অন্যযুগ/


ত্ৰিশংকু

 আকাশ দীপ্ত ঠাকুৰ

 


       “হাতত আচলতে খুচুৰা টকা সমূলি নাই বুজিছা৷ জি-পে কৰিব পাৰিম নেকি?”–কওঁ-নকওঁকৈ কথাষাৰ কৈ মই পকেটৰপৰা মোবাইলটো উলিয়াব খুজিলোঁ৷ ভিতৰি ভিতৰি কিবা এটা যেন...মই বৰ অসহজ অনুভৱ কৰিছোঁ৷ নিজৰ আসনত মই বহি আছোঁ আৰু মোৰ সন্মুখত, প্ৰায় গাতে লাগি থকাৰ দৰে দূৰত্বত বিশেষ এটা ভংগিমাৰে মহিলাগৰাকী থিয় হৈ আছে৷ মই তেওঁলৈ চোৱা নাই যদিও অনুভৱ কৰিছোঁ–তেওঁ মোলৈকে চাই আছে৷

       মহিলাগৰাকী? হয় জানো তেখেত মহিলা? এইটো এটা অবান্তৰ প্ৰশ্ন হ’ব পাৰে নেকি? নহয়, অবান্তৰ নহয়; কঠিন প্ৰশ্নহে আচলতে৷ কৌতূহল...অন্তহীন কিছু কৌতূহল৷ হয়, এওঁলোকক লৈ কেৱল কৌতূহল৷ নিবৃত্তিৰো কিবা উপায় আছে বুলি মই ভাবিবলৈ বাদ দিলোঁ৷ এই কৌতূহলবোৰ কেৱল মোৰ মনৰ ভিতৰৰ নে আন বহুতৰে বাৰু? মই ভাবি চোৱা নাই৷

       আজি-কালি সকলোতে এওঁলোকক ‘তৃতীয় লিংগ’ বুলি অভিহিত কৰা হয়৷ সেইদৰে ‘তৃতীয় লিংগ’ বুলি ক’বলৈ যাওঁতে তাৰ পৰিসৰটো কিমান বহল হ’ব পাৰে...মই সঠিককৈ নাজানো; হ’লেও মনেৰে ভাবি চাইছোঁ বহুবাৰ৷ কেতিয়াবা দুই-এজনৰ সৈতে অলপ-অচৰপ আলোচনাও কৰিছোঁ৷ আগতেতো নিজৰ সীমিত জ্ঞানেৰে এটা ধাৰণা কৰি লৈছিলোঁ–ৰেল-যাত্ৰাত লগ পোৱা ঠিক পুৰুষো নহয়, মহিলাও নহয়; হাত-চাপৰি বজাই টকা বিচাৰি কাষলৈ অহা এইসকল লোক–বহুতেই ‘হিজৰা’ বা ‘নপুংসক’ বুলি কোৱা শুনিছিলোঁ; এওঁলোকক চাগৈ পৃথকভাৱে ‘তৃতীয় লিংগ’ বুলি এটা শ্ৰেণীত ধৰি লোৱা হৈছে৷ বহুবছৰৰ আগতেই বাতৰিত পাইছিলোঁ–‘তৃতীয় লিংগ’ৰ কোনো এজন ব্যক্তি ভাৰতৰ কোনোবা এখন ৰাজ্যৰপৰা নিৰ্বাচনত জিকি ৰাজনৈতিক নেতা হৈছে৷ হিন্দী চিনেমাত বহু কেইবাজনো জনপ্ৰিয় অভিনেতাই তেনে চৰিত্ৰ ৰূপায়ণ কৰাও লক্ষ্য কৰিছোঁ৷ তথাপি...এওঁলোকৰ বিষয়ে এয়াই সঠিক বুলি ভাবিব পৰাকৈ মনত কোনো বিশেষ এটা ধাৰণা কিন্তু সঁচাকৈয়ে নাছিল৷ এসময়ত ভাবিছিলোঁ–এওঁলোকৰোতো পিতৃ-মাতৃ আছে; এওঁলোকো কাৰোবাৰ সন্তান; সেইসকল জন্মদাতাসকল ক’ত থাকে? কোন ঠাইত এওঁলোকৰ জন্ম হয়? আমাৰ অসমততো আগতে এনেকুৱা ব্যক্তি দৃষ্টিগোচৰ নহৈছিল! বহুতে তেতিয়া কৈছিল–‘অসমত তেনে সন্তানৰ জন্ম নহয়; কিয়নো অসমৰ পৰিৱেশ, জলবায়ু হেনো তেনে সন্তান জন্ম হোৱাৰ বাবে অনুকূল নহয়৷’ কেনে সন্তান? জন্মতেই কোনো সন্তান ‘তৃতীয় লিংগ’ৰ বুলি চিনাক্ত হয় নেকি? কেনেকৈ...? নাজানিছিলোঁ৷ লগৰ বহুতৰ সৈতে বিভিন্ন ধৰণে আলোচনা কৰিছিলোঁ যদিও মন কৰিছিলোঁ–প্ৰকৃত ধাৰণা কিন্তু কাৰো নাছিল৷ এতিয়া...আগৰ সেই পৰিৱেশ নাই, অজ্ঞতা দূৰ হ’ব পৰাৰ অনেক উপায় ওলাল; কিন্তু আমি...কোনোবাখিনিত এতিয়াওচোন তেনেদৰেই ৰৈ আছোঁ যেনেই ভাব হয়৷ যিকোনো অনুষ্ঠানৰ এখন প্ৰপত্ৰ  পূৰাওঁতে আগতে যিটো শিতানত লিংগ বুলি লিখা হৈছিল, তাত দুটা বিকল্প আছিল–পুৰুষ আৰু মহিলা; আজিকালি অন্যান্য বুলি থাকে৷ অৰ্থাৎ পুৰুষ, মহিলাৰ উপৰি ‘তৃতীয় লিংগ’ বুলি লিখিব পৰাৰ এটা সুবিধা ৰখা হয়৷ মই নিজে এখন মহাবিদ্যালয়ত অধ্যাপনা কৰোঁ; বৰ্তমান আমাৰ মহাবিদ্যালয়ৰ উপৰি দাঁতি-কাষৰীয়া সকলো মহাবিদ্যালয়তে ‘তৃতীয় লিংগ’ৰ বাবেও আসনৰ ব্যৱস্থা থকা দেখিছোঁ৷ আমাৰ মহাবিদ্যালয়ৰ অন্য এটা বিভাগৰ এগৰাকী ছাত্ৰীক দেখিছোঁ–ছাত্ৰৰ য়ুনিফৰ্ম পিন্ধি শ্ৰেণীলৈ আহে৷ তেওঁ হেনো নামভৰ্তিৰ পাছতেই সেই বিভাগৰ মুৰব্বীক জনাইছিল–তেওঁ সাজ-পোছাক পুৰুষৰ দৰেহে পৰিধান কৰিব৷ সৰুৰেপৰা তেওঁ সেইদৰে থাকি ভাল পায়, সুবিধা অনুভৱ কৰে৷ গতিকে, তেওঁক সেই অনুমতি দিয়া হৈছিল৷ চৌহদত সেই ছাত্ৰীগৰাকীক অন্য ছাত্ৰীৰ সৈতে দেখিলে মোৰ মনলৈ ভাব আহে– তেওঁ ‘তৃতীয় লিংগ’ত পৰিব নেকি! পিছে উত্তৰ বিচাৰি কাৰোবাক কথাটো সুধিবলৈ প্ৰয়োজনবোধ নকৰিলোঁ৷ আনকি নামভৰ্তিৰ প্ৰপত্ৰত তেওঁ সেইদৰে উল্লেখ কৰিছিল নেকি–সেই কথাটোও জানিব বিচৰা নাই৷ যি যেনেকৈ থাকিব বিচাৰে থাকক, আমাৰনো অযথা চিন্তা কৰাৰ কি প্ৰয়োজন! শৈশৱত আমি আমাৰ গাঁৱৰ নামঘৰত হোৱা ভাওনাবোৰত কণ্ঠি দদাইদেউহঁতক মহিলাৰ ভাও কৰা দেখি আহিছোঁ৷ পাছলৈ বুবুল, বিনন্দহঁতে অনেকেই তেনে ভাও কৰিছিল; কিন্তু আজি-কালি! এতিয়াতো মহিলাৰ ভাও কৰিবলৈ দুজনমান পুৰুষক ব্যাৱসায়িকভাৱে ভাৰালৈ লৈ অনা দেখোঁ৷ যিকোনো নাটৰ সকলো নাৰী-চৰিত্ৰ তেওঁলোকৰ দখলত থাকে৷ সাজ-পোছাক পিন্ধি, মেক-আপ লৈ যেতিয়া ওলায়, কাৰো সাধ্য নাই পুৰুষ নে মহিলা ধৰিবলৈ৷ এবাৰ মই গাঁৱৰ নামঘৰত হোৱা এখন ভাওনাত ভাৱৰীয়াসকলক মাত এষাৰ দিওঁ বুলি ছোঁ-ঘৰত সোমাওঁতে এগৰাকী অপূৰ্ব সুন্দৰী মহিলাক দেখি হতবাক হৈ পৰিছিলোঁ–এইজনী কাৰ ঘৰৰ বোৱাৰী? শিৰত সেন্দূৰ, কোমল বয়সৰ...৷ পাছত অন্য এজন ভাৱৰীয়াই হাঁহি হাঁহি বুজাইছিল–তেওঁ হেনো পুৰুষহে৷ মোৰ মনত তেতিয়াও প্ৰশ্ন হৈছিল–এওঁলোক বাৰু ‘তৃতীয় লিংগ’ত পৰিব নেকি? যোৱা বছৰ আমাৰ গাঁৱৰ নৃপেন দাই নামঘৰতে এভাগি নাট আগ বঢ়াইছিল৷ আমি চহৰত থকাসকলকো সভক্তিৰে নিমন্ত্ৰণ দিয়া হৈছিল৷ মই গধূলি গৈছিলোঁ৷ নামঘৰটোৰ সন্মুখতে থকা নৃপেনদাহঁতৰ গাঁৱৰ ঘৰখনত প্ৰথমে মাত এষাৰ লগাওঁ বুলি সোমাইছিলোঁ; দেখিলোঁ–সন্মুখৰ চ’ৰাঘৰটো ভিতৰৰপৰা বন্ধ হৈ আছে৷ নৃপেনদাই কৈছিল– নাৰী চৰিত্ৰত অভিনয় কৰা ল’ৰা তিনিজনে সুকীয়াকৈ এটা ছোঁ ঘৰ বিচাৰিলে বাবে আমাৰ এই কোঠালিটোকে দিলোঁ৷ আমি কথা পাতি থাকোঁতে ল’ৰা তিনিজনে সাজ-পোছাক কৰি এজনে আনজনক হয়তো সুন্দৰকৈ মেক-আপ কৰাই দিলে আৰু আমাৰ সন্মুখেদিয়ে ওলাই গ’ল৷ লয়লাস ভংগী তিনিওৰে৷ সেইদিনা নাট শেষ হোৱাৰ পাছত সকলোৱে ভাত খাই থাকোঁতে এই প্ৰসংগটো পুনৰ ওলাইছিল৷ নৃপেনদাই কৈছিল– নাৰী চৰিত্ৰত অভিনয় কৰা ল’ৰাকেইজনৰ হেনো  অহা-যোৱাত কিছু সমস্যা হয়৷ বাকী ল’ৰাবিলাকে তেওঁলোকক বাইকত লৈ যাবলৈ টান পায়৷ মই আচৰিত হৈছিলোঁ–বাকী ল’ৰাবিলাক মানে? নাৰী হৈ অভিনয় কৰাকেইজন ল’ৰা নহয় নেকি? আমাৰ মহাবিদ্যালয়তো আমি অধ্যাপক, কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী লগ লাগি দুই-তিনি বছৰৰ ব্যৱধানত ভাওনা অনুষ্ঠিত কৰি আহিছোঁ৷ যোৱাবাৰ ‘হৰিচন্দ্ৰ উপাখ্যান’ নাটখন মেলা হৈছিল৷ নাৰী চৰিত্ৰত প্ৰতিবাৰে মহাবিদ্যালয়ৰ ছাত্ৰীসকলেই অভিনয় কৰে; কিন্তু সেইবাৰ এটা চৰিত্ৰত এজন ছাত্ৰক অভিনয় কৰিবলৈ দিয়া হ’ল৷ মই পৰিচালক অজয়দাক সুধিছিলোঁ–“কলেজত ইমানবোৰ ছাত্ৰী থাকোঁতে সেই নাৰী চৰিত্ৰটোত অভিনয় কৰিবলৈ এজনী পাৰ্গত ছোৱালী নোলালনে?” অজয়দাই হাঁহি মাৰি কৈছিল–“চৰিত্ৰটোৰ বাবে কেইবাগৰাকী ছাত্ৰীয়ে অডিশ্বন দিছিল; কিন্তু ল’ৰাটোৱে যি অভিনয় কৰি দেখুৱালে; শেষত ছোৱালীহঁতেই ক’লে যে ৰোলটো তাক কৰিবলৈ দিয়াই ভাল হ’ব৷ তুমি দেখিছানে নাই–ল’ৰাটো সকলো দিশৰপৰাই কিবা নাৰীসুলভ...৷” ল’ৰাজনে সঁচাকৈ বৰ ভাল অভিনয় কৰিছিল, একেবাৰে স্বতঃস্ফূৰ্ত৷ পাছত তাৰ লগৰ আৰু দুজনক মহাবিদ্যালয়-চৌহদত একেলগে ঘূৰি ফুৰা দেখিছোঁ৷ তেওঁলোক আনতকৈ পৃথক৷ আটাইকেউজনৰ খোজ-কাটলবোৰ ছোৱালীৰ দৰে৷ দুবাৰমান ভাবিছিলোঁ– এওঁলোক ‘তৃতীয় লিংগ’ হয়নে?

       এই মুহূৰ্তত চলি থকা এই ৰেলখনৰ ভিতৰত মোৰ সন্মুখত এগৰাকী মহিলা থিয় হৈ আছে৷ মহিলা নহয়, নিশ্চিতভাৱে তেওঁ ‘তৃতীয় লিংগ’–কথিত ভাষাত যাক ‘হিজৰা’ বুলি কোৱা হয়৷ নাজানো–‘হিজৰা’ শব্দটো তুচ্ছ অৰ্থত ব্যৱহাৰ কৰা হয় নেকি! এসময়ত ময়ো সেইদৰে কৈছিলোঁ৷ কোন সময়ৰ কথা আছিল সেয়া? মনত পেলালোঁ–আজিৰপৰা প্ৰায় পঁচিশ-চাব্বিশ বছৰৰ আগৰ কথা আছিল৷ মই তেতিয়া তেইছ-চৌব্বিছ বছৰীয়া যুৱক আছিলোঁ৷ আমি লগৰ চাৰিজন বন্ধু মিলি চিকিমলৈ গৈছিলোঁ৷ জীৱনত প্ৰথমবাৰ মই ৰেলত উঠিছিলোঁ–গুৱাহাটীৰপৰা নিউজলপাইগুৰিলৈ, মাত্ৰ এৰাতিৰ যাত্ৰা৷ লগৰ বাকী তিনিজন কিন্তু ৰেল-যাত্ৰাত অভ্যস্ত আছিল৷ ৰেল চলিবলৈ আৰম্ভ কৰাৰ প্ৰায় দুঘণ্টামানৰ পাছত দূৰৈৰপৰা একোটা হাত-চাপৰিৰ শব্দ শুনিছিলোঁ৷ লগৰে কোনোবা এটাই বিৰক্তিৰে কৈছিল– ‘আৰম্ভ হৈ গ’ল আৰু...এইবোৰ...৷’ মই একো বুজি পোৱা নাছিলোঁ– কোন আহিল বাৰু? লাহে লাহে হাত-চাপৰিৰ শব্দ ডাঙৰ হৈ হৈ আমি বহি থকা ঠাইখিনি পাইছিলহি৷ অবাক হৈ মই লক্ষ্য কৰিছিলোঁ– এয়া কি দেখিছোঁ? এওঁলোক...এওঁলোককে ‘হিজৰা’ বুলি কয় তাৰমানে? আমাৰ লগৰ এজনে বোধকৰোঁ পাঁচ টকা দিছিল, মই কিবা দিছিলোঁ নেকি পাহৰিলোঁ৷ মোৰ লগৰজনক তেওঁলোকে মূৰে-গায়ে কিছু আচহুৱা ধৰণেৰে হাত ফুৰাইছিল৷ মোৰ গালতো হাত দিছিল–‘ক্যা ৰে ছিকনা...৷’ মোৰ এতিয়াও মনত পৰে– গোটেই পৰিৱেশটো কিন্তু মই ভাল পোৱা নাছিলোঁ; কিবা যেন অবাঞ্ছিত, আচহুৱা...৷ পাছত...মহাবিদ্যালয়ৰ অধ্যাপক হোৱাৰ পাছত, এবাৰ ছাত্ৰৰ দল এটা লৈ মই শিক্ষামূলক ভ্ৰমণ এটাত তত্ত্বাৱধায়ক হিচাপে গৈছিলোঁ৷ গুৱাহাটীৰপৰা চেন্নাইলৈ চাৰিদিন, তিনি ৰাতিৰ এটা বিৰক্তিকৰ যাত্ৰা...৷ সেই যাত্ৰাত আহোঁতে-যাওঁতে তেনেকুৱা বহু ব্যক্তিক লগ পালোঁ৷ ছাত্ৰসকলৰ বেছিভাগেই কোমল মনৰ, অনভিজ্ঞ আছিল৷ তেনেকুৱা হিজৰাসকলৰ হাত-চাপৰি শুনাৰ লগে লগে বহুকেইটা ল’ৰাই উধাতু খাই আহি মোৰ আসন পায়হি, মোৰ পিঠিৰ ফালে হাত-ভৰি কোচাই মুখ লুকুৱাই বহি লয়হি৷ কেইবাজনেও আকৌ ওপৰৰ আসনলৈ বগাই উঠি গৈ বহি মূৰে-গায়ে কাপোৰ লৈ শোৱাৰ অভিনয় কৰিছিল৷ হাত-চাপৰি বজাই নাৰীৰ সাজ পিন্ধি অহা সেইসকলে আকৌ ল’ৰাহঁতে সেইদৰে ভয় খোৱাৰ কথাটোত বৰ আমোদ পাইছিল৷ সিহঁতৰ গায়ে-মূৰে হাত ফুৰাইছিল৷ ল’ৰাহঁতৰ কোনোবা একোজনে দাবি-ধমকি দিছিল, কোনোবাই খুচুৰা টকা একোটা যেনে-তেনে দি পৰিত্ৰাণ পাবলৈ চেষ্টা কৰিছিল৷ মোৰ মনত পৰে– মই নিজেও বৰ অসহজ অনুভৱ কৰিছিলোঁ৷ নিজকে ল’ৰাহঁতৰ দলপতিৰ দৰে ভাবি লোৱা দুজনমান ওস্তাদ ছাত্ৰই মোক বুজাইছিল– ‘ছাৰ, ইহঁতি আশীৰ্বাদ দিলেও ফলিয়ায়, শাও দিলেও ফলিয়ায় বোলে...৷’ তেওঁলোকৰ কথাবোৰ মই বৰ ভাল পোৱা নাছিলোঁ– ‘ইহঁতি’ বুলি ক’ব পায় জানো? সকলো ঈশ্বৰৰে সৃষ্টি৷ বাৰে বাৰে কেৱল একেটা কথাকে মনলৈ আহিছিল– ঈশ্বৰৰ এয়া কেনেকুৱা সৃষ্টি?

       লাহে লাহে সেই ধৰণৰ চিন্তাবোৰ সলনি হৈ ঘটনাবোৰ একো একোটা ঔৎসুক্য হৈ পৰিছিল৷ বিভিন্ন প্ৰশ্নই মনত সময়ে সময়ে আমনি কৰিবলৈ লৈছিল– প্ৰতিদিনে এই পৃথিৱীত কিমান সন্তান জন্ম হৈ থাকে সীমা-সংখ্যা নাই; আমাৰ অসমতে কত সন্তান জন্ম হয়...তাৰ মাজত বাৰু তেনেকুৱা সন্তানৰ জন্ম নহয় নেকি? তেওঁলোকক জন্মতে চিনাক্ত কৰিব পাৰিনে নোৱাৰি? এবাৰ এখন হিন্দী চিনেমা চাইছিলোঁ– যাৰ কাহিনীভাগ মূলতঃ এই আমি ‘হিজৰা’ বুলি অভিহিত কৰাসকলক লৈয়ে নিৰ্মাণ কৰা হৈছিল৷ তাৰ এটা দৃশ্যত দেখুওৱা হৈছিল–এটা পৰিয়ালত নৱজাতকক আশীৰ্বাদ দিবলৈ ‘হিজৰা’সকলৰ এটা দল আহিছে৷ দলটোৰ দলপতিয়ে দেউতাকৰপৰা আঁজোৰ মাৰি কেঁচুৱাটো নিজৰ কোলালৈ লৈছে৷ কাপোৰ দাঙি চাই ঠিক এনে এটা সংলাপ গুৰু-গম্ভীৰ সুৰত কৈছে–‘য়ে হামাৰা বিৰাদৰী কা হ্যে; হাম ইসে সাথ লে জায়েগেং...৷’ মাকগৰাকীয়ে চিৎকাৰ কৰিছে, কান্দিছে; কিন্তু দেউতাকে মাকক বুজাবলৈ চেষ্টা কৰিছে যে কলিজাত পাথৰ ৰাখি হ’লেও সন্তানটো সিহঁতক দি দিবই লাগিব৷ অন্য উপায় নাই৷ যদিও সেয়া এখন সাধাৰণ হিন্দী চিনেমাৰ দৃশ্য আছিল, তথাপি দৃশ্যটোৰ সংবেদনশীলতাই বহুদিনলৈ মন-মগজুত এটা আলোড়নৰ সৃষ্টি কৰিছিল৷ দুটা কথা মোক পুনৰ ভাবিবলৈ বাধ্য কৰাইছিল; প্ৰথমটো হৈছে–সন্তান এটা জন্মতে গম পোৱা যায় নেকি যে সেয়া নাৰীও নহয়, পুৰুষো নহয়, মাজেৰ এজন হৈছে? দ্বিতীয় কথাটোৱে মনত বৰ কষ্ট দিছিল–তেনে সন্তানৰ পিতৃ-মাতৃৰ মৰ্মবেদনা কিমান হ’ব পাৰে? দহমাহ, দহদিন গৰ্ভত ৰাখি জনম দিয়া মাতৃয়েতো নাজানে– তেওঁৰ গৰ্ভত কেনে সন্তান ডাঙৰ হৈ আহিছে...জন্মৰ পাছতে হয়তো সহিব লাগিব বিচ্ছেদৰ অসহনীয় যন্ত্ৰণা৷ সেই সন্তান কেনেদৰে, ক’ত ডাঙৰ হৈ আহিছে–গম পাব নোৱাৰিব আপোন মাতৃয়ে; সেই সন্তানৰ বাবে জীয়াই থাকিও মৃত তেওঁৰ পিতৃ-মাতৃ৷ মানৱীয় বিবেক, আৱেগ, অনুভূতি সকলোৰে একেই; তেন্তে সেই সন্তানসকলে এদিন ডাঙৰ হৈ জানিবলৈ নিবিচাৰেনে–কোন তেওঁৰ জন্মদাতা? আৰু...যদি সঁচাকৈ এদিন ডাঙৰ হৈ তেওঁলোক নিজৰ ঘৰখনলৈ যায়–তেনে সন্তানৰ বাবে পিতৃ-মাতৃৰ ব্যৱহাৰ কেনে হয়?

       সময়ে সময়ে তেনে ধৰণৰ কত প্ৰশ্নই মনটোত ভীৰ কৰিছিল– ক’ত থাকে তেওঁলোক? কি তেওঁলোকৰ জীৱিকা? এনেদৰে ৰেলত হাত-চাপৰি বজাই মানুহৰপৰা পইচা বিচৰাৰ বাদে...অন্য কিবা? ক’তা...আমাৰ চৌপাশে কত চৰকাৰী চাকৰিয়াল, কত ব্যৱসায়ী আমি দেখি থাকোঁ, কাহানিবা ক’ৰবাত তেওঁলোকৰ কোনোবা এজনক তেনে ধৰণৰ কামত আমি দেখোঁনে? তেওঁলোকে পঢ়া-শুনা ক’ত কৰে? যদি নপঢ়ে, পইচাৰ হিচাপ কেনেকৈ ৰাখে? শুনিবলৈ পাইছিলোঁ–তেওঁলোকৰ বহুত শক্তিশালী সংগঠন আছে, দলপতি আছে...৷ এই কথাবোৰ কিমান সঁচা? কিমান মিছা? কেতিয়াবা মন গৈছিল–এদিন ৰেল ভ্ৰমণলৈ যাম, তেনে এজন ব্যক্তিৰ সৈতে  কিছুমান কথা পাতিম, বন্ধুৰ দৰে; তেওঁলোকৰ শৈশৱ, কৈশোৰ, যৌৱনৰ অপ্ৰকাশিত, হয়তো অকথিত কাহিনী কিছুমান জানিবলৈ চেষ্টা কৰিম৷ পাছত হয়তো ভাবিছিলোঁ–জানিনো কি কৰিম? আমাৰ প্ৰাত্যহিক জীৱনৰপৰা ইতিপূৰ্বেই আমি তেওঁলোকক বহু নিলগত ৰাখি থ’লোঁ৷ এতিয়া সেই প্ৰাচীৰখন ভাঙিবলৈ হয়তোবা কোনোবাখিনিত কঠিন হৈ পৰিব...৷ লাহে লাহে...সকলো সহজ হৈ আহিছিল, ৰেল-উৰাজাহাজৰ যাত্ৰা যিদৰে আমাৰ বাবে সাধাৰণ হৈ পৰিল, তেনেদৰে ৰেল-যাত্ৰাত পাই থকা এইসকল লোকো আমাৰ বাবে নিতান্তই এটা সাধাৰণ ঘটনাৰ দৰে হৈ পৰিল৷ দূৰৈৰপৰা অহা হাত-চাপৰিৰ শব্দই কেৱল ৰেল-যাত্ৰাৰ সেই সময়ছোৱা অলপ অসহজ কৰি ৰাখে; যেনেকৈ এই মুহূৰ্তত মোৰ সন্মুখত এইগৰাকী থিয় হৈ থকাত মই অলপ অসহজ অনুভৱ কৰি আছোঁ৷

       আঁতৰৰপৰাই তেওঁ অহা মই গম পাইছিলোঁ৷ মোৰ হাতত খুচুৰা টকা নথকা কথাটোও সঁচা৷ যোৰহাটৰপৰা গুৱাহাটীলৈ বুলি এই বিৰক্তিকৰ যাত্ৰাপথটোত অলপ সময়ৰ আগতে মোৰ চানাচুৰকেইটামান চোবাবলৈ মন গৈ আছিল; বেপাৰী এজন আহিল, চানাচুৰ কিনিলোঁ; দহ টকা এটা দিবলৈ লওঁতেই দেখিলোঁ–দুশ টকীয়া এখন আৰু পাঁচশ টকীয়া তিনিখনৰ বাদে মণিবেগটোত এটকাও নাই৷ তেওঁক দহ টকা জি-পে কৰিলোঁ৷ তাৰ পাছতে হাত-চাপৰিৰ শব্দ–এওঁলোক আহিল৷ গতিকে মই একেটা সুৰতে ক’লোঁ–খুচুৰা নাই যিহেতু, জি-পে...৷ তিনিগৰাকীমান একেলগে আহিছিল, দুগৰাকী গ’ল৷ এগৰাকী মোৰ সন্মুখত ৰৈ গ’ল৷

       মই তেওঁৰ মুখলৈ চোৱা নাই, কিন্তু অনুভৱ কৰিছোঁ তেওঁ হাতত লৈ ফুৰা ভেনিটি বেগটোৰপৰা মোবাইলটো উলিয়াই তাত থকা কিউ-আৰ ক’ডটো উলিয়াব খুজিছে৷ ভিতৰি ভিতৰি মই অলপ আচৰিত হৈছোঁ– এওঁলোককো জি-পে কৰিব পৰা যাব তাৰমানে! মনটো অলপ ভালো লাগিল– খুচুৰা নাই বুলি ঘূৰাই পঠোৱাৰ কাৰবাৰটো কিবা মিছা কথা কোৱা যেন লাগে৷

       “দিজিয়ে...য়হা দিজিয়ে৷” মানুহগৰাকীয়ে মোবাইলটো মোৰ সন্মুখত ৰাখিলে৷ ময়ো নিজৰ মোবাইলটো উলিয়াই লৈ এইবাৰ স্কেন কৰিব পৰা সুবিধাটো সাজু কৰি ল’লোঁ৷ হঠাৎ এবাৰ অনুভৱ হ’ল– মহিলাগৰাকীৰ হাতখন যেন অলপ কঁপি উঠিছে, তেওঁ নিজৰ মোবাইলটো পিছুৱাই নিব খুজিছে৷ মই এইবাৰ তেওঁৰ মুখলৈ চালোঁ৷ তেওঁৰ ওঁঠদুখন কঁপি উঠিছে...কিবা এটা ক’ব খুজিছে৷

       “ভিনদেউ”৷ –কঁপা কঁপা মাতেৰে তেওঁ মোক সম্বোধন কৰিলে৷

    ‘ভিনদেউ’? মই হতভম্ব হৈ পৰিছোঁ– মই তেওঁৰ কোনজনী বায়েকক বিয়া কৰালোঁ? কেতিয়া কৰালোঁ? পিছে মোক পুনৰ অবাক হ’বলৈ সুবিধা দি তেওঁ আকৌ ক’লে– “ভিনদেউ, আপুনি মোক ধৰিব পৰা নাই? মই ভুলু... সেই যে জুৰিবাহঁতৰ ঘৰৰ কাষৰ... আপোনাৰ গাড়ীখন যে...৷”

       তেওঁৰ কথাষাৰ শেষ নহওঁতেই মই বহি থকাৰপৰা জাঁপ মাৰি উঠিলোঁ; একেথৰে তেওঁৰ মুখলৈ মন কৰিলোঁ... কেইটামান মুহূৰ্ত...৷ হয়, এইটো সেই ভুলুৱে হয়৷ মোৰ শহুৰৰ ঘৰৰ কাষৰ ভুলু৷ নাৰীৰ বেশত এইটো... এইটো ভুলু৷

       – “তই... ভুলু? তোৰ এনেকুৱা...মানে তই কেতিয়াৰপৰা এইবোৰ কামত ধৰিলি? কিয় ধৰিলি?”

       মই অবাক হৈ তাৰ মুখলৈ চাই আছোঁ৷ সি মোৰ দৃষ্টি সহ্য কৰিব নোৱাৰি দুখোজ পিছুৱাই গৈছে৷ তলমূৰ কৰিছে...৷

       ...বাৰে বাৰে মোৰ  ভুলুৰ কথাবোৰ মনলৈ ভাহি আহিছে৷ মোৰ শহুৰৰ ঘৰৰ কাষৰ, ঠিক চাৰি-পাঁচটামান ঘৰ পাৰ হ’লেই সিহঁতৰ ঘৰ আছিল৷ যিখন ঘৰৰপৰা মই বিয়া কৰাইছিলোঁ, সেইখন ঘৰ সেই অঞ্চলটোত সবাতোকৈ শিক্ষিত এটা সম্ভ্ৰান্ত পৰিয়াল, ওচৰ-পাজৰৰ মানুহখিনিৰ বাবে তেওঁলোকৰ ঘৰখন এটা ঠিক সাহস আৰু ভৰসাৰ আধাৰস্বৰূপ৷ মই বিয়া কৰাওঁতে জুৰিহঁতৰ, মানে এওঁলোকৰ যৌথ পৰিয়ালটোত তেতিয়া বহুত মানুহ আছিল৷ তদুপৰি ওচৰৰ কেইবাঘৰো মানুহৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে সেইখন ঘৰৰ বিশাল চোতালখনতে খেলা-ধূলা কৰি থাকেহি৷ সেইবোৰ প্ৰায় বাইশ-তেইশ বছৰৰ আগৰ কথা আছিল৷ সেইজাক কিশোৰ-কিশোৰীৰ সৈতে এই ভুলু নামৰ ল’ৰাটোও আছিল; কেনেকুৱা আছিল, সি কি কৰিছিল...সেইবোৰ মোৰ বাবে মন কৰিবলগীয়া কথা নাছিল৷ পাছলৈ, বিয়াৰ ঠিক আঠবছৰমানৰ পাছত মই এখন গাড়ী কিনিছিলোঁ৷ তেতিয়া ভুলুহঁত যুৱক হৈছিল৷–‘‘ভিনদেউ, মই আপোনাৰ গাড়ীখন ধুই দিম৷ ভালকৈ ধুই দিম, আপুনি যাওঁতে নিজৰ গাড়ীখন চিনিয়ে নাপাব৷’’–ভুলুৱে কৈছিল৷ দিনটোলৈ বুলি শহুৰৰ ঘৰলৈ ভাত এসাজ খাবলৈ যেতিয়াই গৈছিলোঁ, চাহকাপ খাই উঠাৰ পাছতে চোতালত থকা গাড়ীখন কাষৰ পুখুৰীটোৰপৰা পানী কঢ়িয়াই সি কোমল কাপোৰেৰে মচি মচি ভালদৰে ধুই দিছিল৷ সেইটো কামৰ বাবদ মই তাক পঞ্চাশ টকা দিছিলোঁ৷ সেইবোৰ কথা পাছলৈ মই সমূলি পাহৰি গৈছিলোঁ৷ যিখন গাড়ী ভুলুৱে ধুইছিল, সময়ত সেইখন সলালোঁ৷ শহুৰৰ ঘৰৰ মানুহবোৰৰ সময়ৰ তাগিদাত দুই-এটা পৰিয়াল পৃথক হ’ল, গাঁওখনৰ মানুহবোৰৰ ধৰণ-কৰণ সলনি হ’ল, ভুলুহঁতৰ বয়সৰ প্ৰায় সকলো ল’ৰা-ছোৱালীয়ে বিয়া-বাৰু কৰালে, কোনোবাই কিবা বেলেগ ব্যৱসায় কৰিলে...মুঠতে সেই মানুহবোৰ নোহোৱা হ’ল৷ ভুলু কেনি গ’ল...মই খবৰ ৰখা নাছিলোঁ৷

       আৰু আজি... ৰেলৰ এই পৰিৱেশত এগৰাকী মহিলাৰ সাজত মোৰ সন্মুখত থিয় হৈ আছে এইটো ভুলু৷ মই তাক সুধিছোঁ– তই কিয় এনে ভেশ ল’লি? কেতিয়াৰপৰা...?

       আৰু... সি মোৰপৰা আৰু অলপ আঁতৰি গৈ এঠাইত ভেঁজা দি ৰৈছে৷ তলমূৰকৈ ৰৈ থকা ল’ৰাটোৰ চকুৰপৰা দুটোপাল পানী গালেদি নিগৰি আহিছে৷ মোৰো মনটো অকণমান সেমেকি গ’ল৷ কথাৰ সুৰটো সলনি কৰি মই তাৰ কান্ধত এখন হাত থ’লোঁ– “চাওঁ, এইফালে আহ৷ এইখিনিতে অকণমান বহচোন৷ দুটামান কথা পাতোঁ৷”

       ভুলুৱে মোলৈ মূৰ তুলি চালে– “মোৰ হাতত সিমান সময় নাই ভিনদেউ৷ ৰেলখনৰ ডবাবোৰ ঘূৰিব লাগিব৷ পিছৰ দুটা ষ্টেশ্বন পাৰ হোৱাৰ পাছতে নামি যাব লাগিব৷”

       মই এক মুহূৰ্ত কিবা এটা ভাবিলোঁ৷ তাক ক’লোঁ– ‘‘এইকেইটা ষ্টেশ্বন ঘূৰি তই যিখিনি টকা পাবি, মই তোক দিম৷ তই ঘূৰিব  নালাগে৷ বহ ইয়াত৷”

       ভুলুৱে মোৰ ফালে কৰুণ দৃষ্টিৰে চালে৷ এখোজ-দুখোজকৈ আহি সি সংকোচেৰে মোৰ দীঘলীয়া ছীটটোৰ এমূৰে বহিল৷

       “মই অকণমান সময়হে আপোনাৰ সৈতে এনেকৈ যাব পাৰিম ভিনদেউ৷ মোৰ পলম হ’লে মোক বিচাৰি সিহঁত এইফালে আহিব৷ মিছাকৈ সিহঁতৰ...৷” সি ৰৈ গ’ল৷

       ময়ো তাৰ অৱস্থাটো বুজিলোঁ– “হ’ব, তই যিখিনি পাৰ, চমুৱাই তোৰ কথাবোৰ কচোন বাৰু৷ মই তোক ৰাখি নথওঁ; কিন্তু এই যে তই ‘সিহঁত’ বুলি ক’লি? কোন সিহঁত?”

       ভুলুৱে তলমূৰ কৰিলে– “আমাৰ লগৰখিনি৷ আমাৰ ডাঙৰ সংস্থা আছে৷ এজনে আনজনৰ নিৰাপত্তাৰ কথা ভাবিব লাগে৷”

       বহুত কথাই মোৰ মনৰ মাজত তোলপাৰ লগাইছিল– এইটো ভুলু...মোৰ গাড়ী ধোৱা ভুলু; সি এটা ল’ৰা আছিল৷ আজি সি ঠিক যেন পুৰুষো নহয়, মহিলাও নহয়৷ অৰ্থাৎ... যিবোৰ ঘটনা আমি দেখি থাকোঁ, ভাবি লওঁ... সেই সকলো ঘটনা আমি ভবাৰ দৰে নহয় নেকি? মই তীক্ষ্ণ দৃষ্টিৰে ভুলুৰ ফালে চালোঁ৷ মোৰ চাৱনিৰ অৰ্থ সি বুজি পালে৷

       “বহুত কথা ভিনদেউ৷ কিমান ক’ম আপোনাক৷ কেৱল আপোনাৰ মনটো মুকলি হওক বুলি অলপ চমুৱাই কিছু কথা ক’ম৷ ... মানে এইবোৰ কথা আপোনাক ক’বলৈ মোৰ অসুবিধা হয়... তথাপি...৷”

       মই তাক নিৰ্ভয় দিলোঁ– “চা ভুলু; তোক মই দেখিলোঁ, তই কি হৈ গ’লি... কেনেকৈ আছ মই গম পালোঁ৷ আৰু সংকোচ কৰিবলৈ কি আছে তেন্তে? ক’ব বিচৰাখিনি মুকলিকৈ ক৷”

       সি মোৰ ফালে নাচালে৷ তলমূৰকৈ কৈ গ’ল– “মই চাগৈ সৰুৰেপৰা অলপ বেলগ আছিলোঁ৷ মোৰ স্বভাৱটো বহুখিনি ছোৱালীৰ দৰে আছিল... আপুনি হয়তো মন কৰা নাছিল৷ লগৰ চ’বেই মোক ‘মাইকী’ বুলিয়ে জোকাইছিল৷ মোৰ নিজকে অকলশৰীয়া যেন ভাব হৈছিল; কিন্তু বেয়া লগা নাছিল৷ ঘৰত মই প্ৰায়ে বাইদেউহঁতৰ কাপোৰ পিন্ধি নিজকে মহিলাৰ দৰে সজাইছিলোঁ...৷ সেইবোৰ বহুত কথা ভিনদেউ৷ লাহে লাহে গাঁৱৰ নামঘৰৰ ভাওনাত মই মহিলাৰ ভাও লৈছিলোঁ৷ চলি গৈছিল...সকলো৷ আমি অভাৱী মানুহ, দুপইচা পালে...৷” ভুলুৱে ৰুমাল এখনেৰে চকুহাল মোহাৰিলে৷ মই একো ক’বলৈ কথা বিচাৰি নাপালোঁ৷

       “এদিন... বেলেগ এখন গাঁৱত ভাওনা কৰিবলৈ যাওঁতে এজন ল’ৰা... মোৰ সৈতে চিনাকি হ’ল...৷” সি আকৌ ৰৈ গ’ল৷ এবাৰ মোলৈ চালে৷ আকৌ চকু ঘূৰাই নিলে৷– “আপুনি মুকলিকৈ ক’বলৈ কৈছে বাবে...কওঁ বাৰু৷ সি মোক... মানে মই তাক বহুত ভাল পাইছিলোঁ...৷ এইবোৰ কথা এনেকৈ কোৱা বাবে মোক বেয়া নাপাব ভিনদেউ৷ সঁচা কথা ক’বলৈ কি লাজ কৰিম...; সিয়ে মোৰ এই অৱস্থাৰ বাবে জগৰীয়া৷”

       ভুলুৱে খিৰিকীৰে দূৰলৈ চালে৷ মই বৰ অপ্ৰস্তুত অনুভৱ কৰিছোঁ, কিবা এটা সুধিবলৈও সংকোচ লাগিছে৷ তথাপি কিছু গহীন হৈ তাক সুধিলোঁ– “কি কৰিলে সি?”

       ভুলুৱে এইবাৰ মোৰ চকুলৈ চালে– “সি মোক গুৱাহাটীলৈ মাতিলে৷ কামত সুমুৱাই দিব বুলি ক’লে৷ এদিন মই ঘৰৰপৰা পলাই আহিলোঁ৷ গুৱাহাটীত তাক লগ পালোঁ; কিন্তু... সি মোক... বৰ বেয়াকৈ ঠগিলে ভিনদেউ...৷ বহুত কথা সেইবোৰ৷ মোক সি এওঁলোকৰ সৈতে চিনাকি কৰাই দিলে৷ আৰু... এদিন সি নোহোৱা হ’ল৷ পাছত বুজিছিলোঁ– সি কিবা কমিশ্বন লৈ এইবোৰ কামেই কৰে৷ মোৰ বাবে উভতি যোৱাৰ সকলো পথ বন্ধ হৈ গৈছিল৷ এজন ল’ৰাৰ বাবে মই পলাই আহিলোঁ, গাঁৱত বহুতেই কথাবোৰ জানিলে৷ গাঁৱত থকাৰ দৰে ল’ৰা এজন হৈ থাকিলে মোক গুৱাহাটীহেন চহৰত কোনে ৰাখিব? কেনি যাম মই? কি কৰিম? মোৰ অভাৱী ঘৰখন চকুৰ আগত ভাহি উঠিছিল৷ ইফালে পেটৰ ভোক, থাকিবলৈ এটা আশ্ৰয়...৷ আৰু... বহুত ভাবি মই এওঁলোকৰ সৈতে থাকিবলৈ ল’লোঁ৷ নিজকে সলাই পেলালোঁ৷ তেওঁলোকৰ লগত থাকি থাকি মই এইদৰে হিন্দী কথা কৈ টকা বিচৰা কৌশলবোৰ শিকি পেলালোঁ৷ লাহে লাহে নিজকে সলনি কৰিলোঁ... একেবাৰে সলনি হৈ গ’লোঁ৷”

       ভুলু মৌন হৈ বহি ৰ’ল৷ মই মন কৰিছোঁ– কিছুমান যাত্ৰীয়ে আমাক লক্ষ্য কৰি আছে৷ মই সেইবোৰ আনৰ কথাত গুৰুত্ব দিয়া মানুহ নহয়; কিন্তু ভুলুৰ মোৰ সৈতে চিনাকি আছে, তাৰ অসমীয়া কথা-বতৰা... এইবোৰ তাৰ বাবে বিপজ্জনক হ’ব পাৰে৷

       “মই কথাবোৰ বুজিছোঁ ভুলু৷ এনেকৈ মোৰ সৈতে অলপ সময় তই বহিলি, তোৰ কিবা বিপদ হ’ব পাৰে নেকি?” মই তাক কোমল মাতেৰে সুধিলোঁ৷

       সি মোৰ ফালে চালে– “আপোনাক দেখাৰ পাছত মাত এষাৰ নলগোৱাকৈ থাকিব নোৱাৰিলোঁ ভিনদেউ৷”

       ৰেলখনৰ গতি লাহে লাহে কমি আহিল৷ ভুলু বহি থকাৰপৰা থিয় হ’ল৷ খিৰিকীৰে বাহিৰলৈ চালে৷ ইফালে-সিফালে চালে৷ সি ভীষণ উচপিচ লগালে– “ভিনদেউ, মই এতিয়া যাবই লাগিব৷ আপোনাক আকৌ লগ পাম কেতিয়াবা৷” সি যাবলৈ উদ্যৎ হ’লেই৷

       মই লৰালৰিকৈ মনিবেগটোৰপৰা টকা দুশ উলিয়ালোঁ৷ তালৈ চালোঁ– “এনেকুৱা কিয় কৰিছ?”

       “নহয়, আপুনি নুবজিব৷ সিহঁত কোনোবা আহিবই এতিয়া৷ আমাৰ আচলতে অন্য কোনো আপোন মানুহ নাই৷ আছে যদি আমাৰ সংস্থাৰ মানুহখিনিয়ে একমাত্ৰ আপোন৷ নিজৰ মানুহ ক’ৰবাত আছে যদি আছে, নাই যদি নাই৷ কোনো আক্ষেপ নাই৷ যাওঁ ভিনদেউ৷ পুনৰ কেতিয়াবা লগ পাম... এনেকৈয়ে৷” সি আগ বাঢ়িল৷

       ৰেলখন ৰৈ গৈছিল৷ মই আগুৱাই গৈ তাৰ হাতত জোৰকৈ টকা দুশ দিলোঁ৷ সি হাতযোৰ কৰি সেৱা এটা কৰিলে আৰু হুৰমূৰাই নামি গ’ল৷ মই নিজৰ আসনত বহি পৰিলোঁ৷ খিৰিকীয়েদি এবাৰ মন কৰিলোঁ– পিছফালৰপৰা তাক পুনৰ দেখিম নেকি৷ নাই... সি মানুহৰ মাজত বিলীন হৈ গ’ল৷

       ৰেলখন পুনৰ চলিবলৈ ধৰিলে৷ মনটো কিবা যেন ভাৰাক্ৰান্ত হৈ পৰিল৷ মোবাইলটো উলিয়াই চালোঁ– ছিগনেল আছে৷ ঘৰলৈ এটা ফোন লগালোঁ৷ জুৰিয়ে ধৰিলে৷ অন্য গতানুগতিক কথাবোৰ পতাৰ পাছত মই তেওঁক সুধিলোঁ–“হেৰা, তোমালোকৰ গাঁৱৰ সেই যে ভুলু নামৰ ল’ৰাটো, আগতে মোৰ সেই পুৰণি গাড়ীখন ধুই দিছিল যে; তোমালোকে বোধকৰোঁ দেউকণ দাৰ ল’ৰা বুলি কৈছিলা৷ সি এতিয়া ক’ত থাকে বাৰু জানানে?”

       সিটো মূৰৰপৰা জুৰিয়ে ক’লে– “সি ক’ৰবালৈ গ’লগৈ বুলি কয়৷ গুৱাহাটীৰ ফালে থাকে হ’বপায়৷ কিবা ব্যৱসায় কৰে হেনো৷ ঘৰলৈ মাহিলি দুই-তিনি হাজাৰকৈ টকা পঠিয়ায় বোলে৷ কিয় সুধিলে?”

       মই তাক লগ পোৱাৰ বিষয়ে জুৰিক একো নকওঁ বুলি ভাবিলোঁ– “নাই এনেয়ে সুধিলোঁ৷ ৰেলত তাৰ নিচিনা কাৰোবাক দেখাৰ দৰে ভাব হ’ল৷”

       ফোনত সকলো কথা ক’ব নোৱাৰি৷ গুৱাহাটীৰপৰা উভতি গৈ জুৰিক কথাবোৰ ক’মগৈ বুলি ভাবিলোঁ৷ পাছ মুহূৰ্ততে চিন্তা কৰিলোঁ– কথাবোৰ জুৰিক নোকোৱাই ভাল হ’ব৷ ভুলুৱে কিবা ব্যৱসায় কৰে বুলি জুৰিহঁতে ভাবি আছে; কোনোবাই হয়তো সেইদৰে কৈছে৷ গতিকে... কথাবোৰ সেইদৰেই থাকক৷ কেতিয়াবা নিজে যদি এওঁ প্ৰকৃত কথাবোৰ গম পায়, তেতিয়া ক’ম বাৰু৷

       ৰেল চলি গ’ল৷ নিজৰ আসনত পৰি মই চকুহাল মুদি দিলোঁ৷ কথাবোৰ মোৰ বাবে কিবা বিভ্ৰান্তিকৰ হৈ পৰিল৷ যিসকলক আমি ৰেলত হাত-চাপৰি বজোৱা দেখোঁ, যাক ‘হিজৰা’ বুলি কোৱা হয়; ভুলু তেনেকুৱা নহয়৷ মই তাক ল’ৰা হিচাপে লগ পাইছোঁ৷ বহুতে হেনো অস্ত্ৰোপচাৰ কৰি নিজকে সলাই পেলায়, পুৰুষৰপৰা নাৰী হয়, নাৰীৰপৰা পুৰুষ হয়; কিন্তু সেইবোৰ একো সালসলনি নকৰাকৈয়ে ভুলুহঁতৰ দৰে আৰু কিমান থাকিব পাৰে...আমিতো নাজানো৷ ভুল-শুদ্ধ বিচাৰ নকৰাকৈ এটা কথা এনেদৰেও ভাবিব পাৰোঁ নেকি–পৰিৱেশ-পৰিস্থিতিত পৰি হয়তো ভুলুৰ দৰে...৷

       নিজকে এবাৰ বুজনি দিলোঁ–আৰু একো নাভাবোঁ, যি হ’ল হৈ গ’ল৷ পিছে... নাভাবোঁ বুলি ভবা সত্ত্বেও ভুলুৰ মুখখন মনলৈ ভাহি আহিল– ‘আমাৰ কোনো আপোন... আত্মীয় নাই৷ নিজৰ মানুহ ক’ৰবাত আছে যদি আছে... পাৰিলে সহায় কৰিম, নোৱাৰিলে নাই...৷’

...

 

ঠিকনা :

সহকাৰী অধ্যাপক, পদাৰ্থ বিজ্ঞান বিভাগ

জগন্নাথ বৰুৱা মহাবিদ্যালয়, যোৰহাট - ১

ভ্ৰাম্যভাষ - ৮৬৩৮১৬৭৬৩০

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ