স্ৰোতস্বিনী তামুলী
বলোৰাম !
... তেওঁৰ
সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷
তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ
তাপ৷
দহ পুৰা মাটিৰ ধান খেতি বলোৰামৰ৷ এসময়ত তেওঁৰ পিতৃপুৰুষ গোটেই গাঁৱৰ ভিতৰতে চহকী লোকৰ শাৰীত পৰিছিল৷ এতিয়াও গোটেই গাঁওখনৰ ভিতৰতে তেওঁৰে মাটি সৰহ৷ অতগাল মাটি দেখিয়েই তেওঁলৈ এসময়ত নিজৰ ছোৱালী যাচিছিল মানুহে৷ অত বছৰ বছৰ ধৰি তেওঁ এই মাটিখিনিত খেতি কৰি আছে৷ ধান বিক্ৰী কৰি পোৱা টকাৰেই তেওঁৰ ঘৰখন চলে৷ ল’ৰা-ছোৱালীৰ পঢ়া-শুনা, বেমাৰ-আজাৰ, বিয়া-সকাম সমস্ত৷ আজিকালি ঘৈণীয়েকে প্ৰায়ে কৈ থাকে অলপ মাটি বিক্ৰী কৰি দিবলৈ৷ গাঁওখনৰ কেইবাঘৰো মানুহে নিজৰ মাটি বিক্ৰী কৰিছে মাৰোৱাৰী ব্যৱসায়ী এজনক৷ কিবা স্মাৰ্ট স্কুল বহিব বোলে৷ জোখতকৈ বেছি দামতে ব্যৱসায়ীজনে মাটিবোৰ কিনিছে৷ বলোৰামৰ ঘৈণীয়েকৰ মতে এনে সুযোগ বাৰে-বাৰে নাহে৷ কিন্তু বলোৰামে মাটি বিক্ৰী কৰাৰ কথা ভাবিবই নোৱাৰে৷ এই মাটিখিনিত তেওঁ আত্মাভিমান নিহিত হৈ আছে৷ কোনো কাৰণত তেওঁ এই মাটি বিক্ৰী নকৰে৷ কিবা কাৰণত ঘৈণীয়েকৰ চিন্তা হ’লেই তেওঁ কয় - “ কিয় চিন্তা কৰিছা? দহ পুৰা মাটি আছে আমাৰ৷” আজিকালি এইবোৰ কথা ক’লেই ঘৈণীয়েক জকজকাই উঠে৷
“থোৱাঁ অ’ তোমাৰ দহ পুৰা মাটিৰ হিচাপ৷ বেলেগকে দিবা৷ না ভালকৈ খাবলৈ জোৰে, না ভালকৈ পিন্ধিবলৈ৷ ল’ৰা-ছোৱালীক পঢ়ুৱাব লাগে৷ খবৰ আছে? হাতত পইচা-পাতি নাই৷ মোক দহ পুৰা মাটিৰ হিচাপ দিবলৈ আহে তেওঁ৷ ...একেবাৰে মহাজনহে তেওঁ৷”
দিনটোৰ শেষত -ভাগৰে-জুগৰে
আহি তেওঁ ঘৰৰ আগফালে বহেহি৷ পৃথিৱীলৈ নামি অহা আন্ধাৰখিনি যেন তেওঁৰ জীৱনলৈ
ক্ৰমবৰ্ধমান ৰূপত নামি অহা আন্ধাৰখিনিৰ দৰেই কৰুণ৷ দূৰৰ পৰা ভাহি আহিছে নামঘৰৰ
দবাৰ শব্দ৷ প্ৰত্যেক দিনাৰ দৰে আজিও তেওঁ গভীৰ প্ৰত্যয়েৰে ভগৱানক চিন্তা কৰিলে৷
তেওঁৰ মতে ভগৱানেই তেওঁ সমস্ত দুখ-সুখৰ সাক্ষী৷ বলোৰামে জীৱনত কাৰো একো অন্যায়
কৰা নাই, কাৰো একো অহিত চিন্তা কৰা নাই৷ তেওঁৰ লগত ঈশ্বৰে একো বেয়া হ’বলৈ নিদিয়ে৷
এই দৰিদ্ৰতা ঈশ্বৰৰ পৰীক্ষাহে৷ ইয়াৰ পিছত নিশ্চয় বহু সোণালী সময় ৰৈ আছে তেওঁৰ
বাবে৷ - এই বিশ্বাসতে জীৱনৰ আধা বয়স পাৰ হ’ল বলোৰামৰ৷ কিন্তু এতিয়ালৈকে সেই দিন
নাহিল৷
বলোৰামে নিজৰ গদ্গদ
ভক্তিৰ ওচৰত হাৰ মানিব নোখোজে৷ আজিকালি ঈশ্বৰৰ কথা ক’লে তেওঁৰ পত্নীয়েও গুৰুত্ব
নিদিয়ে৷ ঘৰখনত দিনক-দিনে বাঢ়ি অহা প্ৰয়োজনবোৰ তেওঁৰ চকুত নপৰাকৈ নাথাকে৷
বজাৰখনলৈ গ’লে হৰেক ৰকমৰ বস্তু৷ কেৱল লাগে হাতত লাগে ধন৷ ৰীমাই বহুদিনৰ পৰা কৈ আছে
স্মাৰ্ট ফোন এটাৰ কথা৷ অথচ তেওঁ দিব পৰা নাই৷ পুতেকে সৰু চাইকেল এখনৰ বাবে কিমান
দিন যে কন্দা-কটা কৰিছে হিচাপ নাই!
বলোৰামে মনে মনে
চহৰত গৈ মাজে-মাজে কামৰ সন্ধান কৰে৷ কিন্তু সকলোতে আজিকালি কম্পিউটাৰ শিক্ষা লাগে৷
তাতে তেওঁৰ বয়সো বেছি৷ সাধাৰণ কাম এটাৰ বাবেও ন্যূনতম শিক্ষাগত অৰ্হতা বিচাৰে৷
এনেকৈয়ে দিনবোৰ গৈ আছে৷ বলোৰামে মাজতে চহৰৰ দুই-এঘৰত বাৰী চাফা কৰা, চোতালত ফুলৰ
পুলি ৰোৱা ধৰণৰ সৰু-সুৰা কাম কিছুমান কৰিবলৈ ধৰিলে৷ অনিচ্ছা সত্ত্বেও তেওঁ কামখিনি
কৰিছিল৷ কিন্তু দিনটোৰ শেষত টকাকেইটা লৈ যে কিমান আনন্দ পাইছিল তেওঁ৷ কিন্তু
বিচাৰিলেও সদায় কাম পোৱা নাযায়৷ চহৰত এনেকুৱা কামৰ বাবে বহুত মানুহ পোৱা যায়৷
টকাৰ মাজতেই যে আনন্দ লুকাই আছে লাহে লাহে বলোৰামে বুজি উঠিছে৷ অত বছৰে কেৱল অভাৱ
আৰু অনাটন৷ না মন ভৰি খাই পাইছে কিবা এটা, না পিন্ধি পালে কিবা এটা৷ প্ৰত্যেক
দিনাই ঘৰখনত চিঞৰ-বাখৰ৷ মানুহজনীৰ মুখখনলৈ চালেই তাৰ মনটো সেমেকি যায়৷ নিজকে দোষী
দোষী যেন লাগে৷ বিচাৰিলেও একো কৰিব নোৱাৰে তেওঁ৷
বলোৰামৰ ঘৰৰ পৰা
তিনিঘৰ পাৰ হৈ ৰমেশৰ ঘৰ৷ ৰমেশহঁত বলোৰামৰ পৰিয়ালৰে মানুহ৷ ৰমেশ ভালে কেইবছৰ ঘৰত নাই৷
কাৰো হাক-বচন নামানি অন্ধ্ৰপ্ৰদেশলৈ গুচি যোৱা ল’ৰাটো কালি ঘৰলৈ আহিছে হেনো৷
বলোৰামৰ যিমানখিনি মনত আছে ৰমেশে মেট্ৰিক ফেইল কৰি পঢ়া বাদ দিছিল৷ তাৰ দৰে ল’ৰাটোৱে
বেলেগ এখন ৰাজ্যত চাকৰি পাইছে বুলি শুনি বলো আচৰিত হৈছিল৷ বলোৰামৰ এইবাৰ নিজৰ
ঠাইখনলৈ খং উঠিল৷ বলোৰামৰ ল’ৰাটোৱে কৈ আছে - ৰমেশ খুৰাৰ ম’বাইলটো ইমান দামী! ইমান
ধুনীয়া! কিবা এটা ভাবি বলোৰাম পিছদিনাই গৈ ৰমেশৰ ওচৰ পালেগৈ৷
***
চকুত ৰংচঙীয়া সপোন
এসোপা লৈ বলোৰাম ৰমেশৰ সৈতে ৰে’লত উঠিল৷ কত যুগ হ’ল বলোৰামৰ ৰে’লত নুঠা৷ জেনেৰেল
ডবাটোত ঠেলি-হেঁচি দুয়োটা সোমাই গ’ল৷ যেনে তেনে বহিব পৰাকৈ ঠাই অকণ উলিয়াই
বলোৰাম বহিল৷ ডবাটোত বহিবলৈ ছীট নাছিল৷ কাপোৰৰ বেগটো যেনে তেনে চুক এটাত থৈ
ৰমেশ থিয় হৈ গৈ থাকিল৷ ছীটৰ ওপৰৰ বেগ থোৱা ৰেলিং এডালতে সি
যেনে-তেনে বহি ল’লে৷ দুটা দিনৰ বাট৷ কত কথা, কত ছবিয়ে বলোৰামৰ চকুত অগা-ডেৱা কৰি
থাকিল৷ বলোৰামে এই মাটিৰ মোহ এৰি, ঘৰ-দুৱাৰ এৰি দূৰৈৰ ক’ৰবালৈ গৈ আছে৷ তেওঁৰ মাটি
কেইডৰা, তেওঁৰ বাৰীখন! - সকলোবোৰৰ পৰা ক্ৰমশঃ আঁতৰ হৈ আহি আছে তেওঁ৷ এই মাটি-বাৰীৰ
বাবেই বলোৰাম আৰু খুৰাকৰ চাৰিটা পুতেকৰ লগত কিমান কাজিয়া-পেচাল লাগিছিল৷ সিহঁতে
সেই সময়ত বলোৰামক আনকি প্ৰাণে মৰাৰ ভাবুকিও দিছিল৷ ঈৰ্ষাতে ৰাতি হ’লে বলোৰামৰ ঘৰৰ
টিঙলৈ শিল দলিয়াইছিল৷ বলোৰামে তেতিয়া হাতত দাখন লৈ চোতাললৈ ওলাই গৈছিল৷ তাৰ পাছত
দুটা পুতেক দুৰ্ঘটনাত ঢুকাল আৰু এটাই বিয়া-বাৰু কৰাই গাঁও এৰি বেলেগ ঠাইলৈ গুচি গ’ল৷
গাঁৱত আছেগৈ এতিয়া এটা পুতেক৷ পিছে মদ খাই খাই সি তেনেই অসুখীয়া হৈ পৰিছে৷ এতিয়া
কাজিয়া কৰা দূৰৰে কথা, বলোক লগ পালে মদ খাবলৈ টকাহে খোজে৷ এতিয়া সেই মাটিকে এৰি
বলোৰামো বহু দূৰৈৰ কোনোবা ঠাইলৈ দৌৰিছে৷ শাস্ত্ৰত এনেয়ে নকয় মাটি-বাৰী,
ধন-সম্পত্তি সকলো মিছা বুলি৷ বলোৰামে ঈশ্বৰক চিন্তা কৰিলে৷ বলোৰামৰ বিশ্বাস
অতল এতিয়াও৷ তেওঁৰ দৰে মানুহৰ লগত ঈশ্বৰে বেয়া হ’বলৈ নিদিয়ে৷ এই বিশ্বাসৰ ওচৰত
তেওঁ হাৰ মানিব নিবিচাৰে৷
পুতিগন্ধময় ৰে’লৰ ডবাটোৰ পৰা ওলাই লৈহে বলোৰ উশাহ ঘূৰি আহিল৷ দুদিন নোশোৱাকৈ একেৰাহে বহি বহি তেওঁৰ কঁকালটো বিষত টুকুৰা-টুকুৰ হৈ পৰা যেন লাগিছে৷ ৰে’লৰ পৰা নামি অ’টো এখনত উঠি দুয়ো ৰমেশৰ ৰূম পালেহি৷ ৰূম মানে সৰু কোঠা এটা৷ কোঠাটোৰ দৰ্জাখনো নাই৷ আগতে আছিল - ভাগি উঁৱলি গ’ল৷ কোনেও মেৰামতিও কৰি লোৱা নাই৷ বোধহয় দুৱাৰ এখনৰ প্ৰয়োজনীয়তা কোঠাটোৱে হেৰুৱাইছে৷ সৰু ৰূমটোৰ ভিতৰতে চাৰিটা ল’ৰা থাকে৷ ৰমেশে বলোৰামক লগৰ কেইজনক চিনাকি কৰাই দিলে৷ সিহঁত বলোৰামতকৈ বয়সত যথেষ্ট সৰু৷ কোঠাটোৰ বস্তুবোৰ ইফাল-সিফাল কৰি অকণমান ঠাই উলিওৱা হ’ল বলোৰামৰ বাবে৷ অতি কম সময়ৰ ভিতৰতে বলোৰামে নিজৰ অসহায় অৱস্থাটোক খুব ভালদৰে উপলদ্ধি কৰিবলৈ ধৰিছে৷ দহ পুৰা মাটি তেওঁৰ৷ অথচ শুবলৈকে ঠাই অকণ পোৱা নাই আজি৷ ঘূৰি যাবলৈ ৰে’লৰ ভাড়াটোকে নাই তেওঁৰ হাতত৷ নাই তেওঁ থাকিব লাগিব৷ ঈশ্বৰৰ এই কঠিন পৰীক্ষাত তেওঁ উত্তীৰ্ণ হ’ব লাগিব৷
বলোৰামক ৰমেশে নি
নিজে কাম কৰা ফেক্টৰিটো পোৱালেগৈ৷ তাতে বলোৰামক পহৰাদাৰ হিচাপে ৰখা হ’ল৷ ৰমেশে
মজদুৰি কৰা ফেক্টৰীটোতে বলোৰামে পহৰাদাৰৰ কাম এটা পালে৷ গোটেই ৰাতি পহৰা দিব লাগিব
- কোনো খেলি-মেলি হ’ব নালাগিব৷ বলোৰামে মূৰ দুপিয়াই সন্মতি দিলে৷ হিন্দী বুজি পায়
যদিও ক’ব নোৱাৰে ভালদৰে৷ গোটেই ৰাতি টোপনি খতি কৰি পহৰা দি থাকে বলোৰামে৷
পহৰা দি থকাৰ সময়ত তাৰ চকুৰ আগত ভাহি থাকে ধাননি পথাৰখন, বাৰীখন,
ঘৈণীয়েক-জীয়েক ...! এইবোৰক কোনে ৰখি আছে এতিয়া! বলোৰামে অসহায় হৈ ঈশ্বৰকে খাটে৷
– “ৰক্ষা কৰিবা প্ৰভু”৷
মাহেকৰ মূৰত টকাকেইটা পোৱাৰ লগে লগে
নিজলৈ সামান্য পৰিমাণে ৰাখি বাকীখিনি সি ঘৰলৈ পঠিয়াই দিলে৷ বহুত বছৰৰ অন্তত তাৰ
হাতলৈ একেলগে ইমানখিনি পইচা আহিছে৷ এতিয়াৰ পৰা মাহে মাহে এনেকৈ হাতলৈ ধন আহিব
... কথাটো ভাৱিয়ে তাৰ মনটো কিবা এটা ভাল লাগি গ’ল৷ ঘৰখনেও যে কিমান সকাহ পাইছে!
ৰীমাই কিস্তিত স্মাৰ্ট ফোন এটা লৈছে৷ আজিকালি ঘৰলৈ ফোন কৰিলে তাৰ মনটো ভাল লাগে৷ পলমকৈ
হ’লেও পৰিয়ালটোক অন্ততঃ সুখৰ মুখ দেখুৱাব পাৰিছে৷
বহিৰ্ৰাজ্যৰ পৰা
কাম কৰিবলৈ অহা লোকসকলৰ লগত স্থানীয় মানুহখিনিৰ কিবা কথাত সংঘাত আৰম্ভ হ’বলৈ
ধৰিছে৷ দুই-এঠাইত কেইবাটাও হত্যাকাণ্ড সংঘটিত হৈছে৷ ৰমেশৰ মতে এয়া নতুন ঘটনা নহয়৷
য’তে-ত’তে মৰাশ উদ্ধাৰ হৈছে৷ পথৰ কাষত, দলনিৰ মাজত গেলি-পঁচি গৈছে সাধাৰণ শ্ৰমিকৰ
মৰাশবোৰ - বহুতৰ ঘৰত গমেই পোৱা নাই৷ বহুতে ম’বাইল বা টি.ভি.ত দেখি খবৰ পাইছে৷ কিন্তু ইমান দূৰৈৰ পৰা আহি মৰাশটো লৈ যোৱাৰ
সামৰ্থ্য নাই৷ আনকি শেষবাৰৰ বাবে এবাৰ আপোনজনক চাবলৈ আহিবলৈও অক্ষম৷ ভয় খাই মানুহ
ঘৰলৈ উভতিছে৷ ৰমেশ আৰু বলোৰাম দুয়ো ভীষণ দুশ্চিন্তাত পৰিছে৷ ঘৰলৈ ঘূৰি যোৱাৰ ইচ্ছা
সমূলঞ্চে নাই দুয়োৰে৷ যি হ’ব দেখা যাব৷ লাগিলে আন ঠাইলৈকে গুচি যাব৷ কিন্তু ঘৰলৈ
ঘূৰি যাব নোৱাৰে৷ প্ৰাণৰ মোহো যেন ইমান দিনে দুয়োৰে মাজৰ পৰা হেৰাই গৈছে৷
ৰমেশে যোগাযোগ কৰি যেনে-তেনে কাষৰে বেলেগ এখন ৰাজ্যত বিল্ডিং
এটাত মজদুৰিৰ কাম এটা বিচাৰি পাইছে৷ দুয়ো এইবাৰ টালি-টোপোলা বান্ধি তালৈ দৌৰিলে৷
আগৰ কামটোৱেই ভাল আছিল বলোৰামৰ৷ কিন্তু নকৰিলে উপায় নাই৷ ৰীমাৰ ম’বাইলটোৰ এতিয়াও
পাঁচটা কিস্তি আছেগৈ৷ অন্যান্য খৰচবোৰ আছেই৷
দিনবোৰ গৈ আছে৷
বিল্ডিং সম্পূৰ্ণ হৈ উঠাৰ পাছত সিহঁত আকৌ টালি-টোপোলা বান্ধি বেলেগ এটা কামৰ
সন্ধানত দৌৰিল৷ এইবাৰ বিস্কুটৰ ফেক্টৰি এটাত কামৰ যোগাৰ হৈছে৷ উৎকট গৰমত ফেক্টৰিৰ
ভিতৰত সোমাই সিহঁতে কাম কৰি থাকে৷ মাজে-মাজে বেমাৰত পৰে৷ যাব নোৱাৰে৷ পইচা কাট
খায়৷ বেমাৰ-আজাৰৰ নামত কোনো ধৰণৰ ছুটী নাই৷
সিহঁতে ফেক্টৰিত
কাম কৰা ভালেমান দিন হ’ল৷ সিহঁতৰ সমুখতে বিস্কুট তৈয়াৰ হয়, মেচিনত পেকিং হয়৷
কিন্তু আজিলৈকে সিহঁতে এখন বিস্কুট মুখত দি পোৱা নাই৷ লাখ লাখ বিস্কুট তৈয়াৰ হৈ
থাকে প্ৰত্যেক দিনাই৷ তাৰে এপেকেট আনি খাই চালে কি হ’বনো! লোভতে এদিন কামৰ পৰা
উভতি আহোঁতে ৰমেশে বিস্কুট এপেকেট খুব সাৱধানে লুকুৱাই লৈ আনিলে৷ ৰমেশৰ মতে
আমি বিস্কুট এপেকেট খালে ইমান ডাঙৰ ফেক্টৰিৰ মালিক এজনৰ একো লোকচান নহয়৷ তথাপি বলোৰামে বৰ ভয়ে-ভয়ে খাইছে৷ তেওঁৰ মতে ৰমেশে মনে মনে এই কাম কৰিব নালাগিছিল৷ কিন্তু
বিস্কুট খোৱাৰ লোভটো বলোৰামেও সামৰিব পৰা নাছিল৷ দুদিনৰ পাছতে চি চি টি.ভি. ফুটেজ চাই ফেক্টৰিৰ মেনেজাৰে ৰমেশৰ গোটেই কাণ্ডটো ধৰা পেলালে৷ এই
সাধাৰণ অপৰাধৰ বাবে ৰমেশক গুৰুলা-গুৰুলকৈ পিটিলে৷ আনকি প্ৰকাণ্ড চৌকাটোত ৰমেশৰ
মূৰটো ভৰাই জ্বলাই দিব খুজিলে৷ ৰমেশে ভৰিত ধৰি কাকূতি-মিনতি কৰিছে তাক ক্ষমা কৰি
দিবৰ বাবে৷ এই গোটেইবোৰ বলোৰামৰ সমুখতে হৈ আছে৷ বলোৰামৰ ভিতৰখন চিৰলা-চিৰিলিকৈ
ফাটি গৈছে৷ অথচ সি এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰাকৈ অক্ষম৷
এই ঘটনাটোৰ পাছত
ৰমেশ ঘৰলৈ ঘূৰি গ’ল৷ প্ৰাণৰ মায়া সি এতিয়াও এৰিব পৰা নাই৷ বিষ-কোপবোৰ ভাল হ’বলৈ
সময় লাগিব৷ কাম কৰিব নোৱাৰিলে তাত এনেয়ে কাকো থাকিবলৈ দিয়া নহয়৷ এতিয়া বলোৰাম
অকলশৰীয়া৷ ঈশ্বৰেই এতিয়া তেওঁৰ একমাত্ৰ লগৰীয়া৷ বলোৰামৰ একেবাৰে ইচ্ছা নোহোৱা
হৈ গৈছে ইয়াত থকাৰ৷ কিন্তু সি গুচি যাব নোৱাৰে৷ ল’ৰাটোক পঢ়ুৱাব লাগে, ছোৱালীজনীক
বিয়া-বাৰু দিব লাগে, মাইক্ৰ’ ফাইনেঞ্চৰ ঋণ পৰিশোধ কৰিব লাগে, এবাৰ মানুহজনীৰ অসুখ
হওঁতে বন্ধকীত দিয়া মাটিখিনি মোকলাব লাগে৷ গভীৰ অনিচ্ছা সত্ত্বেও পুৱা উঠি সি
কামলৈ যায় - উভতি আহে৷ কাৰো লগত তেওঁ ক’তো ওলাই নাযায়৷ গধূলি নামিলেই তেওঁৰ মনটো
বিষাদে ভৰি পৰে৷ বছৰেকৰ বিহুটো আহিলে তাৰ গাঁওখনলৈ চেৰেং-চেৰেঙকৈ মনত পৰে৷ ল’ৰা-ছোৱালীকেইটাক
চাবলৈ মন যায়, তাৰ হেঁপাহৰ ঘৰখন, গৰুহাল, খেতি-মাটি কেইডৰা ... স্পৰ্শ কৰিবলৈ মন
যায়৷ তাতেই যেন আছে বলোৰামৰ সমস্ত জীৱনৰ শান্তি৷ তেওঁৰ নিজকে বৰ নিঃস্ব যেন
লাগিবলৈ ধৰিছে দিনে-দিনে৷ দিনক দিনে ভিতৰখন উদং হৈ আহি আছে বলোৰামৰ৷ মানুহ হৈ থকা
নাই বলোৰাম৷
আকাশত চতুৰ্দশীৰ
জোন৷ এই আকাশখনেই বলোৰামে ঘৰৰ চোতালৰ পৰা দেখে৷ এই একেটাই জোন - যাক তেওঁ ঘৰৰ পৰা
ইমান আঁতৰতো নিজৰ লগত লৈ আনিব পাৰিছে৷ এই বৃহৎ মহাজাগতিক পৰিঘটনাৰ মাজত
নিজকে অকলশৰীয়া কীট এটাৰ দৰে আৱিষ্কাৰ কৰে তেওঁ ৷ নাতিদূৰৈৰ পৰা ৰে’লৰ উকি এটা
আহি তেওঁৰ কাণত পৰিল৷ এনেকুৱা এখন ৰে’লত বহিয়েই সি তাৰ ঘৰখনৰ পৰা আঁতৰি ইমান দূৰ
পাইছিলহি৷ সি আঙুলিত গণিবলৈ ধৰে - পাঁচ বছৰ ... ছয় বছৰ ... সাত বছৰ৷ যাম যাম
বুলিও সি ঘৰলৈ যাব পৰা নাই৷ ঘৰত প্ৰয়োজন বাঢ়ি আহিছে ... বাঢ়ি আহিছে তাৰ
দায়িত্ব৷ ৰীমাৰ বিয়াৰ নামতো কিছু ধাৰ লাগিল৷ ল’ৰাটো চহৰৰ কলেজত পঢ়ি আছে৷
বস্তুৰ দাম দুগুণে বাঢ়িল৷ সি হিচাপ কৰে - এবাৰ ঘৰলৈ যোৱাৰ খৰচ অতি কমেও দহ হাজাৰ
টকা৷ টকা দহ হেজাৰ হাতত গোট খাবলৈকে নাপায় দেখোন৷ তেওঁ হিচাপ ৰাখিবলৈও বাদ দিছে৷
হিচাপ কিহৰ ৰাখিব তেওঁ - সাত বছৰে ছন পৰা মাটি কেইডৰাৰ, সাত বছৰে চাবলৈ নোপোৱা
পৰিয়ালটোৰ মানুহকেইটা নে নিজৰ ভাগি যোৱা আত্মাভিমানৰ! সময় গৈ থাকে ... ৰীমা
বিয়া হৈ গ’ল, ল’ৰাটোৱে মেট্ৰিক পাছ কৰি কলেজত নামভৰ্তি কৰিলে৷ দেশত চৰকাৰ সলনি হ’ল৷
কিন্তু বলোৰাম ঘৰলৈ আহিব পৰা নাই৷ বেতনৰ সামান্য টকাকেইটাৰ পৰা জমা কৰি কৰি
জীয়েকৰ বিয়াখন পাতিবলৈ উলিয়াই দিলে৷ পুতেকে ছায়েঞ্চত পঢ়িছে৷ এবাৰো নিৰ্বাচনত
ভোট দিবলৈও নাহিল সি৷ সি আজিকালি একো ভাবিব নিবিচাৰে৷ দেশৰ খবৰো একো নাৰাখে৷
কথাবোৰ নভৱাকৈ থাকিবলৈকে সি পচন্দ কৰে৷ গধূলি মদ অকণমান ডিঙিত পৰিলে অন্ততঃ অলপ
সময়ৰ বাবে হ’লেও সকলো টেনচনৰ পৰা মুক্তি৷ নহ’লে টোপনিতো কথাবোৰে বলোৰামক আমনি কৰি
থাকেহি৷
সাত বছৰৰ পাছত ৰমেশে গাৰ বিষ-কোপ পাহৰি আকৌ আহিবলৈ ওলাইছে৷ সেই ঘটনাটো সি এতিয়াও পাহৰিব পৰা নাই৷ তেতিয়া সি কেতিয়াও বেলেগ ঠাইলৈ কাম বিচাৰি নাযাওঁ বুলি শপত খাইছিল৷ ঘৰলৈ ঘূৰি অহাৰ পাছত হাতত থকা টকাকেইটাৰেই ব্ৰয়লাৰ বা গাহৰিৰ ফাৰ্ম এখনকে খোলাৰ কথা ভাবিছিল৷ কিন্তু গাঁৱৰ ৰাইজে অনুমতি নিদিলে৷ অলপ দিনৰ পাছত নিজৰ ঘৰতে খেতি-বাতি আৰম্ভ কৰিলে সি৷ ধান বেচি যিমান পইচা পালে বছৰটোৰ তেল-নিমখৰ খৰচকে নোলাল৷ গাঁৱত কেতিয়াবাহে দুই-এটা হাজিৰা কাম ওলায়৷ কাষৰে চহৰখনত মজদুৰি বা পহৰাদাৰৰ কাম কৰিবলৈ তাৰ মন নাযায়৷ কাৰণ বাহিৰত যিমান পইচা ইয়াত সিমান পইচা নিদিয়ে৷ আগেয়ে সি কামৰ পৰা বহুত দিনৰ পাছত ঘৰলৈ আহোঁতে মানুহবোৰে তাক কিমান গুৰুত্ব দিছিল! - তাৰ হাতত চকমকাই থকা দামী ম’বাইলটো আটায়ে চুই চাব বিচাৰিছিল একোবাৰ৷ তাৰ কাপোৰ-জোতা সকলোতে এক আভিজাত্যৰ চিন আছিল৷ ঘৰখনলৈ টি.ভি. , ফ্ৰিজ ... এটা এটাকৈ কেইবাটাও বস্তু আহিছিল৷ মাক-দেউতাকো সুখী হৈছিল৷ সি ফে’চবুকত ৰেষ্টুৰাঁত বহি খোৱা, সাগৰৰ পাৰৰ বালিত বহি থকা ফটো আপলোড কৰে৷ বহুতো লাইক আহে - কমেণ্টো আহে দুই-এটা৷ কিবা এটা ভাল লাগি থাকিছিল৷ দিনৰ দিনটো মজদুৰি কৰি ভাগৰত বিছনাত পৰি সি ফে’চবুকত নতুনকৈ চিনাকি হোৱা ছোৱালীবোৰৰ লগত কথা পাতিছিল৷ কিন্তু এতিয়া সেইবোৰ নাই একো নাই তাৰ৷ কথাবোৰ ভাবি-চিন্তি সি অধৈৰ্য হৈ পৰে৷ বৃদ্ধ মাক-দেউতাকৰ অসুখ-বিসুখ বাঢ়ি আহিছে৷ বিয়াখনো পাতিব লাগিছিল৷ খেতি কৰা বা হাজিৰা কৰা ল’ৰালৈ মানুহে ছোৱালী নিদিয়ে৷ কিন্তু বাহিৰৰ ৰাজ্যত চাকৰি কৰা বুলি ক’লে দিব বুলি সি জানে৷ সি আকৌ দৌৰিলে কাম বিচাৰি দূৰৈৰ ক’ৰবালৈ৷
বলোৰামে গধূলি আন্ধাৰত তিৰবিৰাই থকা বৃহৎ অট্টালিকাবোৰলৈ চাই থাকে৷ এই বিশাল জকমকাই থকা অৱয়ববোৰকে আজিকালি তেওঁৰ ঈশ্বৰ যেন লগা হৈছে৷ ৰাস্তাৰ কাষৰ বৃহৎ বৃহৎ হ’ৰ্ডিংবোৰলৈ সি একেথৰে চাই থাকে৷ এই বৃহৎ হ’ৰ্ডিংবোৰ চাই সি নিজৰ ক্ষুদ্ৰতম অস্তিত্বক অনুভৱ কৰিবলৈ চেষ্টা কৰে৷ অথচ তেওঁ লাহে লাহে এই চহৰখনত নিজৰ সেই ক্ষুদ্ৰতম অস্তিত্বও হেৰুৱাই পেলাইছে৷ এই হৰ্ডিংবোৰে তাক গিলি থ’ব নিচিনা লাগে৷ তেওঁ ইমান বছৰে বিচাৰি ফুৰা ঈশ্বৰ যেন এইবোৰতে লুকাই আছে৷ তেওঁৰ মনত তীব্ৰ আকাংক্ষা জাগে ঈশ্বৰক চোৱাৰ৷ ঈশ্বৰৰ বাদে কোনেও তাক উদ্ধাৰ কৰিব নোৱাৰে৷ কিন্তু সাত বছৰেও ঈশ্বৰে তেওঁৰ কথা শুনা নাই! হয়তো এই ভিৰৰ মাজত ঈশ্বৰে তেওঁক দেখাই নাই - তেওঁৰ দৰে চাগে বহু মানুহকে দেখা নাই৷ আন্ধাৰত থকা মানুহবোৰক জকমক ঈশ্বৰে নেদেখে৷ সাত বছৰৰ অন্তত ঈশ্বৰৰ প্ৰতি সন্দেহ উপজিছে তেওঁৰ৷ নিজৰ ওচৰত অৱশেষত হাৰ মানিছে তেওঁ - ঈশ্বৰ তেওঁৰ পৰা বহু দূৰৈত বুলি তেওঁ মানি লৈছে৷