অসীম তালুকদাৰ
ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে লাগি থকা বিষ্ণু-জ্যোতি একাডেমি
নামৰ সংগীত স্কুলখন পাৰ হৈয়েই সোঁফালে যোৱা ৰাস্তাটোৰে সোমাই যাব লাগিব৷ সেই
ৰাস্তাটোৰে চাৰি কিলোমিটাৰমান গৈ থাকিলে চৰাইগুৰি নামৰ ঠাইখন পাব৷ চৰাইগুৰিত দুটা পকী ৰাস্তাই কটাকটি
কৰিছে৷ সেই ঠাইখন ধানকল, সৰিয়হ ভঙা কল, গেলামালৰ দোকান, চাহ দোকান আদিৰে ভৰি আছে৷ চৰাইগুৰি চ’কতেই দৈনিক বজাৰো বহে৷ শিক্ষানুষ্ঠান হিচাপে তাত এখন চৰকাৰী
হায়াৰ চেকেণ্ডাৰী স্কুল, এখন চৰকাৰী প্ৰাইমাৰী স্কুল আৰু লগতে ব্যক্তিগত খণ্ডৰ দুখন প্ৰাইমাৰী স্কুল আৰু
এখন হায়াৰ চেকেণ্ডাৰী স্কুল আছে৷ চৰাইগুৰি চাৰিআলিৰ চ’কৰ পৰা পূব ফালে শিমলুগুৰিলৈ যোৱা ৰাস্তাটোৰে এক
কিলোমিটাৰমান গলেই বৃহৎ আহত গছ এজোপা আৰু এটা ডাঙৰ নামঘৰ পোৱা যাব৷ নামঘৰৰ কাষেৰে
যোৱা ৰাস্তাটোৰে সোমাই গৈ ৰাস্তাৰ সোঁফালে পাঁচ নম্বৰ ঘৰটোৱেই অয়নাহঁতৰ ঘৰ৷ কিবা অসুবিধা হ’লে কাৰোবাক সুধিলেই দেখুৱাই দিব৷ গন্তব্যস্থললৈ কিদৰে যাব
লাগিব তন্ময়ে মনতে আকৌ এবাৰ আওৰালে ৷
আবেলি দুই বাজি গৈছে৷ দেওবাৰ যদিও ভীৰ অন্য দিনৰ দৰেই৷
চাৰিওফালে ভালকৈ চাই তন্ময়ে গাড়ীখন চৰাইগুৰিলৈ যোৱা ৰাস্তাটোৰ ফালে ঘূৰালে৷ তন্ময়ৰ
সৈতে গাড়ীখনত আৰোহী চাৰিজন - তন্ময়ৰ মাক, দেউতাক আৰু বায়েক৷ তেওঁলোকে আজি এক বিশেষ উদ্দেশ্যেৰে চৰাইগুৰিলৈ আহিছে৷ শিমলুগুৰি নিবাসী
দ্বিজেন দাসৰ ডাঙৰ ছোৱালী অয়নাৰ সৈতে তন্ময়ৰ বিয়াৰ কথা বতৰা চলিছে৷ আগতে সিহঁতে কেতিয়াও লগ
পোৱা নাই৷ এমাহমানৰ পৰা দুয়ো ফোনত কথা পাতিছে৷ ফোনত কথা পাতি সিহঁতৰ ভালেই লাগিছে৷
অয়নাই বিচাৰিছে তন্ময়ৰ পৰিয়ালে আহি তেওঁলোকৰ পৰিয়ালক এবাৰ লগ ধৰক৷ যদিহে কিবা
কাৰণত ভাল নালাগে সিহঁতে বেছি আগ নবঢ়াই ভাল হ’ব কিয়নো ঘৰৰ ইচ্ছাৰ বিপৰীতে যাবলৈ অয়নাৰ কষ্ট হব৷
কথাটো তন্ময়েও ভাল পালে৷ সেইমতে আজি মাক দেউতাক আৰু একমাত্ৰ বায়েক চন্দনাৰ সৈতে
চৰাইগুৰিলৈ আহিছে৷ তন্ময়হঁতৰ ঘৰ বিছ-পঁচিছ কিলোমিটাৰমান দূৰৰ চহৰ এখনৰ উপকণ্ঠ
অঞ্চলত৷ চৰাইগুৰিৰফালে তেওঁলোক আগতে কেতিয়াও অহা নাই৷ তেওঁলোকক ভাত খোৱাকৈ আহিবলৈ নিমন্ত্ৰণ কৰিছিল৷
কিন্তু কথা আগ নবঢ়াকৈ ছোৱালীঘৰক অতিৰিক্ত চাপত পেলাবলৈ তন্ময়ৰ পৰিয়ালে বিচৰা নাই৷
তিনি বজাত তেওঁলোকে গৈ পাব বুলি কৈছে৷ তাত দুঘণ্টামান কটাই তেওঁলোক ঘূৰিব৷
এনে ধৰণৰ ভাল দিন এটাত দৰাঘৰৰ পৰিয়ালৰ মানুহ হিচাপে যিমান
উৎসাহ থাকিব লাগিছিল তেওঁলোকৰ মাজত সেই উৎসাহৰ অভাৱ পৰিলক্ষিত হৈছে৷ কাৰণটো হৈছে
তিনিদিনমান আগতে তন্ময়ৰ মাকৰ স্কুলৰ ঠিকনাত অহা বেনামী চিঠি এখন৷ চিঠিখনত তেওঁলোকৰ
চহৰৰে পোষ্ট অফিচৰ মোহৰ মৰা আছে৷ কোনোবা শুভাকাংক্ষী বুলি পৰিচয় দি লিখিছে৷
প্ৰথমেই সুধিছে তেওঁলোকে অয়নাৰ উপাধি কি নাজানে নেকি৷ তাৰ উপৰিও অয়নাৰ চৰিত্ৰৰ বিষয়ে কিবা জানেনে ? অয়না ছোৱালীজনীৰ হেনো চৰিত্ৰ খুবেই বেয়া আৰু তন্ময়ৰ কাৰণে কোনোপধ্যেই উপযুক্ত নহয়৷ অয়না বহুত চঞ্চল৷ স্কুলৰ সময়ৰ
পৰাই তাইৰ বহুতৰে লগত সম্পৰ্ক আছিল৷ ঘৰৰ ডাঙৰ ছোৱালী হিচাপে থাকিবলগীয়া গুণবোৰ নাই৷
ল’ৰাৰ লগত বাইকত উঠি যাবলৈ সংকোচ নকৰে৷
তেজপুৰ য়ুনিভাৰ্ছিটিত পঢ়ি থাকোতে হেনো কিছুমান চিঠিত লিখিব নোৱাৰা ধৰণৰ কাম কৰি থৈছে৷
সহজ ভাষাত প্ৰকাশ কৰিলে অয়না এজনী চৰিত্ৰহীনা, গুৰু গোসাঁই নমনা
ডাংকাটি ছোৱালী৷ তাই পঢ়াই থকা স্কুলখনতো তাইক কোনেও ভাল
নাপায়৷ তাই প্ৰভাত বৰুৱাৰ ঘৰলৈ বোৱাৰী হৈ আহিলে ঘৰ থানবান হৈ যাব৷ তন্ময়ৰ দৰে নিৰ্জু আৰু নিৰীহ ল’ৰাজনৰ জীৱনটো বৰবাদ কৰিব৷
চিঠিখন পোৱাৰ পাছৰে পৰা তন্ময়ৰ মাকৰ মন বেয়া৷ সিদিনা
সন্ধিয়া চন্দনাক ফোন কৰি কথাটো জনোৱাৰ পাছত মাক-জীয়েক দুয়োজনীয়ে কন্দাকটা আৰম্ভ কৰিলে৷
আনহাতে দেউতাকৰ মতে এয়া কোনো শুভাকাংক্ষীৰ চিঠি নহয়, বিয়া ভাঙিবলৈ কোনোবা হিংসুকে কৰা ষড়যন্ত্ৰৰ অংশ মাথোঁ৷ তন্ময়ৰ মাক
আৰু দেউতাকে তেওঁলোকৰ অফিচৰ ঘনিষ্ঠ দুই তিনিজনৰ বাদে বেলেগক কোৱা নাই৷ তন্ময়ৰ
বন্ধু কেইজনমানেও কথাটো জানে৷ গতিকে চিনাকি মানুহৰ মাজতেই যে কোনোবাই চিঠিখন
পঠিয়াইছে তাত কোনো সন্দেহ নাই৷ দেউতাকৰ মতে সঁচাকৈয়ে কোনোবা শুভাকাংক্ষী হ’লে মুখামুখিকৈ কথাখিনি ক’ব৷ তন্ময়েও কথাটো ঠিক তেনেকৈয়ে
লৈছে৷ তন্ময়ৰ মাকেহে কথাটো সহজকৈ ল’ব পৰা নাই৷ সেয়েহে আজি চন্দনাকো মাতি পঠিয়াইছে৷
দেউতাক তন্ময়ৰ কাষৰ পেছেঞ্জাৰ চিটত বহিছে৷ মাক আৰু বায়েকে পাছফালে বহিছে৷
তন্ময়ে অয়নাৰ লগত কথা পাতোতে এদিন
এনে ধৰণৰ কথা ওলাইছিল৷ অয়নাই নিজে উলিয়াইছিল৷ তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত তাইৰ হেনো এজন ভাল বন্ধু আছিল - আজিৰ যুগৰ ভাষাত বয়ফ্ৰেণ্ড৷ সিহঁতৰ
সম্পৰ্কটোৰ কিবা ভৱিষ্যত আছে নেকি সিহঁত নিজেই নিশ্চিত নাছিল৷ বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত
হোৱাৰ এতিয়া চাৰি বছৰৰো অধিক সময় হৈ গল৷ চাকৰিৰ সন্ধানত ল’ৰাজন বাংগালোৰলৈ গৈছিল৷ অয়নাই ঘৰলৈ ঘূৰি আহি ঘৰৰ কাষৰে
চৰকাৰী হায়াৰ চেকেণ্ডাৰী স্কুলখনত ইংৰাজী বিষয়ৰ শিক্ষয়িত্ৰী হিচাপে যোগ দিছিল৷
সিহঁত ফেছবুকৰ বন্ধু আছিল৷ কিন্তু তিনিবছৰ আগতে অয়নাই ফেইচবুকৰ একাউণ্টটো ডিলিট কৰাৰ পাছৰে
পৰা তাই ল’ৰাজনৰ খবৰ নাপায়৷
ছমাহমান আগতে বান্ধৱী এজনীৰ লগত কথা পাতোতে গম পাইছিল যে ল’ৰাজন এতিয়াও বাংগালোৰতেই থাকে আৰু সি অলপতে বিয়া পাতিছে৷ য়ুনিভাৰ্ছিটিৰ
সময়খিনি তাই ভাল স্মৃতি হিচাপে গণ্য কৰে আৰু ল’ৰাজনৰ প্ৰতি তাইৰ শুভেচ্ছা আছে৷ তন্ময়ৰ বৰ ভাল লাগিছিল
অয়নাৰ কথাখিনি৷ সিও নিজৰ কথা কৈছিল, ইঞ্জিনিয়াৰিং কলেজত পঢ়ি থকা সময়ত তাৰ একপক্ষীয় প্ৰেমৰ কথা৷ সিহঁতৰ একে ক্লাছৰে
ছোৱালী এজনীৰ প্ৰতি তাৰ দুৰ্বলতা আছিল৷ ফাইনেল ইয়েৰত থকা সময়ত সি সাহস গোটাই কথাটো
কৈছিল৷ দুবছৰ আগতেই এইখন কলেজৰ পৰাই উত্তীৰ্ণ হৈ ওলাই যোৱা কোনোবা এজন চিনিয়ৰ ল’ৰাৰ লগত তাইৰ সম্পৰ্ক এটা চলি থকা বুলি কৈ তাই তন্ময়ক নাকচ
কৰিছিল৷ তাৰ ফেইচবুকৰ ফ্ৰেণ্ডলিষ্টত হেনো ছোৱালীজনী এতিয়াও আছে৷ কিন্তু তন্ময় ফেইচবুকত একেবাৰে
সক্ৰিয় নহয়৷ যোৱা এবছৰমান সি ফেইচবুক খুলিয়েই চোৱা নাই৷ সেয়েহে সি একো গম নাপায়৷
তেওঁলোক তিনিবজাত অয়নাহঁতৰ গৈ পোৱা কথা৷ ঘৰৰ পৰা তেওঁলোক
অলপ সোনকালেই ওলালে৷ তন্ময়ৰ দেউতাক, প্ৰভাত বৰুৱাই দেৰী হোৱাটো পোষকতা নকৰে৷ নিজেও কেতিয়াও দেৰী নকৰে, আনৰ পৰাও সেয়াই তেওঁ আশা কৰে৷ কিন্তু এতিয়া পোনে পোনে গৈ
থাকিলে আঢ়ৈমান বজাতেই গৈ পাব৷ সোনকালে গৈ পোৱাৰো তেওঁ পক্ষপাতী নহয়৷ যদি অয়নাহঁতে
কিবা কাম শেষ মুহূৰ্তলৈ থৈ দিছিল তেওঁলোকৰ উপস্থিতিয়ে তাত পয়মাল লগাব পাৰে৷ গতিকে
তন্ময়ে লাহে লাহে গাড়ী চলালে৷ সময় অলপ পাৰ কৰিবলৈ চৰাইগুৰি চ’কৰ পৰা পূবে শিমলুগুৰিলৈ যোৱাৰ পৰিৱৰ্তে তন্ময়ে গাড়ীখন
পশ্চিমে ৰিহাবাৰীৰ দিশলৈ ঘূৰালে৷ সেইটো ৰাস্তাৰে তিনি কিলোমিটাৰমান গৈ নদী এখন পাব
লাগে৷ তাত গাড়ীখন ঘূৰাই অয়নাহঁতৰ ঘৰলৈ পোনে পোনে যাব৷ তেতিয়ালৈ তিনি বাজিবৰ হব৷
অকণমান গৈয়ে তেওঁলোকে মানুহৰ জুম এটা লক্ষ্য কৰিলে৷ আগত
দুখন গাড়ী ৰৈ আছে৷ তন্ময়ে গাড়ী ৰখালে৷ সন্মুখৰ গাড়ী দুখনৰ সিফালে কেইবাজনো মানুহ থিয় হৈ আছে৷
কি হৈছে সঠিককৈ ধৰিব পৰা নাই৷ খিৰিকীৰ গ্লাছ নমাই তন্ময়ে মানুহ এজন সুধিলে৷ গৰুৰ
পোৱালি এটাক হেনো গাড়ী এখনে খুন্দিয়াই থৈ গল৷ ৰাস্তাৰ সোমাজতে পোৱালিটো পৰি আছে৷
বিষতে পোৱালিটোৱে বেবাই আছে৷ মাকজনী কাষতে থিয় হৈ আছে৷ এতিয়া গাড়ী পাৰ হৈ যাব
পৰাকৈ পৰ্য্যাপ্ত ঠাই নাই ! ঘূৰি যোৱাই ভাল হব নেকি ? তন্ময়ৰ কথাত সকলোৱে হয়ভৰ দিলে৷ ৰাস্তাতেই ঘূৰাব লাগিব৷
মানুহ অহা যোৱা কৰি আছে কাৰণে সাৱধানে ঘূৰাব লাগিব৷ যোৱা কিছুদিন বৰষুণ হোৱা নাই
কাৰণে ৰাস্তাটো ধূলিময়৷ তন্ময়ে লাহে লাহে খিৰিকীৰ গ্লাছখন উঠালে৷
গাড়ীখন বেক গিয়েৰলৈ নিয়াৰ পিছতেই ৰিয়াৰভিউ মিৰৰত পাছফালৰ পৰা আহি থকা ঠেলাগাড়ী
এখন তন্ময়ৰ চকুত পৰিল৷ সেইখন পাৰ হৈ যোৱালৈকে বাট চাব লাগিব৷ ঠেলাখন খালী৷
আদবয়সীয়া মানুহ এজনে গাড়ীখন ঠেলিছে৷ ঠেলাগাড়ীখনৰ লগে লগে ছোৱালী এজনীয়েও খোজ কাঢ়ি আহি আছে৷ মেখেলা চাদৰ পিন্ধা গাভৰু ছোৱালীজনীয়ে চালকজনক কিবাকিবি কৈ আছে৷ ঠেলাগাড়ীখনে
গাড়ীখন অতিক্ৰম কৰি পাৰ হৈ যোৱালৈকে তন্ময়হঁতে গাড়ীৰ ভিতৰৰ পৰাই চাই ৰ’ল৷ তেতিয়াই তন্ময়ৰ দেউতাকে যাত্ৰীৰ আসনৰ কাষৰ দুৱাৰখন খুলি দুই মিনিটত আহি আছোঁ বুলি কৈ
নামি গল৷ আচলতে কি হৈছে তেওঁৰ চাবলৈ মন গৈছিল৷ প্ৰভাত বৰুৱাই ঠেলা গাড়ীখনক অনুসৰণ কৰিলে৷ মানুহবোৰে
ঠেলাখনক ৰাস্তা এৰি দিছিল৷ ঠেলাগাড়ীখন গৈ ৰাস্তাৰ মাজতে পৰি থকা পোৱালিটোৰ কাষত ৰ’ল৷ চাৰি-পাঁচমহীয়া পোৱালিটোৱে পাছফালৰ ভৰি দুখনত আঘাত পাইছে৷ মাকজনীয়ে ভৰি দুখন
চেলেকি চেলেকি যেন উঠিবলৈ উৎসাহ দিছে৷ সি চেষ্টা কৰিছে৷ কিন্তু সি খোপনি পুতিব পৰা
নাই আৰু বাৰে বাৰে বাগৰি পৰিছে৷ মাকজনীয়ে মাজে মাজে মূৰ তুলি মানুহবোৰলৈ চাইছে৷
যেন সহায় ভিক্ষা কৰিছে৷ ছোৱালীজনীয়ে ঠেলা চালকজনক কৈছে যে পোৱালিটো ওচৰতে থকা পশু
চিকিৎসালয়খনলৈ লৈ যাব লাগিব৷ ঠেলাত উঠোৱাৰ পাছত যাতে পৰি নাযায়, তাৰ কাৰণে বিশেষকৈ সাৱধান হব লাগিব৷ চিকিৎসালয়খন ওচৰতে, সেই ঠাইখিনিৰ পৰা দেখাই পোৱা যায়৷ পোৱালিটোৰ আকাৰ দেখি
প্ৰথমতে কোৱাতকৈ অলপ বেছি পইছা লাগিব বুলি চালকজনে দাবী কৰিলে৷ ছোৱালীজনীয়ে
প্ৰথমতে আপত্তি কৰিছিল, কিন্তু পাছত মান্তি হ’ল৷
-
“বাইদেউ, গাইজনী আপোনালোকৰ নেকি? এনেকৈ ৰাস্তাত এৰি দিলে এনেকুৱা হবই৷” কোনোবা এজনে সুধিলে৷
ছোৱালীজনীয়ে মানুহজনৰ ফালে সামান্য বিৰক্তিৰ দৃষ্টিৰে চালে৷ কিন্তু মুখেৰে একো
ফুটাই নকলে৷ প্ৰভাত বৰুৱাই ছোৱালীজনীক লক্ষ্য কৰিলে৷ চছমা পিন্ধা মৰম লগা
ছোৱালীজনীৰ কান্ধত এটা বেগ৷ বেগটো কাষতে থৈ ছোৱালীজনীয়ে পোৱালিটোক উঠাবলৈ চেষ্টা
কৰিলে৷ ছোৱালীজনীয়ে সহায় কৰিব বুলি উপলব্ধি কৰিয়েই নেকি, গাইজনীয়ে পোৱালিটোক চেলেকিবলৈ বাদ দি এবাৰ ছোৱালীজনীক শুঙি
চালে৷ এইটো স্পষ্ট হৈ পৰিল যে পোৱালিটোৱে নিজে উঠিব নোৱাৰিব৷
গতিকে ডাঙি উঠোৱাৰ গত্যন্তৰ নাই৷ প্ৰভাত বৰুৱাই নিজে আগবাঢ়ি গৈ পোৱালিটোক ডিঙিৰ ফালে
ধৰিলে৷ তেওঁক দেখিয়েই নেকি কেইবাজনো ডেকা ল’ৰা একে সময়তে সহায় কৰিবলৈ আগবাঢ়ি আহিল৷ ল’ৰাকেইজন আগবাঢ়ি অহা দেখি ছোৱালীজনীয়ে প্ৰভাত বৰুৱাৰ ফালে চাই ক’লে - “খুড়াদেউ, আপুনি নালাগে৷ আমি পাৰিম৷” হয়তো প্ৰভাত বৰুৱাৰ বয়সটো দেখিয়েই তাই তেনেকৈ ক’লে৷ পোৱালিটোক ঠেলাগাড়ীখনত উঠাবলৈ অলপ সময় লাগিল৷ চালকজনৰ লগতে ল’ৰা কেইজনেও গাড়ীখন অলপ ঠেলিলে ৷ ছোৱালীজনীয়ে ঠেলাখনৰ লগে লগে খোজ ল’লে৷ আচৰিতভাৱে গাইজনীও ঠেলাখনক অনুসৰণ কৰি পাছে পাছে গৈ থাকিল৷
ঠেলা গাড়ীখন যোৱাৰ পাছত প্ৰভাত বৰুৱাৰ মনটো ভাল লাগি গল৷
আজিকালি বেলেগ জীৱ-জন্তুৰ প্ৰতি মানুহৰ দয়া মমতা কমি হৈছে৷ কিন্তু একেবাৰে শেষ
যে হৈ যোৱা নাই এয়াই প্ৰমাণ৷ ছোৱালীজনীৰ প্ৰতি তেওঁৰ মৰম ভাব সোমাল৷ গাড়ীত বহি লৈ
প্ৰভাত বৰুৱাই সমগ্ৰ কথাখিনি তন্ময়হঁতক ক’লে৷ ইতিমধ্যে ভীৰ কমিছিল৷ গাড়ীখন সেই ঠাইতে ঘূৰোৱাৰ
পৰিৱৰ্তে তন্ময়ে সন্মুখৰ গাড়ী দুখনক অনুসৰণ কৰি একে দিশত ঠেলাখনৰ পাছে পাছে গৈ
থাকিল৷ চিকিৎসালয়ৰ চৌহদলৈ ঠেলাখন সোমাই যোৱাৰ পাছত অকণমান গৈ হায়াৰ ছেকেণ্ডাৰী
স্কুলখনৰ খেলপথাৰত তন্ময়ে গাড়ী ঘূৰালে৷ ঘূৰি আহি চৰাইগুৰি চাৰিআলিত তন্ময়ে গাড়ীখন
পুনৰ এবাৰ ৰখালে৷ সময় কটাবলৈ প্ৰভাত বৰুৱাই চাহ একাপ খোৱাৰ কথা কৈছিল৷ কিন্তু
তন্ময়ৰ মাকে একেআষাৰে প্ৰস্তাৱটো অগ্ৰাহ্য কৰিলে৷
তিনি বাজিবলৈ দুই মিনিটমান থাকোতেই তেওঁলোকে অয়নাহঁতৰ ঘৰ গৈ
পালে৷ অয়নাৰ দেউতাক তেতিয়া ঘৰৰ বাহিৰতে ৰৈ আছিল৷ তেওঁলোকক আথেবেথে ঘৰলৈ মাতিলে৷
কুশলবাৰ্তা বিনিময়ৰ পাছত তন্ময়হঁত ড্ৰয়িংৰুমত বহিল৷ তেওঁলোকৰ লগত অয়নাৰ মাক, দেউতাক আৰু ভায়েক দুজনো বহিল৷ প্ৰভাত বৰুৱাৰ ভাল লাগিল পৰিয়ালটোক৷ অয়না হেনো
বৰ্তমান ঘৰত নাই৷ স্কুললৈ গৈছে৷ অলপ আগতে ফোন কৰিছিল৷ সোনকালেই আহি পাব৷
“ছোৱালীজনী চাবলৈ দৰা ঘৰৰ পৰা মানুহ আহিব, কিন্তু ছোৱালীজনী ঘৰত নাই !!” মুখেৰে একো ফুটাই নকলেও সেই ভাবটো তন্ময়ৰ মাকৰ মনলৈ বাৰে
বাৰে আহি থাকিল৷
কিছুসময় পাছত ঘৰৰ পদূলিত ই-ৰিক্সা এখন ৰ’ল৷ ড্ৰয়িংৰুমৰ ভিতৰৰ পৰা নেদেখিলেও অয়না আহি পাইছে বুলি
অনুমান কৰিবলৈ অসুবিধা নহ’ল৷ আধা
ঘণ্টামান পাছত অয়না ড্ৰয়িংৰুমলৈ সোমাই আহিল৷ ছোৱালীজনীক দেখি তন্ময়ৰ লগতে বাকী
কেইজনৰো মনবোৰ পোহৰ হৈ উঠিল৷ আনহাতে প্ৰভাত বৰুৱাৰ ফালে চাই অয়নাৰ
দৃষ্টি এখন্তেক থমকি ৰ’ল৷ অয়নাই
তন্ময়ৰ মাক-দেউতাকক সেৱা কৰিলে৷ অয়নাই বহিব বিচৰা নাছিল, কিন্তু তন্ময়ৰ মাকৰ অনুৰোধত তেওঁৰ কাষতে থকা খালী চকীখনত
অয়না বহিল৷ অকণো সংকোচ নকৰাকৈ অয়নাই তেওঁলোকৰ লগত কথা পাতিলে৷ হায়াৰ ছেকেণ্ডাৰী
পৰীক্ষাত অৱতীৰ্ণ হবলগীয়া ছাত্ৰ-ছাত্ৰীৰ কাৰণে হেনো স্কুলত বিশেষ পাঠদান চলি আছে৷
অসমৰ অন্যান্য ঠাইৰ দৰে ইয়াতো চৰকাৰী স্কুলবোৰত ল’ৰা-ছোৱালীৰ সংখ্যা কমি গৈছে৷ পঢ়া-শুনাত ভাল ল’ৰা-ছোৱালীবোৰে আজিকালি প্ৰাইভেট স্কুলবোৰলৈহে যায়৷ যোৱা
কেইবছৰত অয়নাহঁতৰ স্কুলৰ ৰিজাল্ট সন্তোষজনক হোৱা নাই৷ সেয়েহে ইংৰাজী, গণিত, পদাৰ্থ বিজ্ঞান আদি বিষয়বোৰৰ কাৰণে শনিবাৰ আৰু দেওবাৰে অতিৰিক্ত পাঠদানৰ আয়োজন
কৰা হৈছে৷ পৰীক্ষালৈ এমাহো নাই৷ পৰৱৰ্তী দুসপ্তাহলৈ অতিৰিক্ত ক্লাছ চলি থাকিব৷
তন্ময়ে অৱশ্যে কথাটো জানে৷ আগদিনা সিহঁতে কথা পাতোতে অয়নাই কথাটো কৈছিল৷ তাৰ পাছত
আৰু এঘণ্টামান কটাই তন্ময়হঁতে বিদায় ল’লে৷ অয়নাহঁতৰ ঘৰৰ আটাইকে তেওঁলোকৰ ভাল লাগিল৷
গাড়ী চলিবলৈ আৰম্ভ কৰাৰ অলপ পাছতেই দেউতাকে তন্ময়ৰ ফালে চাই
ক’লে যে অয়নাহঁতৰ ঘৰখন তেওঁৰ বৰ ভাল
লাগিছে৷ গতিকে তন্ময় যদি সন্মত হয়, সোনকালেই অয়নাৰ মাক-দেউতাকহঁতক এবাৰ ঘৰলৈ মতা ভাল হব ৷ তেওঁলোকেও আহি ঘৰখন চাই যাওক৷ মাক আৰু চন্দনায়ো কথাটোত হয়ভৰ দিলে৷ তন্ময়ৰ
মুখত হাঁহি বিৰিঙিল৷ ঘৰ গৈ পায়েই সি অয়নাক কথাটো জনাব৷
“কিন্তু চিঠিখনত লিখা কথাবোৰ ?” হঠাতে দেউতাকে মাকৰ ফালে চাই সুধিলে৷
মাকে বাহিৰৰ ফালে চাই লাহেকৈ ক’লে - “যিজনী ছোৱালীয়ে দৰাঘৰৰ মানুহ আহিব বুলি জানিও ৰাস্তাত আঘাত
পোৱা জন্তু এটাক চিকিৎসালয়লৈ লৈ যাবলৈ সময় উলিয়াব পাৰে, সেইজনী ছোৱালীৰ বিষয়ে বেলেগৰ পৰা একো জনাৰ দৰকাৰ নাই৷”
অসীম তালুকদাৰ
মেডিচনভিল, কেণ্টাকী
আমেৰিকা যুক্তৰাষ্ট্ৰ
১-২৭০-৮৩৬-০৩৮৯