যশোৱন্ত নিপুণ
চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা৷ বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য ! বগলীজাকৰ লগতে তাৰ মনটোও উৰি গৈ থাকিল দূৰলৈ, দূৰলৈ …
তেনেতে ফোনটো বাজি উঠিল৷ সি মহা বিৰক্ত হ’ল৷
“ফোনটো দিয়াচোন মিনতি৷” ঘৈণীয়েকলৈ চাই সি ক’লে৷
“কিয়, নিজে ল’ব নোৱাৰা নেকি? দেখা নাই মই কি কৰি আছোঁ?” মিনতিয়ে ভেকাহি মাৰি উত্তৰ দিলে৷ তাই চাহ কৰি আছিল৷
“মই বহিছোঁ৷ অলপ বৌদ্ধিক চিন্তা কৰিম
বুলি ভাবিছোঁ সোণজনী৷”
“হৈছে, বৰ ফালিব
নালাগে৷ নিজে ল’ব পাৰিবা দিয়া৷ বিৰক্ত কৰি নাথাকিবা৷”
একেই উষ্মাৰে তাই কৈছিল৷
ৰাতুলে মুখ বেকেটাই উঠি গৈ মেজৰ পৰা ফোনটো তুলি ল’লে৷ কিন্তু সেয়া
দেখোন সুনীলৰ ফোন৷ তাৰ মনৰ বিৰক্তিখিনি ধোঁৱা হৈ উৰি গ’ল৷
“অ’ সুনীল,
কি খবৰ ?” ৰাতুলে মহা উৎসাহেৰে আৰম্ভ কৰিলে৷
“ভালে দে৷ পাছে তহঁতৰ কেনে ? ভালে নে ?” ফোনত সুনীলৰ মাত ভাহি আহিল৷
“আছোঁ আৰু একৰকম৷ অফিচ-ঘৰ, ব্যস্ততা, এইবোৰেই৷”
“একে, একে৷ আমাৰো
সেইটোৱে৷ নিস্তাৰ নাই৷ এটা কথাৰ কাৰণেহে ফোন কৰিলোঁ৷”
“ক’চোন৷”
“তোৰ গল্পটো ‘দুৰন্ত
প্ৰহৰীত’ পঢ়িলোঁ৷ দুবাৰো পঢ়িলোঁ৷ বাৰে বাৰে পঢ়িব পৰা গল্প৷
বৰ ভাল লিখিছ বে তই৷”
“হেঃ হেঃ হেঃ৷ ধন্যবাদ, ধন্যবাদ ! লিখিছোঁ আৰু কিবাকিবি৷ জাবৰে হৈছে নে গল্পই হৈছে নাজানো ভাই৷”
ৰাতুলে মনে মনে বৰ ভাল পালে৷ তাৰ গল্প পঢ়ি দুই-এজন পাঠকে মাজে মাজে
ফোন কৰে, মেচেজ কৰে৷ তেতিয়া তাৰ বৰ ভাল লাগে৷
“আমাৰ বহুত কথাই লিখিছ দেখোন গল্পটোত৷
বঢ়িয়া দেই৷ বৰ সুন্দৰকৈ কথাবোৰ সুমুৱাই দিছ৷ তোৰ গল্পত তাৰ মানে বহুত সঁচা কথাও
থাকে৷”
“সঁচা অভিজ্ঞতাও থাকে, কিছু কল্পনাও থাকে৷ তইতো গম পাইছই৷”
“অঁ, অঁ৷ পিছে
মিনতিয়ে কেনে পাইছে গল্পটো ? দেখুৱাইছ গল্পটো ?”
সুনীলে পঢ়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খনতেই মিনতিয়েও
পঢ়িছিল৷ সুনীলতকৈ তাই দুই শ্ৰেণী তলত আছিল৷
“সিমান ভাল পোৱা নাই৷ মোৰ গল্প এওঁ
কেতিয়াও ভাল নাপায়৷ কিন্তু মোৰ গল্পৰ প্ৰথম পাঠিকা শ্ৰীমতীয়েই সদায়৷”
“হাঃ হাঃ হাঃ ! বোলো কিবা খঙেই উঠিছে
নেকি তাইৰ ? কেনে আছেনো তাই ?”
“ভালে আছে দে৷”
“আমাৰ এৱোঁ পঢ়িছে গল্পটো৷ ভালেই পোৱা
বুলি কৈছে ৰহ৷”
তেনেতে মিনতি ৰাতুলৰ কাষত চাহ একাপ লৈ থিয় হ’ল৷ তাই ৰীমা মানে
সুনীলৰ শ্ৰীমতীৰ লগত কথা পাতিব খুজিলে৷
“অই, শুনচোন৷ এওঁ
বোলে ৰীমাৰ লগত কথা পাতে৷ ৰীমা আছে নে ?”
“আছে ৰহ৷ মই মাতি দিছোঁ৷ এক মিনিট ৰ’বি৷” সুনীলে ক’লে৷
অলপ পাছত আকৌ সুনীলৰ মাত৷
“এহ্, এওঁ গা
ধুবলৈ গ’ল অ'৷ ৰীমাই পাছত ফোন কৰিব দে৷
হ’ব নে ?”
“হ’ব, হ’ব৷ কোনো কথা নাই৷ ফোন কৰি থাকিবি এনেকৈ মাজে মাজে৷”
“হ’ব দে৷ ঠিক আছে৷
বাকীতো ভালেই নহয় ?”
আগশাৰীৰ মাহেকীয়া আলোচনী “দুৰন্ত প্ৰহৰী”ত এলাপেচা লেখকৰ গল্প প্ৰকাশ নহয়৷ ৰাতুলৰ “অতীতৰ
চিঞৰ” গল্পটো আলোচনীখনে প্ৰকাশ কৰা তাৰ প্ৰথম গল্প৷ গম পোৱাৰ
দিনা পুৱাৰ পৰাই সি মনে মনে অলপ ফুলি আছিল৷ ডাঙৰ লেখকসকলৰ শ্ৰেণীত তাৰো নামটো লিখা
হৈ গ’ল যেন লাগি আছিল তাৰ৷
চাৰি মাহমান আগতে ৰাতুলে থকা নগৰখনৰ পৰা কিছু দূৰৰ মন্দিৰ এটা দৰ্শন কৰিবলৈ সপৰিয়ালে যাওঁতে সিহঁতে সুনীল আৰু তাৰ পৰিয়ালটোক লগ পাইছিল৷ সুনীলহঁত যে তাৰ নগৰখনৰে হোটেল এখনত আছেহি ৰাতুলে তাতেই গম পালে৷ কলেজ এৰাৰ বিশ বছৰৰ পাছত সিহঁত সেইদিনা হঠাতে অপ্ৰত্যাশিতভাৱে লগালগি হৈছিল৷ মাজৰ দিনবোৰত সিহঁতৰ যোগাযোগ আছিল একেবাৰেই শূন্য৷ আজি-কালি ইমান সুবিধা থকাৰ পাছতো এই দীঘলীয়া সময়ছোৱাত সিহঁতৰ এবাৰো যোগাযোগ নহ’ল৷ কলেজৰ আবাসত কটোৱা বছৰবোৰত কিন্তু সিহঁতৰ বন্ধুত্ব ইমানেই গাঢ় হৈ পৰিছিল যে চতুৰ্থ বছৰৰ শেহলৈ সিহঁত সকলোকে দুখবোধ এটাই মেৰাই ধৰিছিল৷ চতুৰ্থ বছৰটো কলেজত সিহঁতৰ শেষ বছৰটো আছিল৷ ওচৰ চাপি অহা বিচ্ছেদৰ কথা ভাবি ভাবি সিহঁত কেতিয়াবা কেতিয়াবা বিমৰ্ষ হৈ পৰিছিল৷ কলেজ এৰি আহোঁতে ৰাতুলক বিদায় দিবলৈ সুনীল আৰু লগৰ কেইজনমান ষ্টেচনলৈ আহিছিল৷ ট্ৰেইনখন চলাৰ পাছতো সুনীল আৰু তাৰ লগৰ কেইজন নেদেখা হোৱালৈকে সি খিৰিকিৰে হাত জোকাৰি আছিল৷ তাৰ চকু দুটা চলচলিয়া হৈ পৰিছিল৷
সিহঁতে যোগাযোগ ৰাখিব বুলি ঠিক কৰিছিল৷ ঘৰত ফোন নাছিল কাৰণে চিঠিয়েই লিখিব মাজে মাজে৷ আৰু পাৰিলে সিহঁতে কেতিয়াবা ক’ৰবাত লগালগি হ’ব৷
কিন্তু সেইবোৰৰ একোৱেই নহ’ল৷ কলেজৰ এৰি আহি প্ৰত্যেকেই নিজৰ নিজৰ জগতত ব্যস্ত হৈ পৰিল আৰু সিহঁতৰ কোনেও তাৰ পৰা পিছলৈ ঘূৰি চোৱাৰ অৱকাশো নাপালে বা পিছলৈ ঘূৰি চাবলৈ ইচ্ছাও নকৰিলে৷ জীৱিকাৰ তাড়নাই সিহঁতক ভিন ভিন পথেৰে দূৰলৈ আৰু দূৰলৈ টানি লৈ গ’ল৷ আৰু তেনেকৈয়ে সিহঁতৰ মাজৰ যোগসূত্ৰবোৰো ক্ৰমশঃ ক্ষীণ হৈ আহি আহি হেৰাই গৈছিল৷
কলেজৰ চাৰিটা বছৰ কম সময় নাছিল৷ আৰু সেই সময়ছোৱা আছিল জটিলতাশূন্য আশাভৰা সহজ সময়৷ কলেজ এৰি অহাৰ কিছু দিন পাছলৈ সিহঁতৰ মনবোৰ খালি খালি হৈ নথকা নহয়৷ যেন সকলোবোৰেই শূন্য হৈ পৰিছিল চাৰিওফালে৷ কিন্তু পৃথিৱীয়ে বোধহয় একোৱেই শূন্য হৈ থকাটো নিবিচাৰে কেতিয়াও৷ ক্ষণিকলৈ খালি হোৱা ঠাইবোৰ চিনিব নোৱৰাকৈ পৃথিৱীয়ে কোনেও গম নোপোৱাকৈয়ে আকৌ পূৰ কৰি আনে৷ আৰু দুদিনৰ হুমুনিয়াহেৰ ভৰা নীৰৱতাৰ কোলাহল বতাহ এছাটিৰে উৰুৱাই লৈ যাবলৈ পৃথিৱীৰ বহুত কিবাকিবিয়েই আছে৷ সিহঁত নতুন জীৱনবোৰত ব্যস্ত হৈ পৰিছিল৷ অতীতে মাত্ৰ ৰিঙিয়াই গৈছিল কেতিয়াবা কেতিয়াবা৷ সেয়েই৷
শিলাময় পাহাৰ এখনত মন্দিৰটো৷ মূৰ্তি, মন্দিৰ সকলোবোৰ
শিলত কটা৷ সেইদিনা খটখটীৰে বগাবলৈ লৈয়ে সম্মুখত ওখ-পাখ, সামান্য
শকত মানুহজনক দেখি ৰাতুল আচৰিতেই হৈছিল৷ ৰঙীন চশমাৰ তলৰ মুখখন তাৰ চিনো চিনো
লাগিছিল৷ সি ভবা-গুণা কৰি থাকোঁতে মানুহজনেই প্ৰথমে মাতিলে৷ সেইজন আছিল তাৰ একালৰ
পৰম বন্ধু সুনীল ! সাধাৰণতে হোৱাৰ দৰে তাৰো বহুত শাৰীৰিক পৰিৱৰ্তন হৈছিল৷ পেট,
ডিঙি, থুঁতৰিত কিছু চৰ্বি জমা হৈছে৷ মূৰৰ বহু
জেগাৰ পৰা চুলিও হেৰাই গৈছে৷ কিন্তু একেই আছিল তাৰ পুৰুষসুলভ ব্যক্তিত্ব, সৌন্দৰ্য আৰু ৰঙিয়াল স্বভাৱটো৷
আনন্দ, হাঁহি আৰু আশ্বৰ্যৰ ঢৌ এটা পাৰ হৈ গৈছিল৷ কলেজৰ দিনবোৰৰ সোঁৱৰণিৰ কিছু সময় দ্ৰুত ৰোমন্থন চলিছিল৷ সিহঁতে আচৰিতভাৱেই সেই দিনবোৰৰ বহুতো খুটি-নাতি ফটফটীয়াকৈ মনত পেলাব পাৰিছিল৷ তাৰ পাছত চা-চিনাকিৰ এটা চমু পৰ্ব চলিছিল৷ সুনীলে মিনতিক আগৰ পৰাই চিনি পায়৷ অৱশ্যে ৰাতুলহঁতে ৰীমা, মানে সুনীলৰ ঘৈণীয়েকক সেইদিনাহে প্ৰথম দেখিছিল৷
“আচলতে আমি সকলোৱে খুব দূৰলৈ আতৰি গ’লোঁ৷ কিয়বা এনে হ’ল ? তই ইয়াতে থকা বুলিও গমেই পোৱা নাছিলোঁ৷” সুনীলে কৈছিল৷
“আহিছই যেতিয়া, মোৰ ঘৰলৈকো এপাক মাৰিবি৷ কিমান দিনৰ মূৰত দেখিলোঁ তোক৷ আৰু কেতিয়াবা লগ পাম নে নাই তাৰোনো কি ঠিক ? কিজানি লগ নাপাওঁৱেই৷” ৰাতুলে কৈছিল৷
“হয় অ’৷ ইমান বছৰ দেখোন এনেকৈয়ে পাৰ হৈ গ’ল৷ পিছে চাওঁচোন৷ নাকী এডাল লাগিয়েই থাকে নহয়৷ আমিও দিন-বাৰ হিচাপ কৰি আহিছোঁ৷” সুনীলে আৰু ক’লৈ ক’লৈ যাব সেইবোৰৰ হিচাপ দিছিল৷ তথাপি মাজতে এটা বেলা সি উলিয়াব পাৰিব বুলি কৈছিল৷
ৰাতুলে ৰীমাক লক্ষ্য কৰিছিল৷ মানুহজনী সুনীলৰ লগত দেখাই-শুনাই মিলা, ওখ-পাখ আৰু ধুনীয়া৷ অৱশ্যে ৰাতুলৰ মনত মিনতিৰ দৰে ধুনীয়া নাৰী এই পৃথিৱীৰ ক’তোৱেই পাবলৈ নাই৷ ৰীমা তেনে কোনো সংকোচ নোহোৱা সপ্ৰতিভ ধৰণৰ মহিলা যেন লাগিছিল তাৰ৷ মিনতি অলপ সময় পিছ হুহকি আছিল যদিও ৰীমাই কথাবোৰ সহজ কৰি পেলাইছিল৷ দুয়োজনীয়ে সোনকালেই খোলাখুলিকৈ একাষৰীয়া হৈ পুৰণি বান্ধৱীৰ দৰে কথা পতাত লাগি গৈছিল৷
মিনতি যে সুনীলৰ লগত একেখন স্কুলতেই পঢ়িছিল, সেইষাৰ কথা সুনীলে উল্লেখ কৰিছিল৷ ৰাতুলে কথাটো আগতেই জানিছিল৷
মন্দিৰৰ পৰা ওলাই হোটেলত সিহঁতে একেলগে দুপৰীয়াৰ ভাত
খালে৷
“মাজৰ বছৰবোৰ ক’ত
কেনেকৈ হেৰাই থাকিল অ’ ৰাতুল ?” সুনীলে
খোৱাৰ মাজতে সুধিছিল৷
“এয়েতো জীৱন ভাই৷ অথচ সৌ সিদিনাহে কলেজ
এৰা যেন লাগে মোৰ৷” ৰাতুলে অলপ
গভীৰভাৱে কৈছিল৷ সি ক’ব নোৱৰাকৈয়ে কথাষাৰত বেদনাগধুৰ সুৰ এটা
মিহলি হৈ আহিছিল৷
সুনীলে হাঁহিছিল৷ গম্ভীৰ হৈ কৈছিল, “কিমান বছৰ,
কিমান বসন্ত পাৰ হৈ গ’ল৷ গছৰ কিমান সেউজীয়া
পাত সৰি পৰিল, উৰি গ’ল, ছাই হৈ গ’ল৷ কোনে মনত ৰাখে ? কিয়
মনত ৰাখিব ?”
“আপোনাৰ কথাবোৰ এতিয়াও কবিতা কবিতা
লাগে দেই৷ কবিতা লিখে নে আজি-কালি ?” ৰীমাৰ লগত কথা পতা বন্ধ
কৰি মাজতে মিনতিয়ে লাহেকৈ সুধিছিল৷
“তই তাৰমানে কবিতাও লিখ ? আজিহে জানিলোঁ দেখোন৷” ৰাতুলো অলপ আচৰিত হৈছিল৷
“লিখিছিলোঁ আগতে৷ কলেজলৈ অহাৰ পাছত
কবিতা লিখিবলৈ এৰি দিলোঁ৷”
“ইমান ধুনীয়া কবিতা লিখিছিল আপুনি৷
কিমান যে ভাল লাগিছিল মোৰ ! কিয় লিখিবলৈ এৰিলে?” মিনতিয়ে
সুনীলৰ ফালে সপ্ৰশংস চাৱনি এটি দি আকৌ সুধিছিল৷
“সেয়া বহুত কথা৷” সুনীলে কৃত্ৰিম গহনী ভাবত কৈছিল৷ “কবিতা লিখিবলৈ
সুকোমল অনুভূতিৰ প্ৰয়োজন৷ সেই অনুভূতিবোৰ কিজানি আমাৰ স্কুলখনতে ৰৈ আহিল৷”
“স্কুলৰ ক’ত ৰৈ
আহিল ?” মিনতিয়ে লাজকুৰীয়া
হাঁহি এটা মাৰি সুধিছিল৷
“স্কুলৰ ফুলনিৰ ধুনীয়া ধুনীয়া ফুলবোৰৰ
মাজত আকৌ৷ হাঃ হাঃ হাঃ !” সুনীলে প্ৰাণখোলা হাঁহি এটা মাৰি
উত্তৰ দিছিল৷
“তোৰ কথাবোৰ দেখোন আজিও কবিতা কবিতা হৈ
পৰিছে৷ কি কাণ্ড ?” ৰাতুলে কৈছিল৷ “কিবা পুৰণি স্মৃতি জাগ্ৰত হোৱা নাইতো৷ হাঃ হাঃ হাঃ …৷” ৰাতুল আৰু সুনীলে
সশব্দ হাঁহিত ভাগি পৰিছিল৷ মিনতিয়ে লাজ লাজকৈ তলমূৰ কৰি হাঁহিছিল৷ ৰীমাই এবাৰ
মিনতিলৈ, এবাৰ সুনীলৰ মুখলৈ চাইছিল৷
“তোমালোকে জানানে, ৰীমা আৰু ৰাতুলক কৈছোঁ, মিনতি আমাৰ স্কুলত খুব
বিখ্যাত আছিল ?” খাই থকাৰ মাজতে সুনীলে কৈছিল৷
মিনতিয়ে তলমূৰকৈ লাজ লাজকৈ হাঁহিছিল৷
“কিয়বা বিখ্যাত আছিল ? এওঁৰ খ্যাতিৰ কাৰণটো জানোচোন৷” ৰাতুলে আচৰিত হোৱা
যেন দেখুৱাই সুধিছিল৷
“আমাৰ স্কুলৰ, মানে
স্কুলৰ বুলি ক’লে ভুল হ’ব, আচলতে আমাৰ সেই অঞ্চলৰ আটাইতকৈ ধুনীয়া ছোৱালীজনীয়ে আছিল কুমাৰী মিনতি
চৌধুৰী৷”
“হয় নে ?” ৰীমাই
সুধিছিল৷ তাইৰ ইমান পৰে হাঁহি থকা মুখখনত ক্ষুদ্ৰ এটি মুহূৰ্তৰ কাৰণে কিবা এটা
পৰিৱৰ্তন ৰাতুলে লক্ষ্য কৰিছিল৷
“হয়তো৷ গোটেইমখা ল’ৰা মিনতিৰ পিছে পিছে৷”
“তয়ো আছিলি নেকি অ’ সেই গোটেইমখাৰ মাজত ?”
“এহ্৷ মইনো কি ক’ম
! মোৰ ওৱেটিং লিষ্টতো ঠাই নহ’ব বুলি ভাবি চেষ্টাই নকৰিলোঁ
আৰু৷" সুনীলে কৃত্ৰিম দুখৰ ভাব এটা দেখুৱাইছিল৷
“সঁচা কৈছ নে ? মোৰ
এতিয়া সন্দেহ হ’বলৈ ধৰিছে অ’ ! আজি
ৰাতি মোৰ টোপনিয়ে নাহিব কিজানি৷”
“সঁচাকৈয়ে কৈছোঁ৷ মই আছিলোঁ পৃথিৱীৰ
নিঃকিনতম ল’ৰা আৰু কুমাৰী মিনতি চৌধুৰী সৰগৰ পৰী৷ কেনেকৈ
আগবাঢ়োঁ মই ?”
“দৰ্খাস্ত এখন দিব লাগিছিল৷ মানে চিঠিৰ
দৰে কিবা এখন৷” ৰাতুলে পৰামৰ্শ আগবঢ়াইছিল৷
মিনতিয়ে তলমূৰকৈ তলৰ ওঁঠখন কামুৰি লাজ লাজকৈ আকৌ
হাঁহিছিল৷
“হাঃ হাঃ হাঃ !”, সুনীলে ডাঙৰকৈ হাঁহি কৈছিল, “সেইটোৱে কৰিব লাগিছিল অ’৷ আজি তেনেকুৱাই লাগিছে৷ কাপুৰুষ আছিলোঁ অ’ মই৷ নহ’লে আজি …৷”
“নহ’লে আজি
বান্দৰে পিন্ধা মুকুতাৰ হাৰডালে সুনীল দেৱতাৰ ডিঙি শুৱাই থাকিলেহেঁতেন৷ হাঃ হাঃ
হাঃ !”
“তোৰ বৰ ভাগ্যও ৰাতুল৷ মোৰহে আজি টোপনি
নাহিব৷ হাঃ হাঃ হাঃ৷ কবিয়ে কৈছে নহয় - স্মৃতি দুখৰ অতীত … ! হাঃ
হাঃ হাঃ৷”
“সুহুৰিয়াই কি যায় ? হা, সুহুৰিয়াই গুচি যায় সুৰম্য উপত্যকা৷ হাঃ হাঃ হাঃ৷”
দুয়োৰে হাঁহিৰ শব্দই গোটেই ৰেষ্টুৰেণ্টখন জিনি লৈ
গৈছিল৷ ওচৰৰ টেবুল দুখনমানত মনোযোগেৰে ভাত, ৰুটী খাই থকা গ্ৰাহক কেইজনমানে
বিৰক্তিৰে সিহঁতলৈ ঘূৰি চাইছিল৷ উণ্টাৰত বহা মানুহজনে গ্ৰাহক এজনে দিয়া নোট
কেইখনমান দুহাতত লৈ খৰকৈ গণি আছিল৷ হাঁহিৰ শব্দত তেওঁৰ হিচাপত আউল লাগি গ’ল৷ খঙৰ ভাবটো নুলুকুওৱাকৈ সেইজনে ডিঙি মেলি চকু থিয় কৰি ৰাতুলহঁতৰ ফালে
চাইছিল৷ মিনতি আৰু ৰীমা অলপ অপ্ৰতিভ হৈ পৰিছিল৷ সিহঁতৰ
মুখৰ হাঁহিয়ে প্ৰাকৃতিক ৰঙটো হেৰুৱাই পেলোৱা যেন দেখা গৈছিল৷
ৰাতুল আৰু সুনীলো অলপ সংযত হ’ল৷ লগাতকৈ অলপ বেছি
আগুৱাই যোৱা যেন লাগিছিল দুয়োৰে৷ ৰীমা আৰু মিনতি কিছু পৰিমাণে গম্ভীৰ হৈ পৰিছিল
কাৰণেই চাগে বাকী একেলগে থকা সময়খিনিত ৰাতুল আৰু সুনীলে ডাঙৰকৈ হা-হাকৈ আৰু হঁহা
নাছিল ৷
সুনীলহঁত ৰাতুলৰ ঘৰলৈ আহিব পৰা নাছিল৷ যিদিনা আহো বুলিছিল, সেইদিনা ৰীমাৰ গা অলপ বেয়া লাগি আছিল৷ সিহঁতে হোটেলতে জিৰাইছিল সেইদিনা৷
এই কথাখিনি মিলাই আৰু বহু কল্পনা শক্তিৰ প্ৰয়োগ ঘটাই ৰাতুলে গল্পটো লিখিছিল৷ গল্পটোত কিছু মচলা আৰু কেইটামান মনস্তাত্বিক পাকো যোগ কৰিছিল সি৷ ভাগ্যক্ৰমে “দুৰন্ত প্ৰহৰী”ত গল্পটো প্ৰকাশো হ’ল৷
দুদিন পাছত পুৱাই ৰাতুলে সুনীলক ফোন কৰিলে৷ ৰীমাৰ লগত
মিনতিৰ কথা পাতিবলৈ বৰকৈ ইচ্ছা হৈ আছিল৷
“এওঁ বোলে ৰীমাৰ লগত কথা পাতে৷”
ৰাতুলে ফোনত কৈছিল৷
“ৰীমা ঘৰত নাই অ’৷
পৰহি আবেলিয়েই গ’ল তেওঁলোকৰ মানে মাকৰ ঘৰলৈ৷”
“অ’ হয় নেকি ?
তেওঁৰেই ফোন নম্বৰটো দিবিচোন৷”
“হ’ব দে৷ কিন্তু
গা বেয়া নেকি ৰীমাৰ, এই দুদিন মোক ফোন কৰাও নাই আৰু মোৰ ফোন
ধৰাও নাই৷”
“ঠিক আছে দে৷ দুদিনমান পাছতেই ফোন কৰিব মিনতিয়ে৷” ৰাতুলে কৈছিল৷
পিছদিনা দুপৰীয়া ৰাতুলৰ ফোনটো বাজিল৷ ৰীমাৰ পৰা ফোন
অহাত ৰাতুল অলপ আচৰিত হৈছিল৷ কিয়বা তাক ফোন কৰিব লগা হ’ল ? লগ পাওঁতে সিতো ভালকৈ ৰীমাৰ লগাত কথা পাতিবই পৰা নাছিল৷ মিনতিয়েহে তাইৰ
লগত বেছিকৈ লাগি আছিল৷
দুই-এষাৰ সৌহাদ্যপূৰ্ণ কথাৰ পাছত ৰীমাই কৈছিল, “আপোনাৰ ’অতীতৰ চিঞৰ’ গল্পটো পঢ়ি বৰ ভাল লাগিছে৷ খুব সুন্দৰ
লিখিছে আপুনি৷ ভাবিবই পৰা নাছিলোঁ আপুনি যে এজন ইমান ভাল লেখক৷”
“ধন্যবাদ৷ গল্পটো ভাল পোৱা বুলি জানি
ভাল লাগিল৷” ৰাতুল সঁচাকৈয়ে আহ্লাদিত হৈছিল৷ ৰীমাৰ দৰে
স্মাৰ্ট, সুন্দৰী মহিলাই তাৰ গল্প পচন্দ কৰিছে ! আৰুনো কি
লাগিছে তাক ?
“ময়ো হাইস্কুলত কবিতা লিখিছিলোঁ৷”
ৰীমাই কৈছিল৷
“বৰ ভাল৷ বৰ ভাল কথা৷”
“মোৰ কবিতা স্কুলৰ আলোচনীত ওলাইছিল৷
তাৰ পাছত কলেজৰ আলোচনীতো ওলাইছিল৷”
“সুন্দৰ ! অতি সুন্দৰ ! আপুনি কবি …৷” ৰাতুলে উৎসাহেৰে কিবা ক’ব
খুজিছিল৷
“সেয়া বহু বছৰ আগৰ কথা৷ কিন্তু কবিতা
লিখিছিলোঁ কল্পনাৰে, অনুভৱেৰে৷”
“হয়৷ কবিতা কল্পনা আৰু অনুভৱৰ কলা৷”
সাহিত্যিক ভাব এটা আনিবলৈ চেষ্টা কৰি সি কৈছিল৷
“সঁচা৷ কিন্তু ভাবিছোঁ গল্পত বাস্তৱৰ
বৰ বেছি প্ৰভাৱ থাকে৷ নহয় নে?” তাই সুধিছিল৷
ৰাতুলে সেই সম্পৰ্কে আগতে বৰকৈ ভাবি চোৱা নাছিল৷ তাৰ
গল্পত বাস্তৱ কাহিনী, চৰিত্ৰ আদিৰ যথেষ্ট প্ৰভাৱ থকাটো হয়৷ উত্তৰত
পাণ্ডিত্যপূৰ্ণ মন্তব্য এটা দি ৰীমাক মুগ্ধ কৰিব পৰা হ’লে সি
বৰ ভাল পালেহেঁতেন৷ কিন্তু সি যিহেতু গল্প পঢ়া আৰু লিখাহে মানুহ, গতিকে গল্পৰ চৰিত্ৰ, তত্ত্ব আদি সম্পৰ্কে তাৰ বৰ
বেছি মন-কাণ নাই৷ আধুনিক কবিতা বুজিয়েই নাপায় কাৰণে সি সেইবোৰ নপঢ়েই৷
নিৰস উত্তৰ এটা দিবলৈয়ে সি বাধ্য হ’ল,
“হয়৷ মোৰো তেনে ভাবেই হয়৷ বাস্তৱৰ প্ৰায়বোৰ ঘটনাকেই সজাই-পৰাই গল্পৰ
ৰূপ দিব পাৰি৷”
“হয়৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা
গল্পবোৰ বেছি গভীৰ হয় কিজানি৷ মনত ডাগ কাটি থৈ যায়৷ আপোনাৰ গল্পটো পঢ়াৰ পাছৰ পৰা
সেই ভাবটোৱেই আহি আছে৷ পাহৰিবই পৰা নাই একেবাৰে৷”
ৰাতুলৰ বৰ ভাল লাগিল৷ দাৰ্শনিকৰ দৰে গহীন সুৰ এটাৰে ক’লে, “ভাল হোৱা নাই মোৰ গল্পটো৷ কিন্তু আপোনাৰ মন্তব্যই এটা গভীৰ সত্য ব্যক্ত
কৰিছে৷ বাস্তৱৰ ওপৰত ভিত্তি কৰি লিখা গল্প এটাৰ আবেদন বেলেগ এটা পৰ্যায়ৰ হয়৷ সেয়া
আমাৰেই জীৱনৰ কথা যে৷ জীৱনৰ বাস্তৱ ৰূপ গল্পৰ আইনাত চাবলৈ পাঠকে ভাল পায়৷ গল্প হ’ব লাগে আমাৰ জীৱনৰ বাস্তৱ ছবি৷”
“হয়৷ আমাৰ জীৱনৰ ছবি৷ বাস্তৱ ছবি৷
আইনাত জুমি চালেহে ভালকৈ জিলিকি উঠা সঁচা ছবি৷” ৰীমাৰ মাতটো
যেন অলপ উদাস হৈ পৰিছিল৷
“ঠিকেই কৈছে৷ আপোনাৰ চিন্তাৰ গভীৰতাই
মুগ্ধ কৰিলে মোক৷”
“বাস্তৱ কেতিয়াবা ভাবিব নোৱৰা ধৰণৰ হয়,
নহয় জানো৷” ৰীমাৰ কণ্ঠত এটি শোকভৰা আবেশ৷
“ঠিকেই কৈছে আপুনি৷ বিচিত্ৰ এই বাস্তৱ৷”
“আৰু জীৱনটো প্ৰায়ে তেনেকুৱা নহয়
যেনেকুৱা আমি হোৱাটো বিচাৰোঁ৷”
“হয়৷ এটি নিৰ্ঘাত সত্য …৷“
“আৰু জোনটোও তেনে নহয় যেনে আমাৰ আকাশে
বিচাৰিছিল৷”
“সত্য৷ আপোনাৰ জীৱন সম্পৰ্কে এক গভীৰ
কাব্যিক উপলব্ধি আছে৷ মই আপ্লুত ! সঁচাকৈয়ে মুগ্ধ হৈ গ’লোঁ !”
ৰাতুলে কৈছিল৷
সিফালৰ পৰা কোনো উত্তৰ নাহিল আৰু তেনেকৈয়ে নীৰৱতাৰ
কেই চেকেণ্ডমান পাৰ হৈছিল৷ ৰাতুলে একো বুজিব পৰা নাছিল৷
“মিনতিৰ লগত কথা পাতিব নেকি ?” নীৰৱতা ভংগ কৰি সি সুধিছিল৷
“অ’ আপুনি ঘৰতে আছে নেকি ? মই আকৌ অফিচত থকা বুলিহে ভাবিছিলোঁ৷ এতিয়া আৰু কথা নাপাতোঁ দিয়ক, এৰিছোঁ৷ গাটো অলপ বেয়া লাগিছে৷ বাই৷” ৰীমাই হঠাতে ফোনটো কাটি দিছিল৷
পিছদিনা ৰাতুলে অফিচৰ কেণ্টিনত দুপৰীয়াৰ আহাৰ খাই উঠি
সম্মুখৰ পাৰ্কত খোজ কাঢ়িছে৷ পাৰ্কত কেইযোৰমান ডেকা-গাভৰুৰ বাদে আৰু কোনো নাই৷
ফোনটো বাজি উঠিল৷ ৰীমাৰ ফোন৷ সি ফোনটো কাণত ল’লে৷
“ঘৰত নে অফিচত বাৰু ?” ৰীমাৰ মাত ভাহি আহিল৷
“মই অফিচত৷ কওকচোন৷ ভাল নে আপোনাৰ ?”
ৰাতুলে ক’লে৷
“ভাল৷ এটা কথা সুধিব লগা আছিল৷ আমনি
দিয়া নাইতো আপোনাক ?”
“নাই, নাই৷ কি কয়
? একো আমনি পোৱা নাই৷” ৰাতুলে বেঞ্চ
এখনত বহি ল’লে আৰামকৈ৷
“মই মানে আপোনাৰ গল্পটোৰ কথাবোৰকেই
ভাবি আছোঁ৷” ৰীণাই আকৌ “অতীতৰ চিঞৰ”লৈ ঘূৰি যাব বিচাৰিছিল৷
“অ’ হয় নেকি ?
এনে কিনো আছে মোৰ গল্পটোত ?” ৰাতুলে তাৰ
গল্পটোৱে কাৰোবাৰ মনত এনেদৰে খলকনি তুলিব পাৰে বুলি ভাবিবই পৰা নাছিল৷ সি আকাশত
উৰিবলৈ ধৰিছিল৷
“ইমান জীৱন্ত প্ৰকাশ, ইমান অকৃত্ৰিম বৰ্ণনা ! মনটো তোলপাৰ কৰি আছে৷” ৰীমাই
আকৌ ক’লে৷
“নহয় । এনেয়ে অলপ লিখিছোঁ আৰু ...৷”
ৰাতুলে নিৰাসক্ত ভাব এটা দেখুৱাবলৈ চেষ্টা কৰিছিল৷
“ইমান গভীৰভাৱে, ইমান
নিখুঁতভাৱে চৰিত্ৰবোৰ অংকন কৰিছে আপুনি !”
“সিমান ভাল হোৱা নাই দিয়ক৷ কিবা অলপ
চেষ্টা কৰিছোঁ আৰু৷”
“সেইদিনা আমি মন্দিৰত লগালগি হোৱাৰ
বৰ্ণনাটো ইমান ভালকৈ দিছে৷ অথচ ইমান কম কথাৰে৷ সঁচা সঁচা যেন লাগিছে৷”
“হয়৷ সেইখিনি হুবহু লিখিবৰ চেষ্টা
কৰিলোঁ৷ সেই কাৰণেই বোধহয় সঁচা যেন লাগিছে৷”
“নামবোৰো ধুনীয়া হৈছে৷ মিলি গৈছে ।”
“মানে ? বুজা নাই
মই৷”
“এই যে প্ৰতুল, অনিল,
প্ৰণতি, মীৰা - এই নামবোৰ৷”
“অ’ সেইটো কথা৷
হাঃ হাঃ হাঃ !” ৰাতুলে ইমান ডাঙৰকৈ প্ৰাণখোলা হাঁহি এটা
মাৰিলে যে ওচৰৰ বেঞ্চত বহা প্ৰেমিক-প্ৰেমিকা এহালে কথা বন্ধ কৰি তাৰ ফালে ঘূৰি চাব
লগা হ’ল৷ “নামবোৰো সঁচা
চৰিত্ৰবোৰৰ লগত মিলা হ’লে খুব ভাল হয়, নহয়
জানো ?”
“অতীতৰ চিঞৰ” গল্পটোত
ৰাতুলক প্ৰতুল, সুনীলক অনিল, মিনতিক
প্ৰণতি আৰু ৰীমাক মীৰা নামেৰে উপস্থাপন কৰা হৈছিল৷
নীৰৱতাৰ কেইচেকেণ্ডমান পাৰ হ’ল৷
“হয়৷ সঁচা ঘটনা, সঁচা
চৰিত্ৰ যেতিয়া নামবোৰো সঁচা সঁচা হ’লে ভালেই লাগে৷ এয়েইতো
জীৱন৷ এয়েইতো আমাৰ জীৱনৰ খেল৷” ৰীমাৰ মাতটো বৰ গভীৰ হৈ
আহিছিল৷
ৰাতুলে একো বুজিব পৰা নাছিল৷ এনেয়ে ক’লে, “একেবাৰে সত্য কথা ক’লে আপুনি৷”
“আমাৰ কল্পনাই বিচাৰে সম্মুখৰ পথ মসৃণ
হওক৷ কিন্তু জীৱনৰ পথত জানো খলা-বমা নাথাকে ? জীৱনৰ পথত জানো
আমি অপ্ৰত্যাশিত আঘাতৰ সম্মুখীন নহওঁ ? সেই আঘাতে আমাৰ হৃদয়
জানো ক্ষত-বিক্ষত কৰি থৈ নাযায় ? কিছুমান আঘাত, কিছুমান স্মৃতি জানো চিৰকাল সজীৱ হৈ নাথাকে ?”
ৰাতুলে ইমান কাব্যিকতাৰে কথাবোৰ ভাবিব নোৱাৰে৷ সি হ’ল নিৰস গদ্যৰ মানুহ৷
ক’লে, “হয়, হয়৷
জীৱনত বহুত দুখ-কষ্ট আছে৷”
“হয়৷…হয়৷ …”
ৰীমাই কিবা এটা ক’ব খুজি যেন ৰৈ গৈছিল৷ উচুপনি
এটাও শুনা যেন পালে ৰাতুলে৷
আকৌ কেইচেকেণ্ডমানৰ নীৰৱতা৷
“গল্পটোৰ শেষৰ শাৰীবোৰে মোৰ অন্তৰ
তোলপাৰ কৰিলে৷ সেই স্মৃতিৰ নীলা সাগৰৰ জোৱাৰ যিয়ে হঠাতে উটুৱাই নিব খোজে তেওঁৰ
উদাসীন বৰ্তমান৷” সাগৰৰ গভীৰতম বক্ষৰ পৰা যেন ভাহি আহিছিল
ৰীমাৰ কণ্ঠৰ এই শব্দবোৰ৷
“হয়৷ তেনেকুৱাই কিবা আছিল নেকি শেষত ?”
ৰাতুলে একোৱেই মনত পেলাব পৰা নাছিল, একোৱেই
বুজিব পৰা নাছিল৷
“অতীতৰ চিঞৰ” গল্পটো এই শাৰীবোৰেৰে শেষ হৈছিল -
“সেই মন্দিৰৰ পবিত্ৰ প্ৰাংগনত অনিলে
প্ৰণতিৰ দুচকুলৈ বহু বছৰৰ মূৰত আকৌ চাইছিল৷ তাইৰ চকুত এখন গভীৰ নীলা সাগৰ৷ সেই
সাগৰখন তাৰ অতি চিনাকি, অতি মৰমৰ৷ সেই একেই আকুলতাৰ জোৱাৰে
তাক যেন আকৌ বুৰাই পেলাব৷ সুদূৰ দিগন্তৰ পৰা স্মৃতিৰ বিহংগবোৰ উৰি উৰি আহি সিহঁতৰ
আকাশ ছানি ধৰিছিল৷ আৰু তাইৰ ওঁঠদুটিও কঁপি উঠিছিল৷ কিবা যেন ক’ব খুজিছিল তাই৷ কিন্তু ক’ব পৰা নাছিল৷ শৈশৱ, কৈশোৰ আৰু যৌৱনৰ নিষ্কলুষ সজল ডাৱৰবোৰৰ পৰা নীলা সাগৰখনলৈ এজাক বৰষুণ নামি
আহিব খুজিছিল৷ কিন্তু সি যে এতিয়া বেলেগ এখন নদীত নাও মেলি দিছে৷ সেই নদীৰ লক্ষ্য
অন্য এখন সাগৰ৷ যাওঁ বুলি কৈছিল যদিও সি প্ৰণতিৰ ঘৰলৈ যাবলৈ সাহস কৰিব নোৱাৰিলে৷
সি পলাই যাব বিচাৰিছিল৷ কিন্তু সি জানে, সেই দুচকুৰ নীলা
সাগৰৰ জোৱাৰে তাৰ পৃথিৱীৰ সকলো উপকূলেই প্লাবিত কৰি থৈ গ’ল
চিৰদিনৰ বাবেই, যাৰ পৰা পলাই যোৱাটো আচলতে অসম্ভৱ৷”
“এটা কথা সুধিলে বেয়া পাব নেকি ?” ৰীমাৰ মাতটো আৰু বেছি গভীৰ, আৰু বেছি কৰুণ হৈ আহিছিল৷
“কিয় বেয়া পাম ? সোধক৷”
“অনিল আৰু প্ৰণতিৰ … মানে …৷” ৰীমাই কথা বন্ধ কৰিলে৷
কেইচেকেণ্ডমান ৰহস্যময় নীৰৱতাৰে পাৰ হ’ল আকৌ৷
“কওকচোন৷” ৰাতুলেই আকৌ নীৰৱতা ভংগ কৰিলে৷
“অনিল আৰু প্ৰণতিৰ… মানে… মানে... সুনীল আৰু মিনতিৰ সঁচাই
কিবা সম্পৰ্ক আছিল নেকি ?”
ঠিকনা :
বাঙ্গালোৰ
ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮
My address:
B-115,
Sanvi Sankalpam,
Nagondanahalli,
Nonefield,
Bangalore
PIN 560067