পৰিস্মিতা বৰদলৈ
বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা
খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ ওচৰতে
ৰৈছেহি তাই৷ সোমাই অহা এচাৰকণি চিটিকি পৰিছে তাইৰ গালেমুখে, চকুৰ দুপতাত আৰু তাইৰ
খোলা চুলিত৷ তাই আজি ৰ’দৰঙী কুৰ্তি এটা পিন্ধিছে৷ লগত একেৰঙৰ কাণফুলি৷ ঘৰতে
সাজিকাচি থাকি ভাল পায় তাই৷ অৱশ্যে কাপোৰৰ ৰং অথবা কাণফুলি আৰু কেতিয়াবা চুলিত মৰা
ৰাবাৰবেণ্ডৰ ৰং তাইক মাকে পচন্দ কৰি দিয়ে৷
গোমা আকাশখনৰ ডাৱৰ ডাৱৰ ৰঙৰ বিপৰীতে তাইৰ মুখখন পোহৰ পোহৰ৷ বৰষুণৰ শব্দবোৰে
তাইক যে ইমান আকৃষ্ট কৰে৷ খুউব ভাল পায় তাই বৰষুণৰ গান৷ এইযে এইমাত্ৰ বৰষুণজাকৰ
লগেলগে জেকা মাটিৰ গোন্ধ এটা বিয়পি পৰিছে, খিৰিকীৰে সোমাই অহা মৃদু বতাহজাকে যাক
কঢ়িয়াই লৈ আনিছে সেই গোন্ধটোৱে তাইক বাৰুকৈয়ে মতলীয়া কৰে৷ এই শব্দবোৰ, এই গন্ধবোৰ!
আস্! কি ধুনীয়া! কি ধুনীয়া! খিৰিকীৰে মূৰটো অলপমান হাওলাই দিয়ে তাই৷ আগতকৈ থামি
অহা বৰষুণজাক মূষলধাৰৰপৰা ক্ৰমান্বয়ে পৰিৱৰ্তিত হৈছে এজাক কিনকিনিয়া বৰষুণলৈ৷ কণ
কণ টোপালবোৰে যেন চুমা আঁকি দিছে তাইৰ মুখমণ্ডলত৷ উজাই লৈছে তাই জেকা মাটিৰ গোন্ধ৷
খিৰিকীখনৰপৰা কিছু আঁতৰতে কৰৱীজোপা৷ কৰৱীজোপাৰপৰাও কোমল কোমল গোন্ধ অকণমান বিয়পি
পৰিছে৷ তাই ভাবিবলৈ ধৰিছে শেৱালিজোপা কেতিয়া ফুলিব বাৰু! মায়াসনা গধূলিবোৰত নিজকে
হেৰুৱাই পেলোৱা দিনবোৰ আহিবৰ হৈছেই আৰু৷ আহিব শৰত! কুঁৱলী, নিয়ৰে সজাই-পৰাই
তুলি ধৰিব শাৰদীৰাণীক৷ বৰষুণজাক এতিয়া নাই৷ তাই খিৰিকীখনৰ ওচৰৰপৰা গুচি আহিছে৷
বিচনাখনতে বহি এইবাৰ তাই ভায়’লিনখনত সুৰ এটা তুলিবলৈ বিৰাট মন গৈছে৷ এইবাৰ তাইৰ
আঙুলিবোৰ ভায়’লিনৰ তাঁৰবোৰৰ সৈতে একাত্ম হোৱাৰ চেষ্টাত নিমগ্ন হ’ল৷ কিছুপৰৰ পাছতেই
এটা আত্মাক স্পৰ্শ কৰিব পৰা টানে কোঠাটো সুৰময় কৰি পেলালে৷
: মাজনী, কফি একাপ খাবা?
: ওঁ মা৷ খাম৷ তোমালৈও আনা৷
: আনি আছোঁ মাজনী৷ খিৰিকীখন বন্ধ কৰি লোৱা নাই কিয়? মহ সোমাব
দেখোন!
: থাকক দিয়া মা অলপপৰ৷
: হয় নেকি? ঠিক আছে মাজনী৷ মই আনি আছোঁ কফি দেই৷
: ওঁ মা৷
: মাজনী...
: কিবা ক’বা মা?
: সুৰটো বৰ ধুনীয়াকৈ তুলিছা মাজনী৷
: ভাল পাইছা মা?
: বহুউউত৷
: মা?
: কোৱা মাজনী৷
: পোহৰৰ দৰে ধুনীয়া নে সুৰটো?
: হাঁ? অঁ অঁ মাজনী৷
পোহৰৰ দৰেই ধুনীয়া৷ তুমি পিন্ধি থকা কুৰ্তিটোৰ দৰেই ৰ’দৰঙী৷
: যোৱা মা আনাগৈ৷
: ঠিক আছে৷
তাই জানে তাইৰ যিকোনো কামৰে লগাতকৈ অলপমান বেছিকৈ প্ৰশংসা
কৰে মাকে৷ তথাপি...তথাপি তাইৰ ভাল লাগে৷ তাই জানে মাকৰ সেয়া তোষামোদ নহয়৷ মাত্ৰ
তাইক মাকে অলপমান পোহৰ দিব বিচাৰে৷ অলপমান ৰ’দ৷ অলপমান বেলি বেলি অনুভৱ৷
এইযে তাইৰ সমগ্ৰ আকাশখন হৈ মাকজনীয়ে আৱৰি আছে, কথাটোৱে
তাইক আশ্বস্ত কৰাই নহয় একপ্ৰকাৰ এক শক্তি দিয়ে, সাহসী কৰি তোলে৷ তাইক যিকোনো
সিদ্ধান্ত লোৱাত মাকৰ মৰমখিনিয়েইতো সহায় কৰি আহিছে৷ তাই নাজানে যাত্ৰাৰ ঠিক কিমান
দূৰলৈ তাই মাকৰ হাতখন পাব৷ এইবোৰ ভাবি তাই দুখী হ’ব নোখোজেই আচলতে৷ মাকৰ বাবে তাই
এচমকা পোহৰ, এটুকুৰা ৰ’দ৷ মাকৰ মনটো ৰ’দঘাই কৰি ৰাখিবলৈকে তায়ো পোহৰৰ সুৰ এটা
গুণগুণাই থকাৰ প্ৰয়াস কৰে অহৰহ৷
: মাজনী৷ এইকাপ লোৱা৷
: অঁ মা৷ তোমালৈ আনিছা নহয়!
: আনিছোঁ ৰ’বা৷
: মা?
: মাজনী কিবা ক’বা?
: এই যে বৰষুণ এজাক দিয়াৰ পাছত ভিজা মাটিৰপৰা এটা সেমেকা সেমেকা
গোন্ধ বিয়পি পৰে৷ সেই গোন্ধটো তোমাৰ ভাল লাগে নে?
: লাগে মাজনী৷ কিন্তু তাতোতকৈ মোৰ কি গোন্ধ ভাল লাগে জানা?
তোমাৰ জন্মৰ পাছৰ কেঁচুৱা কেঁচুৱা গোন্ধটো বেছি ভাল পাইছিলোঁ৷ আস্ সেই গুলপীয়া কণ কণ
ওঁঠযুৰি৷ সেই আত্মাৰ স্পৰ্শ যাক মই জীৱনৰ শেষ উশাহলৈকে কঢ়িয়াই ফুৰিম৷
: মা কিয় ইমান ভালপোৱা মোক৷ তুমি নোহোৱা হ’লে যে মই...
: মাজনী মই তোমাৰ লগততো সদায়ে আছোঁ৷ থাকিমো৷
: উম মা৷ তুমি আছা বাবেই মোৰ বাবে পৃথিৱীখন ৰ’দৰঙী৷ তুমি আছা
বাবেই বাগিছাৰ ফুলবোৰ, বতৰৰ ফলবোৰ, ঋতুভেদে অহা চৰাইবোৰক, প্ৰকৃতিক মই ইমান বেছি ভাল
পাব পাৰিছোঁ৷ পৃথিৱীখন যে ইমান পোহৰময় সেই কথা উপলব্ধি কৰিব পাৰিছোঁ৷
: মাজনী তোমাৰ প্ৰকৃতিপ্ৰেমী মনটোৱেইতো
তোমাক গোটেই মানুহজনীকে পোহৰ কৰি ৰাখে৷
: সঁচাকৈ চাগে মা৷ এই যে তুমি পুৱাতে আহি
মোৰ কোঠাৰ খিৰিকীখন খুলি দিয়া৷ সেইযে ৰ’দজাক সোমাই আহে, লগতে ফিৰফিৰীয়া বতাহ এচাটি
লৈ, ফুলবোৰৰ সুঘ্ৰাণ লৈ, চৰাইবোৰৰ কলতান লৈ৷ এনে লাগে যেন মই এটা অন্ধকাৰ ৰাতিৰপৰা
নতুনকৈ উপজিছোঁ৷ ন-কেঁচুৱা মই৷ বহুদিন এনে অনুভৱ হৈছে মোৰ৷ মাত্ৰ কোৱা নহয়৷
: ক’বা মাজনী৷ মনত যি আহে, সকলো ক’বা৷ ভাল-বেয়া সকলো৷ একো কথাতে
মোক এন্ধাৰত নাৰাখিবা৷
: ক’ম বা৷ মোক পোহৰ কৰি ৰখা মানুহজনীক অন্ততঃ মই এন্ধাৰত ৰাখিব
নোৱাৰোঁ৷
কফি দুকাপ শেষ হয়৷ মাকে সামৰি ট্ৰেখনৰ ওপৰত উঠাই লৈ যায়৷
মাকৰ খোজৰ শব্দ শেষ হোৱালৈ তাই মনেমনে থাকে৷ মাক ওলাই যোৱাৰ পাছতে তাই নিজক প্ৰশ্ন
কৰে, “ৰাখিছে নেকি তাই মাকক কেনেবাকৈ এন্ধাৰত!” প্ৰশ্নটো
কৰি উঠি তাই গাটো এৰি দিয়ে বহল বিচনাখনত৷ বিচনাখনৰ কোমলতাই তাইক এইবাৰ সাৱটি ধৰে৷
চকুহালি মুদি তাই ঝিলিৰ শব্দবোৰ শুনিবলৈ কাণ উনায়৷ পাছে আজি ঝিলিৰ পৰিৱৰ্তে পাট
বেং জনীৰ হে টোৰোক টোৰোক শব্দটো কাণত পৰে৷ “ডাৱৰীয়া
বতৰ হ’লে ভেকুলীয়ে টোৰটোৰায়েই” আগতে আইতাকে
কৈছিল তাইক৷
সৰু থাকোঁতে আইতাকে আৰু কত কিমান যে কথা নকৈছিল৷ আইতাক
আছিল কাহিনীৰ বৰপেৰা৷ তাই ভাবি পোৱা নাছিল এটাও আখৰ চিনি নোপোৱা আইতাকে কেনেকৈ
ভাৰস্তৰ অতবোৰ কথা জানিছিল৷ এটা কথা সঁচা যে মাকৰ আগেয়ে প্ৰথমে আইতাকেই তাইক
পৃথিৱীৰ ৰূপ, গোন্ধ আৰু ৰঙৰ সৈতে পৰিচয় কৰোৱাই দিছিল৷ বহাগৰ নিজান দুপৰীয়াবোৰত
আইতাকৰ হাতৰ কাকৈ ফণিখনে তাইৰ চুলিৰ মাজেৰে খেলি থাকিছিল,
সমানে সমানে আইতাকৰ মুখৰপৰা আখৈ ফুটাদি কথাবোৰ উফৰি পৰিছিল৷ তেতিয়াই নাকেৰে উজায়েই
তাই ক’ব পাৰিছিল পদূলিৰ তগৰজুপি ফুলিছে নে পাছ বাৰীৰ কেতেকীজোপা৷ ঘৰৰ ভিতৰত থাকি
কাণ উনালেই গম পোৱা হৈছিল বৰদেউতাৰ জীয়েক লখিমী বাইদেৱে কোনবিধ বিহুবাদ্যৰ তালেতালে নাচ জুৰিছে৷ আইতাকৰ
সাধুকথাৰ ভঁৰালটোৱে তাইক সমৃদ্ধ কৰিছিল৷ আইতাক সিপুৰীলৈ যোৱাৰ পাছৰ দিনবোৰত তাইৰ
নিজকে অকলশৰীয়া যেন লাগিছিল৷ আচলতে আইতাক নৰিয়াত পৰাৰ পাছৰেপৰা তাইৰ তেনে অনুভৱ
হ’বলৈ ধৰিছিল৷ কিয়নো সেই সময়বোৰত আইতাকৰ সৈতে লাগি থাকিবলগীয়া হোৱা বাবে মাকেও
তাকৰীয়াকৈহে সময় পাইছিল তাইক সংগ দিবলৈ৷ পাছে আইতাক গুচি যোৱাৰ পাছত মাক তাইৰ আশে-পাশেই
থাকিছিল৷ দুয়ো দুয়োৰে অভ্যাস হৈ পৰিছিল৷ দেউতাক নামৰ সত্ত্বাটো ভালকৈ চিনি পাবলৈ
নৌ পাওঁতেই তাইৰ তিনিবছৰ বয়সত নিঃচিহ্ন হৈ পৰিছিল পথ দুৰ্ঘটনা এটাত৷ গতিকে তাইৰ
বাবে মাকেই আছিল পৰিছিল সম্পূৰ্ণ পৃথিৱীখন৷ কিন্তু কিছুদিন ধৰি তাইৰ পৃথিৱীখনৰ এটা
অংশ যেন অধিকাৰ কৰি লৈছে এজন ব্যক্তিয়ে৷ এটা অচিনাকি ফোনকলৰপৰা সেই সংযোগটো
ঘটিছিল৷ এতিয়া কেতিয়াবা এনেকুৱা লাগে যেন এই ব্যক্তিজনক বাদ দিলে তাইৰ পৃথিৱীখন
আধৰুৱা হৈ পৰিব৷ কিন্তু তাই মাকক ক’ব পৰা নাই বহু চেষ্টা কৰিও এই কথাটো৷ তাই জানে,
মাকৰ কপালৰ বেলিটো মচ খোৱাৰ পাছত মাকৰ জীৱনত কেৱল ডাৱৰেই ডাৱৰ৷ কিন্তু সেই ডাৱৰক
মাকে নিশা গোপনে চকুলোৰে গলাই দিনটো ৰ’দঘাই হৈ থাকে৷ মাকে তাইক নিজৰ কষ্টবোৰৰপৰা
আঁতৰাই ৰাখিবলৈ বিচাৰে৷ মাকে নক’লেও অৱশ্যে তাই জানে, মাক
আৰু তাইৰ এই দুজনীয়া সংসাৰখনত ডাৱৰ নথকা নহয়৷ তৎসত্বেও মাকে তাইক পোহৰময় কৰি ৰাখিবৰ বাবে যত্নৰ ত্ৰুটী
নকৰে৷ পাছে জানি বা অজানিতে তাইহে হয়তো মাকক এন্ধাৰত ৰাখিছে! এই কথাটোৱে তাইক আমনি
কৰি আছে ভিতৰি৷
মাকে প্ৰায়েই তাইক কথাৰ লাচতে কিছু কথা কয়৷ হয়তো সেয়া
তাইক সতৰ্ক কৰি দিয়াৰো প্ৰচেষ্টা হ’ব
পাৰে! মাকে তাইক কয় “মাতু জীৱনৰ এটা বয়সত কাৰোবাক আমাৰ ভাল
লাগি যাব পাৰে৷ তেওঁৰ ভাগৰ প্ৰতিটো কথাতে আমি সুন্দৰতা দেখা পাওঁ৷ এনে লাগে যেন
সকলোৱেই ধুনীয়া তেওঁৰ সৈতে৷ কিন্তু কি জানা ধুনীয়া কথাটো একেবাৰে আপেক্ষিক৷ ধুনীয়া
দেখা বা হোৱা কথাটো ঠিক তেতিয়ালৈকেহে বাহ্যিকতাত আৱদ্ধ হৈ থাকে, যেতিয়ালৈ কাৰোবাৰ
অন্তৰ্দৃষ্টি প্ৰাপ্ত নহয়৷ এই যে এটা বয়সৰ পাছত ছোৱালী এজনীক ধুনীয়া দেখা হয়৷ যৌৱনে বাকি দিয়া শৰীৰৰ খাজবোৰত, ৰংবোৰত কোনোবাই
অপৰূপ সৌন্দৰ্য বিচাৰি পায়৷ সেয়া আচলতে সাময়িকভাৱেহে৷ কিন্তু কোনোবাই হয়তো একেজন ব্যক্তিকে কেৱল
যৌৱনপুষ্ট সময়খিনিতে ধুনীয়া নেদেখে৷ দেখে প্ৰৌঢ়া অৱস্থাতো, বৃদ্ধ বয়সতো৷ পাছে তাৰ
বাবে অন্তৰ্দৃষ্টি থাকিবই লাগিব৷ ওপৰে ওপৰে চালে তেনেই সাধাৰণ যেন লগা কিহবাৰ
মাজতো বিশেষ সৌন্দৰ্য কোনোবাই বিচাৰি উলিয়াব পাৰে৷ কয়লাৰ খনিৰপৰা হীৰা উলিয়াই
আনিবলৈ যিদৰে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন৷ একেদৰে অসাধাৰণ সৌন্দৰ্য বিচাৰি পাবলৈকো
প্ৰয়োজন নিৰলস সাধনাৰ৷ সেই সাধনা যি কৰিছে,
তেওঁক কোনোদিনেই কোনো অসুন্দৰতাই চুব নোৱাৰে৷”
মাকৰ কথাবোৰ তাই উপলব্ধি কৰে৷ মাকক তাইৰ
ক’বলগীয়াখিনিকো তাই পাগুলি থাকে মনৰ মাজত৷ পাছে ক’বহে নোৱাৰে৷ কোনোবা দূৰ এন্ধাৰৰ
গুহাত যেন পোত খাই থাকে কথাবোৰ, পোহৰৰ মুখ নেদেখে৷ তথাপি তাই সাহ বান্ধে এইবাৰ৷ মন
ডাঠ কৰে৷ কিয়নো কথাবোৰ গাপ দি ৰখাতকৈ কৈ দিয়াই ভাল৷
ধূনাদানিটো লৈ মাক সোমাই আহে৷ গধূলিৰ এই সময়খিনিত মাকৰ
গাৰপৰা এক অপূৰ্ব গোন্ধ ওলায়৷ ভিজা চুলি, হাতত ধূনাদানিটো লৈ ঘৰখনত ঘূৰাই থকা
মাকজনীক তাইৰ যেন পৱিত্ৰতাৰ আন এক প্ৰতীক যেন লাগে৷ মাকৰ ওচৰত থাকিলে তাইৰ মাকক
প্ৰাৰ্থনাৰ সুৰ এটিৰ দৰেই লাগে৷ ইমান কোমল, ইমান পৱিত্ৰ আৰু ইমান পোহৰ৷ মাকৰ জীৱনত
এতিয়া তাইৰ বাদে কোনো নাই৷ তাইৰ বাবেও মাক, মাকৰ বাবেও তাই৷ কিন্তু সেই বিশেষ
অচিনাকি ফোনকলটো অহাৰেপৰা তাই যেন কথাবোৰ নতুনকৈ ভাবিছে৷ তাই মাকক কুটুৰি কুটুৰি
মাকৰ চুলিত হেনা লগোৱাইছে, মাজে-মাজে বেচন আৰু
মৌজোলৰ লেপন মুখমণ্ডলত৷ মাকে তাইৰ সকলো আবদাৰ পূৰাইছে৷ কিন্তু তাৰ অন্তৰালতো যে
কিবা কাৰণ আছে সেই কথা হয়তো মাকে বুজা নাই৷
সৌৱা সন্ধিয়া প্ৰাৰ্থনা সামৰি মাকে বাৰাণ্ডাৰ পিনে গৈছে৷
এইখিনি সময়তে মাকক কথাটো তাই ক’ব৷ হয় এয়াই উচিত সময়৷ ক’ব যে মাকে যিদৰে তাইৰ
এন্ধাৰ জীৱনটোত পোহৰ সিঁচি তাইক পোহৰাই ৰাখিছে৷ তায়ো মাকৰ জীৱনলৈ অলপমান ৰং আনিব
বিচাৰিছে৷ সেই অচিনাকি ফোনৰ সিপাৰৰ মানুহজন মাকৰে একালৰ বন্ধু যি মাকক ক’ব খুজিও
সেই সময়ত মনৰ কথাবোৰ নোৱাৰিলে ক’ব৷ এতিয়া তেওঁ বিচাৰিছে মাকক নিজাকৈ, জীৱনৰ বাকী
দিনবোৰৰ বাবে৷ লগতে তাই ইয়াকো ক’ব যে সেই মাকে যে কৈছিল যাৰ অন্তৰ্দৃষ্টি থাকে
তেওঁ এজন ব্যক্তিক যিকোনো বয়সতে সুন্দৰ দেখে৷ সেই ব্যক্তিজনৰ বাবেও মাক এতিয়াও
সৌন্দৰ্যশালী৷ তাই জানে মাকৰ বাবে কথাবোৰ কিছু পৰিমাণে আচহুৱা হ’ব৷ হয়তো গ্ৰহণযোগ্যও
নহ’ব৷ তায়ো জোৰ নকৰে মাকক সিদ্ধান্ত ল’বলৈ৷ তথাপি তাই মাকক এটা কথা নিশ্চয়কৈ ক’ব
যে সিপাৰে থকা বেলিটোৱে সিহঁতৰ এই ডাৱৰৰ পৃথিৱীখনলৈ সঁচাকৈ যদি কিছু ৰ’দ আনি দিয়ে
তেনেহলে তাত বাধা ক’ত! কথাখিনি ক’বৰ
বাবে তাই মাকৰ ওচৰলৈ নিজেই উঠি গ’ল৷ বাৰাণ্ডালৈ বুলি গৈ থকা তাইৰ হাতৰ
লাখুটিডালে মজিয়াত শব্দ কৰিলে খট্ খট্ খট্!
ভ্ৰাম্যভাষ - ৯৬১৩৭৯৩০৭৭