ড০ স্মৃতিমালা শৰ্মা
আকৌ সেই গোন্ধটোৱে মোক মতলীয়া কৰিছে। মই কেইবাটাও উজাগৰী ৰাতি পাৰ কৰিছোঁ। দিনে-ৰাতিয়ে গোন্ধটোৱে মোক মোহাচ্ছন্ন কৰি ৰাখিছে। অফিচৰ কোনো কামতে মই মন বহুৱাব পৰা নাই। কিমানটা ফাইল পৰি আছে। আচলতে কি হৈছে মই ধৰিব পৰা নাই। মোৰ দৰে বিখ্যাত মাল্টিনেশ্যনেল কোম্পানী এটাৰ চি. ই. অ. এজনৰ এনেকুৱা এটা অৱস্থা৷ এক মিনিটো সময় অবাবত খৰচ নকৰা মই ঘণ্টাৰ পাছত ঘণ্টা সেই গোন্ধটোৰ কথা ভাবি ভাবি মোৰ ব্যক্তিগত চেম্বাৰত অকলে আৱদ্ধ হৈ আছোঁ। কি হৈছে... মোৰ। কিহৰ বাবে এই উন্মাদনা।
প্ৰিয় পাঠক, মই প্লাৱন মুখাৰ্জী। বয়স আঠচল্লিছ। ডিভোৰ্চী। দহজন কাম কৰা মানুহ আৰু দুটা লাব্ৰাড’ৰ কুকুৰ মোৰ বিশাল ডুপ্লেক্স ঘৰটোত মোৰ সহচৰ। মোৰ পত্নী মৈত্ৰেয়ীয়ে বিয়াৰ এমাহৰ পাছতেই মোক এৰি ঘৰলৈ গুচি গৈছে। মোৰ কোনো অভিযোগ নাছিল। মৈত্ৰেয়ী ভালেই আছিল। সুন্দৰী, বুদ্ধিমতী আৰু আত্মবিশ্বাসী। আমাৰ হৃদয়ৰ কম্পনাংক নিমিলিল। ময়ো জোৰ কৰি মৈত্ৰেয়ীক বান্ধি ৰাখিব নুখুজিলোঁ। কাৰণ মৈত্ৰেয়ী মোৰ প্ৰেম নাছিল।
মৈত্ৰেয়ী যোৱাৰ পাছত মদ, চিগাৰেট আৰু কাম... এই তিনিটাৰ সৈতে মোৰ সম্পৰ্ক দৃঢ় হ’ল। ৰাতি হ’লেই মই এজন মদাহী। দিনটো মোৰ কামৰ ব্যস্ততা অৰ্থাৎ মই এজন ৱৰ্কহ’লিক আৰু কামৰ মাজে মাজে ইটোৰ পাছত সিটো চিগাৰেট সেৱন কৰা মই এজন চ্ছেইন স্ম’কাৰ। কিন্তু মই সফল। শূন্যৰ পৰা আৰম্ভ কৰা এই পাৰফিউমৰ কোম্পানিটো একমাত্ৰ মোৰ অধ্যৱসায়ৰ বলতেই ইমান আগবাঢ়ি গৈছে। কামৰ লগত মোৰ কোনো আপোচ নাই। পঁচিছ বছৰত আৰম্ভ কৰা এই পাৰফিউম কোম্পানিটোৰ যত্ন লওঁতে ক’লা চুলিত কেতিয়া ৰূপালী ৰং ধৰিলে মই গমকে নাপালোঁ। যোৱা তিনিবছৰ এই কোম্পানিটোৰ সকলো বিজনেছ মেগাজিনৰ সমীক্ষাত প্ৰথম স্থানত আছে। নিঃসন্দেহে মই এতিয়া এজন গৌৰৱময় এণ্টাৰপ্ৰিনাৰ।
মোৰ কোম্পানিৰ গৱেষণাকক্ষত নতুন নতুন সুগন্ধিৰ গৱেষণাৰ কাম চলি আছে। গুলঞ্চ, খৰিকাজাঁই, শেৱালি, ৰজনীগন্ধা, গোলাপ, তগৰ প্ৰায় সকলো সুগন্ধি ফুলৰ পৰা মোৰ কোম্পানীয়ে পাৰফিউম প্ৰস্তুত কৰিছে। দেশৰ প্ৰতিখন চহৰত মোৰ পাৰফিউম কোম্পানীৰ শ্ব’ৰূম৷ বিদেশৰ বজাৰতো মোৰ কোম্পানিৰ পাৰফিউমৰ অভাৱনীয় চাহিদা।
কিন্তু সেই
গোন্ধটো... যিটোৱে মোক গোটেই জীৱন জুৰি মোহাচ্ছন্ন কৰি ৰাখিছে... সেই সুগন্ধিৰ
পাৰফিউম মোৰ কোম্পানিয়ে তৈয়াৰ কৰিব পৰা নাই। অকলশৰীয়া
সময়বোৰত এই দুখটোৱে মোক ব্যতিব্যস্ত কৰি তোলে। কেতিয়াবা মাজনিশাও মই টোপনিৰ পৰা
খক্মকাই উঠি সেই গোন্ধটোৰ কথা ভাবি ভাবি উজাগৰে থাকোঁ।
ম’বাইলৰ ন’টপেডত মই আঁক-বাঁক কৰিবলৈ আৰম্ভ কৰোঁ। তোমাক ভালপোৱাৰ এটি মিঠা শিহৰণ আছে। তোমাক পোৱা-নোপোৱাৰ দোমোজাত এটি গভীৰ অনুভৱে তোমাৰ মৰমৰ সাগৰত মোক ডুবাই ৰাখিছে। এটি শ্বাশ্বত নিষ্কলুষ অনুভূতি মই হৃদয়ত কঢ়িয়াই লৈ ফুৰিছোঁ চিৰদিনলৈ।... এই যে মোৰ ভালপোৱা...
আচলতে মই বহু বছৰৰ আগতেই এটি বিশেষ সুগন্ধিৰ প্ৰেমত পৰিছিলোঁ। সেই প্ৰেম এতিয়াও একে আছে। সেই প্ৰেমৰ তাগিদাতে আৰম্ভ হৈছিল মোৰ পাৰফিউম কোম্পানি “সুৱাস”৷ সঁচা কথা ক’বলৈ গ’লে সেই বিশেষ গোন্ধটোৰ বাবে মোৰ এক অবচেশ্যন আছে। আৰু সেই অবচেশ্যনৰ তাড়নাত ইটোৰ পাছত সিটো নতুন পাৰফিউম মই ল’ঞ্চ কৰিছোঁ। কিন্তু মই সন্তুষ্ট হ’ব পৰা নাই।
আপোনালোকে
ইতিমধ্যে ধাৰণা কৰিব পাৰিছে মই এজন কগন’চেণ্টি অথবা পাৰফিউমিষ্ট। সহজ অৰ্থত সুগন্ধিৰ প্ৰচণ্ড
প্ৰেমিক৷ যোৱা মাহত মোৰ পাৰ্ছনেল ছেক্ৰেটেৰিৰ বাবে এটা অনলাইন ইণ্টাৰভিউ আছিল। ইজনৰ পিছত সিজন কেণ্ডিডেট লগ ইন হৈছে। গধুৰ গধুৰ বায়’ডেটা লৈ লগ আউট
হৈছে। মোৰ পছন্দ হোৱা নাই। ইমান অভিজ্ঞতা অথচ পাৰমিউমৰ বিষয়ে কোনো জ্ঞান নাই।
শেষৰ কেণ্ডিডেটজন এচিড ভিকটিম। কিন্তু পাৰফিউমৰ বিষয়ে যথেষ্ট কথা জানে। মোৰ কিবা এটা ভাল লাগিল। ইণ্টাৰভিউ ব’ৰ্ডৰ বাকী সদস্যসকলৰ অপছন্দ যদিও মোৰ সিদ্ধান্তৰ ওপৰত কথা কোনোৱে নকয়। আচলতে মানুহৰ ৰূপতকৈ মই গুণ আৰু বুদ্ধিমত্তাক বেছি গুৰুত্ব দিওঁ। সেয়েহে মোৰ পাৰ্ছনেল ছেক্ৰেটেৰী হিচাপে এচিড আক্ৰমণত নিজৰ প্ৰকৃত ৰূপ হেৰুৱাই পেলোৱা নিয়ৰ কাশ্যপ নামৰ যুৱতীগৰাকীয়ে নিযুক্তি পালে।
... আজি দুই সপ্তাহ আগতে নিয়ৰে মোৰ কোম্পানিত যোগদান কৰিলে।
নিয়ৰৰ লগত ফোনতেই মোৰ কথা-বতৰা হয়। ছোৱালীজনী কামত বেচ ভাল। বৰ ক্ষিপ্ৰ আৰু বুদ্ধিমতী। কোনো কথাই মই দুবাৰ ক’ব লগা নহয়। এসপ্তাহ আগতে এটা নতুন পাৰফিউম ল’ঞ্জৰ বাবে ভ্যেনুখন ঠিক কৰিবলৈ মোৰ ব্যক্তিগত চেম্বাৰত এখন সৰু মিটিং হৈছিল। নিয়ৰো আহিছিল। নিয়ৰক ওচৰৰ পৰা সেইদিনাহে মই দেখা পাইছিলোঁ। মিটিং শেষ হোৱাৰ পাছত সকলো গুচি গ’ল। নিয়ৰো গ’ল। কিন্তু মই আচৰিত ধৰণে অন্যমনস্ক হৈ পৰিলোঁ।
সেই একেই
গোন্ধ... যিটোৱে মোক বছৰ বছৰ ধৰি মোহাচ্ছন্ন কৰি ৰাখিছে। ক’ৰ
পৰা আহিছে সেই গোন্ধ? নে মোৰ ভ্ৰম হৈছে। মই ঠিক ধৰিব পৰা
নাই। মই আচৰিত ধৰণে অস্থিৰ হৈ পৰিছোঁ। পেকেটৰ পিছত পেকেট
চিগাৰেট শেষ হৈ গৈছে।
মোৰ কি হৈছে।
ত্ৰিছটা বসন্ত সেই বিশেষ গোন্ধটোৰ স্মৃতি হৃদয়ত সামৰি মই জীয়াই আছোঁ। সেই গোন্ধটোৰ এটা কাহিনী মই গোপনে কঢ়িয়াই লৈ ফুৰিছোঁ। তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ। মই পঢ়াত ভাল আছিলোঁ। গাঁৱৰ কলেজ। সকলোৱে মোক মৰম কৰিছিল। আমাৰ কলেজলৈ উদ্ভিদ বিজ্ঞানৰ এগৰাকী নতুন পাৰ্ট টাইম শিক্ষয়িত্ৰী আহিছিল। নাম মধুচন্দা দেৱী। মধুচন্দা বাইদেউৰ ক্লাছত মই থৰ লাগি তেখেতৰ কথাবোৰ শুনিছিলোঁ। উদ্ভিদ বিজ্ঞানৰ ক্লাছ সপ্তাহত তিনিটাহে হৈছিল। মই দ্বাদশ শ্ৰেণীৰ ক্লাছতো সোমাই গৈছিলোঁ কেৱল মধুচন্দা বাইদেউৰ লেকশ্বাৰ শুনিবলৈ। বাইদেৱে মোক ন’টিচ কৰিছিল। কিন্তু একো কোৱা নাছিল। আচৰিত ধৰণে ভাল লাগিছিল মধুচন্দা বাইদেউক। মই পঢ়াত মন দিব নোৱৰা হৈ পৰিছিলোঁ। বাইদেৱে যেতিয়া নীলা অপৰাজিতা ফুলপাহ কাটিবলৈ শিকাইছিল এটি আচৰিত সুগন্ধিয়ে মোক বুৰাই পেলাইছিল। অন্যমনস্ক হৈ ফুলৰ সলনি কটা গৈছিল মোৰ সোঁহাতৰ তৰ্জনী আঙুলিটো। মধুচন্দা বাইদেৱে হাতখন ধুৱাই দি ফাৰ্ষ্ট এইড লগাই দি কৈছিল
“ইমান
ভাল ল’ৰাটো। কি চিন্তা কৰি থাকাঁ?”
লাজত মই ৰঙা পৰি
গৈছিলোঁ। বাঁওহাতেৰে মূৰটো খজুৱাই কৈছিলোঁ “বাইদেউ, একো নাই।” বাইদেউৰ দুচকুত হয়তো মই ধৰা পৰি গৈছিলোঁ। এদিন মোৰ মুখৰ ৰং
সলনি হৈছিল। মই একো কথা ক’ব পৰা নাছিলোঁ। বাইদেৱে মোৰ মূৰত
হাত ফুৰাই কৈছিল, “এতিয়া পঢ়াৰ বয়স। বেলেগ কথা একেবাৰেই
চিন্তা নকৰিবা। তুমি খুব বুদ্ধিদীপ্ত। বহুত ডাঙৰ মানুহ হ’ব
পাৰিবা।”
বাইদেউৰ বিয়ালৈ
মই যাব পৰা নাছিলোঁ। সেই নিশাটো মই উজাগৰে কটাইছিলোঁ। মোৰ দুচকু ভৰি পৰিছিল।
মধুচন্দা বাইদেউৰ কথাকেইটা মোৰ বাবে শিলৰ ৰেখাস্বৰূপ হৈ পৰিছিল। সকলো চিন্তা
আঁতৰাই পঢ়াত মন দিছিলোঁ। তথাপি মধুচন্দা বাইদেউৰ শৰীৰৰ গোন্ধটো মোৰ হৃদয়ত ৰৈ
গৈছিল।
মৈত্ৰেয়ীৰ
মাজতো মই সেই গোন্ধটো বিচাৰিছিলোঁ। মানসিক ৰোগী বুলি কৈ মৈত্ৰেয়ী আঁতৰি গুচি
গৈছিল। এক শূন্যতাই মোক আৱৰি ধৰিছিল। মধুচন্দা বাইদেউৰ কথাবোৰ মনত
পৰিছিল। পুনৰ মই আচৰিত ধৰণে কৰ্মোদ্যমী হৈ পৰিছিলোঁ। তাৰ ফলতেই জন্ম হৈছিল
আজিৰ এই প্লাৱন মুখাৰ্জীজন।
এতিয়া ঘড়ীৰ কাঁটাই মাজৰাতি দুই বজাৰ সংকেত দিলে। ইতিমধ্যে চাৰিটাকৈ স্কটছৰ পে’গ শেষ কৰি মহ ব্লেংক হৈ গৈছোঁ। কেৱল সেই গোন্ধটোৰ বাহিৰে মই একো কথাই চিন্তা কৰিব পৰা নাই।
হিতাহিত জ্ঞান
হেৰুৱাই মই মোৰ পাৰ্ছনেল ছেক্ৰেটেৰী
নিয়ৰলৈ ফোন কৰিলোঁ।
ধৰিলে।
“ছাৰ, ইমান ৰাতি...! এনি প্ৰব্লেম।”
“তোমাৰ
মাৰ নাম কি?” মোৰ জিভা দোৰোল খাই গৈছে।
“মধুচন্দা
দেৱী।”
“অ’কে... আই চি। কাইলৈ আমি এটা নতুন পাৰফিউমৰ কথা ডিছকাছ কৰিম। আৰ এণ্ড দিত কৈ দিবা।”
“অ’কে... ছাৰ।” তাই ফোনটো ৰাখি দিলে।
মদৰ নিচা আৰু
সুগন্ধিৰ নষ্টালজিয়াই মোক আৱৰি ধৰিলে।
* * *
লেখিকাৰ ঠিকনা:
সহকাৰী অধ্যাপিকা, পদাৰ্থ বিজ্ঞান বিভাগ
বি বৰুৱা কলেজ, উলুবাৰী
গুৱাহাটী ৭৮১০০৭,
দূৰভাষ: ৭০০২৭৩৫০২৫/৯৭০৬৪১০৮১৩