মিনাৰা হুছেইন
“সুগন্ধিৰ স্নিগ্ধতা আৰু হৃদয়ৰ মুগ্ধতা ……”
বেলিয়ে আগফালৰ বাৰাণ্ডাত বহি ডায়েৰীখনত কিবা এটা লিখিবলৈ লৈ ৰৈ গ’ল৷ ধৰাৰ বুকুলৈ সন্ধ্যা নামি আহিছিল৷ বেলিটোৱে যেন পৃথৱীৰ মায়া মোহ এৰি চিৰবিদায় ল’বলৈহে আয়োজন কৰিছে৷ তাই থৰ লাগি চাই ৰ’ল অস্তগামী সুৰুযৰ ফালে৷ সুদূৰৈত এচপৰা মেঘে যেন পেণ্ডুলামৰ দৰে দোলা দি আছে৷ বেলিৰ হৃদয়ৰ আকাশখনতো ঠিক এনেদৰেই তাই কঢ়িয়াই লৈ ফুৰে এটুকুৰা মেঘ৷ বুকুৰ ভিতৰৰ অতলস্পৰ্শী অনুভূতিবোৰে মাজে মাজে বৰকৈ দুখ দিয়ে৷ বুকুৰ ভিতৰত থকা খৰস্ৰোতা আৱেগবোৰে যেন অলপ অলপকৈ নিজৰ বাট নিজেই লৈছে৷ তাতেই ৰৈ গ’ল কিছুমান বিধ্বস্ত আধাঅঁকা স্বপ্ন৷ চকুযুৰি সেমেকি উঠিল৷ তাইৰো মন গৈছে সেই হেঙুলীয়া বেলিটোৰ দৰেই বিদায় লৈ ক’ৰবালৈ গুচি যাবলৈ৷ কিন্তু ! নোৱাৰে৷ তাই যে বেলি৷ সন্ধিয়া অস্ত গ’লেও আকৌ দোকমোকালিতে উদয় হ’বই লাগিব৷ এছাটি মিঠা কোমল ৰ’দৰ দৰেই তাইৰ চৌপাশ মায়াময় কৰিব লাগিব৷ এইয়া তাইৰ দেউতাকে কোৱা কথা৷
“বেলি…বেলি…” বুলি সৌৰভে বেডৰূমলৈ আহি লাইট জ্বলাই দিলে৷ সকলো পোহৰ হৈ পৰিল৷ বেলি এতিয়াও বেলকনিতে৷ সৌৰভ অলপ থমকি ৰ’ল৷ পাৰ হৈ গ’ল কেইটামান চেকেণ্ড, কেইটামান মিনিট৷ নাই বেলিয়ে একো গম পেৱা নাই৷ “বেলি…কি চাই আছা..?” সৌৰভ ওচৰলৈ আহি বেলিৰ হাতত ধৰি মৰমেৰে সুধিলে৷ ৰাতিপুৱাৰ অভিমানৰ লেশমানো আভাস নাই বেলিৰ মুখত৷ বিষাদৰ চাপ বিৰাজমান৷ কি হৈছে বেলিৰ? মাকে কোৱাৰ দৰে পাগল হোৱা নাইতো?
কাহিলিপুৱাতে কুকুৰাৰ ডাকত সাৰ পাই পদূলিমুখত থকা শেৱালিজোপাৰ তলসৰি ভৰি থকা ফুলবিলাক এপাহ দুপাহকৈ বৰ আলফুলকৈ তুলিছিল বেলিয়ে৷ কি যে ধুনীয়া শুভ্ৰ নিয়ৰসিক্ত ফুলবোৰ৷ আৰু সেই যে সুগন্ধ৷ শেৱালিৰ সুৱাস! উফ! তাইক মতলীয়া কৰি তুলিছিল৷ দেউতাকৰ চাকৰিসূত্ৰে বাগানৰ কোৱাৰ্টাৰত থকা সময়খিনিত তাই শেৱালিৰ সুগন্ধি বিচাৰি ফুৰিছিল বাগানত৷ এদিন নতুন এক সুগন্ধ পাইছিল৷ অলপ বেলেগ ধৰণৰ৷ তথাপি তাইৰ ভাল লাগিছিল৷ আপোন আপোন লাগিছিল৷ চাহপাতৰ সুৱাস, চাহপতীয়া সুগন্ধি৷
দিনতে অহা পাৰ্চেলটো খুলিবলৈ লৈ বেলি আকৌ ৰৈ গ’ল৷ এবাৰ উঠি গৈ সৌৰভক চাই আহিল৷ সি টোপনিত৷ পাৰ্চেলটো খোলাৰ লগে লগে বেলিৰ ওঁঠৰ ফাঁকেৰে এটি মৃদু হাঁহি হিয়পি পৰিল৷ গুলপীয়া, আকাশী নীলা, এজাৰ বুলীয়া কেইবাটাও ধুনীয়া সৰু সৰু বটল৷ বটলবোৰৰ আকৃতিবোৰো যে ইমান বেলেগ! অথচ ইমান ধুনীয়া৷ এটা এটাকৈ পাৰফিউমবোৰ হাতত লগাই চালে তাই৷ আকৌ এবাৰ লগাই চালে৷ নাই! সেইটো নহয়৷ যি সুগন্ধিৰ বাবে তাই বলীয়া হৈ গৈ আছে, সেই সুগন্ধিটো ক’ত পাব ? বুকশ্বেল্ফৰ কিতাপবোৰৰ পিছফালে লুকুৱাই ৰখা পাৰফিউমবোৰ তাই উলিয়াই আনিলে৷ এটা, দুটা, তিনিটা…. গণি শেষ কৰিব পৰা নাই৷ বেলেগ বেলেগ ভেৰাইটিৰ পাৰফিউম৷ প্ৰতিটোৰে সুৱাস বেলেগ বেলেগ৷ কিন্তু ক’ত হেৰাই গ’ল সেই সুৱাস, সেই সুগন্ধি!
সৌৰভৰ বহু বুজনিৰ পিছত যাবলৈ মান্তি হৈছিল যদিও বেলিয়ে জানিছিল সুগন্ধিৰ কাণ ঠিকে আছে, তাই শব্দবোৰ, কথাবোৰ শুনে৷ কিন্তু কিয় তাই খোজ কাঢ়িব পৰা নাই? চহৰৰ বিশিষ্ট শিশু বিশেষজ্ঞ ওচৰলৈ গৈছিল সুগন্ধিক লৈ৷ - তাৰমানে কি? তাই কথা ক’ব নোৱাৰিব? স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰিব? বেলিয়ে আৰ্তনাদ কৰি উঠিছিল৷ এ. চি. চেম্বাৰত বহিও ঘামি উঠিছিল৷ সৌৰভে খুব জোৰকৈ বেলিৰ হাত খামোচ মাৰি ধৰি ৰাখিছিল৷ আৰু সুগন্ধি? বেলিৰ কোলাত বহি চাৰি বছৰীয়া সুগন্ধিয়ে কিছুমান অৰ্থহীন শব্দ কৰি আছিল৷ আৰম্ভ হৈছিল সেইদিনাৰ পৰাই বেলি আৰু সৌৰভৰ এক নতুন জীৱন৷ যি সুগন্ধি বেলিৰ গৰ্ভত স্থিতি লোৱাৰে পৰা দুয়োখন ঘৰৰ চকুৰ মণি আছিল, সেই মৰমবোৰ, আদৰবোৰ যেন ক’ৰবাত বিলীন হৈ গৈছিল৷ সৌৰভৰ মাকৰ কথাবোৰে শূলেৰে বিন্ধাৰ দৰে বিন্ধে৷ বেলিয়ে কান্দে, উজাগৰে নিশা পাৰ কৰে৷ বেলিৰ মাকে বুজায় “সকলো সন্তান একে নহয় অ’৷ কেতিয়াবা কিছুমান সন্তানৰ দেৰি হয়৷ সকলো ঠিক হ’ব !” মাকৰ বুজনি আৰু দেউতাকৰ সাহসত বেলি থমকি যাব খুজিও ৰৈ যায়৷
গোলাপ, চম্পা, তগৰ, বকুল, শেৱালি, কামিনী কুসুম! বেলিহঁতৰ ঘৰখনত সদায় এই ফুলবোৰৰ সুগন্ধ আমোলমোলাই থাকে৷ বকুল ফুলৰ মালা গাঁঠি চ’ৰাঘৰত থকা ককাক আইতাকৰ ফটোখনত লগাই এপলক চায়৷ ফটোফ্ৰে’মটোৰ লগতে আৰু এটা ফ্ৰে’মত বন্ধাই থোৱা আছে আইতাকে চিলাই কৰা ডালিমগুটীয়া আখৰ কেইটামান।
“তুমি যদি মেঘদূত হোৱা মই হ’ম নীলা অপৰাজিতা”এনেকুৱা প্ৰেমৰে পছোৱা লৈ সৌৰভ আহিছিল বেলিৰ জীৱনলৈ৷ “বিয়াৰ কইনা কি সদায় লাজুকীলতাৰ দৰে হ’ব লাগে নেকি...” ফুলশয্যাৰ ৰাতি সৌৰভে আহি বেলিক খুব সহজতে মৰমেৰে আপোন কৰি তুলিছিল৷ তাইক দিয়া গিফ্টৰ পেকেটটো খুলি বেলি অবাক হৈছিল৷ তাই যে সুগন্ধিৰ, পাৰফিউমৰ একান্ত অনুৰাগী সৌৰভে কেনেকৈ জানিলে? সৌৰভে বেলিৰ গোটেই গাত পাৰফিউম লগাইছিল৷ পাৰফিউম ভালপোৱা ছোৱালীজনী সুগন্ধিৰ পৃথিৱীত হেৰাই গৈছিল সৌৰভৰ লগত৷
নামী দামী ব্ৰেণ্ডৰ বিভিন্ন পাৰফিউমৰ লগত এক নতুন সুগন্ধি আহিছিল বেলিৰ জীৱনলৈ৷ তেজ-মঙহৰ পুতলা৷ সুগন্ধি৷ বেলি আৰু সৌৰভৰ সুগন্ধি৷ কিন্তু সকলোবোৰ সলনি হৈ গ’ল৷ নিৰ্ঘুম ৰাতি, খোলা আকাশ, অসংখ্য তৰা, খিটমিট জোনাকৰ পোহৰ, পাৰ হৈ অহা দিনৰ স্মৃতি, বুকুত জমি থকা অভিমানবোৰ বেলিৰ আপোন হৈ পৰিছিল৷ হেৰাই গৈছিল বহু আত্মীয়-স্বজন, বন্ধু-বান্ধৱ৷ আৰু সৌৰভ! চিনাকী সুৰ, চিনাকী গানৰ ছন্দ সকলো যেন অচিনাকি হৈ পৰিছিল৷ কথা বতৰা অকল সুগন্ধিক লৈ, দুয়োৰে জীৱনটো ঘুৰিছিল সুগন্ধিক লৈ৷ হস্পিটাল, ডক্টৰ, নাৰ্চ, ঔষধ এইবোৰেই কিনিব লগা হৈছিল সুগন্ধিৰ বাবে৷ ধুনীয়া ফ্ৰক, ৰং-বিৰঙৰ পুতলাবোৰ নিকিনা হৈছিল বেলি আৰু সৌৰভে৷ চাৰি বছৰীয়া জন্মদিনৰ পাছৰে পৰা সুগন্ধিৰ গাটো বেয়া ৷ আই চি ইউত থকা ছোৱালীৰ মুখকণ দূৰৰ পৰা চই চকুলো টুকিছিল বেলি আৰু সৌৰভে৷ পৰীৰ দেশলৈ গুচি গৈছিল সুগন্ধি ৷
কেইবাদিন হস্পিটালৰ বিছনাত অজ্ঞান হৈ পৰি থকা বেলি ঘৰলৈ আহি বিচাৰিছিল পাৰ চৰাইৰ ৰুণৰ দৰে শব্দবোৰ, মিঠা মিঠা সুৱাস, বিছনাত শুই শুই খিলখিলকৈ হাঁহি থকা তাইৰ সুগন্ধিজনীক৷ চাৰিওফালে যেন সুগন্ধি৷ এটা ৰূমৰ পৰা আন এটা ৰূম, কেতিয়াবা ৰাস্তালৈ দৌৰ মাৰে৷ সুগন্ধিক বিচাৰে৷ আলমাৰীৰ কাপোৰবোৰ বুকুত লৈ থাকে৷ অনুভৱ হয় সুগন্ধি তাইৰ লগতে আছে৷ এটাৰ পাছত আন এটা পাৰফিউম লগায়৷ নাই ! সুগন্ধিৰ সুগন্ধ বিচাৰি নাপায় তাই৷ সময় আৰু পৰিস্থিতিয়ে মানুহক সলনি কৰি পেলায়৷ বেলিয়ে অনুভৱ কৰে সৌৰভ বহুত সলনি হ’ল৷ পাৰফিউমৰ বটলবোৰ তাই আঁতৰাই থ’লে যিবোৰ পাছত তাই বহুত বিচাৰিও নাপালে৷ আজিকালি তাই মনে মনে অনলাইন অৰ্ডাৰ কৰে৷ তাইৰ বিশ্বাস৷ সুগন্ধিৰ গাৰ দৰে সুগন্ধ নিশ্চয় ক’ৰবাত আছে কোনো বিশেষ পাৰফিউম৷ এদিন পাব, নিশ্চয় পাব৷
কাইৰো বিমান বন্দৰ৷ ইজিপ্তৰ ৰাজধানী কাইৰো চহৰৰ আভিজাত এলেকা জামালেকৰ এক বিশাল অট্টালিকা৷ দুমহলীয়া, বে’ছমেণ্ট আছে৷ ঘৰটোৰ পিছফালে বাৰ্বিকিউ কৰা ঠাই, এটি সৰু পুখুৰী, সৰুকৈ ফল ফুলৰ বাগিচা৷ নতুন ঠাই, নতুন দেশ৷ ঘৰটোৰ পৰিৱেশটো দেখি বেলিৰ মনৰ শংকা যেন অলপ দূৰ হ’ল৷ ভাল লাগিছে পৰিবেশটো৷
ঘৰটোৰ পৰা তিনিশ মিটাৰমান দূৰত ভাৰতীয় দূতাৱাসৰ অফিচ৷ নতুন দেশত সৌৰভে কাম আৰম্ভ কৰিলে৷ বেলিৰ কৰিবলগীয়া বিশেষ একো নাথাকে৷ সৌৰভ ব্যস্ত ৷ বেলিহঁতৰ সহায়কাৰী এলিজেৰ লগতে ফুৰিবলৈ ওলাল তাই৷
পৃথিৱীৰ সবাতোকৈ প্ৰাচীন সভ্যতাৰ দেশ ইজিপ্ত৷ ইজিপ্তৰ বেছিভাগ অংশ আফ্ৰিকা মহাদেশত আৰু অলপ অংশ এছিয়াত৷ ইছলামিক দেশ ইজিপ্ত নীল নদীৰ পাৰতে অৱস্থিত৷ দুয়োফালে বৃস্তীৰ্ণ মৰুভূমি৷ ৰাজধানী কাইৰোৰ বিখ্যাত মিউজিয়ামৰপৰা বহুত নজনা কথা জানিলে বেলিয়ে৷ পৃথিৱীৰ সবাতোকৈ পুৰণি প্ৰায় চাৰি হাজাৰ বছৰৰ আগৰ বস্ত্ৰও মিউজিয়ামতে দেখিলে৷ সমগ্ৰ পৃথৱীয়ে যিখন কেলেণ্ডাৰ মানি চলে, সেইখনো ইজিপ্তৰে দান৷ গ্ৰীক ৰাণী ক্লিউপেট্ৰাক খুব মানে তেওঁলোকে৷
“World’s largest perfume producing country…Egypt” এইটো দেখি বেলি ৰৈ গ’ল৷ ইয়াতে সুগন্ধিৰ সুৱাস পোৱা কোনো পাৰফিউম পাব নিশ্চয়! সৌৰভৰ লগত কথা পাতি বেলি, এলিজে আৰু ভাৰত দূতাবাসত কাম কৰা প্ৰবেচনাৰ বিষয়া নিধি কোঠাৰীৰ লগত “চিয়া অৱেচিচ”নামৰ ঠাইখনলৈ যাবলৈ ওলাল৷ লিবিয়া ব’ৰ্ডাৰত অৱস্থিত চিয়া অৱেচিচ এখন সৰু চহৰ৷ মৰুভূমিৰ দৰে ঠাইখনৰ ঘৰ, দোকান পোহাৰ, অফিচ, বেংক আদি সকলো মাটিৰে গঢ়া৷ বেলিয়ে ভালদৰে লক্ষ্য কৰি বুজিলে কংক্ৰিটৰ ঘৰবোৰত মাটিৰ প্ৰলেপ দিয়ে চৌদিশৰ মৰুভূমিৰ গৰমৰ পৰা বাচিবলৈ৷
“ঘাৰবিন ফাৰ্ম !” দীঘল বাট এটাৰে সিহঁত আগবাঢ়ি গ’ল৷ দুয়োফালে লানি নিছিগা শাৰী শাৰীকৈ থকা পাম গছ৷ সৌৱা জেচমিন, টিউবৰ’জ, হাইচিন্থ ! ৰঙৰ দলিচা যেন লগা শাৰী শাৰীকৈ কৰা খেতিবোৰ ইমান ধুনীয়া৷ আৰু ফুলবোৰৰ সুগন্ধই পৰিৱেশটো অতি মনোমোহা কৰি তুলিছে৷ লগতে থকা ফলৰ বাগিচাখনতো লমালমে বিভিন্ন ফল লাগি আছে৷ তাতে লগ পোৱা গাইডজনে কৈ গৈছে এই ফুল আৰু ফুলবোৰৰ পৰা তেল নিষ্কাষণ কৰা হয় ফেক্টৰীত৷ তাৰ পৰা বিভিন্ন স্তৰৰ মাজেদি পাৰ হৈ বটলত বজাৰত উপলদ্ধ হয়৷ কোনেৱে ইচ্ছা কৰিলে শ্ৰমদান কৰিব পাৰে৷ বেলিয়ে দেখিছে মহিলা আৰু কিছুমান কণ কণ ল’ৰা ছোৱালীয়ে ফুলবোৰ ছিঙি গোটাই গৈছে৷ এপাহ বিশেষ ধৰণৰ ফুলৰ ওচৰত গৈ বেলি ৰৈ গ’ল৷ সুগন্ধটো ইমান চিনাকি৷ গাইডক কৈ তাই এপাহ ফুল ছিঙিলে৷ আকৌ এপাহ৷ তাই কঁপিবলৈ আৰম্ভ কৰিলে৷ হয়, হয় এইটোৱে সেই সুগন্ধ৷ তাৰমানে তাইৰ সুগন্ধিৰ অস্তিত্ব এতিয়াও আছে এই পৃথিৱীত৷ বেলি ঘৰলৈ আহি সৌৰভক ফোন কৰিলে৷ ইমান দিনৰ মূৰত বেলিৰ হাঁহি- কান্দোন মিশ্ৰিত কথাখিনি শুনি সৌৰভ আনন্দত নাচি উঠিল৷ সেই ৰাতি অলপ সোনকালে সৌৰভ ঘৰলৈ আহিল৷ তাইৰ বাবে মেইবলিন আৰু এচটে ল’ডাৰৰ দুটা পাৰফিউম, এপাহ ৰঙা গোলাপ আৰু তাই ভালপোৱা মিঠাই লৈ আহিল৷ সৌৰভক দেখি বেলিয়ে দৌৰি আহি সাবটি ধৰিলে তাক৷ দুয়োৰে চকুৰ পানী একাকাৰ হৈ পৰিল৷ বেলিৰ ইচ্ছা সেইখন বাগানত তাই শ্ৰমদান কৰিব৷ বহুদিনৰ পাছত বেলি সৌৰভৰ বুকুত শুলে৷ সৌৰভে বেলিৰ মুখলৈ চাই ৰৈ গ’ল৷ লাহে লাহে যেন সকলো ঠিক হ’বলৈ ধৰিছে৷ বেলি কেতিয়াও চিৰ জীৱনৰ বাবে অস্ত নাযায়৷ সৌৰভৰ বিশ্বাস আন্ধাৰৰ আচ্ছাদন ফালি এটি হেঙুলীয়া ৰহণ লৈ বেলি আকৌ উদয় হ’ব৷
বেলিৰ লগত ফাৰ্মখনৰ মানুহখিনিৰ খুব ভাল সম্বন্ধ এটা গঢ় লৈ উঠিছে৷ বেলিয়ে উপলদ্ধি কৰিছে দূৰৈৰ পাহাৰখনি দূৰৰ পৰাই সুন্দৰ দেখি৷ তাতে লগ পোৱা দোৱা, নুহা, হামজাহঁতে তাতে শ্ৰমদান কৰিবলৈ নাহে৷ পেটৰ ক্ষুধা পূৰণ কৰিবলৈ মাকৰ লগতে আহে৷ পখিলা খেদা যিটো বয়সত এইসকল শিশু বিদ্যালয়লৈ যাব লাগিছিল, সেই সময়তে শিশু শ্ৰমিকসকলে মাকৰ লগত কৰি গৈছে কষ্টকৰ কাম ৷ ফুলবোৰৰ সুগন্ধিবোৰ বোলে সিঁহতৰ ভাল নালাগে৷ ফুলৰ পাপৰি, ৰেণু লাগি বহুতৰে এলাৰ্জী, চৰ্মৰোগ হৈছে৷ তথাপি আহিব লাগে সিহঁত৷ এদিন নুহাই কৈছিল তাইৰ বৰ স্কুল যাবলৈ মন যায়৷ ডাঙৰ মানুহ হ’বলৈ মন যায়৷ বেলিৰ অন্তৰে কান্দি উঠে৷ যি পাৰফিউমৰ বাবে তাইৰ দৰে হাজাৰ হাজাৰ মানুহ বলীয়া, সেই পাৰফিউমে কত নিষ্পাপ শিশুৰ জীৱন কষ্টকৰ কৰি তুলিছে৷
তাই কিবা এটা কৰিব বিচাৰে। কিন্তু কেনেকৈ?
সৌৰভৰ লগত আলোচনা কৰি বুজিলে তাই একো কৰিব নোৱাৰে৷ যিহেতু ভাৰত আৰু ইজিপ্তৰ মাজৰ কূটনৈতিক স্বৰ্তসাপেক্ষে সৌৰভ তাতে কৰ্মৰত, তেনেক্ষেত্ৰত বেলিয়ে একো কৰিব নোৱাৰিব৷ তদুপৰি ইজিপ্তৰ চাইল্ড লেবাৰ প্ৰটেকশ্বন আইনখনৰ বিষয়েও বেলিক সহায় কৰিবলৈ কোনো নাই৷ একো কৰিব নোৱাৰিলেও বেলি সদায় এপাক তালৈ যায়৷ বেলিক দেখাৰ লগে লগে দোৱাহঁত দৌৰি আহে৷ বেলিয়ে নিয়া চকলেট, কে’কবোৰ বৰ ফূৰ্তিৰে খায়৷ জেচমিন ফুলৰ বাগিচাখনৰ লগতেই আছে সেই বিশেষ সুগন্ধিযুক্ত ফুলৰ বাগানখনো৷ তাই শেষবাৰৰ বাবে বাগানৰ মাজলৈ সোমাই গ’ল৷ চাৰিওফালে এবাৰ চালে, ফুলবোৰ হাতেৰে চুই চালে৷ অতি আপোন যেন লগা সেই সুগন্ধি অনুভৱ কৰিলে তাই৷ চকুযুৰি তাই মুদি দিলে৷ চকুৰে এসোতা তপত পানী বৈ গ’ল৷ মানুহ হিচাপে কেতিয়াবা মনৰ আৱেগ-অনুভূতিতকৈ হেছি প্ৰাধান্য দিব লগা হয় বাস্তৱক৷ “সুগন্ধি মোৰ জানজনী…য’তেই আছা ভালে থাকিবা৷ মা তোমাৰ লগত সদায় আছে” বেলি উদয় হৈ এক নতুন দিনৰ শুভাৰম্ভ কৰিছে৷ বেলিয়ে মেইবলিন, এচটে ল’ডাৰৰ পাৰফিউম দুটা ডাষ্টবিনত পেলাই দিলে৷ এই নামী দামী ব্ৰেন্ডৰ পাৰফিউম, ফ্ৰেগ্ৰেন্সবোৰৰ বাবেই দোৱা, নুহাহঁতৰ শিশুকাল হেৰাই গৈছে৷ আজিৰ ডিজিটেল যুগত সামাজিক মাধ্যম বৰ শক্তিশালী৷ তাই ছদ্মনামেৰে ফে’চবুকত #Boycott_Maybelline আৰু #Boycott_EsteeLauder নামেৰে পে’জো আৰম্ভ কৰিছে॥ তাই নাজানে এই প্ৰয়াসৰ ফলাফল কি হ’ব, তাইৰ প্ৰচেষ্টাৰে কিমান দূৰ আগবাঢ়িব? কিন্তু তাই বিশ্বাস কৰে তাইৰ প্ৰিয় নাৰী মাদাৰ টেৰেছাৰ এষাৰি বাণী-
“ পৃথিৱীক তোমাৰ সর্বশ্রেষ্ঠ অৱদান দিয়াঁ,
তোমাৰ কষ্ট হ’ব,
তথাপিও পৃথিৱীখনক তোমাৰ সর্বশ্রেষ্ঠ
অৱদান দি যোৱাঁ৷”
***
ঠিকনা :
হয়বৰগাওঁ, নগাওঁ
৷
ভ্ৰাম্যভাষ—- ৯৪৩৫৭৬০৫১৮