অংকিতা বৰুৱা
টুনি লাইট আৰু বহুবৰ্ণী পাখি ওলমি থকা ঘূৰণীয়া আকৃতিৰ যতনটোক সি হাতেৰে ঘূৰাই পকাই বৰ মনোযোগেৰে পৰীক্ষা কৰিছে৷ ঘূৰণীয়া অংশটোৰ আৰম্ভণি অথবা শেষ বিন্দুটোক বিচাৰি উলিয়াব পাৰে নেকি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰি মাজে মাজে চকু দুটা মোহাৰি লয় সি৷ সেই একেটা কামকে প্ৰায় এঘণ্টামান কৰি কৰি এসময়ত তাৰ আমনি লাগিল৷
ফেৰিৱালাজনে যতনটো
জোৰ কৰি তাৰ হাতত তুলি দিওঁতে কৈছিল- ‘লে যায়িয়ে না চাহেব৷
য়ে বৰা কাম কা চ্চীজ হে৷ ইচকা নাম অউৰ কাম বৰাব্বৰ হে৷’ কিবা
এক বিশেষ গুণ থকা যতনটোক এবাৰ বিশ্বাস কৰি চোৱাত আপত্তি কিহৰ৷ জানোচা, এইবাৰ কথাবোৰ সি বিচৰাৰ দৰেই হয়েই!
দেখা যাওক, কি
হয়- মনোভাবেৰে এসময়ত সি চিলিংখনলৈ মূৰ তুলি চালে৷ সি এতিয়ালৈকে যিখিনি জানিছে,
তাৰ ভিতৰত মুখ্য কথাটো হৈছে যে এই বিশেষ বস্তুবিধ সি শোৱা বিছনাখনৰ
ওপৰতেই আঁৰিব লাগিব৷ এতেকে, ঘেৰঘেৰ শব্দৰে পাতলীয়া বতাহ
দিয়া ফেনখনেই সাৰথি৷ সপোনৰ ময়াপী জগতখনত ভ্ৰমিবলৈ হলে সি অলপ কষ্ট কৰি ফেনখন
বন্ধ কৰিয়েই শুবলৈ চেষ্টা কৰিব৷ ফেৰিৱালাজনে কোৱা মতে শোৱা বিছনাখনৰ ওপৰত এই
যতনটো আঁৰিলে সপোনবোৰ বোলে ফলিয়ায়!
আগতে সপোন বুলিলে
স্বপ্নদোষ, যৌন স্বপ্ন আদি শব্দবোৰহে তাৰ মনলৈ আহিছিল! যেন সপোন
মানেই কিবা এক নিষিদ্ধ ৰোগ! কিন্তু এতিয়া তাৰ বাবে সপোন দেখাটো বৰ জৰুৰী হৈ
পৰিছে৷ বাস্তৱত নঘটা কথাবোৰ সপোনতে এবাৰ পাবলৈ তাৰ বৰ লোভ৷ প্ৰাপ্তিৰ সেই সুখখিনি সপোনতে হলেও অনুভৱ কৰিবলৈ তাৰ তীব্ৰ
হেঁপাহ জাগে মাজে মাজে৷ অথচ সি সপোনো নেদেখে মনত থকাকৈ৷
সন্ধ্যাৰ আড্ডাত সি
সুধিছিল এদিন সপোনৰ ৰহস্যৰ কথা৷ সপোনক নিষিদ্ধ ৰোগৰ সৈতে একাকাৰ কৰি পেলোৱা তাক
হঠাত সপোনৰ প্ৰতি আগ্ৰহ দেখি সকলোৱে তাৰ মুখলৈ ভেবা লাগি চাই এসময়ত হোঁ হোৱাই
হাঁহি দিছিল - ‘কি ফটুৱা কথা সোধ বে! সপোন তোৰ বাবে নিষিদ্ধ বিষয় এটাহে !
তোক কেতিয়াৰপৰা সপোনৰ প্ৰয়োজন হল?’
সেই দিনাৰপৰাই কোনো
দ্বিতীয় ব্যক্তিক সি সপোনৰ কথা নোসোধে বুলি প্ৰায় শপত খাইছিল৷ কোনেও নুবুজে৷
নুবুজে কোনেও তাৰ সপোনবোৰক৷ তাক এটা অৰ্থ লাগে জীৱনৰ৷ সি কৰি থকা সহজ কামবোৰ তাৰ
উদ্দেশ্য নাছিল কেতিয়াও৷ আৰু সি কৰিবলৈ বিচৰা কামবোৰ পাটীগণিতৰ কোনো সৰল অংক নহয়
যে মন গলেই সমাধানসূত্ৰ উলিয়াই পেলাব! সি জানে তাৰ সেই আশাবোৰ বৰ চহকী৷ গধুৰ৷
অথচ সিঁহতক সি মৰিচীকা বুলিও মানি লবলৈ নিবিচাৰে৷ সাধাৰণ পিয়নৰ চাকৰি এটা কৰিলে
বুলিয়েই তাৰ আশাবোৰো আধলি এটাৰ দৰেই হব বুলিওটো কথা নাই! বহু দিন ধৰি খেদি ফুৰিছে সি তাৰ আশাবোৰক৷ সিহঁতক
সাকাৰ কৰাৰ চেষ্টাত বহু উজাগৰী নিশা পাৰ কৰিছে সি৷ অথচ হাত মেলিলেই চুব পৰা দূৰত্বতো যেন কিবা
নহয় কিবা প্ৰকাৰে সি তাৰ লক্ষ্যস্থানৰপৰা চিটিকি পৰিছে৷
সেইবাবেই
ফেৰিৱালাজনৰ কথাত বিশ্বাস কৰি চাবলৈ মন গ’ল তাৰ৷ যেতিয়া কিছুমান কথা বা কামত নিজৰ
সামৰ্থ্য নাথাকে, তেতিয়াই হয়তো মানুহে এটা অৱলম্বন বিচাৰে!
... সি
আকৌ এবাৰ মনত পেলালে ফেৰিৱালাজনে কোৱা কথাকেইটা- ‘লে’
যায়িয়ে না চাহাব৷ য়ে বৰা কাম কা চ্চীজ হে৷ ইচকা নাম অ’ৰ কাম বৰাব্বৰ হে৷’ ফেৰিৱালাজনে ‘বৰাব্বৰ’ শব্দটোত জোৰ দি কোৱা কথাকেইটা মনত পৰি তাৰ
ভাল লাগি গল৷ সন্তুষ্টিৰ হাঁহি এটাও ওঁঠত লাগি ৰ’ল৷
- ‘ছেঃ!
আৰু কেইটকামান দিবই পৰা গ’লহেঁতেন! বেচেৰাই অত কামৰ বস্তু এটা তাক দিছে, অথচ দৰদাম কৰি আচল দামতকৈ বিছ টকা কমাইহে এৰিলে সি৷ নিজকে বৰ দোষী যেন
লাগিল তাৰ৷ বস্তুৰ এই মহঙা দিনত, তাৰ দৰেইতো ফেৰিৱালাজনৰো কত দায়িত্ব আছে চাগে! এনেকৈ যদি গ্ৰাহকে প্ৰতিটো
বস্তুৰে দাম নিজৰ মতে দিবলৈ লয় সিহঁতেনো কেনেকৈ পেটৰ ভাতকেইটা মোকলায়! ছেঃ! বৰ
বেয়া হ’ল কথাটো!’ সি স্বগতোক্তি কৰিলে৷ মুহূৰ্ততে এজন
অচিনাকি মানুহ তাৰ বৰ আপোন যেন অনুভৱ হ’ল৷
ফেৰিৱালাজনে যতনটোৰ
আঁতিগুৰি মাৰি তাক বুজাই থাকোঁতে নামটো ‘ড্ৰিমকেট্চাৰ’ বুলি কৈছিল যদিও সি নিজাকৈ এটা নাম দি লৈছে ‘স্বপ্নপালক’৷ আকাৰত তেনেই সৰু, লাহী পাখিকেইখন লিৰিকি-বিদাৰি সি
বুজিবলৈ চেষ্টা কৰে কি চৰাইৰ পাখি হ’ব পাৰে! সপোন এটা সাকাৰ কৰাত এই পাখিকেইডালৰ
ভূমিকা বোলে বহুত! নিশ্চয় কোনো পৰিভ্ৰমী চৰাইৰে হ’ব! নে আমাৰ শালিকা নাইবা কপৌৰ ৰং কৰা পাখি? নাঃ, ইমান সহজলভ্য হোৱা হ’লে
সপোনৰ পাছত দৌৰাটোও বাছ ধৰাৰ দৰে সহজ হ’লহেঁতেন! ‘ড্ৰিমকেট্চাৰ’-ৰ অসমীয়া ভাঙনি ‘স্বপ্নপালকে’ই হ’ব নিশ্চয়!
সি নিজকে পতিয়ন
নিয়ায়৷
তাৰ মনত উকমুকাই থকা
অজস্ৰ সপোনৰ বাটটো যেন দ্বিধাহীনভাৱে
মুকলি হৈ পৰিছে৷ কিবা এটা সাংঘাতিক ভাৰ যেন হঠাৎ খহি পৰিল তাৰ মগজুৰপৰা আৰু পলকতে
সি অনুভৱ কৰিছে তাৰ আশাবোৰ সপোনৰ দৰে টুকুৰা-টুকুৰ হৈ তাৰ চাৰিওফালে ওপঙি ফুৰিছে৷
আশাবোৰৰ ঈপ্সিত টুকুৰা এটা বুটলি ল’বলৈ এটা মাথোঁ স্পৰ্শৰ প্ৰয়োজন!
...কোঠাটোৰ
চুক এটাত জ্বলি থকা কম পাৱাৰৰ লাইটটো নুমুৱাই সি বিছনাত পৰিল৷ খোলা খিৰিকীখনেৰে
সোমাই অহা মৃদু বতাহজাকত কোঠাটোৰ পৰ্দাখনৰ লগতে মৃদু লয়ত কঁপি আছে ফেনখনত ওলমি
থকা স্বপ্নপালকটো৷ ৰং-বিৰঙী পাখিকেইখনৰ মৃদু কম্পনৰ সৈতে সিও প্ৰচণ্ড উত্তেজনাত
কঁপিছে৷
... এ.চি. কম্পাৰ্টমেণ্টটোত তাৰ সন্মুখত বহি আছে তাই৷ মাজে মাজে দুয়োৰে মাজত দৃষ্টিৰ
বিনিময় হয়৷ তাইৰ চকুযুৰি দহা৷ সেইবাবেই তাৰ বেছিকৈ প্ৰিয়৷ এই চকুযুৰিয়ে তাক
অহৰহ খেদি থাকে... ক’ত! সপোনত? নে
দিঠকত! সেই কথা তাৰ বাবে প্ৰয়োজনীয় নহয়৷ তাই এতিয়া তাৰ সন্মুখত, সেয়াহে তাৰ বাবে মুখ্য কথা৷
ক’লৈ যাব তাই? তাৰ
জানিবলৈ মন গ’ল৷ অথচ সুধিবলৈও তাৰ সংকোচ হ’ল৷ একেথিৰে তাই কাষৰ খিৰিকীখনেৰে বাহিৰলৈ
চাই আহিছে৷ তাইৰ দহা দুচকুত কোনোবা সময়ত যদি উজ্বলিছে এখন সোণোৱালী পথাৰ, কোনোটো সময়ত তাইৰ দুচকুত পৰি অহা বেলিটোৰ বিষণ্ণতাৰ ছাঁ৷ ভাবলেশহীন মুখখন
দেখিলে তাৰ কিবা এষাৰ তাইক সুধিবলৈ মন যায়৷ অথচ মূৰে-গায়ে মেৰিয়াই অহা মেৰুণৰঙী
কাপোৰখন পুনঃ পুনঃ ঠিক কৰি অপ্ৰয়োজনীয়ভাৱে শুকান কাহ একোটা মাৰি তাই যেন তাক
সতৰ্ক কৰি দিয়ে - খবৰদাৰ! কথা পতাৰ সুযোগ নল’বা৷
...ট্ৰেইনখন
নিজস্ব লয়ত গৈ আছে৷ সিও কিছু পৰলৈ তাৰ আগন্তুক ইণ্টাৰভিউটোৰ বাবে নিজকে আৰু অলপ
সাজু কৰাৰ মানসেৰে লেপটপটো খুলি লৈছে৷ এইটো ইণ্টাৰভিৱে তাক লক্ষ্যস্থানৰ নিশ্চিত
স্তৰটোলৈ লৈ যাব বুলি সি এশ শতাংশ সাজু৷ তাৰ পাছতেই ভিছাৰ কাম, আৰু তাৰ পাছতেই সি উৰা মাৰিব সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন অচিন ঠাইলৈ৷ য’ত তাৰ সপোনৰ বীজটো...
কোনে কয় সপোন মানেই
ভ্ৰম! আৰে’ ভাই তাৰ সপোনবোৰ এক অজুহাত- জীয়াই থকাৰ৷ য’ত উশাহ থাকে সেয়াই জানো জীয়াই থকাৰ মন্ত্ৰণা নহয়! তেনেহ’লে তাৰ আশাবোৰো
তাৰ বাবে উশাহ৷ জীয়াই থকাৰ মন্ত্ৰণা৷
সিহঁতে কথাবোৰ হাঁহি উৰুৱাই দিলেই হ’লনে! সিহঁতৰ দৰে
নিষিদ্ধ সপোনক খেদি ফুৰা নাইতো সি! আচলতে সপোনক এটা ৰোগ যেন লগাৰ কাৰণেই হৈছে
সিহঁত!
...প্ৰচণ্ড
জোকাৰণি এটাত সি চকু মেলিলে৷ কম্পাৰ্টমেণ্টটোত এক চেপা উত্তেজনা সৃষ্টি হৈছে৷
মানুহবোৰে নিজ নিজ আসন এৰি খিৰিকীৰ মুখে মুখে, দুৱাৰৰ কাষে
কাষে জুম বান্ধিছে৷ সি একো বুজা নাই৷ ছেঃ! এনেকৈনো টোপনি যাব লাগেনে সি! কাষৰ
খিৰিকীখনেৰে বাহিৰলৈ চালে সি৷ শেঁতা পোহৰত এখন কজলা নৈ তাৰ চকুত পৰিল৷ ওখ ওখ লোহাৰ
দলঙৰ ফাঁকেৰে নৈখনৰ পানীবোৰ টুকুৰা টুকুৰ হৈ তাৰ চকুত ধৰা দিছে৷ আকাশত জোনটো
তেতিয়া কিবা এক বিষাদত ডুব গৈ থকাৰ দৰে৷ ভাল নালাগিল তাৰ৷ জোনৰ এই ৰূপ সি বেয়া পায়৷
জোন মানেই ৰূপোৱালী পোহৰেৰে উদ্ভাসিত হৈ থাকিব লাগে৷ যেন গ্ৰহ-নক্ষত্ৰৰ অৱস্থানো
সি সলাই পেলাব!
দঁহা চকুৰ
ছোৱালীজনীলৈ মনত পৰিল তাৰ৷ সন্মুখৰ ছিটটোত তাইক নেদেখি সি জাঁপ মাৰি তললৈ নামিল৷
ইফালে-সিফালে তাইক চালে৷ নাই ক’তো নাই৷ ক’ত যাব পাৰে! এই দুপৰ নিশা অকলে অকলে ছোৱালীজনী ক’লৈ যাব পাৰে! নে সি
টোপনিত থাকোঁতেই কোনোবা ষ্টেশ্বনত নামি গ’ল
তাই? হ’বওতো পাৰে!
হ’ব
পাৰে৷ হ’ব পাৰে৷
সি কিছু হতাশ হ’ল৷
এপাকত ট্ৰেইনখন কিয়
ৰৈছিল বুজ ল’বলৈ সি মানুহৰ জুমটোৰ ফালে আগুৱাই গ’ল- ‘ছোৱালীজনী এইখিনিতে ৰৈ
আছিল বহু দেৰিৰপৰা৷ হঠাৎ কি হ’ল জানো, নদীখন পোৱাৰ সময়তে তাই
জঁপিয়াই দিলে ট্ৰেইনৰপৰা৷ এজনে চিঞৰ-বাখৰ লগাই চ্চেইনডাল টানে যদিও ইতিমধ্যে
বহু দূৰ আগবাঢ়ি আহিলোঁ...’
কোনোবা এজনে চিঞৰি
কোৱা কথাকেইটাৰ পাছৰখিনি যেন তাৰ কাণেৰে নোসোমাল৷ ক’ৰপৰা আহিছিল, ক’লৈ যাবলৈ আহিছিল তাৰ একোকে সোধা নহ’ল তাইক৷ নে এইখিনিলৈকে যাত্ৰাপথ ঠিক
কৰিয়েই তাই ঘৰৰপৰা ওলাইছিল? কি দুখ আছিল ছোৱালীজনীৰ! দঁহা
চকুযোৰত ওলমি থকা সোণোৱালী পথাৰখনৰ দৰে উজ্জ্বলতাক মষিমূৰ কৰি পৰি অহা বেলিৰ বিষাদ
ইমান গাঢ় আছিলনে তাইৰ বাবে!
তাৰ নিজকে অপৰাধী
যেন লাগিল৷ এবাৰ যদি তাইৰ অহাৰ উদ্দেশ্য অথবা গন্তব্যস্থলৰ বিষয়ে সুধিলেহেঁতেন সি! এবাৰ যদি জানিলেহেঁতেন মেৰুণৰঙী কাপোৰখনেৰে মেৰিয়াই অহা শৰীৰটোত এনে কি বেদনা
লুকাই আছিল!
মৰি আহিছিল নেকি
তাইৰ বুকুৰ সপোনবোৰ! সপোনক জীয়াই তুলিব পৰাকৈ তাৰ কোৱা নহ’ল
তাইক- সপোনবোৰক ডাল-পাহ মেলি এখন চিলাৰ
দৰেই উৰিবলৈ দিয়া৷ অন্তৰীক্ষত ঘূৰি সি তোমালৈ যি ঘূৰাই আনিব সেয়াই প্ৰকৃততে
তোমাৰ... কোৱা নহ’ল তাইক সি নতুনকৈ বিচাৰি পোৱা
স্বপ্নপালকটোৰ কথা৷
ৰৈ গ’ল বহু কথা৷ তাক
অহৰহ খেদি ফুৰা দঁহা চকুযোৰ স্পৰ্শৰ ন্যূনতম সীমাৰপৰা কিবা এক ময়াপী আৱহাৱাত আঁতৰি
গুচি গল তাৰপৰা!
তেতিয়াও তাৰ কাণত
কোনোবাই ফুচফুচাই কৈছে- “Dream has
endless possibilities ... সপোনৰ অনিঃশেষ সম্ভাৱনীয়তা আছে৷’’
... খকমকাই
উঠি বহিল সি৷ বাহিৰত তেতিয়াও আন্ধাৰ৷ ক’ত আছে সি...!
ট্ৰেইনখন! ক’ত
ট্ৰেইনখন?
সি যে তাৰ লক্ষ্যৰ
দিশে গৈ আছিল৷ এই চোওঁ চোওঁ তাৰ আশাৰ বাটটো!
ক’ত
লুকাল?
তেতিয়াও ৰি ৰিয়াই
বাজি আছিল তাৰ কাণত... “ড্ৰিম হেচ এ’ণ্ডলেছ
পছিবিলিটিজ৷ তই ৰৈ নিদিবি৷’’
ফেনখনৰ ওপৰত স্থিৰ
হৈ থকা স্বপ্নপালকটোলৈ চাবলৈ এবাৰ টৰ্চটো জ্বলালে সি৷
...
...
... ধেই! যত সব ড্ৰামেবাজ কথা এইবোৰ!
এই যে কিবা এটা
কৰিমেই বুলি পুহি ৰখা আশাবোৰ... দুৰ্বাৰ
হেঁপাহবোৰ... সপোনৰ দৰে খেদি ফুৰা ঈপ্সিত লক্ষ্যবোৰ...
একো অৰ্থ নাই
এইবোৰৰ৷ মিথ৷ বেকাৰ এইবোৰ৷
তীব্ৰ খং এটা উঠি
আহিল তাৰ ফেৰিৱালাটোলৈ৷ পানীত পৰিল তাৰ এশটকাটো৷ ক’ত সি আৰু ক’ত তাৰ সাত সাগৰ তেৰ নদীৰ সিপাৰত উচ্চ পদবীধাৰী চাকৰি! এইটো বেলেগ কথা যে
কেতিয়াবা বাওনা হৈ চন্দ্ৰলৈ হাত মেলাৰ দৰে সি কেইবাঠাইতো তেনে চাকৰিৰ বাবে আবেদন
কৰি থৈছে৷ নিম্ন মধ্যবিত্তীয় জীৱনবোৰত আশা মানেই ভণ্ডামি৷ হাজাৰটা স্বপ্নপালকেৰে তাৰ ঘৰৰ মুধচ ভৰাই দিলেও
বিশ্বাসহীনতাত ভোগা, প্ৰেমে প্ৰতাৰিত কৰা এটা নিৰুদ্বেগ জীৱন
তাৰ৷ বাৰিষাৰ আগত প্ৰতি বছৰেই গাঁৱৰ ঘৰৰ উৰুখা ছালখন ঠিক কৰাবলৈ মাক-দেউতাকলৈ তাৰ
দৰ্মহাৰ বেছি অংশ এটা পঠাই নিজলৈ নোজোৰা সি এটা ব্যক্তিগত খণ্ডৰ সাধাৰণ পিয়ন৷
ভণ্ড৷ মধ্যবিত্তীয় জীৱনত আশাবোৰ একো একোটা মিথ৷ ভণ্ডামিৰ বাদে একো নাই৷
...শিলগুটি
এটা লথিয়াই গুৰিয়াই এক প্ৰকাৰ আনমনা হৈয়ে সি পদপথটোৰে আগবাঢ়িছে৷ অফিচৰ ওচৰতে
ইফালে-সিফালে এবাৰ চালে৷ সপোনৰ দৰ-দাম কৰি আজি নিশ্চয় ফেৰিৱালাটোৱে বেলেগ কাৰোবাৰ
হাতত গুঁজি দিছে আন এটা স্বপ্নপালক– ‘লে যায়িয়ে না চাহেব৷
য়ে বৰা কাম কা চ্ছিজ হে৷ ইচকা নাম অওৰ কাম দ’ন’ বৰাব্বৰ হে’...
এই যে কেইটামান
টেগলাইন ব্যৱহাৰ কৰি যিকোনো এটা সাধাৰণ বস্তু অসাধাৰণ কৰি তোলা ফেৰিৱালাজন! তেওঁৰ
সপোনবোৰ বাৰু কেনেকুৱা? সপোনতো তেওঁ গ্ৰাহকৰ সপোন সাকাৰ কৰাৰ
টেগলাইন আওৰাই নে তাতকৈ চহকী লক্ষ্যৰে তেওঁৰ ঘৰৰ বিছনাৰ ওপৰতো আঁৰি লৈছে এটা
স্বপ্নপালক?
জুৰোড তিনিআলি,
গুৱাহাটী – ২৩,
ভ্ৰাম্যভাষ - ৯৮৫৪০৮৫৭২০