গীতিমণি গোস্বামী (বৰঠাকুৰ)
“কৃতজ্ঞতাৰ শৰাইখন আপুনিয়েই আগবঢ়াব মিষ্টাৰ বৰুৱা৷”
ঘূৰি চাই দেখিলোঁ প্ৰণৱ চলিহা৷ দেউতাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত বছৰ ধৰি লাগি আছে এই মানুহজন৷ মই তেওঁৰ চকুলৈ চালো৷ মানুহজনৰ বিনয়ী স্বভাৱটো চাই না কৰিব নোৱাৰিলোঁ৷ মানুহৰ নামসমূহ দিবলৈ কৈ মই তেওঁৰ অনুৰোধটো ৰক্ষা কৰাৰ নিচিনা কৰিলোঁ৷
কামত ব্যস্ত হৈ আছে মানুহবোৰ৷ ঘূৰণীয়াকৈ শাৰী পাতি বহি নানা আলোচনা কৰিছে নগৰখনৰ জ্যেষ্ঠ নাগৰিকসকলে৷ হ’ব লগা সভাখনাৰ কাৰ্যক্ৰমণিকা প্ৰস্তুতকৰণৰ পৰা বিশিষ্ট অতিথিক আদৰা পৰ্বলৈকে অনেক কথা আলোচনা হৈছে৷ মই অধিক সময় অৱশ্যে নিৰৱ শ্ৰোতা হৈয়ে থাকিলোঁ৷ নিজৰ অস্তিত্ব জাহিৰ কৰিবলৈকে মই দুই এষাৰ কথা কৈছোঁ৷ তেওঁলোকেও বৰ আগ্ৰহেৰে সেইখিনি শুনিছে৷ ষ্টে’জৰ সোঁ মাজত ক্ষীণ লাইটৰ পোহৰত কোনোবা দুজন মানে বেনাৰ এখন ওলমাইছে৷ হলঘৰৰৰ চকিবোৰ দেচুৱালী মহিলা এগৰাকীয়ে মচিছে৷ দুগৰাকী মহিলাই তাইৰ কাম-কাজবোৰ তদাৰক কৰিছে৷ হ’বলগা সভাখনৰ আৰম্ভণি গীতটোৰ ৰিৰ্হাচলৰ শব্দ দূৰৈৰ পৰা ভাহি আহিছে৷
“তোমাৰ পদৰেণু পাই ধন্য আই জননী...”
এইটো শাৰীয়েই কাণ স্পৰ্শ কৰিলে৷ গীতটোৰ
আনকেইটা শাৰী ধৰিব নোৱাৰিলোঁ৷ বাৰে বাৰে এইটো শাৰীয়েই কাণত খুন্দিয়ালে৷ সুৰটো দৰদ সনা, গায়িকাসকলৰ কণ্ঠ মধুৰ৷ মই দৰক মাৰি সম্পূৰ্ণকৈ গীতটো শুনিব খুজিলোঁ৷ থিয়েটাৰ হলটোলৈ অনেক
মানুহ আাহিছে গৈছে৷ দীৰ্ঘদিন আতঁৰত থাকি ময়ো অনেকৰ চিনা পৰিচয় পাহৰিলোঁ৷ উপযাচি
দুই-একে মোৰ লগত নিজে আহিয়েই চিনা-পৰিচয় হৈছে৷ কৰমৰ্দন কৰিছে, প্ৰতি নমস্কাৰ জনাইছোঁ৷
দুই-একে দূৰৰ পৰা মোলৈ জুমি চোৱাও দেখিছোঁ৷
মিনি ট্ৰাক এখনৰ পৰা বহুকেইজনে ধৰি গধুৰ কিবা এটা বৰ সাৱধানে নমালে৷
“ চাবা চাবা ..সাৱধানে ...” কোনোবাজনে সৰ্তক কৰি দিলে৷ ষ্টে’জৰ সোঁফালে থকা টেবুলখনৰ ওপৰত পাৰি থোৱা বগা কাপোৰৰ ওপৰত আথেবেথে
সেইখন ৰাখি মেৰিয়াই থোৱা কাগজবোৰ কোনোবা দুজনমানে বৰ সাৱধানে এৰুৱালে৷
“আহ! কি জীৱন্ত!”
পিতাৰ ফটোখনত চকু ফুৰাই এজনে কম্পিত কণ্ঠৰে কোৱা কাণত পৰিল৷ মানুহবোৰ বহা ঠাইৰ পৰা উঠি গৈ ফ’টোখনৰ ওচৰত জুম খাইছে৷ সশ্ৰদ্ধাৰে মূৰ দোঁৱাইছে ৷ মই আঁৰ চকুৰে মানুহবোৰক লক্ষ্য কৰিলোঁ ৷ নাকৰ ওচৰত মৃদু জিনজিননি এটাও অনুভৱ কৰিলোঁ৷ মানুহক দেখুৱাবলৈকে মই চশমাজোৰ খুলি মূৰ দোৱালোঁ৷ দুখ বা বেদনা বা শৰীৰত কিঞ্চিৎ আৱেগ এটা মই অনুভৱ নকৰিলোঁ৷ বৰং মুখত আপোনাআপুনি ফুটি উঠিব পৰা বিৰাগ ভাৱটো প্ৰকাশ হৈ যোৱাৰ ভয়ত মই সংকুচিতহে হ’লোঁ৷
কিমান ভাল পালে মানুহে মৃত মানুহ এজনৰ
বাবে ইমান সময় দিব পাৰে মোৰ অনুমান কৰাৰ ক্ষমতা নাই, তথাপি বুজিছো সমাজপ্ৰিয় অজাতশত্ৰু পিতাক এই
মানুহবোৰে দেৱতাৰ আসনত ৰাখিছিল৷ এই নগৰৰ অতি ব্যস্তময় মানুহবোৰো সেই বাবে অনুষ্ঠানটো নিজৰ
মতে পাতিবলৈ আগবাঢ়ি আহিছে৷
আমাৰ ঘৰৰ পুৰণি মদৰুৱা ৰঙৰ আলমাৰিটোত
মা-পিতাৰ যুগ্ম ফটো এখন আছিল৷ কিজানি সেইখনেই তেওঁলোকৰ একমাত্ৰ যুৰীয়া ফটো৷ বন্ধাই
অনা ফটোখনৰ লগত এই চেহেৰাৰ মিল আছে৷ কিন্তু পালে ক’ত সেইখন ফটো? মই ৰ’ব নোৱাৰি সুধি দিলোঁ৷
“এই অনিৰুদ্ধ মানে অনিৰুদ্ধ ফুকনে দিছে৷”
কোনোবা এজনে ক’লে৷
শান্ত হৈ পৰা তেজখিনি উতলি এটা ঊষ্ণ ৰক্তস্ৰোত হৈ মোৰ শৰীৰৰ ভিতৰেদি প্ৰৱাহিত হোৱা যেন
লাগিল৷ সহজ হবলৈ যত্ন কৰিলোঁ যদিও নোৱাৰিলোঁ৷ মোৰ চকুকেইটাই অনিৰুদ্ধক বিচাৰিলে৷ নাই! তাক ক’তো দেখা নাপালোঁ৷
হঠাৎ তাত বহি থকাৰ ইচ্ছা মোৰ আৰু নোহোৱা হৈ গ’ল৷ হলঘৰত থকা সকলোকে পুৱা পুনৰ লগ পোৱাৰ কথা দি মই শুভৰাত্ৰি জনাই ঘৰলৈ বাট ল’লোঁ৷ কৰ্মকৰ্তাসকলে ৰাতিৰ সাঁজ আহাৰ লগে-ভাগে খাই যাবলৈ কোৱাত মই ভাগৰ লগাৰ অজুহাত দেখুৱাই হলঘৰৰ পৰা ওলাই
আহিলোঁ৷
ঘড়ীত তেতিয়া ৯ মান বাজিছে৷
লক্ষ্য কৰিলোঁ আমাৰ ঘৰৰ মুখৰ সেই আগৰ শিল দিয়া ঘৰৰ ৰাস্তাটো এতিয়া পকী হৈ একেবাৰে মসৃণ হৈ পৰিছে৷ অহৰহ গাড়ী মটৰৰ আহ-যাহ৷ আন্ধাৰ এই নিশাটো গাড়ী মটৰৰ পোহৰতে খোজকাঢ়ি আহি আহি মইনো কেতিয়া ঘৰৰ কাঠৰ গে’টখন খুলিলোঁহি ততকে ধৰিব নোৱাৰিলোঁ৷ আজিকালি কাঠৰ গে’ট কিজানি আমাৰ ঘৰখনতেই আছে৷ এটা যুগৰ আগৰ অহংকাৰী গে’টখন এতিয়া দুৰ্ভাগ্যৰ চিহ্ন হৈ ৰৈ আছে৷ তাত কাঠৰ ক’লা ৰঙৰ ঠাইত ধূলিৰ ডাঠ তৰপ এটা বহিছে৷ শেষবাৰ কেতিয়া ৰং কৰা হৈছিল মোৰ মনত নপৰিল৷ হুমুনিয়াহ এটা অজানিতে মোৰ ওলাই গল৷ ঘৰটোলৈ চকু গল৷ আমন জিমন কৈ বহি আছে যেন৷ জানো, মোৰ দৰে তাৰো অজস্ৰ অভিযোগ অথচ ক’বলৈ কোনো নাই!
বাৰাণ্ডাৰ বাটামবোৰ এৰাইছে, টিনপাতত
মামৰ, দুৱাৰ-খিৰিকীবোৰো দুৰ্বল৷ এসময়ৰ ফুল-পাতেৰে ভৰি থকা ফুলনিখন এতিয়া লঠঙা ৷ কেউপিনে শুকান, নিৰস, আকৰ্ষণহীন৷ এফলীয়াকৈ
সজোৱা অনিৰুদ্ধৰ নতুন ঘৰটো বৃদ্ধ এজনৰ কাষত ৰৈ থকা পাহুৱাল ডেকা এজন যেন লাগিছিল৷ সমুখৰ সৰু ফুলনিখনতে কিজানি সি লাইশাক সিঁচিছিল৷ লাইফুলৰ গোন্ধ
এটা নাকত লগাত মই তেনে অনুমানেই কৰিলোঁ৷
মই অহা অনুমান কৰিয়েই নেকি অনিৰুদ্ধৰ
ঘৈণীয়েক ওলাই আহিল৷ হাতত থকা চাবিকোছাৰে আমাৰ বন্ধ ঘৰৰ সমুখৰ দুৱাৰখন খুলি
লাইটবোৰ জ্বলাই সন্মানেৰে ক’লে “আহক দাদা”৷ ঘৰটো চাফা কৰি থোৱা আছে৷ মই আহিম বুলি
কিজানি আগেয়ে গম পাইছিল৷ অনিৰুদ্ধৰ মানুহজনী সুগঢ়ী৷ আনে কথা কলে বৰকৈ শলাগে৷ এনে
মানুহৰ লগত বেছি কথা পাতিব নোৱাৰি৷ ভাত কেই বজাত খাব বুলি সুধি কাষত থকা ঘৰলৈ তেওঁ গ’লগৈ৷
কোঠালিটোৰ আৰামী চকীখনত বহি চকুদুটা মুদি বহি ৰ’লোঁ বহু সময়৷ নিৰৱ নিঃশব্দ
কেউপিনে৷ কেঁচা মজিয়াখন কোনোবাই মচি থোৱাৰ চিন স্পষ্ট৷ আগফালৰ দীঘল বেঞ্চিখনত পাৰি
থোৱা ডাঠ সেউজীয়া ঢাকনি কাপোৰখন একেই আছে৷ চুকৰ গ্লাছ দিয়া কাঠৰ আলমাৰিৰ গ্লাছত
ধূলিৰ তৰপ৷ আলমাৰিত সুমুৱাই থোৱা পিতাই পোৱা শৰাই সফুঁৰা কিতাপ-পত্ৰবোৰো মদৰুৱা হৈ পৰিছে৷ সম্বৰ্ধনা পত্ৰ, বঁটা-বাহনবোৰো অৱহেলিত, অনাদৃত৷
জীৱনত অনেক প্ৰাপ্তিৰ বিনাশ সময় নামৰ দৈত্যই অৱধাৰিতভাৱে অনা ধংসৰ বহু আগতেই অনাদৰ আৰু অশ্ৰদ্ধাই ক্ষিপ্ৰতাৰে মাতি আনে৷ গোটেই
পৃথিৱীয়ে দেখুওৱা সন্মানতকৈ বহুমূলীয়া আপোন মানুহে দেখুওৱা আদৰ৷ এই আদৰে পাৰ্থিৱ
বস্তুকো অপাৰ্থিৱ ৰূপ দিব পাৰে, মৃত বস্তুৰো আয়ুস কাল বঢ়াব পাৰে৷ ৰোগ শয্যাত পৰি
থাকোঁতে পিতাই এই কথা ভাবিছিলেনে... আনৰ আত্মাৰ গভীৰলৈ সোমোৱা মানুহেও কেতিয়াবা নিজৰ ভিতৰলৈ নোসোমোৱাৰ ভুল কৰেনে !!
ভাহি আহিছে আকৌ অনেক ছবি মোৰ চকুৰ আগত৷ ওপৰৰ পৰা তললৈকে চিজিল চিকুণ মানুহ পিতাই বিশাল বট এজোপা যেন হৈ ঢাকি আছিল আমাক৷ মায়ে আথে-বেথে বাঢ়ি দিয়া ভাতকেইটা ততাতৈয়াকৈ খাই বটাত উচিত পৰিমাণত লগাই থোৱা চূণ-চাধাৰ তামোলখন খাই ক’ৰবালৈ ঢাপলি মেলে তেওঁ৷ সভা মেল মিটিং সামাজিক কাম ... পিতাৰ এইটো ৰূপেই চাব জনা হোৱাৰ পৰা দেখিছোঁ৷ সম্ভ্ৰমৰ দৃষ্টিৰে চায় সকলোৱে৷ বিপদ-আপদৰ ত্ৰাণকৰ্তা বুলি ভাবে ৰাইজখনে৷ গীত সাহিত্য সমাজ ...এনেবোৰ শব্দৰ লগত লুটি-বাগৰিয়েই ডাঙৰ হ’লো মই৷ গতি কৰিলে সময় আৰু আমি আটাইকেউটা প্ৰাণী৷ পিতাৰ ল’ৰা বুলি ময়ো সমাজত আদৰ-সন্মান পাওঁ৷ দেওবৰীয়া আড্ডাত আলহী-অতিথিৰে ভৰি পৰে আমাৰ ঘৰ৷ ভাত-চাহৰ দায়িত্ব মাৰ৷ সকলোৱে মাৰ হাতখনো প্ৰশংসা কৰে ৷ ময়ো হাত আগ বঢ়াওঁ৷ বুজা-নুবুজা অনেক আলোচনা অনেক গধুৰ কথা-বতৰা নিৰৱে শুনি থাকোঁ৷ চিঞৰ-বাখৰ উচ্চ-বাচ্য অধিক কথা-বতৰাৰ বিপৰীতে মাৰ্জিত আচাৰ মায়ে সদায় মোক শিকাইছিল৷ কাঁড় এডালৰ দৰে নিৰ্দিষ্ট চিধা বাট এটাৰে গতি কৰা এটা জীৱন আমাৰ৷ কাৰণ তেনে এটা নিৰিবিলি পৰিৱেশ পিতাৰ সৃষ্টিশীলতাৰ বাবে প্ৰয়োজন আছিল৷ বিনা প্ৰতিবাদে বাধ্য হৈছিলোঁ তেওঁৰ সকলো কথা মানিবলৈ৷ কিতাপ-কাগজৰ সুগন্ধৰ বাহিৰে আন সুগন্ধ আমাৰ চিনাকি নাছিল৷ বাচি বাচি অনেক কিতাপ তেওঁ মোক পঢ়িবলৈ দিয়ে৷ পঢ়া কথাবোৰৰ সাৰ কথাবোৰ ভাতৰ পাতত বহি থাকোঁতে কোৱাও মনত পৰে৷
হাইস্কুলখনৰ সিপাৰে মোৰ বন্ধু অনিন্দ্যৰ ঘৰ৷ ভায়েক অনিৰুদ্ধ আৰু মাকৰ লগত আমাৰ ঘৰখনৰ বৰ আত্মীয়তা৷ পিতৃহাৰা পৰিয়ালটোক বিপদ-আপদত আমিও সহায় কৰোঁ৷ অনিন্দ্যৰ মাকেও লিখা-মেলা কৰে৷ দেওবৰীয়া মইনা মেলৰ চ’ৰাবোৰত তেওঁৰ কবিতা আবৃত্তি শুনি হাততালি মৰা মনতেই আছে৷ মৰমিয়াল মানুহগৰাকীয়ে নিমিষতে মানুহৰ মন জয় কৰিছিল৷ ডাঠ চেলাউৰীৰে মিঠা বৰণৰ মানুহজনীৰ কথাবোৰো কিবা কবিতাৰ দৰেই লাগিছিল৷ শাকে-পাতে কিমান দিন যে আমি ইজনে সিজন ঘৰত ভাত খাইছোঁ হিচাপ নাই৷
জীৱনটো তেতিয়া লাহী সূতা এডালৰ দৰেই আছিল৷ পিতাৰ ৰচনাবোৰে মানুহৰ মাজত সমাদৰ পায়৷ বঁটা-বাহন পায়৷ অনেক গণ্য-মান্য ব্যক্তি আহি আমাৰ চ’ৰাঘৰৰ আলহী হৈছিল৷ পিতাৰ কথা কোৱাৰ ধৰণ, খোজ-কাটলবোৰ ময়ো মনে মনে অনুকৰণ কৰোঁ৷ মুখ টিপি মায়েও তাক দেখি হাঁহিছিল৷ দেউতাৰ দৰে হ’বলৈ গৈ ফটা-চিটা কাগজত লিখা কবিতাবোৰ অনিন্দ্যক পঢ়ি শুনোৱা, প্ৰয়োজনতকৈ অধিক প্ৰশংসা পাই উৎসাহিত হৈ ডাঙৰ লেখক হোৱাৰ সপোন দেখা কথাবোৰ এতিয়া সাধুকথা যেন লগা হ’ল৷ সেই বিশেষ দিনটোত খেলি থকা ফুটবলটো ফুটুকানিত পৰি নেহেৰোৱাহ’লে, পিঁয়াহত অণ্ঠ-কণ্ঠ শুকাই যোৱাত সেই ভৰদুপৰীয়া অনিন্দ্যৰ ঘৰলৈ পানী খাবলৈ নোযোৱাহ’লে, জেওৰাত আওঁজাই থোৱা পিতাৰ চাইকেলখন দেখি আচৰিত নোহোৱাহ’লে, কাৰোবাৰ ফুচফুচনি শুনি হাতত সাৰে ভৰিত সাৰে বাঁহৰ খিৰিকীৰে জুমি নোচোৱাহ’লে পিতাৰ সুপুত্ৰ হৈ এদিন মই সকলোৰে ঈৰ্ষাৰ কাৰণ হৈ উঠিলোহেঁতেন৷ অথচ জীৱনে মোক টানি টানি লৈ গ’ল হতবাক এটা দৃশ্য, কল্পনাতীত বীভৎস দুটা শৰীৰৰ অভিনৱ চয়ন চাবলৈ৷ শৈশৱৰ মধুৰতা অন্ত পৰা সেই এটা দৃশ্যই নিমিষতে মোক গঢ়ি তুলিলে আবাধ্য, খঙাল, অভব্য আচৰণ কৰা এক যুৱক ৰূপত৷ শৈশৱ আৰু যৌৱনৰ সন্ধিক্ষণত মোৰ কুমলীয়া মনটোক অসহায় এক বিহ্বলতাই চেপি-খুন্দি এক ভয়ংকৰ ৰূপ দিলে৷ অনিন্দ্য, মা -পিতা কোনেও মোৰ এই হঠাতে পৰিৱৰ্তিত স্বভাৱৰ সদুত্তৰ বিচাৰি নাপালে৷ পিতাৰ কঠোৰ শাস্তি, বেত্ৰাঘাত, মাৰ বুজনি, ওচৰ-চুবুৰীয়াৰ নীতিবচন একোৱে চুব নোৱাৰিলে মোক৷ এটি মাত্ৰ দৃশ্যই পিতাক উচ্চতাৰ শিখৰৰ পৰা দলিয়াই মই গেলা কচুৱনিত পেলাই দিলোঁ৷ না তেওঁ তাৰ পৰা উঠিব পাৰিলে, না তেওঁক উঠিবৰ সুযোগ মই দিলোঁ৷ মোৰ চকুৰ সমুখত তেওঁ পিন্ধি থকা সম্ভ্ৰমতাৰ সকলো পোছাক তলত জিলিকি ৰ’ল দুপৰীয়াৰ সেই পোছাকহীন চলন্ত শৰীৰ৷ নাঃ! কাকো মই এই কথা ক’ব নোৱাৰিলো৷ দহি দহি ভিতৰৰ সকলো কোমলতা পুৰি এটা বৰ মদ্গবী স্বাৰ্থপৰ মানুহৰ ৰূপ ল’লোঁ আৰু এদিন পঢ়াৰ অজুহাতত ঘৰ এৰি দূৰলৈ গুচি গ’লোঁ৷ কলেজৰ দীঘলীয়া বন্ধবোৰতো মাৰ হেঁপাহবোৰক উপেক্ষা কৰি হোষ্টেলৰ অকলশৰীয়া কোঠাত গাৰুত মুখ গুজি অসহায় হৈ উচুপি উঠিছিলোঁ৷ এটা পূৰাব নোৱাৰা ফাঁক এটাৰ সিপাৰে থাকিল মোৰ আজলী মা৷ যি পিতাক দেৱতাৰ আসনত বহুৱাই ৰাখিছিল৷ পিতাৰ সুখ-দুখত যি নিজক সমৰ্পণ কৰিছিল৷ পিতা আৰু মোৰ মাজত বাঢ়ি যোৱা বৈৰিতাৰ মাজত যি বিৰিণা হৈ নিজে শুকাই গৈছিল৷ নিদাৰুণ সত্যবোৰ ক’বলৈ মুখ মেলিও মাৰ সৰল নিষ্পাপ মুখখন চাই মই ৰৈ গৈছিলোঁ৷ সাহিত্যৰ আড্ডা, পিতাৰ নতুন সৃষ্টিকৰ্ম, বঁটা-বাহন, সামাজিক কাম-কাজৰ মাজতে অনাহুতভাৱেই এদিন তেওঁৰ গাত দুৰাৰোগ্য বেমাৰে দেখা দিছিল৷ নিয়মিতভাৱে তেওঁৰ চিকিৎসা ব্যয় বহন কৰাৰ বাদে তেওঁক জীৱনকালত দেখা কৰিবলৈ মই এদিনো ঘৰলৈ নাহিলোঁ৷ সেই সময়ছোৱাত অনিন্দ্য আৰু তাৰ মাক, ভায়েক অনিৰুদ্ধই কৰা পৰিচৰ্যাৰ তথা যত্নৰ খবৰ মই মাৰ পৰা পাইছিলোঁ৷ মোৰ সন্মতি লৈয়ে অনিন্দ্যৰ ভায়েক অনিৰুদ্ধক আমাৰ সম্পত্তিৰ কিছু অংশ পিতাই দিব বিচৰাত মই সকলোখিনি দিলেও একো আপত্তি নাই বুলি কোৱা মনত পৰে৷ দেউতাৰ মৃত্যুৰ পাছত অৱশ্যে মাক সন্তুষ্ট কৰিবৰ বাবেই কাজ-কৰ্ম কৰিবলৈকে ঘৰলৈ আহিছিলোঁ৷
ক্ৰমে ক্ৰমে মোৰ বাবে শত্ৰু হৈ পৰিল অনিন্দ্য, অনিৰুদ্ধ আৰু তাৰ মাক৷ ফুটুকানিৰ পৰা তুলি অনা ফুটবলটো সেই দুপৰীয়া সজোৰে অচিন শূন্যলৈ সৰ্বশক্তিৰে দলিয়াই দি ময়ো যেন মোকেই ক’ৰবালৈ দলিয়াই থৈ আহিলোঁ৷ এদিন হাতেৰে চুই নাচালোঁ পিতাৰ এখনো কিতাপ৷ পিতৃত্বৰ পৰিচয়ৰ পৰা তললৈ যোৱাজনক মই আন কোনো পৰিচয়ৰ স্বীকৃতি দিব নুখুজিলোঁ৷ “মিছা৷ প্ৰহসন! মুখা - এই তিনিটি শব্দ মোৰ চাৰিওকাষে বৃত্তাকাৰ হৈ ঘূৰি থাকিল অহৰহ৷ এটা একাকী জীৱনক আকোঁৱালি লৈ এদিন চৰকাৰী চাকৰিৰ পৰা মই অৱসৰ ল’লোঁ৷ দিনে দিনে হতি অহা মাক এদিন মোৰ লগত থাকিবলৈ লৈ আহিলোঁ৷ ঘৰখনৰ চোৱাচিতাৰ দায়িত্ব অনিৰুদ্ধই ল’লে বুলি মাৰ মুখে শুনিছিলোঁ৷ অনিৰুদ্ধ, অবিকল পিতাৰ দৰে চখ... পিতাৰ দৰে সাহিত্য চৰ্চা কৰে হেনো৷ অনিৰুদ্ধৰ গুণ বখানি থকা মাৰ মুখত আক্ৰোশৰ তিল যেন চুক এটাও দেখা নাপালোঁ৷ এইজনী মানুহক কিবা ক’ব পৰা যায় নে! তেনে কৰিলে শিৰৰ ভূষণ যেন কৰি ৰখা পিতা এক মুহূৰ্ততে ছিটিকি পৰিব ক’ৰবাৰ অটল অন্ধকাৰ কূপত৷ তেওঁৰ সৰল বিশ্বাসবোৰক পিতাৰ প্ৰতি থকা শ্ৰদ্ধাবোৰক জীয়াই ৰাখিবলৈকে মই মোক উৎসৰ্গা কৰিব লগা হ’ল, আনৰ দৃষ্টিত অভব্য মানুহ হ’ব লগা হ’ল৷ এক জটিল মানচিত্ৰৰ একাবেঁকা অস্পষ্ট ভাঁজবোৰত জীৱনো হৈ পৰিল অভঁজা কুৰূপ!
হিমবৰ্ণাক লগ পাওঁতে মোৰ বয়স হৈছিল ৫০, তাইৰ ৪৮৷ সাধাৰণ চিনা-জনাৰ পাছত ক্ৰমাৎ আমি আমাৰ ভিতৰখন দেখা আৰু দেখুউৱাৰ অজুহাততে
এদিন মই শৈশৱৰ সেই দুপৰীয়াৰ কথা কৈ হুকহুকাই কান্দি পেলাইছিলোঁ৷ পিতাৰ গৃহস্থী জীৱনৰ
ওপৰত থকা কলাত্মক জীৱনক উচ্চ মৰ্যাদা দি তাই তাৰ পুষ্টি যোগাবৰ বাবে কিছুমান আৱেগিক সম্বন্ধৰ গুৰুত্বৰ কথা কৈছিল –
“আপাত দৃষ্টিৰে তোমাৰ এই সম্বন্ধ ভাল নালাগিলেও তেওঁৰ সৃষ্টিশীলতাৰ ইয়েই কিজানি অন্যতম আধাৰ...তুমি পিতাক কেৱল পিতাৰূপত বিচাৰিছিলা বাবে তোমাৰ আৰু তেওঁৰ সংঘাত হৈছিল - অনেক বিখ্যাত লোকৰ এনে নামবিহীন সম্পৰ্ক থাকে’’ তাই মোক বুজাইছিল৷ মই কিছু বুজিছিলোঁ আৰু কিছু বুজিবলৈ মই ইচ্ছুক নাছিলোঁ৷
বয়সে কিছু কথা মানুহক নিজে বুজাই দিয়ে
কিন্তু বজ্ৰাঘাতত মৰি যোৱা মোৰ অন্তৰস্থল...দহনৰ ওপৰত দহন! তাৰ প্ৰশমন জানো হ’ল?
ধুমধামেৰে পিতাৰ জন্ম শতবাৰ্ষিকী পাতিবলৈ পিতাৰ শুভাকাংক্ষীসকল আগবাঢ়ি আহিছিল৷ মোৰ
লগত সঘন যোগাযোগ এটি ৰাখিছিল৷ মাৰ ইচ্ছাক সন্মান জনাই মই তেওঁলোকৰ লগত সহযোগো কৰিছিলোঁ৷ কাইলৈ হ’ব লগা মূলসভালৈ মা আহিব নোৱৰাত তেওঁৰ অনুনয়ত পুনৰ ঘৰৰ পুৰণি ভেটিটোত
থিয় হৈছোঁহি৷
“ভাতৰ আয়োজন কৰিছোঁ৷ আহক... এওঁ ৰৈ আছে৷’’ অনিৰুদ্ধৰ পত্নীৰ মাতত মই চক খাই উঠিলোঁ৷ তাৰ ঘৰখনত সোমাই ভাল লাগিল৷ কিতাপ-কাগজৰ পুৰণি সুৱাস এটাই বুকুতে যেন খুন্দিয়ালেহি৷ ল’ৰা-ছোৱালীয়ে তাৰ ভৰা ঘৰ৷ ভাতৰ টেবুলত চিকুণ চেহেৰাৰ মধ্য বয়সৰ এজন মানুহ বহি আছিল৷ অনিৰুদ্ধ নে পিতা... মই নিজ চকুকে বিশ্বাস কৰিব নোৱাৰিলোঁ৷
অনিৰুদ্ধৰ পত্নীয়ে লেঠাৰি নিছিগাকৈ অনেক প্ৰশ্ন সুধি আছে৷ ভাত সানি খোৱা অনিৰুদ্ধৰ সোঁ
হাতখন চাই চাই উত্তৰ দি আছোঁ৷ কি খাইছো, কি স্বাদ পাইছোঁ মনত নাই৷
ব্ৰহ্মপুৱাতে মই অনিৰুদ্ধৰ ঘৰৰ দুৱাৰত
টুকুৰিয়ালোঁ৷ টোপনিৰ জড়তা নভঙাকৈয়ে তেওঁ উঠি আহিল৷ গাত সামান্য বস্ত্ৰ৷ মোৰ চকু
তাৰ বুকুখনত পৰি থৰ হৈ গ’ল৷ “এইকোছা তোক চমজালোঁ৷ লগতে ঘৰখনো ... মই যাওঁগৈ৷” চাবিকোছা আগ বঢ়াই মই ক’লোঁ৷
“কি? আজি বৰদেউতাৰ শতবৰ্ষ... আপুনি নাথাকিলে...”
তাৰ চকুত বিস্ময়৷ সি হাতখন আগ নবঢ়ালে৷ মই নিজে তাৰ হাতখন মোৰ মুঠিলৈ আনি চাবিকোছা গুজি দিলোঁ৷ হাতৰ বেগটো লৈ ডিঙিত লৈ কাঠৰ গে’টখন খুলি ওলাই আহি আকৌ এপলক পিছলৈ উভতি চালোঁ৷ নিৰ্বাক-নিস্পন্দ হৈ অনিৰুদ্ধয়ো মোলৈকে চাই আছে৷ তাৰ সোহাঁতত ছটা আঙুলি... বুকুত আছিল এটা তুলসী পাত৷ চিঞৰ মাৰি মোৰ তাক ক’বৰ মন গ’ল-
“জান’ তোৰ দৰে পিতাৰো আছিল ছয় ...ছয়...
ছটা আঙুলি আৰু বুকুত...৷”
***
ঠিকনা :
যোৰহাট ৷
ভ্ৰাম্যভাষ : ৭০০২৩৬৩৬৫৩/৯৪৩৫২৭৬৩৬১