অংগনা ভট্টাচাৰ্য্য
“মইনা!”
“মইনা!”
নিমিষতে কৰবাৰ পৰা মইনা
উধাতু খাই দৌৰি আহি মোৰ কাষ পালেহি৷ মোৰ অস্থিৰ ৰূপ দেখি সামান্য শংকিত হৈ তাই মোক
সুধিলে-
“মোক বিচাৰিছিলা আইদেউ?”
মই তাইৰ কান্ধত ধৰি ক’লোঁ-
“তই গুৱাহাটীলৈ যাব লাগিব
মইনা৷”
মইনাই চকু দুটা বহলকৈ মেলি
মোলৈ চালে৷ কম্পিত ওঁঠেৰে তাই মোক সুধিলে-
“মই নাথাকিলে তুমি কাৰ
সৈতে থাকিবা আইদেউ? মোৰ বাহিৰে দিল্লীত তোমাৰ আপোনেই বা আছে কোন?”
মই একে উশাহতে ক’লোঁ তাইক
-
“তই মোৰ কথা ভাবিব নালাগে
মইনা৷ তই আমাৰ আপোন দেশখনৰ কথা ভাব৷ আমাৰ অসমখনৰ কথা ভাব৷ নিচাদেউ লালুকসোলা বৰফুকনে
চাহজাদা আজমতাৰাৰ হাতত অসমখন বেচিবলৈ ওলাইছে৷”
“কি? ইমান ডাঙৰ ষড়যন্ত্ৰ!
তুমি এইবোৰ ক’ত কেনেকৈ গম পালা?”
চকু দুটা ডাঙৰকৈ মেলি মইনাই
সুধিলে মোক৷ মই যন্ত্ৰবৎ তাইক ক’লোঁ-
“কিয়? তই নাজান নেকি কালি
নিশাটো যে চাহজাদা মোৰ সৈতে আছিল? মদিৰাৰ নিচাত কৈ পেলাইছিল মোক, নিচাদেউক হেনো তেওঁ
অসমৰ ৰজা পাতিব৷ তাৰ বিনিময়ত গুৱাহাটী মোগলৰ অধীন হ’ব৷”
“কি আচৰিত আইদেউ! নিজৰ
মানুহেই নিজৰ জাতিক চলনা কৰিব পাৰেনে?”
“পাৰে মইনা৷ এইখন পৃথিৱীত
সকলো সম্ভৱ৷ কিয়? তই পাহৰিলি নেকি, আমিও যে পণ্যৰ দৰে মোগলৰ হাতলৈ আহিছিলোঁ? ছয়বছৰীয়া
এজনী কুমলীয়া নাবালিকাক অলেখ বন্দী-বেটীৰে সৈতে মোগলৰ হাতত বেচি দিয়া হৈছিল! তয়ো আছিলি
দেখোন মোৰ সৈতে অহা এগৰাকী দুৰ্ভগীয়া৷ মোৰ দৰে চাৰিং ৰজাৰ জীয়াৰী মোহিনী আইদেৱো আছিল
এবিধ সামান্য পণ্য৷ স্বৰ্গদেউৰ জীয়াৰী হৈও
মই পণ্য হ’বলৈ বাধ্য হৈছিলোঁ৷ একো নাজানিছিলোঁ৷ নুবুজিছিলোঁ৷ মাথোঁ নাৱেৰে বিক্ৰী হোৱা
বস্তুৰ দৰে দিল্লীলৈ আহিছিলোঁ৷ হেৰেমৰ কাঢ়া শাসনৰ মাজত মই দেখোন কান্দিবলৈও পাহৰি গৈছিলোঁ
মইনা! আইদেউতালৈ মনত পেলাই কান্দিব বিচাৰিলেও তীব্ৰ এক অভিমানে ডিঙিটোত হেঁচা মাৰি
ধৰিছিল অ’৷ তই দেখোন সকলো জান! নিজৰ আইদেউতায়ো মোক ৰাখিবলৈ যত্ন নকৰিলে৷ এক লাখ আশী
হাজাৰ টকা, বিশ হাজাৰ তোলা সোণ, বাৰ হাজাৰ তোলা ৰূপ, চল্লিছটা হাতী, প্ৰতি বছৰে বিশটাকৈ
হাতী, কলং আৰু ভৰলীৰ পশ্চিম খণ্ড, এশ বন্দী, এশ বেটী, ছজন বিষয়াৰ ছজন ল’ৰাৰ সৈতে এই
অভাগিনী আৰু মোহিনী আইদেৱো সন্ধিৰ চিহ্ন হিচাপে ঢাকা হৈ দিল্লী পালেহি৷ ৰজাদেউতা নৰিয়াত
পৰি সিফলীয়া হ’ল৷ তেওঁৰ আপোন জীয়াৰী হ’লেও মই গম নাপালোঁ৷ গম দিয়াৰ প্ৰয়োজনবোধ নকৰিলে
কোনেও৷ কাৰণ তেতিয়ালৈ মই বংগৰ নৱাব মিৰজুমলা আৰু আহোম স্বৰ্গদেউৰ মাজত হোৱা ঘিলাধাৰী
ঘাটৰ সন্ধি অনুসৰি এক পণ্য হিচাপে বিবেচিত হৈছিলোঁ, যাৰ কণমানি শৰীৰটোত এখন অন্তৰো
থাকিব পাৰে বুলি কোনেও হয়তো ভবাৰ অৱকাশ নাপালে৷ অসমৰ শ্যামলা পথাৰৰ সুঘ্ৰাণ নাকত উজাই
লৈ ডাঙৰ হোৱাৰ পৰিৱৰ্তে মোগল হেৰেমৰ কটকটীয়া শাসনজৰীৰ মাজেৰে ডাঙৰ হ’লোঁ৷ সুৱদী অসমীয়াৰ
সলনি পাৰ্চী ভাষা দুওঁঠৰ মাজেৰে মৌ-বৰষা দি বৰষিল৷ তই নাথাকিলে চাগৈ আপোন ভাষাটো উচ্চাৰণ
কৰাৰ সুবিধাই নাপালোঁহেঁতেন মইনা৷ নিজৰ ভাষাটো
লিখিবলৈ শিকাৰ সুবিধাই নাপালোঁ৷ ফা-চিন, ফা-দাইৰ সলনি মোগলৰ সাজ আপোন কৰি ল’লোঁ৷ মোৰ
প্ৰিয় চেওৱা দিয়া কৌপাটৰ ভাত, আমলৰীয়া হাঁহৰ আঞ্জা, সান্দহ গুড়িৰে সৈতে ৰন্ধা কুকুৰাৰ
মাংস, মুগা লেটা ঢেঁকীয়াভাজি, থৌথৌবা, হেঙেনুৱা শাকৰ ভাজিৰ সলনি মোগলৰ বাৱৰ্চীখানাৰ
পোলাও, কোৰ্মা, বিৰিয়ানিহে নিতৌ সহচৰ হ’ল৷
ইয়াতেই ডাঙৰ হ’লোঁ৷ ইয়াতেই সংসাৰ তৰিলোঁ৷ সকলো ৰীতি-নীতি আদৰি আইদেউতাৰ মৰমৰ নাংচেং
ৰহমত বানু হ’লোঁ৷ আৰু কিমান মইনা? নিজকে কেইবাৰ বেচিম? কিমান বেচিম? কি বাকী থাকিল
মোৰ নিজৰ হিচাপে? সাজপাৰ, খাদ্যাভাস, মাত-কথা, ধৰ্ম আনকি নিজৰ সকলো পচন্দ পলকতে সলনি
কৰি আজি ঊনৈশ বছৰীয়া হ’লোঁহি৷ কিন্তু অন্তৰৰ ভিতৰত শুই থকা অন্তৰখনক কেনেকৈ বেচোঁ ক’চোন?
যিখন অন্তৰত ৰহমত বানুৰ অনুভূতি নাই, কোনো ৰমণী গাভৰুৰ বিচিত্ৰ অভিলাষ নাই, আছে মাথোঁ
এগৰাকী অসমীয়া গাভৰুৰ নিৰ্ভীক কলিজা, সেই কলিজাটো নাংচেঙৰ৷ আইদেউতাৰ আলফুল কুঁৱৰী নাংচেঙৰ,
যাৰ শৰীৰৰ ৰক্তত কোনো দেশদ্ৰোহী লালুকসোলাৰ চিন নাই, আছে মোমাইদেউ মহাবীৰ লাচিত বৰফুকনৰ
দেশপ্ৰেম৷ হয় মইনা৷ মই লাচিতৰ দেশৰ জীয়ৰী৷ মই অসমৰ কুঁৱৰী৷ জীয়াই থকালৈকে মই অসমীয়াৰ
চিনাকি নেৰোঁ৷ মোৰ পুত্ৰৰ নামো মই অসমীয়াই ৰাখিছোঁ, যাতে ডাঙৰ হৈ সি বিক্ৰমেৰে স্বীকাৰ কৰিব পাৰে যে, তাৰ শৰীৰৰ সিৰাই
সিৰাই অমৃতময় অসম দেশৰ স্বাভিমানী শোণিত প্ৰবাহিত
হৈ আছে৷ দেশৰ স্বাধীনতাৰ বাবে আহোম সেনানীয়ে প্ৰৱল পৰাক্ৰমেৰে যুদ্ধ কৰি শৰাইঘাটৰ যুদ্ধত
মোগলক পৰাস্ত কৰিছিল৷ সেই দেশৰে জীয়ৰী হৈ মই চকু মুদা কুলিৰ ভাও জুৰিব নোৱাৰোঁ৷ দেশৰ
কাৰণে মই নিজকে ত্যাগ কৰিবও পাৰোঁ৷ কোনোপধ্যেই মই নিচাদেউৰ ন্যস্ত স্বাৰ্থ পূৰণ হ’বলৈ
নিদিওঁ৷ মই নিচাদেউলৈ অনতিপলমে পত্ৰ প্ৰেৰণ কৰিম৷ জাতিদ্ৰোহী, দেশদ্ৰোহী লালুকসোলাৰ
ন্যস্ত অভিসন্ধিৰ বিষয়ে মই তেওঁকেই অৱগত কৰিম৷ তেওঁকেই অনুৰোধ কৰিম৷ মই সন্ধিৰ বাঁহ
বুদ্ধিৰে ভাঙিবলৈ যত্ন কৰিম৷ এই দুখুনীৰ হাতত আৰু অন্য কোনো উপায় নাই৷ এইখিনি সাহস
কৰি নিচাদেউক বুজাবৰ প্ৰযত্ন নকৰিলে এই জীৱনৰ কোনো অৰ্থ নাই মইনা৷”
অধৈৰ্য হৈ কৰা মোৰ এই বিলাপ
মইনাই ধৈৰ্যসহকাৰে শুনিলে৷ তাইৰো চকুহাল সেমেকি উঠিল৷ তাই মোৰ কাষলৈ আহি মোক বুজাবলৈ
যত্ন কৰিলে-
“তোমাৰ কথাখিনি, তোমাৰ
এই আৱেগ মই নুবুজিমনে আইদেউ? কিন্তু ইমান ভাবুক নহ’বাচোন৷ বাস্তৱক স্বীকাৰ কৰিহে তুমি
গম্ভীৰ সিদ্ধান্ত এটা ল’ব লাগিব৷ তুমি নিজৰ
স্বামীৰ বিপক্ষে থিয় হ’বা কেনেকৈ আইদেউ? পাহৰি নাযাবা যে, বৰ্তমান তুমি মোগল বাদশ্বাহ
ঔৰংগজেৱৰ বোৱাৰী৷ তুমি চাহজাদা মহম্মদ আজম শ্বাহৰ প্ৰিয়তমা বেগম৷ তেওঁৰ কিমান বিশ্বাসী
তুমি! তোমাৰ এটা শব্দও তেওঁ নাকচ নকৰে৷ তোমাৰ ৰূপ-গুণত মুগ্ধ হৈ কিমান আপোনভাৱেৰে তেওঁ
তোমাক পৰী বিবি বুলি সম্বোধন কৰে৷ এই সকলো কথা তুমি পাহৰি গ’লা নেকি আইদেউ? তোমাৰ এটা
পদক্ষেপৰ বাবে তোমাৰ সুখৰ সংসাৰখন ধ্বংস হৈ যাবও পাৰে৷ তুমি এইক্ষেত্ৰত আৱেগেৰে নহয়,
বুদ্ধিৰে সিদ্ধান্ত ল’ব লাগিব৷ মোগল পৰিয়ালৰ অংশ হৈও মোগলৰ বিপক্ষে থিয় হোৱাৰ অৰ্থ
কি ভয়ংকৰ হ’ব পাৰে তুমি কল্পনা কৰিবও নোৱাৰা৷”
এইটো ক্ষণত মইনাৰ কোনো
যুক্তি শুনাৰ ধৈৰ্য মোৰ নাই৷ মোৰ উতলি থকা ৰক্তৰ স্ৰোতে বাৰে-বাৰে সোঁৱৰাই দিছে মোক-
“তোমাৰ প্ৰথম পৰিচয়- তুমি অসম দেশৰ জীয়াৰী৷ বাকী সকলো সম্পৰ্ক ইয়াৰ পাছতহে
আহিব৷ সৰ্বপ্ৰথমে তোমাৰ নিজৰ দেশখনৰ সুৰক্ষাৰ কথা চিন্তা কৰা৷”
মই মইনালৈ চালোঁ৷ পৰম আশাৰে
তাই মোৰ উত্তৰলৈ বাট চাই আছে৷ কিঞ্চিত শান্ত হ’লোঁ মই৷ শান্তভাৱেই মই তাইক ক’লোঁ-
“মই কল্পনা কৰিবও নিবিচাৰোঁ
মইনা৷ কাৰো বিপক্ষে মই থিয় হ’ব বিচৰা নাই৷ মই থিয় হৈছোঁ মোৰ ওপজা দেশখনৰ সপক্ষে, যি
মোৰ জন্মস্বত্ব অধিকাৰ৷ ইয়াক নস্যাৎ কৰাৰ অধিকাৰ আহোম স্বৰ্গদেউৰো নাই, মোগল বাদশ্বাহৰো
নাই৷ চাহজাদাই বন্দী কৰি থোৱা অসমীয়া কটকী কৌপতীয়া মাধৱচৰণ আৰু গজপুৰীয়া যদুনন্দনক
মই চাহজাদাৰ ওচৰত অনেক কাকূতি-বিনতি কৰি মুকলি কৰোৱালোঁ৷ এতিয়া তেওঁলোকৰ সৈতে তই গুৱাহাটীলৈ
যাবলৈ সাজু হ’ মইনা৷ নিচাদেউক বুজাই-বঢ়াই
সিদ্ধান্ত সলনি কৰাৰ দায়িত্ব এতিয়া কটকী আৰু তোৰ ওপৰত৷ মই সকলো শিকাই-বুজাই দিম৷ তহঁত
গুৱাহাটী গৈ পোৱাৰ আগতেই হয়তো মই পঠোৱা পত্ৰ নিচাদেউৰ হাতত পৰিবগৈ৷ মুঠতে বলেৰে নোৱাৰোঁ
যেতিয়া চলে-কৌশলেৰে নিচাদেউৰ মন ঘূৰাবই লাগিব৷ অসমী আইক বচাবই লাগিব৷ লাগিলে এই নাংচেং
আকৌ এবাৰ বেচা যাবলৈও কুণ্ঠাবোধ নকৰিব৷ তই পাৰিবিনে মইনা? পাৰিবিনে মইনা মোক এইকণ কৃপা
কৰিবলৈ?”
মোৰ কাতৰ কণ্ঠৰ আহ্বানক
নেওচিব নোৱাৰিলে মইনাই৷ তাইৰ সমুখত হাত যোৰ কৰি থিয় হৈ আছে তাইৰ প্ৰিয়তমা সখীয়েক, যাৰ
মনৰ প্ৰতিটো অনুভূতিয়েই তাই বুজি পায়৷ তাই মোৰ হাত দুখন সাৱটি লৈ তাইৰ কপালত লগাই লৈ
ক’লে-
“আৰু লাজ নিদিবা আইদেউ৷
মই সকলো বুজিলোঁ৷ সকলো শিকিলোঁ৷ যিখন দেশে মাথোঁ ছয় বছৰ বয়সীয়া এজনী কণমানি ছোৱালীক
সন্ধিৰ চৰ্ত অনুসৰি বেলেগ ধৰ্মৰ ৰজাৰ দেশলৈ পঠিয়াই দিছিল, সেই কণমানিজনীৰ হৃদয়ত দেশমাতৃৰ
প্ৰতি যে এনেকুৱা পৱিত্ৰ অনুভৱ জাগ্ৰত হ’ব পাৰে, সেয়া আচৰিতেই নহয়, অসাধাৰণো৷ তুমি
সঁচাকৈয়ে অসাধাৰণ আইদেউ৷ স্বামীৰ দেশখনৰ বিৰুদ্ধাচৰণ নকৰাকৈয়ে স্বদেশৰ প্ৰতি তুমি যি
প্ৰেম আৰু দায়িত্ববোধৰ চানেকি দাঙি ধৰিলা, তাৰ বাবে এদিন হ’লেও মানুহে তোমাক মনত পেলাব
আইদেউ৷ গোটেই জীৱন অসমৰ পৰা দূৰত থাকিলেও এসময়ত অসমীয়াৰ বুকুৰ আপোন হৈ পৰিবা তুমি৷
তোমাৰ এই অসাধাৰণ চিন্তা অথলে যাবলৈ নিদিওঁ৷ মই সাজু হওঁ আইদেউ৷ গুৱাহাটীলৈ বুলি ৰাওনা
হ’বলৈ মোক অনুমতি দিয়া৷”
সজল চকু আৰু দৃঢ় মনটোৰে
মই মইনাক কোৱাৰ চলেৰে যেন নিজকে ক’লোঁ-
“সাজু হ’ মইনা৷ নিজক বচাবলৈ,
নিজস্বতাক বচাবলৈ এপৰ যুঁজ দে৷ আমি সফল হ’ম৷ আমি জিকিম৷ কাৰণ, আমাৰ গাত অসমৰ তেজ আছে৷
ইতিহাস সাক্ষী আছে, অসমীয়াই কেতিয়াও হাৰ নামানে৷ অসমী আইৰ কাৰণে আমি এইকণ সাহস গোটাবই
লাগিব৷”
মইনাই মোৰ অনুমতি পাই নিজৰ
কক্ষলৈ গ’ল৷ সময় নষ্ট নকৰি মই পত্ৰখন লিখিবলৈ ল’লোঁ৷ পত্ৰৰ আৰম্ভণিতেই নিচাদেউক সম্বোধন
কৰি মই পাৰ্চী ভাষাতেই লিখিবলৈ আৰম্ভ কৰিলোঁ-
“জননী জন্মভূমিশ্চ স্বৰ্গাদপি
গৰীয়সী...”
(সমাপ্ত)
বিঃদ্ৰঃ
ফা-চিন- মেখেলা
ফা-দাই- ৰিহা
(গল্পটো ৰচনা কৰোঁতে ‘অসম
বুৰঞ্জী’ৰ সহায় লোৱা হৈছে৷)
ঠিকনা:
অংগনা ভট্টাচাৰ্য্য
নলবাৰী