অজিত ছিংনাৰ
এটা শিলৰ ওপৰত বহি ছাৰপঙে নদীখনলৈ চাই আছে৷ নদীখনৰ লগত তাৰ সম্পৰ্ক
আছিল যেন আজন্ম৷ সঁচাকৈয়ে নদীখনৰ লগত তাৰ আছিল এটা বৰ মধুৰ সম্পৰ্ক৷ সি মাক আৰু
বায়েকৰ লগত নদীখনৰ পানী ঘৰলৈ কঢ়িয়াইছিল৷ মাক-বায়েকে লাংথেৰে আৰু সি দুটা বাল্টিত কানমাৰিৰে ঘৰলৈ পানী নিছিল৷
সিহঁতে ঘৰত প্ৰয়োজন হোৱা পানী এই নদীখনৰ পৰাই পূৰাই লৈছিল৷ তদুপৰি সি এই নদীখনত গা
ধুইছিল, সাঁতুৰিছিল, লগৰীয়াৰ লগত
খেলিছিল আৰু বৰশী পাতি মাছ ধৰিছিল৷ নদীখন কিছু ডাঙৰ আৰু ইয়াৰ পানীৰ গতি খৰ৷
খৰালি নদীখনত পানী কম থাকে; তাতে উজনিত নিৰ্মাণ কৰা এটা
বান্ধৰ বাবে পাছৰ ফালে ইয়াৰ পানী আৰু কমিবলৈ ল’লে৷ আজিকালি
খৰালি কালত নদীখনত পানী নাথাকেই বুলিব পাৰি৷ সেয়ে এই সময়খিনিত নদীখন সহজেই পাৰ হ’ব পাৰি৷ কিন্তু বাৰিষা নদীখন পাৰ হোৱাটো দূৰৰে কথা, ইয়াৰ
বিশালাকাৰ পানী আৰু তীব্ৰ সোঁতে জীৱন হৰণ কৰাৰহে সম্ভাৱনা থাকে৷
ইমানকৈ ভালপোৱা নদীখনক পাছলৈ
ছাৰপঙে ঘৃণাৰ চকুৰে চাবলৈ ধৰিলে এটা বিশেষ কাৰণত৷ কিন্তু এই ঘিণলগা নদীখনৰ পাৰলৈ
সি নহাকৈও থাকিব নোৱাৰে৷ এক আকৰ্ষণে তাক বাৰে বাৰে মাতি আনে নদীখনৰ পাৰলৈ৷ সি মাজে
মাজে আহে আৰু এটা শিলত বহি নদীখনলৈ চাই থাকে অলসভাৱে৷ তাৰ সেই দৃষ্টিত নদীখনৰ
অনিন্দ্যসুন্দৰতাই ধৰা নিদিয়ে, বৰং তাৰ বিপৰীতে এক অতীত স্মৃতি তাৰ মানসপটলৈ উঠি
আহে আৰু সি তাতে নিমগ্ন হৈ পৰে৷
ছাৰপঙে অলপ আগতীয়াকৈ আহি শিলটোত বহি অপেক্ষা কৰি আছে লগৰীয়া ছৎতিৰিমলৈ৷ দুয়ো এটা জুৰিত গা ধুবলৈ যাব৷ ছৎতিৰিম সৰুৰে পৰা তাৰ নলেগলে লগা বন্ধু আছিল আৰু সিহঁতৰ সেই বন্ধুত্ব এতিয়াও অটুট আছে৷ গুৱাহাটীৰ এখন মেডিকেল কলেজত পঢ়ি থকা ছৎতিৰিমে গাঁৱলৈ আহিলেই তাৰ লগ লয় আৰু সিহঁতে একেলগে ঘূৰাফিৰা কৰে৷ ছৎতিৰিমক তাৰ বাপেকে ভৈয়ামত ৰাখি প্ৰাথমিক বিদ্যালয়ৰ পৰাই পঢ়ুৱাইছিল৷ সৰুৰে পৰা চোকা বুদ্ধিৰ আছিল বাবে এতিয়া সি মেডিকেল কলেজত পঢ়িবৰ যোগ্যতা অৰ্জন কৰিছে৷ ছাৰপঙৰ বেছি পঢ়া-শুনা কৰা নহ’ল৷ নিজৰ গাঁৱৰ প্ৰাথমিক বিদ্যালয়তে তাৰ শিক্ষা জীৱনৰ সামৰণি মাৰি সি ঘৰৰ কামতহে লাগিল৷
নদীখনৰ বুকুত সৰু-ডাঙৰ বহুত
শিল উজনিৰ পৰা নামনিলৈ বিস্তৃত হৈ পৰি আছে অলসভাৱে৷ শিলবোৰ সৰু-ডাঙৰ¸ শিলৰ এক সানমিহলি৷ এই শিলবোৰৰ মাজেৰে বৈ থাকে
নদীখনৰ পানী ওৰেটো বছৰ৷ আগতে নদীখনত কিমান পানী কোন সময়ত থাকিব পাৰে ছাৰপংহঁতৰ
গাঁৱৰ মানুহবোৰে অনুমান কৰিব পাৰিছিল৷ বাৰিষা ডাঙৰ বৰষুণ পৰিলে নদীখনত সৰ্বাধিক
কিমান পানী হ’ব পাৰে আৰু খৰালিও লেৰেলা, অস্থিচৰ্মসাৰ হৈ পৰা নদীখনত কমেও কিমান পানী থাকিব পাৰে তেওঁলোকে অনুমান
কৰি ল’ব পাৰিছিল৷ সেইমতে তেওঁলোকে নদীখনৰ পানীৰ সৈতে নিজকে
খাপ খুৱাই নিৰাপদে চলি আছিল৷ কিন্তু আিজকালি নদীখনক মানুহবোৰে বুজিব নোৱৰা হৈছে৷
ইয়াৰ মতিগতি আগৰ দৰে নহয়৷ ই এতিয়া বৰ বিপজ্জনক৷ বিশেষকৈ বাৰিষা সময়খিনিত
শান্ত-শিষ্ট হৈ বৈ থকা নদীখনত কোন সময়ত তীব্ৰ গতিৰে দুকূল উপচি পানী আহে তেওঁলোকে
ধৰিব নোৱাৰে৷ তেতিয়াই তেওঁলোক বিপদত পৰে৷ কাপোৰ ধুই থকা গাভৰু-তিৰোতাই¸ হাতৰ কাপোৰ ঠাইতে পেলাই আৰু শিলৰ ওপৰত বহি বৰশী বাই থকা ল’ৰাবোৰে বৰশী নাসামৰাকৈয়ে পাৰলৈ দৌৰিব লগা হয়৷ নহ’লে
পানীৰ তীব্ৰ সোঁতে কাক নি ক’ত পেলাবগৈ তাৰ কোনো ঠিকনা নাই৷
নদীখনৰ বুকুত থকা মিহি মিহি
সৰু শিলবোৰ চুই ছাৰপঙে বৰ ভাল পাইছিল৷ সেইবোৰ সি ঘৰলৈ আনি কেইবাবিধো খেল খেলিছিল
লগৰ ল’ৰাবোৰৰ লগত৷ নদীখনত বৰশী বোৱাটো আছিল তাৰ নিচা৷ তাৰ
লগত কেইবা বিধৰ কেইবাডালো বৰশী আছিল৷ কিছুমান ঠাইত পানীৰ সোঁত নাথাকে বা থাকিলেও
কম৷ তেনে ঠাইত বৰশী বাবলৈ ভাল৷ সি তেনেকুৱা এটুকুৰা ঠাইকে বাছনি কৰি বৰশী বায়৷ তাৰ
বৰশীত নুথেং, গৰৈ, পুঠি আদি মাছৰ উপৰি
শিলঘৰীয়া মাছো উঠে৷ সৰু শিলঘৰীয়া পৰিলে উঠাবলৈ ভাল; কিন্তু
ডাঙৰ পৰিলে কেতিয়াবা তাৰ বৰশীৰ ৰছী ছিঙি মাছ পলাই যায়৷
প্ৰাকৃতিক সৌন্দৰ্যৰে আৱৰা
নদীখনক চাবলৈকে ছাৰপং কাম নাথাকিলেও দিনটোত এবাৰ হ’লেও
আহিছিল তাৰ পাৰলৈ৷ পানীত উটি অহা গছৰ পাত, জাবৰ-জোঁথৰবোৰলৈ সি পাৰত বহি চাইছিল৷ কোনো কোনো ঠাইত নদীৰ পানীয়ে পাক লৈ ঘূৰিবলৈ
লয়৷ তেনে ঠাইত গছৰ পাত আৰু জাবৰ-জোঁথৰবোৰেও পাক লৈ ঘূৰি থাকে
অবিৰামভাৱে৷ সেইবোৰ দৃশ্য সি চাবলৈ বৰ ভাল পাইছিল৷ সি শিলৰ ফাঁকে ফাঁকে খোজ দি
নদীত উজোৱা আৰু ভটিওৱা মাছবোৰকো ধৰিবলৈ চেষ্টা কৰিছিল৷
দিনটোত এবাৰ হ’লেও চাবলৈ আহি আনন্দ পোৱা ছাৰপঙৰ এতিয়া নদীখনলৈ ভয় লাগে, ঘৃণা ওপজে আৰু ইয়াৰ পানীত সি বিধে বিধে হিংসুক অপদেৱতাক দেখা পায়৷ বহুতে কয়
নদীখনে হেনো বহুত অপদেৱতাক তাৰ বুকুত ঠাই দি ৰাখিছে৷ সেই অপদেৱতাবোৰক সিহঁতৰ গাঁৱৰ
মানুহবোৰে মাজে মাজে পূজাও দি আহিছে৷ ছাৰপংহঁতেও দিছে দৰকাৰ অনুসৰি৷ এজন বেজে কয়
তাৰ মাকক হেনো এটা অপদেৱতাই পাই ধৰি লৈ গ’ল৷ নহ’লে তাৰ মাকক বিচাৰি পোৱা গ’লহেঁতেন৷ কিন্তু আন কিছুমান
মানুহে কয় সিহঁতৰ গাঁৱৰ উজনিৰ ফালে নতুনকৈ নিৰ্মাণ কৰা বান্ধটোৰ বাবেহে ঘটনাটো
ঘটিছিল৷ ঘটনাটোৰ পাছদিনা গাঁৱৰ মানুহবোৰ বান্ধৰ কেম্পলৈ গৈ বান্ধ দিয়া মানুহবোৰক
আগুৰি লৈ নানা প্ৰশ্ন কৰিছিল৷ গাঁৱৰ মানুহবোৰৰ প্ৰশ্নৰ উত্তৰত বান্ধ দিয়া
মানুহবোৰে বিশেষকৈ দায় সাৰিবৰ বাবে কিছুমান কথা কৈছিল৷ তাত পহৰাদাৰী চিপাহী
কিছুমান আগৰে পৰা আছিলেই৷ সিহঁতে খবৰ দিয়াত কিছু সময়ৰ পাছত তাত আহি উপস্থিত হৈছিল
পুলিচৰ আন এটা দলো৷ সিহঁত আহি ওলালত গণ্ডগোল কিছু শাম কাটিছিল৷ সেইদিনা ঘটনাটো
ঘটাৰ লগে লগে গোটেই গাঁৱৰ মানুহে বহু সময় ধৰি বিচাৰিও ছাৰপঙৰ মাকক উলিয়াব পৰা
নাছিল৷ তথাপি সেইদিনাও তাৰে পৰা এটা দল কেইজনমান পুলিচৰ স’তে
ওলাই গৈছিল ছাৰপঙৰ মাকক বিচাৰি৷ বান্ধ দিয়া মানুহবোৰে ছাৰপঙৰ গাঁৱৰ মানুহবোৰ আৰু
দেউতাকৰ লগত এটা আলোচনাত বহিছিল৷ আনফালে পুলিচবোৰে পহৰা দি আছিল৷
চাৰি-পাঁচ দিনলৈকে পুলিচ আৰু
আন মানুহবোৰে নদীৰ বহু নামনিলৈকে বিচাৰিছিল ছাৰপঙৰ মাকক; কিন্তু
পোৱা নাছিল৷
শাওণ
মাহ৷ কেইবাদিন ধৰি নেৰানেপেৰাকৈ পৰি আছিল এজাক কিনকিনিয়া আপদীয়া বৰষুণ৷ সেইদিনা
অলপ সময় জিৰণি লোৱা বৰষুণজাক ৰাতিৰে পৰা পুনৰ পৰিবলৈ আৰম্ভ কৰিছিল৷ ৰাতিপুৱা ইয়াৰ
তীব্ৰতা বাঢ়িছিল৷ প্ৰায় তিনিঘণ্টা ধৰি মেঘবোৰে কলহৰ কানেৰে পানী ঢালিছিল আৰু এক
বিপদৰ কঠীয়া সিঁচি থৈ সিহঁত অজান দূৰণিলৈ আঁতৰি গৈছিল৷ তাৰ পাছতে শাওণ মাহৰ আকাশৰ
পৰা সুবিধা পাই পৃথিৱীৰ মানুহবোৰলৈ চাই আছিল বেলিটোৱে৷ নেৰানেপেৰাকৈ পৰি থকা
বৰষুণৰ বাবে সেইকেইদিন ছাৰপঙৰ মাকে কাপোৰ ধুব পৰা নাছিল৷ ৰ’দ ওলোৱা দেখি তেওঁ লেতেৰা হোৱা কাপোৰবোৰ লৈ নৈৰ ঘাটলৈ ওলাই গৈছিল ধুবলৈ৷ তেওঁক
দেখি ৰৈ নাথাকিল ছাৰপঙো৷ সি বৰলৰ টোপৰ সৈতে বৰশী এপাট আৰু খালৈ এটা লৈ মাকৰ পিছে
পিছে নৈৰ ঘাটলৈ খোজ লৈছিল৷
নৈৰ ঘাট পাই ছাৰপঙৰ মাকে এটা
শিলত কাপোৰ ঠুকুচিবলৈ আৰম্ভ কৰি দিছিল৷ আনফালে ছাৰপং ওলাইছিল বৰশী বাবৰ বাবে সুবিধাজনক
এটুকুৰা ঠাই বিচাৰি৷ আগতে বৰশী বোৱা ঠাইবোৰত পানী বাঢ়ি অহা বাবে এতিয়া বাব
নোৱাৰি৷ সি অলপ উজাই গৈ দেখিলে এঠাইত নৈৰ পানীয়ে পাক লৈ কিছু স্থিৰ হৈ আছে৷ তীব্ৰ
সোঁতত থাকিব নোৱাৰি এনে ঠাইতে মাছবোৰেও গোট খাই পাক লয়৷ ছাৰপঙে সুবিধাজনক শিল এটাত
বহি নদীত বৰশী পেলালে৷ বৰশীত সি দিছিল বৰলৰ টোপ– মাছৰ চকুত
সহজে ধৰা পৰা এক লোভনীয় টোপ৷ বৰশী পেলোৱাৰ লগে লগে কিবা এটা মাছে টোপত ধৰি
টানিলেই৷ সি চিপডাল মাৰি উঠাই আনি দেখিলে এটা নুথেং মাছ৷ মাছটো বৰশীৰ পৰা এৰুৱাই
খালৈত থৈ সি পুনৰ বৰশী পেলালে৷ লগে লগে বৰশীপাটক আন এটা মাছে টানিলে৷ উঠাই আনি সি
দেখিলে এটা শিলঘৰীয়া মাছৰ পোৱালি৷ সি পুনৰ বৰশী পেলালে৷
ছাৰপঙৰ বৰশী বোৱা কাম চলি
থাকিল৷
শাওণ মাহৰ বেলিটো ফৰকাল
আকাশত ট টকৈ জিলিকি বৰকৈ তাপ বিলাইছিল৷ গৰমত ঘামি উঠিছিল ছাৰপং৷ নৈৰ সিপাৰৰ পৰা
লাহে লাহে বৈ থকা বতাহছাটিয়েও তাক আৰাম দিব পৰা নাছিল৷ তথাপি বৰশী বোৱাৰ আনন্দই তাক তাৰ পৰা উঠি আহিবলৈ দিয়া
নাছিল৷
অভিযন্তা গগৈ বৰকৈ চিন্তিত
হৈ পৰিছিল নদীখনত হঠাতে বাঢ়ি অহা পানী দেখি৷ এইকেইদিনত পৰি থকা বৰষুণৰ বাবে
ইতিমধ্যে বান্ধৰ পানী বিপদ সীমাৰ ওপৰলৈ উঠি আছিলেই৷ তাতে ৰাতিপুৱা আকাশৰ পৰা কলহৰ
কানে ঢলা পানীৰ বাবে দ্ৰুত গতিত পানী বাঢ়িবলৈ লৈছিল৷ গগৈৰ অনুমান হৈছিল উজনিৰ
ফালে আৰু অধিক বৰষুণ পৰিছিল৷ যিমানে সময় অতিবাহিত হৈছিল সিমানে বাঢ়ি আহিছিল
বান্ধৰ পানী৷ গতানুগতিকভাৱে টাৰ্বাইনৰ মাজেৰে যাবলৈ দিয়া পানীতো আছিল সোঁতৰ
তীব্ৰতা৷ কিন্তু পানী বাঢ়িয়েই আছিল একেটা গতিত৷ গগৈয়ে অনুমান কৰিলে বান্ধৰ পানী এৰি
নিদিলে বান্ধ ৰক্ষা কৰিব পৰা নাযাব৷ কিবাকৈ বান্ধ ভাগি যাব লাগিলে নামনিত কিমান
ডাঙৰ বানপানীৰ সৃষ্টি হ’ব, কিমান মানুহ
আৰু জীৱজন্তুৰ জীৱন বিপদাপন্ন হ’ব তাৰ ঠিকনা নাই৷ তদুপৰি
খেতিপথাৰ, বাট-পথৰ কিমান যে ক্ষতিসাধন হ’ব সেই কথা ভাবিব নোৱাৰি৷ গগৈহঁতে সময় থাকোঁতে কিবা এটা সিদ্ধান্ত নল’লে নামনিত ভয়ংকৰ বিপদৰ সৃষ্টি হ’ব৷ গগৈয়ে সহযোগী
অভিযন্তা কলিতাৰ লগত কথাটো আলোচনা কৰিলে৷ এতিয়াই কিছু পানী এৰি দিলে নামনিত বেছি বানৰ সৃষ্টি নহ’ব, অৰ্থাৎ ক্ষয়ক্ষতি কম হ’ব
আৰু বান্ধো ৰক্ষা পৰিব৷ আকাশতো পুনৰ দেখা গৈছে ডাৱৰ৷ গগৈ আৰু কলিতাই পুনৰ বান্ধৰ
পানী ভালদৰে নিৰীক্ষণ কৰিলে৷ পানী বাঢ়ি অহাৰ তীব্ৰতাৰ কথা আলোচনা কৰি তেওঁলোক এটা
সিদ্ধান্তত উপনীত হ’ল আৰু কৰ্মচাৰীকেইজমানক তিনিখন দুৱাৰ
খুলি দিবলৈ নিৰ্দেশ দিলে৷
ছাৰপঙে ইতিমধ্যে ভালেখিনি
মাছ বৰশীৰে ধৰিছিল৷ সি খালৈটোলৈ এবাৰ ভুমুকিয়াই চালে৷ আৰু কেইটামান মাছ ধৰিব
পাৰিলেই তাৰ খালৈটো ভৰিব৷
নদীখনৰ যেন হঠাতে কিবা এটা হ’ল৷ দূৰৰ পৰা গুমগুমনিৰ শব্দ এটা ভাহি আহি ছাৰপঙৰ কাণত পৰিল৷ একেবাৰে কম
সময়ৰ ভিতৰতে সেই গুমগুমনি প্ৰচণ্ড ধ্বনিৰে চাৰিওদিশ কঁপাই
তুলিলে৷ নদীৰ
বুকুত থকা ডাঙৰ ডাঙৰ শিলবোৰত খুন্দা খাই আফাল খাই পৰিবলৈ ধৰিলে তীব্ৰ গতিৰে বৈ অহা
পানীবোৰ৷ নদীত পানীৰ উচ্চতা ইতিমধ্যে বহুত বাঢ়ি গৈছিল৷
ছাৰপঙে ভয় খাই বৰশী সামৰি মাকৰ ওচৰলৈ দৌৰ লগালে৷ কিন্তু মাকক সি কাপোৰ ধুই থকা
ঠাইত নাপালে৷ মাকে কাপোৰ ধুই থকা শিলটো ইতিমধ্যে পানীৰ বহু তলত ডুব গৈছিল৷ সি
ইফালে-সিফালে চাই মাকক বিচাৰিলে৷ সি নদীৰ নামনিৰ ফালেও বিচাৰি গ’ল৷ নদীৰ প্ৰৱল সোঁতত জাবৰ-জোঁথৰ, গছৰ ডাল, আনকি কেইটামান জন্তু তীব্ৰ গতিৰে উটি গৈ আছিল৷ সেইবোৰৰ মাজত কিন্তু ছাৰপঙে
তাৰ মাকক দেখা নাপালে৷ তাৰ অনুমান হ’ল পানীৰ তীব্ৰ সোঁতে তাৰ
মাকক বহু দূৰলৈ উটুৱাই লৈ গ’ল৷ সি লক্ষ্য কৰিলে তাৰ মাকে
কাষৰ শিল এটাত ৰখা ধোৱা কাপোৰবোৰো নাই৷ কাপোৰবোৰকো পানীয়ে উটুৱাই নিলে চাগে’৷ তাৰ হঠাতে সন্দেহ এটাও হ’ল– মাক
কাপোৰ ধুই ঘৰলৈ গুচি যোৱা নাইতো? সি ঘৰলৈ বুলি দৌৰ লগালে৷
ঘৰ পায়েই ছাৰপঙে মাকক চিঞৰি
চিঞৰি মাতিলে৷ কিন্তু সি মাকৰ মাত নাপালে৷ বাপেকেহে ঘৰৰ ভিতৰৰ পৰা ওলাই আহি সুধিলে–
‘কি হ’ল? ইমানকৈ
চিঞৰ-বাখৰ কৰিছ যে?’
‘মা ঘৰলৈ আহিল নেকি?’
‘নাই অহা, নদীৰ ঘাটত কাপোৰ ধুবলৈ গৈছিল দেখোন৷’
‘নদীত হঠাতে বহুত পানী
আহিছে৷ পানীয়ে মাক উটুৱাই লৈ গ’ল বুলিহে সন্দেহ হৈছে৷’
‘হাঁ? কি
কথা কৈছ তই? ব’লচোন ব’ল নৈৰ ঘাটলৈ৷’
বাপেকৰ লগত পুনৰ নৈৰ ঘাটলৈ
খোজ ল’লে ছাৰপঙে৷ নৈৰ পাৰ পাই পানীৰ তাণ্ডৱ দেখি ছাৰপঙৰ
বাপেকৰ চকু কপালত উঠিল৷ এক দুৰ্ভাৱনাই তেওঁৰ মনত দোলা দিবলৈ ধৰিলে৷ তেওঁ কিছু সময়
নৈৰ পাৰে পাৰে খোজ দি নৈৰ বুকুত ছাৰপঙৰ মাকৰ সন্ধান কৰিলে৷ কিন্তু নৈৰ বুকুত
ঘৈণীয়েকৰ একো সন্ধান নাপাই তেওঁ হতাশ হ’ল আৰু ঘূৰি ঘৰলৈ বুলি
খোজ ল’লে গাঁৱৰ মানুহবোৰক খবৰ দিবলৈ৷ তেওঁৰ পিছে পিছে ছাৰপঙো
ঘৰলৈ ঘূৰি আহিল৷
গাঁৱত উপস্থিত হৈয়েই ছাৰপঙে
কথাটো চাৰিওফালে ৰজনজনাই দিলে৷ গাঁৱত থকা মানুহবোৰ বিশেষকৈ ডেকাল’ৰাবোৰে ছাৰপঙৰ মাকক বিচাৰি ওলাল৷ জীৱন্তে উদ্ধাৰ কৰিব নোৱাৰিলেও মৰাশটোক হ’লেও উদ্ধাৰ কৰি আনিবলৈ সিহঁতৰ মন৷ মাক নদীত উটি যোৱা বুলি ধৰিব পাৰি
ছাৰপঙৰ বুকুত শোকে খুন্দা মাৰি ধৰিলে৷ তাৰ কান্দোন ওলাই আহিল৷ তাৰ বায়েকেও তাৰ
লগতে ঘৰৰ বাৰাণ্ডাত বহি কান্দি থাকিল৷ তাৰ ককায়েক গৈছিল ডেকাবোৰৰ লগত মাকক
বিচাৰি৷ বাপেকে চোতালৰ হংথৰত জুপুকা মাৰি বহি কিবা ভাবি আছিল৷
বহু সময় বিচৰাৰ অন্ততঃ আবেলি
সময়ত ডেকাবোৰ ঘূৰি আহিল গাঁৱলৈ৷ সিহঁতে ছাৰপঙৰ মাকক বিচাৰি উলিয়াব নোৱাৰিলে৷
ছাৰপঙৰ ককায়েকৰ হাতত এখন পেকক৷ পেককখন এডাল গছৰ ডালত লাগি পানীৰ সোঁতত দীঘল হৈ পৰি আছিল৷
পোৱাৰ ভিতৰত এইখন কাপোৰৰ
বাহিৰে সিহঁতে একোকে বিচাৰি পোৱা নাছিল৷ পেককখন দেখি ছাৰপঙৰ বায়েকে হুৰাওৰাৱে
কান্দিবলৈ আৰম্ভ কৰিছিল৷ ছাৰপঙেও হুকহুকাই কান্দিছিল৷
ছাৰপং বহি থকা শিলটোৰ পৰা উঠি মাকে
কাপোৰ ধোৱা শিলটোৰ কাষত পালেগৈ৷ তাৰ মনত পৰিল কেনেকৈ
কাপোৰবোৰ শিলত আছাৰি আছাৰি ধুই মাকে আন এটা শিলৰ ওপৰত থৈছিল৷ সেইদিনা সি তেওঁৰ
কাষেৰেই পাৰ হৈ অলপ উজাই গৈছিল বৰশী বাবলৈ৷ ঘূৰি আহিহে সি তেওঁক নাপালে৷ সি ভাবিলে
তাৰ মাকক বাৰু পানীয়ে উটাই নি মাৰিলে; কিন্তু তেওঁক কিয়
বিচাৰি পোৱা নগ’ল বাৰু? তাৰ মাক হয়তো
বহু দূৰলৈ উটি গৈ কোনোবা জাৰণিত সোমাই পৰিল নতুবা কোনোবা শিলৰ খোৰোঙত আৱদ্ধ হৈ
পৰিল৷ সেয়ে মানুহবোৰে তেওঁক বিচাৰি উলিয়াব নোৱাৰিলে৷
ছাৰপং পুনৰ ঘূৰি আহি আগৰ
শিলটোতে বহি পৰিল৷ সি এবাৰ গাঁৱৰ পৰা অহা ৰাস্তাটোলৈ চাই পঠিয়ালে ছৎতিৰিমক দেখাৰ
আশাত৷ কিন্তু তাৰ ছাঁটোকো সি দেখা নাপালে৷
ছাৰপঙৰ মাক মৰি ভূত হ’ল৷ তাৰ অনুমান হয় মাকৰ জীৱটো নিশ্চয় এই নদীখনতে ঘূৰি
ফুৰে, বিশেষকৈ ৰাতিৰ সময়ত৷ ছাৰপংহঁতৰ গাঁৱৰ মানুহে পানীত পৰি
মৰা ঘটনাক স্বাভাৱিক মৃত্যু নহয় বুলি গণ্য কৰাৰ উপৰি ইয়াক শনিলগা বুলি ধৰি লয়৷
পানীত পৰি মৰাৰ লগতে গছৰ পৰা পৰি মৰা, বনৰীয়া জীৱজন্তুৰ হাতত
মৰা, জুইত পুৰি মৰা, বজ্ৰপাতত মৰা আদি
মৃত্যুবোৰকো শনিলগা অপমৃত্যু বুলি মানুহবোৰে বিৱেচনা কৰে৷ সকলোৱে ভাবিলে ছাৰপংহঁতৰ
ঘৰত শনি লগা বাবেহে এনে ঘটনা ঘটিবলৈ পাইছে৷ তদুপৰি এনেদৰে মৰা মানুহৰ আত্মাই হেনো
কেতিয়াও শান্তি নাপায়৷ মনৰ দুখত মৃত্যু হোৱা ঠাইখিনিতে বিচৰণ কৰি ঘূৰি ফুৰে,
মুক্তি বিচাৰি কেতিয়াবা ইনাই-বিনাই কান্দে৷ তাৰ মাকো হয়তো ৰাতি ৰাতি
এই নদীখনত ঘূৰি ফুৰে আৰু মনৰ দুখত মাজে মাজে কান্দে৷ কিছুমান মানুহে তাৰ মাকে
কন্দা শুনিছেও হেনো৷
ছাৰপংহঁতৰ ঘৰখনৰ লগতে
মানুহবোৰক শুচি কৰিবলৈ এই নদীতে এভাগ পূজাও কৰা হৈছিল৷ পূজাৰ অন্তত ছাৰপংহঁতৰ ঘৰৰ
সকলোকে গা ধুৱাই শান্তিপানী ছটিয়াই পূজাৰীয়ে সিহঁতক শুচি কৰিছিল৷ নদীখনত গা ধুবলৈ
ভাল পোৱা নাছিল ছাৰপঙে৷ কিন্তু মাকৰ আত্মাৰ শান্তিৰ কথা চিন্তা কৰিয়েই সি সেইদিনা
গা ধুইছিল৷ এই পূজাতে ছাৰপঙৰ মাকৰ আত্মাৰ শান্তিৰ বাবেও প্ৰাৰ্থনা কৰা হৈছিল৷ তাৰ
মনত প্ৰশ্ন জাগে– তাৰ মাকৰ আত্মাই বাৰু শান্তি লাভ কৰিছে নে?
নাই নাই, নিশ্চয় শান্তি
লাভ কৰা নাই৷ কেইদিনমানৰ আগতে গাঁৱত ছোৱালী এজনী জন্ম হৈছিল৷ ছোৱালীজনী তাৰ মাকৰ
কুলৰ৷ সকলোৱে ভাবিছিল তাৰ মাকে জনম লৈছে বুলি৷ কিন্তু মঙলতীয়ে মঙল চাই ঘোষণা
কৰিছিল সেয়া ছাৰপঙৰ মাকে জন্ম লোৱা নাই, আন কোনোবাহে৷ তেন্তে
তাৰ মাকৰ আত্মাই এতিয়াও কি মুক্তি পোৱা নাই? এজন মঙলতীয়ে মঙল
চাই কৈছিল যে নদীখনে তাৰ মাকক মুক্তি পাবলৈ দিয়া নাই৷ সেয়ে তেওঁ ক’তো জনম ল’ব পৰা নাই৷ ইয়াৰ বাবে নদীখনক পূজা এভাগ দিব
লাগে৷ লগে লগে নদীখনক উদ্দেশ্যি পূজা এভাগো দিয়া হৈছিল৷ কিন্তু আজিলৈকে তাৰ ফল নধৰিল
দেখোন৷ তাৰ মাকে নিশ্চয় এতিয়া বনফৰিং ধৰি খাই, গছৰ পাতত শুই জীৱন কটাই আছে৷ তেওঁ বাৰু কেতিয়া মুক্তি পাব? নদীখনৰ দয়া উপজিলে তাৰ মাকে হেনো মুক্তি পাব৷ কিন্তু নদীখনৰ কেতিয়া দয়া
উপজিব? মুক্তি পাই কেতিয়া তেওঁ এই পৃথিৱীত জনম ল’ব? ছাৰপঙৰ চকুৰে চকুলো ওলাই আহিল৷ প্ৰতি বছৰে তাৰ
মাক আৰু পূৰ্বপুৰুষক স্মৰণ কৰি পূজা দিয়া হয়৷ ন-খোৱা বা আন পূজা পাতিলেও পূজাৰ
প্ৰসাদ মাক নদীৰ বুকুত থকা বুলি নদীত সভক্তিৰে মাকলৈ উছৰ্গা কৰা হয়৷ এনেদৰে তেওঁক
পূজা দিয়াৰ উপৰি প্ৰতিটো পূজাতে তেওঁৰ আত্মাৰ মুক্তিৰ বাবে নদীখনক প্ৰাৰ্থনা কৰা
হয়৷ ছাৰপঙে ভাবে যিদিনা তাৰ মাকে এই পৃথিৱীত জনম ল’ব
সেইদিনাই সি বুজিব যে তাৰ মাকৰ আত্মাই মুক্তি লাভ কৰিছে৷
ছৎতিৰিমে দেৰি কৰা বাবে ছাৰপঙৰ অলপ অসহ্য লাগিল৷ সি অহাৰ সময়তে ছৎতিৰিম অহাহ’লে ইমান সময়ে সিহঁতে জুৰিটোত বৰশী মাৰিবই পাৰিলেহেঁতেন৷ সি বেলিটোলৈ এবাৰ চাই পঠিয়ালে– বেলিটো পশ্চিম আকাশত সোমাবৰ হৈছেই৷ সি পুনৰ নদীখনলৈ দৃষ্টি ঘূৰালে৷
আজিকালি কিছু দূৰত থকা এটা
জুৰিত গা ধুবলৈ লৈছে ছাৰপঙে৷ নানা ঠাইৰে বৈ আহি জুৰিটো পৰিছে এই আপদীয়া নদীখনতেই৷
সেই জুৰিতে সুবিধাজনক ঠাইত ছাৰপঙে বৰশী বায়, পানী কমি যোৱাৰ
সময়ত ভেটা দি সি পানী সিঁচি মাছ ধৰে৷ তাতেই সি আগতে কৰা কামবোৰ কৰি নিজৰ মনৰ
হেঁপাহ পলুৱাবলৈ চেষ্টা কৰিছে৷ কাৰণ যিদিনা তাৰ মাকৰ আত্মাক ৰাখি থোৱা বুলি নদীখনক
ঘিণাবলৈ লৈছিল, সেইদিনাৰ পৰা শুচিকৰণৰ দিনটোক বাদ দি সি
নদীখনত নমা নাই– নদীৰ পানীত গা ধোৱা নাই, তাৰ অতি প্ৰিয় কাম বৰশী বোৱা নাই নতুবা সৰু সৰু ঘূৰণীয়া মিহি শিলবোৰ লৈ সি
খেলাও নাই৷ ছাৰপঙৰ বাবেই সিহঁতৰ ঘৰৰ মানুহবোৰেও নদীখনৰ পানীক বাদ দি সি ব্যৱহাৰ
কৰা জুৰিটোৰ পানীকে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে৷ নদীখনত ছাৰপঙে বৰশী নোবোৱাৰ আন এটা
কাৰণো আছে৷ সি ভাবে তাৰ মাকৰ আত্মাই মাছৰ গাত সোমাই যদি তাৰ বৰশীত ধৰে তেন্তে তাৰ
হাততেই তাৰ মাকৰ আন এটা ৰূপৰ মৃত্যু ঘটিব দেখোন৷ মাছবোৰত সি মাকৰ ছাঁ দেখা পায়,
সেয়ে সি নদীখনত বৰশী নাবায়৷
বহু বেলিৰ মূৰত ছৎতিৰিম আহি
ছাৰপঙৰ কাষত হাজিৰ হ’ল৷ তাৰ হাতত এডাল বৰশী৷ ছাৰপঙৰ লগতো
এডাল বৰশী আছে৷ ৰাতি দপ্দপীয়া বৰষুণ এজাক পৰিছিল৷ জুৰিটোত নিশ্চয় পানী বাঢ়িছে৷ সিহঁতে সিদ্ধান্ত কৰিছে দুয়ো গা ধোৱাৰ আগতে কিছু সময় বৰশী
বাই মাছ ধৰিব৷ তাত সিহঁতে শিলঘৰীয়া মাছ নাপালেও নুথেং মাছ পাব৷
বান্ধ দিয়া মানুহবোৰৰ লগত
ছাৰপংহঁতৰ গাঁৱৰ মানুহৰ আলোচনা চলিছিল বহু সময় ধৰি৷ ডেকাল’ৰাবোৰে
বান্ধ দিয়া মানুহবোৰক পিটিবলৈকে ওলাইছিল৷ কিন্তু পুলিচ আৰু ছিকিউৰিটিবোৰে হকা-বাধা
কৰাত সিহঁতক একো কৰিব পৰা নাছিল৷ পাছত শান্ত হৈ আলোচনাত বহিছিল৷ অভিযন্তা গগৈ আৰু
কলিতাই মানুহবোৰক সম্ভাৱ্য ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিবৰ বাবেই যে তিনিখন দুৱাৰ খুলি
দিবলগীয়া হৈছিল তাক বিতংকৈ বুজাই দিছিল৷ বান্ধত ছাইৰেনৰ ব্যৱস্থা আছে আৰু পানী
খুলি দিবৰ সময়ত ছাইৰেন বজোৱাও হৈছিল৷ কিন্তু ইয়াৰ মাতে চুব পৰা নাছিল ছাৰপংহঁতৰ
গাঁওখন৷ ইয়াতে ছাৰপংহঁতৰ গাঁৱৰ মানুহবোৰে বান্ধ দিয়া কোম্পানীৰ মানুহক জনসাধাৰণক
সতৰ্ক কৰাত আঁসোৱাহ থকা বুলি দোষ ধৰিছিল৷ বহু সময় আলোচনাৰ পাছত ছাৰপঙৰ মাকৰ মৃত্যুৰ
বাবদ কোম্পানীয়ে পাঁচ লাখ টকা দিবলৈ মান্তি হৈছিল৷
এবছৰৰ পাছত পাঁচ লাখ টকাৰ
ভিতৰত তিনি লাখ টকাৰ এটা কিস্তি ছাৰপঙৰ বাপেকৰ হাতত পৰিছিল৷ লাগি-ভাগি দিয়া বুলি
গাঁৱৰ মানুহবোৰে ধৰিলত ছাৰপঙৰ দেউতাকে এক লাখ টকা গাঁৱৰ পুঁজিত
জমা দিব লগা হ’ল৷ ঘৈণীয়েকৰ মৃত্যুৰ বাবদ পোৱা টকাকেইটা তেওঁ
এনেই খৰচ নকৰি হাতলৈ অহা মুঠ চাৰিলাখ টকাৰে ইটা আৰু টিনৰ এটা ঘৰ সাজিলে৷ ঘৰটো
দেখিলে ছাৰপঙৰ মাকলৈ মনত পৰে আৰু ঘৰটোৰ ভিতৰত শুই থাকিলে তাৰ মাকৰ কোলাত শুই থকা
যেন লাগে৷ ঘৰখনৰ সিয়েই সকলোতকৈ সৰু৷ সেয়ে সি মাকৰ বৰ মৰমৰ আছিল৷ সিও কেতিয়াও মাকক
এৰি থাকিব পৰা নাছিল৷
ছৎতিৰিম আহি পোৱাৰ লগে লগে
দুয়ো জুৰিটোলৈ খোজ ল’লে৷ বাটত গৈ থাকোঁতে ছাৰপঙে হঠাতে কওঁ
নকওঁ কৰি ক’লে– ‘ছৎতিৰিম, মালৈ মোৰ সদায়েই মনত পৰি থাকে৷ মই ভাবোঁ মোৰ মাই এতিয়াও মুক্তি পোৱা নাই৷
নহ’লে এতিয়া ক’ৰবাত নহয় ক’ৰবাত জন্ম ল’লেহেঁতেন৷ মাৰ আত্মাই নিশ্চয় বৰ কষ্ট পাই আছে৷’
‘তই এইবোৰ কথাতে লাগি থাক৷’–
ছৎতিৰিমৰ মাতত অসন্তুষ্টি৷ ‘তোক কৈ আছোঁ,
এইবোৰ অন্ধবিশ্বাস৷ এইবোৰ কথাৰ কোনো প্ৰমাণ নাই৷ মানুহবোৰে যেতিয়া
কোনো এটা কাম বা ঘটনাৰ কাৰণ উলিয়াব নোৱাৰে তেতিয়া কিছুমান ধাৰণা কৰি লয়৷ পৃথিৱীত চকুৰে নেদেখা বস্তু কিছুমান
আছে বুলি
ধৰি লৈ ব্যাখ্যা কৰিব নোৱৰা কামবোৰ সেই অদৃশ্য বস্তুবোৰে কৰে বুলি মানুহবোৰে
বিশ্বাস কৰে৷ তেনেদৰে ভূত-ভগৱানৰ সৃষ্টি হ’ল৷ লগতে মানুহেই
দেৱ-দেৱতা, যখ-যখিনীকো সৃষ্টি কৰি পেলালে৷ মানুহৰ মাজত
যেনেদৰে উচ্চ-নীচ, ভাল-বেয়া, সৰু-ডাঙৰ আদিৰ ব্যৱস্থা কৰি লোৱা হৈছে, তেনেদৰে
দেৱ-দেৱতা, ভূত-প্ৰেতৰ মাজতো তেনে ধৰণৰ ব্যৱস্থা আছে বুলি
মানুহবোৰে ধৰি ল’লে৷’
‘কিন্তু আত্মা বুলি বস্তু
এটা নাই নেকি? আত্মাৰ মৃত্যু নাই আৰু স্বৰ্গ আৰু পৃথিৱীৰ
মাজত আত্মাবোৰৰ অহা-যোৱা চলিয়েই থাকে বুলি সকলোৱে কয়৷ মানুহৰ মৃত্যু হ’লে তাৰ আত্মাটোৱে কাৰোবাৰ শৰীৰত সোমাই পুনৰ পৃথিৱীলৈ আহে বুলি সকলোৱে
বিশ্বাস কৰে৷ এইবোৰ মিছা নেকি?’
‘হয়, এইবোৰ
চব মিছা৷ মানুহে কল্পনা কৰি লোৱা কথা৷ এই জগতত আত্মা-চাত্মা বুলি কোনো বস্তু নাই৷
যি আছে তই নিজ চকুৰে দেখা বস্তুবোৰ আছে৷ এই গছডাল দেখিছ নহয়? এই গছডাল আছে৷ এই জুৰিটো, এই পাহাৰখন দেখিছ নহয়?
ইহঁত আছে৷ তদুপৰি প্ৰকৃতিয়ে কিছুমান নিয়ম কৰি দিছে৷ যেনে– তই যদি খাদ্য খাৱ তেন্তে তোৰ পেট ভৰিব৷ তই যদি ইয়াৰ পৰা নাযাৱ, তেন্তে ইয়াতে থাকিবি৷ কোনো অলৌকিক শক্তিয়ে তোক ইয়াৰ পৰা লৰচৰেই কৰিব
নোৱাৰিব৷’
এই ছৎতিৰিমৰ কথাবোৰে মাজে
মাজে ছাৰপঙক বৰ বিপাঙত পেলায়৷ সৰুৰে পৰা সি দেৱ-দেৱতা, দেও-ভূত,
আত্মা-পৰমাত্মা আদিৰ কথা শুনিছে৷ এই অদৃশ্য বস্তুবোৰৰ নানা ধৰণৰ
কাহিনীও সি শুনি আহিছে৷ মানুহবোৰে এনেয়ে এইবোৰ বিশ্বাস কৰি আহিছে নে? এইবোৰ শক্তিৰ উমান নিশ্চয় কোনোবা নহয় কোনোবাই পাইছে৷
সেয়ে মানুহবোৰে বিশ্বাস কৰে৷ কোনো এটা শক্তিৰ কথা নতুবা কাহিনী এটা এনেয়ে সৃষ্টি
নহয়৷ ইয়াৰ গুৰিকথা
থাকিবই লাগিব৷ এই ছৎতিৰিমেও এসময়ত এইবোৰ কথা বিশ্বাস কৰিছিল৷ ভূত বুলিলেতো সি ভয়তে
সাত জাঁপ মাৰিছিল৷ ছাৰপঙৰ ঘৰৰ পৰা ছৎতিৰিমৰ ঘৰলৈ যোৱা বাটত এডাল ডাঙৰ আঁহত গছ আছে৷
ৰাতি হ’লে ছাৰপঙেহে সেই গছডাল পাৰ কৰাই তাক ঘৰত থৈ আহিব
লাগিছিল৷ তেতিয়া সি আনে কোৱা ভূতৰ কাহিনীবোৰ আৰু সি পঢ়া অলৌকিক কাহিনীবোৰ কৈ
সিহঁতৰ মনত ভয়ৰ উদ্ৰেক কৰিছিল৷ কিন্তু সেই তেতিয়া সকলোতে দেও-ভূত দেখা ল’ৰাটোৰ এতিয়া হ’ল কি? গুৱাহাটীত
পঢ়ি থাকোঁতে প্ৰথমাৱস্থাত সি ঠিকেই আছিল৷ ডাক্তৰী পঢ়িবলৈ লোৱাৰ পাছৰে পৰা তাৰ মূৰটো
নষ্ট হ’ল নিশ্চয়৷ তাৰ পাছৰ পৰাই সি
দেও-ভূতক বিশ্বাস কৰিবলৈ বাদ দিলে৷ কিন্তু সি বাদ দিলেই হ’ব
নে? থকা বস্তুটো নাইকিয়া হ’ব পাৰে নেকি?
ছৎতিৰিমে এইবোৰ বস্তুক অৱজ্ঞা কৰি অপৰাধ কৰিছে– কেতিয়াবা সি ডাঙৰ বিপদত পৰিবই পৰিব৷ ছাৰপঙে ক’লে–
‘তই দেখোন এতিয়া আগৰ দৰে নহয়৷ বেলেগ বেলেগ ধৰণৰ কথাহে কৈ থাক?’
‘মই যি কৈ আছোঁ ঠিকেই কৈ আছোঁ’– ছৎতিৰিমে
উত্তৰ দিলে৷ ‘আৰু এটা কথা৷ তই যে নদীখনক ইমান বেয়া পাৱ,
আচলতে ইয়াত কোনো কাৰণ নাই৷ নদীত অনবৰতে পানী বৈ থাকে৷ আগৰ পানীবোৰ
গুচি যায়, নতুন পানী আহি ওলায়৷ তোৰ মাক হত্যা কৰা বুলি তই
ভাবি থকা নদীৰ পানীখিনি বৈ গৈ কেতিয়াবাই সাগৰ পালেগৈ৷ এতিয়া নদীখনত যি পানী বৈ আছে
এই পানীয়ে তোৰ মাক হত্যা কৰা নাই৷ তই যদি দোষ দিব খোজ তেন্তে বান্ধ দিয়া মানুহবোৰক
অলপ দুষিব পাৰ৷’
ছাৰপং ছৎতিৰিমৰ কথাত থৰ
লাগিল৷ সি অলপ সময় তভক মাৰি ৰ’ল৷ তাৰ পাছত সি ক’লে– ‘পানীৰ কথাখিনি তই ঠিকেই কৈছ৷ বান্ধ দিয়া
মানুহবোৰে নিজৰ দোষ স্বীকাৰ কৰিছে আৰু ইয়াৰ বাবদ মূল্যও দিছে৷ কিন্তু বেজে কৈছে মোৰ মাক নদীখনে মুক্তি
নিদিয়াকৈ তাৰ বুকুতে ৰাখি থৈছে৷ মই এতিয়া মাৰ আত্মাৰ মুক্তিহে বিচাৰি আছোঁ৷ নদীখনে
দয়া কৰিলে মোৰ মাৰ আত্মাই মুক্তি লাভ কৰিব৷ কিন্তু দয়া কৰা নাই৷ গতিকে মই নদীখনক
ভাল পাম কেলেই?’
‘তোক বুজাই বলে নোৱাৰিছোঁ৷
এইবোৰ বেজবোৰে এনেয়ে কোৱা কথা৷ এইবোৰ বিশ্বাস কৰি নিজৰ মূৰ গৰম নকৰিবি৷ বেজবোৰে
নানা কথা কৈ মানুহবোৰক নাকত ধৰি চাকত ঘূৰায়৷ অন্ধবিশ্বাস বিয়পোৱাত ইহঁতেই যত কূটৰ
ঘাই৷’
ছাৰপং আৰু ছৎতিৰিম আহি আহি উপস্থিত হ’ল জুৰিটোৰ পাৰত৷ দুয়ো সুবিধাজনক ঠাই বিচাৰি বৰশী পেলালে৷ অলপ সময়ৰ ভিতৰতে দুয়োজনে পালে দুটাকৈ নুথেং মাছ৷ ছাৰপঙে বৰশী বাই থাকোঁতে ভাবি গ’ল– তিনিদিন আগতে তাৰ মোমায়েকৰ পুতেকৰ ছোৱালী এজনী হৈছে৷ এতিয়াও কোনে জন্ম লৈছে মঙল চোৱাই ঠিক কৰা নাই৷ আজি গধূলি হেনো মঙলতীয়ে মঙল চাই ঠিক কৰিব কোনে জনম লৈছে৷ সি ঠিক কৰিলে আজি সি মোমায়েকৰ ঘৰলৈ যাবই৷ ছোৱালীজনী যদি তাৰ মাক হয় তেন্তে সি বুজিব তাৰ মাকে মুক্তি লাভ কৰিছে৷ মাকে তেতিয়া নদীৰ পাৰে পাৰে ঘূৰি কান্দি ফুৰিব নালাগিব, পোক-পৰুৱা খাব নালাগিব, গছৰ পাতত শুব নালাগিব৷ কিমান যে আনন্দৰ কথা হ’ব৷ তালৈ ছৎতিৰিমকো লৈ যাবলৈ তাৰ মন গ’ল৷ কিন্তু সি এইবোৰ কথা বিশ্বাস নকৰে৷ ছাৰপঙৰ মনটো লগে লগে কোঁচ খাই আহিল৷ সি ঠিক কৰিলে তথাপি তাক কৈ চাব তালৈ যাবলৈ৷
বেলিটো মূৰৰ ওপৰেৰে পাৰ হৈ
পশ্চিম আকাশত ভৰি থৈছে৷ ইতিমধ্যে ছাৰপঙে ছটা নুথেং মাছ ধৰিছে৷ অলপ আঁতৰত বৰশী বাই
থকা ছৎতিৰিমক সি সুধিলে– ‘কেইটা মাছ পালি?’
‘নুথেং, গৰৈ আৰু পুঠি মিলি দহটাতকৈ বেছি হ’ব৷’
‘তোৰ হৈয়েই গ’ল৷ ব’ল, গা ধুই ঘৰলৈ যাওঁ৷
বেলি মূৰৰ সিপাৰ হ’ল৷’
‘অ ব’ল,
ঘৰত কাম এটাও আছে৷’
দুয়ো বৰশী সামৰি জুৰিটোত গা
ধুই ঘৰমুৱা হ’ল৷ বাটত এৰা-এৰি হ’বৰ
সময়ত ছাৰপঙে ছৎতিৰিমক ক’লে– ‘তই
বিশ্বাস নকৰিলেও নাই৷ গধূলি মোৰ অংছাৰৰ ঘৰলৈ আহিবি৷ জন্ম লোৱা ছোৱালীজনীনো কোন মঙল
চাই উলিয়াব৷ আমিও কথাটো গম পাম৷’
‘হ’ব
বাৰু আহিম৷’– ছৎতিৰিমে অনিচ্ছা সত্তেও ছাৰপঙৰ কথাত সন্মতি
জনালে৷
গধূলি সময়ত ছাৰপং মোমায়েকৰ
ঘৰত উপস্থিত হ’ল৷ মঙলৰ কাম ইতিমধ্যে মঙলতিয়ে আৰম্ভ কৰিছে৷
তেওঁ এখন ডাঙৰ থালত পানী লৈ তাতে এটা ঘটি উবুৰিয়াই ৰাখি তলত এটা বন্তিৰে তাপ দিছে৷ উপস্থিত থকা মানুহবোৰৰ মাজৰ পৰা কেইজনমানে থালত কেইবাটাও
দিশত মৃত মানুহৰ নামত কটা তামোল-পাণ দিছে৷ ছাৰপঙৰ মাকৰ আত্মাৰ নামতো এটা দিশত দিয়া
হৈছে তামোল-পাণ৷ মঙলতী বেজে মন্ত্ৰ মাতি আছে৷ তাপ পাই ঘটিটোৰ এটা দিশত বুৰবুৰণি
ওলাবলৈ ধৰিলে৷ সেই দিশত ছাৰপঙৰ মাকৰ আত্মাৰ নামত তামোল-পাণ দিয়া আছে৷ লগে লগে
মঙলতীয়ে ক’লে– ‘এয়া এয়া গম পাই গ’লোঁ৷ ছাৰপঙৰ মাকে জনম লৈছে৷’
ছাৰপং আনন্দত কিৰিলি পাৰি
উঠিল৷ সি বহাৰ পৰা উঠি গৈ ছোৱালীজনীক বুকুত সাবটি ধৰি ‘মোৰ
মা, মোৰ মা’ বুলি চিঞৰিবলৈ ধৰিলে৷ তাৰ
আনন্দ দেখি সকলোৰে মুখত সন্তুষ্টিৰ হাঁহি ওলাল৷ ছাৰপঙে কৈ গ’ল–
‘এতিয়া মোৰ মাই মুক্তি লাভ কৰিলে৷ ইমান দিনে নদীৰ পাৰে পাৰে কান্দি
ফুৰিছিল৷ নদীৰ পাৰতে খাইছিল, শুইছিল৷ এতিয়া উম থকা বিছনাত
শুব৷ আন মানুহৰ লগত খেলিব, গান গাব, নাচিব...৷’
এবাৰত ছাৰপঙে ছৎতিৰিমক ক’লে– ‘তই গম পাইছ নে আজি মোৰ মাই মুক্তি লাভ কৰিলে! মোৰ মায়ে জন্ম লাভ কৰি আজি মোক বৰ আনন্দ দিছে৷ নদীখনে দয়া কৰিলে৷’
‘এৰা, তোৰ
কথা বিশ্বাস কৰিছোঁ৷’– ছৎতিৰিমে ছাৰপঙৰ কথাত সন্মতি জনালে৷ ‘আজি এজনে মুক্তি লাভ কৰিলে৷’
ছৎতিৰিমে অকল ছাৰপঙকে নহয়,
গাঁৱৰ সকলো মানুহকে সকলো কামৰে এটা বৈজ্ঞানিক ব্যাখ্যা দাঙি ধৰি কথা
কয়৷ সি এইবোৰ অলৌকিক কথা বিশ্বাস নকৰাৰ কথা কয়৷ সকলোৱে তাক নাস্তিক বুলিয়েই ভাবে৷
সিয়েই বিশ্বাস কৰাৰ কথা কোৱাত তাৰ কাষতে বহি থকা মঙলছিং আচৰিত হ’ল৷ সি ছৎতিৰিমক সুধিলে– ‘কি? তই
বিশ্বাস কৰিছ? তইতো প্ৰতিটো কথাতে বিজ্ঞানৰ কথা কৱ৷ ইয়াত
বিজ্ঞানৰ কথা আছে নে নাই?’
ছৎতিৰিমে মঙলছিঙৰ কাণত
ফুচফুচাই ক’লে– ‘আছে আছে, কিন্তু নকওঁ৷ তয়ো নক’বি৷ আজি এজনে মুক্তি লাভ কৰিছে৷
সি মুক্তি পাওক৷ তাকে কামনা কৰিছোঁ৷ পাছৰ কথা পাছত হ’ব৷ আজি
ছাৰপঙৰ মাকৰ আত্মাই নহয়, ছাৰপঙেহে মুক্তি লাভ কৰিছে৷ সি
এতিয়াৰে পৰা নদীখনক ভাল পাবলৈ ল’ব৷ তাত গা ধুব, বৰশী বাব, সৰু ঘূৰণীয়া শিল লৈ খেলিব৷ কাইলৈকে তই
প্ৰমাণ পাবি৷’...
পিছদিনা ৰাতিপুৱা মঙলছিঙে
ছৎতিৰিমৰ কথাৰ প্ৰমাণ চাবৰ বাবে নদীৰ পাৰলৈ খোজ ল’লে৷ সি অলপ
সময়ৰ ভিতৰতে নদীৰ পাৰত উপস্থিত হ’ল৷ সি দেখিলে ছাৰপঙে
ইতিমধ্যে নদীলৈ গৈ পানীত বুৰ মাৰি মাৰি গা ধুই আছে৷ সি গুণগুণাই গাই আছে তাৰ প্ৰিয় গান এটাও৷
তদুপৰি তাৰ কাষত এপাট বৰশীও আছে৷
...
কাৰবি
শব্দৰ অৰ্থ
পেকক : কাৰবি মহিলাৰ চাদৰ,
হংথৰ : বহিবৰ বাবে সজা চাং
অংছাৰ : জেঠেৰি বা খুলশালি, মোমায়েকৰ ল’ৰা৷
ঠিকনা :
ৰংচিতিম, ডিফু–৭৮২৪৬০
ভ্ৰাম্যভাষ – ৯৪৩৫৩৯৬৫২২