পৰিস্মিতা বৰদলৈ
(১)
: হৌৰা, হ’ব দিয়াঁহে
ইমানকৈ খং নাখাবা৷ আমাৰ ছোৱালী বুজন, লোকে হাত মেলিলে বুলিলেই পাব নে?
(২)
: হেৰি মামনৰ বাপেক!
অ’ বোলো শুনিছেনে? জীয়েকে এইবাৰ ভাল ৰিজল কৰিছে৷ অলপমান বিচাৰ-খোচাৰ কৰিবচোন তাইৰ জোখৰ
ল’ৰা পায়েই বা!
: এঃ ৰ’বাচোন পাই৷
জীয়েৰে আৰু দুচেনীমান পহক ৷ তাইলৈনো দৰাৰ অভাৱ কিহৰ!
(৩)
: এনেই বাপেকটো হ’ল ঔ এই মানুহটো৷ বোলো নেওচা-কেওচা দিবলৈ বহি৷ জীয়েকৰ একেলগতে কাম কৰা মানুহ আহিব, ৰাতিপুৱাৰ পৰা মানুহটোৰ খবৰেই নাই দেওঁ৷
: কি ক’লি তই? বোলো
মোৰহে খবৰ নাই? চা এয়া জীয়নীয়া মাছ বৰনৈত উজান উঠিছিল, সাউৎকৰে লৈয়ে আনিলোঁ৷ ভাল চাই
লফা শাকো আনিছোঁ৷ খুৱাবি আলহীক হেঁপাহ পলুৱাই৷
(৪)
: বোলো মামনৰ বাপেক৷
ল’ৰাটো কেনে দেখিলে? এইবাৰ আমাৰ এইৰ জোৰে-জোখাৰে পাইছোঁ৷ উলিয়াই দিয়াৰহে কথা৷
: কিয় আগৰ দুবাৰৰ
কেইটানো কি বেয়া দেখিছিলি? পিছে হ’ব দে তোৰ পচনেই মোৰো৷ তাতে তাইৰো যদি সন্মতি পাওঁ,
এইবাৰ দিম উলিয়াই৷
(৫)
: হেৰি মামনৰ বাপেক,
আগলৈ পাছলৈ একেটিয়েই ছোৱালী আমাৰ৷ যি পাৰি দিব লাগিব দুই এপদ সম্পদ বাকচত ভৰাই৷
:হৌৰা, তায়েই দেখোন
আমাৰ ঘাই সম্পদ, যি অতবছৰে আছে আমাৰ বুকু জুৰাই৷ তাইক পঢ়ুৱাই শুনোৱাই এনেই কৰিছোঁনে
জোৰে-জোখৰ, কেলৈনো লাগিছে বেলেগে কিবা দিবলৈ ভৰাই!
(৬)
: মামনৰ গাটো অলপমান বেয়া। মনটোও যেন মুজুৰা মৰা৷ নহলে লৈয়েই আনোগৈ নেকি দুদিনমান থকাকৈ?
: আনিবলৈতো মোৰো
মন৷ পাছে তাইৰ বা আকৌ কি মন? বেয়া পায় নেকি বা কেনেবাকৈ?
(৭)
: ছোৱালীজনী বোলে
কালিৰ পৰা শুয়ে উঠা নাই? কিহলেনো দিছিলো ইমান দূৰলৈ উলিয়াই৷ হেৰি শুনিছেনে আহোঁগৈচোন
ব’লক তাইক এবেলি চাই৷
: ...
: কি হ’ল আপুনিয়ো
হ’বলা শোৱাৰ পৰা সাৰেই পোৱা নাই ৷ মই এতিয়া কিনো কৰোঁ। চাকৰি কৰা ছোৱালী বাবেই নিছিল
সিহঁতে৷ দয়া-মমতা অলপমানো নাই৷ জোৰে-জোখাৰে দৰা বিচাৰি দিছিলোঁ৷ আজি মোৰ ছোৱালীৰ জীৱনটো
যায়! আজি মোৰ ছোৱালীৰ জীৱনটো যায়৷