অন্যযুগ/


লিটমাছত লিখা এখন দিনলিপি

 মুনমী দত্ত হাজৰিকা


 

   : এণ্ড দ্য এৱাৰ্ড গ’জ টু…নাটু নাটু…

  সপ্ৰতিভ ব্যক্তিত্বৰে তেওঁ ডাইচলৈ আহিল৷ উজ্জ্বল চকুৰে সকলোলৈকে দৃষ্টি নিক্ষেপ কৰিলে৷ এনে লাগিল তেওঁ যেন এই সময়ত প্ৰেক্ষাগৃহত উপস্থিত থকা সকলোৰে বহুদিনীয়া চিনাকি৷

   কি কয় বা!

   মোবাইলৰ এৱাৰ্ড ফাংচনৰ ভিডিঅ’টো পজ কৰি পল্লৱ চকীখনত পোন হৈ বহিল৷

   : এইখন জিলা মোৰ কেৱল কৰ্মভূমিয়েই নহয়, মোৰ অন্যতম প্ৰিয় ঠাই৷ সেয়ে এইখন ঠাইক লৈ মোৰ বহুত সপোন আছে৷ আপোনালোকৰ মাজলৈ আহিবলৈ পাই মই নিজকে অতি ভাগ্যৱান বুলি ভাবিছোঁ৷ মই এই জিলাখনলৈ উন্নতিৰ নতুন জোৱাৰ আনিব খোজোঁ৷ মাথোঁ মোক আপোনালোকৰ সহযোগিতা লাগিব৷

 শ্ৰোতা-দৰ্শকৰ উল্লাসত তেওঁ খন্তেক ৰয়৷

 নৱগঠিত জিলাখনৰ তেওঁ জিলাধিপতি৷ সেয়ে জিলাবাসীৰ তেওঁৰ প্ৰতি আগ্ৰহ আৰু আদৰ বেছি৷ ইখনৰ পাছত সিখনকৈ সভাবোৰত ৰাইজে আদৰণি জনাই দিয়া গামোছা, ফুলৰ থোপা, সফুঁৰা, হাতীদাঁতৰ বিচনী আদি সাদৰেৰে গ্ৰহণ কৰি হাঁহিমুখেৰে তেওঁ কথাখিনি কৈ যায়৷ 

  তেওঁৰ সাৱলীল বক্তৃতাত মুগ্ধ হৈ শ্ৰোতা-দৰ্শকে মুকলিকৈ আনন্দ প্ৰকাশ কৰে-

 : ছাৰে কথাবোৰ অন্তৰৰপৰাই কৈছে৷ এইবাৰ চাবা, আমাৰ জিলাখন দোপত দোপে ওপৰলৈ উঠিব৷ এতিয়া আৰু ফাইল লৈ আগৰ দৰে দূৰৈৰ অফিচলৈ দৌৰি ফুৰিব নালাগে৷ সকলো কাম ইয়াতেই হ’ব৷ 

 তেওঁ পুনৰ হিয়া উজাৰি কথা কয়৷ উদ্ভাৱিকা শক্তিৰ কথা৷ যুবচামৰ দক্ষতা বিকাশৰ কথা৷ প্ৰশিক্ষণৰ কথা৷ অতপৰে থিয় দি শুনি থকা যতীনে হাতৰ টিপত থকা এচিকুট চাধা মুখত ভৰাই খালী হৈ থকা চকী এখনত বহি বাকীখিনি শুনে৷

: আপোনালোকৰ বহুতেই গীতাত কৰ্মযোগৰ কথা পঢ়িছেই৷ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কি কৈছিল? …

যস্ত্বিন্দ্ৰিয়াণি মনসা নিয়ম্যাৰভতেঅৰ্জুন! ৷

কম্মেন্দ্ৰিয়ৈঃ কৰ্মযোগমসক্তঃ স ৱিশ্যিষ্যতে৷ ৷ …

হয়নে? মই সঠিককৈ মনত পেলাব পাৰিছোঁনে বাৰু? আপোনালোক জ্যেষ্ঠসকলে মোতকৈ ভালকৈ কব পাৰিব৷ নহয়নে? মই কাম ভালপোৱা মানুহ৷ সেয়ে আপোনালোক সকলোকে সৰু-বৰ যি যেনেকৈ মিলে কাম কৰা দেখিলে মই অতিকৈ সুখী হ’ম৷”

কাম কৰাৰ সুযোগসমূহ ব্যাখ্যা কৰি, যুৱচামক কৰ্মস্পৃহা অটুট ৰাখিবলৈ তেওঁ পৰামৰ্শ দিলে৷ উপযুক্ত বজাৰ একোখন গঢ়িবলৈ প্ৰয়োজন হোৱা কৌশলৰ কথাও দোহাৰিলে৷ পৰিশ্ৰমীজনক উৎসাহ যোগাই পৰম সন্তুষ্টিৰে তেওঁ চমু অথচ সাৰুৱা ভাষণ সামৰিলে৷

পৰৱৰ্তী কাৰ্যসূচী চলি থকাৰ সময়ত পল্লৱে কথাবোৰ ভাবি থাকিল, নতুন ডিচি অফিচ, বাংলোকে ধৰি কনষ্ট্ৰাক্‌শ্বনৰ বহুত কাম ওলাব৷ যোৱাবাৰৰ সৰিয়হকেইটা বেচি পোৱাকেইটা এটকাও ইফাল সিফাল নোহোৱাকৈ আছে৷ মালাই গম নোপোৱাকৈ সেইকেইটা লৈ লগতে কিবা এটা ভেজনি দি নতুন কাম এটা পাৰিলে ল’ব৷ তেতিয়া সৰহকৈ দুটকামান ওলালে ঘৰৰ চোতালৰ কাষৰ পুখুৰীটো পুতিব পাৰিব৷ এইবাৰত চোতালখন আহল বহল কৰি ল’ব পাৰিলে অহা বছৰলৈ দুটা ৰূম সাজি দিব পাৰিলে ভাৰাতীয়া ওলাব!

জিলাবাসীৰ মন আনন্দেৰে ভৰি পৰে৷ চহী এটাৰ বাবে দুঘণ্টীয়া ফেৰী যাত্ৰা কৰি সিপাৰৰ জিলা সদৰলৈ যোৱা কষ্টৰ দিন যে ওকলিল! নৈ পৰীয়া অঞ্চল যদিও জন বসতি ঘন৷ লাখৰ ঘৰ কাহানিবাই চুলে৷ কাহানিবাই জিলা হ’ব লাগিছিল৷ এইবাৰ যেনিবা পদুমৰ চকৰীত ৰাইজৰ ভাগ্যৰ চকৰীও ঘূৰিল৷ মহকুমা গুচি জিলা হ’ল৷

: দেখিলা, ফুলে কলি মেলিছিলহে, কপাল ফুলিল৷ যিমান দিনলৈ ফুলিব, গোটেইখন জকমকাই থাকিব৷

- এয়া ফুলনিবাসীৰ মনৰ কথা৷

ফুলনিৰ বাহিৰৰ দুই একে বেকেটামুৱা হাঁহি মাৰে৷ সময়ৰ শৰ মৰা বিদ্যাত পাকৈতসকলে নিজ নিজ পদূলিবোৰত, আলিমূৰৰ কেৰম খেলত, শ্বেখৰ দোকানৰ বাঁহৰ বেঞ্চত বহি জোৰে জোখাৰে সেই হাঁহিৰ প্ৰত্যুত্তৰ দিয়ে৷

 এইবাৰ আবতৰীয়া বৰষুণ এজাকত আগতীয়া শীত নামে৷

থৰক বৰক হাতেৰে খৰি লুৰি ফুৰা কেও-কিছু নোহোৱা তিনিমূৰীয়া বগীআইতাৰ বাহিৰে যেন বাকী কোনোৱে বেয়া নাপায়৷

বৰষুণজাকেহে ধূলি সামৰি বাটে-ঘাটে ওলোৱা সুচল কৰিলে৷ মুকলি মনেৰে মানুহবোৰে কামত ধৰে৷ এখন পূৰ্ণাংগ জিলাৰ সচেতন বাসিন্দা হোৱাৰ সুবাদত নিজক সদাব্যস্ত কৰি তোলে৷

পুহৰ ভাটিবেলা শীতৰ বন্ধত ফুৰিবলৈ অহা জী নাতি দুটাক জুহালৰ কাষত বহুৱাই কাষতে বহি গাঁওবুঢ়াই বত্ৰিছ পুতলাৰ সাধু কয়৷ ৰজা বিক্ৰমাদিত্যক সিংহাসনত বহাৰ পূৰ্বে বত্ৰিশটা পুতলাই কোৱা বত্ৰিছটা গুণৰ কাহিনীবোৰৰ ভিতৰত ভালকৈ মনত থকা পৰোপকাৰৰ কাহিনীটোকে আৰম্ভ কৰে৷ কাহিনীয়ে গতি লওঁতেই ডাঙৰটিয়ে মনৰ খুদুৱনি আঁতৰাবলৈ প্ৰশ্ন এটি সোধে-

 : ককা, সিংহাসন মানে কি?

মহানগৰৰ বাৰশ বৰ্গফুটৰ আবাসত থকা, দিনটোৰ বাৰ-তেৰঘণ্টামান আইৰ মুখৰ ভাষা শুনিবলৈ নোপোৱাকৈ থকা, স্কুল-মেথ্‌ছ অলিম্পিক-পেপা পিগ আদিত ব্যস্ত থকা নাতিহঁতক সিংহাসনৰ কথা বুজাবলৈ ককাকে সহজ ব্যাখ্যা কৰে-

: আমাৰ যেনেকে বৰজন ছাৰৰ চকীখন…৷

জুহালত চুবুৰীয়া দুজনমানো গোট খায়হি৷ কেটলিত পানী বকবকাই উতলে৷ বতাহত নাৰ্জী ফুলৰ গোন্ধ উৰি আহে৷ ৰঙাচাহ অহাৰ আগে আগে সাধুটোলৈ জিলাধিপতি সোমাই আহে৷ সকলোৱে ভিন ভিন ব্যাখ্যা দিয়ে৷ শেষলৈ আড্ডাটোত বিক্ৰমাদিত্যৰ ঠাইকণ বৰজন ছাৰে সম্পূৰ্ণকৈ লৈ লয়৷ গাঁওবুঢ়াৰ যাবতীয় দায়িত্ব নিজৰ স্মাৰ্ট, শিক্ষিত পুত্ৰক বিধিগতভাবে চমজাই আজৰি হৈ থকা প্ৰাক্তন গাঁওবুঢ়া তেওঁলোকৰ সৈতে দীঘলীয়া আলোচনাত বহে-

 : হওঁতে আমাৰ বহুদিনীয়া অভাৱ এটা পূৰ হ’ল কিন্তু৷ জিলাধিপতিৰ চকীখন আমাক কাহানিবাই লাগিছিল৷ এতিয়া এই চকীখনে আমাৰ বহুত সমস্যা ওৰ পেলাই দিনবোৰ সহজ কৰি আনিব৷

 : এৰা, এই চকীখন আমাৰ অতিকৈ হেঁপাহৰ৷ বৰ শ্ৰদ্ধাৰ৷ তাতোকৈ সুখৰ কথা যে এগৰাকী অভিজ্ঞ বিষয়াই অতি আন্তৰিকতাৰে নতুন জিলাখনৰ বাঘজৰী হাতত লৈছে৷ জিলাবাসীৰ সপোনবোৰ কঁহকঁহীয়া হৈছে৷

জিলাসদৰৰ পৰা নপমুৱালৈ, ধুনাগুৰিৰ পৰা ধোদাঙলৈ ৰাইজ উৎসাহিত হয়৷ এতিয়া লাহে লাহে অফিচবোৰ ইয়াতে বহিব৷ চাকৰি কৰাসকলৰতো ভাল হ’বই, চাকৰি কৰিবলৈ নোপোৱা ল’ৰাহঁতেও নৱনিৰ্মিত বাট-পথ, বিল্ডিং আদিত সৰু সুৰাকৈ হ’লেও ঠিকা-ঠুকলি কৰিব পাৰিব৷ দোকান-বজাৰ চলিব৷ সকলোৱে কিবা নহয় কিবা উপাৰ্জনৰ পথ ওলাব৷ ৷ মানুহবোৰৰ মুখবোৰ পোহৰ হয়৷

দিনটো স্কুল, কলেজ, অফিচ-কাছাৰীত কৰ্মব্যস্ততাৰ জোৱাৰ উঠে৷ ছাৰে সঘনে সকলোবোৰ বিভাগত ছাডেন ভিজিট দিয়ে৷ আগৰদৰে ডেৰ বজাত গৈ পাঁচবজাত ঘৰমুৱা হোৱা কৰ্মচাৰীসকলে বহু কষ্ট কৰি নিজক সলনি কৰে৷ সপ্তাহত এদিন একপ্লেট কণী দুশ ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিয়া কিছুমান স্কুলৰ মধ্যাহ্ণ ভোজনৰ ভাতসাঁজলৈও ৰস পম আহে৷ নতুন চিকিৎসকসকলে জইন কৰিয়ে আগৰদৰে চিভিল নেৰে৷ ফায়াৰ বিগ্ৰেডৰ ৰঙা গাড়ী, এম্বুলেঞ্চবোৰ খবৰ কৰিলে দেৰি হলেও বিমুখ হ’ব নালাগে৷ অট’ৰিক্সা, ই-ৰিক্সাৰ সংখ্যা বাঢ়ে৷ কিছুমান পনিয়লী ঘৰক তিনিখনলৈকে ছাদেৰে গহীন হৈ থকা ঘৰবোৰে ‘ৰিপ্লেচ’ কৰে৷ আগতে সৰিয়হ ফুলা ঠাইখনত বেলিফুলেও কলি মেলে৷ জিলাখনৰ শিমলু তুলা উৰি ফুৰা আকাশখন মেলাৰ বেলুনবোৰৰ দৰেই ৰঙীন হ’বলৈ ধৰে৷

মেলাৰ বেলুন নে?

নহয়, হেজাৰ বিজাৰ মাটিকমলাৰে ভৰা মাটিডৰাৰ দৰেহে৷ সৰু, সাধাৰণ অথচ টিকটিকিয়া ৰঙা, স্বাদযুক্ত গৰুখিচবোৰ নতুনকৈ সুলভ হ’ব ধৰা সৰু সৰু সপোনবোৰ অতদিনে কঢ়িওৱা জিলাবাসীৰ মনবোৰৰ দৰে৷

পুৰণি আলিবাটবোৰৰ খলা-বমাবোৰ কমে৷ আগতে আহি নোপোৱা মানুহবোৰ এতিয়া ইয়ালৈ ঘনাই ফুৰিবলৈ আহে৷ দক্ষিণপাৰৰপৰা আহে সাউদৰ নাও৷ তাত সাউদে পেৰা ভৰাই সপোন আনে৷ লগত আনে হিচাপৰ খাটা৷ খাটাত পাতি অনা সিপাৰৰ অংক নতুন জিলাৰ মাটিত পাতে৷ উত্তৰ সহজে ওলায়৷

নোলাবনো কিয়? এতিয়াতো এই মাটি ঘোকোট হাবিতলী নহয়৷ এয়া তেওঁলোকৰ নতুন সম্পত্তি-লক্ষ্মীৰ বসতি৷ অনাদৃত ঝাউতলী পথাৰে অথবা ঔডুবিপাৰে নতুন পৰিচয় সাৱটি একোটা গন্তব্যস্থল হৈ পৰে৷ যাৰ কাষলৈ নতুন আলিবাটবোৰে বিনাদ্বিধাই বাট লয়৷ ঔডুবিপাৰৰ হাজাৰটা দোকমোকালি বেলি উদয়ৰ পাছত এতিয়াৰ ‘ছানৰাইজ’ তুলনাবিহীন হৈ উঠে৷ ঝাউতলিৰ ‘স্কাই ডাইভিঙে’ এতিয়া কাকনো হাত বাউলি নামাতে? সকলোবোৰ সম্ভব হৈ পৰে কেৱল এখন চকীৰ সংযুক্তিত৷

দুয়োপাৰৰ ফেৰীঘাটত আলু, পিঁয়াজ, ৰড, চিমেণ্টৰেৰে ভৰ্তি ফেৰীৰ সংখ্যা আগতকৈ বাঢ়ে৷ মাল কঢ়িওৱা গাড়ী, মানুহ কঢ়িওৱা গাড়ীও বাঢ়ে৷ পিছে যোগান বাঢ়িলেও চাহিদা নকমাৰ নতুন নীতি আৰু পৰিৱেশ এটা সৃষ্টি হৈ যান-বাহনৰ ভাড়াবোৰ দুগুণ পৰ্যন্ত উঠে৷ একেটা আলিবাট, একেটা দিশ, একেটা দূৰত্বই বিশেষ চিনাকি বহন কৰি মূল্যবান হৈ উঠে৷ বিশেষ প্ৰতিবাদ নোহোৱাকৈ মানুহবোৰে পৰিস্থিতিৰ সৈতে খাপ খাবলৈ যত্ন কৰে৷ এই যত্নটোতো এটা ভাললগা বোধ থাকে৷ মানুহে বুজে-এইঠাইৰ গুৰুত্ব আগতকৈ বহুগুণে বাঢ়িল যেতিয়া ভাড়া এগুণ নাবাঢ়িবনো কিয়?

সন্ধ্যাৰ ভাগত নতুন সৰু টাউনখনত শাৰী শাৰী নিয়ন লাইট জ্বলে৷ ছাৰ বহা কাৰ্যালয়ৰ প্ৰাংগন আৰু দাঁতিকাষৰীয়া বাট -পথবোৰৰ শৃংখলাবদ্ধ ৰূপত জেউতি চৰে৷ সদাব্যস্ত চৌহদটো এইসময়ত সপ্তাহৰ এদিন বিভিন্ন অৰাজনৈতিক দল- সংগঠনৰ, বিভিন্ন পেচাৰ ব্যক্তিসকলৰ উপস্থিতিত অধিক সৰব হৈ পৰে৷ এইখিনি সময়ত ছাৰে জিলাখনৰ দল-সংগঠন সমূহৰ বিভিন্ন বিষয়বাবত থকা আৰু আগৰণুৱা ব্যক্তিসকলৰ সৈতে পূৰ্বৰ বিভিন্ন সমস্যা আৰু সমাধান সম্পৰ্কীয় গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়৷ জ্যেষ্ঠকেইজনৰ পৰা পৰামৰ্শ লয়৷ তাৰ বাবে আবেলিৰে পৰা ব্যক্তিসকলে কাৰ্যালয়ৰ নিৰ্দিষ্ট ঠাইত অপেক্ষা কৰেহি৷ ছাৰ নিজৰ কোঠাত অন্য কামত ব্যস্ত থকাৰ সময়ত বাহিৰৰ অত্যাধুনিক বাৰাণ্ডাখনতে সকলো বহি বাট চায়৷

কুঞ্জলতা ফুল মেৰিয়াই থোৱা বাৰাণ্ডাৰ খুটা এটাৰ এইপাৰে পল্লৱহঁতো বহে৷ লগত অনুজ আৰু যতীন৷ সিহঁত পিছে আলোচনাত ভাগ লবলৈ বা পৰামৰ্শ দিবলৈ অহা সকলৰ লগৰ নহয়৷ সিহঁতকেইটাই আলোচনাৰ পাছতহে সুকীয়াকৈ ছাৰৰ কোঠাত সোমাব৷ সিহঁতৰ কাগজ-পত্ৰত ছাৰৰ এটা চহী আছে৷ সেইটো কামতহে পল্লৱহঁতে ছাৰলৈ বাট চায়৷

বাৰাণ্ডাৰ শাৰী পতা চকীত বহি মানুহবোৰে সৰু সৰুকৈ কথা বতৰা পাতি আছে৷ অনুজে ছাত্ৰ পৰিষদৰ বিদ্যুৎ দাক ফ্লিপকাৰ্টৰ হোলী উপলক্ষে দিয়া চেলত বস্তু পচন্দ কৰাত সহায় কৰি দিছে৷ সাংবাদিক সন্থাৰ বৰাদাই কোনোবা এজনক নিজৰ নতুন গাড়ীখনলৈ বেবী ছিটাৰ কিনিবলৈ থকাৰ কথা কৈ আছে৷ জ্যেষ্ঠ নাগৰিকৰ আলোচনালৈ অহা গোস্বামীখুৰাই নতুনকৈ তিনিআলিত বহা অত্যাধুনিক ফিজিঅ’থেৰাপি চেণ্টাৰটো খৰচী যদিও ভাল বুলি কৈছে৷ দুশাৰীকৈ বহা মানুহৰ মাজেদিয়ে হাতত ফাইললৈ সেইটো অফিচৰে দুজনমান কৰ্মচাৰী ছাৰৰ কোঠালৈ খৰ খোজেৰে অহা-যোৱা কৰি আছে৷

ৰাস্তাৰ সিপাৰৰ দক্ষিণমুৱাকৈ আৰম্ভ হোৱা পেৰাভাৰী গাঁৱৰ সন্মুখভাগত থকা পিতনিখন হেলিপৰ্ট হ’বলৈ যো জা চলিছে৷ গাওঁখনৰ নামটোও সলনি হৈ ‘পদুম নগৰ’ হোৱাৰ পথত৷ এই গাঁৱৰে নৱ কেৰাণীৰ পুতেক ৰাজকমল এতিয়া এইটো অফিচৰে কৰ্মচাৰী৷ সি যতীনক দেখি মাতষাৰ লগাই থাপতে খবৰটো দিলে৷

 : পৰিৱেশটো কিন্তু বৰ চকুত লগা হৈ পৰিব দেই৷ -যতীনৰ প্ৰত্যুত্তৰলৈ বাট নাচাই ৰাজকমলে নিজে কথাষাৰ কৈ খৰখেদাকৈ ৰূম এটালৈ সোমাই গ’ল৷

বাৰাণ্ডাৰ শাৰীৰ শেষলৈ মণিমাধৱ বৰুৱাকে ধৰি কেইবাজনেও সৰু সৰুকৈ কিবা এটা আলোচনা কৰিছে৷ বিষয় ট্ৰেক্টৰ চালকৰ দৌৰাত্ম্য৷ মণিমাধৱ বৰুৱাৰ শালপতি এগৰাকীক কেইদিনমান আগৰ দুপৰীয়া এটাত ট্ৰেক্টৰ চালকে পিছফালৰ পৰা খুন্দিয়াই পেলাই থৈ যোৱা আৰু ইয়াৰ চিভিলত চিকিৎসক থাকিও অস্ত্ৰোপছাৰ আৰু ব্লাড বেংকৰ সুবিধা নথকাত ৰাতি আঢ়ৈ বজাত ডিব্ৰুগড় মেডিকেললৈ নিয়াৰ কথাটোৰে আৰম্ভ হৈ ক্ৰমে ঠেক হৈ পৰা বাট-পথবোৰলৈকে সামৰি আলোচনাটো কিছু সময় চলি আছে৷ মাজে মাজে অহা ফোনবোৰে কিছু ব্যাঘাত কৰিছে যদিও আলোচনাটো গভীৰ হৈ আছে৷

 “গিভ মি ছাম ছানছাইন, গিভ মি ছাম ৰেইন…” গাই  পল্লৱৰো ফোনটো বাজি উঠিল৷ মালাৰ ফোন৷ ৰিভিচ নকৰাকৈ সি বাৰাণ্ডাৰ কাষৰ খটখটীৰে ওপৰৰ মুকলি ঠাইখিনি পালেহি৷ ইয়াৰপৰা ক্ৰমে নতুন ৰূপত মূৰ দাঙি উঠিব ধৰা জিলাখন ঘূৰণীয়াকৈ বহুদূৰলৈ দেখি৷

দূৰৈৰ মুকলি পথাৰখনত জাবৰ পোৰা জুই কেইবাকুৰাও ফটফটীয়াকৈ জ্বলি আছে৷ এচমকা পোহৰৰ ওপৰত ক’লা ধোঁৱাবোৰে ছানি ধৰিছে৷ তাত থকা বহু পুৰণি শিমলুজোপাত এতিয়া আগৰদৰে শামুকভঙা চৰাইৰ বাহবোৰ নাই৷

পল্লৱে ফোনটো ৰিচিভ কৰিলে৷

 কোৱা- সহজাত প্ৰত্যয়ভৰা কণ্ঠৰে মালাক উদ্দেশ্যি সি ক’লে৷

: কাম হৈছেনে?

: আৰু কিমান দেৰি ৰ’ব লাগিব?

: জীয়মানুৰ স্কুলৰ পৰা চিঠি আহিছে৷ বছৰেকীয়া ফীজটো কমপ্লিট নকৰিলে পৰীক্ষাত বহিবলৈ নিদিয়ে হেনো৷

: আৰু কেইদিন আছে পৰীক্ষালৈ?

মালাই তিনিশাৰী কৈ অটোৱাৰ পাছত পল্লৱে সুধিলে৷

একৈছ মাৰ্চ, সোমবাৰৰ পৰা৷ তোমাক কৈছিলোঁ দেখোন৷ পাঁচদিন আছে মাত্ৰ৷

: হৈ যাব ৰ’বা৷ চিন্তা নকৰিবা৷ এতিয়া তাইক অলপ পঢ়ুওৱাচোন৷

 : পঢ়ুৱাম৷ ডাঞ্চ ক্লাছৰ পৰা আহি পাইছেহে৷ অলপ ৰব দিছোঁ৷ অ’ শুনা, আজি ক্লাছত তাই বহুত ভালকৈ নাচিব পাৰিছে৷ মাটি আখৰাকেইটা অলপো মিছ হোৱা নাই৷ মই ভিডিঅ’ কৰি আনিছোঁ৷ তোমালৈ পঠাইছোঁ৷ চোৱাচোন৷

 মালাই ডিছকানেক্ট কৰা ফোনটো হাততে লৈ পল্লৱে হিচাপটো কৰিলে৷ আজি চহীটো হৈ যাব যেতিয়া পৰহিলৈ পইছাটো তাৰ হাতত পৰিব৷ বিছ তাৰিখলৈ সি ধুনীয়াকৈ স্কুলৰ বছৰেকীয়া ফীজটো দিব পাৰিব৷ যোৱাবাৰৰ এডমিশ্বনৰ পইছা দি নহ’লেই, এপ্ৰিল পালেহিয়েই দেখোন৷ আকৌ নতুন এডমিশ্বন, নতুন কিতাপ-বহী৷ জোৰা টাপলিৰেই এক নতুন আৰম্ভণি৷

ৰাস্তাটো অকস্মাতে গাড়ী-বাইকৰ হৰ্নৰ শব্দত কৰ্কশ হৈ পল্লৱৰ মনোযোগ কাঢ়িলে৷ ইয়াৰ পৰা ওলাই যোৱা ফুলনিবাসী দত্তদা আৰু সিফালৰ পৰা আহি থকা একে ফুলনিৰে শইকীয়াদাই নিজৰ চাৰিচকীয়া দুখন ৰাস্তাটোত সমানে সমানে ৰাখি এখন্তেক কথা পাতিছিল হ’বলা৷ ঠেক ৰাস্তাটো প্ৰায় বন্ধ হৈ পৰাত দুয়োফালৰ যান-বাহনবোৰ বিৰক্তিত গৰজি উঠিল৷ পকীবাটৰ একাষৰ টেঙেচি ফুলৰ বেঙুনীয়া দলিচাখন সেইকণ সময়তে নেফানেফ হ’ল৷

মালাই পঠোৱা ভিডিঅ’টো ডাউনলোড হ’বলৈ ঘূৰি থাকোঁতেই সি ফোনটো পকেটত ভৰাই আকাশে ওলোমা বাদুলি দি থকা দূৰৈৰ পথাৰখনত চকু থৈ অংক পাতি থাকিল৷

সৰু অংককেইটামান অনুজেও পাতি আছে৷ বৰাদাহঁত ছাৰৰ কোঠালৈ সোমোৱাৰ পাছত শান্ত হৈ থকা বাৰাণ্ডাখনৰ ৰেলিঙতে ভেজা দি সি ভাবি আছে৷ যুকিয়াই থোৱা কামকেইটা সুকলমে হ’বগৈনে চাগে৷ আটাইকেইটা নহ’লেও বহাগতে ৰাইজলৈ নিৰামিষ ভাত এসাঁজ গোটাই জিলমিলক ঘৰ সুমুৱাব লাগিব৷ আখৈফুলৰ মালা এধাৰিতে সন্তুষ্ট হ’ব জনা জিলমিলৰ সৈতে জীৱনটো ভগাই ল’বলৈ বহুতো আয়োজনৰ প্ৰয়োজন নাই ৷ তথাপি সি তাইক আটোম টোকাৰিকৈ ৰাখিব খোজে৷

: অনুজদা, কিবা কামত আহিছে? বাৰাণ্ডাইদি আহি ছাৰৰ ৰূমত সোমাবলৈ লোৱা অংকুৰে মাত লগালে৷ তাৰ হাতত এখন পেকিং কৰি ৰখা পেইণ্টিং৷ অনুজৰ ঘৰলৈ যোৱা বাটত অংকুৰৰ চিত্ৰকলা বিদ্যালয়খন৷ ভতিজাটোক শনিবাৰ-দেওবাৰে তালৈ নিয়াৰ দায়িত্ব অনুজৰ৷

 : ছাৰৰ অফিচলৈ আনিছোঁ এইখন৷ ছাৰে মোক থীম এটা দিছিল, তাকে আঁকিবলৈ যত্ন কৰিলোঁ৷ ছাৰে এইবোৰ কামত খুব উৎসাহ দিয়ে জানে৷ বৰ ভাল মানুহ৷

: হয়৷ খুব উৎসাহ দিয়ে তেখেতে৷ - অনুজৰ প্ৰত্যুত্তৰ হাঁহিমুখে শলাগি অংকুৰ ছাৰৰ কোঠালৈ সোমাল৷

ৰাস্তাটোৰ সিপাৰৰ নতুন থ্ৰী ষ্টৰিড ‘ৰেড চিলি’ৰ পৰা চাউমিনৰ ফুৰফুৰীয়া গোন্ধ এটা বতাহে এইফালে ঠেলিছে৷ তাত তিনি মহলত তিনিখন সুকীয়া সুকীয়া ভোজনালয় আছে৷ একেবাৰে ওপৰ মহলাতহে থলুৱা অসমীয়া সাজৰ জুতি লব পাৰি৷ তাত ভাত খাওঁতে শ্ব’কেছত ধুনীয়াকৈ সজায় থোৱা পুৰণি দিনীয়া ৰান্ধনী শালৰ মলাচৰু, নদিয়া, লৰণি, কঁৰিয়া, বৰচাঙত থকা জাতিলাউৰ সঁচ, এন্ধাৰি, চুঙা আদিবোৰৰ স্মৃতি সজীৱ কৰিব পাৰি৷ কথাবোৰ পল্লৱে বৰাদাৰ মুখে শুনাহে৷ সি পিছে ৰেড চিলিৰ জুতি লৈ পোৱা নাই৷

 ‘ৰেড চিলি’ৰ কাষতে সৰু চাপৰ চালিত বাসুৱে লোকেল মূৰ্গী কাটিছে৷ স্নেকছ কৰ্ণাৰত অলপ আগতে বাৰাণ্ডাত লগ পোৱা বিদ্যুৎ দায়ে কফি-পপকৰ্ণ লৈ বহিছে৷ মিহিকৈ ভোক এটা পল্লৱৰো নলগা নহয়৷ সি তললৈ নামি আহিল৷

 : ছাৰে পোন্ধৰ মিনিটৰ ৰেষ্ট লৈছে৷ তাৰ পাছতে আমাক লগ কৰিব৷

 - যতীনে লৰালৰিকৈ আহি খবৰটো দিলে৷ চকীত বহি হাতৰ ফাইলটো আকৌ এবাৰ চেক কৰিলে৷ পকেটৰ পৰা ফোনটো উলিয়াই টিপামাৰি তাৰিখটো চালে৷ চ’তৰ শেষতে মানুহজনী ভাল হোৱাৰ দিন৷ শেষ ফাগুনে তাক সাজু হ’বলৈ বাৰে বাৰে কৈছে৷ কোনোবা সময়ত তাৰ বুকুৰ ঢপঢপনিবোৰ আনে শুনে বুলি সি সজাগ হৈ পৰে৷ দুপৰীয়া সি আহিবৰ সময়ত বন্ধাকবি ভাজিৰে ভাতকেইটা সানি খাবলৈ লোৱা মানুহজনীলৈ বৰ চিন্তা লাগিল তাৰ৷ শেষৰ দিনকেইটা ভালকৈ কিবা এটা খুৱাম বুলি ভবাতেই আছে৷ আজিলৈকে চাৰি-পাঁচটা বেলা এইখন বাৰাণ্ডাতে গৈছে৷ এইকেইদিন ছাৰ ফিল্ডৰ কামতে আছে৷ অফিচত বেছি সময় বহিবলৈ পোৱা নাই৷ সেয়ে সিহঁতে লগ পাবলৈ অতদিন লাগিছে৷ তথাপি ঠাইতে যে কামটো হ’ব৷ নহ’লে মানুহজনীক ৰাতিও অকলে এৰি সি এইসময়ত অফিচত ঘুৰা ঘূৰি কৰিবলৈ দক্ষিণপাৰৰ অফিচলৈ কেনেকৈ গ’লহেঁতেন? হোটেলত ৰাতি থকা-খোৱাৰ খৰচ থাকিলেই৷ এনেবোৰ মিলাব নোৱৰা কাৰণতে সি ঠিকা কৰিবলৈ এৰি দিছিল৷ দুই-এটা অফিচত খন্তীয়া খুচুৰীয়া চাপ্লাইৰ কাম কেইটামানহে কৰিছিল৷ এতিয়া যে কিমান সকাহ৷ সেয়ে বহুদিনৰ বিৰতিৰ মূৰত যতীনে এইবাৰ পল্লৱৰ লগত এইটো কাম কৰিছে৷ কাইলৈ-পৰহিলৈ টকাকেইটা হাতত পৰিবই৷

  : ভগৱান, মানুহজনীক ৰক্ষা কৰিবা৷ বেছি কষ্ট নিদিবা৷

  কিবা এক আবেগত যতীনৰ চকুহাল চলচলীয়া হ’ব খোজোতেই ছাৰৰ কোঠাৰ পৰা এজনে সিহঁতকেইটাক মাতিলে৷ খৰখেদাকৈ তিনিও উঠিল৷ নিজান হৈ পৰা বাৰাণ্ডাখনত সিহঁতৰ খদমদমনি বেচ সজীব হ’ল৷

নৱনিৰ্মিত জিলাধিপতি কাৰ্যালয়, বাংলো আৰু কলনিৰ আৰ্থফিলিঙৰ কাম, লাইটৰ কাম আদিৰ অংশকালীন সৰু সৰু কামকেইটা ইতিমধ্যে সম্পূৰ্ণ কৰিলে পল্লৱহঁতে৷ ছাৰে চহীটো কৰিলে সৰু ধনৰাশি সিহঁতৰ একাউণ্টলৈ আহিব৷ সৰু হ’লেও তিনিওকে সকাহ দিবপৰা পুঁজি হ’ব৷ ৰৈ ৰৈ অৱশ হৈ পৰা তিনিওৰে চকু-মুখলৈ জলমলীয়া পোহৰ এছাটি আহোঁ যেন কৰিলে৷

জিলাধিপতিৰ কোঠালৈ সোমায়ে পল্লৱহঁতে কোঠাটোৰ চাৰিওফালে চকু ফুৰালে৷ অংকুৰে অলপতে দি যোৱা পেইণ্টিংখন অনুজে চিনি পাই ভালকৈ চালে৷ সহজে চকুত পৰাকৈ সজাই থোৱা আছে৷ শিলেৰে বন্ধোৱা খটখটীৰ দৰে ঠেক পথ এটাৰে এজন যুৱক উঠি গৈ তলৰ ৰৈ থকা এজন উঠিবৰ বাবে নিজৰ হাতখন মেলি দিছে৷ তলত থকাজনে সন্তোষিত মনেৰে সেই হাতখন খামুছি ওপৰলৈ উঠিবলৈ চেষ্টা কৰিছে৷ শিলসাঁকোৰ উৰ্ধত কাতিৰ কুঁৱলী ফালি ওলোৱা এচেৰেঙা জালিকটা ৰ’দ৷ নিপুণ হাতৰ পেইণ্টিংখনৰ এটা চুকত অংকুৰৰ সম্পূৰ্ণ হস্তাক্ষৰ৷ এনেদৰে স্থানীয় ল’ৰা এজনৰ প্ৰতিভাক আদৰি লোৱা ছাৰৰ অন্তৰখন কিন্তু কম মৰমিয়াল হ’ব নালাগিব! ইমান ডাঙৰ চাকৰি, ইমান ব্যস্ততাৰ মাজতো আনৰ বাবে ইমান চিন্তা কৰে৷ নতুনকৈ ফলমূলৰ খেতি কৰি স্বাবলম্বী হ’ব খোজা আত্মসহায়ক গোটৰ ল’ৰাকেইটাৰ ওচৰলৈ ছাৰ যোৱাসপ্তাহত নিজে গৈ উৎসাহ দিছেগৈ৷ তেখেত অহাৰ পৰা ভিতৰুৱা গাঁওবোৰত থকা চুলাই মদৰ বেহাবোৰো কমিছে৷ ল’ৰাবোৰ এনেই বহি নথকা হ’ল৷ সকলোৱে কিবা কিবা কামত ব্যস্ত হৈছে৷ বিলাহী খেতিত একেৰাহে কেইবাবছৰো লোকচানৰ মুখ দেখা পোহৰ দিয়া গাঁৱৰ প্ৰসন্নহঁতে ছাৰৰ অনুপ্ৰেৰণাতে বাটৰ কাষে কাষে দলঙত চ’লাৰ লেম্প লগোৱা কামত ধৰিছে৷

ৱালঘড়ীটোৰ কাঁটা আঁঠত মিলিছে৷ কফিকাপ শেষ কৰি ছাৰ পুনৰ টেবুলত বহিছে৷ তেখেতৰ সন্মুখত কেইবাটাও ফাইল৷ তেখেত তাৰে এটাত ব্যস্ত হ’বলৈ লওঁতেই পল্লৱে মাত লগালে-

: ছাৰ, আমি আজিও আহিছিলোঁ৷ সেইদিনা যে কাগজ পত্ৰ গোটেইখিনি ঠিক কৰি আনিবলৈ কৈছিল৷ সকলো ঠিক ঠাক কৰি আনিছোঁ৷ …ছাৰ, এবাৰ চাই দিব৷

: অকে অকে৷ মোৰ মনত আছে৷ চব ঠিক-ঠাক হ’ল ন?”

: হ’ল ছাৰ৷

: বঢ়িয়া৷

: ছাৰ, চহীটো এতিয়া …”

: অল ৰাইট, মোৰ ৰূমৰ বাবে এটা ফাইভ ষ্টাৰড এচি আৰু বাংলোৰ বাবে পৰ্দাখিনি দি যাবা৷ কোৱালিটি মই চাই দিম৷ তাৰ পাছত আহি যাবা, অকে৷

খুলি লোৱা লেপটপটোৰ পৰা ওলোৱা পোহৰত ছাৰৰ সুশ্ৰী, ৰঙচুৱা মুখমণ্ডল জিলিকি উঠিল৷ ল’ৰাহঁতলৈ সেই পোহৰৰ ভাগ নপৰিল৷

°°°°°

কাহিনী কথকো শুকান মুখ এখন লৈ খিৰিকিমুখৰ পৰা আঁতৰি বাহিৰলৈ ওলাই আহিল৷ সেউজীয়া দেৱদাৰু শাৰীৰ তলসৰা শুকান পাতবোৰ খচকি জবাফুল এপাহ বিচাৰি তেওঁ আহি থাকিল৷ ফুলপাহ বিচাৰি পালে তেওঁ লিটমাছডোখৰত ঘঁহিব আৰু ৰং সলনি হোৱাৰ আশাৰে বাট চাব৷

                                                               … 

 

লেখিকাৰ ই-মেইল আই ডি :                                           

munmidutta01@gmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ