লোপামুদ্ৰা ভট্টাচাৰ্য
‘‘মা, তুমি butterfly effect মানে
কি জানা নে?’’
মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম পাইছে৷
এনেকুৱা সময়তে সি এনে ধৰণৰ কথা কিছুমান উলিয়াই লয়৷ মাকে নজনা বিষয়বস্তুৰ ওপৰত ভাষণ
এটা দিব আৰু সুযোগ বুজি চোফাত বহি ম’বাইলৰ স্ক্ৰীনৰ ভাৰ্চুৱেল পৃথিৱীখনত সোমাই পৰিব৷ ডিজিটেল পৃথিৱীৰ ল’ৰা-ছোৱালী৷
google, youtube আদি খুঁচৰি খুঁচৰি নজনা কথা একো নাই৷ অথচ পৃথিৱীখনত বৰ্তি থাকিবলৈ চৌপাশে আৰু যে কিমান
কথা সিহঁতৰ শিকিবলৈ বাকী আছে৷ শংকুৱে এইবাৰ সপ্তম মানৰ বছৰেকীয়া পৰীক্ষা দিব৷ মৃদু
আৰু অভিষেকৰ লগৰসকলৰ আকৌ ল’ৰা-ছোৱালীৰ বয়স এতিয়া হয়তো এবছৰ
বা দুবছৰহে হৈছে৷ নাইবা খুউব বেছি চাৰিবছৰ হ’ব পাৰে৷ এম. এ.
পঢ়ি থকাৰ চূড়ান্ত বৰ্ষতে মৃদুৰ হুৰামুৰাকৈ বিয়াখন হৈ গৈছিল৷ অভিষেক তাইৰ লগৰে
আছিল৷ মৃদুৰ ঘৰত বিয়াৰ যো-জা চলোৱা বুলি শুনি সি ৰৈ থকা নাছিল৷ আগ-গুৰি নভবাকৈ
তাইক লৈ আনিছিল৷ আৰু মৃদু৷ কোনোদিনে মাকলৈ চকু তুলি নোচোৱা ছোৱালীজনীৰ কলিজালৈ
সেইদিনা ক’ৰপৰা যে ইমান সাহস আহিছিল৷ মৃদুৰ আজিও আচৰিত লাগে৷
প্ৰেমাস্পদৰ হাতত ধৰি তাই স্ব-ইচ্চাৰে কাঁইটীয়া পথত খোজ দিছিল৷ অভিষেক আৰু মৃদু
দুয়ো ইংৰাজী বিষয়ৰে আছিল৷ বিয়াৰ পিছত দুয়ো একেখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়তে
সোমাল৷ লগতে ৰাতিপুৱা-গধূলি টিউচন৷ প্ৰতিটো সৰু-ডাঙৰ সমস্যাই যেন এখন বৃহৎ
প্ৰাচীৰ হৈ থিয় দিছিল৷ তেনেকুৱাতে ওলালে চৰকাৰী হাইস্কুলত ঠিকাভিত্তিক চাকৰি৷ মৃদু
আৰু অভিষেকে যেন ক’ৰবাত কিবাকে অলপ পোহৰ দেখা পালে৷ যিমানেই
নহওক প্ৰাইভেট স্কুলতকৈ দৰমহা বেছি৷ আনহাতে চৰকাৰী চাকৰি যেতিয়া এদিন নহয় এদিন
স্থায়ী কিবা এটা হ’ব বুলিও আশা আছিল৷ ভবা মতেই দুয়ো ওচৰৰে
দুখন স্কুলত চাকৰি পালে৷ কিন্তু চাকৰি নহৈ যেন এটা ৰ’লাৰ ক’ষ্টাৰ ৰাইদহে৷ আগৰ প্ৰাইভেট স্কুলৰ চাকৰিত তাকৰীয়া হ’লেও মাহেকৰ মূৰত নিয়মীয়াকৈ দৰমহা কেইটাকে পাইছিল৷ এইটো চাকৰিত টোপোলাটো
তুলনামূলকভাৱে ডাঙৰ যদিও চাৰি-পাঁচ মাহলৈ খা-খবৰেই নাথাকে৷ ইতিমধ্যে শঙ্কুও
তেওঁলোকৰ জীৱনলৈ আহিল৷ প্ৰয়োজনবোৰো বাঢ়িল৷ চাকৰিৰ অনিশ্চয়তা,
দৰমহা অনিয়মীয়া আদিয়ে জীৱনটো দুৰূহ কৰি তুলিলে৷ দুয়ো পুৱা-গধূলি
টিউচন কৰি আৰু মাজে মাজে বিজুলিৰ চমকনিৰ দৰে জিলিকি উঠা দৰমহাৰ পইচা কেইটাৰে জীৱন
নামৰ আঁঠুৱাখনত সঘনাই ওলাই থকা ফুটাবোৰ চিলাই গৈ আছে৷ অৱশ্যে অভিষেকে হাইস্কুল টেট্ পাছ কৰাৰ পিছত আকাশত যেন পাতলকৈ ৰামধেনু
এখন বিৰিঙি উঠিলে৷ সি হাইস্কুলত স্থায়ী নিযুক্তি পাইছে৷ আজি জিলা পৰ্যায়ত স্কুলৰ
বাচনি হ’ব৷ টেট পৰীক্ষাত বহা হ’লে
মৃদুৱেও পালেহেঁতেন, ফৰ্ম ফিল্ আপো কৰিছিল৷ কিন্তু পৰীক্ষাৰ
দিনাই শঙ্কুৰ তীৰকঁপে জ্বৰ উঠিল৷ তাক এৰি থৈ তাই পৰীক্ষালৈ যাব নোৱাৰিলে৷ অৱশ্যে
ইয়াক লৈ তাইৰ মনত বিশেষ আক্ষেপ নাই৷
ঠিকাভিত্তিক চাকৰিটোৱে মুটামুটি এটা সুস্থিৰ পৰ্যায় পাইছেগৈ বুলিয়েই ক’ব পাৰি৷ ওচৰতে স্কুল কাৰণে ঘৰুৱা ৰাগ-জঞ্জাল সকলো সামৰি তাই চাকৰি কৰি
থাকিব পাৰিছে৷ অভিষেকেও এতিয়া কৰি থকা বিদ্যালয়খনতে পাব বুলি জানিব পাৰিছে৷ নম্বৰৰ
ফালৰ পৰা তাৰ নামটো তালিকাৰ প্ৰথম দহটাৰ ভিতৰতে আছে৷ সেয়েহে মনে বিচৰা স্কুল বাচি
ল’বলৈ সি সুবিধাটো পাব৷ আজি মৃদুৱে গোসাঁই ঘৰত শৰাই এখনো
দিছে৷ যাওঁতে সি ৰুটি-তৰকাৰীকে খাই যাব বুলি কৈছে৷ ঘূৰি আহিহে ভাত খাব৷ পলম হ’লে বাহিৰতে খাই আহিব৷ মৃদুৱে সেয়েহে আটাখিনি মঠি ভাজিখিনি বঢ়াবলৈ লৈছে৷
ঠিক এইখিনি সময়তে আহিলে শঙ্কুৰ butterfly effect ৰ ধাৰণাটো৷
মাকে এই বিষয়ে একো নাজানে বুলি গম পাই শঙ্কু উৎসাহিত হৈ পাকঘৰলৈ সোমাই আহিলে৷
‘‘Butterfly
effect হৈছে এটা Theory যিটোৱে বুজায় যে
একেবাৰে চকুত নপৰা ঘটনা এটাৰ ফলতো ভৱিষ্যতত এটা সাংঘাটিক ডাঙৰ ঘটনা হ’ব পাৰে৷’’
‘‘ওঁ বুজিলোঁ৷’’ মৃদুৱে
শঙ্কুলৈ চাই অৰ্থপূৰ্ণ হাঁহি এটা মাৰিলে৷
শঙ্কুৱেও মাকৰ হাঁহিৰ উঁহ বিচাৰি প্ৰশ্ন কৰিলে,
‘‘কি বুজিলা?’’
‘‘এই যে তুমি পঢ়াৰ পৰা সদায় উঠি আঁহা সেইটো এটা সৰু ঘটনা৷ কিন্তু সেই সৰু
ঘটনাটোৱে বছৰৰ শেষত এটা ডাঙৰ ঘটনাৰ সৃষ্টি কৰিব৷ পৰীক্ষাৰ ৰিজাল্ট দিব আৰু আমাৰ
মূৰত বিনা মেঘে বজ্ৰপাত পৰিব৷’’
‘‘উফ্, তোমাৰ প্ৰতিটো কথা পৰীক্ষাতে কিয় শেষ হয় বাৰু?
No problem. এতিয়া মোৰ কথা শুনা৷ Butterfly
theory টো Chaos theory ৰ লগত যোগ হৈ আছে৷
ইয়াৰ মতে Chaos ও Calculate কৰি উলিয়াব পাৰি৷ কিন্তু butterfly
theory সকলো কথাতে মিলিব বুলি ভবাটো ভুল৷ সকলো সৰু ঘটনাই ডাঙৰ ঘটনাৰ
সৃষ্টি নকৰিবও পাৰে৷’’
ইমানখিনিলৈকে মাকে পুতেকৰ কথাখিনি শুনিবলৈ অৰ্থাৎ বুজিবলৈ যত্ন কৰিলে, তাৰ পিছৰখিনি চৌপাশৰ বায়ুমণ্ডলতে ওপঙি থাকিল৷ কাণত সোমালে যদিও মগজুত জীণ নগ’ল৷ তাই গেছ ষ্ট’ভটোৰ ওপৰত কেৰাহীখন তুলি কেইটোপালমান মিঠাতেল গৰম হ’বলৈ দিছে৷ শঙ্কুৱেও তাৰ ভাষণ সামৰি ম’বাইলটোৰ ফালে ধাৱমান হৈছে৷ অৱশ্যে তাৰ শেষৰ কথাখিনি মৃদুৱে মন দিয়েই শুনিলে৷
‘‘১৯৫২ চনত লিখা এটা ইংৰাজী চুটি গল্পত এজন time traveller-অৰ কাহিনী আছিল যি প্ৰি-হিষ্ট’ৰিক যুগত এটা পখিলা গছকি আহিছিল৷ আৰু তাৰ ফলতেই কিন্তু ২০৫৫ চনৰ আমেৰিকাৰ নিৰ্বাচনত এটা ডাঙৰ পৰিৱৰ্তন আহিল৷ আৰু এটা interesting কথা কি জানা? বাটাৰ ফ্লাই এফে্ক্টক লৈ কেইবাখনো Sci-fi চিনেমাও ওলাইছে৷
শঙ্কু ইতিমধ্যে নিজৰ দুনিয়াত লেটা বান্ধি সোমাই পৰিছেগৈ৷ কিন্তু সি যে
এইফালে butterfly effect দি মাকৰ মনৰ পখিলাজনীক লেটাৰ পৰা
উলিয়াই থৈ আহিলে বেচেৰাই গমকে নাপালে৷ ভাবি চালে লিলিমাই এই জীৱনত একো নাই৷ পিছে
মৃদুৱে এতিয়া ভাবি চাইছে যে জীৱনৰ প্ৰতিটো ঘটনাৰ ৰূপৰেখা অতীতৰ চকুত নপৰা বা
গুৰুত্ব নিদিয়া কোনো কথাত বান্ধ খাই থাকিব পাৰে৷ ক’ৰবাত
সংলগ্ন হৈ থাকিব পাৰে কোনেও নেদেখা এডাল মিহি অস্পষ্ট সূতা৷ শঙ্কুৰ butterfly
effect ৰ দৰে৷ সকলো পাৰ্থিৱ প্ৰাচুৰ্যতাৰে ভৰপূৰ, মৃদুৰ মাকৰ ঘৰখনত বা অঙহী-বঙহীৰ মাজত তাই আৰু অভিষেকৰ বিয়াখন একেবাৰে
অবিশ্বাস্য নহ’বলগীয়া ঘটনা আছিল৷ ইমান স্বাচ্ছন্দ্যত থকা ছোৱালী এজনীয়ে চাকৰি বাকৰি নথকা ল’ৰা
এটাৰ লগত ঘৰৰ অমতত কেনেকৈ বিয়া হৈ যাব পাৰে? নলে গলে লগা
গীতাশ্ৰী আৰু মণিমাৰ বিয়া অসমৰ বাহিৰত থকা ল’ৰাৰ লগত ঠিক
হোৱাৰ লগে লগে মৃদুৰ মাকো উচপিচাবলৈ
ধৰিলে৷ পেহীয়েকে দেখুওৱা গুৱাহাটীৰ ইঞ্জিনিয়াৰ এজনৰ লগত তাইৰ বিয়া ঠিক কৰিবলৈ
উঠি-পৰি লাগিল৷ সকলো তেখেতে ভবাৰ দৰেই হৈছিলগৈ- সেই সন্ধিয়াৰ বিশেষ ফোনকলটো অহাৰ
সময়ত তাই যদি মাকৰ হাতৰ পৰা ম’বাইলটো কাঢ়ি নল’লেহেঁতেন হয়তো আজি মৃদুৰ কাহিনীও সম্পূৰ্ণ পৃথক হৈ গ’লহেঁতেন৷ ফোনত তাই
ক’বলগীয়াখিনি ল’ৰাপক্ষক স্পষ্ট ভাষাত
জনাই দিছিলে৷ কলটো থোৱাৰ পিছতে তাইৰ বাওঁ গালত পৰিছিল মাকৰ হাতৰ এটা প্ৰচণ্ড চৰ৷
কিন্তু ইতিমধ্যে তাই বিচৰাখিনি হৈ গৈছিল৷ ঘটনাটো বিৰাটেই ব্যতিক্ৰমী আছিল কাৰণ
সিহঁতৰ ঘৰখনৰ প্ৰতিটো প্ৰাণীয়েই মাকে বিচৰামতেই চলিছিল৷ দেউতাকেও কোনোদিনে মাকৰ
সিদ্ধান্তৰ প্ৰতিবাদ কৰা সিহঁতে দেখা নাছিল৷ ঘৰখনৰ প্ৰতিটো
বস্তু সদায় মাকে নিৰ্ধাৰণ কৰি দিয়া ঠাইতে ৰখা হৈছিল৷ তেনেহ’লে সেইদিনা মৃদুৱে কেনেদৰে মাকৰ সিদ্ধান্ত সলনি কৰিবলৈ সক্ষম হৈছিল?
ইমান দিনে তাই অভিষেকৰ প্ৰতি গভীৰ ভালপোৱাকে এই মৰসাহৰ প্ৰধান উৎস
বুলি ভাবি আহিছে৷ কিন্তু butterfly effect -অৰ দৰে সেই সমগ্ৰ
ঘটনাৰ প্ৰধান কাৰণটো যদি অতি গুৰুত্বহীন কোনো এটা কথাত সোমাই আছে? যিটো হয়তো মৃদুৱেও জনাৰ কোনো অৱকাশ নাই!
‘‘হে’ৰা খাবলৈ দিয়া৷ নিহাৰ আহি পাবহিয়েই এতিয়া৷’’
মৃদু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে খকমকাই উঠিল৷ নিহাৰ অভিষেকৰ বাল্য
বন্ধু, কলেজ বন্ধু আৰু শিক্ষক বন্ধুও৷ সিও আজি স্থায়ী শিক্ষক
হিচাপে বিদ্যালয় বাচি ল’বলৈ যাব৷ অভিষেকৰ দৰে নিহাৰেও
বৰ্তমান কৰি থকা স্কুলখনতে চাকৰি পোৱাটো নিশ্চিত৷ মৃদুৱে ল’ৰালৰিকৈ
ৰুটি-ভাজিৰ থালখন নি অভিষেকক দিলেগৈ৷ সি
খাবলৈ লওঁতেই সেইফালে গেইটৰ মুখত নিহাৰৰ বাইকৰ হৰ্ন বাজিলেই৷ অভিষেকে ল’ৰালৰিকৈ খাই মৃদুক মাত দি শংকুৰ গালত চুমা এটা আঁকি ওলাই গ’ল৷ অভিষেকৰ গাখীৰ চাহকাপ মৃদুৱে গেছত পাতিবলৈ লৈও ৰৈ দিবলগীয়া হ’ল৷ এই চাহকাপ মানুহজনৰ যে খুবেই প্ৰয়োজন তাই জানে৷ তাই বাহিৰৰ বাৰাণ্ডালৈ
ওলাই গ’ল৷ ইতিমধ্যে অভিষেক নিহাৰৰ লগত গ’লগৈ৷ সময় মতে চাহকাপ বাকি দিব নোৱাৰাৰ এক ঈষৎ দোষবোধে মৃদুক ম্লান কৰি
আনিলে৷
জিলা পুথিভঁৰালত মানুহ গিজগিজাই আছে৷ সকলোৱে নিযুক্তিপত্ৰ দুদিনমান আগতে সৰুসজ্জাইৰ পৰা আনিলেগৈ৷ আজি বিদ্যালয় নিৰ্বাচন কৰি ল’ব লাগিব৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰাৰ্থী আহিছে৷ নিহাৰ আৰু অভিষেকে পুথিভঁৰালৰ ভিতৰলৈ সোমাই গ’ল৷ চিনাকী-অচিনাকী মুখবোৰ পাৰ হৈ খালী আসন দুখন বিচাৰি বহিলে৷ মঞ্চত তেওঁলোকৰ যাৱতীয় কাম-কাজসমূহ চলি আছে৷ তাত লাগি থকা প্ৰায় সংখ্যক শিক্ষকেই অভিষেক আৰু নিহাৰৰ চিনাকি আৰু তেওঁলোকেও জানে যে সিহঁত দুজনে এতিয়া কৰি থকা বিদ্যালয় কেইখনতে নিযুক্তি পোৱাটো প্ৰায় নিশ্চিত৷ বাচনি প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ প্ৰথমে EWS, ST, SC আদিৰ প্ৰাৰ্থীসকলক মাতিছে৷ অভিষেকৰ বৰ্তমানৰ স্কুলখনত এটা EWS আৰু এটা ST কোটা খালী হৈ আছে৷ সেয়েহে সি উৎসুক হৈ আছে৷ EWS কোটাত ধুবুৰীৰ ল’ৰা এজনে পোৱাৰ লগে লগে সি স্কুলৰ প্ৰধান শিক্ষক প্ৰভাত ছাৰক খবৰটো দিলে৷ General-অৰ প’ষ্টিং একেবাৰে শেষত হ’ব বুলি গম পাইছে৷ তাৰ আগেয়ে লাঞ্চ ব্ৰে’কো দিব৷ ইফালে ৰাতিপুৱাৰ গাখীৰ চাহকাপৰ অভাৱত যেন অভিষেকৰ শৰীৰত অক্সিজেনৰ পৰিমাণ দ্ৰুতগতিত কমি আহিবলৈ ধৰিছে৷ সি বহু কষ্ট কৰিও লানি নিছিগাকৈ আহি থকা হামিবোৰ ৰোধ কৰিব পৰা নাই৷ বৰঞ্চ খুউব কম সময়ৰ ভিতৰতে হামিটোৱে কাষতে বহি থকা নীহাৰকো সোঁচৰিলেগৈ৷ এটা সময়ত নীহাৰে তাক ক’লে,
‘‘ব’ল পেহীৰ ঘৰতে কিবা এটা খাই আহোঁগৈ৷ ST, SC কোটা শেষ হোৱাই নাই৷ অলপ পাছতে লাঞ্চ ব্ৰে’ক দিব৷’’
নিহাৰৰ পেহীয়েকৰ ঘৰলৈ অভিষেক আগতেও কেইবাবাৰো গৈছে৷ শংকৰ বৰুৱা পুখুৰীৰ
ওচৰতে ঘৰ৷ বাইকত যাব যেতিয়া বেছি সময় নালাগে৷ দুয়ো বন্ধু দেহ-মনক কিছু সকাহ দিয়াৰ
উদ্দেশ্যে হলৰ পৰা ওলাই আহিল৷ পেহীয়েকৰ ঘৰৰ গেইটখন খুলি নীহাৰে প্ৰায় চিঞৰিয়েই ক’লে৷
‘‘পেহী, ফটাফট চাহ দুকাপ দিয়াঁ৷’’ পেহীয়েকে আগতেই জানিছিল যে আজি নিহাৰ টাউনলৈ আহিব৷ চাকৰি খাটাং হ’ব৷ তেখেতে ভিতৰৰ পৰাই মাত লগালে,
‘‘চাহ মই এক মিনিটতে বাকি দিম৷ পিছে মিঠাই আনিছ নে নাই?’’
‘‘মিঠাই পাছতহে হ’ব দেই৷ একেবাৰে ছাগলী মাৰি ভোজেই
খুৱাই দিম৷’’
পেহীয়েকে ভতিজাকক কেনেকৈনো বাৰু খালী চাহকাপ খুৱাই৷ ল’ৰালৰিকৈ লুচি-ভাজি কৰিবলৈ ল’লে৷ খুউব কম সময়ৰ ভিতৰতে
তেখেতে দুখন ষ্টিলৰ থালত গৰম গৰম ফুলা লুচি আৰু আলু ভাজি সজাই আনি খোৱা মেজত থৈ
অভিষেকহঁতক মাতিলে৷ অভিষেকৰ পিছে চাহকাপৰহে বেছি প্ৰয়োজন হৈছিল৷ নিহাৰৰ কিন্তু
সঁচাকৈয়ে ভোক লাগিছিল৷ সি সময় নষ্ট নকৰি পেট পূজাত লাগি গ’ল৷
অভিষেকে লুচিৰ প্ৰথমটো টুকুৰা মুখলৈ ঠিক নিওঁতেই ফোনটো বাজি উঠিল৷ হিৰণ্যৰ ফোন৷
হিৰণ্যয়ো সিহঁতৰ লগতে চাকৰি পাইছে৷ সি অভিষেকতকৈ সৰু যদিও দুয়োৰে মাজত বন্ধুৰ দৰেই
অন্তৰংগতা আছে৷ অভিষেকে খাই থকাৰ পৰাই ফোনটো ধৰিলে৷
‘‘অভিষেক দা৷ ক’ত আছে আপোনালোক? আপোনাৰ
নাম পাৰ হৈ গৈছে৷’’
‘‘কি? আমাৰ শেষলৈহে আছিল!’’
নহয়৷ লাঞ্চৰ পিছতেই General আৰম্ভ কৰিলে৷’’ অভিষেক আৰু নিহাৰে খোৱা তাতে এৰি পেহীয়েকক মাতষাৰ দি দৌৰি গৈ বাইকত
উঠিলেগৈ৷ জিলা পুথিভঁৰালৰ ভিতৰত সোমায়েই অভিষেক কমিটিৰ মানুহখিনিৰ ফালে ফোঁপাই-জোপাই আগবাঢ়ি গ’ল৷ I. S. ছাৰে তাক চিনি পায় আৰু সেয়েহে কথাৰ
মাজতে সি যে তাৰ কৰি থকা স্কুলখনতে
চাকৰিটো ল’ব বিচাৰে সেইটো কৈ থৈছিল৷ তাক দেখাৰ লগে লগে সেয়েহে ছাৰে সুধিলে,
‘‘ক’ত আছিলে আপুনি?’’
‘‘ছাৰ, মই এতিয়া কি কৰিম?’’
অভিষেকৰ অসহায় কণ্ঠ৷
‘‘আপুনি এতিয়াই যিকেইখন আছে তাৰে এখন বাচি লওক৷ নহ’লে
থকা কেইখনো হাতৰ পৰা যাবগৈ৷’’
অভিষেকৰ সন্মুখত এতিয়া তিনিখন বিদ্যালয়- ফৰকাটিং হাইস্কুল, তৰফাট হাইস্কুল আৰু ৰজাবাৰী হাইস্কুল৷ ৰজাবাৰীতো একেবাৰে বোকাখাতৰ ফালে৷
তৰফাটো অভিষেকৰ ঘৰৰ পৰা দূৰেই হ’ব৷ তেনেহ’লে ফৰকাটিঙেই তাৰ বাবে সুবিধাজনক হ’ব৷ নিজৰ স্কুলখন
নহ’লেও ঘৰৰ ওচৰৰে এখন হ’ব৷ ভাগ্য ভাল
থাকিলে পিছত বুজাবুজিৰ জৰিয়তে পুৰণি স্কুলখনলৈ যাব পাৰিবও পাৰে৷ অভিষেকে ফৰকাটিং
হাইস্কুলকে বাচিলে৷ সেই সময়ত অভিষেক ইমান নাৰ্ভাছ হৈ আছিল যে সি আৰু দুগৰাকী
প্ৰাৰ্থীৰ পিছত থিয় হৈ থকা নিহাৰলৈও এবাৰ
নাচালে৷ ইফালে কথাটো শুনাৰ লগে লগে নিহাৰৰ মুখখন ক’লা
পৰি আহিল৷ ‘ফৰকাটিং হাইস্কুলখন’তো তাৰ
স্কুল আছিল৷ অভিষেকে সেই কথা পাহৰি গৈছিল৷ নিহাৰৰ মুখখন দেখিহে সি ৰৈ গ’ল৷ অভিষেকে কি কৰিব এতিয়া? সি যেন এখন সাগৰৰ ঢৌৰ পৰা
বাচিবলৈ আন এখন সাগৰত জঁপিয়াই দিলে৷ ফৰকাটিং হাইস্কুলখন বাচোঁতে তাৰ এবাৰো নিহাৰৰ কথা কিয় মনত নপৰিলে?
সি ইমান স্বাৰ্থপৰ কেনেকৈ হ’ব পাৰিলে? নিহাৰ থৰ হৈ ৰৈ আছে৷ তাৰ নাম মাতি
আছে৷ অভিষেক আগবাঢ়ি গৈ তাৰ বাহুত ধৰি জোকাৰি দিলে৷
‘‘তোৰ নাম মাতি আছে নিহাৰ৷’’
সি লগতে আৰু ক’ব বিচাৰিছিল,
‘‘মোৰ একো উপায় নাছিল নিহাৰ৷ মোক মাফ কৰি দে৷’’
কিন্তু নিহাৰৰ চকুলৈ চাই সি একো ক’ব নোৱৰা হ’ল৷ অভিষেক য’তে আছে ত’তে বহুপৰ
ৰৈ থাকিল৷
***
‘‘যি হ’ল কিন্তু ভাল নহ’ল৷
নিহাৰৰ স্কুলখন সঁচাকৈয়ে বহুত দূৰত হ’ল৷’’ অভিষেকক ভাত খাই উঠি মুখ ধোৱাৰ পিছত টাৱেলখন আগবঢ়াই দি মৃদুৱে ক’লে৷
‘‘এৰা, তাৰ লগত মই হয়তো সোনকালে সহজ হ’ব নোৱাৰিম৷ কেনেকৈ যে কি হৈ গ’ল৷ একাপ চাহৰ বাবে উঠি
গৈয়েই সকলো উলট-পালট হ’ল৷’’
একাপ চাহৰ কথাটোত মৃদুৰ মনটো মুজুৰা পৰি আহিল৷ ৰাতিপুৱা শঙ্কুৰ বাটাৰফ্লাই
এফেক্ট্ শুনা বাবেই তাই সময়মতে অভিষেকক চাহকাপ দিব নোৱাৰিলে৷ আজিৰ গোটেই ঘটনাচক্ৰৰ
মূল পখিলাটো হৈছে চাহকাপ৷ চাবলৈ গ’লে চাহকাপ খাই নোখোৱাটো এক সাধাৰণ কথা৷ কিন্তু এই সাধাৰণ কথাটোৱেই আজি এক ডাঙৰ ঘটনাৰ কাৰণ হ’ল৷ তাই মনতে ভাবিলে৷
ভাত খাই উঠি অভিষেক নিজৰ পঢ়া কোঠাত সোমাইছে৷ কিছুপৰ সি অকলে থাকিব
বিচাৰিছে৷ মানসিকভাৱে সি ভাগৰি পৰিছে৷ ইফালে শঙ্কু বিছনাত পৰি মাক শুবলৈ অহালৈ ৰৈ
আছে৷ এই সময়খিনিত মাকৰ লগত তাৰ বহুত কথা পাতিবলগীয়া থাকে৷ মাক অহাৰ লগে লগে সি
আৰম্ভ কৰিলে,
‘‘মা, আজি ৰাতিপুৱা যে মই তোমাক বাটাৰফ্লাই এফেক্টৰ
কথা কৈছিলোঁ তেনেকুৱা আৰু এটা থিয়ৰী আছে জানা৷ সেইটো হৈছে...
মৃদুৱে পুতেকৰ ওঁঠত আঙুলি দি তাৰ কথাখিনি সম্পূৰ্ণ কৰিবলৈ নিদি ক’লে৷
‘‘এতিয়া শুবৰ সময়ত মোক আৰু কোনো এফেক্ট্ দিব নালাগে সোণ৷ কাইলৈ পাপাই নতুন
স্কুলত জইন কৰিব৷ ৰাতিপুৱা সোনকালে উঠিব লাগিব৷’’
চকু টিপিয়াই হাঁহি এটা মাৰি শঙ্কুৱে ক’লে,
‘‘পাপাই কাইলৈ চাহকাপ খাই যাব লাগিব৷’’
***
ভ্ৰাম্যভাষ - ৭০৮৬৭-২৮৬৬৭