পৰিস্মিতা বৰদলৈ
: ক-ফলাৰ প্ৰথম দহটা
বৰ্ণৰে এটা গল্প লিখিব পাৰিবি?
: সেইটো আকৌ কেনেকুৱা
কথা?
: পাৰিবি নে নাই
তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷
: ৰচোন৷ লিখিম বুলিলেই
গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি দিছ৷
: অঁ যিকোনো নিৰ্মাণৰ
আঁৰত একোটা নিয়ম থকাটো জৰুৰী৷
: জৰুৰী নহয় বুলি
ময়ো কোৱা নাই৷ কিন্তু সৃষ্টিকৰ্তাক সৃষ্টিৰ বিষয়ে নিয়ম বান্ধি দিবই নালাগে৷ সৃষ্টিত
স্বাধীনতা থাকিলেহে সৃষ্টি স্বয়ংক্ৰিয় হয় আৰু তেতিয়াই স্বতঃস্ফূৰ্তভাৱে উপভোক্তালৈ
বাৰ্তা একোটা প্ৰৱাহিত হয়৷
: অৰ্থাৎ তই ক’ব
খুজিছ যে নিয়ম নামানি কৰা সৃষ্টিয়েহে বাৰ্তা একোটা কঢ়িয়াব পাৰে?
: মই ঠিক সেইটো ক’ব
বিচৰা নাই৷ কিন্তু আমাক মানে লিখা মানুহখিনিক কেতিয়াবা এই যে কোনোবাই প্ৰশ্ন সোধে লিখাৰ
কৌশল সম্পৰ্কে৷ তেতিয়া আমি অলপমান বিবুধিত পৰোঁ৷ কিয়নো সৃষ্টিয়ে নিয়ম মানি নচলে৷ কেতবোৰ
কৌশলৰ মাজত সৃষ্টিক আৱদ্ধ কৰিলে সৃষ্টিত আহি পৰে সীমাবদ্ধতা৷
: তই হয়তো ঠিকেই
কৈছ৷ কিন্তু এইযে সাহিত্যৰ বিভিন্ন বিভাগীয় কৰ্মশালা হওক বা অমুক লিখাৰ কৌশল, তমুক
লিখাৰ কলা ইত্যাদি সময়ে সময়ে অনুষ্ঠিত কৰি থকা হয়, সেয়া তাৰমানে ফলপ্ৰসূ নহয় নেকি?
: ফলপ্ৰসূ হয়নে নহয়
সেইবিষয়ে ক’বলৈ নাযাওঁ৷ সাহিত্য বিষয়ক আলোচনা হ’বও লাগে৷ কিন্তু স্ৰষ্টাক সৃষ্টিৰ বাবে
সীমাবদ্ধতা নিৰ্ধাৰণ কৰি দিয়া উচিত নহয়৷
: আৎসা! কেনেবাকৈ
এইবোৰ কৈ মেলি তই বাৰু মই কৰা অনুৰোধটো নস্যাৎ কৰিব খুজিছ নেকি?
: কোনটো অনুৰোধ?
: এতিয়া পাহৰাৰ ভাও
ধৰিবলৈ নাহিবি৷
: অলপমান আগেয়ে কি
কৈছিলো তোক?
: অঃ ক-ফলাৰ গল্প?
: একদম ঠিক৷
: বাৰু তেনে তোক
আজি ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰ শিৰোনামৰ সৰু সৰু দহটা গল্প শুনাম৷
: এ বঢ়িয়া তেনে৷
শুনা এতিয়া৷
: কৈছোঁ শুন৷
‘ক’
আজিলৈকে মানুহজনীয়ে
কাৰোৰে চকুত চকু থৈ কথা কৈ পোৱা নাই, তাইকো কোনেও কৈ নাপালে৷ কপালৰ দুইকাষৰ আৰু কাণৰ
ঠিক ওপৰৰ ৰূপোৱালী বৰণ লোৱা চুলিকেইডাল আৰু তামোল পকটিয়াওঁতে কষ্ট পোৱা দাঁত দুপাৰিয়েই
তেওঁৰ বয়স তেওঁ মুখ নুফুটোৱাকৈয়ে কয়৷
সেইজনী মানুহেই খবৰটো
পোৱাৰ লগে লগে উধাতু খোৱাদি গ’ল৷ তুলসীৰ তলত বগা কাপোৰৰ তলত শুই থকা মানুহটোৰ গাত উবুৰি
খাই পৰি সকলোৱে শুনাকৈ চিঞৰি চিঞৰি ক’লে,”তইনো অতবছৰে কিয় মিছা মাতি থাকিলি অ’৷” তেওঁ
বাৰে বাৰে কৈয়েই থাকিল
“কচোন ক ক...”
এহাল মানুহ আবিয়ৈ
হৈ ৰোৱাৰ কাৰণটো যেন সেইমাত্ৰই তাত উপস্থিত থকা মানুহবোৰে বুজি উঠিল৷
‘খ’
“তোৰ ল’ৰাক ভালে
ভালে সোধ বস্তুবিধ চুৰি কৰি আনি ক’ত থৈছেহি? পাছফালে দেৱালৰ কাষত এপাট চেণ্ডেলো পোৱা
গৈছে৷ নিশ্চয় তোৰ পুতেৰৰে হ’ব৷ জঁপিয়াই পাৰ হওঁতেই পৰি আহিব পায়৷”
মালিকৰ পুতেকৰ তৰ্জন-গৰ্জন
শুনি বনকৰা মানুহ কেশদাই কোনোমতেহে সেপ ঢুকি ক’লে,
“কিন্তু বৰবাপু সি
চেণ্ডেল কেনেকৈ পিন্ধিব...সিতো জন্মৰেপৰাই খো...”
কথাষাৰ সম্পূৰ্ণ
হ’বলৈ নৌ পাওঁতেই পেং দুডালে কাঠৰ মজিয়াৰ বাৰাণ্ডাখনত খট্ খট্ আৱাজ তুলিলে৷
‘গ’
“গান এটা গাচোন গকুল৷
ৰ’ মই সাউৎকৈ ভিতৰৰপৰা গীটাৰখন লৈ আহিছো৷”
গীটাৰখনত সি সুৰ
তুলি থাকিল৷ তাৰ কাণত গকুলৰ স্বৰটোও বহুপৰলৈকে ভাহি থাকিল৷
“একো সম্ভাৱনা নাইনে
ডাক্তৰ? ল’ৰাটোৱে কিয় আজিও গকুলৰ অনুপস্থিতিৰ কথাটো মানি ল’ব পৰা নাই৷ সিটো আজিৰপৰা
পাঁচবছৰৰ আগেয়ে...”
“বুজিছো বৰুৱা৷ কিন্তু
তাক গকুলৰ পৰা নিলগোৱাৰ আগেয়ে গান, গীটাৰ এই ‘গ’ বোৰৰপৰা আঁতৰাব লাগিব৷”
ডাক্তৰজন যোৱাৰ পাছত
বৰুৱাই ভাবিলে, কিছুমান ভ্ৰমে যদি জীৱনটো জীওৱাত সহায় কৰে, তেন্তে বাস্তৱতকৈ ভ্ৰমেই
শ্ৰেয়৷ ডাক্তৰৰ কথা নালাগে, সি উমলি থাকক তাৰ ‘গ’
বোৰৰ লগতেই৷
‘ঘ’
বৰ হেঁপাহেৰে তৰিছিল
বুধুৱাই ঘৰখন ৷ কিন্তু এখন চৰকাৰী কাগজ আৰু মেচিনৰ ঘৰ্ ঘৰ্ শব্দই পলকতে সিহঁতক অঘৰী
কৰি পেলালে৷
‘ঙ’
মাটি চহাবলৈ বুলি
যোৱা মানুহজনে বোকাতে বাৰে বাৰে লিখি আছিল এটাই বৰ্ণ ‘ঙ’৷ ‘বৰ্ণ-পৰিচয়’ নামৰ কিতাপখনো
আছিল পথাৰৰ কাষৰ জৰীগছজোপাৰ তলত৷ ‘ঙ’ ৰ পাকটো জানিলেই নাঙল শব্দটো লিখি দেখুৱাব ভাইবোৱাৰীয়েকক,
তেওঁ ভাবে৷ কিয়নো আগদিনা নিশা কাণিদুৱৰীকৈ খোল খাই থকা ভায়েকৰ কোঠাৰ দুৱাৰখনৰ ফাঁকেৰে
তেওঁৰ কাণত বিন্ধা কথাকেইটাই যে তেওঁক এতিয়াও বিন্ধিয়েই আছে
“এঃ থোৱা থোৱা তোমাৰ
ফলি-পুথিৰ যোগাৰৰ বাবেই কান্ধত নাঙল লোৱা ককায়েৰাক নাঙলৰ বানানটোকে জোঁটাবলৈ দিবাচোন৷”
‘চ’
“শুকান বালি সদায়ে
লোকে নিতিয়ায় বোপাই৷ নিজাকৈ কিবা এটা কৰ৷”
মাকজনীয়ে তাক সদায়ে
কৈছিল, কৈছিল মনৰ মানুহজনীয়েও৷ পাছে তাৰ গা লৰা নাছিল৷ আজি অতদিনৰ মূৰতহে হুঁচ আহিল
যেতিয়া তাৰ ল’ৰাটোৱে কিতাপৰপৰা মূৰ নোতোলাকৈয়ে কৈছিল, “পিতাই এইবাৰ পৰীক্ষাৰ ফীজটো
তয়েই যোগাৰ কৰিব নোৱাৰনে? সিদিনা মোমাইটিয়ে মোক কৈছে তই হেনো মানুহটো নামে-গাঁৱে মিলি
গৈছ৷”
মানুহটোৱে প্ৰথমে
পুতেকে কি কৈছে ধৰিব পৰা নাছিল৷ তাৰপাছতহে তাৰ নিজৰ নামটো আৰু পুতেকে অলপ আগেয়ে পঢ়া
বাক্যটোলৈ মনত পৰিল৷
পুতেকে পঢ়ি আছিল
“চন্দ্ৰৰ নিজা পোহৰ নাই৷”
খোনা মানুহটোৱে যেন
মনে মনে বিৰবিৰালে “মো ও ও ৰ নামো চ চ চ...”
‘ছ’
বৰ মৰমেৰে তাই তাক
তুলিছিল৷ পাছে আজি তাই তাক আনৰ হাতত অৰ্পণ কৰিবলগীয়া হ’ল অনিচ্ছাস্বত্বেও৷ তাইৰ আনটো
সন্তানে বাৰিষাৰ দিনকেইটাত ‘ইচ্কুল’লৈ অহা-যোৱা কৰোঁতে হোৱা সমস্যাটোৰ নিৰ্মূলৰ এইটোৱেই
একমাত্ৰ পথ আছিল৷ ইচ্কুললৈ যোৱা পিতেকে তেতিয়াও চিঞৰি চিঞৰি পঢ়িয়েই আছিল
‘ছ’ মানে ছাগলী
‘ছ’ মানে ছাতি...
‘জ’
জাপিটো মূৰত লৈ সি
ধপলিয়াই গ’ল আলিটোৰ ওপৰেৰে৷ আনটো মূৰৰ বিলৰ পিনেই জানকীয়ে জাকৈ খন লৈ ওলাই গৈছিল উজান
উঠা বুলি গম পাই৷ পাছে এতিয়া শুনিছে সেইপিনৰ মথাউৰিটো ছিগিছে বোলে৷
সি দৌৰিছে আৰু দৌৰিছে৷
কিন্তু পানীৰ বাহিৰে সি চকুৰে একোৱেই মণিব পৰা নাই৷
সি বাৰু তাইক কিয়
কৈছিল, “নিজে জাকৈ বাই কাৱৈ মাছেৰে এসাজ খুৱালেহে গম পাম তই মোৰ জোখাৰৰ হয়নে নহয়৷”
নাই এতিয়া সি না
জাকৈ দেখিছে না জানকীক৷ জোখ-মাখৰ অংকটোৱে তাক শূন্যটোহে দি গ’ল তাৰমানে! কথাষাৰ নৌ
ভাবোঁতেই তাকো বুৰাই পেলালে বিশাল জলৰাশিয়ে৷
‘ঝ’
সন্ধিয়া হ’লেই তাইৰ
চ’ৰাঘৰ ঝংকাৰিত হয়৷ প্ৰাণধালি তাই চেতাৰখনত আঙুলি বুলাই যায়৷ সেইসময়ত তাই কাৰো উপস্থিতি
কামনা নকৰে৷ কেৱল তাই আৰু ঝংকাৰ, ঝংকাৰ আৰু তাই, এয়াই তাইৰ ৰীতি, যাক ভংগ কৰাৰ তাই
কোনো কাৰণতে পক্ষপাতী নহয়৷ পাছে এদিন ব্যতিক্ৰম নোহোৱাকৈ নাথাকিল৷ কিয় জানো সিদিনা
সেই বৰ্ষণমুখৰ সন্ধ্যাটিত তাইৰ মন গ’ল বৰষুণৰ
টোপালবোৰৰ সৈতেই একাত্ম হোৱাৰ৷ ৰুণজুন বৰষুণৰ জুনজুননিত তাই যেন আত্মহাৰা হ’ল
আৰু ঠিক সেইসময়তেই তাইৰ মোবাইলৰ স্ক্ৰীণত এটা অচিনাকি নাম্বাৰৰ কল৷ উঠোৱা মাত্ৰেই বিনম্ৰতাৰে
কোৱা মাতষাৰে তাইৰ বুকুত নিগাজীকৈ ঘৰ বান্ধি ল’লে, “নমস্কাৰ মই ঝংকাৰে কৈছো...৷”
‘ঞ’
আমজোপাৰ ডালত পৰি
পুৱতি নিশাৰপৰাই নিয়তিজনীয়ে ‘নিওঁ নিওঁ’(ঞ ঞ) কৰি আছিল পোহৰ হোৱা পৰ্যন্ত৷
বিচনাখনৰ লগতে চেপেটা
লাগি থকা শৰীৰটোৰ উৰ্দ্ধাংশই উঠানমা কৰি আছে এক নিৰ্দিষ্ট ব্যৱধানত৷
বাৰাণ্ডাতে পীৰা
আৰু মূঢ়া পাৰি কিতাপ ফলি লৈ আখৰ লিখি থকা মইনাই মাকক মাতিছেহে হয় কিবা এটা সুধিবলৈ,
মাকে মতা নাই৷
মইনাই তেতিয়াও ঞ
বৰ্ণৰ বিপৰীতে ঞৰে আৰম্ভ হোৱা শব্দ বিচাৰি হাবাথুৰি খাই আছিল৷ পাছে হঠাৎ মাকৰ গগনফলা
চিঞৰত তাৰ ফলিগুটি ধৰি থকা হাতখনো থৰ লাগিল ঠিক বিচনাখনৰ ওপৰৰ চেপেটা নিথৰ দেহটোৰ দৰেই৷
******
কেনে পালি মোৰ ক-ফলাৰ
গল্প?
:অপূৰ্ব!
:সঁচাকৈ অ’৷ কিন্তু
মোৰ মনত এটা খু-দুৱনি ৰৈ গ’ল যে৷ প্ৰতিটো গল্পই ইমান কম কথাতে ইমানবোৰ কথা কৈ গ’ল,
সেইবোৰক তই বহলাবওতো পাৰিলেহেঁতেন৷
: নিশ্চয় পাৰিলোহেঁতেন৷
কিন্তু নবহলালো৷ ভাবিলো যদিহে মই ক’ব বিচৰা কথাবোৰ পঢ়ুৱৈয়ে উদ্ধাৰ কৰি ল’বই পাৰে, তেন্তে
মই মিতব্যয়ী হোৱাই যুগুত নহ’ব জানো?
: কিন্তু আৰু অকণমান
বেছিকে পঢ়োঁ পঢ়োঁ লাগি থাকিল যে!
: পঢ়ুৱৈয়ে লেখকে
যি ক’ব বিচাৰে তাৰ বাদেও নতুনকৈ চিন্তাৰ উন্মেষ ঘটাবই পাৰে৷ কল্পনাৰ পৰিধি অনন্তলৈকে
বিস্তৃত কৰি সৃষ্টিক অসীমলৈকে ব্যাপ্তি দিব পাৰে৷ আচলতে তোক এটা গোপন কথা মনে মনে কওঁ
শুন৷
: আমি সৃষ্টিশীল
মানুহবোৰে তহঁতৰ পৰাইতো লিখিবলৈ শিকোঁ৷
: যাঃ ফাল্টু কথা৷
: বিদ্যা ফাল্টু
নহয়৷ একেবাৰে সঁচা৷ চিনেমা, নাটক আদি কৰা মানুহে দৰ্শকৰ পৰা, গীতিকাৰ সকলে শ্ৰোতাৰ
পৰা আৰু লেখকসকলেও আওপকীয়াকৈ পঢ়ুৱৈৰ পৰাহে লিখিবলৈ শিকে৷ এতিয়াই যে তই ক’লি যে সেইকেইটা
গল্প বহলাব পৰা গ’লহেঁতেন৷ এতিয়া কথাটো ময়ো ভাবিছোঁ৷ গল্পকেইটা বহলোৱা যাওক৷ তেতিয়া
এই দহোটা গল্প মিলি এটা কোৱাতকৈ দহবাৰ দহটা গল্প কোৱা যাব৷
: ফেণ্টাষ্টিক৷
: থ তোৰ ফেণ্টাষ্টিক৷
কামটো বৰ সহজো নহ’ব পাছে বুইছ৷
: আকৌ বোলে সহজ কাম
তোৰ প্ৰিয় নহয় ৷
: অলৱৎ নহয়৷ কিন্তু
জটিল কথাবোৰো সহজকৈ ক’ব পৰাটোহে মুখ্য কথা বুলি সিদিনা এগৰাকী গল্পকাৰে কৈছিল৷ তেনেস্থলত
সহজ সৰলকৈ কথাবোৰ ক’ব পৰা কামটোও কিন্তু সৰল নহয়৷
: এৰা! গল্প লিখাৰ
কৌশলো কিন্তু এয়াই৷
: দেখিলি মই কৈছিলো
নে প্ৰথমতেই এইটো কথা?
: কি?
: আমাক লিখা মানুহবোৰক
এনেয়ে আমন্ত্ৰণ কৰি নিয়ে কৌশলৰ কথা ক’বলৈ৷ আচল কৌশলটো জানে পঢ়ুৱৈসকলেই৷
: ইউৰেকা! ইউৰেকা!
আৰ্কিমিডিছৰ সেই
বিখ্যাত শব্দ দুটা প্ৰতিধ্বনিত হৈ থাকিল কোঠাটোত৷ তেতিয়ালৈ গল্পকাৰে ব্যঞ্জনবৰ্ণৰে
গল্প লিখিব পৰা নতুন কৌশল আৱিষ্কাৰত ব্যস্ত হৈ পৰিছিল৷
ভ্ৰাম্যভাষ : ৯৬১৩৭
৯৩০৭৭