অজন্তা
: Welcome to
Besilica of Bom Jesus, Isabel, my dear child…
: Thank you…
thank you
মই অজানিতে কৈ উঠিলোঁ আৰু মোৰ সমস্ত শৰীৰ এক অদ্ভুত শিহৰণত শিয়ঁৰি উঠিল৷ কোন? কোনে মোক এইমাত্ৰ স্বাগতম জনালে? মোৰ শৰীৰৰ প্ৰতিটো লোমকূপ জিকাৰ খাই উঠিল৷ মই বহল বহলকৈ
চকুযোৰ মেলি চৌপাশে চালোঁ৷ কাৰ মাত এয়া? সাত সাগৰ তেৰ নদী পাৰ হৈ মই মাথোঁ যোৱানিশা আহি ভাৰতবৰ্ষ পাইছোঁহি৷ ইয়াত ছিষ্টাৰ বেথেল আৰু শিৱমৰ বাদে মোক জানেই বা কোনে? এনে
লগিছে, যেন সমুদ্ৰগৰ্ভৰ অতল গহ্বৰৰ পৰা ওলাই আহিছে এই কণ্ঠস্বৰ৷ অনুভৱ হৈছে এই কণ্ঠস্বৰ যেন
মোৰ খুবেই আপোন, আজন্ম চিনাকি৷
প্ৰশ্নবোধক দৃষ্টিৰে মোলৈ চাই ছিষ্টাৰ বেথেলে মিচিকিয়াই হাঁহিলে৷ সুধিলে–
: কাক ধন্যবাদ যাচিলা ইছাবেল ?
: ছিষ্টাৰ বেথেল, এইমাত্ৰ কোনোবাই মোক “বেছিলিকা অৱ্ ব’ম যীজাছ” লৈ স্বাগতম জনালে৷ আৰু মোৰ নাম ধৰি মাতিলে ছিষ্টাৰ বেথেল৷ কি আচৰিত; ইয়াত মোক জানেইবা কোনে?
মই ব্যগ্ৰ হৈ ক’লোঁ৷ ছিষ্টাৰ বেথেলৰ ওঁঠৰ ৰহস্যময় হাঁহিটো এচেৰেঙা ৰ’দৰ দৰে উজলি উঠিছে৷ মই আকৌ ক’লোঁ–
: আপুনি হয়তো বিশ্বাস নকৰিব, কালি মই যেতিয়া
ভাৰতবৰ্ষৰ মাটিত ভৰি দি পোনেই যেতিয়া সাগৰ তীৰলৈ গৈছিলোঁ, বিশাল আৰৱ সাগৰখন প্ৰাণভৰি
চাইছিলোঁ আৰু অপাৰ শান্তি অনুভৱ কৰিছিলোঁ, ক্ৰুচবিদ্ধজনক অশেষ ধন্যবাদ জনাইছিলোঁ তেতিয়াও
মোক সেই কণ্ঠস্বৰে স্বাগতম জনাইছিল৷
: সেয়া তোমাৰ অন্তৰাত্মাৰ কণ্ঠস্বৰ ইছাবেল ৷ তোমাৰ সমগ্ৰ জীৱন জুৰি যিজন তোমাৰ হৃদয়ত বাস কৰি আছে সেইজনে এই পুণ্যভূমি ভাৰতবৰ্ষত তোমাক স্বাগতম নজনাবনে ইছাবেল ?
: হয়,
হয় ছিষ্টাৰ বেথেল। সেয়ে সত্য
মোৰ চকুৰে দুধাৰি লোতক বাগৰি আহিল৷ মোৰ সন্মুখত এয়া মোৰ পিতামহ চাৰিশ বছৰ ঊৰ্ধ্বৰ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ নিতাল মাৰি
শুই আছে৷ মই বুকুত দুলি থকা ক্ৰছটো খামুচি
ধৰিলোঁ৷ মই আঁঠুকাঢ়ি বহি পৰিলোঁ মোৰ ককাদেউতাৰ কাষত৷ তেওঁৰ
মুখমণ্ডলত এতিয়াও সূৰুযৰ সাতৰঙৰ লুকাভাকু৷ কি যে এক অপাৰ শান্তি বিৰাজমান মুখখনত৷
মই তেওঁৰ ভৰি দুখনলৈ চালোঁ। এই দুখন ভৰি আজীৱন সুদা হৈ আছিল৷ কিমান যে শিলাময়
পৰ্বত-কন্দৰ বৰফৰ পাহাৰ অতিক্ৰম কৰিছিল এই উদং ভৰিৰে৷ মই উচুপি উঠিলোঁ। ককাদেউতাক এবাৰ চুই চাবলৈ মোৰ দুৰ্বাৰ হেঁপাহ জাগিল৷ অজানিতে মোৰ হাত এখন তেওঁৰ ফালে প্ৰসাৰিত হ’ল৷ ছিষ্টাৰ বেথেলে
মোক তৎক্ষণাত বাধা দিলে৷ শিৱমে মোৰ পিঠিত মৰমৰ হাত বুলালে৷ সান্ত্বনাৰ এই নীৰৱ ভাষাই মোক পুনৰ বাস্তৱলৈ ঘূৰাই আনিলে৷ মই
প্ৰকৃতিস্থ হ’বলৈ যত্ন কৰিলোঁ৷ হয়, তেওঁক স্পৰ্শ কৰা নিষেধ৷ মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ এতিয়া আমাৰ স্পৰ্শৰ ঊৰ্ধ্বত৷
জাতি-ধৰ্ম-ভাষা-বৰ্ণ নিৰ্বিশেষে অজস্ৰ পৰ্যটকেৰে ভৰি পৰিছে গোৱাৰ ৰাজধানী চহৰ পানাজীৰ পৰা দহ কিলোমিটাৰ দূৰৰ বেইনগুইনিম (bainguinim) নামৰ ঠাইত অৱস্থিত “বেছিলিকা অৱ্ ব’ম যীজাছ”৷ গোৱাৰ আটাইতকৈ পুৰণা এই ৰোমান কেথ’লিক গীৰ্জাঘৰ “অ’ল্ড চাৰ্চ” নামেৰেও জনাজাত৷ এই গীৰ্জাঘৰ মাথোঁ ভাৰতবৰ্ষৰে নহয় সমগ্ৰ বিশ্বৰে এটা প্ৰাচীন গীৰ্জঘৰ৷ ইয়াৰ সমৃদ্ধিশালী সংস্কৃতি আৰু ধাৰ্মিক মহত্ত্বৰ লগে লগে ইউনেস্ক’ৰ দ্বাৰা “বেছিলিকা অৱ্ ব’ম যীজাছ” বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপেও ঘোষিত হৈছে৷ পৰুৱাৰ দৰে লানি নিছিগা শাৰীৰে পৰ্যটকসকল নীৰৱে আগ বাঢ়িছে৷ সকলোৱে প্ৰাণ ভৰি এবাৰ চাইছে নিতাল মাৰি শুই থকা ফাডাৰ ফ্ৰাঞ্চিছ জেভিয়াৰক৷ আশ্বৰ্যত থৰ লাগি যোৱা তেওঁলোকৰ চকু, শ্ৰদ্ধা- ভক্তিত শিৰ নত হৈ পৰিছে প্ৰতিজন পৰ্যটকৰ৷
ছিষ্টাৰ বেথেলে মোক আলফুলে হাতত ধৰি
আতঁৰাই নিলে৷ তেওঁ শিৱমক উদ্দেশ্যি ক’লে–
: তোমাৰ বান্ধৱী ইছাবেলক “বেছিলিকা অৱ্ ব’ম যীজাছ” ভালকৈ দেখুওৱাঁ শিৱম৷
আমি আগ বাঢ়িলোঁ৷ “বেছিলিকা অৱ্ ব’ম যীজাছ”ত নিয়োজিত ছিষ্টাৰ বেথেলৰ লগত এয়া মোৰ প্ৰথম সাক্ষাৎ যদিও আমাৰ চিনাকি ভালেমান দিনৰ৷ পেৰিছ বিশ্ববিদ্যালয়ৰ মোৰ প্ৰিয়বন্ধু, মোৰ প্ৰেমিক, মোৰ ভাৰতীয় সহপাঠী “শিৱম পাই”য়ে মোক এই ছিষ্টাৰ বেথেলৰ লগত চিনাকি কৰাই দিছিল৷ টেলিফোন আৰু সামাজিক মাধ্যমৰ যোগে আমি অনেকবাৰ কথা পাতিছোঁ৷ ছিষ্টাৰ বেথেল আৰু শিৱম বাল্যবন্ধু৷ স্কুলীয়া শিক্ষা শেষ কৰিয়েই তেওঁ সাংসাৰিক মায়া-মোহ ত্যাগ কৰি ঈশ্বৰৰ কাম কৰিবলৈ গুচি গৈছিল৷৷ বেছিলিকা অৱ্ ব’ম যীজাছৰ প্ৰতি মোৰ আগ্ৰহ প্ৰকাশ কৰাত ছিষ্টাৰ বেথেলে আদৰেৰে মোৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷
মোৰ সপোনৰ “বেছিলিকা অৱ ব’ম যীজাছ” মই চুকে-কোণে ঘূৰি-পকি চালোঁ৷ বেছিলিকা শব্দটো মূলতঃ লেটিন ভাষাৰ পৰা অহা৷ বেছিলিকা, অৰ্থাৎ প্ৰাচীন ৰোমৰ আৰ্হিত নিৰ্মিত বিশাল সভাঘৰ৷ সচৰাচৰ গীৰ্জাঘৰতকৈ বহুগুণে বিশাল পৰিসৰৰ গীৰ্জাঘৰ৷ “ব’ম যীজাছ” লেটিন ভাষাৰ শব্দ৷ ব’ম যীজাছ অৰ্থাৎ “পৱিত্ৰ যীশু বা দেৱশিশু যীশু”৷ পোন্ধৰশ চৌৰানব্বৈ চনৰ চৌব্বিছ নৱেম্বৰ তাৰিখে আধাৰশিলা স্থাপন কৰা এই গীৰ্জাঘৰৰ নিৰ্মাণ কাৰ্য “ফাডাৰ এলেক্সিয়া ডি মেনেজেছ”ৰ কাৰ্যকালত ষোলশ চাৰি চনৰ পোন্ধৰ মে’ তাৰিখে সম্পূৰ্ণ হয়৷ ভাৰতবৰ্ষত পৰ্তুগীজ উপনিৱেশৰ আৰু বেৰক্ (Baroque) স্থাপত্য শিল্পকলাৰ সাক্ষ্য বহন কৰি সমগ্ৰ বিশ্বৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ অ’ল্ড গোৱাত সগৌৰৱে আজিও থিয় হৈ আছে “বেছিলিকা অৱ্ ব’ম যীজাছ”৷ “ব’ম যীজাচ” গীৰ্জাঘৰৰ মূধচটো ত্ৰিভূজাকৃতিৰ৷ ইয়াত খোদাই কৰি থোৱা ইংৰাজী আই এইচ এছ (IHS) আখৰকেইটা হ’ল “ত্ৰাণকৰ্তা যীশু”ৰ প্ৰতীক৷ এই গীৰ্জা প্ৰকৃতাৰ্থত দেৱশিশু যীশুৰ নামত উৎসৰ্গিত৷ এই অনুপম অদ্বিতীয় কীৰ্তিস্তম্ভ ব্লেক গ্ৰেনাইট বা ক’লা আগ্নেয় শিলাৰে নিৰ্মিত৷ মই অবাক হৈ চালোঁ এষষ্ঠি ফুট ওখ এই কীৰ্তিস্তম্ভ৷ কৰিন্থিয়ান, ড’ৰিক আৰু সমস্ত কলাশৈলীৰ কি চমক লগা সংমিশ্ৰণ৷ অভ্যন্তৰ ভাগত প্ৰাচীন গ্ৰীচৰ অলংকাৰবহুল “মোজেইক-কৰিন্থিয়ান” স্থাপত্যৰ পয়োভৰ৷ গীৰ্জাৰ ভিতৰ ভাগত দুটি প্ৰাৰ্থনা গৃহত দুখন সোণৰ বেদী৷ সোঁফালৰখন “ছে’ণ্ট এন্থনী” বেদী আৰু বাওঁফালৰখনত “ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ”ৰ বিশাল কাঠৰ প্ৰতিমূৰ্তি৷ সেই প্ৰতিমূৰ্তিলৈ চাই মই আকৌ এবাৰ ভাবনাত হেৰাই গ’লোঁ৷ বেদীৰ পিছফালে দুটি বিল্বপত্ৰ আৰু গীৰ্জাৰ পিছফালে আছে ঘণ্টাঘৰটো৷ আন দুখন সুসজ্জিত বেদীৰ এখন “আৱাৰ লে’ডী অৱ্ হ’প” আৰু আনখন “ছে’ণ্ট মাইকেল”ৰ নামত উৎসৰ্গিত৷ গীৰ্জাঘৰৰ মুখ্য বেদীত “ছে’ণ্ট ইগনেছিয়াছ লয়’লাৰ এক প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে য’ত শিশু যীশুৰ এটি অৱয়ব প্ৰত্যক্ষ কৰা যায়৷
“বেছিলিকা অৱ্ ব’ম যীজাছ”ৰ আন এক আকৰ্ষণ আৰ্ট গে’লাৰীৰ ফালে আমি আগ বাঢ়ি গ’লোঁ৷ আঃ কি অতুলনীয় সুন্দৰ বিখ্যাত চিত্ৰকৰৰ কিছুমান তৈলচিত্ৰৰে ভৰা মনোৰম আৰ্ট গে’লাৰী দুটি৷ বাইবেলৰ বিভিন্ন কাহিনীৰ আধাৰত অংকন কৰা কিছুমান প্ৰাচীন চিত্ৰৰে চিত্ৰগৃহ দুটি ভৰি আছে৷ “দ্যা লাষ্ট জাজমেণ্ট” আৰু “জেনেছিছ” নামৰ বিশাল তৈলচিত্ৰ দুখনৰ ওচৰত থিয় হৈ মই সপোন ৰাজ্যত বিলীন হৈ গ’লোঁ৷
শেষত গীৰ্জাঘৰখনতকৈও প্ৰাচীন পোন্ধৰশ পঁচাশী চনত নিৰ্মিত “ব’ম যীজাছ প্ৰফেছনেল হাউছ”লৈ আমি সোমাই গ’লোঁ৷
আমি “বেছিলিকা অৱ্ ব’ম যীজাছ”ৰ বাহিৰলৈ ওলালোঁ৷ “গোৱা”, যিখন চহৰত মোৰ পিতামহে তেওঁৰ জীৱনৰ কিছুদিন ঈশ্বৰৰ সেৱাত কটাইছিল আৰু চাৰিশ বছৰৰো অধিক কাল যিখন চহৰত তেওঁ শুই আছে সেইখন চহৰত মোৰ কিহৰ শংকা৷ তাতে ছাঁৰ দৰে মোৰ কাষত আছে মোৰ প্ৰাণসম প্ৰেমাস্পদ “শিৱম”৷ জলধিয়ে উত্তাল কৰি ৰখা উপকূলবোৰত আহ্লাদিত সুখী মানুহবোৰৰ মাজে মাজে আমি ঘূৰি ফুৰিবলৈ ধৰিলোঁ৷ জনসমুদ্ৰৰ পৰা ফালৰি কাটি কেতিয়াবা আমি কালাংগুট বীচ্ছত, কেতিয়াবা বাগা বীচ্ছত বহি সময় কটাইছোঁগৈ৷ কেতিয়াবা বাগাতোৰ বীচ্ছৰ সূৰ্যাস্ত চাই আমি প্ৰেমিক যুগল সপোনত মগ্ন হৈছোঁ, কেতিয়াবা আৰাম্বল বীচ্ছৰ সূৰ্যোদয়ে আমাক সুপ্ৰভাত জনাইছে৷ কক’ বীচ্ছৰ প্ৰাকৃতিক সৌন্দৰ্যই আমাক স্বাগতম জনাই কৈছে, “ময়েই ঈশ্বৰ”৷ চিৰপ্ৰৱহমান মান্দৱী নদীয়ে অহৰহ ৰিঙিয়াই কৈছে, “ময়েই জীৱন”৷ আঃ কি সুন্দৰ এই গোৱা; এই সকলোবোৰৰ মাজত মোৰ আটাইতকৈ আপোন হৈ পৰিছিল অঞ্জুনা বীচ্ছৰ নিৰ্জনতা৷ মই মোৰ ঈশ্বৰক বিচাৰি পাইছিলোঁ এই নিৰ্জনতাত৷ যেতিয়াই ককাদেউতা “ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ”ৰ লগত কিছু সময় নিৰলে কটাবলৈ মন গৈছে তেতিয়াই মই অঞ্জুনা বীচ্ছলৈ দৌৰি গৈছোঁ৷ উত্তাল ঢৌৱে কোবাই থকা বিৰাটকায় ক’ৰেলৰ ওপৰত বহিছোঁগৈ৷ কোনোটো ঢৌৱে মোক বুকুলৈকে তিয়াই পেলাইছে৷ কোনোটো ঢৌৱে মোৰ উৰণীয়া চুলিকোছা তিয়াই জুৰুলি-জুপুৰি কৰি গৈছে৷ মই আত্মমগ্ন হৈ পৰিছোঁ৷ তেনেতে নিচেই কাষত শুনা পাইছো সেই সমুদ্ৰ গহ্বৰৰ পৰা নিগৰি অহা কণ্ঠস্বৰ... ’ৱেলকাম টু অঞ্জুনা বীচ্ছ... মাই ডিয়েৰ চাইল্ড...৷’
এতিয়া আৰু সেই কণ্ঠই মোক আশ্চৰ্যচকিত কৰি নোতোলে৷ মই জানো, সেই কণ্ঠ চাৰিশ বছৰৰো অধিক কাল “বেছিলিকা অৱ্ ব’ম যীজাছ”ত নিতাল মাৰি শুই থকা, মোৰ সমগ্ৰ সত্ত্বা আৱৰি থকা মোৰ পিতামহ ফ্ৰাঞ্চিছ জেভিয়াৰৰ৷
আমি দুয়ো অঞ্জুনা বীচ্ছৰ নিৰ্জনতাত কথোপকথনত নিমজ্জিত হওঁ৷ মোৰ ভাৰতীয় প্ৰেমিক, এক কথাত ক’বলৈ গ’লে মোৰ প্ৰাণ, মোৰ আত্মা, মোৰ জীয়াই থকা একমাত্ৰ সম্বল “শিৱম”ক সম্পূৰ্ণ উপেক্ষা কৰি মই নিজৰ মাজতে বিলীন হৈ পৰোঁ৷ শিৱমে অভিমান নকৰে, মোক আমনিও নকৰে৷ শিৱমে ভাবে, মই এইবাৰ আন কাৰোবাৰ প্ৰেমত নিমজ্জিত হৈ পৰিছোঁ৷ সেইজন হ’ল তেওঁৰ জন্মভূমি “গোৱা”৷ আৰু কিছুদিনৰ পাছতেই মই স্পেনিশ্ব ছোৱালীজনী এইখন ভাৰতবৰ্ষৰ বোৱাৰী হ’ম৷ ইছাবেল জেভিয়াৰ হৈ পৰিম “মিছেছ ইছাবেল শিৱম পাই”৷ মাথোঁ চৰকাৰী আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ হোৱালৈ কেইদিনমানৰ অপেক্ষা৷ তেতিয়ালৈকে মই গোৱাখন চুকে কোণে চাই ল’ম৷ অলিয়ে-গলিয়ে ঘূৰি ফুৰিম৷ একাত্ম হ’ম সাগৰৰ ঢৌবোৰৰ লগত৷ শিৱমে ভাবিছে এয়া মোৰ বাবে গোৱাৰ লগত একাত্ম হোৱাৰ সময়৷ শিৱমে হয়তো ভাবে, সুন্দৰ সাংসাৰিক জীৱনৰ ৰঙীন কল্পনাত মই বিভোৰ৷ আৰু, আন এটা বিৰাট আকাৰৰ ক’ৰেলৰ ওপৰত বহি নিৰ্বাক হৈ অসীমলৈ চাই ৰোৱা শিৱমলৈ চাই মই ভাবোঁ, অনাগত ৰঙীন সংসাৰৰ কল্পনাত শিৱম মগ্ন৷
পেৰিছ বিশ্ববিদ্যালয়ত সোমায়েই মই ভাৰতীয় বন্ধু বিচাৰি ফুৰিছিলোঁ৷ পাইছিলোঁ কেইবাজনো বন্ধু-বান্ধৱীক৷
অন্তৰংগতাও গঢ়ি উঠিছিল তেওঁলোকৰ সতে৷ কিন্তু যিদিনা নতুন সহপাঠী “শিৱম পাই”ৰ লগত মোৰ প্ৰথম
চিনাকি হৈছিল –
: Hello! I am Shivam Pai
from India… Goa.
: India? Goa?
মই আনন্দত এনেকৈ উৎফুল্লিত হৈ পৰিছিলোঁ যে তৎক্ষণাত শিৱমক সাবটি ধৰিছিলোঁ৷ বন্ধু-বান্ধৱীহঁত আচৰিত হৈছিল৷ সেইদিনা, আৰু তাৰ পাচৰ দিনবোৰত এনে এটা দিন নাছিল যিদিনা শিৱম আৰু মই লগ হোৱা নাছিলোঁ, নিৰ্জনতাত একান্ত হৈ বহি সময় পাৰ কৰা নাছিলোঁ৷ মোৰ ইণ্ডিয়ান গোৱানীজ বন্ধু শিৱমক মই কৈছিলোঁ, “মই ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ পৰিনাতি”৷ সুধিছিলোঁ, “তোমালোকৰ গোৱাত কেনে আছে মোৰ পিতামহ ফ্ৰাঞ্চিছ জেভিয়াৰ?”৷ শিৱমে এফালৰ পৰা বৰ্ণনা কৰি গৈছিল অ’ল্ড গোৱাৰ বেছিলিকা অৱ্ ব’ম যীজাছত গোৱানীজসকলে কেনেকৈ সন্মান সহকাৰে আলফুলে শুৱাই ৰাখিছে মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰক৷ গোৱানীজ বন্ধু শিৱমে মোক আশৈশৱ দেখি অহা মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ বিষয়ে কৈছে, আৰু মই কৈছোঁ স্পেইন আৰু পেৰিছত শৈশৱ আৰু যৌৱন কটোৱা মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ কথা৷ শিৱমক কৈছোঁ–
: এইখন পেৰিছ বিশ্ববিদ্যালয়তে ছে’ণ্ট
ফ্ৰাঞ্চিছ জেভিয়াৰে অধ্যয়ন কৰিছিল–
হতবাক হৈ মোলৈ চাই ৰয় শিৱম৷ মই শলাগোঁ, হয় পেৰিছ বিশ্ববিদ্যালয়ৰ শীৰ্ষস্থানীয় ছাত্ৰ আছিল ফ্ৰাঞ্চিছ৷ সেয়া কেইবাশ বছৰৰ আগৰ কথা–
– ধাৰ্মিক মাতৃৰ তত্ত্বাৱধানত স্পেইনত ডাঙৰ হোৱা একান্ত বাধ্য
পুত্ৰ ফ্ৰাঞ্চিছৰ ব্যক্তিত্ব হৈ পৰিছিল ধৰ্মপৰায়ণ কিন্তু সাহসী৷ মাকৰ কলিজাৰ এফাল
ফ্ৰাঞ্চিছৰ এদিন বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰাৰ সময় সমাগত হ’ল৷ সেই সময়ত ফ্ৰাঞ্চৰ ৰাজধানী পেৰিছতেই আছিল আটাইতকৈ ভাল
বিশ্ববিদ্যালয়খন৷ বিশ্বৰ সকলো দেশৰপৰাই এই বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ মেধাবী
ছাত্ৰৰ ভিৰ হৈছিল৷ ফ্ৰাঞ্চিছেও পেৰিছ বিশ্ববিদ্যালয়তে পঢ়াৰ ইচ্ছা প্ৰকাশ কৰিলে৷ সকলো
বিষয়তে সৰ্বাধিক নম্বৰ আহৰণ কৰি তীক্ষ্ণ মেধাসম্পন্ন ফ্ৰাঞ্চিছে পেৰিছ
বিশ্ববিদ্যালয়ত ভৰ্তি কৰিবলৈ সক্ষম হ’ল৷
পেৰিছ মহানগৰীত ফ্ৰাঞ্চিছৰ ছাত্ৰাবাসৰ জীৱন আৰম্ভ হ’ল৷ কিন্তু প্ৰথম কেইদিনতে যেন ফ্ৰাঞ্চিছৰ সপোন থানবান হৈ
যোৱাৰ উপক্ৰম হ’ল৷ ছাত্ৰাবাসত কিছুমান উচ্ছৃংখল ল’ৰা ফ্ৰাঞ্চিছৰ কোঠাৰ আবাসী হ’ল৷ ধীৰ, গম্ভীৰ ফ্ৰাঞ্চিছ সিহঁতৰ
উদ্ভণ্ডালিত এক প্ৰকাৰ হতাশ হ’ল৷ উপায়ান্তৰ
হ’ল৷ কেনেকৈ অধ্যয়ন কৰে ফ্ৰাঞ্চিছে? কেনেকৈ পূৰণ কৰে উচ্চ
শিক্ষাৰ সপোন? বন্ধুহীনভাৱে যৌৱনৰ সময়বোৰ পাৰ কৰেই বা কেনেকৈ? সিহঁতে প্ৰাচীৰ বগাই নিশা কোঠাৰ পৰা বাহিৰলৈ যায় আৰু
থিয়েটাৰ চায়গৈ৷ সিহঁত মদ বেচা ঘৰবোৰলৈ যায়, মদ্যপান কৰে আৰু জুৱা খেলে৷ সেই বেয়া সংগবোৰে ফ্ৰাঞ্চিছকো সিহঁতৰ লগত নৈশযাপন কৰিবলৈ নিবলৈ চেষ্টা কৰিবলৈ আৰম্ভ কৰিলে৷ ফ্ৰাঞ্চিছ অমান্তি হ’ল, কিন্তু ফ্ৰাঞ্চিছক সৈমান কৰাবলৈ সিহঁতবোৰ অহৰহ তেওঁৰ পিছত লাগিয়েই থাকিল৷ তেওঁক সিহঁতে বিভিন্ন
প্ৰকাৰে প্ৰলোভন দেখুৱাইছিল৷ আৰু এদিন সিহঁতৰ প্ৰৰোচনাতে ফ্ৰাঞ্চিছে সেই দ খাৱৈত
জাপ দিওঁ দিওঁ৷ কিন্তু তেনেতে তেওঁ মাতৃৰ নিৰ্দেশ শুনা পালে, Francis… my
dear… please come and pray before the Crucifix… I offer to you all my prayers…
works… joys and sufferings of the day… Amen.
ফ্ৰাঞ্চিছ উভতি আহিছিল৷ বিপথগামী ল’ৰাবোৰেও এদিন ফ্ৰাঞ্চিছৰ পিছ এৰিছিল৷ ফ্ৰাঞ্চিছ একাগ্ৰতাৰে অধ্যয়নত লাগিছিল৷ ফ্ৰাঞ্চিছৰ একমাত্ৰ লক্ষ্য হৈ পৰছিল এনে এজন অত্যুত্তম অধ্যাপক হোৱা যিজন ছাত্ৰসকলৰ প্ৰশংসাৰ পাত্ৰ হয়৷ ফ্ৰাঞ্চিছ সুখ্যাতিৰে উত্তীৰ্ণও হৈছিল আৰু এজন অধ্যাপকো হৈছিল অতি সহজেই৷ কিন্তু এই সুখ্যাতিয়ে যে নম্ৰ, বাধ্য আৰু অমায়িক স্বভাৱৰ ল’ৰা ফ্ৰাঞ্চিছক অহংকাৰী কৰি তুলিছিল; তেওঁৰ জীৱনৰ উদ্দেশ্য হৈ পৰিছিল মাথোঁ উচ্চ পদবী, ধন, যশ আৰু খ্যাতি অৰ্জন৷ তেওঁৰ উচ্চকাংক্ষাৰ সীমা নোহোৱা হৈছিল৷ তেনেতে তেওঁৰ লগত একেলগে থাকিবলৈ তেওঁতকৈ বয়সত কিছু ডাঙৰ এজন ছাত্ৰ আহিল৷ পূৰ্বতে তেওঁ এজন সৈনিক আছিল আৰু যুদ্ধত এখন ভৰি হেৰুৱাইছিল৷ এদিন তেৱোঁ এজন প্ৰতিপত্তিশীল ধনী মিলিটেৰী সেনানায়ক হোৱাৰেই কল্পনা কৰিছিল৷ কিন্তু এদিন তেওঁ অনুভৱ কৰিলে যে সেই সকলোবোৰ মিছা৷ সঁচা মাথো ঈশ্বৰৰ কাম৷ তেওঁৰ নাম আছিল “ইগনেছিয়াছ লয়’লা”৷ ইগনেচিয়াচে প্ৰায়ে ফ্ৰাঞ্চিছক যীশুৰ মহান বাণী শুনাইছিল। যীশুৱে কৈছিল, “বিশ্ব বিজয় কৰি কি লাভ যদি নিজৰ আত্মাৰ ওচৰত কোনোবা হাৰি যায়”৷ এসময়ৰ মাতৃৰ বাধ্য, ধাৰ্মিক ল’ৰা ফ্ৰাঞ্চিছে, ইগনেছিয়াছৰ কথাবোৰ হাঁহিৰে উৰুৱাই দিছিল৷ কিন্তু দিন যোৱাৰ লগে লগে ফ্ৰাঞ্চিছৰ মন সলনি হ’বলৈ ধৰিলে৷ তেওঁ অনুভৱ কৰিবলৈ ধৰিলে যে ধন, যশ, খ্যাতি সকলো অৰ্থহীন৷ সত্য মাথোঁ ঈশ্বৰৰ কাম৷
এদিন পেৰিছ চহৰৰ বাহিৰত, এটা পাহাৰৰ ওপৰৰ
এখন সৰু গীৰ্জাঘৰত এজন খ্ৰীষ্ট্ৰীয় ধৰ্মযাজকৰ
ওচৰত ইগনেছিয়াছ, ফ্ৰাঞ্চিছ আৰু
তেওঁলোকৰ এদল বন্ধুৱে ঘোষণা কৰিলে যে তেওঁলোকে ঈশ্বৰৰ কামত জীৱন উছৰ্গা কৰিবলৈ
বিচাৰে৷ ধৰ্মযাজকে আহ্বান জনালে–
: Be ready to take vows of poverty, chastity and obedience forever.
: We are ready
father…
তেওঁলোক আটায়ে সমস্বৰে ক’লে আৰু আজীৱন
দৈন্য,
চাৰিত্ৰিক নিৰ্মলতা আৰু বাধ্যবাধকতাৰ শপত খালে৷ সেইদিনাই, সেই শুভক্ষণত “ছ’চাইটি অৱ্ যীজাছ” গঠন হ’ল যি আজি পৰ্যন্ত সমগ্ৰ বিশ্বতে যেচুইট (Jesuit) নামেৰে বৰ্তি আছে৷
সাধু শুনাদি মোৰ গোৱানীজ বন্ধু শিৱমে ছে’ণ্ট ফ্ৰাঞ্চিছৰ কথাবোৰ শুনে৷ পেৰিছ বিশ্ববিদ্যালয়ত আমাৰ দিনবোৰ পাৰ হ’বলৈ ধৰিলে৷ সঁচা ক’বলৈ হ’লে মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছেই দিনে দিনে আমাৰ দুয়োকে ওচৰ চপাই আনিলে, আৰু দিন যোৱাৰ লগে লগে আমাৰ বন্ধুত্ব প্ৰেমলৈ পৰ্যৱসিত হ’বলৈ ধৰিলে৷ এনে লগা হ’ল যেন আমি দুয়ো দুয়োকে লগ পাবলৈহে স্পেইন আৰু ভাৰতবৰ্ষৰ পৰা আহি পেৰিছ বিশ্ববিদ্যালয়ত ভৰি দিছোঁহি৷ মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ প্ৰতি মোৰ যিমান আগ্ৰহ, সিমানেই কৌতূহল জাগি উঠিছিল শিৱমৰো৷ শিৱমৰ একান্ত ইচ্ছা মোৰ লগত তেওঁ স্পেইনলৈ যাব, যি জেভিয়াৰ দুৰ্গত ফ্ৰাঞ্চিছৰ শৈশৱ পাৰ হৈছিল সেই জেভিয়াৰ দুৰ্গ তেওঁ নয়ন ভৰি চাব৷ বিশ্ববিদ্যালয়ৰ দীঘলীয়া বন্ধত আমি দুয়ো এদিন স্পেইনলৈ উৰা মাৰিছিলোঁ৷ এসময়ত আমি দুয়ো “জেভিয়াৰ বেছিলিকা”ৰ সন্মুখত থিয় দিছিলোঁগৈ৷
সেয়া ফ্ৰাঞ্চিছৰ জন্মগৃহ৷
ষোলশ বাইছ চনত, ফ্ৰাঞ্চিছ জেভিয়াৰক এজন ছে’ণ্ট বা সন্ত
হিচাপে ঘোষণা কৰাৰ পাছত যেচুইট ছ’চাইটিৰ
দ্বাৰা শত্ৰুৰ হাতত ধ্বংসপ্ৰাপ্ত তেওঁৰ
জন্মগৃহ জেভিয়াৰ দুৰ্গ প্ৰাচীন আৰ্হিত পুনৰ নিৰ্মাণ কৰি এক সুন্দৰ বেছিলিকাকৈ ৰূপান্তৰ কৰা হৈছে আৰু ই খ্ৰীষ্টধৰ্মী লোকসকলৰ
এক পৱিত্ৰ স্থানলৈ পৰ্যৱসিত হৈছে৷ দেশী-বিদেশী অজস্ৰ পৰ্যটক আৰু ভক্তৰ নিতৌ আগমন ঘটে এই জেভিয়াৰ গীৰ্জাঘৰলৈ৷ এই পৱিত্ৰ স্থানৰ কাষতে মোৰ পিতামহ ফ্ৰাঞ্চিছ জেভিয়াৰৰ বিষয়ে শুনি শুনি মই ডাঙৰ
হৈছোঁ৷ মোৰ লগতে গোৱানীজ বন্ধু শিৱমেও ফ্ৰাঞ্চিছ জেভিয়াৰৰ শৈশৱ বুটলি ফুৰিছিল৷
মোৰ পিতামহ “ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ”... মই কোনোদিনেই গণনা কৰি শেষ কৰিব নোৱাৰোঁ তেওঁৰ আৰু মোৰ মাজত কিমানটা প্ৰজন্মৰ ব্যৱধান৷ সেয়া আছিল পোন্ধৰশ ছয় চনৰ পোন্ধৰ এপ্ৰিল৷ স্পেইনৰ এই উপত্যকাখনৰ জেভিয়াৰ নামৰ এই প্ৰাচীন
দুৰ্গটি নৱজাতকৰ মিঠা কান্দোনেৰে মুখৰিত হৈ উঠিল৷ প্ৰাচীন দুৰ্গটোত বাস কৰা অভিজাত
পৰিয়ালটো আছিল “বস্ক্” জাতিৰ৷ সেই নৱজাতকটিয়েই আছিল মোৰ পিতামহ৷ শিশুটিৰ নাম ৰখা হ’ল ফ্ৰাঞ্চিছ৷ ফ্ৰাঞ্চিছ জেভিয়াৰ৷ পাঁচোটা সন্তানৰ মাজত
নুমলীয়া ফ্ৰাঞ্চিছ হৈ পৰিল ককায়েকহঁতৰ আলাসৰ লাড়ু৷ মাক দেউতাকৰ চকুৰ মণি৷ সেই সুন্দৰ সোশোভিত প্ৰাচীন দুৰ্গটোত ফ্ৰাঞ্চিছৰ
শৈশৱ মহা আনন্দেৰে পাৰ হৈছিলহে, তেনেতে শত্ৰুৰ শেন চকু পৰিল তেওঁলোকৰ
ভেলীত৷ তেতিয়ালৈ ফ্ৰান্সিচৰ ডাঙৰ ককায়েক দুজন সৈন্য বাহিনীত ভৰ্তি হৈছিল৷ মহা
পৰাক্ৰম আৰু সাহসেৰে নিজ উপত্যকাটো ৰক্ষা কৰিবলৈ তেওঁলোকে যুঁজিছিল৷ কিন্তু
দুৰ্ভাগ্য; এদিন শত্ৰপক্ষ যুজত
জিকিছিল আৰু ফ্ৰাঞ্চিছহঁতৰ উপত্যকাখনৰ লগতে জেভিয়াৰ দুৰ্গটো তেওঁলোকৰ হাতলৈ গৈছিল৷
শত্ৰুৰ হাতত সিহঁতৰ দুৰ্গটো একপ্ৰকাৰ ধ্বংসপ্ৰাপ্ত
হৈছিল৷ শত্ৰুৱে কণমানি জেভিয়াৰৰ পৰা আঁজুৰি লৈ গৈছিল তেওঁৰ শৈশৱ আৰু পিতৃৰ মৰমৰ
ছায়া৷ চকুৰ সন্মুখত নিজ দুৰ্গটো আনৰ হাতলৈ যোৱা আৰু ধ্বংস
হোৱা দৃশ্য কিমান মৰ্মান্তিক হ’ব পাৰে...
কিমান অসহনীয় হ’ব পাৰে তাৰ সীমা আছেনে? সেই দুখ আৰু পৰাজয়ৰ গ্লানি সহ্য কৰিব নোৱাৰি ফ্ৰাঞ্চিছৰ
পিতৃয়ে এদিন শয্যা লৈছিল আৰু অচিৰেই মৃত্যুক আকোৱালি লৈছিল৷ পিতৃহাৰা ফ্ৰাঞ্চিছক
তুলি তালি ডাঙৰ কৰাৰ দায়িত্ব আহি পৰিছিল একমাত্ৰ মাতৃৰ ওপৰত৷ ভগ্নপ্ৰায় দুৰ্গটোৰ
কেইটামান কোঠাহে তেওঁলোকে থাকিবলৈ পাইছিল৷
ফ্ৰাঞ্চিছ ডাঙৰ হৈ আহিছিল৷ সাহসী, শক্তিশালী, অতি প্ৰাণৱন্ত, উদ্যমী আৰু অতি তেজস্বী ফ্ৰাঞ্চিছ শৈশৱৰে পৰা খেলৰ প্ৰতি
আকৰ্ষিত হৈ পৰিল৷ মল্লযুদ্ধ, সাঁতোৰ, দৌৰ, ঘোৰা চালন আদি খেলসমূহত ফ্ৰাঞ্চিছ হৈ উঠিল পাকৈত৷ খেলৰ ভিতৰত ফ্ৰাঞ্চিছৰ আটাইতকৈ প্ৰিয় আছিল যাঁঠি খেল৷
সকলো খেলতে ফ্ৰাঞ্চিছে অংশ গ্ৰহণ কৰিছিল আৰু পুৰস্কাৰ লাভ কৰি সন্মানিত হৈছিল৷
খেলা-ধূলাত পাকৈত ফ্ৰাঞ্চিছ পঢ়াশুনাতো কম নাছিল৷
পৰিশ্ৰমী ফ্ৰাঞ্চিছে দিনে ৰাতিয়ে পঢ়িছিল আৰু শ্ৰেণীৰ প্ৰথম ছাত্ৰ হোৱাৰ যোগ্যতা
আৰ্জন কৰিছিল৷
: Francis... my dear... please come and pray before
the Crucifix...
অধ্যয়নৰত ফ্ৰাঞ্চিছক প্ৰায়ে মাতৃয়ে প্ৰাৰ্থনা কৰিবলৈ সোঁৱৰাই দিব লগা হৈছিল৷
বিশাল জেভিয়াৰ দুৰ্গত প্ৰায়ে প্ৰতিধ্বনি তুলিছিল তেওঁৰ সেই নিৰ্দেশে৷ মাতৃৰ সেই
নিৰ্দেশ শুনাৰ লগে লগে ফ্ৰাঞ্চিছ প্ৰাৰ্থনা গৃহলৈ দৌৰ মাৰে৷ ক্ৰুচবিদ্ধজনৰ
সন্মুখত একান্তমনে প্ৰাৰ্থনা আৰম্ভ কৰে– O most scared
Heart of Jesus, through the Immaculate Heart of Mary, I offer to you all my
prayes, works, joys and sufferings of this day...
পাঠ্যক্ৰমৰ লগতে শিৱম আৰু মোৰ আলোচ্য বিষয় হৈ পৰিছিল মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ... ভাৰতবৰ্ষ... গোৱা আৰু বেছিলিকা অৱ্
বোম যীজাছ৷ মোৰ লগতে শিৱমেও ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ জীৱন
অধ্যয়ন কৰিবলৈ লৈছিল৷ এনে লাগিছিল আমি দুয়ো যেন ফ্ৰাঞ্চিছৰ সুদীৰ্ঘ কণ্টকময়
যাত্ৰাপথৰ সহযাত্ৰীহে৷ এই জীৱনযাত্ৰাৰ কোনোবাখিনিত আমি বাকৰুদ্ধ হৈ পৰিছোঁ... হতবাক হৈ পৰিছোঁ... আশ্চৰ্যৰ
কোনো সীমা ৰৈ যোৱা নাই৷ ককাদেউতাৰ জীৱন পৰিক্ৰমাৰ কোনোবাখিনিত আমি থমকি ৰওঁ আৰু
উৰাই-ঘূৰাই প্ৰশ্ন কৰোঁ–
- পেৰিচৰ সৰু গীৰ্জাঘৰটিত, ফ্ৰাঞ্চিছ ইগনেছিয়াছ আৰু তেওঁলোকৰ লগত একেলগে শপত লোৱা বন্ধুসকলে ৰোমলৈ
পদযাত্ৰা আৰম্ভ কৰিলে৷ শীতকাল আছিল আৰু দিনে নিশাই ঝৰঝৰকৈ বৰফ পৰিছিল৷ অতিমাত্ৰা
শীতৰ প্ৰকোপত ফ্ৰাঞ্চিছ অসুস্থ হৈ পৰিছিল৷ নিজৰ অহংকাৰৰ বাবে ফ্ৰাঞ্চিছে নিজকে
শাস্তি দিয়া উচিত বুলি ভাবিছিল৷ সেয়েহে তেওঁ ভৰি দুখন যুটিয়াই বান্ধি দৌৰিবলৈ
ধৰিছিল৷ তেওঁৰ ভৰি দুখন ফুলি গৈছিল আৰু ৰক্তক্ষৰণ হ’বলৈ ধৰিছিল৷
ৰোমত পবিত্ৰ ফাডাৰে তেওঁলোকক স্বাগতম জনালে আৰু তেওঁলোকৰ জীৱনৰ এই পথ স্বীকাৰ
কৰি লৈ তেওঁলোকক আনুস্থানিকভাবে গীৰ্জাৰ
পুৰোহিত হিচাপে নিযুক্ত কৰিলে৷ চল্লিছদিনীয়া
প্ৰাৰ্থনা, অনশন আৰু যাতনাৰ
অন্তত ফ্ৰাঞ্চিছে ভক্তসকলৰ সন্মুখত প্ৰথম বক্তৃতা ৰাখিলে আৰু আনন্দত উচুপি উঠিল৷
ৰোমত ফ্ৰাঞ্চিছে এখন চিকিৎসালয়ত বেমাৰী মানুহৰ পৰিচৰ্যা কৰি সময়বোৰ পাৰ
কৰিছিল৷ এদিন এজন বেমাৰীৰ এটা ঘাঁৰ পৰা ইমানেই পূজ ওলাইছিল যে ঘিণত ফ্ৰাঞ্চিছৰ
দৌৰি পলাবলৈ মন গৈছিল৷ কিন্তু তেওঁ তাকে নকৰি এটোপাল পূঁজ হাতত লৈ গলাধঃকৰণ কৰিছিল৷
ককাদেউতাৰ জীৱনৰ সেইখিনিতে আমি চিঞৰি উঠোঁ–
: কিন্তু কিয় ফাডাৰ? আপুনিতো ঈশ্বৰৰ কাম
কৰাৰ শপত লৈছিল৷ তেন্তে মাথোঁ ভক্তসকলৰ মাজত ভক্তিভাবৰ সঞ্চাৰ কৰোৱাতে আপোনাৰ কাম
সীমাৱদ্ধ নাথাকিল কিয়? আপুনি এনে ঘিণ লগা কাম...
আমাৰ হৃদয় অধিকাৰ কৰি থকা পিতামহ, ফাডাৰ ফ্ৰাঞ্চিছ জেভিয়াৰৰ পৰা তৎক্ষণাত উত্তৰ পাওঁ৷ তেওঁ কৈ উঠে–
: Because, I offered to God all my prayers...
works... joys and sufferings of the day... মোৰ প্ৰতিটো কৰ্ম এনে হোৱা উচিত যাতে এই সকলোবোৰ মই ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিব পাৰোঁ৷ আনৰ দুখত যদি মই হাঁহো, সেই
হাঁহি মই ঈশ্বৰক কেনেকৈ সমৰ্পণ কৰিব পাৰোঁ মোৰ বাচাহঁত?
: তেন্তে মানৱ সেৱাই ঈশ্বৰৰ কৰ্ম নেকি ফাডাৰ?
: য়েছ্ মাই চাইল্ড...
কেনেকৈ ভাৰতবৰ্ষৰ “গোৱা” পালেগৈ ফ্ৰাঞ্চিছ? সেই প্ৰশ্নই শিৱমক আমনি কৰিছিল৷
এদিন ফাডাৰ ফ্ৰাঞ্চিছে এটা সপোন দেখিলে৷ সপোনত তেওঁ এজন ভাৰতীয় লোকৰ শৰীৰ
কান্ধত কঢ়িয়াই নিছে আৰু সেই ভৰত তেওঁ কুঁজা
হৈ গৈছে৷ কেইদিনমানৰ পাছত ইগনেছিয়াছে তেওঁক মাতি নি ক’লে–
: ফ্ৰাঞ্চিছ, তুমি ভাৰতবৰ্ষলৈ যাব লাগিব আৰু তাত তুমি যীশুখ্ৰীষ্টৰ বাবে কাম
কৰিব লাগিব৷ সকলো বিপথগামী মানুহক মৰমৰ বান্ধোনেৰে বান্ধিব লাগিব৷
লিচ্বন্ অভিমুখে ফ্ৰাঞ্চিছৰ যাত্ৰা আৰম্ভ হ’ল৷ তেওঁক যাত্ৰাৰ বাবে এটা ঘোঁৰা দিয়া হ’ল৷ কিন্তু কিছুদূৰ
যোৱাৰ পিছত তেওঁৰ ভৃত্যজনৰ কষ্ট দেখি তেওঁ ঘোঁৰাটো
ভৃত্যজনক দি নিজে খোজ কাঢ়ি বাট বুলিবলৈ ধৰিলে৷ যেতিয়া তেওঁলোক স্পেইনৰ পৰ্বতমালা
পাৰ হৈছিল, তেতিয়া ফ্ৰাঞ্চিছক সহযাত্ৰীসকলে সোৱঁৰাই দিলে যে
যদি তেওঁ ইচ্ছা কৰে ককায়েকহতঁক লগ পাবলৈ এবাৰ ঘৰলৈ যাব পাৰে৷ কিন্তু ফ্ৰাঞ্চিছ নগ’ল৷ সকলো মায়াৰ বান্ধোন ছিঙি ফ্ৰাঞ্চিছ ভাৰতবৰ্ষ অভিমুখে
আগ বাঢ়িল৷ হয়তো সেয়া আছিল মৰমৰ সম্পৰ্কৰ সৈতে ফ্ৰাঞ্চিছৰ জীৱনৰ প্ৰথম ত্যাগ৷
সেইবছৰ চাৰি-পাঁচখন নাও ভাৰত অভিমুখে একেলগে ৰাওনা হৈছিল৷ সেই সময়ত কোনো
ইঞ্জিনচালিত জাহাজ নাছিল আৰু সকলো জাহাজেই আছিল বতাহৰ গতিৰ ওপৰত নিৰ্ভৰশীল পালতৰা৷
জাহাৰবোৰৰ গতিবেগ আছিল অতি লেহেমীয়া৷ কেতিয়াবা যদি প্ৰৱল ধুমুহা বৰষুণৰ সন্মুখীন
হৈ জাহাজে প্ৰকাণ্ড শিলত খুন্দিয়াই অচল হৈ পৰিছিল, কেতিয়াবা আকৌ বতাহৰ অবিহনে জাহাজ আগ বাঢ়িবই পৰা নাছিল৷ তেনে পৰিস্থিতিত
সূৰ্যৰ প্ৰখৰ উত্তাপ মূৰ পাতি লৈ কেইবা সপ্তাহো ধৰি তেওঁলোক একে ঠাইতেই থাকিব লগা
হৈছিল৷ জাহাজৰ কেপ্টাইনে ফ্ৰাঞ্চিছক এজন ভৃত্য যোগাৰ ধৰিছিল৷ কিন্তু ফ্ৰাঞ্চিছে স্বীকাৰ কৰি লোৱা নাছিল৷ মই ককাদেউতাক উদ্দেশ্যি আকৌ চিঞৰি উঠো–
: কিন্তু কিয় ফাডাৰ জেভিয়াৰ?
: I wanted to serve others and not to be served. মোৰ পোছাক মই নিজেই ধুই ল’ব পাৰোঁ৷ তুমি যদি ঈশ্বৰৰ কাম কৰিব বিচাৰা তেন্তে
মানৱীয়তাৰ অভ্যাস কৰাৰ কোনো অধিকাৰ হেৰুৱাব নালাগিব৷
মই আকৌ এবাৰ স্তব্ধ হৈ যাওঁ৷ ভাবো, তেন্তে মানৱীয়তাই ঈশ্বৰ?
জাহাজত পানী আৰু খাদ্য কমি আহিছিল৷ মাত্ৰ গেদযুক্ত কেই বেৰেলমান অৱশিষ্ট পানীহে
ৰৈছিলগৈ৷ ইফালে জাহাজত থকা মানুহবোৰৰ মাজত এক ভয়ানক ভাইৰাছ বিয়পি পৰিছিল৷ মহামাৰী
বিয়পাৰ ভয়ত কোনেও কাকো স্পৰ্শ নকৰা হ’ল৷ ফ্ৰাঞ্চিছে সকলোৰে শুশ্ৰূষা কৰাত অহৰহ মনোনিৱেশ
কৰিলে৷ কেপ্টেইনে তেওঁৰ বাবে পঠোৱা স্বাস্থ্যকৰ সুস্বাদু আহাৰ তেওঁ ৰোগীৰ মাজত
বিলাই দি নিজে ৰোগীসকলৰ সাধাৰণ আহাৰ গ্ৰহণ কৰি দিন কটায়৷ সুন্দৰ কেবিন আৰু বিছনা
ৰোগীৰ বাবে এৰি দি তেওঁ ডেকত এমুঠা ৰচি গোটাই লৈ গাৰু কৰি লৈ শুই পৰে৷ জাহাজৰ অধিকাংশ
যাত্ৰী মহামাৰীৰ কবলত পৰাত মোজাম্বিক আইলেণ্ডত পাঁচ মাহৰ বাবে জাহাজ ৰখাই থোৱা হ’ল৷ ৰোগী পৰিচৰ্যাকাৰী মাথো ফাডাৰ ফ্ৰাঞ্চিছ৷ যেতিয়া সকলো
সুস্থ হৈ উঠিল তেতিয়া পুনৰ ভাৰত অভিমুখে ফ্ৰাঞ্চিছহঁতৰ যাত্ৰা আৰম্ভ হ’ল৷ অৱশেষত, লিচ্বন্ এৰাৰ এবছৰৰ পাছত ফ্ৰাঞ্চিছহঁতৰ জাহাজ আহি
ভাৰতবৰ্ষৰ গোৱাত লংগৰ পেলালেহি৷ প্ৰথম নিশা ফ্ৰাঞ্চিছে গীৰ্জাঘৰত প্ৰাৰ্থনা কৰি
কটালে আৰু দ্বিতীয় দিনা পুৱাৰ পৰাই আৰম্ভ কৰিলে তেওঁৰ কাম৷
তেওঁ দৰিদ্ৰ, বেমাৰী, কাৰাবন্দী, কুষ্ঠৰোগীসকলৰ ওচৰলৈ
দৌৰি গ’ল আৰু তেওঁলোকক সহায় কৰিবৰ বাবে মানুহৰ দুৱাৰে দুৱাৰে গৈ
ভিক্ষা কৰিলেগৈ৷ আৰ্তসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰিবৰ বাবে ফ্ৰাঞ্চিছ নিৰৱচ্ছিন্নভাৱে লাগি থাকিল৷
পিতামহৰ জীৱন শিশুসকলৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল৷ শিশুসকলৰ মনোযোগ আকৰ্ষণ
কৰা তেওঁৰ কৌশলো আছিল অভিনৱ৷ তেওঁ এটা ঘণ্টা বজাই বজাই ৰাস্তাইদি যাবলৈ ধৰে৷ ঘণ্টা
শুনি শিশুহঁত দৌৰি আহি তেওঁক বেঢ়ি ধৰেহি৷ তেতিয়া তেওঁ শিশুহঁতক নীতি-শিক্ষা দিয়ে
আৰু যীশুখ্ৰীষ্টৰ মহান বাণীসমূহ শুনায়৷
গোৱাত কেইমাহমান কটোৱাৰ পাছত তেওঁ মান্নাৰ (Mannar) আইলেণ্ডৰ এখন উপকূলীয় ঠাই পালেগৈ৷ য’ত
মাছমৰীয়াহঁতে বাস কৰিছিল৷ সেই ঠেক ভূমিখণ্ড কেপ কমৰিণৰ (Cape Comorin) পৰা মান্নাৰ আইলেণ্ডলৈকে বিস্তৃত হৈ আছিল৷ ফ্ৰাঞ্চিছ তাত
গাঁৱে গাঁৱে ঘূৰিবলৈ ধৰিলে৷ কেতিয়াবা সূৰ্যৰ প্ৰখৰ ৰ’দত জ্বলি-পকি সুদা ভৰিৰে সুদীৰ্ঘ পথ খোজ কাঢ়ি আৰু কেতিয়াবা টুলুং-ভুটুংকৈ হেন্দোলনি
তুলি আগ বঢ়া সৰু সৰু নাৱেৰে৷ তেওঁ সেই ঠাইত দুবছৰ দিন থাকিল
আৰু সেই দুবছৰ তেওঁ মানুহৰ মাজত যীশুৰ বাণী আৰু মানবীয়তা বিলাই ফুৰিলে৷ শিশুহঁতক
শিক্ষা প্ৰদান কৰিলে৷ বেমাৰী আৰু দুখীয়াক খাদ্য পানী আৰু ঔষধ যোগাৰ দিবৰ বাবে, তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবৰ বাবে তেওঁ দিন ৰাতি
একাকাৰ কৰিলে৷ জনতাই আগবঢ়োৱা সমস্ত সা-সুবিধা অগ্ৰাহ্য কৰি ফ্ৰাঞ্চিছে দুখীয়া
মাছুৱৈৰ ঘৰত মজিয়াত শুই নিশা কটায়৷ মাছমৰীয়া লোকসকলৰ লগত আহাৰ খায়৷ তেওঁ শোৱেও মাথোন তিনিঘণ্টা৷ নিশাটোৰ বাকী কেইঘণ্টা তেওঁ মৃতপ্ৰায় লোকৰ
পৰিচৰ্যা কৰি বা তেওঁলোকৰ জীৱনৰ অন্তিম ক্ষণত প্ৰাৰ্থনা কৰি কটায়৷
সময়ৰ আন এটা সোঁতে এইবাৰ ফ্ৰাঞ্চিছক উটুৱাই লৈ গ’ল ট্ৰাৱানকোৰলৈ (travancore)৷ এইবাৰ ট্ৰাৱানকোৰৰ ৰজাই ফ্ৰাঞ্চিছক আগ্ৰহেৰে আদৰিলে৷ তেওঁ তাতো জনতাক মাথো নীতি-শিক্ষা দি গ’ল৷ ঈশ্বৰৰ কথা কৈ গ’ল৷ ট্ৰাৱানকোৰত থকা সময়তে ফ্ৰাঞ্চিছে পেৰিছ বিশ্ববিদ্যালয়ৰ ছাত্ৰসকললৈ সেই ঐতিহাসিক চিঠিখন লিখিলে এনেদৰে, “অনাহকত জীৱনটো নষ্ট নকৰিবা৷ ঈশ্বৰৰ বাবে কাম কৰাঁ৷ ইতিমধ্যে বহুত মানুহৰ জীৱন অকালতে নিঃশেষ হৈ গৈছে, কাৰণ তোমালোকে সেইসকলৰ বাবে একো কৰা নাই৷ তোমালোকে সেই দুৰ্ভগীয়াসকলক ৰক্ষা কৰিব পাৰা”৷ ফ্ৰাঞ্চিছে জাপান আৰু চীন দেশলৈ যোৱাৰ বাবে হৃদয়ৰ তাগিদা অনুভৱ কৰিছিল৷ এদিন তেওঁ অনুভৱ কৰিলে, কোনোবাই যেন তেওঁৰ কাণে কাণে কৈছে, “Yet more…O Lord yet more”. আঃ অন্তৰাত্মাৰ এই আহ্বানৰ পিছত আৰু ৰৈ থকা ফাডাৰ ফ্ৰাঞ্চিছৰ বাবে সম্ভৱ নহয়৷
পোন্ধৰশ চৌৰাল্লিচ চনৰ জানুৱাৰি মাহৰ কোনোবা এটা দিনত ফ্ৰাঞ্চিছ মালাক্কালৈ (Malacca) ৰাওনা হ’ল৷ আকৌ কেইবাটাও মাহৰ ভ্ৰমণ৷ মালাক্কাৰ পৰা তেওঁ গ’ল ম’ৰ’লৈ (Moro)৷ এই দ্বীপটোত কিছুমান অতি হিংস্ৰ জনজাতিয়ে বাস কৰিছিল৷ সিহঁতে কাৰাবন্দীসকলক হত্যা কৰিছিল আৰু তেওঁলোকৰ মাংস ভক্ষণ কৰিছিল৷ ফ্ৰাঞ্চিছৰ বন্ধুসকলে তেওঁক সেই ঠাইলৈ নাযাবলৈ খাটনি ধৰিছিল৷ তেওঁলোকে কৈছিল...
: They will Surely kill you
ফ্ৰাঞ্চিছে উত্তৰ দিছিল–
: I shall be happy to die for Jesus Christ”৷
বন্ধুসকলে কৈছিল,
: তেওঁলোকে তোমাৰ খাদ্যত বিহ দি হ’লেও তোমাক
মাৰি পেলাব৷ যাবই খুজিছা যদি কিছু বিষনাশক লৈ যোৱাঁ, ফ্ৰাঞ্চিছ৷
: I trust in God
ফ্ৰাঞ্চিছে কৈছিল আৰু ম’ৰ’ দ্বীপলৈ যাত্ৰা কৰিছিল৷ গৈ পায়েই তেওঁ উচ্চ পৰ্বতত বাস কৰা সেই হিংস্ৰ মানুহবোৰক বিচাৰি গৈছিল৷ উদং ভৰিৰে, সুদা হাতেৰে অস্ত্ৰ-শস্ত্ৰ অবিহনে৷ ফ্ৰাঞ্চিছৰ অস্ত্ৰ আছিল মাথোঁ প্ৰেম, সততা, সাহস আৰু যীশুৰ মহান বাণী৷ আৰু সেই অস্ত্ৰ প্ৰয়োগ কৰি হিংস্ৰ মানুহবোৰৰ হৃদয় জয় কৰিবলৈও সক্ষম হৈছিল ফ্ৰাঞ্চিছ জেভিয়াৰ৷
ম’ৰ’ দ্বীপৰ পৰা ফ্ৰাঞ্চিছ যেতিয়া পুনৰ মালাক্কালৈ ঘূৰি আহিছিল তেতিয়া জলদস্যুহঁতে মালাক্কা আক্ৰমণ কৰিছিল৷ সেই দুৰ্যোগৰ সময়ত ফ্ৰাঞ্চিছ অহৰ্নিশে জনতাৰ লগত থাকি সাহস বঢ়াইছিল আৰু মালাক্কাৰ যুঁজাৰু নৌসেনাসকলৰ বাবে প্ৰাৰ্থনা কৰিছিল, তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষত থিয় দিছিল৷
ফ্ৰাঞ্চিছ জাপানলৈ যাব বিচাৰিছিল৷ কিন্তু ইতিমধ্যে মহামাৰী প্লে’গ বিয়পি পৰিছে৷ এইবাৰ ফাডাৰ ফ্ৰাঞ্চিছ জেভিয়াৰক প্লেগ ৰোগীসকলৰ নাৰ্চৰ ৰূপত দেখা পোৱা গ’ল৷ মাটিয়ে বালিয়ে ৰাস্তাই ঘাটে পৰি থকা প্লেগ ৰোগীসকলৰ শুশ্ৰূষা কৰি থকা অৱস্থাত দেখা গ’ল ফাডাৰ ফ্ৰাঞ্চিছক৷ সাধনৰ অভাৱত প্লেগ ৰোগীসকলক কান্ধত তুলি চিকিৎসালয়লৈ লৈ গৈছিল তেওঁ৷ ৰোগীসকলৰ বাবে খাদ্য আৰু ঔষধৰ যোগাৰ কৰিছিল৷
: আঃ কেনেকৈ, কেনেকৈ সম্ভৱ ইমান ত্যাগ, ইমান কষ্ট সহিষ্ণুতা, ইমান নিঃস্বাৰ্থতা? প্ৰেম ইমান বিশাল কেনেকৈ হ’ব পাৰে?
শিৱমে কয়, মই ভাবোঁ৷ কিন্তু ইমানতেই ফ্ৰাঞ্চিছ জেভিয়াৰৰ জীৱন পৰিক্ৰমা শেষ নহয়৷ প্লে’গ মহামাৰী কিছু নিয়ন্ত্ৰণলৈ লৈ অহাৰ পাছত ফ্ৰাঞ্চিছে যাত্ৰা কৰিলে জাপানলৈ৷ দুবছৰ কাল জাপানত থকা সময়বোৰত মানুহৰ মাজত যীশুৰ প্ৰেমৰ জ্যোতি বিলাবলৈ ফ্ৰাঞ্চিছ দিহিঙে দিপাঙে ঘূৰি ফুৰিছিল৷ কেতিয়াবা নিশা কটাবলৈ তেওঁৰ মূৰৰ ওপৰত এখন চালিও ভাগ্যত মিলা নাছিল৷
: উদং ভৰিৰে শীতকালত বৰফৰ ওপৰেৰে পাঁচশ মাইল পৰ্যন্ত খোজকাঢ়ি অতিক্ৰম কৰাৰ এই
অবিশ্বাস্য শক্তি আপুনি ক’ত পাইছিল ফাডাৰ?
মোৰ প্ৰশ্নৰ উত্তৰ দিছিল মোৰ পিতামহ ফাডাৰ ফ্ৰাঞ্চিছ জেভিয়াৰে–
: That is Divine...
universal... philanthropy and brotherhood
আস্;
কি অসীম মোৰ পিতামহ ফ্ৰাঞ্চিছ জেভিয়াৰৰ এই ঈশ্বৰ প্ৰেম...
বিশ্ব প্ৰেম... মানৱ প্ৰেম... ভাতৃত্ববোধ; কেতিয়াবা তেওঁৰ জলহু ঢলং ঢপং অৱস্থা দেখি সৰু ল’ৰা-ছোৱালীয়ে তেওঁলৈ শিলগুটি নিক্ষেপ কৰিছিল, কেতিয়াবা কিছুমান দুষ্ট প্ৰকৃতিৰ লোকে তেওঁৰ গালৈ থুৱাইছিল৷
মৃত্যু অপৰাজেয়৷ আমি জানো৷ ফ্ৰাঞ্চিছৰ জীৱনলৈও সন্তপৰ্ণে আগবাঢ়ি আহিছিল
মৃত্যু৷ কিন্তু ফ্ৰাঞ্চিছ জেভিয়াৰ নামৰ দুঃসাহসিক অভিযানেৰে যাৰ জীৱন ভৰা...
মানৱতাৰ পূজাৰী, যীশুৰ পৰম ভক্ত ফ্ৰাঞ্চিছ জেভিয়াৰৰ
জীৱনৰ অন্তিম অধ্যায় যে বিশ্বৰ মানৱ সমাজৰ বাবে আজিও অসহনীয়৷ তেওঁৰ জীৱনলৈ অন্তিম
দিনবোৰ নামি আহিছিল–
- প্ৰেম আৰু শান্তিৰ বাণী বিলাবলৈ ফ্ৰাঞ্চিছে এইবাৰ চীনলৈ যাবলৈ মন মেলিলে৷ সেই সময়ত বিদেশীসকলৰ বাবে চীনৰ দুৱাৰ বন্ধ আছিল৷ কোনোবা চীনলৈ যোৱাৰ
অৰ্থ আছিল চীনাসকলৰ দ্বাৰা অমানুষিক অত্যাচাৰ আৰু নিৰ্ঘাত মৃত্যু৷ কিন্তু যাৰ নাম ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ, তেওঁক বাধা দিয়ে কোনে? ফ্ৰাঞ্চিছৰ লগত
যাবলৈ ওলাল একমাত্ৰ এণ্টনিঅ’, তেওঁৰ বিশ্বস্ত
অনুগামী৷ এজন চাইনীজ সদাগৰে ফ্ৰাঞ্চিছক জলপথেৰে চীনদেশলৈ লৈ যোৱাৰ কথা দিলে৷ চীন
দেশৰ ফালে চাই চাই চাংচুৱান দ্বীপৰ এটা উপকূলত অস্থায়ী বাহৰ পাতি ফ্ৰান্সিচে সদাগৰ
বন্ধুলৈ অপেক্ষা কৰি থাকিল৷ দিনবোৰ গৈ থাকিল৷ সদাগৰ বন্ধু নাহিল৷ হাড় কপোৱা শীত, কলহৰ কাণে বৰষা বৰষুণ আৰু সাগৰীয় ফিৰফিৰীয়া বতাহ... ফ্ৰাঞ্চিছ বেমাৰত পৰিল৷ জীৱনজুৰি অগণন অসুস্থ লোকক শুশ্ৰূষা কৰা ফ্ৰাঞ্চিছৰ
শুশ্ৰূষা কৰিবলৈ লগত থাকিল মাথো এণ্টনিঅ’ আৰু কেইজনমান নাৱিক৷
ফ্ৰাঞ্চিছ জীৱন নাটৰ শেষ দৃশ্যপটত উপনীত হৈছিলহি৷ হঠাৎ তেওঁৰ মুখ মণ্ডল এক
স্বৰ্গীয় জ্যোতিৰে উদ্ভাষিত হৈ উঠিছিল... দুধাৰী লোতক বাগৰি আহিছিল আৰু তেওঁ কৈ
উঠিছিল,
“I have believed in thee, O God, I shall
not be confounded”৷ শৰীৰ এৰি ফ্ৰাঞ্চিছৰ আত্মা
ঈশ্বৰত বিলীন হৈ গৈছিল৷ কেইজনমান নাৱিকে তৎক্ষণাত এটা কফিনত ভৰাই ফ্ৰাঞ্চিছৰ শৱ
সৎকাৰ কৰিছিল...
শিৱম আৰু মই নিৰৱ নিমাত হৈ ৰওঁ৷ সময়বোৰ পাৰ হৈ যায়৷ জেভিয়াৰৰ জীৱনৰ অন্তিম
মুহূৰ্তৰ আমি যেন জীৱন্ত সাক্ষী৷ দুটোপাল চকুলো পেলাওঁ৷ ঈশ্বৰক উদ্দেশ্যি কওঁ– আমাক আৰু এজন ফ্ৰাঞ্চিছ জেভিয়াৰ দিয়া প্ৰভূ৷ আৰু এজন ফ্ৰাঞ্চিছ জেভিয়াৰ৷
শিৱম আৰু মই বিশ্ববিদ্যালৰ দেওনা সুখ্যাতিৰে পাৰ কৰিলোঁ৷ আমাৰ পেৰিছ এৰিবৰ হ’ল৷ আমি বিয়াৰ সংকল্প লৈ পেলালোঁ৷ মই শিৱমৰ লগত ভাৰতবৰ্ষলৈ যাবলৈ সাজু হ’লোঁ৷ মোৰ সপোনৰ “গোৱালৈ”৷ মোৰ, পিতামহ “ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ” কাষলৈ যোৱাৰ শুভক্ষণ সমাগত৷ কি সৌভাগ্য মোৰ, যিখন চহৰত আজি চাৰি শতিকাৰো অধিক কাল ধৰি মোৰ পিতৃ পিতামহ শুই আছে সেইখন চহৰত তেওঁৰ আশীষ শিৰত লৈ এজন গোৱানীজৰ সৈতে মোৰ বিবাহ হ’ব৷ মোৰ পিতৃ-মাতৃও আমাৰ হ’বলগা বিবাহত সুখী৷ অজস্ৰ পৰিকল্পনাত শিৱম আৰু মই বিভোৰ হৈ থাকোঁ৷ কেনে পোচাকে শুৱাব শিৱমক... ভাৰতীয় কইনাৰ পোচাকত মোক, স্পেনিশ্ব ছোৱালীজনীক কেনে বা দেখিব...৷ শিৱমে মোক শিকায় ভাৰতীয় বিয়াত আৰু বিয়াৰ পিছত নতুন কইনাই শহুৰৰ ঘৰত পালন কৰিব লগা ৰীতি-নীতি৷ মই কাণ পাতি শুনো৷ “শিৱম পাই” গৌঢ় সৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ ল’ৰা৷ সৰস্বতসকল গোৱাৰ প্ৰথম বাসিন্দা হোৱাৰ গৌৰৱেৰে গৌৰৱান্বিত৷ তাৰো আগেয়ে তেওঁলোকে উত্তৰ ভাৰতত সৰস্বতী নদীৰ পাৰত বাস কৰিছিল৷ গোৱাত তেওঁলোকক কঙ্কনি (Konkani) বোলে৷ তেওঁলোকৰ ভাষাকো কয় কঙ্কনি (Konkani)৷ লোকবিশ্বাস মতে পৰশুৰাম এগৰাকী ব্ৰাহ্মণ আছিল৷ তেওঁ ভগৱান বিষ্ণুৰ অৱতাৰ আৰু তেওঁ ধাৰ্মিক কাৰ্য কৰিবৰ হেতু গোৱাত বসবাস কৰিছিল৷ কিছু গৌঢ় সৰস্বত ব্ৰাহ্মণলোক হেনো পশ্চিম বংগতো আছে৷ কথাবোৰ মোক শিৱমে বুজায়৷ মই কেথ’লিক খ্ৰীষ্টিয়ান ছোৱালীজনী হিন্দু ব্ৰাহ্মণ পৰিয়ালৰ বোৱাৰী হ’বগৈ লাগিব৷ কথাবোৰ জানি বুজি লোৱা দৰকাৰ৷ আমি দুয়ো মিলি পৰিকল্পনা কৰোঁ, বিয়াৰ পাছত এদিন আমি বেছিলিকা অৱ্ ব’ম যীজাছত প্ৰাৰ্থনা কৰিবলৈ যাম, মম্ জ্বলাম৷ ছিষ্টাৰ বেথেল আমাৰ লগত থাকিব৷ আৰু হানিমুন, হানিমুনৰ অজুহাতত শিৱমে মোক গোটেই ভাৰতবৰ্ষখন দেখুৱাব৷ বিবাহৰ পৰিকল্পনাৰ মাজতে আমি দুয়ো পুনৰ পিতামহ ফ্ৰাঞ্চিছ জেভিয়াৰৰ কাষলৈ ঘূৰি যাওঁ৷
ফ্ৰাঞ্চিছৰ শৱ সৎকাৰ কৰা নাৱিক কেইজন দুমাহৰ পিছত উভতি আহি কবৰ খান্দি কফিনৰ পৰা ফ্ৰাঞ্চিছৰ মৃত শৰীৰটো উলিয়াইছিল... আৰু কি আচৰিত গোটেই শৰীৰটো সতেজ হৈ আছিল, মাংসপেশী হৈ আছিল কোমল আৰু শিৰাবোৰ হৈ আছিল তেজেৰে পৰিপূৰ্ণ৷ তেওঁলোকে ফ্ৰাঞ্চিছৰ মৃত সতেজ শৰীৰটো লৈ মালাক্কালৈ গ’ল৷ সেই সময়ত মালাক্কাত প্লেগৰ পাদুৰ্ভাৱ আছিল আৰু জনবিশ্বাস মতে ফ্ৰাঞ্চিছৰ মৃতদেহটো গৈ পোৱাৰ লগে লগে মালাক্কাত প্লেগ মহামাৰী তীব্ৰ গতিত কমি আহিছিল৷ সেইখিনিতে আমি থমকি ৰওঁ৷ মই একৈশ শতিকাৰ উচ্চশিক্ষিত যুৱতী, ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰৰ বংশধৰ ইছাবেল জেভিয়াৰে চকুমুদি সেই কথা বিশ্বাস কৰিব নোৱাৰোঁ৷ তেনেকৈয়ে মানি ল’ব নোৱাৰে পেৰিচ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মোৰ ভাৰতীয় প্ৰেমিক শিৱমেও৷ আমি ভাবিব পাৰোঁ, হয়তো সেয়া আছিল ফ্ৰাঞ্চিছৰ প্ৰতি মানুহৰ অগাধ শ্ৰদ্ধা বা বিশ্বাস৷ ফাডাৰ ফ্ৰাঞ্চিছৰ বিস্ময়কৰ অলৌকিক ৰোগ নিৰাময় ক্ষমতাৰ বিষয়ে যি জনবিশ্বাস সেয়াও একৈশ শতিকাৰ বিজ্ঞানৰ যুগত আমি মানি ল’ব নোৱাৰোঁ৷ ফ্ৰাঞ্চিছে স্পৰ্শ কৰিলেই ৰোগ নিৰাময় হোৱা, হানি-বিঘিনি বিপদ আপদ দূৰ হোৱাৰ অন্তৰালত হয়তো লুকাই আছিল পেৰিছ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ উচ্চশিক্ষিত ফ্ৰাঞ্চিছৰ স্বাস্থ্যসন্মত, বিজ্ঞানসন্মত বিধান আৰু উপদেশ৷ কিজানিবা সেয়াও আছিল এক মানসিক প্ৰশান্তি আৰু অৱলম্বন৷
পোন্ধৰশ চৌৱন্ন চনৰ মাৰ্চ মাহৰ ষোল্ল তাৰিখে মালাক্কাৰ পৰা ফ্ৰাঞ্চিছৰ মৃতদেহ ভাৰতবৰ্ষৰ গোৱালৈ অনা হ’ল৷ পোন্ধৰশ বাৱন্ন চনত মৃত্যু বৰণ কৰা ছে’ণ্ট ফ্ৰান্সিচ জেভিয়াৰৰ মৃত শৰীৰ আজি পৰ্যন্ত গোৱাৰ “বেছিলিকা অৱ্ ব’ম যীজাছ”ত সংৰক্ষিত হৈ আছে৷ মৃত্যুৰ দুমাহৰ পাছত কেনেকৈ কবৰস্থ মৃতদেহ সতেজ হৈ আছিল আৰু আজি চাৰিশ ঊনসত্তৰ বছৰৰ পিছতো কোনো ৰসায়নিক দ্ৰব্য অবিহনে ছে’ণ্ট ফ্ৰাঢ্চিছ জেভিয়াৰৰ মৃতদেহ গেলি পঁচি নোযোৱাকৈ সতেজ, সুকোমল অৱস্থাত আছে সেয়াও এক বিস্ময়কৰ ঘটনা৷ আজি পৰ্যন্ত মৃতদেহত নাই কোনো দুৰ্গন্ধ৷ এতিয়াও কংকালসাৰ হৈ পৰা নাই মৃতদেহ৷ এই বিষয়ত বিজ্ঞান আজিও নীৰৱ৷ ৰূপ, কাঠ, কাপোৰ আৰু আইনাৰে নিৰ্মিত এটা সুন্দৰ কফিনত শুৱাই থোৱা ফ্ৰাঞ্চিছৰ মৃতদেহ প্ৰত্যক্ষ কৰিবলৈ নিতৌ হাজাৰ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটে৷ ফ্ৰাঞ্চিছ জেভিয়াৰৰ মৃতদেহেই ভাৰতবৰ্ষত সংৰক্ষিত একমাত্ৰ “মামী”৷ কফিনত থকা ফ্ৰাঞ্চিছৰ মৃতদেহ পৰ্যটকসকলে প্ৰত্যক্ষ কৰিব পৰাকৈ ৰখা হৈছে৷ কিন্তু এটা দশকৰ মূৰত পৰ্যটক আৰু অনুগামীসকলৰ বাবে ফ্ৰাঞ্চিছৰ মৃতদেহ কফিনৰ পৰা উলিয়াই মুকলিকৈ সজাই ৰখা হয়৷
সেই সুযোগতে মোৰ পিতামহক এপলক প্ৰাণভৰি চোৱাৰ হেঁপাহ বুকুত বান্ধি ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ বংশধৰ মই ইছাবেল জেভিয়াৰ স্পেইনৰ নাৱাৰ (Navarre) চহৰৰ পৰা দৌৰি আহিছোঁ ভাৰতীয় প্ৰেমিক শিৱম পাইৰ লগত৷ ঘূৰি ফুৰিছোঁ গোৱাৰ দিহিঙে-দিপাঙে৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ এজাক ভিন্নভাষী পৰ্যটকৰ লগত নাৱেৰে গৈ গ্ৰেণ্ড আইলেণ্ড পাইছোঁগৈ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাই “ভাস্কো দা গামা” আৰু “ভাস্ক’ চিটি” দেখি হঠাৎ আপোন সুহৃদ হৈ পৰা পৰ্যটকসকলৰ লগত ময়ো উল্লসিত হৈ চিঞৰি উঠিছোঁ৷ “ভগৱান মহাবীৰ” ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গৈ “দুধ সাগৰ” জলপ্ৰপাতত লাইফ জেকেট পিন্ধি জঁপিয়াই পৰিছোঁ সহযাত্ৰী পৰ্যটকসকলৰ লগত৷ ভিন্নভাষী, ভিন্ন ধৰ্মী, ভিন্ন ৰঙী পৰ্যটক বন্ধুৰ লগত মান্দৱীৰ বুকুত নিশাৰ ব’ট্ পাৰ্টিত যোগ দিছোঁ আৰু নৈশ আহাৰ লৈছোঁ, অগণন বিদ্যুৎ তৰা পৰিধান কৰি মান্দৱীৰ বুকুত লয়লাসে ৰংবিৰঙী আলোকৰ মায়াময় মেলা পতা একো একোজনী অপ্সৰা যেন লগা নিশাৰ নাওবোৰত মই সপোনমগ্ন হৈ ঘূৰি ফুৰিছোঁ৷ অজান প্ৰান্তৰ কিমান পৰ্যটক বন্ধুৰ সৈতে হৃদয়ৰ ভাষাৰে ভাবৰ আদান-প্ৰদান কৰিছোঁ, ডি জে পাৰ্টিত মনৰ হেঁপাহেৰে নাচিছোঁ তাৰ লেখ-জোখ নাই৷ আঃ কি বিচিত্ৰ দেশ এই ভাৰতবৰ্ষ; কিমান ধৰ্ম... কিমান ভাষা... কিমান যে সংস্কৃতি৷ অনৈক্যৰ মাজত এই ঐক্য পৃথিৱীৰ অন্য দেশত হয়তো বিৰল৷ “বেছিলিকা অৱ্ ব’ম যীজাছ”ৰ সন্মুখত নাৰ্জীফুলৰ মালা বিক্ৰী কৰা টিকটিককৈ ৰঙা সেন্দূৰ পিন্ধা মহিলাগৰাকী, বাখৰ খটোৱা মংগলসূত্ৰ পৰিধান কৰা মম্ বিক্ৰী কৰা মহিলাগৰাকীলৈ মই থৰ লাগি চাওঁ৷ কথা পাতোঁ তাহাঁতৰ লগত৷ চে কেথেড্ৰেল, আৱাৰ লে’ডী অৱ্ মাউণ্ট গীৰ্জাঘৰ, লে’ডী অৱ্ ইমাকুলেট কনচেপশ্যন গীৰ্জাঘৰ, মংগেশ্বী মন্দিৰ, শান্তা দুৰ্গা মন্দিৰ, মহাদেৱ মন্দিৰ সকলোতে একেখনেই ছবি৷ শিৱমে মোক গৌতম বুদ্ধৰ লগতো চিনাকি কৰি দিছে৷ চিনাকি কৰি দিছে মহাবীৰ বৰ্দ্ধৰ্মানৰ লগতো৷ চিনাকি কৰি দিছে শ্ৰীৰামচন্দ্ৰ লগতো৷ মাতা সীতাৰ লগত৷ ৰাধা-কৃষ্ণৰ প্ৰেমৰ লগতো মই পৰিচয় হৈছোঁ৷ মহাদেৱৰ লগত৷ শিৱমৰ লগে লগে ময়ো চিঞৰি উঠিছো– “হৰ হৰ মহাদেৱ”৷ প্ৰত্যেকৰে লগত মহাদেৱৰ অস্তিত্ব বিৰাজমান৷ বাঃ কি সুন্দৰ দৰ্শন; লগ পাইছোঁ চাৰি বেদক, লগ পাইছোঁ কালিদাস... বাল্মীকি অৰু ব্যাসদেৱক৷ লগ পাইছোঁ গান্ধী মহাত্মাক৷
আচৰিত; অতি আচৰিত; সকলোতে ইমান ত্যাগ৷ সিদ্ধাৰ্থ গৌতম বুদ্ধৰ কাহিনীয়ে মোৰ মন মুহি পেলাইছে৷ আঃ মানৱ জাতিৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণৰ উপায় বিচাৰি কণমান সন্তানক বুকুত লৈ গভীৰ প্ৰশান্তিৰে নিদ্ৰা যোৱা সুন্দৰী পত্নী যশোধৰাক এৰি থৈ সংসাৰ মোহ ত্যাগ কৰিবলৈ কিমান মহান, কিমান ত্যাগী হ’ব লাগিব? সেই ত্যাগৰ ওচৰত শতবাৰ মোৰ শিৰ নত হৈ যায়৷
আমাৰ বিয়ালৈ মাজত মাথোঁ কেইটামান দিন৷ শিৱম ভাবুক হৈ আছে৷ থকাৰ কথাই৷ তেওঁ সম্পূৰ্ণ
ভিন্ন আদব কায়দাৰ এজনী বিদেশী ছোৱালীক পত্নীৰূপে আদৰি আনিবলৈ ওলাইছে৷ পিতৃ-মাতৃ
ভাই-ভনীৰে এখন ভৰপূৰ ঘৰ শিৱমৰ৷ হয়তো তেওঁৰ শংকা হৈছে, পাৰিবনে ইছাবেলে? ময়ো ভাবুক হৈ আছোঁ৷
যিমানেই বিয়াৰ দিন ওচৰ চাপি আহিছে সিমানেই মই যেন এক অদৃশ্য মায়াৰ বন্ধন ছিঙি
বিশ্ব ব্ৰহ্মাণ্ডত এছাটি বতাহ হৈ বিলীন হৈ যাবলৈ ব্যাকুল হৈ পৰিছোঁ, ভাষাৰে বুজাব
নোৱাৰা এক অবুজ ভাবত অভিভূত হৈ পৰিছোঁ৷
পাৰিমনে মাথোঁ এটা পৰিয়ালৰ মাজত, মাথো পত্নী-বোৱাৰী, এটি বা দুটি সন্তানৰ
মাতৃ হৈ এটা জীৱন অতিৱাহিত কৰি দিব? মই পাৰিমনে মোৰ সকলো কৰ্ম ঈশ্বৰৰ নামৰ উছৰ্গা কৰিব? ঈশ্বৰৰ নামত উছৰ্গা কৰিব পৰাকৈ মই কৰিমেই বা কি কৰ্ম?
“বেছিলিকা অৱ্ ব’ম যীজাছ” নিৰ্জনতাত বুৰ গৈ আছে৷ সন্ধিয়া চাৰে ছয় বজাৰ পাছত তাত পৰ্যটক আৰু দৰ্শনাৰ্থীৰ প্ৰৱেশ নিষেধ৷ সান্ধ্য প্ৰাৰ্থনা এতিয়াও আৰম্ভ হোৱা নাই৷ মই মগ্ন হৈ চাই আছোঁ চাৰিশ বছৰৰো অধিক কাল ইয়াতেই নিতাল মাৰি শুই থকা মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰলৈ৷ চাই আছোঁ সেই পৱিত্ৰ শৰীৰলৈ যি শৰীৰৰ পৰা “জেচুইট” (Jesuit) অৰ্থাৎ ছ’চাইটি অৱ্ যীজাছৰ ধৰ্মাচাৰ্য “জেনেৰেল ক্ল’ডিঅ’ একুৱাভিভাৰ” অনুৰোধত বাহুৰে সৈতে সোঁ হাতখন বিচ্ছিন্নকৈ লৈ গৈছিল৷ কিলাকুটিৰ পৰা আঙুলিলৈকে হাতৰ অংশটো আজিও সংৰক্ষিত হৈ আছে ৰোমত৷ আৰু উৰ্দ্ধবাহুৰে সৈতে হাতৰ বাকী অংশও দুভাগ হৈ গ’ল৷ এটা অংশ সংৰক্ষিত হৈ আছে কচিনৰ জেছুইট কলেজত আৰু আনটো অংশ আছে মালাক্কা কলেজত৷ মৃত্যুৰ চৈধ্য মাহৰ পাছত যেতিয়া ফ্ৰাঞ্চিছৰ শৱদেহ গোৱালৈ অনা হ’ল তেতিয়া কিছুদিন গুণমুগ্ধ আৰু অনুগামীসকলৰ দৰ্শনৰ বাবে ৰখা হৈছিল আৰু “ড’না ইছাবেল কেৰম” নামৰ এগৰাকী পৰ্তুগীজ মহিলাই ফ্ৰাঞ্চিছৰ সোঁ ভৰিৰ কেঞা আঙুলিটো কাটি লৈ গৈছিল আৰু এই অংশ আজিও সংৰক্ষিত হৈ আছে৷ এনেকৈয়ে ফ্ৰাঞ্চিছৰ শৰীৰৰ অকণ অকণ অংশ বিশ্বৰ বিভিন্ন ঠাইত সংৰক্ষিত হৈ আছে৷ পিতামহ ফ্ৰাঞ্চিছৰ শৱদেহটোলৈ চাই চাই মই ভাবিছো, কিমান আত্মত্যাগী হ’লে মৃত্যৰ শ শ বছৰৰ পাছতো কোনোবাই ইমান শ্ৰদ্ধা লাভ কৰিব পাৰে?
: কি ভাবত বিভোৰ হৈ আছা ইছাবেল ...
ছিষ্টাৰ বেথেলৰ মাতত মই চমকি উঠিলোঁ ৷
: ছিষ্টাৰ বেথেল, মোৰ পিতামহৰ দৰে ময়ো মোৰ প্ৰতিটো কৰ্ম ঈশ্বৰক উছৰ্গা কৰাৰ
অঙ্গীকাৰ কৰিছো৷
: কি ক’লা ? তুমি এগৰাকী নান হোৱাৰ সংকল্প লৈছে ইছাবেল ?
: য়েছ ছিষ্টাৰ বেথেল...
: তোমাৰ বিয়ালৈ মাথোন কেইটামান দিন বাকী...
: জানো ছিষ্টাৰ বেথেল৷
: এই পথত সুকোমল গোলাপৰ দলিচা নাই ইছাবেল। এই পথ কণ্টকময়। আৱেগত কোনো পৰিকল্পনা নকৰিবা ইছাবেল।
মই থিয় হৈ জ্বলি থকা মমডালৰ ওচৰলৈ গৈ
উত্তপ্ত শিখাৰ ওপৰত সোঁহাতৰ তলুৱাখন থৈ শপত ল’লোঁ–
: মই মিছ ইছাবেল জেভিয়াৰে প্ৰভূ
যীশুৰ নামত শপত লৈছোঁ, মোৰ পিতামহ ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ নামত শপত লৈছোঁ। মোৰ জীৱনৰ
প্ৰতিটো মৰমৰ সম্পৰ্ক ত্যাগ কৰি আজীৱন অবিৱাহিত হৈ থাকি বিশ্বৰ সকলো প্ৰাণীৰ সেৱাৰ
বাবে মোৰ জীৱন উছৰ্গা কৰিম৷
: আমেন...
ছিষ্টাৰ বেথেলে কৈ উঠিল৷ আনন্দ-আৱেগ আৰু বিষাদে একেলগে মোক বেঢ়ি ধৰিলে৷ মই ছিষ্টাৰ
বেথেলৰ কান্ধত মূৰ থৈ উচুপি উঠিলোঁ৷ কোনোবা এজন সোমাই আহি ছিষ্টাৰ বেথেলৰ হাতত এটা বন্ধ খাম
দিলেহি
: তোমাৰ চিঠি ইছাবেল।
ছিষ্টাৰ বেথেলে মোৰ নাম লিখা খামটো মোলৈ আগবঢ়াই দিলে৷ শিৱমৰ চিঠি–
“ডিয়েৰ ইছাবেল, মোক ক্ষমা কৰিবা৷ মই আজীৱন ব্ৰহ্মচৰ্য ব্ৰত পালন কৰাৰ
সিদ্ধান্ত লৈছোঁ৷ মই আজীৱন অবিৱাহিত হৈ থাকি বিশ্বৰ
সকলো প্ৰাণীৰ বাবে জীৱন উছৰ্গা কৰাৰ সিদ্ধান্ত লৈ পেলাইছোঁ৷
ধৰ্মৰ ঊৰ্ধ্বত থাকিও মানৱসেৱা কৰিব পাৰি। কিন্তু ধৰ্মই আমাক নৈতিকতাৰ বান্ধোনেৰে কটকটীয়াকৈ বান্ধি
ৰাখিব৷ ত্যাগৰ অবিহনে আমি একো কৰিব নোৱাৰোঁ, যেনেকৈ সকলো ত্যাগ
কৰি ফ্ৰাঞ্চিছ এদিন ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰ
হৈছিল, যেনেকৈ যশোধৰা আৰু ৰাহুলক ত্যাগ কৰি সিদ্ধাৰ্থ এদিন গৌতম বুদ্ধ হৈছিল৷
ফ্ৰাঞ্চিছৰ জীৱনীয়ে মোৰ জীৱনত এনেকৈ প্ৰভাৱ পেলালে যে এতিয়া মাথোঁ কাৰোবাৰ
স্বামী, পিতৃ বা পুত্ৰ হৈ জীৱন অতিবাহিত কৰা মোৰ পক্ষে সম্ভৱ নহয় ইছাবেল ৷ Because, I also
want to offer to God all my prayers... works... joys and sufferings of the
day... মই তোমাৰ সমস্ত প্ৰেম ত্যাগ কৰিলোঁ ইছাবেল৷”
চিঠিখন ছিষ্টাৰ বেথেলৰ হাতত গুজি দি শেষবাৰৰ বাবে শিৱমক এপলক লগ পাবলৈ, মোৰ সিদ্ধান্তৰ বিষয়ে জনাবলৈ বুলি মই বাহিৰলৈ দৌৰ মাৰিলোঁ৷ শিৱম তেতিয়া বহুদূৰ পাইছেগৈ৷ ৰিণিকি ৰিণিকি দেখা পৱা শিৱমৰ কমলাবুলীয়া পোছাকযোৰ তেতিয়া পেৰিছ বিশ্ববিদ্যালয়ৰ সহপাঠী, প্ৰেমিকা ইছাবেলৰ স্পৰ্শৰ ঊৰ্ধ্বত৷ মই নিৰ্বাক-নিস্পন্দ প্ৰস্তৰ মূৰ্তিৰ দৰে জথৰ।
দৌৰি ওলাই আহিছে ছিষ্টাৰ বেথেল৷ স্বতস্ফুৰ্তভাৱে ছিষ্টাৰ বেথেলৰ অন্তৰৰ পৰা প্ৰাৰ্থনা
নিগৰিছে, “সৰ্বশক্তিমান, তোমাৰ এয়েই ইচ্ছা৷ এই বলিদান যেন
অথলে নাযায়। আমাৰ প্ৰিয়তম ছে’ণ্ট ফ্ৰাঞ্চিছ জেভিয়াৰৰ দৰে শিৱম আৰু ইছাবেল যেন এদিন মানৱ সমাজৰ বাবে ঈশ্বৰৰ উপহাৰ হিচাপে পৰিগণিত হয়। আমেন।”
প্ৰাৰ্থনাগৃহৰ পৰা শুৱলা সুৰ এটি ভাহি আহিছে–
O God of love... we praise and
thank you... For the wonderful gift of St. Francis Xavier
To the Church... in particular... To the Indies... especially to India...
ঠিকনা :
অজন্তা
চিভিল ছেক্ৰেটেৰিয়েট
/ অৰুণাচল প্ৰদেশ
ব্লক -২, ২য় মহলা,
ৰূম নং – ২০২,
ইটানগৰ, ৭৯১১১১
ভ্ৰাম্যভাষ : ৮৭৮৭৪৮২৩৭৮/৯৪৩৬২৫৩৩৪২
ইমেইল : ajantadotc@yahoo.in