অন্যযুগ/


শ্যামলতা

 অংগনা ভট্টাচাৰ্য্য

 

“মৌ-মেল” 

স্কুলৰ ঘণ্টা বজাৰ লগে-লগেই দৌৰ মাৰি মই শ্ৰেণীকোঠাৰ পৰা ওলাই আহিলোঁ৷ মোৰ পিছে-পিছে কানৈ৷ স্কুলৰ পৰা আহি আলিবাট পোৱালৈকে কানৈৰ মুখখন ওফন্দিয়েই থাকিল৷ মই হাতৰ কিলাকুটিৰে তাইৰ গাত হেঁচুকি দি সুধিলোঁ--

“কি হ’লনো তোৰ কানৈ? মুখখন ফুলাই আছ যে?”

“শ্যাম পেহীৰ কাৰণেহে মই আজি ধৰা পৰিলোঁ!”

মোৰ ফালে নোচোৱাকৈয়ে কথাষাৰ কৈ তাই গপগপাই গৈ থাকিল৷ 

কানৈৰ উৎপাতবোৰ যে শেষ নহ’ল!  তাই আজিও বৰ বেয়া কাম এটা কৰিলে৷ পেটৰ অসুখ বুলি মিছা মাতি তাই আজিও সোনকালে ঘৰলৈ উভতি আহিল৷ ইমানদিনে ছাৰহঁতেও তাইৰ নাটকক সঁচা বুলিয়ে ভাবি আছিল৷ স্কুলত মিছা মাতি কানৈয়ে সোনকালে ঘৰলৈ আহি স্কুলত নাম লিখি নিদিয়া ভাইটিহঁতৰ সৈতে খেলি আছিল৷ শ্যাম পেহীয়ে কেনেবাকৈ কথাটো গম পাই তাইক হাতত ধৰি টানি নি স্কুলত থৈ গ’লহি৷ ছাৰসকলকো তাইৰ বদমাচিৰ কথাটো কৈ গ’ল৷ পেহীৰ কথা শুনি কানৈক গণিতৰ ছাৰে দুকোব দিলে৷ তাই ভুল নকৰা নহয়৷ পিছে ছাৰে তাইক পিটা বাবে মোৰ বৰ বেয়া লাগিল৷

কানৈয়ে মুখ ফুলাই পুনৰ মোক ক’লে--

“যি হ’ল সকলো পেহীৰ বাবেই হ’ল৷ পেহীনো নিজৰ ঘৰলৈ গুচি নাযায় কিয়?”

কানৈৰ কথা শুনি মই সামান্য আচৰিত হ’লোঁ৷ তাইক সুধিলোঁ মই -

“কিয়? এইখনেই পেহীৰ নিজৰ ঘৰ নহয় নেকি কিবা?”

“সেন্দূৰৰ ফোঁট লোৱা তিৰোতাই মাকৰ ঘৰত থাকে নেকি? আমাৰ মাহঁতক দেখা নাই? সেন্দূৰ লয় বাবেই নিজৰ ঘৰ এৰি আহিছে৷ কেতিয়াবাহে আমি মামাহঁতৰ ঘৰলৈ যাওঁ৷”

কানৈৰ কথা শুনি মই বহুপৰ ভেবা লাগি ৰ’লোঁ৷ ঘৰ পায়েই বেগখন নমাই থৈ মাক সুধিলোঁ - 

“মা, পেহীৰ যদি বিয়া হৈছে, আমাৰ ঘৰত কিয় থাকে? তই দেখোন মামাহঁতৰ ঘৰত নাথাক?”

কিয় জানো প্ৰথম বাৰলৈ মাৰ মুখখন সিদিনা মোৰ অচিনাকি যেন লাগিল৷ 

“ল’ৰালিৰ মৌচেপা মাত।” 

কিছু বছৰৰ আগলৈকে শ্যাম পেহীৰ হাতত ধৰি মই নামঘৰলৈ গৈছিলোঁ৷ পেহীৰ সিখন হাতত ধৰিছিল কানৈয়ে৷ আৰু তেওঁৰ পিছে-পিছে আমাৰ ঘৰৰ ডাঙৰ ছোৱালী কেইজনী গৈছিল৷ যিদিনা নামঘৰত লাড়ু দিয়াৰ কথা আছিল অথবা কোনোবাই জেলেপিৰে সৈতে চাহ খুৱাইছিল, সিদিনাহে বাইদেউহঁত নামঘৰলৈ গৈছিল৷ প্ৰসাদ বিলোৱাৰ সময়ত প্ৰায়েই আয়তী দুগৰাকীমানে আপত্তি কৰিছিল -

“গোটেই লাড়ুবোৰ দেখোন এখন ঘৰলৈকে যায়! শ্যামে জানি-বুজিয়েই সদায় এইখন কৰে! হ’ল বুলি এখন ঘৰৰ পৰাই ন-দহজন মানুহ আহেনে?”

আয়তীসকলৰ গুণগুণনিবোৰ প্ৰায়েই শ্যাম পেহীয়ে নুশুনাকৈ থাকে৷ কিন্তু কোনোবাদিনা শুনিলেই কঁকালৰ খোচনিত চাদৰৰ আঁচলটো খুচি লৈ উচাৎ মাৰি উঠে -

“হেৰৌ, গোঁসাইৰ ঘৰলৈও তহঁতক সুধি আহিম নেকি? নেদেখা ঈচৰে দিওঁ বুলিয়েই ঘৰখন পো-পোৱালিৰে উপচাই দিছে৷ সেই বুলিয়েই সকলোৰে ঈৰ্ষা! নহয়নে তপনৰ মাক? পিছে নামঘৰৰ বছৰেকীয়া ভাওনা-সবাহৰ বাবে আমাৰ ঘৰখনৰ পৰাই চবতকৈ বেছি টকা-সিকি আহে৷ মনত ৰাখিবি৷” 

আয়তীসকলেও মুখ বন্ধ কৰে৷ মই আৰু কানৈয়ে একো তত ধৰিব নোৱাৰি কেঁচাকৈ বন্ধা লাড়ুবোৰ চুপি থাকোঁ৷ বাইদেউহঁতে লাজতে ৰঙা পৰে৷ ঘৰলৈ উভতি আহোঁতে পেহীক সিহঁতে খং কৰি কয় -

“তোৰ কাৰণেহে পেহী, আমি মানুহৰ কথা শুনিব লাগে৷ আমিতো আহিবলৈ মনেই নকৰোঁ৷ তইহে জোৰ কৰি লৈ আহ? আজিৰ পৰা কেতিয়াও নাহোঁ কিন্তু যাঃ৷ কৈ দিছোঁ৷”

পেহীয়ে জোৰকৈ মোৰ হাতখনত টিপা মাৰি ধৰে৷ খং উঠে সিহঁতলৈ৷ আৰু টিপা মাৰে মোক৷

সিহঁতলৈ নোচোৱাকৈয়ে পেহীয়ে গালি পাৰে - 

“ধুনপেচ মাৰি যে নামঘৰলৈ আহ, নাম এটাত সুৰ লগাব জাননে? একোটোৱোই নাজান৷ ঠিক আছে৷ কাইলৈৰ পৰা তহঁত নামলৈ নাহিবি৷ কিন্তু নামঘৰৰ পৰা ঘৰ পালেই মোৰ ৰুমালৰ পৰা পকা কল আৰু লাড়ু বিচাৰিবলৈ নাহিবি৷ ময়ো কৈ দিছোঁ৷ তহঁত ডাঙৰ হৈছ৷ গাইপতি চাৰিটাকৈ লাড়ু দিয়ে বুলিহে টানি-চুঁচি লৈ আহোঁ৷ ইহঁত দুটাক দিয়ে মাত্ৰ দুটাকৈ৷ ঘৰত দেখোন এচিকুটকৈ ভগাবলৈও নোযোৰে!” 

আমি আটাইকেইজনী চুপ-চাপ হৈ ঘৰলৈ আহি থাকোঁ৷ কাৰোবাৰ ঘৰৰ পৰা লুচি ভজাৰ সুগন্ধি এটা বিয়পি পৰে৷ সেই সুগন্ধিয়ে যেন আমাৰ বাটটোত হাতলেম্প এটাৰ দৰে পোহৰ দিব খোজে৷ বাটটোৰ কাষতে চপাই থোৱা অম্বৰহঁতৰ গৰুগাড়ীখনৰ কাষেদি পাৰ হৈ কানৈ আৰু মই হেডছাৰে মুখস্থ কৰিবলৈ দিয়া পূৰণৰ ভাগকেইটামান আওঁৰাবলৈ ধৰোঁ৷ 

কথাবোৰ মনলৈ আহিলে এতিয়াও এক অবুজ সুখানুভৱে মেৰিয়াই পোলায়৷ আমিতো এতিয়া ডাঙৰ হ’লোঁ৷ হাইস্কুল পালোঁ৷ তথাপি আমালৈ পেহীৰ সাদৰ নকমিল৷ বয়সৰ প্ৰভেদ নেওচি আমি পেহীৰ লগৰীয়া হৈ পৰিলোঁ৷ 

“এটা দুষ্ট সাধুকথা” 

বিয়াৰ পাছত এঘাৰ দিন শহুৰেকৰ ঘৰত থাকি প্ৰথম বাৰলৈ যিদিনা শ্যামপেহী ঘৰলৈ আহিছিল, তেওঁৰ চেহেৰাৰ উজ্জ্বলতা দেখি গোটেই ঘৰখন জুৰ পৰিছিল৷ পেহী আছিল মাত্ৰ এঘাৰ বছৰীয়া৷ বিশেষ একোকে নাজানিছিল৷ কিন্তু এটা কথাতে তেওঁৰ বৰ ৰং লাগিছিল- ঘৰখনত একোৰে অভাৱ নাছিল৷ ঘৰে-পথাৰে জাকজমক আছিল৷

এমাহৰ বাবে আমাৰ ককা বঙলৰ পৰা ঘৰলৈ আহিছিল৷ ঘৰত খোজ থৈয়েই তেওঁ পেহীৰ খবৰ লৈছিল৷ ভ্ৰূ কুঞ্চিত কৰি আইতাক সুধিছিল -

“শহুৰেকৰ ঘৰৰ পৰা মই তাইক ঘৰত থৈ বঙলত ডেৰমাহ কটাই আহিলোঁ৷ এতিয়াও তাই ঘৰতে আছে? ন-কইনা এজনী ইমান দিনলৈ মাকৰ ঘৰত থাকেনে? তহঁতে কিয় মোলৈ খবৰ দিয়া নাই? কাইলৈ তাইক লগত লৈ মই পাওনীলৈ যাম৷ তাইক আজি ৰাতিয়েই সকলো সাজু কৰি থ’বলৈ কৈ দে৷”

আইতাই ককাক খং কৰিছিল - 

“আপুনি মিছাতে চিন্তা কৰিছে৷ শ্যামৰ নতুন ঘৰখন বৰ ভাল৷ আধুনিক মনৰ৷ সেইদেখিহে তাইক নিজৰ ইচ্ছামতে ইয়াত থাকিবলৈ কৈছে৷ অত দূৰৰ পৰা আহি পাইছেহে৷ কাইলৈ থাকক৷ দুদিন পাছত পাওনীলৈ বুলি ওলাই যাব৷” 

ককাই মুখেৰে একো মতা নাছিল৷ কিন্তু পাছদিনা পুৱাই গৰুগাড়ী এখন লৈ শ্যাম পেহীৰ সৈতে তেওঁৰ শহুৰেকৰ ঘৰলৈ ৰাওনা হৈছিল৷ 

চহকী ঘৰখনৰ কাৰবাৰেই বেলেগ আছিল৷ ককাৰ আপ্যায়নৰ কোনো ক্ৰুটি ৰখা হোৱা নাছিল৷ বাটকুৰি বাই যোৱা বাবে দুয়োৰে যথেষ্ট ভাগৰ লাগিছিল৷ মুখ দুখন শুকাই কজলা বৰণীয়া হৈছিল৷ ককাৰ বাবে জলপান লৈ অহা ন-বোৱাৰীগৰাকীক চিনি নাপাই ককাই সামান্য তভক মাৰি ৰৈছিল৷ পেহীৰ শাহুৱেকে খিলখিলাই হাঁহি ককাৰ সৈতে তেওঁৰ চিনাকি কৰাই দিছিল--

“এওঁ আমাৰ ডাঙৰ বাপুৰ নতুন কইনাজনী৷ এমাহ পাৰ হৈ যোৱাৰ পাছতো শ্যামলতাৰ কোনো খা-খবৰ নাপাই আমি এইকেই লৈ আহিলোঁ৷ ঘৰৰ বোৱাৰীজনী নোহোৱাকৈ ঘৰখন নচলে নহয়৷ তথাপি শ্যামলতা আজি উভতি আহিছে৷ যদি তাইৰ থাকিবলৈ মন আছে, থাকিব পাৰিব৷ আমাৰ কোনো বাধা নাই৷ কিন্তু তাইৰ দেখোন সৰুপিতাকলৈহে বৰকৈ মনত পৰি থাকে৷ আপুনি তাইক ইয়াত থৈ যোৱাৰ পাছত আপোনাক মনত পেলায়েই তাই কান্দি থাকিব৷ গতিকে তাইৰ মনটো য’ত থাকে, তাতেই থকা ভাল নেকি?”

ককাৰ মূৰত সৰগ ভাগি পৰিছিল যেন৷ থোকাথুকি মাতেৰে তেওঁ কৈছিল -

“আপোনালোকে এইবোৰ কি কৰিলে? তাইক নিজেই আনিবলৈ যাম বুলি কৈও কোনো এজন নগ’ল৷ ইমান দিনে তাইৰ খবৰ এটাও নল’লে৷ আৰু এতিয়া এইবোৰ কি কৈছে? তাইৰ বয়সনো কিমান? জন্মতেই মাক ঢুকাইছে৷ ডেৰ বছৰ বয়সত পিতাক ঢুকাইছে৷ আমিয়েই তাইক ডাঙৰ-দূঘল কৰিছোঁ৷ সৰু পিতাক হ’লেও ময়েই তাইৰ পিতাক৷ সেইদেখিহে তাইৰ মোলৈ ইমান মন!” 

“হ’লেও আপুনি তাইৰ জন্মদাতা নহয়৷ গাভৰু বোৱাৰী এগৰাকীয়ে আত্মীয় মানুহ এগৰাকীক মনত পেলাই কান্দি থকা কথাটোক আমি চকু মুদি উলাই কৰিম নেকি? যদি একোৱেই জনা-বুজা হোৱা নাই, বিয়ানো কিয় দিছিল?” 

সন্ধিয়া লাগি ভগাৰ আগতে গৰুগাড়ীখন আমাৰ চোতালত ৰৈছিল৷ ককাৰ হাতত ধৰি নামি আহিছিল শ্যামপেহী৷ আহিয়েই আনন্দতে আইতাৰ ডিঙিত সাবটি ধৰি কৈছিল-- 

“আহি থাকোঁতে সৰুপিতাই কৈছে, মই বোলে আৰু পাওনীৰ ঘৰখনলৈ উভতি যাব নালাগে৷ মই সদায় ইয়াতে থাকিব পাৰিম৷ তোমাৰ লগতেই থাকিব পাৰিম খুড়ী৷ কিমান যে ভাল লাগিছে মোৰ৷ ৰ’বা, দেৱযানীহঁতক মোৰ খবৰটো দি আহোঁগৈ৷” 

আইতাই মুখ মেলি পেহীলৈ চাই থাকোঁতেই পেহীয়ে এখন ভৰি দাঙি আনখন ভৰিৰে নাচি-নাচি গৈ চুবুৰীয়া দেৱযানী পেহীহঁতৰ ঘৰ পাইছিলগৈ৷ 

“শেৱালি ফুলৰ তিতা।”

কানৈৰ বিয়া৷ সেইবাবে হোষ্টেলৰ পৰা মই ঘৰলৈ আহিছোঁ৷ মোৰ ভিতৰখন কিহবাই যেন হেঁচা মাৰিহে ধৰিছে! কানৈৰ পৰা আঁতৰি থকাটো ইমান জানো সহজ হ’ব?  তাইৰ বিয়াৰ দিন ঠিক হোৱাৰে পৰা গাঁৱত এটা কথাৰ বৰকৈ চৰ্চা হৈছে-- 

“কানৈ আৰু মানু এমাহৰ ভিতৰতে জন্ম হোৱা৷ এগৰাকীৰ বিয়া৷ আনগৰাকীক আকৌ পণ্ডিত কৰিবলৈ গুৱাহাটীৰ হোষ্টেলত থৈ মাক-দেউতাকে পঢ়ুৱাই আছে৷ কানৈয়ে দুই-তিনিটা ল’ৰা-ছোৱালী কোলাই-বোকোচাই লৈহে মানুৰ বিয়া খাবলৈ আহিব পাৰিব!”

“কানৈজনী জানো কম? এবাৰ ময়েই তাইলৈ বুলি ইঞ্জিনীয়াৰ ল’ৰা এজনৰ খবৰ লৈ গৈছিলোঁ৷ মোৰ নিজৰেই বাইদেউৰ ল’ৰা৷ ল’ৰাৰ বিষয়ে কি ক’ম! ৰূপে-গুণে সমান৷ সোণৰ দৰে গাৰ ৰং৷ এতিয়াও মাক-দেউতাকৰ কথা আখৰে-আখৰে মানে৷ কোনো কথাকে অমান্য নকৰে৷ তামোল এখন মুখত দি পোৱা দূৰৰ কথা, চুয়েই পোৱা নাই৷ আজিলৈকে ছোৱালী এজনীলৈ মূৰ তুলি চাই পোৱা নাই৷ তেনেকুৱা ল’ৰা আজিৰ দিনত পোৱাটো সৌভাগ্যৰে কথা৷ কিন্তু কানৈজনীয়ে কি কৰিলে জানানে? বোলে মোলৈ দেৱতাৰ দৰে দৰা নানিবাহে খুড়ী৷ তামোল এখনো নোচোৱে! ছোৱালী এজনীলৈও চাই পোৱা নাই! তেওঁ দেখোন মানুহ নহয় তেন্তে? মহাপুৰুষহে৷ নহ’লে ত্ৰিছ বছৰীয়া নৰ্মেল ল’ৰা এজনে ছোৱালী এজনীও নোচোৱাকৈ দিন পাৰ কৰিছেনে? মোকতো বিয়া হ’বলৈ ভুলে-ভালে মানুহ দৰা এজনহে লাগে৷ একেবাৰে দোষ-ভুল নোহোৱা নিকা মানুহৰ সৈতে বিয়া হ’বলৈ ময়োতো দেৱী নহওঁ— তেতিয়াৰে পৰা সেৱা কৰিছোঁ, সেইখন ঘৰৰ ছোৱালীলৈ আৰু ল’ৰা নেদেখুৱাওঁ ৷ শ্যাম বাইদেৱে ছোৱালীকেইজনীক লাই দি দি নষ্ট কৰিছে৷ তেৱেঁই বোলে ভায়েকহঁতক কৈছে— পঢ়া শেষ নোহোৱালৈকে ছোৱালীক বিয়া দিব নোৱাৰিবি৷ বিয়াই ছোৱালীৰ জীৱনৰ একমাত্ৰ উদ্দেশ্য নহয়— এইবোৰ নাভূত-নাশ্ৰূত ওলোটা কথা এওঁলোকৰ ঘৰতহে শুনিবলৈ পাইছোঁ৷ আমাৰনো কি? বিয়ালৈ মাতিছে৷ আমি বিয়া খাবলৈ যাম৷ বুঢ়া কালত পাতিলেও মানুৰ বিয়ালৈও যাম৷” 

বতাহত ভাহি অহা কথাবোৰ শুনি কানৈ আৰু মই পাৰোঁ মানে হাঁহোঁ৷ দুয়ো এটাৰ পাছত আনটো কথাৰ ফুলজাৰি মাৰোঁ৷ তাইৰ হাতত জেতুকাৰ বোল আঁকি থাকোঁতে হঠাতে মোৰ এটোপাল চকুলো সৰি পৰে৷ মোক দেখি তায়ো উচুপি-উচুপি কান্দি উঠে৷ আমাক দেখি পেহী আগবাঢ়ি আহে৷ কানৈৰ মূৰত মৰমেৰে হাত বুলাই দিয়ে৷ 

পেহীৰ ৰঙা পৰি যোৱা চকু দুটালৈ চাই আমি দুয়ো পুনৰ উচুপি-উচুপি কান্দিবলৈ ধৰিলোঁ৷ 

“আৰাধ-অনুনয়” 

উলহ-মালহেৰে কানৈৰ বিয়াখন পাৰ হৈ গ’ল৷ আজি তাইৰ আঠমঙলা৷ আজি গধূলিলৈ কানৈ নিজৰ ঘৰলৈ যাব৷ ইতিমধ্যে কেইজনমান বন্ধু আৰু আত্মীয়ৰ সৈতে দৰা আমাৰ ঘৰ আহি পাইছেহি৷ চ’ৰাঘৰত বহি তেওঁলোকে চাহ-জলপান খাই আছে৷ 

মই কানৈয়ে নিবলগীয়া তাইৰ অত্যাৱশ্যকীয় বয়-বস্তুবোৰ নিৰীক্ষণ কৰি আছোঁ। ক’তো একো ৰৈ যোৱা নাইতো? 

দৰাঘৰীয়াই ভাত খাই আজৰি হোৱাৰ লগে-লগেই ধুমুহাৰ দৰে এটা খবৰ আহিল- শ্যাম পেহীৰ গিৰীয়েক হেনো ঢুকাল৷ তেওঁৰ নিজৰেই ল’ৰা এজনে দেউতাক ফোন কৰি জনাইছে৷ নিমিষতেই ঘৰখন কেঁহেৰাজ বটা যেন হ’ল৷ ইফালে দুপৰীয়াৰ সাঁজ খাবলৈ গাঁৱৰ ৰাইজ আহি ঘৰত বহি আছেহি৷ কি কৰা যায়? কেনেকৈ পেহীক কথাটো জনোৱা যায়? 

কথাৰ হিচাপ-নিকাচ চলি থাকোঁতেই পেহী ভাতৰ পাতত বহিল৷ ইফালে উপস্থিত ৰাইজেও খবৰটো পাইছিল৷ কোনেও পেহীক একো ক’ব নিবিচাৰিলেও পেহী ভাত খাবলৈ যোৱা দেখি মানুহবোৰৰ মাজত হুৱাদুৱা লাগিল৷ 

যি নহ’লেও গিৰীয়েক৷ সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুসৰি তেওঁলোকৰ বিয়া হৈছিল৷ তেনেস্থলত গিৰীয়েকৰ মৃতদেহ ঘৰৰ চোতালত থাকোঁতেই তেওঁৰ বিৱাহিতা স্ত্ৰীয়ে মাছে-মঙহে ভাত খাব? এয়াটো ঘোৰ পাপ৷ 

পেহীয়ে ভাত এগৰাহ মুখলৈ নিছিলহে, কাষৰে ৰশ্মিহঁতৰ বৰমাই গৈ পেহীক ক’লে—  

“বাইদেউ, আপুনি অলপ এইফালে উঠি আহকচোন৷ কথা এটা হৈছে৷” 

পেহীয়ে বৰমাৰ কথাটো নুশুনাৰ দৰে দেখুৱাই ক’লে 

“ৰশ্মিৰ মাক, দাইলেৰে ভাতেই নাযায় মোৰ৷ মাছৰ আঞ্জাখন মোক সোনকালে দি যাবলৈ কচোন৷” 

ৰশ্মিৰ মাকৰ মুখৰ মাত হৰিল৷ কি কৰে তেওঁ এতিয়া? জানি-বুজি তেওঁতো এই পাপৰ সমভাগী হ’ব নোৱাৰে? মনতে সাহস গোটাই তেওঁ পেহীক ক’লে  

“বাইদেউ, আজি আপুনি ভাত খাব নোৱাৰে৷ তথাপি খাইছে যদি ভিতৰৰ নিৰামিষ পাগত খাওকগৈ৷ ভিনদেউ নাই নহয়৷ আপুনি চাগে গমেই পোৱা নাই!”

পেহীৰ মুখৰ অভিব্যক্তি সলনি নহ’ল৷ তেওঁ ৰশ্মিৰ মাকৰ কথাক গুৰুত্ব নিদি নিজেই বিলনীয়া এজনৰ হতুৱাই মাছ-মাংসৰ বাটি দুটা অনালে৷ ইতিমধ্যে পেহীৰ কেইবাটাও দাঁত সৰিছিল৷ তেওঁ মাংস খাবলৈ এৰি দিছিল৷ কিন্তু আজি পেহীয়ে সোলা মুখেৰেই সলৌপ-সলৌপকৈ মাংসৰ টুকুৰাবোৰ চুহিবলৈ ধৰিলে৷

দূৰৈৰ পৰাই কানৈ আৰু মই চাই থাকিলোঁ৷ কানৈয়ে ৰ’ব নোৱাৰি কান্দিয়েই পেলালে৷ মইতো কান্দিবলৈও পাহৰি গ’লোঁ৷ মা আৰু বৰমাহঁতে পেহীক নিজৰ কোঠালৈ লৈ আহিল৷ পেহীয়ে মজিয়াত বহি লৈ পুৰণি বাকচ এটাত কিবা খেপিয়াবলৈ ধৰিলে৷ বৰমাই পেহীক উদ্দেশ্যি ক’লে

“ভিনদেউগৰাকীয়ে শেষ সময়ত আপোনাক লগ পাবলৈ বৰকৈ মন কৰিছিল হেনো বাইদেউ৷ আমাৰ ঘৰলৈ খবৰ পঠাবলৈ পুতেকহঁতক খাটনিও ধৰিছিল৷ কিন্তু পুতেকহঁতেনো কি স’তে আপোনালৈ খবৰ পঠিয়াব?” 

বৰমাৰ কথা শুনি পেহীয়ে সামান্য হাঁহিলে৷ বাকচৰ পৰা পুৰণি ফলি এখন আৰু ৰঙা পৰি যোৱা দুডাল মাটিপেঞ্চিল উলিয়াই আনিলে৷ ফলিতে তেওঁ কিবা আঁক-বাক কৰিবলৈ চেষ্টা কৰিলে৷ নিজৰ মাজতেই মগন হৈ তেওঁ বৰমাক ক’লে  

“চাচোন কানৈৰ মাক, কিমান যতনেৰে তেওঁ মোক অ-ফলাখন শিকাইছিল! এতিয়া অ-ৰ পাকটোৱেই নাহে৷ প্ৰথমটো ৰাতি মইতো কান্দিয়েই থাকিলোঁ৷ তাৰ পাছৰ প্ৰতিটো ৰাতি তেওঁ মোক হাতত ধৰি আখৰ লিখিবলৈ শিকাইছিল৷ ঘৰলৈ আহিবৰ দিনা কৈছিল— সোনকালে আহিবা শ্যামলতা৷ এইবাৰ তুমি আহিলে ক-ফলাখন শিকাবলৈ আৰম্ভ কৰিম৷ আজিকালি ছোৱালীয়ে পঢ়িব লাগে৷ পঢ়িলেহে মানুহ চিনিব পাৰিবা৷ নহ’লে সকলোৱে তোমাক ঠগি-ঠগি খাব।” 

মা আৰু বৰমাই পেহীয়ে নেদেখাকৈ উচুপি থাকিল৷ মই আৰু কানৈয়ে দুৱাৰমুখৰ পৰাই চাই থাকিলোঁ৷ 

এইবাৰ পেহীয়ে বাকচটোৰ পৰা পুৰণি পাটৰ সাজ এযোৰ উলিয়াই ল’লে৷ মাহঁতৰ সমুখতেই মাখন ৰঙৰ কাপোৰযোৰ পিন্ধি ল’লে৷ কপালৰ ফোঁটটো ডাঙৰকৈ পিন্ধি লৈ তেওঁ মাহঁতক ক’লে

 “কানৈ আজি নতুন ঘৰলৈ যাব৷ সকলোৰে খোৱা-বোৱা হৈছে যদি বেছি দেৰি কৰিব নালাগে৷ দিনে-পোহৰে তাইক উলিয়াই দিয়াৰ যো-জা কৰিব লাগে৷ ছোৱালীক বিয়াহে দিছ কানৈৰ মাক, ঘৰৰ পৰা উলিয়াই দিয়া নাইতো৷ নতুন জীৱনটোৰ বাবে আমি তাইক আগ্ৰহীহে কৰি তুলিব লাগিব৷ বেছিকৈ কন্দা-কটা নকৰিবি৷ নহ’লে তাইৰ মনটো ইয়াতেই ৰৈ যাব৷ ব’ল, তেওঁক শ্মশানলৈ উলিয়াই নিয়াৰ আগতে কানৈক উলিয়াই দিওঁ৷” 

পেহীৰ মনত কি চলি আছে আমি কোনেও একো ধৰিব নোৱাৰিলোঁ৷ আটায়ে বাহিৰলৈ ওলাই আহিলোঁ৷ পেহীৰ কপালৰ ফোঁটটোৱে যেন বহুতকে বিছাই ডকাদি ডাকিলে৷ 

সৌৱা কানৈ যাবলৈ ওলাইছে৷ পেহীৰ ভৰি চুই সেৱা কৰিছে৷ আজি মই পলাইছোঁ তাইৰ পৰা৷ নিৰন্তৰ কান্দি থকা কানৈক মই আনুষ্ঠানিকভাৱে হ’লেও বিদায় জনাব নোৱাৰোঁ। পিছফালৰ বেঞ্চ এখনত বহি মই উচুপি থাকিলোঁ৷ পেহীয়ে হাতত ধৰি মোক তাইৰ ওচৰলৈ লৈ গ’ল৷

“কানৈৰ সৈতে একেলগে কান্দি ল’ মানু৷ সময়ত কান্দি নল’লে পাছত বৰ অশান্তি পাবি৷ পাৰ হৈ যোৱা সময় কেতিয়াও উভতি নাহে৷”

মই আৰু কানৈয়ে হুকহুকাই কান্দি থাকিলোঁ৷ আমাৰ কান্দোনত সকলোৰে চকু সেমেকি উঠিল৷ মাথোঁ পেহীৰ দুচকু উজলি থাকিল৷ চকুপানীৰ মাজেৰে জিলিকি থকা তেওঁৰ সাহস দেখি মোৰ প্ৰাণ জুৰ পৰি গ’ল৷ 

 

“অমৃতময়” 

পঢ়া সম্পূৰ্ণ কৰি মই গুৱাহাটীৰ পৰা একেবাৰে ঘৰলৈ উভতি আহিছোঁ৷ ৰিজাল্ট নিদিয়ালৈকে দুদিনমান আৰাম কৰিম বুলি ভাবিছিলোঁ৷ পেহীয়ে এদিন মোৰ কাষতে বহি ক’লে— “তইতো এতিয়া এনেয়ে আছ’ মানু৷ ল’ৰা-ছোৱালী কেইটামানকে পঢ়ুৱাই নিদিয় কিয়? নাইন-টেনৰ কিতাপবোৰ বৰ সহজ নহয়৷ ৰমেশৰ ছোৱালীজনী পঢ়াত বৰ চোকা৷ কিন্তু ইস্কুলত যোৱাৰ বাদে তাইক আখৰ এটা দেখুৱাই দিয়া মানুহ এটা নাই৷ তাইকো অলপ চাই দে’চোন৷ অংক দুটামান শিকাই দে৷ গণিতখনো পঢ়াই দে৷ গাঁৱৰ ল’ৰা-ছোৱালীকেইটাক অলপ সহায় কৰি দিলে তোৰো ভাল লাগিব৷ লগতে সিহঁতৰো উন্নতি হ’ব দেচোন৷ নে কি কৱ মানু?” 

অংক আৰু গণিত বেলেগ বুলি ভবা পেহীৰ উদাৰ মনটো দেখি মই জানো না ক’ব পাৰিম? আবেলিৰ পৰা কেইটামান ল’ৰা-ছোৱালীৰ ঘৰলৈ যোৱা আৰম্ভ কৰিলোঁ৷ সিহঁতকো শিকালোঁ৷ নিজেও শিকিলোঁ৷ এই শিক্ষাবোৰে মোৰ পৰৱৰ্তী জীৱনত যথেষ্ট সহায়ক হ’ব বুলি মই নিশ্চিত হ’লোঁ৷

 

গুৱাহাটীলৈ পঢ়িবলৈ যোৱাৰ পাছত আমাৰ পামৰ খেতি চাবলৈ মই যোৱাই নাছিলোঁ৷ এদিন পেহী আৰু কণ খুৰাৰ লগত পামলৈ ওলাই গলোঁ৷ বিধে-বিধে শাক-পাচলি আৰু বতৰৰ ফলেৰে পামখন সেউজীয়া হৈ আছে৷ লগতে জাক-জাক ভেড়াৰ ওমলনি আৰু গৰুৰ হেম্বেলনি৷ দুটাকৈ পুখুৰীত ভিন-ভিন মাছ৷ গণেশ ককা বছৰ-বছৰ ধৰি আমাৰ পামৰখীয়া হিচাপে আছে৷ তেওঁ আমাৰ চুবুৰীয়া৷ আমাৰ পৰা চাৰি ঘৰ এৰিয়েই তেওঁৰ ঘৰ৷ খেতি-খোলাত বৰ মন তেওঁৰ৷ পঢ়া-শুনা বেছি কৰিব নোৱাৰিলে৷ সৰুৰে পৰা অশেষ পৰিশ্ৰম কৰি ভায়েকহঁতক মানুহ কৰিলে৷ শূন্যৰ পৰা ঘৰখন তুলি ধৰিলে৷ এতিয়া নিজে পেট ভৰাই খায়ো নিতৌ অন্য দহজনকো খুৱাব পৰাকৈ তেওঁলোকৰ অৱস্থা৷ ভায়েক-বোৱাৰীয়েকহঁতে তেওঁক বৰ সমীহ কৰে৷ কিন্তু কিয় জানো তেওঁ ঘৰখন নাপাতিলে৷ কেৱল কাম আৰু কাম৷ দেউতা, বৰদেউতা, খুৰা আটাইৰে চৰকাৰী চাকৰি বাবে পামখনত বৰকৈ চকু দিবলৈ তেওঁলোকৰ সময় নাছিল৷ সেয়েহে তেওঁৰ নিজা আগ্ৰহতেই বৰদেউতাই তেওঁক পামখন সঁপি দিছিল৷ অৱশ্যে তেওঁক সহায় কৰিবলৈ মাহিলি মজুৰিত আৰু চাৰিজন মানুহ ৰখা হৈছে৷ এই মানুহবোৰ সলনি হৈ থাকে৷ কিন্তু আমি প্ৰাথমিক শ্ৰেণীত থাকোঁতেই পামলৈ অহা গণেশ ককা পামতেই থাকি গ’ল৷ তেওঁৰ সুবিধা হোৱাকৈ দেউতাহঁতে বৰ ধুনীয়াকৈ ঘৰ এটাও বান্ধি দিছে৷ সকলো সুবিধা কৰি দিছে৷ দিনটোৰ প্ৰয়োজনীয় শাক-পাচলি-গাখীৰ, কেতিয়াবা মাছ ইত্যাদি গোটাই লৈ ৰাতি-দুপৰীয়া গণেশ ককা আৰু বাকীকেইজনে পাল পাতি আমাৰ ঘৰলৈ ভাত খাবলৈ যায়৷ উভতি আহোঁতে বাকীকেইজনৰ ভাত লৈ আহে৷ বতৰ বেয়া হ’লে কেতিয়াবা ইয়াতেও ৰান্ধি খায়৷ গণেশ ককাই ৰাতি আৰু পামলৈ উভতি নাযায়৷ ঘৰতেই শোৱে৷ পুৱা তেওঁ ঘৰতেই চাহ-জলপান খাই বাকীকেইজনৰ জলপানৰ মোনা চাইকেলত লৈ পামলৈ যায়গৈ৷ 

পেহীয়ে ডাঙৰ কলপাত এখনত গণেশ ককাই আনি দিয়া ৰবাব টেঙা দুটামান কাটিবলৈ ধৰিছে৷ গণেশ ককাই গছৰে কণ-জলকীয়া দুটামান, এচিকুট নিমখ আৰু এচামুছ মিঠাতেল আনি পেহীক যোগান ধৰিছে৷ মই মোনা এখনত পকা ঔ দুটামান ভৰাই আছোঁ৷ খুৰাই পুখুৰীত জাল পেলাইছে৷ এনেতে মোৰ চকুত পৰিল, গণেশ ককাই শোতোৰা পৰা হাতেৰে সৰিয়হৰ ফুল এপাহ পেহীৰ খোপাত গুজি দিছে৷  পেহীৰ দুওঁঠত আবেলিৰ  বেলিৰ হাঁহিটো৷ মই একো আওভাও ধৰিব নোৱাৰি ঠাইতে দৰক লাগিলোঁ৷ দুয়ো আপোনমনে কথা পতাত ব্যস্ত৷ দেখিলেই ধৰিব পাৰি যে দুয়োৰে মাজত এক বিশেষ সহৃদয়তা আছে৷ মই নিজৰ উৎসুকতাক শান্ত কৰিব নোৱাৰি পুখুৰীৰ পাৰলৈ গ’লোঁ৷ কণ খুৰাই চাগে’ মোক পুখুৰীৰ পাৰৰ পৰাই লক্ষ্য কৰি আছিল৷ তেওঁ মোক সুধিলে-

 

“কি হ’ল তোৰ?”

 

মোৰ দেখোন সুধিবলৈকে কিবা এটা বেয়া লাগিল৷ এনেই খুৰাৰ ওচৰত থিয় হৈ থাকিলোঁ৷ তেওঁ হয়তো মোৰ মনৰ কথা বুজি পাইছিল৷ তেওঁ পেহীহতঁৰ ফালে চাই ক’লে-

 

“গণেশ খুড়া আৰু বাইদেউৰ সম্পৰ্কটো চাগে’ তই নাজান ন মানু! ইহঁত দুয়ো বৰ ভাল বন্ধু৷ যেতিয়া বাইদেউ গাভৰু হৈছিল, গাঁৱৰ মানুহবোৰে গিৰিয়েকে এৰা তিৰোতা বুলি বাইদেউক অপমান আৰু তাচ্ছিল্য কৰিবলৈ অকণো সুযোগ এৰা নাছিল৷ তেতিয়া মই বা ককাইদেউহঁত বহুত সৰু আছিলোঁ৷ সেই সময়ত আই-পিতাৰ বাদে তেওঁক এখন আলোৱানৰ দৰে নিৰাপত্তা দিবলৈ আগবাঢ়ি আহিছিল একমাত্ৰ গণেশ খুড়াই৷ দুয়ো প্ৰায় সমনীয়া আছিল৷ শুনিছিলোঁ, শৈশৱৰ লগৰীয়াও আছিল বোলে৷  ইজনে সিজনৰ সংগ আৰু সাহসক জীৱনৰ সম্পদ বুলি গণ্য কৰিছিল৷ তেতিয়াৰে পৰাই  অনবৰত দুয়ো দুয়োৰে ছাঁ হৈ আছে৷”

 

মোৰ দুচকুত পৃথিৱীৰ সমস্ত আকুলতাই কেতিয়ানো আহি থিতাপি ল’লেহি ধৰিবই নোৱাৰিলোঁ৷ মই দেখোন আচৰিত হ’ব লাগিছিল! কিন্তু কিবা এক উদ্ভুত ভাললগাই মোক মেৰিয়াই ধৰিলে৷ তথাপি মই খুৰাক নোসোধাকৈ থকিব নোৱাৰিলোঁ-

 

“তেওঁলোকে কিয় বিয়া নাপাতিলে খুৰা?”

 

খুৰাই চাগে’ এইটো প্ৰশ্নৰ উত্তৰ দিবলৈকে সাজু হৈ আছিলেই৷ তেওঁ দ্বিধাহীনভাৱে মোক উত্তৰ দিলে-

“বিয়া জানোঁ ভালপোৱা বা বন্ধুত্বৰ একমাত্ৰ পৰিণতি মানু? ইমান পঢ়া-শুনা কৰি তয়ো তেনেকৈয়ে ভাবনে? বাইদেউহঁতৰ সম্পৰ্কৰ কথা আমাৰ ঘৰত জনাৰ পাছত বৰ বেছি বিতৰ্ক হোৱা নাছিল৷ ঘৰৰ সকলোৱে মিলি দুয়োৰে ঘৰখন পাতি দিবলৈ ইচ্ছা কৰিছিল৷ কিন্তু তেওঁলোকে বিয়াত বহিবলৈ ইচ্ছা নকৰিলে৷ কাৰণটো কি আমিও নুবুজিলোঁ৷ মই নিজাকৈয়ে ভাবি থ’লোঁ যে, সেয়া চাগে’ তেওঁলোকৰ নিঁভাজ অনুভৱ, যাক কোনো সম্পৰ্কৰ স্বীকৃতিৰ প্ৰয়োজন নাই৷ যি স্বতঃস্ফূৰ্ত, সি জানো কিবা বান্ধোন মানে? তেওঁলোকৰ এই সম্পৰ্কৰ বাটত সদায় ভালপোৱাই দেখিলোঁ৷ প্ৰতিটো সময়তে ইজনে সিজনৰ সাহস হৈ দুয়োখন ঘৰকে আতোলতোলকৈ তুলি ধৰা দেখিলোঁ৷ আচলতে কি জান মানু, আজিকালিৰ দিনত এইবোৰ শুনিবলৈ আখজা লাগে যদিও তেওঁলোকৰ ভালপোৱা স্বৰ্গীয়, য’ত কামনা বা স্বাৰ্থ নহয়, কেৱল অমৃত বৰষে৷”

 

মোৰ আৰু কিবা জনাৰ প্ৰয়োজন নাছিল৷ পেহীৰ গিৰিয়েক সম্বন্ধৰ মানুহজন ঢুকোৱাৰ পাছতো তেওঁৰ কপালত জিলিকি ৰোৱা ফোঁটটোৰ অৰ্থ মই আজিহে বুজি পালোঁ৷ মোৰ কানৈলৈ মনত পৰিল৷ তাইক কথাটো জনাবলৈ যে ইমান মন গৈছে মোৰ! পেহীৰ মনৰ আঁৰৰ  কাহিনীটো জানি মোৰ মনটো আজি দেখোন বৰকৈ থৌকি-বাথৌ লাগিছে৷ কানৈৰো চাগে’ কিমান ভাল লাগিব!

 

এনেতে পেহীয়ে আমাক টেঙা খাবলৈ মাতিলে৷ মই দমকলৰ পানীৰে হাত দুখন ধুই টেঙা খাবলৈ আহিলোঁ৷ পেহীয়ে কলপাত এখিলা মোলৈ আগবঢ়াই দিলে৷ খুৰাই পামৰ আটাইবোৰকে টেঙাৰ ভাগবোৰ বিলাই দি নিজৰ কলপাতখিলা হাতত লৈ আঁতৰি গ’ল৷ মই পেহীক ক’লোঁ-

 

“টেঙাখিনি মৌৰ দৰে বৰ  সোৱাদলগা হৈছে পেহী৷”

 

পেহীয়ে কপালৰ গাঁঠি কোঁচ খুৱাই মোলৈ চাই সুধিলে-

 

“পাগলীজনী, টেঙাও কৰবাত মিঠা হয়নে?”

“হয় হয়৷ কেতিয়াবা হৈ যায় পেহী৷ জীৱনৰ যাতনাবোৰ যদি মিঠা হ’ব পাৰে টেঙানো কিয় হ’ব নোৱাৰিব ?”

 

“আজি তোৰ হৈছে কি মানু?”

 

“একো হোৱা নাই পেহী৷ সকলো ভাললগা হৈছে৷ ভাললগাৰ আঁৰৰ ভাল কথাবোৰ জানি সুখী হৈছোঁ৷ টেঙাৰ সোৱাদো আজি অমৃতৰ দৰে হৈছে৷ ঠিক তোমাৰ কপালত অনবৰতে সুখী হৈ বহি থকা ৰবাব টেঙাটোৰ দৰে৷”

 

(সমাপ্ত)

 

অংগনা ভট্টাচাৰ্য্য

নলবাৰী৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ