অন্যযুগ/


একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা

 

 

হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷ 

মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?” 

আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হবলৈ কোনে কৈছে? শুভেচ্ছা জনালে মানুহে এনেকৈ উত্তৰ দিয়েনে?  

সেয়া আছিল আৰণ্যকৰ সৈতে সুগন্ধিৰ প্ৰথম তিক্ত অভিজ্ঞতা। 

আৰণ্যকে আনে নকৰা কামবোৰ কৰি ভাল পায়। আনে নোযোৱা বাটেৰে যাব বিচৰা, নিজৰ মাজতে মগ্ন হৈ অসাধ্য সাধন কৰি ভাল পোৱা আৰণ্যক অলপ অদ্ভুত প্ৰকৃতিৰ। 

এদিন আৰণ্যকে সপোনত এটা একুৱেৰিয়াম দেখিলে। তাৰ পাছৰে পৰা একুৱেৰিয়াম এটা সজাৰ কথাই  ভাবি থাকিবলৈ ললে। লাখটকীয়াৰ বজাৰৰ পৰা বিচাৰি বিচাৰি একুৱেৰিয়ামৰ বাবে প্ৰয়োজনীয় সকলো সৰঞ্জাম আৰণ্যকে কিনি আনিলে আৰু এটা সপ্তাহ লাগি লাগি এটা সুন্দৰ একুৱেৰিয়াম সাজি উলিয়ালে। 

আৰণ্যকহঁতৰ শ্ৰেণীত লৰা ছয়জন আৰু ছোৱালী দুজনী। সুগন্ধি আৰু তন্ময়ী। 

আৰণ্যকে একুৱেৰিয়ামটোত ৰাখিবলৈ পাঁচটা ক্লাউন ফিছ, এটা কেট ফিছ আৰু দুজনী ধুনীয়া পিতাৰা ফিছ কিনি আনিলে। একুৱেৰিয়ামটো চালে চকুৰোৱা হৈ পৰিল। 

সুগন্ধি আৰু তন্ময়ীৰ  বাহিৰে লগৰ সকলো ছাত্র আৰণ্যকৰ কোঠালৈ একুৱেৰিয়ামটো চাবলৈ আহে। আৰণ্যকে বেয়া নাপায়, কিন্তু একুৱেৰিয়ামটোত কোনোবাই হাত দিলে তাৰ খং উঠি যায়। একুৱেৰিয়ামটো লৈ যথেষ্ট পজেছিভ আৰণ্যক। 

ক্লাছৰ মাজতে সুগন্ধিয়ে পিছৰ বেঞ্চখনলৈ চালে। প্ৰকাণ্ড ব্লেকবৰ্ডখনৰ সন্মুখত হৰবিন্দৰ সিং চাৰে কোৱান্টাম ক্ৰমডাইনেমিকছ বুজাই আছে।

আৰণ্যকৰ সেইবোৰলৈ খবৰ নাই। নিজৰ পৃথিৱীত ব্যস্ত হৈ বহীত কিবা আঁকি আছে। সুগন্ধিয়ে ভাবিলে, কি যে এটা অদ্ভুত পিচ এই আৰণ্যকটো। ছাৰে যদি লক্ষ্য কৰি আছে, ঠিক গালি খাব। 

গুৰুত্বপূৰ্ণ কথাবোৰ সুগন্ধিয়ে লিখি গৈছে। হঠাতে ছাৰে সুধি দিলে, “হোৱাট ইজ দি ৰল অফ কালাৰ ইন কোৱাণ্টাম ক্ৰমডাইনেমিকছ?” ক্লাছৰ এজন এজনকৈ সকলোৱে কৈ গল। কোনোৱে সঠিক উত্তৰ দিব পৰা নাই। হৰবিন্দৰ সিং ছাৰে আৰণ্যকৰ ফালে চালে। 

বহীত কলা পেনেৰে ভজন গাই থকা মীৰাবাইৰ ছবিখন আঁকি শেষ কৰা আৰণ্যকে বৰ সুন্দৰকৈ উত্তৰ দিলে। ছাৰ অভিভূত হৈ পৰিল। 

এক্সেলেণ্ট। 

সকলোৱে আৰণ্যকৰ ফালে চালে। সুগন্ধিও আচৰিত হল। 

ক্লাছৰ মাজৰ অফ পিৰিয়ডবোৰতো আৰণ্যকে ছবিকে আঁকি থাকে। সুগন্ধিয়ে দূৰৰ পৰাই চায়। খুব কম সময়তে বৰ সুন্দৰকৈ ছবিবোৰ আঁকি যায়। প্ৰেক্টিকেলবোৰো ক্ষীপ্ৰতাৰে নিজৰ ধৰণে কৰি উত্তৰ উলিয়ায়।  

সন্ধিয়া মাৰ্কেটত চাহ খাবলৈ যাওঁতে তন্ময়ী আৰু আৰণ্যকৰ মাজত এটা সৰু কথাক লৈ তৰ্কাতৰ্কি লাগিল। আৰণ্যকে কলে, “কথাবোৰৰ আতিগুৰি নজনাকৈ তৰ্ক কৰিছা কিয়? মগজু বুলি একো নাই নেকি?”  তুমি মোৰ মগজুত ধৰি কিয় কথা কবা? নিজকে বেছি ইণ্টেল বুলি ভাবাঁ!”  এইবুলি তন্ময়ীয়ে খঙৰ ভমকত আৰণ্যকৰ চাইকেলৰ চাবিটো তাৰ হাতৰ পৰা কাঢ়ি লৈ জংঘলৰ ফালে দলিয়াই পেলাই দিলে। আৰণ্যকে বহুত বিচাৰিও চাবিটো নাপালে। 

একুৱেৰিয়ামৰ এজনী পিতাৰা ফিছ মৰি গল। আৰণ্যকৰ মনটো বেয়া লাগিল। 

সুগন্ধিহঁতৰ লগৰ ঈপ্সিতৰ জন্মদিন। ওচৰৰে ধাবা এখনত জন্মদিন উদযাপন কৰিব। সুগন্ধি আৰু তন্ময়ীও গল পাৰ্টিলৈ। আৰণ্যকৰ যাবলৈ অলপো মন নাই। এই পাৰ্টিবোৰ ভাল নাপায় আৰণ্যকে। তথাপি সহপাঠীৰ জন্মদিন বাবে অনিচ্ছা সত্তেও কিছু পলমকৈ আৰণ্যক ধাবাখনত উপস্থিত হল। তেতিয়া পাৰ্টিৰ হৰ্ষ-উল্লাস তুংগত উঠিছে। লগৰ সহপাঠীসকলে চিকেন ড্ৰামষ্টিক আৰু পনীৰ পকোৰাৰ সৈতে মদ্যপান কৰিবলৈ আৰম্ভ কৰিলে। আৰণ্যকে চাই থাকিল। এই বস্তুবোৰ পচন্দ নহয় আৰণ্যকৰ। মদ্যপান নকৰিলে পাৰ্টি কৰিব নোৱাৰি নেকি? 

এই মাইকীমুৱাটোৱে কত মদ খাব?”   সহপাঠী ৰাজৰ্ষিৰ মুখৰ পৰা পিচলি অহা শব্দকেইটাই  আৰণ্যকৰ কৰ্ণকুহৰত খুন্দা মাৰিলে। কথাটো শুনি খং উঠা সত্তেও কোনো প্ৰত্যুত্তৰ দিয়াৰ প্ৰয়োজনবোধ নকৰিলে আৰণ্যকে। তন্ময়ীয়েও সহপাঠীবোৰৰ লগত সমানে পাৰ্টিত সহযোগিতা আগবঢ়াইছে। সুগন্ধিয়ে কিছু অশান্তি পোৱা যেন লাগিছে আৰণ্যকৰ। এনেতে ঈপ্সিতে জোৰ কৰি সুগন্ধিৰ মুখত নিজৰ হাতৰ গিলাছটোৰ পৰা কিছু মদ ঢালি দিলে। সুগন্ধিয়ে আতংকিত হৈ চিঞৰি উঠিল। 

লগৰ বাকীবোৰ হাঁহিত ফাটি পৰিল। তন্ময়ীও। আৰণ্যকৰ এইবাৰ প্ৰচণ্ড খং উঠিল। চকুৰ পচাৰতে ঈপ্সিতৰ মুখত এখন বজ্ৰ কঠিন হাতৰ কঠোৰ আঘাত পৰিল। 

আৰণ্যকে সুগন্ধিক হোষ্টেলত থৈ নিজৰ কোঠালৈ গুচি গল। 

ৰাতিটো টোপনি নাহিল সুগন্ধিৰ। যিমান বাৰ চকু মুদিবলৈ চেষ্টা কৰিলে, আৰণ্যকৰ মুখখন দুচকুত ভাহি থাকিল। তাই ভবাৰ দৰে আৰণ্যক বেয়া নহয়। মাথোন কিছু অদ্ভুত প্ৰকৃতিৰ। সুগন্ধিৰ স্বল্পভাষী আৰণ্যকৰ বিষয়ে জানিবলৈ খুব ইচ্ছা হল। 

আৰণ্যকৰ একুৱেৰিয়ামত এতিয়া মাথোঁ দুটা মাছহে বাকী আছেগৈ। কেট ফিছটো আৰু সুন্দৰী পিতাৰা এজনী। আৰণ্যকৰ মনটো বিশৃংখল আৰু বিচলিত হৈ পৰিছে। এইটো সময়ত ছবি অঁকাৰ বাহিৰে বেলেগ একো কামে আৰণ্যকৰ অশান্ত মনটোলৈ প্ৰশান্তি আনিব নোৱাৰে। 

লা পেনেৰে কেইবাখনো ছবি আঁকি গল আৰণ্যকে। আজি ছবিবোৰ বেলেগ হৈছে। কিছুমান এবষ্ট্ৰেক্ট পেটাৰ্নৰ মাজে মাজে এযুৰি চকু, এযুৰি ওঁঠ, দুটা তিল থকা এটা জোঙা নাক, কান্ধলৈ বৈ পৰা একোছা ঘন কলা চুলি। টোপনিৰ কোলাত অৱচেতন মনতো ছবিবোৰে অহা যোৱা কৰি থাকিল।  

আন দিনাতকৈ ৰাতিপুৱা সোনকালে সাৰ পালে আৰণ্যকে। পুনৰ ছবিবোৰ ভালকৈ চাই অনুভৱ কৰিলে, এখন চিনাকি মুখে ছবিবোৰ ভৰাই পেলাইছে।

আজি ক্লাছত সুগন্ধিৰ কাষৰ চকীখনতে আৰণ্যক বহিল। লগৰ কোনোৱে সুগন্ধি আৰু আৰণ্যকৰ সৈতে কথা-বতৰা পতা নাই। 

অফ পিৰিয়ড এটাত আৰণ্যকে সুগন্ধিৰ ফালে চাই সুধিলে, 

এবছৰৰ বাবে মোৰ গাৰ্লফ্ৰেণ্ড হবা?” 

আৰণ্যকৰ প্ৰশ্নটোত থতমত খালে সুগন্ধিয়ে। এইটো কেনেকুৱা প্ৰস্তাৱ? কিন্তু আৰণ্যকৰ নিচিনা অদ্ভুত প্ৰকৃতিৰ লৰা এটাৰ পৰা এনেকুৱা প্ৰস্তাৱ এটা পাই সুগন্ধিৰ মনটো কৌতূহলীও হৈ পৰিল । 

ঠিক আছে। সুগন্ধিয়ে কিছু সময় চিন্তা কৰি উত্তৰ দিলে। 

আৰণ্যকৰ একুৱেৰিয়ামটোলৈ বসন্ত নামিছে। সৰু সৰু জলজ উদ্ভিদ আৰু ৰঙীন শিলেৰে সি বৰ আটোমটোকাৰিকৈ সজাই তুলিছে একুৱেৰিয়ামটো। 

সুগন্ধি আৰণ্যকৰ গাৰ্লফ্ৰেণ্ড হল। দুয়ো পদাৰ্থৰ কথা পাতে, ছবিৰ কথা পাতেএকুৱেৰিয়ামৰ মাছ দুটাৰ কথাও পাতে। সুগন্ধিৰ সৈতে কথা পাতি আৰণ্যকৰ ভাল লাগে। অহেনৰিৰ এশটা প্ৰেমৰ গল্পক চিত্ৰৰূপ দি আৰণ্যকে সুগন্ধিক উপহাৰ দিয়ে। আৰণ্যকৰ শৰীৰত লাহে লাহে কমি আহে শ্বেত ৰক্ত কণিকাৰ সংখ্যা।  

এটা বছৰ পাখিলগা কাঁড়ৰ দৰে পাৰ হৈ গল। সোণৰ পদক পাই উত্তীৰ্ণ হল আৰণ্যক। 

আজি ইউনিভাৰ্ছিটিত সুগন্ধিৰ শেষ দিন। আৰণ্যকৰ পৰা একেবাৰে বিদায় লব লাগিব তাই। কাৰণ সিহঁতৰ চুক্তিৰ ম্যাদ উকলিল। তাই মানসিকভাৱে কিছুদিন আগৰে পৰা প্ৰস্তুত হৈছে। তাই নিজকে বুজনি দিছে, এতিয়াৰে পৰা দুয়োৰে ৰাস্তা পৃথক। 

হৃদয়খন শিলৰ চোলা এটাৰে ঢাকি সুগন্ধি গুচি গল। আৰণ্যকে একুৱেৰিয়ামটোৰ পৰা কমলাৰঙী পিতাৰাজনী উলিয়াই আনিলে। একুৱেৰিয়ামটোত এতিয়া আৰু পিতাৰাজনীক ৰাখিব নোৱাৰে সি। বহু সময় মাছজনীলৈ চাই থাকিল আৰণ্যকে। কি কৰিব এটা বছৰে একুৱেৰিয়ামটো শোভিত কৰি ৰখা পিতাৰাজনী ! আৰণ্যক নিজৰ কোঠাৰ পৰা ওলাই গল। ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত সি পিতাৰাজনী এৰি দিলে। আৰণ্যকে ভাবিলে লুইতৰ বিশাল বক্ষত জীয়াই থাকিব পাৰিবনে পিতাৰাজনী ?

যোগ্য ভোগ্য বসুন্ধৰা। 

ভগ্ন হৃদয় এখন লৈ আৰণ্যক কোঠালৈ উভতি আহিল। মনটোত এক অব্যক্ত বেদনা। 

পাছদিনা পুৱা আৰণ্যকে একুৱেৰিয়ামটো চাফা কৰিবলৈ গৈ আচৰিত হল। একুৱেৰিয়ামৰ স্বচ্ছ পানীবোৰ ৰঙা হৈ পৰিছে। 

আৰণ্যকৰ মূৰটো ঘূৰাই গল। একুৱেৰিয়ামটো  পকাত পিছলি পৰিল। বুকুখনত এটা প্ৰচণ্ড বিষ অনুভৱ কৰিলে আৰণ্যকে। সকলোতে যেন অন্ধকাৰ। উশাহ চুটি হৈ আহিল। নাকেৰে বৈ আহিল বিশাল ৰক্তধাৰা। হিম শীতল পথ এটাৰে যেন আৰণ্যক গৈ থাকিল। 

একুৱেৰিয়ামৰ টুকুৰা টুকুৰ গ্লাছৰ মাজত পৰি ৰল এটা নিথৰ কেটফিছ।

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ