পঙ্কজ প্ৰতিম বৰদলৈ
অন্যযুগ/
সূৰ্যত প্ৰতিবিম্ব
আৰ্ট গেলাৰীটোত প্ৰদৰ্শনী হৈ আছে। বহু নামী-দামী শিল্পীৰ চিত্ৰকৰ্মৰ প্ৰদৰ্শন হৈছে। কেনভাছবোৰ একোখন ৰঙীন তুলিকা। মূৰ্ত। বিমূৰ্ত। এখনো উকা কেনভাছ নাই। ৰং, আকৃতি, প্ৰকৃতি ভিন্ন। কিছু বুজিব পাৰি। বেছিভাগেই নোৱাৰি। শিল্পীয়ে কি ভাবি আঁকে এনে জটিল চিত্ৰ? স্ববিৰোধ, উদ্ভট চিন্তা নে, ছুপিৰিয়ৰ আই কিউ? ডালিয়ে কি ভাবি আকিঁছিল ছবিবোৰ? চাল্লা, মস্ত পাগল আছিল আচলতে! অদ্ভুত! অলপতে গাইটণ্ডেৰ যে ছবি এখন বিক্ৰী হ’ল কোটি কোটি টকাত, একো নাই, কেনভাছ এখনৰ মাজত ৰঙা বিন্দু এটা। খণ্ডচিত্ৰৰ টুকুৰা দুটামান। ৰঙৰ বাহাৰ। ইমান দাম! এই গেলাৰীটোত তেনে এখন ছবি আছেনে? নে কোনোবা দেৱ-দেৱীৰ নগ্ন ছবি অথবা কোনো গে’ শিল্পীৰ ছবি আছে। অলপ পাছতে বজৰং দলৰ ল’ৰাকেইটা আহিব, আৰু আজুৰি ফালি-ছিঙি পেলাব ছবিবোৰ। ৰংবোৰ ছেদেলি-ভেদেলি হৈ পৰিব। ফটা কেনভাছবোৰ পৰি ৰ’ব। ৰংবোৰ ছেদেলি-ভেদেলি কেনেকৈ হ’ব? ধেত্ ! ৰংবোৰ সিঁচৰতি হৈ পৰি থাকিব। নোৱাৰে হে, কেনভাছত লাগি থকা শুকাই যোৱা ৰংবোৰ ফটা কেনভাছত লাগি থাকিব। সিঁচৰতি হ’ব নোৱাৰে। নিজে শুকাই গৈও ৰঙীন হৈ থাকিব পাৰে, উজ্জ্বল হৈ থাকিব পাৰে, ৰংবোৰ। আচৰিত।
আস ! ইমান নিৰস এই ছবিবোৰ। এই আৰ্ট গেলাৰীটোৰ কিউৰেটৰৰ চকুৰ দৃষ্টি নিষ্প্ৰাণ, অক্ষম। তৃপ্ততা নাই। তপ্ত দুচকুৱে বিচাৰি ফুৰিছে কিবা এটা। হৃদয়ৰ জুৰণি। সেই যে ফ্ৰেডা কাৰ্লোৰ ছবিখন ‘আঘাতপ্ৰাপ্ত হৰিণ’৷ নডাল কাঁড়েৰে বিদ্ধ এটা অকণমানি হৰিণ। এটা এটা ৰক্তবিন্দু। ভাবলেশহীন এখন মুখ। নাৰী নে পুৰুষ? নে ফ্ৰেডা নিজে? আৰু নডাল কাঁড়। সম্পৰ্কৰ জ্বালা, প্ৰিয়জনৰ ছিন্ন বিশ্বাস আৰু শাৰীৰিক অস্ত্ৰোপচাৰত কোঙা ফ্ৰেডা কাৰ্লো। নডাল কাঁড় কি আছিল। দুখৰ নটা প্ৰকাৰ। অবিশ্বাস আৰু অপ্ৰাপ্তিৰ নটা তৰপ। কি আছিল? শোক, বেদনা, যাতনা, প্ৰতাৰণা। বাঃ দুখৰেই ইমান প্ৰকাৰ। ফ্ৰেডাই ‘কৰ্মা’ বুলিও লিখিছিল ছবিখনত। সম্পৰ্কৰ নৈকট্য লাভ নকৰা ফ্ৰেডাৰ বাবে ই আছিল নিশ্চয় অদৃষ্টৰ ক্ৰূৰতা, শোকগাথা।
বাঃ এইখন বিচাৰি থকা ছবিখন ! প্ৰান্তীয় চহৰৰ আৰ্ট গেলাৰীলৈও ভাল কাম আহিছে মানে। দূৰৈত পাহাৰ এটা। আকাশত সূৰ্যসম এক নাৰীৰ মুখ। ভাববিহীন। নৈখনৰ পাৰত হালধীয়া গছ এজোপা। নৈৰ পাৰত ৰৈ থকা নগ্ন নাৰীগৰাকীয়ে সূৰ্যসম নাৰীগৰাকীলৈ চাই আছে। স্থিৰ অথচ আকুল দৃষ্টি। তুলিকাখন বহু পৰ চাই ৰ’লোঁ। ‘আঘাত’-অইল অন্ কেনভাছ-৩৬ X ৪৮ ইঞ্চি-শিল্পী-সাগৰ ফুকন।
* * * * * * * *
পাৰ্থৰ সৰস বৰ্ণনা!
‘‘দুৱাৰখন খুলি তাই তাক ভিতৰলৈ মাতি নিলে। তাই তাক ঠেলা মাৰি পেলাই দিলে বিছনাখনত!’’— পাৰ্থ অকণমাণ ৰ’ল। মাতটোত অলপ আৱেগ সানি আকৌ ক’লে— ‘‘তাই কাপোৰবোৰ খুলিবলৈ ল’লে, এটা এটা কৈ ...।” পাৰ্থৰ বৰ্ণনাত যাদু আছে। ৰমেন বৰুৱাৰ কিতাপবোৰতকৈও সজীৱ। গৱৰ্নমেণ্ট বয়জৰ ফিল্ডৰ কাষৰ শিমলুজোপাৰ ফুলবোৰত তেতিয়া উদ্দাম বসন্ত।
এঃ বৰাৰ (আচল নামটো মৃণাল বৰা, কথাই প্ৰতি ‘এঃ’-টো কয়, সেয়ে ‘এঃ বৰা’) ডেস্কটপটোত এখন ফেনিল সমুদ্ৰ। নীলা আৰু নীলা, চৌদিশে নীলা। পৰিষ্কাৰ, ৰৌদ্ৰোজ্জ্বল দিন। এখন বিলাসী য়াক্ট। এহাল নৰ-নাৰী। দেহৰ উৎসৱ। সুখৰ আনন্দ। পূৰ্ণতাৰ প্ৰাপ্তি। নব্বৈৰ দশকৰ ডাঙৰ ঘটনা। পামেলা আৰু টমীৰ। আমেৰিকাৰ ডাঙৰ চেলিব্ৰেটি। এঃ বৰাৰ ডেস্ক্টপত এখন জীৱন্ত পৃথিৱী। পাৰ্থৰ সৰস বৰ্ণনা, ৰমেন বৰুৱাৰ কিতাপৰ লেখাৰ, কল্পনাৰ নহয়, জীৱন্ত! স্বচক্ষ।
‘‘কি আছে শৰীৰত? আহাৰ, বিহাৰ, নিদ্ৰা, মৈথুন। আৰু কি লাগে? আচলতে কি জান? মৈথুনটো, মানে ছেক্স্টো ইম্প’ৰটেণ্ট। বাকীবোৰ চলি যায়।”— শেখৰৰ এক্স্পাৰ্ট কমেণ্ট।
‘‘এই যে কোনোবা কবিয়ে লিখিছিল ‘তোমাৰ শৰীৰ সাগৰত ডুব যাওঁ মই/ উপত্যকাত বিচাৰোঁ সূৰ্য।” ধুৰ! ছেক্সৰ কাব্যিক উপমা। ‘‘চাল্লা! কবিয়ে হস্তমৈথুন কৰি থাকোঁতে লিখিছিল এইটো কবিতা।’’— প্ৰাঞ্জলৰ অট্টহাস্য।
কথাবোৰে মনত পেলালে ঘটনা এটা। সিদিনা ‘লিবাৰেল’ খোলা মনৰ গল্পকাৰ বান্ধৱী এজনীয়ে কৈছিল, যৌনকাৰ্যত নাৰীৰ স্তন দুটাৰ বিশেষ কাম নাথাকে বোলে। কেৱল ফ’ৰপ্লে’তহে (তাই গল্পকাৰ যে, তাইৰ মতে ‘পূৰ্বৰাগ’!) কিছু সময়ৰ বাবে প্ৰয়োজন। তাৰ পাছত প্ৰয়োজন শেষ। বহু নীলাছবি চোৱাৰ লগতে নিজৰ অভিজ্ঞতাৰ ভিত্তিত কৈছিল তাই। এঘড়ী যুঁজা হ’ল, তাইৰ লগত। স্তনৰ প্ৰয়োজনীয়তা, সমতলভূমিৰ পৰা শৃংগৰ আৰোহণলৈকে। বহু যুক্তি অভিজ্ঞতা দিয়া হ’ল। কি জানো হৈছিল সিদিনা, খুউব কান্দিবলৈ মন গৈছিল, কাৰোবাৰ বুকুত সোমাই বুকু ভিজাই কান্দিবলৈ মন গৈছিল। দুখবোৰ যেন শুহি ল’ব সেই বুকুখনে! গল্পকাৰ বান্ধৱীক ‘তোমাৰ বুকুত সোমাই কান্দিবৰ মন গৈছে’ বুলি কওঁতে ৱাটছ্এপত ই’মজী এসোপা আৰু ‘আহা বুকুত সোমোৱাহি’ বুলি পৰম মমতাৰে মেছেজ দিছিল। পাছত কৈছিল, বান্ধৱীৰ বুকুতো ‘বালিমাহী’ এজনী জন্মিছিল, কথাষাৰ শুনি, ক্ষণিকৰ বাবে। সংগোপনে। কিয় জন্মিছিল? (অ’ ‘বালিমাহী’ প্ৰতীকটোত বান্ধৱীৰ একচেটিয়া অধিকাৰ, কোনেও যাতে ব্যৱহাৰ নকৰে, ময়ো নাই কৰা!)
‘‘আচ্ছা, এই যে অ টি টি প্লেটফৰ্মৰ— ইণ্ডিয়ান ট্ৰিপুল এক্স চিনেমাবোৰ— তাৰ সেই আটাইতকৈ ফেমাছ ছোৱালীজনী— প্ৰাঞ্জলে ভাডভাইজাৰৰ কেনটো খুলি ল’লে। ‘‘তাইৰ নাম টিনা নে কিবা (আচল নাম নহ’বও পাৰে!), তাই আমাৰ অসমৰ ছোৱালী জাননে?— বাঁওফালৰ পৰা সোঁফাললৈ ঘূৰা ‘টেবুল ফেন’কেইখনে তাক অলপ হতাশ কৰিলে।
‘‘ধুৰ! চাল্লা। একো নাজান। ঐ, অ টি টি-ত ৰিলিজ হোৱা এনে বেছি চিনেমাই বেংগলত বনায়’’— বেংগলী জাতিটো সকলোতে আগ। ব্লু ফিল্ম বনোৱাতো’’— নিজৰ ৰসিকতাত সি নিজেই হাঁহিলে।
পুৰণি ঘটনা এটাই আহি আকৌ দোলা দিলে মনত। মহানগৰীৰ প্ৰথম বছৰৰ ঘটনা এটা। কাশ্মীৰী গেটৰ ৰিট্জ চিনেমা হলত চিনেমা চোৱাৰ দিন এটা। কেচেমা-কেচেম গোন্ধটো গোটেই হ’লটোত বিয়পি আছিল। মকৰাজাল। এলান্ধু। চকীবোৰ পুৰণা। অস্পষ্ট ছাউণ্ড ছিষ্টেম। অথচ কনাট প্লেচ নিৰ্মাণ হোৱাৰ আগতে ত্ৰিছৰ দশকত, ই বিখ্যাত হল আছিল। বৃটিছ বগা চাহাবে গিজ্গিজাই আছিল। এতিয়া ‘হৱস কী জৱানী’ চলাইছে। একালৰ বৃন্দাবন একালত পৰে ছন। ডেৰ ঘণ্টাৰ পাছত আমি ছটা ওলাই আহিলোঁ। শেখৰে সাগৰক মাৰোঁ যেন কৰিছিল— ‘‘ধেই ! মস্ত ফাঁকিবাজ তই। ছটা চিন আছে বুলি কৈছিলি, এটাও নাই। ধুৰ!’’
***
জুৰিয়ে কথা বেছি কয়। কথাৰে চপ্চপীয়া তাই। কিন্তু শুনি আমনি নালাগে। পঢ়া-শুনাতো ভাল তাই। ইউনিভাৰছিটিখন এখন ভিন্ন জগত। ভিন্ন ঠাইৰ ছাত্ৰ-ছাত্ৰী। বহুবোৰ নতুন মুখ। পৰিসৰ ব্যাপ্ত। প্ৰতিযোগিতাও বেছি। সকলতোকৈ ডাঙৰ কথা স্বাধীনতা। ইয়াত স্বাধীনতাৰ অভাৱ নাই। মুক্ত সকলো। মুক্ত পৃথিৱী। আচলতে অতি স্বাধীনতা আৰু অতি মুক্তিৰ পয়োভৰ! হয়তো।
‘‘তোৰ মুখত কিন্তু বেলেগ গ্ল’ এটা দেখিছোঁ’’— জুৰিয়ে দুষ্ট হাঁহি এটা মাৰি ক’লে। ‘‘তাৰ লগত ‘ক’ৰ্ছ মিটিং’ বেছিকৈ কৰিছ’’ যেন পাইছোঁ’— জুৰিৰ এইবাৰ স্পষ্ট কথা। ‘ক’ৰ্ছ মিটিং’ মানে বয়জ হোষ্টেলৰ ৰুমলৈ গৈ পঢ়া-শুনাৰ চৰ্চা কৰা। পঢ়া-শুনা নহয় আচলতে, বেলেগ কিবাকিবি হয়। জুৰি এইবোৰ দিশত স্পষ্ট, লুক-ঢাক নাই। নিলাজী। তাইৰ কিন্তু লাজে খুন্দা মাৰি ধৰে। তাহাঁতৰ সৰস আলোচনাবোৰত তাই জুৰিৰ দৰে ক’ব নোৱাৰে। ‘প্ৰাঞ্জলটো যে নহয়, বুব্চ্ দুটাতে খেলি থাকে, আঁতৰাবৰো মন নাযায়।’’— তাৰ পাছত ৰুমটোত অট্টহাস্য, গিৰ্জনি, এসোপামান খোলা হাঁহি।
নাঃ তাই নোৱাৰে। তাইৰ মতে কথাবোৰত আবুৰ থাকিব লাগে। নিজৰ অন্তৰতম সময় এইবোৰ। ইয়াক লৈ বহুবাৰ তাই তৰ্কযুদ্ধত লিপ্ত হৈছে। ‘তই শুনিব পাৰ’! আমাৰ কথা শুনি মন্তব্য দিব পাৰ’৷ অথচ, নিজৰ কথা নকৱ! মহা হিপ’ক্ৰেট তই!’’— জুৰিয়ে কেতিয়াবা খং কৰে তাইক। তাইৰ বাবে যে, তৰাভৰা জোনাক নিশাৰ কথা এইবোৰ। ছাঁ আৰু পোহৰৰ খেলা। শীতল জোনাক হাতত লৈ মুঠি মুঠিকৈ ছটিয়াই থকা সময়ৰ কথা। শীতৰ আবেলি এটা হঠাৎ ভাদমহীয়া ধুমুহা জৰ্জৰ ৰাতিলৈ পৰিৱৰ্তিত হৈ পুনৰ শান্ত হৈ পৰা সময়ৰ কথা। ৰুক্ষ হৈ থকা পথাৰ এখন চহাই-মৈয়াই পলসুৱা কৰি কঠীয়া ৰুব পৰাকৈ ভৰুণ কৰা সময়ৰ কথা। তাই ক’ব নোৱাৰে, সেয়া যে ফৰকাল সেউজীয়া উপত্যকা এটাত এচপৰা ডাৱৰ গোট খাই হোৱা আৱতৰীয়া বৰষুণজাকত তিতি হোৱা উন্মাদনাৰ উত্তেজনা। শিহৰিত সময়ৰ সিহঁতৰ সম্পৰীক্ষাবোৰৰ কথা! নাই, তাই ক’ব নোৱাৰে, ইহঁতে নুবুজিবও।
এদিন কিন্তু তেনে এটা সৰস আড্ডাত মূক হৈ বহি আছিল তাই। আড্ডাৰ মধ্যমণি জুৰি নাছিল সেইদিনা। সেইদিনা প্ৰীতিৰ কথাত পাৰভঙা সোঁত আছিল। লাজৰ শেষ বিন্দুত ৰৈ প্ৰীতিয়ে কৈছিল তাইৰ এটা গোপন নিলাজ অভিজ্ঞতা।
‘‘কঁকালৰ তলত নিতম্বদেশৰ অটল গহ্বৰত, তাৰ সিক্ত জিভাখন— আসঃ— উগ্ৰ নিচা আছে জান’’! ৰাগী লাগি যায়। নুবুজিবি তহঁতে। ধেই।’’
‘‘এক্সপেৰিমেণ্ট কৰ’ জানো তহঁতে?’’— প্ৰীতিৰ প্ৰশ্নটো বাজি আছিল কাণত। বহুতে কিবাকিবি কৈছিল। তাই কিন্তু ডুব গৈছিল, তাইৰ নিজৰ পৃথিৱীখনত। পৰিপক্ক অভিজ্ঞতাৰ পলসেৰে সঁজাল তাইৰ শৰীৰ তুলিকাত তেতিয়া ভিন্ন ৰঙৰ সমাহাৰ।
***
সময়বোৰ পাখিলগা কাঁড়। কলেজৰ চাকৰি। বিদ্যুতৰ লগত বিয়া। সোণৰ জন্ম। ব্যস্ততাৰ বহু বছৰ। নিজৰ বাবে আহৰি নোপোৱা সময়। তেনেকুৱা দিনবোৰত তাই তাক আকৌ লগ পাইছিল। বাহ্যিক দৃষ্টিত তাইৰ একো অভাৱ নাই। কিন্তু অপূৰ্ণতা আছিল। প্ৰথমবাৰ লগ পাওঁতেই সি তাইক সিহঁতৰ চৰ্ত দুটাৰ কথা মনত পেলাই দিছিল। এৰা চৰ্ত দুটা তায়েই ৰাখিছিল, সেই আৰম্ভণিতেই। তাই তাৰ মন ভাঙিব পাৰিব, যেতিয়াই মন যায়, সি কিন্তু নোৱাৰিব। দুয়োটাই যে চৰ্ত মনাত বিফল হৈছিল, সেইটো কথা তাই তাক সোঁৱৰাই দিছিল। ব্যস্ততাৰ মাজত তাই আহৰি উলিয়াইছিল। লগ পোৱাটো সঘন হৈছিল। পাছলৈ কিছু অন্তৰংগ। অতি অন্তৰংগ। লাহে লাহে তাৰ আৱদাৰবোৰে সমস্যা কৰিছিল। তাই বুজি উঠিছিল। বহু মৰমেৰে তাক মান্তি কৰিছিল নতুন চহৰ এখনলৈ গুচি যাবলৈ। তাৰ বাবে অসুবিধা নাছিল, যাযাবৰী মানুহ। সি কিন্তু এটাই চৰ্ত দিছিল— এবাৰ, শেষবাৰৰ বাবে কিছু অন্তৰঙ্গ মুহূৰ্তৰ বিনিময়। তাই আচলতে মনে মনে বিচাৰিছিল তাৰ পৰা তেনে এক প্ৰস্তাৱ। মান্তি নহৈ উপায়ো নাছিল তাইৰ। তাৰ জেদটো জনা আছে তাৰ। সকলো তাইৰ মতেই হ’ব। স্থান, সময়, দিন, যিদৰে আগতেও তাইৰ মতেই হৈছিল। শেষবাৰৰ বাবে লগ হৈছিল সিহঁত। পাৰ কৰিছিল নিৰিবিলি নিজৰ সময়। পুৰণি দিনৰ সেই সম্পৰীক্ষাবোৰ সিহঁতে নকৈ পুনৰবাৰ কৰিছিল। বৰষুণ এজাকত তিতি তিতি সিহঁত আকৌ নৈখনত সাঁতুৰি ফুৰিছিল। এবাৰ ডুব গৈছিল। এবাৰ পাৰত জিৰণি লৈছিল। ৰ’দত বহিছিল, আকৌ সাঁতুৰিছিল। সি কিন্তু আকৌ চৰ্ত ভাঙিছিল— সাঁতোৰবোৰ সাঁচি থৈছিল। সংগোপনে। সি কৈছিল নদীৰ পৰা যে মোৰ এতিয়া সাগৰমুখী সাঁতোৰ হ’ব— অধিক নিসংগ, অধিক গভীৰ, অধিক বিশাল।
***
তাইৰ সপোনটো মনত পৰিল। খেদি ফুৰে এই সপোনটোৱে তাইক। ধুমুহাজাকত তাই ঠাউনি পোৱা নাছিল। ঘোপমৰা এন্ধাৰত তাই একো মনিব পৰা নাছিল। গছৰ পাতবোৰে নিৰ্দয়ভাৱে তাইৰ দেহত খুন্দিয়াই গৈছিল। বৰষুণৰ লগত পৰা শিলবোৰে তাইৰ দেহটো ৰঙা কৰি পেলাইছিল৷ বিজুলি চমকণিত তাই চঁক্ খাই উঠিছিল। বজ্ৰপাত পৰিছিল। মূৰ গুঁজিবলৈ তাইৰ ঠাইৰ অভাৱ হৈছিল। আশ্ৰয়বিহীন। এন্ধাৰৰ মাজত এটা পোহৰ বিন্দু। তাৰ পাছত আৰু এটা, আৰু এটা, যেন এসোপা জোনাকী পৰুৱা। তাই ভয় খাইছিল। আন্ধাৰৰ ফালে তাই দৌৰিছিল। দৌৰিছিল। কিবা এটাত উজুটি খাই তাই পৰি গৈছিল। তাইৰ আবুৰহীন দেহ তুলিকাত বহু বিমূৰ্ত চিত্ৰ অংকিত হৈছিল। ম’বাইলৰ এসোপা টৰ্চ লাইটৰ পোহৰে তাইক ঘেৰি ধৰিছিল। তাই চকু মুদি দিছিল আৰু দেখিছিল এজোপা হালধীয়া গছ। সি যে সংগোপনে সাঁচি থোৱা সিহঁতৰ সাঁতোৰৰ সময়বোৰ, এদিন মুকলি কৰি দিছিল। তাই আবুৰহীন হৈ পৰিছিল।
ৰাতিপুৱাল! তাই উঠি বহিল। বাহিৰলৈ চালে। গছডালৰ গা-গছডাল ডাঙৰ। পুৰণি গছ। জয়াল গছ। বহুকেইটা প্ৰজন্ম গছডালে দেখিছে। নদীৰ পাৰৰ মুকলি ঠাই যদিও জয়াল ঠাই। মানুহৰ সমাগম নাই। অদূৰত নৈখন। সিফালে পাহাৰটো। ব’হাগৰ দুপৰীয়া হ’বপায়, ক’ৰবাত কুলি চৰাই এটাই মাতিছে। তাই গছৰ খোৰোংটোৰ পৰা ওলাই আহিল। অলপ বতাহ ল’বৰ বাবে। হ’ল বুলিনো আৰু কিমান সোমাই থাকিব। আজিকালি বৰষুণ দিয়াৰ বাবে তাইৰ অসুবিধা হয়, পানী সোমায়। সিদিনা ওচৰৰ এৰাবাৰীখনত সোমাই কিবা খোৱাবস্তু বিচাৰোঁতে গোটেই গাতে কিহবাই ডাকিলে (বিছা নহয় কিন্তু!) গাটো দমলা-দমল হৈ গৈছিল। যোৱা দুদিনে ওলোৱা নাছিল সেয়ে। যিহে ৰ’দ দিছে। তাইৰ নগ্নদেহে সহিব নোৱাৰিব উত্তাপ। নদীখন ভৰুণ। পানীবোৰ চাফা৷ থিয় গৰাটোৰ পৰা নামি গ’ল তাই। নদীৰ পানীত নিজৰ গাটো দেখিলে। ‘এভাৰগ্ৰীন বিউটি পাৰ্লাৰ’-ৰ নীতা বাইদেউলৈ মনত পৰি গ’ল। প্ৰয়োজনত ছুপাৰ মাৰ্কেটত থকা বাইদেউৰ পাৰ্লাৰলৈকে কলেজত পঢ়োঁতে গৈছিল তাই। প্ৰয়োজন মানে কি ? মূলতঃ থ্ৰেডিং। পাছত কেতিয়াবা ফেচিয়েল আৰু চুলিকেইডাল মাজে মাজে ঠিক কৰা।
‘‘তোমাৰ গালৰ ডিম্প্লটো মোক দি দিয়াঁহে তুলিকা। ভগৱানে অকণো কঞ্জুছি কৰা নাই দেই তোমাক লৈ।’’— নীতা বাইদেউৰ কথাষাৰ মনত পৰি গ’ল।
চুলিবোৰ দীঘল হ’ল। তেল-ফণিৰ সংস্পৰ্শ নাই বাবে অলপ লঠঙা হৈছে। খীণালেও তাই আগতকৈ। চোকা ৰ’দত খোৱাবস্তু বিচাৰি ফুৰা বাবে ৰংটোৰ উজ্জ্ব্লতা কমিছে, কিন্তু ম্লান পৰা নাই। গাটোত আঁচোৰৰ দাগ। নাভিৰ তলত এখন অৰণ্য। নখবোৰ বাঢ়িছে (ভাগি গ’লেই হয়, নেইল কাটাৰ নাই!)।
তুলিকাই গাটো ধুলে। গছজোপাৰ ছাঁতে অলপ সময় বহি তাই গাটো শুকুৱালে। চুলিবোৰ নুশুকায় ইমান সোনকালে। সময় লাগিব। খোৱাৰ যোগাৰটো কৰা হওক, তাই ভাবিলে। কালি ৰাতি কি খাইছিল তাই পাহৰি গ’ল। বহু চেষ্টা কৰিও মনত পেলাব নোৱাৰিলে। তুলিকা পানী-যুঁৱলিৰ ফালে দৌৰি গ’ল। পানীত গুঁজি থোৱা শলাডালত (বৰশী নহয়) মজলীয়া আকাৰৰ মাছ এটা লাগিছে। হওক তেও, দুপৰীয়াতো ভোকত থাকিব নালাগে। বতাহজাক আছে যদিও অলপ শুকান শুকান ভাব এটা আছে। তাই খোৰোংটোৰ ওচৰ পালেহি। খোৰোঙৰ ভিতৰত থকা তাইৰ আপুৰুগীয়া সম্পত্তিৰ অন্যতম, মজলীয়া আকাৰৰ শিল দুটা তুলি ল’লে। ‘‘ছেঃ, বতাহজাক অলপ কমিলে ভাল, অসুবিধা হ’ব নহ’লে’’, নিজকে কোৱাদি ক’লে তাই। খোৰোঙৰ কাষতে শিল দুটা ঘঁহাই অলপ সময়ৰ ভিতৰতে জুইকুৰা জ্বলালে। ডাল-পাত এইবোৰ গোটায়ে থয় তাই। মাছটো পুৰিব আৰু নিমখটেঙা ধৰণৰ সোৱাদ থকা গুটিটো থেতালি ল’ব। আজিৰ লাঞ্চ।
গছৰ পাতৰ ঠাল-ঠেঙুলিৰে সাজি লোৱা ঝাড়ুটোৰে তাই খোৰোংটো সাৰিলে। ৰ’দটো অলপ কমিছে। জেংডালৰ দৰে ঘনকৈ থকা মিহি লনী ঠেঙুলিটোৰে তাই চুলিৰ জঁটবোৰ ভাঙিলে। সন্ধিয়া হোৱাৰ আগতে তাই কাম কেইটামান কৰি আজৰি হ’ব লাগিব। নহ’লে ৰাতিবোৰ বেছি দীঘলীয়া হয়। বতৰটো চাই বৰষুণ হ’ব যেন নাই লগা, কিন্তু হয়তো ব’হাগ মাহ। নিশ্চয়তা নাই বতৰৰ। তাতে দিনটোৰ প্ৰিয় সময়কণত তাই নিজৰ মতে থাকিব বিচাৰে। কামৰ চিন্তা থাকিলে নোৱাৰে তাই।
সন্ধিয়া হ’বলৈ দুঘণ্টামান সময় আছে চাগৈ। আগতে ঘনে ঘনে আইফোনটোত সময় চাই থকাৰ অভ্যাসটো মনত পৰি গ’ল। তাইৰ এতিয়াৰ এইটো ‘ড্ৰেছ’-ৰ ছেল্ফি এখনেতো ফেইচবুকত হাহাকাৰ লগাই দিলেহেঁতেন। হাঃ হাঃ হাঃ— মনৰ মাজতে তাই নিজেই হাঁহিলে।
তাই লৰালৰিকৈ নদীৰ পাৰলৈ গ’ল। খোৰোকাটোত পানী অলপ ভৰাই ল’লে। ৰাতিটোৰ বাবে দৰকাৰ। খোৰোঙৰ কাষৰ ছাইৰ দ’মটোত নতুন ঠাল-ঠেঙুলি এসোপা গোটালেহি। দহ দিনমান আগত অহা ধুমুহাজাকে (বৰদৈচিলা?) তাইক বহুত সহায় কৰিছিল। যদিও তাই ধুমুহালৈ ভয় কৰে। অসুবিধা হ’লেও, লাভ হৈছিল বহুত। বহুত খোৱাবস্তু, খৰি-পাত গোটাই ল’ব পাৰিছিল। যোৱা কেইদিনমান আৰামেৰে গৈছিল তাইৰ। অলপ কমিছে বস্তুবোৰ। ৰাতি জুইকুৰা জ্বলি থাকিলে ভয় নাই, তাই শান্তিৰে শুব পাৰে। যোৱাটো ঠাণ্ডাত তাইক জুইকুৰাই বচালে। ৰাতিৰসাঁজ তাইৰ যোগাৰ হৈ আছে। মাছটোৰ আধা আছে। পকা অমিতা কেইটামান আছে। পেট ভৰিব।
সন্ধিয়া হ’বৰ হ’ল। তাই নদীখনৰ ওচৰ পালেহি। এইকণেই দিনটোৰ তাইৰ প্ৰিয় সময়। এইকণ সময়তে তাই নদীখনৰ লগত কথা পাতে। তাই ভাবি থকা কথাবোৰ কয়। নদীখনে শুনি যায়। তাই প্ৰায়ে দেখা সপোনটোৰ কথা কয়। লাহে লাহে তাইৰ ভাগৰ লাগে। নদীখনে যে প্ৰত্যুত্তৰ নিদিয়ে। মাথোঁ বৈ যায়। বৈ যায়। নদীৰ পানীত তাইৰ ভৰুণ দেহটো জিলিকি উঠিছে। সূৰ্যটো ডুবিবলৈ লৈছে। ৰঙচুৱা বেলি। সূৰ্যৰ কিছু পোহৰত গছজোপা হালধীয়া হৈছে। তুলিকাই আকাশৰ সূৰ্যটোলৈ চালে। সূৰ্যটোৱেও যেন তাইলৈকে চাই আছে। নদীৰ পানীত যেনেকৈ তাই নিজক দেখে সূৰ্যটোত যেন তাইৰ প্ৰতিবিম্ব। সূৰ্যটোত তাই। নদীখন বৈ গৈ আছে সম্ভৱ সাগৰলৈ। দূৰৈত পাহাৰটো নিশ্চল হৈ ৰৈ আছে। নদীৰ পাৰত আবুৰহীন হৈ ৰৈ থকা তাইলৈ দীঘল ৰাতি এটাই বাট চাই আছে।
ঠিকনা :
উপসঞ্চালক, ৰাষ্ট্ৰপতি ভৱন
নতুন দিল্লী: ১১০০০৪
ফোন নং: ৮৮০০৯8৮৮০৮