মুনমী দত্ত হাজৰিকা
সেই দুখন হাতেই মোক
এই ঠাইলৈ আনিছিল যি দুখন হাতেৰে তেওঁ চন্দন কাঠৰ চিতাত সেই লাওখোলাটো তুলি দিছিল৷
মৰাণ বুঢ়াৰ কথা কৈছোঁ৷
সেই যে কলিয়াই আনি দিয়া ‘নজনা বীৰৰ মূৰ’ আতৌ পুতৌকৈ চন্দন কাঠৰ চিতাত তুলি বুকু জুৰ
পেলাইছিল, কলিয়াক সাৱটি শৰাইঘাটৰ ৰণুৱা নিজপুত্ৰক সোঁৱৰি বুকু ফুলাইছিল৷ তেতিয়াৰ পৰা
এতিয়ালৈকে কেউটা পুৰুষ সাক্ষী হৈ মই ইয়াতে থিয়দি আছোঁ৷ মোৰ পৰিনাতিহঁতক মোৰ বোপাককাৰ
দিনৰ কথাবোৰ কৈ থকাৰ দৰে মৰাণবুঢ়াৰ নাতি-পৰিনাতিয়েও
শুনি গৈছে নিজৰেই ভেটিত নিজৰ খোপনি ৰখোৱা কথাবোৰ৷
আমাৰ পূৰ্ৱজে বহন
কৰা সেই পুৰাতন আস্থাৰ কথাবোৰ সংবহন ঘটাবলৈকে মই গজালি মেলা পুলি পোখাক কাহিনীবোৰ কৈ
যাওঁ৷ নাতিৰ বাবে শালিকীঠুটীয়া গগণা এটা চুছি চুছি মৰাণবুঢ়ায়ো কলিয়াৰ আগত ‘মান ভগনৰ দিন’ সোঁৱৰে৷ তাৰ পিছত ৰামসিংহৰ
কথা পাতে৷ শৰাইঘাটৰ লাচিতৰ হাতৰ সেই বালি চুঙা সদৃশ অগণন অসমীয়া ডেকাৰ খামিডাঠ বুকুবোৰৰ
সৈতে কলীয়াক চিনাই দিয়ে৷
তেতিয়া মই শালপুলিবোৰক
লুম্বিনিবনত গৰ্ভাৱতী মায়াদেৱীয়ে শালগছত ধৰি বল দি গৌতম বুদ্ধক ওপজোৱাৰ কথা কওঁ৷ সেয়া
যেন পৰমপ্ৰাপ্তিৰ সকাহ আৰু সজাঁলৰ যুগলবন্দীৰে আশাবাদৰ স্মৰণ ঘটাবপৰা বিশাল শালগছৰ
এক ঠেঙুলি৷ গৌতম বুদ্ধয়ো কুশীনাৰা নদীৰ পাৰৰ এক যাত্ৰাপথত অসুস্থ অনুভৱ কৰি কাষৰ শালভূমিত
প্ৰৱেশ কৰা আৰু জুৰীয়া শালৰ মাজত মহাপ্ৰয়াণৰ বাবে শুই পৰা বুৰঞ্জী কওঁ৷ শালনিতে যেন
আৰম্ভ কৰিব পাৰি মোক্ষপ্ৰাপ্তিৰো যাত্ৰা৷ কল্যাণৰ যাত্ৰা - আনক পোহৰাব পৰাকৈ বাট মোকলাব
পৰা যাত্ৰা৷ আমাৰ অতীজে কঢ়িওৱা গভীৰ আস্থাক সামৰি আমি গতি কৰি আছোঁ৷ এই গতিক নিৰৱছিন্ন
কৰি ৰাখিবলৈকে মই নতুন পুলিবোৰক পাঠ দিছোঁ৷
মৰাণবুঢ়ায়ো জানিছিল
আমাৰ পূৰ্বজৰ কৌটিকলীয়া কথা৷ নহলেনো আজোনাতিহঁতলৈ সোৱণশিৰীৰ বালিৰ সোণ চিৰিকা নাসাঁচি
শালনিখন পাতেনে! সোণৰ ফল, ৰূপৰ পাতৰ সপোন নেদেখি শালনি ৰখীয়া হৈ পৰেনে!
পিতনিখনে খাছীয়া
জয়ন্তীয়া পাহাৰত কেন্দ্ৰীভূত হোৱা বৰভূঁইকঁপতে ৰূপ সলাইছিল চানডুবি পাহাৰৰ দৰে৷ বাম
ঠাইকণ ঘটি মৰাণ বুঢ়া ৰৈয়ে থকা নাছিল৷ কেইবাটাও বেলি পিতনিখনতে পাৰ কৰি কোৰেৰে মিহি কৰা বাৰী কৰিছিল৷ চপৰা মৈয়াই মাটি তুলি
বন্ধোৱা শাৰীবোৰত পচাবলৈ গুটি বিচাৰি বুঢ়া এদিন জয়ন্তীয়া পাহাৰলৈ উঠিছিল৷ এদিন গৈছিল
মাণ্ডুৰ সিপাৰলৈ৷ হোলোং নাৱত বোজাই কৰি আনিছিল শাল আৰু চন্দনৰ গুটিবোৰ৷ বিশাল শালনিখনৰ
একাষে ৰুইছিল এশাৰী চন্দন৷
গুটিবোৰ পুলি হয়৷
পুলিবোৰত থোপাথোপ গুটি -সগৰ্ভা ফুলে ভৰ কৰি
পৈণত ৰূপত মাটিত নিজৰ চিন ৰাখে৷ মাটিৰ তৰপে তৰপে খামুছি শিপা বাঢ়ে৷
ককাকৰ হাতত ধৰি কলিয়াও
ডাঙৰ হয়৷ মাটিৰ ফলিত ফলিগুটিৰে গোট গোট আখৰেৰে তিনিশাৰী হাতৰ আখৰ লিখে-অসম আমাৰ ৰাজ্য৷ হাটৰপৰা মৰাণবুঢ়াই আনি দিয়া
দুয়োমূৰে দুটা ৰং থকা পেঞ্চিলেৰে আঁকে মাজেদি বৰনৈ বৈ থকা ৰাজ্যখন৷ অসমৰ চাৰিসীমা,
মাটিকালি, জনগাথঁনি মুখস্থ কৰি মজলীয়া বিদ্যালয়ৰ সমাজ অধ্যয়নৰ পৰীক্ষা পাছ কৰে৷
বয়সে বুকুবোৰ বুজন
কৰে৷ মৰাণ বুঢ়াৰ স্বদেশপ্ৰেমৰ বীজ পুৰুষলৈ শিপা মেলে৷ ককাকে শিকাই থৈ যোৱাখিনি কবলৈ
কলিয়াও এদিন ককা হয়৷ নাতি হৈ ওপজে শ্যামন্ত৷ শ্যাম৷
গহীন গপছ গুণী ল’ৰাটো
মেৰলাই বঢ়াদি বাঢ়ে৷ ককাকক নিশ্চিন্ত কৰি বুকুৱে-বোধেৰে জাকত জিলিকে৷ শক্তি পুত্ৰ মই
ভক্তি বুকুত লৈ … ‘অসমীয়া ডেকাৰ উক্তি’ পঢ়ি উঠি শালনিত বহি ককাকৰ লগত প্ৰাচীন-অবাৰ্চীন
মাজত দলং সাজে৷
‘প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ
সমস্তৰে আত্মা হৰি
পৰম বান্ধৱ’…গুণগুণাই শালনিৰ এচুকত সাজি লোৱা গোঁসাইঘৰত মূৰ দোঁৱাই কলিয়াই দিনটো আৰম্ভ
কৰে৷ ফুল ফুলা ঋতুৰ এই পুৱাতে ময়ো নতুন পুলি পোখাক সেই ‘শালভঞ্জিকা’ৰ কাহিনী কবলৈ থিৰাং
কৰোঁ-শালভঞ্জিকাৰ একাকীত্বকো স্পৰ্শ কৰিবপৰা বীৰ্যবান শালগছৰ চেতন স্থিতিৰ কাহিনী৷
কলিয়াৰ হাতত শালনি
গতাই মৰাণবুঢ়া সিপুৰীলৈ যোৱাৰে পৰা শালনিখন আৰু চন্দনশাৰী কলিয়াৰ জীৱনৰ উদ্দেশ্য হৈ
পৰিল আৰু শ্যাম যেন কলীয়াৰ উশাহ ৷
এইটো ঋতুকে কুৰিবাৰ গৰকি শ্যাম ডাঙৰ হয়৷ বন্ধু মহলৰ
বাবে সি ‘চেম’ হয়৷ চেমে কলেজৰ পাঠ্যপুথিত পঢ়া কবিতাবোৰ ৰাজপথৰ সময়ৰ লগত মিলি যাব খোজে৷
… কিমান তিয়াবা তোমাৰ জিভাৰে ইতিহাসযোৰা কাৰাবালা মৰু প্ৰান্তৰ? …
শ্যাম মহানগৰীৰ কলেজলৈ
দিনটোলৈ ওলায় আহোঁতে শালনিত ককাকে ধৰফৰাই থাকে-
কি বা কৰিছে সি …
আজিকালিৰ দিনকাল হে যি,
চিন্তেনো কোনে ৰাইজৰ ভাল,
বুজিবই নোৱাৰি দেশৰ হালচাল
বোপাককাৰ সচঁত উঠা স্বদেশপ্ৰেমী নাতি
নাজানে নুবুজে বেপাৰীৰ স্বজন-প্ৰীতি৷
এচুকৰ কুমাৰণী বাহবোৰ
চাই চাই কলিয়া বুঢ়া ভাবসাগৰত ডুব যায়৷ বেপাৰীৰ দেশপ্ৰেম চাগৈ এই কুমাৰণী মাটিবোৰৰ দৰেই৷
বাহিৰৰ পৰা আকাৰতহে বৰ পিছে প্ৰয়োজনত মূল্যহীন৷ তেওঁ চাটি ফুটি কৰি উঠি আহি খৰ খোজেৰে
শালনিখন এপাক দি প্ৰতিজোপা শালত আঙুলি বুলাই
যায়৷ গা গছৰ শুকান বাকলিবোৰ স্পৰ্শ কৰে৷ সেয়া যেন
মৰাণ বুঢ়াৰ নিশাহৰ আৱৰণ, হাত পৰিলেই
কলিয়া আশ্বস্ত হ’ব পাৰে৷ আৱৰণৰ ভিতৰত যে তৰপে তৰপে পৃথক কোষ-কলাতো বৈ থাকে শালৰ কঠিনত্ব৷
- অফক্লাছ থাকেনে বোলাতকৈ ক্লাছ হৈছেনে বুলিহে
সুধিবা ককা৷ এপষেক মানেই হ’ল পঢ়া-শুনা ধোৱাচাঙত উঠা৷ চাৰিওপিনে হৈ হাল্লা৷ -
অন্যদিনতকৈ পলমকৈ ফোপাই জোপাই ঘৰ সোমাই
শুকান মুখ আৰু অস্থিৰ চকুহাল লৈ শ্যাম কালি ককাকৰ কাষত বহিছিলহি৷ গহীন শালগছৰ ফাঁকে ফাঁকে উৰি ওপৰমূৱা হোৱা জুইকুৰাৰ ধোঁৱাই দূৰলৈ
বিয়পাইছিল শ্যামে মহানগৰীৰ পৰা কঢ়িয়াই অনা জাতিধ্বংসী বিধেয়কখনৰ বিপক্ষে ৰাজ্যজুৰি
গৰজি উঠা উত্তাল প্ৰতিবাদী সুৰবোৰ৷ ৰণদুন্দূভি যেন অন্য এক শৰাইঘাটৰ ৰণৰ৷ কলিয়াই হুমুনিয়াহ
কাঢ়ে৷ মৰাণ বুঢ়াই চন্দন কাঠত জ্বলোৱা সেই লাওখোলাটো কলীয়াই নিজহাতে বুটলিছিল, তেনে অজান অলেখ লাওখোলাৰ
গৰাকী অসমীয়াৰ বীৰগাঁথা সামৰি লোৱা এইখন ভূমিত অনেকৰ অনেক ত্যাগৰ পিছতো জাতি আৰু ভেটি
ৰক্ষা নহ’ল নেকি! এইখন যুঁজলৈ আকৌ মাৰ বান্ধি ওলাব লাগিব নেকি বালিচুঙাসম অগণন প্ৰজা? সাজিয়েই থাকিব লাগিব নেকি দুয়োখন আগঠেং ওপৰলৈ দাঙি
থকা ঘোঁৰাৰ পিঠিত বহা অসমীয়া সৈন্যৰ প্ৰতিমূৰ্ত্তি?
কলীয়া আৰু শ্যামৰ
বুকুৰ কঁপনিয়ে শালনি কঁপাই তুলিলে৷ ডালপাত মৰমৰাই ময়ো শিহৰিত হৈ উঠিলোঁ৷
-ক’ৰ পৰা কেনি আহিল শনাহি শত্ৰুৰ দল?
সুৰুঙা ক’ত বা ৰ’ল!
কলীয়া আৰু শ্যামৰ
তপত উশাহ নিশাহ আৰু হতাশাবোৰ সামৰি সেইনিশা ময়ো বিনিদ্ৰ হৈ ৰ’লো৷ কাহিলিপুৱা মোৰ প্ৰথমজাক
কোমল বতাহতে শ্যাম পঢ়াশলীয়া চোলা পেণ্ট পিন্ধি ওলাল৷
নপঢ়ুৱাই যেতিয়া গৈ নো কি কৰিবি৷ ঘৰতে
থাক আজি৷ - কওঁ বুলিও কলিয়াই শ্যামক নক’লে৷ কেনেকৈনো কয়৷ মৰাণ বুঢ়াৰ নাতি কলীয়া, যাৰ
পিতাকে শৰাইঘাটৰ ৰণত জাতি ৰক্ষাৰ যুঁজত প্ৰাণ দিছিল৷ সেই কলীয়াৰে নাতি শ্যাম৷ পূৰ্বজৰ
পৰা সিৰাই সিৰাই প্ৰৱাহিত জাতীয়তাবাদ লৈ ওপজা ল’ৰাটো ওলাই নাযাব কিয়? লাচিতৰ দেশৰ ডেকা
যুঁজলৈ নাযাব কিয়! যাওক আৰু জিকি আহক৷ এইবাৰটো সমুখ সমৰত অচিন শত্ৰুও নাই৷ বুজা বুজি,
আলোচনাৰেই সকলো ঠিক কৰিব পাৰিব৷
আজি ৰাজভৱনৰ সন্মুখত
ৰাইজ একেলগ হৈ বিধেয়কখন বিৰোধিতা কৰিব৷কোট পিন্ধা-নিপিন্ধা,গান গোৱা-নোগোৱা,কলম ধৰা-নধৰা,কৃষি
কৰা-নকৰা সকলো একেলগ হ’ব৷এক হ’ব কন্ঠ-এই বিধেয়ক আমি নামানো৷এই মাটি কেৱল আমাৰ৷
শ্যামক পঠাই কলিয়া ককাই ডাঠ বুকুৰে বাট চালে
দিনান্তলৈ৷
***
মোৰ নাতি-পুতি শাল
পুলিবোৰৰ সৈতে উমলি জামলি মধ্যাহ্ন পাৰ কৰিলোঁ৷ শালফুল ফুলা ঋতুৱে পৰিবৰ্তনৰ বতৰা অনা
লোকবিশ্বাসৰ কথাটো শিকালোঁ৷ শালনি চিকুণাই থকাৰ পৰা মাজে মাজে বাটলৈ ডিঙি মেলি নাতিলৈ
বাটচোৱা কলিয়াকো নিৰীক্ষণ কৰি থাকিলোঁ৷ এপাকত অথিৰ-অবিৰ মনটোৰে আটাইকেইজোপা শালৰ সৈতে
আলোচনা কৰি শ্যামক বিচাৰি বতাহ এজাক হৈ সোঁ সোঁৱাই নামি আহিলোঁ মহানগৰীলৈ৷
আৰক্ষীৰ আক্ৰমণ,
আৰ্তজনৰ ক্ৰন্দন, কন্দুৱা গেছৰ মাজতো প্ৰতিবাদী কণ্ঠবোৰত সজীৱ হৈ আছে-
‘জীৱন থকালৈকে জাতি ধ্বংসী বিধেয়ক আমি নামানো’৷
নায়কে ভীমৰ ভাও দিলে৷গায়কে সপ্তসুৰেৰে বিৰোধ কৰিলে৷মহানগৰীৰ কংক্ৰীট ফালি কৃষকে কৃষিত
ধৰিলে৷সকলোবোৰ পন্থা ল’লে বিধেয়কখনৰ বিপক্ষে৷
নামানো… নামানো …নামানো
অহি-নকুলৰ সংঘবদ্ধ আষ্ফালনত ৰাজধানীৰ আকাশ বতাহ কঁপে৷
লানি নিচিগা জনতাৰ
সমদলক বিপক্ষই সষ্টম সেনাবল আৰু বিকল ইণ্টাৰনেটৰ ব্যেহুত বন্দী কৰিলে৷ পিছে শতৰুনো
কোন? -মোৰ চিনিবলৈকে দিগদাৰ হ’ল৷ মুখবোৰ দেখোন আপোন আপোন ঘৰৰ মানুহৰ৷ পিছে অচিনৰ দৰে
আচৰণ৷ কিন্তু কি আচৰিত! অকস্মাতে বাঢ়ি আহিল
সেই পৰৰ মহল৷ ফটা কাগজ উৰা বতাহ এচাটি কেনিনো আহি খেনোৰ গালে মুখে লাগিলে৷ হিতাধিকাৰ
হেৰুৱাৰ ভয়ত ততালিকে ফৰিং চিটিকা দিলে৷ খেনোৱে চেগবুজি কোট চোলা খুলি থ’লে৷ চকু মুখ
জপাই পিন্ধি ল’লে ‘মকৰামানৱ’ৰ সাজ আৰু পাৰে মানে বগাই থাকিল৷
ক্ৰমে বাঢ়ি আহিল
দুয়োপক্ষৰ হাই উৰুমি৷ জাতি ৰক্ষাৰ এইখনেই শেষ যুঁজ বুলি বাহিৰে ভিতৰে একে চামে জ্যেষ্ঠৰ
পৰা কনিষ্ঠলৈ সকলো উঠি আহিল৷ পঢ়াশলীয়া চোলা পিন্ধা ,সত্যক আপোছ কৰিবলৈ নিশিকা আৰু ছদ্মৱেশ
ল’ব নজনা এই ৰণৰ পেন্দুকনামখা যেন গুৰিপৰুৱাৰ লানিহে৷
বিৰোধীক বিৰুধিতা
কৰি বতাহো সৰকিব নোৱৰা ৰাজপথৰ আকাশত কাণতাল মাৰি যোৱাকৈ গৰজি উঠিল ৰজাঘৰীয়া অস্ত্ৰ
- ধি চ কি য়া ও৷
কেই লহমাৰ পিছত ছাত্ৰগণে
গগণ ফালি চিঞৰিলে-চেম, চেম, চেম৷ তই আমাক এৰি কিয় গুচি গ’লি? কি দোষ আছিল তোৰ?…কি দোষ
আমাৰ?
মৃত্যুৰ নীৰৱতাক
লগত লৈ মই সোঁ সোঁৱাই শালনিলৈ ওভতনি যাত্ৰা কৰোঁ৷ কি ক’মগৈ শ্যামৰ ককাক কলিয়াক? কি
ক’মগৈ মৰাণ বুঢ়াৰ স্পৰ্শ থকা শালনিখনক? -শালগছৰ
শুকান বাকলিৰ তলতো শাল গছৰেই শাহ থকাৰ দৰে মানুহৰ মনৰ ভিতৰখন যে একমাত্ৰিক নহয়!
কলিয়াক সঠিককৈ একো
বুজাব নোৱাৰিলেও শাল পুলিবোৰক এটা কথা মই বুজাবগৈ লাগিব৷ পূৰ্বৰ পৰা এতিয়ালৈ থকা আমাৰ
স্বকীয়তা যেন কোনো ঋতুতেই সলনি নহওক৷ নতুন দিনবোৰতো নতুন শাল পুলিবোৰে ধৰি ৰাখক সেই
স্বকীয়তা আৰু লোহা সম শক্তিৰে আকাশ ধিয়াই থিয়
দি ৰওক৷ শালনিবোৰত অনাদি অনন্ত কাললৈ বাজি থাকক শালবনৰ নিজা সুৰ ‘বাদুংদুপ্পা বাদুংদুপ্পা’৷
দূৰৈত সৌৱা কলিয়া৷ শান্ত এযুৰি চকু আৰু প্ৰত্যয়ভৰা
মুখমণ্ডল লৈ কুমলীয়া শাল পুলি এটাৰ গাত ভেজা দি ৰৈ আছে৷ মোৰ বুকু চমচমালে-কেনেকৈ তেওঁৰ
মুখামুখী হ’মগৈ ? নিজৰ সুৰক্ষাৰ প্ৰতি কিমান
আত্মবিশ্বাস থাকিলে তেনেদৰে বাট চাব পাৰে শ্যামলৈ? শ্যামে অনা ভেটিৰক্ষাৰ খবৰলৈ৷ তেওঁৰ
দুচকুৰ পৰা মই চকুযোৰ নমাই আনিলোঁ৷ শালপুলিটোলৈ চালোঁ৷ মোৰ ঢুলু ঢুলু দুচকুত লাহে লাহে
যেন স্পষ্ট হ’ব ধৰিলে শ্যামৰ সপ্ৰতীভ মুখমণ্ডল৷ কেৱল তাতে নহয়, নতুন আটাইকেইটা শালপুলিৰ
গা গছত যেন দৃশ্যমান হৈ উঠিছে অগণন শ্যামৰ মুখ৷ লগতে এয়া মই কি দেখিছোঁ-প্ৰতিটো পুলিতে
ওলমা বাদুলি দি আছে মুকুট পিন্ধা, পিন্ধিবলৈ খাপ পিতি থকা আৰু পিন্ধাজনৰ সোঁৱে বাঁৱে
থকা অগণন তলে-পুতল মুখ৷
***