ড০ ৰমেশ চন্দ্ৰ গোস্বামী
মৰমৰ পোনাকণ,
মৰম ল’বাহঁক৷ আশাকৰোঁ
বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷
তোমাৰ পৰা ভালেমান
দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে!
পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন, কিন্তু মাৰাৰ মনটো বেয়া নালাগি পাৰেনে? কেইদিনমান আগতে
কাকতি চুবুৰীৰ সীমান্তক লগ পাইছিলোঁ৷ সি কৈছে, কিবা হেনো নেটৱৰ্ক নে কি সেইটো চাগে
পোৱা টান তোমাৰ ঠাইৰ পৰা৷ মইতো তোমাৰ নম্বৰেই নাজানো৷ জানিলেও মোৰ ফোনটোৰ পৰা তোমালৈ
ফোন কৰিব পৰাৰ ব্যৱস্থাও নাই৷ তদুপৰি ইমান খৰচ কৰি নতুন ফোন এটা কিনাটোও মোৰ সাধ্যৰ
বাহিৰত৷ জানাইতো, সমস্ত জীৱন জুৰি প্ৰাইভেট স্কুলত চাকৰি কৰি তোমাক কোনোমতে মানুহ কৰিলোঁ৷
তাতেই আমাৰ দুয়োৰে আনন্দ, দুয়োৰে গৌৰৱ৷ এতিয়াতো আৰু চাকৰিও নাই, পইচাও নাই! কোনো টান
কামো কৰিব নোৱাৰোঁ৷ আগৰ নিচিনাকৈ কোৰ মাৰি শাক-পাচলিও ৰুব নোৱৰা হ’লোঁ৷ পলিথিনৰ পেকেটত
মাটি ভৰাই তাতে কেইটামান বেঙেনা আৰু জলকীয়াৰ পুলি ৰুইছোঁ৷ বাচি উঠিলে কিছুদিনলৈ চলি
যাব৷ আমি দুটাহে মানুহ৷
বুইছানে পোনাকণ,
মাৰাৰ পুৰণা কাহটোৱে মাজে মাজে বেয়াকৈ উক দি থাকে৷ দৰৱনো কিমান খাব, তাতে আজিকালি
দৰৱৰ যিহে জুইছাই দাম! আনহাতে চাইনো থাকিম কেনেকৈ– সেয়ে, পোনাকণ, কেইমাহমান আগতে আমাৰ কুকুৰটো
গাৱঁৰে হৰেন মহাজনক দি দিলোঁ৷ তেওঁলোকৰ এটা কুকুৰ হেনো কিবা বেমাৰ লাগি মৰি থাকিল৷
বিনিময়ত তিনিশ টকা দিছে দিয়াঁ৷ তাৰেনো কেইদিন চলিব, নিমখ-তেলতে এতিয়া মাহে কিমান টকা
লাগে! চাউলকেইটা বাৰু চৰকাৰে বিনামূলীয়াকৈ দিছে৷ সেয়েহে অলপ ৰক্ষা৷ খেতিৰ মাটিৰ কথাটো
তুমি জানাই– তোমাক যে ছিংগাপুৰলৈ যোৱাৰ খৰচ লাগে, দৰমহাৰ পইচাৰে সেয়া সম্ভৱ নাছিল৷
হৰেন মহাজনৰ তাত তিনিবিঘা মাটি বিক্ৰী কৰিহে দিব পাৰিছিলোঁ৷ এতিয়াতো দেহত শক্তি নাই
হাল বাবলৈ, হালৰ গৰুও নাই হাজিৰা মানুহ লগাবলৈ; ইমান কম মাটিত ট্ৰেক্টৰৰনো প্ৰয়োজন
কি? গতিকে বাকীখিনি মাটিও মহাজনকে আধিলৈ দি দিলোঁ৷ তেওঁ ভাল মানুহ৷ এসপ্তাহমান হ’ল,
তেওঁ কিনি নিয়া কুকুৰটো কেনিবা গুচি গ’ল৷ তাৰ শুংসূত্ৰ বিচাৰিয়েই নাপালে৷ সেয়ে কুকুৰটোৰ
কাৰণে আছুতীয়াকৈ ৰখা চাউল কেইকেজিমান আমাক এনেয়ে দি দিছে৷ তেওঁলোকেতো আৰু কুকুৰলৈ বুলি
অনা চাউল নাখায়৷
ভাবিছিলোঁ, মাৰাৰ
ফটা মেখেলা-চাদৰযোৰ এইবেলি পূজাতে সলাই দিওঁ৷ মহাজনক ক’লে হয়তো পইচা কেইটকামান দিলেহেঁতেন৷
ওহোঁ, নক’লোঁ৷ অতি কম দৰমহাৰ হ’লেওতো মই এজন শিক্ষক আছিলোঁ৷ কিবা দেখোন আত্মসন্মানত
আঘাত লাগে! মাৰায়ো একো আপত্তি কৰা নাই৷ মানুহ আহিলে কেনেবাকে’ ঢাকি-ঢুকি পিন্ধে আৰু৷
কিন্তু এইবেলি শীতে কি বিহু দেখুৱায় তাক লৈহে দুয়োৰে চিন্তা হৈছে৷ আগৰ কঁঠা দুয়োখনৰে
অৱস্থা বেয়া৷ তাপলিনো কিমান মাৰিম!
জানাইতো, সীমান্ত
বেংকৰ কৰ্মচাৰী৷ সি বহুত কথা জানে৷ সি কৈছে, তুমি কোম্পানিৰ কামত অতিপাত ব্যস্ত হৈ
থাকাঁ৷ বেলেগ বেলেগ দেশলৈও গৈ থাকিব লগা হয়৷ কোম্পানিৰ কাম ইমান বেছিনে! যি নহওক, তাৰ
মাজতে কিবাকৈ হ’লেও মোৰ চিঠিখন পঢ়ি চাবা৷ ভাগ্য ভাল যে বোৱাৰীয়ে অসমীয়া ভাষা একেবাৰে
নাজানে৷ তেওঁ পঢ়ি চালে খুব লাজ পালোহেঁতেন৷ আমি দুয়ো সিপুৰীলৈ যোৱাৰ আগতে তেওঁক আৰু
মৰমৰ কণমানিজনীক এবাৰ হ’লেও দেখা পালে কিমান ভাল লাগিলহেঁতেন! তেতিয়া তোমালোকৰ বিয়াখন
নেদেখাৰ দুখটোও পাতলিলহেঁতেন পোনা৷ আহিব নোৱাৰিলে থাকক বাৰু৷ আটাইকেইটা কুশলে থাকিলেই আমাৰো
কুশল, আমাৰো সন্তুষ্টি৷ অৱশ্যে আহিব পাৰিলে আগতীয়াকৈ জনাবা৷ বোৱাৰীৰ বাবে এসাজ মেখেলা-চাদৰ
আৰু নাতিনীজনীৰ বাবে ফ্ৰক এটা কিনি দিব নোৱাৰিলে বেয়া লাগিব নহয়৷ মাৰাই কৈয়ে থাকে৷
তাৰ বাবে কিবা কৰিম আৰু৷ ৰাহি হোৱা চৰকাৰী চাউল কিছু বিক্ৰী কৰি দিম৷
অ’ ৰ’বা৷ সীমান্তই
কৈছে, তুমি হেনো এঘাৰ মহলীয়া বিল্ডিং এটাত থাকাঁ৷ ছিংগাপুৰত আমাৰ ইয়াৰ নিচিনা খেৰৰ বা
টিনপাতৰ ঘৰ নায়েই নেকি? ইমান ওখ ঘৰত উঠা-নমাতো সহজ নহয়! – কি ক’ম, এই প্ৰসংগতে কওঁ,
তুমি ইয়াত যিটো কোঠাত পঢ়া-শুনা কৰিছিলা, তাত এইবাৰো বৰ বেয়াকৈ বৰষুণৰ পানী পৰিছিল৷
তাৰো অস্থায়ী ব্যৱস্থা কৰিছিলোঁ৷ তোমাক কৈ আমনি দিব নোখোজোঁ৷ তোমালোক আহিবা বুলি জনালে
ভালদৰে মেৰামতি কৰাম৷ বিদেশী বোৱাৰীজনী বাৰু তেনে কোঠাত শুব পাৰিবনে?
শুনা পোনাকণ, বহুতে
ভাবে, তুমি আমালৈ মাহে মাহে ভাল পৰিমাণৰ ধন পঠিয়াই থাকাঁ৷ নালাগে, মানুহেতো নুবুজে বিদেশত
খৰচ কিমান৷ টকা-সিকা পঠিয়াব নালাগে৷ মানুহতকৈ টকা ডাঙৰ নহয়৷ তোমালোক এবাৰ আহি যোৱাটোহে
ভাল লগা কথা হ’ব৷ মোৰ কথা নকৱেঁই, মাৰাই তোমাক ইমানদিনে নেদেখি কিমান ভুগি থাকে! ৰাতি
ৰাতি কান্দি থকা গম পালে মোৰো চকুপানী ওলায়৷
সীমান্তই কৈছে, সি
হেনো তাৰ মোবাইল ফোনটোত কেনেবাকৈ তোমাৰ খবৰ পাই থাকে৷ খৰচৰ কথাও সিয়ে কৈছে৷ দৈনন্দিন
খৰচ বাদেই দিলোঁ, তোমালোকৰ বিয়াৰ খৰচোতো কম নাছিল নিশ্চয়! তাতে আকৌ এতিয়া নাতিনীজনীৰ
বাবেও ভালেখিনি পইচাৰ দৰকাৰ হয়৷ তোমালোকে ভালদৰে চলি থাকাঁচোন৷ তাইৰ বাৰু কি নাম ৰাখিলা?
কৰৱী, ৰূপালী, পল্লৱী ধৰণৰ নে এলিজা, ক্ৰিষ্টিনা, কেথেৰিনা আদি বিদেশী নাম? জনাবাচোন৷
এটা কথা জানি মই অকলেই চকুলো টুকিছোঁ পোনা৷ মাৰাক ক’লে সমূলি ভাগি পৰিব৷ বোৱাৰীয়ে হেনো তোমাক ঘৰলৈ আহিবলৈ নিদিয়ে! হয়তো, তোমাৰ ঘৰ-বাৰী মানুহে ভৰি দিয়াৰে যোগ্য নহয়৷ তোমাৰ পইচাৰ অসুবিধা হ’ব বুলিও হয়তো আহিবলৈ নিদিয়ে৷ এই কোনোটো চিন্তাৰে মাৰাৰ অন্তৰত জ্বলি থকা জুইকুৰা নুমুওৱাৰ শক্তি মোৰ নাই বুইছা৷ হ’লেও সহ্য কৰাঁ৷ যদি আহিবলৈ নিদিয়েই তেন্তে খুৰাদেৱেৰাৰ ল’ৰাটোকে কৈ থ’ব লাগিব, যাতে আমি ঢুকালে সকামখিনি সিয়ে সমাপণ কৰে৷ হ’ব দিয়াঁ, সকলো ওপৰৱালাৰ কথা৷ যেনেকৈ চলায় আৰু৷ কেৱল তোমালোক আটাইকে তেৰাই কুশলে ৰাখক৷ তোমালোকৰ ভৱিষ্যত সুখৰ হওক৷
অস্, মূৰটো আচন্দ্ৰাই
কৰিছে অ’৷ প্ৰেছাৰৰ টেবলেটো তিনিদিনৰ আগতেই শেষ হ’ল৷ পদুমণিৰ চিত্ত ওজাক সুধি গাঁৱলীয়া
দৰৱকে খাই আছোঁ এতিয়া৷
চিঠিখন সীমান্তকে
ডাকত পঠিয়াবলৈ দিম৷
তোমালোক দুয়োলৈ আমাৰ
আশীৰ্বাদ জনালোঁ৷ কণমানিজনীলৈ হিয়া উজাৰি মৰম আৰু চুমা যাঁচিলোঁ৷
ইতি
তোমাৰ দেউতাৰা,
শ্ৰীভোগেশ্বৰ তামূলী
তামূলীচুবুৰী, কদমনি
পুনঃ – এটা কথা ক’বলৈ
পাহৰিয়ে থাকিলোঁ: অমৰেন্দ্ৰ খুৰাদেৱেৰাৰ সৰুটো ল’ৰা, ইঞ্জিনিয়াৰ যে, সি অলপতে কানাডালৈ
যাব৷ ‘ভিজা’ নে কিবা এখন কাগজ পালেই গুচি যাব৷ খুৰাৰাৰ বৰ ফূৰ্তি৷
***
চিঠিখন পঢ়া শেষ হ’লনে
নহ’ল, আকস্মিকভাৱে পদূলিত হাজিৰ হ’ল জীৱন চুতীয়া, চুবুৰীয়া৷ হয়তো আমেৰিকাত থকা বৰপুত্ৰৰ
বিয়াৰ খবৰ দিবলৈয়ে আহিছে৷
‘হেৰা মহেন্দ্ৰ,
কি পঢ়ি আছাহে ইমান মনোযোগেৰে? জীয়াৰীৰ চিঠি? ভালনে তাইৰ? ডিব্ৰুগড়তে আছে নিশ্চয়?’
‘অ’ জীৱন দেখোন,
আহাঁ, আহাঁ৷ হেৰা চোৱাঁচোন –ভৰ দুপৰীয়াখন কোনে জানো এই চিঠিখন আমাৰ পদূলিৰ ওচৰতে, মানে
তুমি থিয় হোৱা ঠাইৰপৰা কেইহাতমান আঁতৰত পেলাই থৈ গৈছে৷ আমাৰ জীয়াৰীৰ চিঠি নহয়৷ জানো কাৰ! আমাৰ ইয়াতচোন ভোগেশ্বৰ
নামৰ মানুহেই নাই৷ ময়ো মাষ্টৰেই দিয়াঁচোন৷ হ’লেও মোৰ নিচিনা কোনো মাষ্টৰৰ জীৱনটো ইমান
দুখৰ হ’ব লাগেনে! সহ্য কৰিব নোৱাৰি বুইছা৷
‘ৰ’বা ৰ’বা৷ কিবা
এটা পেকেটো আছিল নেকি লগত?’
‘নাইতো৷ অন্ততঃ মোৰ
হাতত পৰাহি নাই৷ এইখনো দ্বিজেন ফুকনৰ কাম কৰা ল’ৰাটোৱেহে বুটলি আনি দি গৈছে৷ কেইমিনিটমানহে
হ’ল৷ হাঁ, তাৰ হাতত অৱশ্যে আৰু কিবা এটা আছিল৷ চিঠিতকৈ শকত আৰু দীঘলীয়া যেন লাগিছিল৷
চুতীয়াই চিন্তা কৰি
চালে৷ গল্পকাৰ অতুলানন্দ শইকীয়া পাগলৰ নিচিনা হৈছে৷ তেওঁৰ বৰ দৰকাৰী পেকেট এটা কিছু
আগতে হেৰাই থাকিল৷ চাইকেলৰ কেৰিয়াৰত লৈ তেওঁ চহৰৰ পিনলৈ গৈ আছিল৷ গল্প লিখা মানুহ,
কেতিয়াবা আধৰুৱা লেখাও থাকি যায়৷ তাক পুনৰ লিখাটো সহজ নহয়৷ কাকত-অলোচনীয়েও তাগিদা দি
থাকে৷ যি হ’ল হ’ল আৰু৷ এই কথাটোকে শইকীয়াক জনোৱা ভাল হ’ব৷ শুংসূত্ৰও পোৱা গৈছে৷
‘মহেন্দ্ৰ, চিঠিখনৰ গৰাকী খুউব সম্ভৱ গল্পকাৰ অতুলানন্দ শইকীয়া৷ অন্ততঃ তোমাৰ নহয় যেতিয়া মোকে দি দিয়াঁচোন৷ তেওঁক দি আহিলে হয়তো ডাঙৰ উপকাৰ হ’ব পাৰে৷ তেওঁৰ হেনো অতি দৰকাৰী বস্তু অলপ আগতে ৰাস্তাত হেৰাইছে৷ দিয়াৰ আগতে পঢ়িও চাওঁ কিনো ইমান দুখৰ চিঠি৷’
***
পঢ়া হ’লত চুতীয়াই
চিঠিখন ভাঁজ কৰি খামটোৰ ভিতৰত লাহে লাহে সুমুৱাই থ’লে৷ তেওঁৰ ভৰি দুখন কিবাচোন লৰাব
নোৱৰা হ’ল৷ য’তে আছিল তাতেই শিল পৰা কপৌ হৈ থিয় হৈ ৰ’ল৷ বাৰে বাৰে ডাঙৰ ল’ৰাটোৰ মুখখনে
আমনি কৰিবলৈ ধৰিলে– এবাৰ দূৰৰ পৰা একেবাৰে ওচৰলৈ আহে, লাহে লাহে আঁতৰি যায়. পুনৰ ডাঙৰ
হৈ ওচৰ পায়হি, পুনৰ দূৰলৈ গুচি যায়৷ সিওতো আমেৰিকাৰ মিছিগানত আছে৷ তিনিবছৰ হ’ল৷ তাৰোতো
বিয়াখন পাতিব লাগে৷ তাৰেই ছোৱালী পচন্দ কৰি থৈছে৷
মহেন্দ্ৰ মাষ্টৰে
জীৱন চুতীয়াৰ নিস্তেজ চকুহালৰ পিনে মনোযোগেৰে চাই থাকিল৷ একে বিদেশ, একেই কোম্পানিৰ
চাকৰি৷ বহুদূৰ, মিছিগান বহুত দূৰ৷ ছিংগাপুৰতকৈও বহু বেছি দূৰ৷
ঠিকনা :
নৱপুৰ-নিকামূল
তেজপুৰ-৭৮৪১৫৪,
ভ্ৰাম্যভাষ: ৯৪৩৫৩৮০২৫৭