-গীত৷
এনে গীত প্ৰত্যেক
বিৱাহিত পুৰুষেই গায় বা সমবেত কণ্ঠৰে পৰিৱেশন কৰে৷ পৃথিৱীৰ দুই-এক দুৰ্ভগীয়াক বাদ
দি কোন পতিয়ে কয়– তেখেতৰ প্ৰেয়সী– পত্নী অকলে এফালে আৰু এশটা শিয়াল সিফালে৷
জুমন সহিতে ঘৰৰ লগত
তাৰ নাৰীৰ প্ৰতি পৰীৰ পৰা আমদানীকৃত অভিজ্ঞতাহেতু নঞাৰ্থক ধাৰণাৰ বাবে কেতিয়াবা কথাৰ
মিল নপৰে৷ জুমনদাই তাৰ চুলিত হাত বুলাই যিদিনা আতুৰৰ দৰে – ‘বাবু, এই বাবু, না নকৰিবি
বাবা৷ মই মাহঁতক সুখ দিব নোৱাৰিলোঁ, তই দে না’ বুলি ক’লে, কথাখিনি কওঁতে যিদিনা তাৰ
মাতটো লাগি লাগি ধৰিছিল, নাৰী সম্বন্ধীয় নেতিবাচক ধাৰণা মচি দিয়াৰ চেষ্টাৰে ‘হাম দিল
দে চুকে চনম’ৰ ঐশ্বৰ্য ৰায়ৰ কথা কৈছিল ‘উপহাৰ’, ‘মিলি’ৰ জয়া ভাদুড়ীৰ কথা কৈছিল, - সেই
যে শিশুসুলভ চেহেৰাৰ লাস্য হাস্যময়ী অপূৰ্ব সৃষ্টিবোৰ তেনেই নিৰহ-নিপানী, আজলী-আঁকৰী
আকৌ তেজস্বিনীও, স্বাভিমানীও৷ সমস্ত গুণ-ৰূপৰ সমাহাৰ৷
জুমনে তাৰ বাবুক
এই মহামন্ত্ৰ প্ৰদান কৰিলে৷ এগৰাকী মানুহ বহু আশা-হেঁপাহেৰে, পোৱাৰ বা ভোগৰ ইচ্ছাৰে
এজন মানুহৰ জীৱনসংগী হৈ আহে৷ তেওঁক মৰমেৰে ওপচাই দিব জানিলে, পাৰিলেই জীৱন সুখৰ হয়৷
বুজিব লাগে, সহিব লাগে৷ জুমনদাক সি কথা দিলে৷ ঠিক আছে৷ বিয়া সি কৰাব৷
সি বিয়া কৰাব! ঘৰখনে
স্বস্তিৰ নিশ্বাস কাঢ়িলে৷ জুমনে ক’লে – উঃ সি যে মান্তি হ’ল৷ মাকে হাঁহিলে৷ ওপৰলৈ
চাই প্ৰাৰ্থনা কৰিলে৷ এবাৰ কিয় হাজাৰ বাৰলৈও বনকৰা তিৰোতা তেৱেঁ হ’ব – বনকৰা তিৰোতা হ’বলৈকে
পুত্ৰবধু লাভেৰ অনন্দ লাগে৷ গৰ্ব কৰিবলৈ পৰী লাগে৷
জুমনে ম’বাইলটো তুলি ল’লেই৷ সি ৰখালে৷ বিয়া সি মাণ্ডৱীক নকৰায়৷ মাণ্ডৱীহঁতৰ ঘৰলৈ ফোন কৰাৰ কোনো প্ৰয়োজন নাই৷ আৰু দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ’ল বিয়াৰ নামত সি অযথা অপচয় নকৰে৷ ক’ৰ্ট মেৰেজ কৰি এটা পাৰ্টি দিব৷
জুমন, মাকে আপত্তি
কৰিলে৷ ছোৱালী শিক্ষিত, ধুনীয়া৷ ঘৰ ভাল৷ সকলো ফালৰপৰাই তাৰ যোগ্য বা সিও যোগ্য৷ মাক,
জুমনে মাণ্ডৱীৰ হৈ যুক্তি দি গ’ল৷ ধুনীয়াটো যোগ্যতাৰ মাপকাঠি হোৱা উচিত নহয় দাদা, সি
ক’লে৷ ধুনীয়া ছোৱালীৰ অভাৱ নাই৷ এই সময়ত প্ৰত্যেক ছোৱালীয়ে সুন্দৰী হৈ উঠিব পৰাৰ পৰ্যাপ্ত
সুবিধা আছে৷
মাণ্ডৱী কেৱল ধুনীয়াই নহয়৷ কালছাৰ্ড, নে’ট পাইছে৷ পি. এইচ্. ডিও কৰি আছে৷ জুমনৰ কথা সি মানি লৈছে৷ তাৰ কথাও মানি লোৱা উচিত৷ কছমেটিক্ছ্, মেক্অপ, বিউটি পাৰ্লাৰৰ যুগত সজালে-পৰালে বান্দৰীও সুন্দৰী হৈ উঠাৰ যুগত, আইডলে সকলোকে এম. এ. পাছৰ সুবিধা দিয়াৰ যুগত, সকলো বি. এ., এম. এ. হৈ উঠিব পৰা যুগত শিক্ষা-দীক্ষা নোপোৱাকৈ নথকাও হয়তো কোনো নাই৷ তাৰ কথা হ’ল সি বিয়া নকৰালে নহয় যদি, বিয়াখন কৰাব সম্পূৰ্ণ নিজৰ পচন্দত, নিজৰ মতে৷ মাক, দাদাকে মাত্ৰ তাৰ পছন্দ মানি ল’ব লাগে৷ মাণ্ডৱীক আদৰি ল’ম বুলি ভবা আন্তৰিকতা, আৱেগেৰে তাৰ পছন্দৰ জীৱনসংগীগৰাকীক আদৰি ল’ব লাগে৷ সেই গ্ৰহণ, আদৰত কোনো ধৰণৰ আনুষ্ঠানিকতা, ব্যয়বহুলতা, অযথা প্ৰদৰ্শনকামিতাৰ প্ৰয়োজন নাই৷
সি অত্যন্ত অনাড়ম্বৰতাৰে
বিয়া কৰাব৷ যুগ্ম জীৱনৰ পাতনি মেলিব৷ তাৰ জীৱনসংগীয়ে দাদাকৰ, মাকৰ, দেউতাকৰ– সকলোৰে
দুখ বুজিব৷ ঘৰখনৰ বাবে ঈশ্বৰপ্ৰৰিত দেৱদূত হৈ আহিব৷
সেই যে এবাৰ দেউতাক নাৰ্ছিং হ’মত ভৰ্তি হওঁতে মাক, দাদাকে অকলে অকলে সকলো কৰিব লগা হৈছিল– ৰোগীৰ লগত থকা, ডাক্তৰ-নাৰ্ছৰ পিছে পিছে দৌৰা-দৌৰি কৰা তেনে দুৰ্যোগৰ ৰাতিৰ বিশ্বাসযোগ্য সহায়, মৰমিয়াল ‘পুত্ৰবধু’ হ’ব তাৰ জীৱনসংগী৷
মাকে ধূপ জ্বলোৱা সময়ত, দেউতাকে গীতা ভাঙনিখন মেলি লোৱাৰ সময়ত, জুমনদাই নিজে কফি তৈয়াৰ কৰি একাপ নিজে, আনকাপ পৰীক দিয়াৰ সময়ত, পুচুকুচুৱে হ’মৱৰ্ক কৰি থকাৰ সময়ত জুমনৰ ভায়েক সি তাৰ ‘কইনা’ লৈ মাক-দেউতাকৰ সন্মুখত থিয় হ’লহি৷ সেই এবাৰ মাঘ বিহুৰ উৰুকাতে অহা৷ বহুদিনৰ মূৰত তাৰ লগত আহিছে মুম্বাই নিবাসী সুস্মাত চৌধুৰী এইখন ঘৰলৈ৷ টাইট জিনছ্, পেশীবহুল শৰীৰত লিপিট খাই থকা দীঘল হাতৰ বগা চাৰ্ট, ক’লা টাই, মিলান হ’লকাট্ অক্সফ’ৰ্ড শ্বুজ, নাকৰ নামনিত ঘন দাঢ়ি চকুত সলজ্জ চাৱনি আৰু হাঁহি৷
সুস্মাতে সোঁহাতখনেৰে মাক-দেউতাকৰ
ভৰি চুই লাহেকৈ নিজৰ বুকু স্পৰ্শ কৰিলে৷
কফিৰ কাপ পেলাই জুমন
তেতিয়ালৈ দুৱাৰ মুখত৷ সুস্মাতে বলিষ্ঠ দুহাতেৰে সাবটি ধৰিলে তাক৷
জুমনক এৰি সুস্মাত এক বিশেষ ভংগিমাৰে আঁঠুকাঢ়ি বহি পৰিল তাৰ বৃদ্ধ
শাহু-শহুৰৰ কাষত৷ সুস্মাতে জানে, থৰমৰ খাই ৰোৱা এই মানুহহাল হয়তো
অলপতে ঢলি পৰিলে সিয়ে থাপ মাৰি ধৰি কান্ধলৈ তুলি ল’ব লাগিব৷
যুগ্ম জীৱনৰ প্ৰথম
দিনটোতে সুস্মাত আৰু সি সাজু হ’ল– সকলো অবাস্তৱতা, প্ৰত্যাখ্যানৰ সৈতে নিজস্ব ধৰণে যুঁজিবলৈ৷
সুস্মাতক দেখাৰ লগে
লগে গুগলে দেখুওৱা বায়’ডাটা পঢ়ি পেলোৱাৰ পাছতে মূৰৰ বিষ নোহোৱা হৈ যোৱা ঘৰখনৰ বোৱাৰীজনী
পৰীয়ে চাহ কৰি আনিলে নিমিষতে৷ সকলোলৈকে৷ ছুগাৰৰ পেক দুটা সুস্মাতৰ কাপত দিব খুজি
তাই তালৈ চিকমিক চকুৰে চাই এনেয়ে মাত্ৰ জানিব খুজিলে চাহত তেওঁ চেনি খায় নে নাখায়৷