পাপৰি গোস্বামী
অঞ্চলটো গাওঁৰ
পৰা চহৰলৈ পৰিণত হোৱা বেছিদিন হোৱা
নাই। ইমান দিনে পঞ্চায়তৰ মেম্বাৰ, কাউন্সিলৰৰ বাবে ভোট দি অহা ৰাইজে
এইবাৰ পৌৰসভাৰ বাবে ভোটদান কৰিছে। চহৰ
হৈছে যদিও অঞ্চলটোৰ পৰা গাওঁ গাওঁ ভাবটো যোৱাই নাই। অন্ততঃ নিৰ্মল মাষ্টৰে তেনেকৈয়ে ভাৱে। আচলতে,
অঞ্চলটোৰ আবাসীসকলে নিজকে চহৰীয়া বুলি ভাবিব পৰাকৈ অঞ্চলটোৰ ইমান উন্নতিও হোৱা নাই। অৱশ্যে,
একেবাৰে নোহোৱা বুলিও ক’ব নোৱাৰি।
বজাৰখনৰ পৰিসৰ দীঘে-পুতলে বাঢ়িছে। দুটাকৈ ডিপাৰ্টমেণ্টেল ষ্টোৰো হৈছে। হোটেল, ৰেষ্টোৰেণ্ট, ফাষ্টফুড কৰ্ণাৰ, আইচক্ৰীম কৰ্ণাৰেৰে বজাৰ ভৰি
পৰিছে। বহুকেইটা কাৰ্যালয়ো মহকুমা সদৰৰ পৰা নতুন চহৰখনলৈ স্থানান্তৰ কৰাও হৈছে।
মুঠতে, অহাবাৰ পৌৰসভা নিৰ্বাচনলৈ অঞ্চলটো এখন পূৰ্ণ পৰ্যায়ৰ
চহৰলৈ ৰূপান্তৰিত হ’ব বুলি আশা কৰিব পাৰি।
চাৰি নম্বৰ ৱাৰ্ডৰ বাসিন্দা নিৰ্মল বৰুৱা ওৰফে নিৰ্মল মাষ্টৰে
গাওঁখনে চহৰ হোৱা কথাটোত যথেষ্ট সুখ অনুভৱ কৰে। সৰুৰে পৰাই তেওঁ আছিল
নগৰীয়া জীৱনৰ প্ৰতি আকৰ্ষিত। নগৰীয়া জীৱনৰ সোৱাদটো তেওঁ পাই নোথোৱা নহয়।. কলেজ, বিশ্ববিদ্যালয়ত পঢ়াৰ দিনবোৰৰ স্মৃতি কেতিয়াও নাপাহৰে তেওঁ। জনা হোৱাৰে
পৰা নিৰ্মল বৰুৱাই কেৱল নগৰত চাকৰি কৰি তাৰেই
স্থায়ী বাসিন্দা হোৱাৰ সপোন দেখিছিল। পিছে, সেই সপোন
পুৰা হওঁতে তেওঁৰ জীৱনৰ সোনালী জয়ন্তী বৰ্ষত ভৰি থ’লে।
চাকৰিকালৰো ৰূপালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে।
দেউতাকৰ মৃত্যুৰ পিছত বেমাৰী মাক আৰু তিনিজনী ভনীয়েকৰ দায়িত্ব পালন
কৰোঁতে তেওঁৰ জীৱনৰ যৌৱনটো ভালদৰে উপভোগ কৰিবই নোৱাৰিলে। সেই বুলি তেওঁৰ কোনো
আক্ষেপ নাই। আক্ষেপ থাকিল কেৱল এইটোহে যে, তেওঁ প্ৰায়
গোটেই জীৱনটো গাওঁতে পাৰ কৰিলে।
চৰকাৰী চাকৰিৰ বাবে বহুত চেষ্টা কৰিছিল। পিছে ভাগ্যই হাত নেমেলিলে। সেই
সময়তে গাওঁখনতে নতুনকৈ গঠন হোৱা শংকৰদেৱ শিশু নিকেতনত সোমাল ইংৰাজী শিক্ষক হিচাপে।
যোৱা পঁচিশ বছৰে তেওঁ এই কামটো অতি নিষ্ঠাৰে কৰি আহিছে। তিনিটাকৈ বেট্চত টিউশ্বনো পঢ়ায়। ইংৰাজী শিকোৱাত নিৰ্মল মাষ্টৰ নাম থকা। টিউশ্বনৰ পইচাৰে মোটামুটি ভালেই উপাৰ্জন হয়। এনেকৈয়ে,
তেওঁ তিনিজনীকৈ ভনীয়েকক বিয়া দি দায়িত্ব পালন কৰিলে। বেমাৰী মাকক
খুওৱা-ধুওৱাৰ কামখিনিও তেওঁ অতি সচেতনতাৰে কৰিছিল। ভনীয়েকহঁতক
বিয়া দিয়াৰ পিছত ৰন্ধা বঢ়া কামটোও তেওঁৰ ভাগতেই। সৰুজনীৰ বিয়া নহওঁতেই বন্ধু-বান্ধৱ, পৰিয়ালৰ শুভাকাংক্ষী বুলি ভবাসকলে নিৰ্মল
বৰুৱাক কৈছিল সংসাৰ পতাৰ কথা। পিছে, তেওঁৰ সাহসে নুকুলালে। প্ৰাইভেট স্কুলৰ চাকৰি আৰু টিউশ্বনৰ
পইচাৰে সংসাৰ কোনোমতে চলিলেও সৰু ভনীয়েকৰ বিয়া দিয়াত সমস্যা হ’ব পাৰে। গতিকে, তেওঁ সকলো ফালৰ পৰা আজৰি হৈহে সংসাৰত
ভৰি থ’ব বুলি ঠিক কৰিছিল । তাৰোপৰি, জাতত
ব্ৰাহ্মণ নিৰ্মল বৰুৱাৰ বাবে কোষ্ঠী, গোত্ৰ
মিলাই পতককৈ পাত্ৰী এজনী বিচৰাটোও বৰ এটা উজু কাম নাছিল। চৰকাৰী চাকৰি থকা পাত্ৰতহে
ছোৱালীৰ মাক-দেউতাকৰ চকু। সৰুজনীক বিয়া দিয়ালৈ সময়ৰ আচোঁৰ তেওঁৰ গালে মুখে পৰিল।
কাণৰ কাষৰ চুলি কেইডালেও ৰঙ সলালে। পঞ্চাশৰ দেওনাত ভৰি থওঁ
থওঁ হোৱাৰ পিছত কোনেও বিয়া বাৰুৰ কথা
নুলিওৱাই হ’ল। ভনীয়েকহঁতেও লাহে লাহে নিজৰ
সংসাৰত ব্যস্ত হৈ ককায়েকৰ কথা ভাবিবলৈ এৰি দিলে। মাকেও পুতেকৰ বিয়াখন চাই যাবলৈ নাপালে যেতিয়া বিয়া কৰাবলৈ তেওঁৰ ইচ্ছাও নোহোৱা হৈ পৰিল।
বহুতে আকৌ
নিৰ্মল বৰুৱাক কামশীতল বুলিয়ে ভাবে । দুজনমানে উপযাচি কোনোবা কবিৰাজৰ ঠিকনাও
দিছিল। যিকোনো গুপ্ত ৰোগৰ চিকিৎসা এশ শতাংশ সফল কৰাৰ গেৰেণ্টিসহ চিকিৎসা। নিৰ্মল বৰুৱাই
নিস্পৃহতাৰে এইবোৰ বিষয়ৰ পৰা আঁতৰি যায়। এনেও নহয় যে, নিৰ্মল
বৰুৱাই কেতিয়াও সংসাৰৰ সপোন নেদেখে। মাজে মাজে সপোনত তেওঁ নিজৰ অৰ্ধাংগিনীকো দেখে।
চকা-মকা পোহৰত মুখখনহে ভালকৈ দেখা নাপায়। মাজে মাজে আকৌ তিনি-চাৰি বছৰীয়া সৰু ল’ৰা এটাক হাতত ধৰি ফুৰাবলৈ নিয়াও দেখে। সপোনতে সংসাৰৰ সুখ পায়। যৌৱনেও সাৰ
পাই উঠে।
নিৰ্মল বৰুৱা
কামশীতলো নহয়। আন যিকোনো পুৰুষৰ দৰে তেওঁৰ দেহৰো দাবী আছিল বা আছে। কিন্তু, তেওঁৰ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰখাত যথেষ্ট সচেতন। কেতিয়াবা শৰীৰৰ দাবীয়ে
নিয়ন্ত্ৰণ হেৰুৱাই। তেনে অৱস্থাত বিচনাৰ ভৰি পথানত তচকৰ তলত লুকুৱাই ৰখা ৰঙীন
সচিত্ৰ আলোচনী এখন উলিয়াই লয় ।
এতিয়া পিছে
শৰীৰৰ তাগিদাতকৈ মনৰ তাগিদাতহে সংসাৰৰ চিন্তা কৰে নিৰ্মল মাষ্টৰে। কেতিয়াবা
কাৰোবাক মনৰ ভিতৰত থকা বহু কথাই ক’বলৈ মন যায়। যিবোৰ তেওঁৰ
বন্ধু-বান্ধৱ বা শুভাকাংক্ষীসকলক কোৱা কথা নহয়। কেৱল বিশেষ এগৰাকীকহে ক’ব পাৰি। মনৰ ভিতৰতে কথাবোৰৰ উক্মুকনি মাৰ যায়।
তেতিয়া তেওঁৰ হেঁপাহ জাগে নিভৃত আপোনজনলৈ।
গৰমৰ বন্ধৰ
দিনকেইটা নিৰ্মল মাষ্টৰৰ নাযায় নুপুৱাই যেন হ’য়। নিকেতনো বন্ধ থাকে।
টিউশ্বনতো ছাত্ৰ-ছাত্ৰীৰ
উপস্থিতি সেৰেঙা। এনে দিনত তেওঁ পঢ়িবলৈ
কিছুমান কিতাপ গোটাই লয়। ঘৰৰ আগফালে থকা মহানিমজোপাৰ তলতে দেউতাকৰ দিনৰে ইজি চেয়াৰখনত
পাতি লৈ কিতাপকে পঢ়ে। নিম গছৰ ছাঁত বহি
হাফ ৱালৰ ওপৰেদি ৰাস্তাৰে অহা যোৱা কৰা মানুহবোৰকো দেখে। তেনে এক নিৰ্জন
দুপৰীয়া এটাতেই তেওঁৰ চকুত পৰিছিল নীলিমাক। নীলিমা মানে নিৰ্মল মাষ্টৰৰ ঘৰৰ আগৰে
যোৱা গলিটোৰ শেষৰটো ঘৰৰ ৰাজেন সুত্ৰধৰৰ বিধবা বোৱাৰীগৰাকী। বিয়াৰ বছৰ নৌঘুৰোঁতেই
বিধৱা হোৱা নীলিমাক শাহুৱেকে পুতেকৰ মূৰ খোৱা বুলি ঘৰৰ পৰা
বাহিৰ কৰি দিছিল। কিন্তু, বোৱাৰীয়েকৰ পেটত বংশ ৰক্ষাৰ চিন
দেখি ওভতাই আনিলে। পিছে, নাতিৰ ঠাইত নাতিনীহে পোৱাত পিছফালৰ
পুৰণি ঘৰটোৰ কাষৰ এচলীয়া কোঠাটোতেই থাকিবলৈ দিছিল । তেনেকৈয়ে নীলিমাৰ
ছোৱালীজনী দহবছৰীয়া হ’লহি।
প্ৰথম দিনা
নিৰ্মল মাষ্টৰৰ ঘৰৰ সন্মুখেৰে পাৰ হৈ যোৱা আন মানুহবোৰৰ দৰেই সাধাৰণভাৱে মূৰ তুলি চাইছিল। খাওঁ খাওঁ ৰ’দত নীলিমাই বৰ খৰ খোজেৰে
পাৰ হৈ গ’ল। মিঠা বৰণীয়া মুখখনে ৰ’দত
সেন্দুৰী বৰণ লৈছে। আটিল দেহটোত ঘামি জামি চাদৰখন লিপিট খাই ধৰিছে। মেখেলাখন ভৰিত
লাগি হোৱা চেতেপ চেতেপ শব্দ তেওঁ ৱালৰ
ইপাৰৰ পৰাই শুনিলে। দ্বিতীয় দিনাও একে সময়তে একেই গতিৰে, একেই
শব্দৰে নীলিমাক যোৱা দেখা পালে। নিৰ্মল মাষ্টৰে আগতে যে কোনো দিনে নীলিমাক দেখা নাছিল
তেনে নহয়। নীলিমাৰ বিষয়ে কিছুমান নুশুনিবলগীয়া কথাও শুনিছে তেওঁ বিভিন্ন জনৰ পৰা।
অৱশ্যে, তেওঁ সেইবোৰ কথাত বেছি মূৰ
নুসুমায়। কিন্তু, এই কিছুদিনৰ পৰা সদায় ইমান গৰমত দুপৰীয়াকৈ
ক’তনো যায় তাক জানিবলৈ তেওঁৰ মন গ’ল। চকীদাৰ ৰাজুক সুধি নীলিমাৰ বিষয়ে সবিশেষ জানি ল’লে তেওঁ। নীলিমাই হেনো শশী দেবনাথৰ তাঁতৰ মিলত হাজিৰা কৰি অলপ হাত খৰছ
উলিয়াই ।
প্ৰতিদিনে কিবা
এটা নামহীন আকৰ্ষণে মাষ্টৰক দুপৰীয়ালৈ আছন্ন কৰি ৰখা হ’ল।
নীলিমাৰ সেই ঘৰ্মাক্ত দেহ, মেখেলাৰ শব্দ তেওঁৰ ভাল লাগি
আহিবলৈ ধৰিলে। তেওঁ প্ৰেমত পৰিল নেকি...? ধেৎ, এই বয়সত আকৌ কিহৰ প্ৰেম...! যৌৱনত যেতিয়া তেজে দগমগায়, তেতিয়া সকলোৱে প্ৰেমত পৰাটো স্বাভাৱিক। নিৰ্মল মাষ্টৰেও প্ৰেমত পৰিছিল।
কলেজত পঢ়ি থাকোঁতে একে ডিপাৰ্টমেন্টৰ দেৱযানীৰ প্ৰেমত পৰা কথাটোৱে তেওঁক বহুদিনলৈ
ৰোমাঞ্চিত কৰি ৰাখিছিল। তাৰপিছত, নিকেতনত সোমোৱাৰ পিছত সহকৰ্মী কৰবীকো তেওঁৰ ভাল
লাগিছিল। সেই ভাললগা তীব্ৰ হৈ পৰিছিল যেতিয়া দুয়ো একেলগে এটা প্ৰশিক্ষণত যোগ দিবলৈ
গুৱাহাটীলৈ গৈছিল। পিছে, মুখ খুলি ক’বলৈ
সাহস গোটাব নোৱাৰিলে তেওঁ। প্ৰেমো সফল নহ’ল। দেৱযানী আৰু
কৰবী দুয়ো এতিয়া নিৰ্মল মাষ্টৰৰ ফেচবুক ফ্ৰেইণ্ড। দুয়োৰে সুখময় সাংসাৰিক জীৱনৰ
আপডেট বোৰত তেওঁ এতিয়া লাইক, কমেণ্ট
কৰে।কিন্তু, পঞ্চাশৰ কাষত আহি তেওঁ প্ৰেমত পৰা কথাটোত নিজৰেই
সন্দেহ উপজিল। দুদিন দুৰাতি তেওঁ কেৱল এই কথাটোকে ভাবিলে। শেষত তেওঁ এক স্থিৰ
সিদ্ধান্তত উপনীত হ’ল।
নিৰ্মল মাষ্টৰ
সচাকৈয়ে পুনৰ প্ৰেমত পৰিল। তেওঁ ঠিক কৰিলে যে, এইবাৰ তেওঁ অলপ সাহস
কৰিবই লাগিব, নিজৰ কাৰণে, নীলিমাৰ
জীৱনটোৰ কাৰণে আৰু নীলিমাৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কাৰণে। চকীদাৰ ৰাজুৰ হতুৱাই নীলিমাক
বিয়াৰ প্ৰস্তাৱ দিলে। হতচকিত নীলিমাই কথাষাৰ শুনি সুস্থিৰ হৈ উঠিবলৈ সময় ল’লে। তাৰ পিছত এসোঁতা কান্দি মাষ্টৰৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে। কিন্তু,
চাৰি নম্বৰ ৱাৰ্ডৰ বাসিন্দাসকলে নিৰ্মল বৰুৱাৰ দৰে ব্ৰাহ্মণ শিক্ষক
এজনে নিম্ন শ্ৰেণীৰ, বদনামী (?) বিধৱা
এগৰাকীক বিয়া কৰাবলৈ ওলোৱা কথাটো সহজভাৱে ল’ব নোৱাৰিলে।
নামঘৰৰ সন্মুখৰ
পথাৰতে বিচাৰ বহিল। কথাটো উত্থাপন হোৱাৰ পিছতেই অঞ্চলটোৰ আটাইতকৈ বয়োজ্যেষ্ঠ
চন্দ্ৰ ভাগৱতীয়ে বহাৰ পৰা ঠিয় হৈ ক’লে, “আজিৰ পৰা দুশ বছৰ আগতেই দেশত
ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, গুণাভিৰাম বৰুৱাৰ দৰে লোকে এখন আধুনিক ভাৰতীয় সমাজৰ
সপোন দেখিছিল। তেওঁলোকে বিধৱা বিয়াৰ সপক্ষে মাত মাতিছিল। কোনো কোনোৱে উদাহৰণো
ৰাখি থৈ গৈছে৷ পিছে,
আজি দুশ বছৰ পিছতো, আজিৰ এই ডিজিটেল পৃথিৱীতো তোমালোকৰ মন আধুনিক নহ’ল।
দুগৰাকী প্ৰাপ্তবয়স্কই সংসাৰ কৰিবলৈ মন মেলিছে, তাত তোমালোকৰ
আপত্তি কিহৰ! আমাৰ নিৰ্মল মাষ্টৰো আধুনিক
সমাজৰ আৰু সংস্কাৰী মন এটাৰ উদাহৰণ বুলিয়েই ভাবোঁ। হেৰৌ, গাওঁ
গুছি চহৰ হ’ল আমাৰ অঞ্চলটো। আৰু তোমালোকৰ মনবোৰ এতিয়াও
জকাইচুকীয়াই হৈ থাকিল। জাত-পাতৰ ধাৰণা এৰিবৰ হ’ল। আধুনিক হ’বলৈ উদাৰতাৰো প্ৰয়োজন।
ভাগৱতীৰ
কথাখিনিয়ে হয়তো উপস্থিত সকলোকে জোকাৰি গ’ল। কোনেও একো কোৱাৰ
প্ৰয়োজনবোধ নকৰিলে। ‘মৌনম্ সন্মতি লক্ষ্মণম্’ বুলি ভাবি চন্দ্ৰ ভাগৱতীয়ে নিৰ্মল মাষ্টৰ আৰু নীলিমাক
সিদিনাই ৰাইজৰ আগত আঠু লৈ সংসাৰ আৰম্ভ কৰিবলৈ পৰামৰ্শ দিলে। সাত দিনৰ দিনা নামঘৰৰ
চৌহদতে ৰাইজেই আগভাগ লৈ বিয়াখনো ধুমধামেৰে পাতিলে।
আজিকালি নিৰ্মল
মাষ্টৰে সাংসাৰিক জীৱনৰ লগতে নগৰীয়া জীৱনৰ সুখো অনুভৱ কৰে। তেওঁৰ মানত অঞ্চলটোৰ
গাওঁ গাওঁ ভাৱটো যেন নোহোৱা হৈ পৰিল।
ঠিকনা:
গোলকগঞ্জ, ধুবৰী
ভ্ৰাম্যভাষ : ৯৭০৬৯১১৫৩৩