অন্যযুগ/


এই ঘাটে চপাই দে নাও

 তৃপ্তি বৰা


 

: কাহিনীটো আৰম্ভ হৈছিল এযুৰি চকুৰ পৰা। জলেৰে পৰিপূৰ্ণ অথচ তৰংগহীন সুগভীৰ নাদৰ দৰে এযুৰি চকু। নৈৰ বুকুৱেদি নাও বাই গৈ থকা নাৱৰীয়াই কোনোবা অচিন ঘাটত দেখা পোৱা জলকুঁৱৰীৰ চকু এযুৰি। তাৰপাছৰে পৰাই নাৱৰীয়াক অনবৰতে সেই চকুযুৰিয়ে খেদি ফুৰিবলৈ ধৰিলে। আচলতে খেদি ফুৰে বুলি কলে ভুল হব। চকুযুৰিয়ে তেওঁক নিচুকাই ৰাখে। দুচকুৰ পতাত টোপনিয়ে ভৰ নকৰা কেতিয়াবা নাৱৰীয়াক ত্তাল সাগৰৰ বলিয়া ঢৌবোৰে জলপৰীৰ কাষৰ পৰা বহুযোজন দূৰলৈ লৈ যায়। প্ৰকাণ্ড টৌবোৰে তেওঁক যধে-মধে কোবায়। নাকে-মুখে পানী সোমোৱাৰ ফলত তেওঁৰ উশাহ লবলৈও কষ্টকৰ হৈ পৰে। লাহে লাহে নাৱৰীয়া পানীৰ সোঁতত বিলীন হয়। ঢৌবোৰৰ জোৰ ইমানেই তীব্ৰ যে তেওঁ বাৰে বাৰে সাঁতুৰিবলৈ হাত-ভৰি মৰাৰ প্ৰয়াস কৰি ভাগৰি পৰে। মৃত্যু সমাগত! নাৱৰীয়া নিশ্চিত হৈ পৰে। ক্ৰমাৎ জাপ খাই আহিব খোজা চকুযুৰি নাৱৰীয়াই জোৰকৈ মেলি দিয়ে। চকু মেলি তেওঁ দেখে, উস! ৰক্ষা। সেয়া মাথোঁ এক দুঃস্বপ্নহে আছিল!

সাগৰৰ উত্তাল ঢৌ নাৱৰীয়াই কাহানিও বিচৰা নাই। তেওঁ বিচাৰিছে এখন শান্ত নৈ। তেওঁ বাই যোৱা নাওখনে যাৰ বুকু তৰংগায়িত কৰি তোলে, তেনে এখন নৈ বিচাৰে নাৱৰীয়া। ৰাতিবোৰ যেতিয়া গাভৰু হৈ আহে, নাৱৰীয়াৰ সপোনটোও ক্ৰমাৎ চঞ্চল হৈ আহে। জলকুঁৱৰীক কাষতে পোৱাৰ বাসনাও তীব্ৰতৰ হৈ পৰে|

 : ৰ ৰ, ব্ৰেক মাৰ৷ নাৱৰীয়াৰ এই গোপন অভিলাষৰ খবৰ পিছে জলকুঁৱৰীয়ে পাইনে নাপায়? নে বিনা অনুমতিত জলকুঁৱৰীৰ হিয়াৰ মণিকোঠত সোমোৱাৰ যি আয়োজন, তাৰ বাবে যদি তেওঁ জলকুঁৱৰীৰ ৰোষৰ বলি হব লগা হয়? - চিগাৰেটত দীঘলীয়া টান এটা মাৰি চকীখনত গাটো আৰামকৈ এৰি দি ৰুদ্ৰাক্ষলৈ প্ৰশ্নটো এৰিলোঁ।

: অভিলাষ আৰু অভিসাৰৰ মাজত দুটা আখৰৰেই নহয়,অৰ্থৰো পাৰ্থক্য আছে বন্ধু।- ওঁঠযুৰি সামান্য বেঁকা কৰি ব্যংগাত্মক হাঁহি এটা মোলৈ দলিয়াই দি কথাষাৰ কলে।

: তেন্তে কি সেয়া প্লেটনিক প্ৰেম?

হোঁহোৱাই হাঁহি পেলালে সি

: ‘প্লেনিক প্ৰেম বুলি আচলতে একো নাথাকে। সেয়া বিফল প্ৰেমিকৰ মনৰ নিচুকনিহে মাথোন। নাৱৰীয়া জলকুঁৱৰীৰ প্ৰেমত পৰিছিল আৰু প্ৰেমত পৰিবলৈ জানো অনুমতিৰ প্ৰয়োজন?

আচলতে ‘প্লেনিক প্ৰেমৰ সন্দৰ্ভত মই নিজেও সন্দিহান। মই জনাত মগজুৰ নিঅ’ৰ’কেমিকেলৰ প্ৰভাৱৰ ফলত কোনোবাজনৰ প্ৰতি মানুহৰ আকৰ্ষণ খুব বেছি চাৰি বা পাঁচ বছৰকালহে থাকে। অৱশ্যে এই ক্ষেত্ৰত মই নিশ্চিত নহয়। কাৰণ প্ৰেম নামৰ বিলাসিতাভাগৰ পৰা মই বহুযোজন দূৰত। কোনো বিশেষ ব্যক্তিৰ বিশেষ গুণ, গোন্ধ অথবা আচৰণে যেতিয়া আমাক আকৰ্ষণ কৰে, তেতিয়াই আমাৰ মস্তিষ্কৰ হাইপঠেলামাছ গ্ৰন্থি সক্ৰিয় হৈ পৰে। ডোপামাইন হৰমনৰ নিঃসৰণৰ ফলত সেই ব্যক্তিবিশেষৰ সংগই আমাক সুখ প্ৰদান কৰে। মগজুৰ এই সমগ্ৰ ৰসায়নিক প্ৰক্ৰিয়াটোকেই আমি প্ৰেমবুলি কওঁ - যাৰ বাবে কবিয়ে কবিতা লিখে, প্ৰেমৰ কাহিনী ৰচে। মোৰ আকৌ মনে মনে হাঁহিহে উঠে  -  চাল্লা! গোটেই গণ্ডগোলখিনি লগাই মগজুৱে আৰু মানুহে দোষাৰোপ কৰে বেচেৰা হৃদয়খনক। এডিক্সন হৰমন ডপামাইনৰ কৃপাত অৱশ্যে প্ৰেমৰ নিচাও মদৰ ৰাগীতকৈ কোনোগুণেই কম হৈ নাথাকে। মই পিছে সেই নিচাতকৈ মদৰ নিচাক বেছি প্ৰাধান্য দিম। কিয়? সেই কথাৰ উত্তৰ অৱশ্যে মোৰ হাততো নাই। নিজকে প্ৰেক্টিকেল সজোৱাৰ তাড়নাতেইনে বুকুত কঢ়িয়াই ফুৰা সৰ্বস্বান্ত হোৱাৰ ভয় এটাৰ তাগিদাতেই মই প্ৰেমৰ পৰা সদায় এশ গজমান দূৰত্বত অৱস্থান কৰি থাকোঁ। তাৰোপৰি অন্য জীৱৰ দৰেই দেখোন মানুহকো বায়গামাছ যেনেই অনুভৱ হয় মোৰ। মাত্ৰ সমাজৰ তাগিদাতহে মানুহবোৰ মনগামাজ হৈ থকাৰ আখৰা কৰে। মুঠতে প্ৰেম ভালপোৱাৰ কথাবোৰ নিচাৰ দৰে, নিচা ফাটি গলেই সকলো শেষ।

 

প্ৰয়োজনতকৈ অধিক বাস্তৱবাদী কিজানি মই। সেয়ে হয়তো যিকোনো আবেগিক কথাৰ ওপৰতেই অতি সহজে অস্ত্ৰোপচাৰ চলাব পাৰোঁ। দুটি বিপৰীত বিন্দুত অৱস্থান কৰাৰ পাছতো মোৰ আৰু ৰুদ্ৰাক্ষৰ বন্ধুত্বৰ সাঁকোডালক একমাত্ৰ এই কাৰণটোৱেই মজবুত কৰি ৰাখিছে । ঠিক যেন বিয়োগে বিয়োগে পূৰণ হৈ যোগ হোৱাৰ দৰেই আমাৰ সম্পৰ্ক। ৰুদ্ৰাক্ষ পিছে মোৰ সম্পূৰ্ণ বিপৰীত। তথাপিও তাৰ প্ৰতিটো কবিতা বা প্ৰতিটো কাহিনীৰ প্ৰথম শ্ৰোতা আৰু সমালোচক মই। আগতে কোৱাৰ দৰেই অস্ত্ৰোপচাৰ চলাব পৰা স্বভাৱটোৰ বাবেই মোক কিজানি ৰুদ্ৰাক্ষ তাৰ লেখাবোৰৰ এজন উপযোগী সমালোচক বুলি গণ্য কৰে।

: পিছৰ অংশ শুনিবিনে? - মোৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ বাবেই কিজানি মোৰ ইতিমধ্যে আগ্ৰহ নোহোৱা হৈছে বুলি সি মোক প্ৰশ্নটো কৰিলে

: অঁ, কৈ যা। - কাহিনীৰ প্ৰতি ক্ৰমাৎ আগ্ৰহ বাঢ়ি আহিছিল। কাহিনীৰ উৎকণ্ঠা ধৰি ৰখাত ৰুদ্ৰাক্ষ আগৰে পৰাই পাকৈত। আড্ডা ক্ৰমাৎ জমি আহিল।

: তাৰ পাছত নাৱৰীয়াই অনুভৱ কৰিলে জলকুঁৱৰীৰ নিস্তৰংগ চকুযুৰিক যদি তৰংগায়িত কৰিব পাৰিলেহেঁতেন! হেঁপাহটো ক্ৰমাৎ বুকুৱেদি বগুৱা বাই আহি নাৱৰীয়াৰ মন-মগজুত থিতাপি ললেহি। দিনে-ৰাতিয়ে মাথোঁ এটাই চিন্তা কৰিবলৈ ধৰিলে, কেনেবাকৈ যদি কাৰেঙত প্ৰৱেশ কৰিব পাৰিলেহেঁতেন!

খোলা খিৰিকীৰে সোমাই অহা জোনাক, হুইস্কি আৰু ৰুদ্ৰাক্ষৰ কথাৰ সংমিশ্ৰণত সময়খিনি ইতিমধ্যে গালিবৰ ৰোমাণ্টিক শ্বায়ৰী এটাৰ দৰেই মায়াময় হৈ পৰিছে।পেছাত এটি প্ৰতিষ্ঠিত কম্পেনীৰ লিগেল এডভাইজাৰ ৰুদ্ৰাক্ষৰ বাবে সাহিত্যচৰ্চা এক নিচা। কথাবোৰ কিদৰে স্বাদ লগাকৈ সজাই পৰাই আগবঢ়াই দিব লাগে, সেই কথাটো ৰুদ্ৰাক্ষৰ পৰা শিকিবলগীয়া। কাহিনীবোৰ কৈ যাওঁতেও পাছৰ অংশত কি হব সেই উদ্বিগ্নতা ধৰি ৰখাত সি সিদ্ধহস্ত৷ প্ৰেমৰ কথাবোৰ কৈ থাকোঁতে এনে লাগিছে ৰুদ্ৰাক্ষৰ চকুকেইটাত যেন আকাশৰ তৰা দুটিহে ওপঙি ফুৰিছে। অথচ কিছুপৰ আগতে যেতিয়া মোৰ ৰুমলৈ সি পৰ্দাখন ঠেলি সোমাই আহিছিল, দেখিবলৈ এনে লাগিছিল জগতৰ সমস্ত ভাগৰ যেন তাৰ শৰীৰটোৱেহে কঢ়িয়াইছে। চকু দুটাতো নিদ্ৰাহীনতাৰ চাপ স্পষ্ট৷ অথচ সেই ৰুদ্ৰাক্ষই এতিয়া ইমান সপ্ৰতিভ,ইমান উজ্জ্বল! প্ৰেমৰ নিচাত নুডুবিলেও মই পিছে ৰুদ্ৰাক্ষৰ শব্দৰ জালত বাৰুকৈয়ে বান্ধ খালোঁ। ইমান জীৱন্ত এই বৰ্ণনা!

: তই কাহিনীৰ চৰিত্ৰৰ মাজত নিজকে বিচাৰ নে চৰিত্ৰৰ জৰিয়তে নিজৰ কাহিনী কৱ বাৰু? - মোৰ মনত ঘূৰি থকা কথাষাৰ স্বতঃস্ফূৰ্তভভাৱে মোৰ মুখৰে ওলাই আহিল।

 

: আচলতে গল্পবোৰ গল্পকাৰৰ বুকুত গজে। অহৰহ বুকুতে কঢ়িয়াই ফুৰে, আলফুলে। গল্পটোৰ চৰিত্ৰৰ লগত হাঁহে, কান্দে, ওৰে ৰাতি আলাপ কৰে। তাৰপাছত কেতিয়াবা গল্পটোৱে পূৰ্ণতা পায় আৰু কেতিয়াবা আধা কেঁচেলুৱা হৈ গল্পকাৰৰ বুকুতে থাকি যায়। পূৰ্ণতা নোপোৱা গল্পৰ আকৌ ওজন বৰ বেছি। গল্পকাৰৰ মন আৰু মগজুক ভাৰাক্ৰান্ত কৰি ৰাখে। - ক্ষীণ হাঁহি এটা মাৰি সি কলে।

যদিও মই গল্প নিলিখোঁ। গল্পকাৰ বন্ধু থকাৰ বাবেই হয়তো গল্প এটাৰ জন্মৰ আঁৰৰ যন্ত্ৰণাৰ কথা অনুভৱ কৰিব নোৱাৰিলেও অনুমান ভালকৈয়ে কৰিব পাৰোঁ। ৰুদ্ৰাক্ষৰ কথাখিনিয়ে বহুদিনৰ আগতে গল্পকাৰ বান্ধৱী এগৰাকীয়ে হাঁহি হাঁহি কোৱা কথা এষাৰলৈ মনত পেলাই দিলে, - “গল্পটো মই প্ৰথম পুৰুষতে লিখিছিলোঁ জানানে? পিছে গল্পৰ নায়কৰ প্ৰেমত এনেকৈ পৰিলোঁ যে,তেওঁক কষ্ট দিবলৈ মন নগল। সেয়ে গল্পটো তৃতীয় পুৰুষতে লিখি পেলালোঁ। নায়িকাৰ লগত নায়কক ভগাবলৈ কষ্ট হৈছে যদিও,দুখবোৰ আঁকিবলৈ অকণমান সহজ হৈছে। কাহিনীৰ গতিতহে গল্পকাৰৰ হাত থাকে। কিন্তু চৰিত্ৰবোৰৰ স্বকীয়তা থাকে। চৰিত্ৰবোৰ স্বতন্ত্ৰ। চৰিত্ৰৰ সৈতে একাত্ম হব নোৱাৰিলে গল্পৰ গতি স্থবিৰ হৈ পৰে

কতবাৰ যে গল্পকাৰে গল্পৰ চৰিত্ৰৰ দুখ যন্ত্ৰণা বৰ্ণনা কৰিবলৈ গৈ মানসিক অন্তৰ্দন্দ্বতো ভোগে। কত বিনিদ্ৰ ৰজনী কটায়। যোৱা ছমাহে মোলৈ ফোন এটাও নকৰাকৈ থকা ৰুদ্ৰাক্ষও চাগৈ কোনোবাটো গল্পৰ চৰিত্ৰৰ লগতেই একাত্ম হৈ আছিল!

ৰুদ্ৰাক্ষৰ কথাৰ উত্তৰত মই একো নকলো। এনেয়ো মোৰ মন-মগজুত তেতিয়া টুলুংভুটুং কৰি আছিল নাও বাই গৈ থকা নাৱৰীয়াজনে অচিন ঘাটত লগ পোৱা দুটি সজল চকু,পুৰঠ পকা কমলা দুফুটাৰ এযুৰি ৰসাল ওঁঠ, দীঘল নিমজ ডিঙি, শংখৰ দৰে দুটি স্তনেৰে পূৰ্ণিমাৰ পকাজোন বৰণীয়া নাৰীৰ শৰীৰ এটিয়ে। আস্‌! পালেনে বাৰু নাৱৰীয়াই সেই নাৰীৰ মন! কোনোবাটো গাভৰু ৰাতি নাৱৰীয়াৰ চঞ্চল সপোনটোৱে পূৰ্ণতা পালেনে?

কাহিনীৰ পিছৰ অংশ শুনিবলৈ মই আগ্ৰহেৰে ৰুদ্ৰাক্ষৰ মুখলৈ চালোঁ।

টেবুলত থকা প্লেটখনৰ পৰা কাজু এটা মুখত ভৰাই,হুইস্কিৰ গিলাচত চুমুক দি সি পুনৰ কবলৈ আৰম্ভ কৰিলে -

: সুযোগ বুজি নাৱৰীয়াই এদিন জলকুঁৱৰীৰ কাৰেঙত প্ৰৱেশ কৰিলে। লুকাই-চুৰকৈ নহয়। চলেৰে,কৌশলেৰে। পিছে যি সুখানুভূতিৰ অন্বেষণত নাৱৰীয়াই কাৰেঙৰ ভিতৰত প্ৰৱেশ কৰিছিল সেই হেঁপাহ ক্ষণিকতে চূৰ্চুমৈ হৈ পৰিল। কাৰণ নাৱৰীয়াই ইতিমধ্যে আৱিষ্কাৰ কৰিছিল, জলকুঁৱৰীৰ হাঁহি-সুখবোৰক চন্দুকত ভৰাই সেই কাৰেঙৰ অধিপতিয়ে তলাবদ্ধ কৰি থৈছে। যাৰ ভয়ত মহলৰ সকলো ত্ৰস্তমান হৈ থাকে। আনকি জলকুঁৱৰীও তেওঁৰ অনুগত হৈ থাকে। হঠাতে যেন নাৱৰীয়াই আবিষ্কাৰ কৰি পেলালে তৰংগহীন এযুৰি চকুৰ আঁৰৰ এন্ধাৰৰঙী এটি কাহিনীক।

জলকুঁৱৰীক কাষতে পোৱাৰ দুৰ্বাৰ হেঁপাহটোৰ উকমুকনিৰ ফলতেই নাৱৰীয়াই বনিজৰ চলেৰে লাহে লাহে ৰজাৰ লগত বন্ধুত্ব গঢ়ি তুলিলে। নাৱৰীয়া হৈ পৰিল ৰজাৰ বিশ্বাসভাজন। এতিয়া নাৱৰীয়াৰ কাৰেঙলৈ অবাধ আহ-যাহ। জলকুঁৱৰীক তেওঁ যিমানে কাষৰ পৰা পাবলৈ ধৰিলে সিমানে দেখোন দূৰত্ব অধিক যেনহে অনুভৱ কৰিবলৈ ধৰিলে আৰু সেই দূৰত্বক মষিমূৰ কৰাৰ তাড়নাটোৱে তেওঁৰ বুকুৰ ভিতৰখনত ধৰফৰাবলৈ ধৰিলে। ৰজাই নাৱৰীয়াৰ সন্মুখত জলকুঁৱৰীৰ ওপৰত যেতিয়া অধিকাৰ সাব্যস্ত কৰিবলৈ ধৰে,তেতিয়াই তেওঁৰ কলিজাত যেন বিষলগা কাঁড় এপাতৰ খোঁচ পৰে।

 কথাবোৰ কৈ যাওঁতে ৰুদ্ৰাক্ষৰ মুখৰ পৰিৱৰ্তিত অভিব্যক্তিয়েই মোক বুজাই দিছিল কিমান গভীৰলৈকে সোমাই সি কাহিনী এটাৰ চৰিত্ৰ অংকণ কৰিব পাৰে।

 

: প্ৰিয়নাৰীৰ উপেক্ষা সহিব পাৰিলেও, চকুৰ সন্মুখতে অন্যপুৰুষে যেতিয়া সেই নাৰীৰ ওপৰত অধিকাৰ সাব্যস্ত কৰে, তাতকৈ কষ্টকৰ আৰু কি থাকিব পাৰে! ইৰ্ষাৰ জুইত নাৱৰীয়া ইতিমধ্যেই জ্বলিছিল। তাৰোপৰি জলকুঁৱৰীৰ হাঁহিবোৰ লুকুৱাই থোৱা চন্দুকটোৰ চাবিপাটৰ তেওঁ তলে তলে অনুসন্ধান কৰিবলৈ ধৰিলে আৰু অৱশেষত সেই অভিশপ্ত নিশাটো...! প্ৰেম আৰু মদিৰাৰ ৰাগীত মাতাল হৈ নাৱৰীয়াই কৰি পেলাইছিল এক ভয়ংকৰ কাণ্ড৷ যি কাণ্ডই সলাই পেলালে নাৱৰীয়াৰ গতিক।

একেলেঠাৰিয়ে কথাখিনি কৈ ৰুদ্ৰাক্ষ কিছুপৰ ৰল। দীঘল হুমুনিয়াহ এটা এৰি মোৰ হাতৰ পৰা জ্বলি থকা চিগাৰেটটো লৈ এটা দীঘলীয়া টান মাৰিলে।

কাহিনীৰ গতিয়ে মোক সিমানকণ সময়ো ৰবলৈও অনুমতি নিদিলে।

: কি হৈছিল সেই নিশা? - উৎসুকতা দমাব নোৱাৰি ৰুদ্ৰাক্ষক সুধিয়েই পেলালোঁ।

: আচলতে সেই নিশাটো অভিশপ্তই আছিল নে নাৱৰীয়াৰ বাবে ঈশ্বৰৰ আশীৰ্বাদেই আছিল সেই কথা কাহিনীৰ অন্তিমতহে নিৰ্ধাৰিত হব।

সেইনিশা নাৱৰীয়াই বহু দেৰিলৈকে কাৰেঙত ৰজাৰ সৈতে আলাপ কৰিছিল। জলকুঁৱৰী হয়তো তেতিয়া শয়নকক্ষত। মধ্যৰাতি নাৱৰীয়া কাৰেঙৰ পৰা উভতিছিল। হঠাতে কিয় জানো নাৱৰীয়াৰ মনত এটা অদ্ভূত চিন্তাই দুলিবলৈ ধৰিলে, ৰজা যিহেতু এতিয়া মদিৰাৰ ৰাগীত মাতাল হৈ পৰিছে, এই সুযোগতেই দেখোন তেওঁ ৰজাই লুকুৱাই থোৱা গোপন চাবিপাটৰ সন্ধান কৰিব পাৰি। জলকুঁৱৰীৰ আগত মনৰ কথা ব্যক্ত কৰিব পাৰিব। জলকুঁৱৰীৰ দুচকুৰ তৰংগ প্ৰাণভৰি উপভোগ কৰিব পাৰিব। এই সোণালী সুযোগ এৰিব নোৱাৰে তেওঁ। নাৱৰীয়াই পুনৰ ৰাজকাৰেঙলৈ বাট বুলিলে।

কাৰেঙত প্ৰৱেশ কৰাৰ কামটো নাৱৰীয়াৰ বাবে বৰ কঠিন নাছিল। কাৰণ ইতিমধ্যে তেওঁ কলোৰে মাজতে পৰিচিত হৈ পৰিছিল। কাৰেঙত সোমাই তেওঁ হাতত সাৰে ভৰিত সাৰে জলকুঁৱৰীৰ শয়নকক্ষত প্ৰৱেশ কৰিলে। কিন্তু সোমায়েই নাৱৰীয়াই যি দৃশ্য দেখিলে,তেওঁৰ সমগ্ৰ শৰীৰ খং,উত্তেজনা, দুখৰ মিশ্ৰিত এক অদ্ভূত অনুভৱত থকথককৈ কঁপিবলৈ ধৰিলে। অক্টোপাছৰ দৰে এটি প্ৰকাণ্ড অচিনাকি জীৱই জলকুঁৱৰীৰ সমগ্ৰ শৰীৰক মেৰিয়াই আছিল। যন্ত্ৰনাত জলকুঁৱৰী কাতৰ হৈ পৰিছিল। তেওঁৰ সমগ্ৰ শৰীৰ যেন বিষময় হৈ পৰিছিল! উস্‌! অসহ্য, প্ৰাণৰ প্ৰতিমাৰ এই ৰূপ নাৱৰীয়াই কোনসতে সহে! তেওঁ ইতিমধ্যে পাহৰি পেলালে নিজৰ স্থিতিক, হেৰুৱাই পেলালে হিতাহিত জ্ঞান৷ খঙত কব নোৱাৰা হৈ কাষতে থকা তৰোৱাল এখনেৰে টুকুৰা টুকুৰকৈ কাটি পেলালে জলকুঁৱৰীৰ শৰীৰক সাৱটি থকা সেই ভয়ংকৰ অচিনাকি জীৱটোক। তুমৰলি হৈ পৰিল শয়নকক্ষ। অহ! তেওঁ এয়া কি কৰিলে! হাতৰ তৰোৱাল মজিয়াত খহি পৰিল নাৱৰীয়াৰ। ইতিমধ্যে তেজৰ নৈ হৈ পৰা কোঠাটোৰ মজিয়াত বিভৎস ভঙ্গীত পৰি আছিল ৰজাৰ নিথৰ দেহ!

 

ৰুদ্ৰাক্ষৰ কপালত ইতিমধ্যে বিন্দু বিন্দু ঘাম বিৰিঙিছিল। কাহিনীৰ বৰ্ণনা কৰোতে সি উত্তেজিত হৈ পৰিছিল। মোৰ চকুৰ আগত ভাঁহি উঠিল, ৰাজমহলৰ এটা বিলাসী শয়নকক্ষৰ শয্যাত তেজৰ ডোঙাত পৰি ৰোৱা এটি মৃতদেহ। শয্যাৰ একোণত ভীতসন্ত্ৰস্ত এগৰাকী অৰ্ধনগ্ন নাৰী আৰু তেজেৰে ৰঙা হোৱা হাতেৰে কিংকৰ্তব্যবিমূঢ় এজন মানুহ!

কিছুপৰ ৰৈ সি পুনৰ আৰম্ভ কৰিলে,

: নাৱৰীয়াৰ প্ৰেমত বাসনাৰ ভৰ কিজানি অকণমান বেছি আছিল, সেয়ে ঈৰ্ষাৰ দাবানলত জ্বলিছিল তেওঁ আৰু সেইবাবেই চাগৈ হত্যাৰ দৰে অপৰাধ কৰিবলৈও কুণ্ঠাবোধ কৰা নাছিল। কিন্তু জলকুঁৱৰী! মুহূৰ্ততে জলকুঁৱৰীৰ নিস্তৰঙ্গ দুচকুত উঠিছিল অলেখ তৰংগ। কিন্তু সেই তৰংগ যে নাৱৰীয়াই কেতিয়াও কামনা কৰা নাছিল। নাৱৰীয়াই প্ৰথমবাৰলৈ অনুভৱ কৰিছিল, প্ৰেম আছিল। জলকুঁৱৰীৰ বুকুতো প্ৰেম ফুলিছিল। কিন্তু সেই প্ৰেম আছিল বাসনাৰ উৰ্ধত। বাসনাৰ উৰ্ধৰ প্ৰেম এক মংগলময় প্ৰাৰ্থনাৰ দৰে,ত থাকে মাথোঁ শুভবোধ আৰু ত্যাগৰ প্ৰৱণতা।

হত্যাৰ সমস্ত দোষ নিজৰ গাত পাতি লৈ নাৱৰীয়াক কাৰেঙৰ পৰা পলুৱাই পঠিয়ালে জলকুঁৱৰীয়ে আৰু ঘটনাৰ আকস্মিকতাত আধা বলিয়াৰ দৰে হৈ পৰা নাৱৰীয়াই সেই মুহূৰ্তত একো সিদ্ধান্ত লব নোৱাৰি কাৰেঙৰ পৰা উভতি মাথোঁ দৌৰিবলৈ ধৰিলে। কলৈ যাব, কি কৰিব তেওঁ একো নাজানে, মাথোঁ দৌৰি দৌৰি পলাইছে। সকলোৰে পৰা, আনকি নিজৰ পৰাও।

: আচৰিত! প্ৰেমৰ বাবে মানুহে নিজৰ জীৱনলৈও বিপৰ্যয় নমাই আনিব পাৰে। কি অদ্ভূত ৰাগী এই প্ৰেমৰ! - মই সঁচাকৈয়ে আচৰিত হওঁ। প্ৰেমে মানুহক সুখী কৰে, সৃষ্টিশীল কৰে, এইখিনিলৈকে মই প্ৰেমৰ প্ৰয়োজনীয়তাক নস্যাৎ নকৰোঁ। কিন্তু যি অনুভৱৰ তীব্ৰতাই জীৱনলৈ সংশয় নমাব পাৰে,সেয়া প্ৰেম হব পাৰে বুলি মোৰ মনে নামানে।

 

চকীৰ হেণ্ডেলত হাতৰ কিলাকুটিটো থৈ হাতখনেৰে থুঁতৰিটোত ভেজা দি ৰুদ্ৰাক্ষই বৰ তন্ময় হৈ খিৰিকীৰে বাহিৰলৈ চাই আছে। ধ্যানৰ পৰা সাৰ পাই উঠা যোগীৰ দৰে সি বৰ গম্ভীৰ স্বৰেৰে কৈ উঠিল,

: প্ৰাৰ্থনাত অহৰহ আমি যাক কঢ়িয়াই ফুৰোঁ,বাস্তৱিকতে তেওঁৰ সপোনৰ আশে পাশেও আমাৰ অস্তিত্ব নাথাকে। খুব কম মানুহৰহে তেনে হোৱাৰ সৌভাগ্য থাকে। নাৱৰীয়া আচলতে মূৰ্খ।

বাহিৰৰ এন্ধাৰত ৰুদ্ৰাক্ষই কিবা দেখিছেনে নাই নাজানো। কিন্তু এই মুহূৰ্তত মই এগৰাকী জলকুঁৱৰী!

: তাৰ পাছত? তোৰ কাহিনীৰ পিছৰ অংশ ক আকৌ। -  মই সুধিলোঁ।

: তই কচোন, ইয়াৰ পাছৰ অংশত কি কৰা উচিত হ? গল্পটো ইমানতেই সামৰি দিয়া উচিত হব নে? নাৱৰীয়া জানো আকৌ কাৰেঙলৈ উভতি যাব? – বাহিৰলৈ চাই থাকিয়েই ৰুদ্ৰাক্ষ মোক সুধিলে। যদিও সি গহীন হৈ আছে। ভিতৰি যেন বৰ অস্থিৰ হৈ পৰিছে,তেনে যেন অনুভৱ কৰিলোঁ।

: আৰু জলকুঁৱৰী? যি প্ৰেমৰ তাড়নাত নাৱৰীয়াই ইমান দুঃসাহস কৰিলে, যি নাৰীয়ে প্ৰেমিকক বচাবলৈ হত্যাৰ অপবাদ নিজৰ গাত পাতি ললে,সেই চৰিত্ৰটোৰ প্ৰতি জানো অন্যায় কৰা নহ? মই তাৰ মুখৰ পৰা দৃষ্টি নাতঁৰোৱাকৈয়ে কলো|

: ঠিকেই কৈছ, চৰিত্ৰই ন্যায় পাব লাগিব। নিজকে কোৱাৰ দৰে কথাকেইটা কৈ হঠাতে কিবা এটা মনত পৰাৰ দৰে টেবুলৰ পৰা গাড়ীৰ চাবিপাত লৈ ৰুদ্ৰাক্ষ বহাৰ পৰা ঘপহকৈ উঠি যাবলৈ ওলাল।

: লৈ যাৱ? - আচৰিত হৈ সুধিলোঁ।

: ঘাটলৈ। - ব্যস্তভাৱে মোৰ ফালে নোচোৱাকৈয়ে সি উত্তৰটো দিলে। মোক আৰু এটাও প্ৰশ্ন সুধিবলৈ সুযোগ নিদিয়াকৈয়ে ৰুদ্ৰাক্ষ কোবাকোবিকৈ কোঠাৰ পৰা ওলাই গল। ময়ো একো সোধাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলোঁ। ৰুদ্ৰাক্ষৰ পাছে পাছে বাহিৰলৈ ওলাই আহিলোঁ।

 

ষ্ট্ৰীট লাইটৰ পোহৰত চকামকাকৈ দেখিলোঁ,ইতিমধ্যে ৰুদ্ৰাক্ষৰ গাড়ীখন ৰাস্তাৰ কেঁকুৰিটো অতিক্ৰম কৰিছে। এই মুহূৰ্তত মোৰ চকুৰ আগত ভাঁহি উঠিল,নৈৰ বুকু ফালি তীব্ৰগতিৰে বঠা মাৰি গৈ থকা এজন নাৱৰীয়াৰ ছবি। মোৰ মনত মাথোঁ এইমুহূৰ্তত আন এটা কথাইহে টুলুংভুটুং কৰিবলৈ ধৰিলে, সাধাৰণতে ধুমুহাৰ পৰা পলায়ন কৰাই নাৱৰীয়াৰ স্বভাৱ। পিছে এইবাৰ নাৱৰীয়াই আগৰ দৰেই ধুমুহাৰ পৰা নিৰাপদ স্থানত অৱস্থান কৰিব নে ধুমুহাৰ সৈতে যুঁজি জলকুঁৱৰীক উদ্ধাৰ কৰিব!

 

লেখিকাৰ ঠিকনা:

ঢেকিয়াজুলি, শোণিতপু

ভ্ৰাম্যভাষ : ৮৬৩৮০৫৪৯৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ