স্ৰোতস্বিনী তামুলী
পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন
সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ
ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে।
ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো। আকাশখনে বুঢ়ী আইতাকৰ মুখৰ তামোলখনৰ বৰণ লৈছে।
স্কুটীখন চলাই বহু সময়ৰ পৰা হিমানীয়ে তেনে এটা অসম্ভৱ, অবাস্তৱ গধূলিকে বিচাৰি
ফুৰিছিল। উদং পথাৰবোৰত তাইৰ চকুত পৰিছিল শিয়ালনেজীয়া ক’লা
জহাৰ থোকবোৰ। তাই দেখিছিল সোণপানী চৰোৱা পোনপটীয়া বাট এটাৰে দীঘল ওৰণি লোৱা মানুহ
এগৰাকী গৈ থাকে... গৈ থাকে...। সোণ সিঁচা বাট এটাকে বিচাৰি বাউলী হৈছে তাই।
সোণৰ ঊৰ্ধ্বগামী বাট
এটা...
সেই বাটেৰেই গৈ কেইঘৰমান
কোঁচ মানুহেৰে এটা সৰু চুবুৰী। তাই সৰু হৈ থাকোঁতে তেওঁলোকৰ সৈতে সঘন আহ-যাহ আছিল
তাহাঁতৰ। ... উজাই অহা হুমুনিয়াহ এটাই বুকুৰ মাজতে বাট বিচাৰি নাপাই হাহাকাৰ কৰি
উঠে। দুচকু মুদ খাই যায় তাইৰ। গাঁও সদায় ভাল চহৰতকৈ, অতীত সদায়েই বৰ্তমানকৈ
শ্ৰেয়ঃ - নহয়! এনেকুৱা ষ্টেৰিঅ’টাইপড্
খেয়ালবোৰক প্ৰশ্ৰয় দিয়া মানুহ নহয় তাই।
তথাপি বুজাব নোৱৰা ইম’শ্বনেল ইনভল্ভ্মেন্ট আছে কিছুমান মানুহ, সম্পৰ্ক অথবা চৰিত্ৰৰ লগত। বিজ্ঞানৰ মতে
মানুহৰ জীৱনৰ বেছিভাগ সিদ্ধান্ত মানুহৰ অৱচেতন মনটোৱে লয়। সেয়ে চাগে হিমানীৰ
মনলৈ আহে জুয়ে নোপোৰা মুখৰ বিৰহীৰ কথা। সেইজনী কি যে দেওলগা মানুহ অ’! কম ভয় কৰিছিল নে মানুহে
তাইলৈ! সেইদিনা শাওনৰ মেঘৰ দৰে
গহীন আঁউসীৰ ৰাতিটোত কি হৈছিল তাইৰ? চাই অহা মানুহবোৰে কোৱাকুই কৰিছিল বোলে
গোটেইজনীয়ে কিবা কুকুৰ এটা হেন ভংগিমা কৰিছে- মানুহৰ গালৈকে জঁপিয়াইছে
হেনো। মানুহবোৰে দূৰৈৰ পৰাহে চাইছে। দুগৰাকীমানে চোতালতে প্ৰাৰ্থনা কৰিছে।
মানুহজনীয়ে পানী পানী কৈ চিঞৰিছে। অথচ পানীৰ গিলাচটো দেখি ভয়তে আৰ্তনাদ কৰিছে।
নিজৰ বৈ পৰা চুলিকোছাক পাপ যেন দেখিছে। কৃষ্ণ! কৃষ্ণ! চাই থকা মানুহবোৰৰ
হাত-ভৰিবোৰ অসাৰ হৈ পৰিছে।
আহিন মাহৰ কুঁৱলীকো
ফালি-ছিৰি পুৱা খবৰ ওলাল বিৰহী আৰু নাই। তাৰ কেইদিনমানৰ পাছতে বীৰেন মাষ্টৰৰ
মাজুজনী ভনীয়েকো তেনেকৈয়ে ঢুকাইছিল। কুকুৰৰ ভয়ত ঘৰৰ বাজ হ’বলৈ মানুহে ভয় কৰা হৈছিল। গাঁৱলৈ আহিলে বনফৰিঙৰ দৰে অনেক কাহিনী, অনেক চৰিত্ৰই মন ভিতৰখনত
জঁপিয়াই ফুৰে। এই বাটেৰেই ঘূৰি-ফুৰি হানৈ বলিয়াই দিনটো দিনটো প্ৰলাপ বকি
ফুৰিছিল। দিনতে এন্ধাৰ হৈ থকা গেজেপনি হাবিখনৰ চিন-মোকাম নাই এতিয়া। আগতে গাঁৱত
যাৰ যি বেমাৰেই নহৈছিল সেইখন জাৰণিৰ পৰাই বনদৰব নিবলৈ আহিছিল। পিছে কোনটো অসুখত
কোনজোপাৰ গছৰ গুটি খাব লাগে, কোনজোপাৰ ছাল খাব লাগে এইবোৰ জ্ঞান গাঁৱৰ
দুই-এজন মানুহৰহে আছিল। কঠীয়াতলী গাঁৱৰ গেলিবলৈ ধৰা মানুহটোক পগলা গাঁওবুঢ়াই
এইখন হাবিৰে কিবা গছ এডালৰ শিপাৰ ৰস খুৱাই আৰু জাৰি দিয়া পানীৰেই ভাল কৰিছিল।
ৰাতি এইখনৰ তলেৰে অকলে পাৰ হ’বলৈ মানুহৰ পিট নাছিল।
সৰুতে শ্ৰেণীত যে সুধিছিল
বিদেশলৈ কোন কোন যাব খোজাঁ ? সৰুতে আইতাকে যে কৈছিল স্বৰ্গৰ কথা। কি কি
কৰিলে স্বৰ্গ পাব পাৰি ? এই স্বৰ্গৰ বাট কেনি ? (লিংগভেদে পৃথক হয় নেকি বাটৰ আকাংক্ষা অথবা বাটৰ মসৃণতা ?)। জনা হোৱাৰে পৰা অনুসৰণ
কৰি অহা কথাষাৰ হৈছে আকাশেই সীমা- স্কাই ইজ দ্ লিমিট।
পৃথিৱীৰ উৰ্ধ্বত স্বৰ্গ, অধেঃ পাতাল। মাটি এৰি ওপৰলৈ গৈ থকাই
স্বৰ্গযাত্ৰা। উই আৰ অল নীড এ ট্ৰিপ টু হেভেন। আলটিমেটলি স্বৰ্গাৰোহণৰ
বাট এটাৰেই সকলো গৈ আছে। জখলাৰে গৈ থাকোঁতে তললৈ চাব নালাগে হেনো। মূৰ ঘূৰোৱাৰ
চাঞ্চ থাকে।
ফ’ৰ
বি এইচ কেৰ ফ্লেটটোত নিশা গাৰুৰ তলত লুকাই থাকে জোনবাই- দিনটোৰ অৱসাদবোৰক
নিচুকাবলৈ। বাহিৰৰ হাই ভল্টেজ লাইটবোৰৰ পোহৰে জোনাকৰ বিষাদক ওমলাই ৰাখে। বেলকনিৰ
সৰু বাগিচাখনে পিছবাৰী-আগবাৰীৰ ঠাই ল’বলৈ আহে। এণ্টাৰটেইনমেণ্টেই শান্তি আৰু ছেক্সেই এণ্টাৰটেইনমেণ্ট্। জীৱনৰ আগছোৱা আৰু পাছছোৱাক বিচ্ছিন্নতা আৰু
নিঃসংগতাৰ হিচাপ উলিয়াবলৈ পাতি লোৱা সমীকৰণ এটা বুলি ধৰি ল’লে
সমান চিনৰ দুয়োফালে ভাৰসাম্য ৰক্ষা কৰাটো জৰুৰী হৈ পৰে।
জীৱনত সফল হ’ব
বিচাৰিছিল হিমানীয়ে। কিন্তু এতিয়া তাইৰ এনে লাগে যেন আল্টিমেট ছাকচেছ্ বুলি
আচলতে একোৱেই নাই। গৈ থকা ৰাস্তাটো শেষ হ’ব হ’ব
যেন লাগেহে, আকৌ নতুন ৰাস্তা একোটা মুকলি হৈ যায় সমুখত।
এতিয়া তাইৰ এনে লাগে, জীৱনটো খেল। যিকোনো খেল হ’ব
পাৰে। সাপ আৰু জখলা, ডবা অথবা ফুটবল, অথবা বক্সিং। যিকোনো, যিকোনো। প্ৰতি মুহূৰ্ততে
কৌশল আৰু সাৱধানতা- মুঠতে ইয়াত টিকি থকাই মূল
কথা।
সৰুতে গাঁওখন এৰি চহৰলৈ
যোৱাৰ সময়ত তাইৰ বহুত কষ্ট পাইছিল মনত- চহৰৰ অচিনাকি পৰিৱেশৰ সৈতে খাপ খাবলৈ বহুত
সময় লাগি গৈছিল। ৰাতি শোৱাৰ মনত গাঁওখনলৈ মনত পেলাই পেলাই তাই হোৰাহোৰে
কান্দিছিল। তাইৰ এতিয়াও ফট্ফটীয়াকৈ মনত আছে সকলো কথা।
অথচ একজেক্টলি কিমান কষ্ট হৈছিল, শৰীৰৰ কোনখিনিত অনুভূত হৈছিল ক’ব
নোৱাৰি। ঠিক- বহুত! সহ্য কৰিবলৈ টান
যন্ত্ৰণা। দুমাহ পূৰ্বে হোৱা অপাৰেশ্বনটোৰ সময়তো তাইৰ যথেষ্ট
কষ্ট হৈছিল। কিন্তু কি আচৰিত! সেই কষ্টকো তাই পাৰফেক্টলি মনত পেলাব পৰা নাই।
কষ্টবোৰ ব্যাখ্যাতীত। মাথোঁ সেই যাতনা সহ্যৰ নামত কি কি কৰা হৈছিল তাকহে ক’ব
পৰা যায়।
পাণ্ডৱৰ স্বৰ্গাৰোহণৰ
কথা পঢ়োঁতে অনুভৱ হৈছিল, বৰ কঠিন সেই যাত্ৰা। সাধাৰণ মানুহে ভাবিবই নোৱাৰে।
এতিয়া এয়া অসাধ্য হৈ থকা নাই। হাতৰ মুঠিটো খুলিলেই খোল খাই যায় স্বৰ্গাৰোহণৰ
অনেক বাট। চুবুৰীয়া ৰামু খুৰা আজি পাঁচ বছৰে ঘৰলৈ আহিব পৰা নাই এবাৰো। পাঁচ বছৰত
বহুত কিবাকিবি সলনি হৈ গ’ল- দেশত নতুন চৰকাৰ আহিল, মঙ্গল গ্ৰহত প্ৰাণৰ সন্ধান
আৰম্ভ হ’ল, জীয়েকৰ গ্ৰেজুৱেশ্বন কমপ্লিট হ’ল, পুতেকে হায়াৰ ছেকেণ্ডেৰী
পাছ কৰি কোনোবা এটা মিস্ত্ৰীৰ লগত যোগালি হ’ল, তাৰ হাজিৰা ১৫০ টকাৰ পৰা
৩৫০ হ’ল। অৱশ্যে পাঁচ বছৰক তেনেই চমু সময় বুলি ভবাৰো থল আছে ৰামু
খুৰাৰ হাতত। সদায়েই গ্ৰাউণ্ড ফ্ল’ৰত কাম কৰি থকা ৰামু খুৰাই
ওখ হৈ গৈ থকা কম্পাৰ্টমেণ্টটো দেখাই নাই।
স্বৰ্গৰ দুৱাৰেদি দলি মাৰি
দিয়া বস্তুবোৰৰ বাবে হেতা-ওপৰা লাগে। প্ৰয়োজন বাঢ়ি আহিছে সকলোৰে। ভোক একেই আছে।
মাইক্ৰ’ ফাইনেঞ্চ্ স্বৰ্গাৰোহণৰ
সংগী হয়। দুৱাৰ নথকা ঘৰ এটাত বাজি থকা টি ভি-ৰ শব্দত ভেকুলীৰ টোৰটোৰণি আৰু জিলিৰ
মাত তল পৰে- ফাদিল হয় আৰমান খানৰ
প্ৰেমিকাৰ গুপুত তথ্য কিম্বা মোহময়ী অভিনেত্ৰীৰ সৌন্দৰ্যৰ দহটকীয়া ৰহস্য।
গধূলি হোৱাৰ লগে লগে
বৰপুখুৰীৰ পাৰলৈ আকাশখন নামি আহে। ৰাতি ৰাতি তালৈ ধুনীয়া বগী বগী ছোৱালী
কেইজনীমান আকাশৰ পৰা নামি আহে। তেনেকুৱা পৰী হেন ছোৱালীবোৰ টি ভি-ৰ পৰ্দাতো ওলায়।
এদ’ম বাচন ধোৱাৰ পাছতো মোলায়েম হৈ থকা হাত দুখনৰ ৰহস্য তেওঁ
ব্যৱহাৰ কৰা চাবোনডোখৰ বুলি কৈ থৈ যায়। মানুহজনীয়ে অস্পষ্ট সৰু আইনাখনতে নিজকে
চায়। চাই থাকোঁতে গৃহস্থনীগৰাকীয়ে পাহৰি যায় উদং গোহালিটোৰ কথা, বন্ধকিত থকা মাটি দুডৰাৰ
কথা। সেই সঞ্জীৱনীৰ এটোপাল হ’লেও
চেলেকি চোৱাৰ ইচ্ছা জাগে তেওঁৰ। কিমান বয়সনো হৈছে তেওঁৰ! পুৰণি কুঁজী থেকেৰাৰ বৰণ
লোৱা নিজৰ সম্পৰ্কটোক নতুন কৰিবলৈ মন যায়। দলঘাঁহ আৰু কেঁচামাটি যেন গাৰ গোন্ধটো
তেওঁৰ সহ্য নোহোৱা হৈ আহিছে। সুগন্ধি ব’ডী স্প্ৰে’ ব্যৱহাৰ কৰা ল’ৰাটোৰ
ওচৰত কাবু হৈ পৰা আদহীয়া শাহুৱেকজনীক দেখি তেওঁৰ মনটো খোঁচনিৰ মেখেলাখনৰ দৰে কোঁচ
খাই গৈছিল পহিলাতে। এতিয়া অভ্যাস। গৰমতো আজিকালি শীতলতা পোৱা যায়- কিনিবলৈ পোৱা যায়। পাটীৰ
তিৰোতাৰ মোহ, হাঁহ-পাৰকেইটাৰ মোহ, বাৰীৰ শাক-পাচলি আৰু
পাণ-তামোলৰ প্ৰতি মোহ পমি পমি নোহোৱা হৈ আহিছে। মাকজনীৰ লগত দামুৰী পোৱালিটোৰ দৰে
চেম্পুৰ লগত কণ্ডিশ্বনাৰ, স্মাৰ্ট ফোনটোৰ লগত জিঅ’ৰ
ফ’ৰ জি সেৱা, টি ভি-টোৰ লগত ২৮ দিনৰ মূৰে মূৰে বিবিধ
ৰিচাৰ্জ পেক।
গাঁৱত কেইবাবছৰো ভাওনা
হোৱা নাই। ভাওনা কৰিবলৈ মানুহৰ অভাৱ। গাঁৱতে ইটো-সিটো কৰি থকা ল’ৰাকেইটাক
বোধহয় ছেল্ফ ধাৰণাটোৱে চুব পৰা নাই। চপচপীয়া বিষাদৰ দিনবোৰত সিঁহতে নিজকে কি
বুলি প্ৰবোধ দিয়ে হিমানীৰ জানিবলৈ মন যায়। সাংঘাটিক কিবা এটা মিছ্ কৰি থকা যেন
নালাগেনে বাৰু সিহঁতৰ ? ধান আৰু চাউলৰ দামত ইমাজিনেশ্বন আৰু
ৰিয়েলিটীৰ মাজৰ তফাৎ।
মানুহবোৰৰ আঙুলিত বাঢ়ি
আহিছে চৰ্বী। আখৰ লিখিবলৈ আঙুলিবোৰ দাঙিব নোৱাৰা হৈ আহিছে। মাথোঁ স্বাইপ- ৰাইট স্বাইপ নহ’লে
লেফট স্বাইপ। পচন্দ নহ’লে অপচন্দ- য়েছ
অ’ৰ ন’। সকলোৰে সমুখত মাত্ৰ দুটাই অ’পশ্বন।
শিমলুগুৰিৰ প্ৰকাণ্ড
শিমলুজোপা এতিয়া নাই। সেইজোপাৰ তলৰ চাইকেল মেৰামতি কৰা দোকানখনো নাই। তাৰ ঠাইত
এখন ডাঙৰ গেলামালৰ দোকান। এইখন সৰু-সুৰা শ্ব’পিং মল এটাই আৰু। কি নাপায়
তাত ? এডিডাছ, নাইকী আদি শব্দবোৰ
লিখি থোৱা সস্তীয়া প্ৰডাক্টেৰে ভৰি থাকে ফুটপাথৰ সৰু সৰু দোকানবোৰ। কাপোৰ, বেগ, জোতা সকলোতে লিখি থোৱা
এডিডাছ, নাইকী আদি শব্দবোৰে ফুটপথীয়া দুখটোক
একাষৰীয়া কৰি মনবোৰক টানি লৈ যায়। সন্তুষ্টি বৰ আঠালেতীয়া বস্তু- একেবাৰে মনৰ
পৰা নেৰায় যি নেৰায়েই। অৱশ্যে ষ্টেণ্ডাৰ্ড অৱ্ লিভিং, ছেক্স্, জলবায়ু, এণ্টাৰটেইনমেণ্ট্ আদিৰ দৰে সন্তুষ্টিও আপেক্ষিক। সময়ৰ লগে লগে সলনি হয় তাৰো
ৰং-ৰূপ।
হিমানীয়ে চিগাৰেটটো
জ্বলাই লয়। তাইৰ মনত পৰে শীতৰ কাঁড়ে তাইক হাঁড়লৈকে বিন্ধিছিল এসময়ত। গধূলি
হোৱা মাত্ৰকে জুইৰ কাষত বহিছিলহি মানুহবোৰ। বাহিৰত এতিয়াও জুই ধৰিছে বৰদেউতাকে।
বাকী ৰন্ধা-বঢ়া গেছতেই কৰা হয়। তাইৰ আইতাকে বিড়ি
হুপিছিল। তেতিয়া দহ পইচাত এমুঠি বিড়ি পোৱা গৈছিল। দোকানৰ পৰা হিমানীয়েই বহুবাৰ
আনি দিছিল। এসময়ত দহ টকাত ৰিচাৰ্ছ কাৰ্ড পোৱা গৈছিল। দুয়োটা কথাই সাধুকথা যেনহে
লাগে ভাবিলে। হিমানীৰ ককাদেউতাকৰ দহ পুৰা মাটিৰ ধানখেতি আছিল। বাৰী শাক-পাচলি, বতৰৰ ফৰ-মূলেৰে উভৈনদী
আছিল। পেৰা ভৰি পাটৰ মিহি চাদৰ-মেখেলা আৰু সোণ-ৰূপৰ গহনা আছিল আইতাকৰ। পাঁচজনী
ছোৱালীৰ পিছত দুটা ল’ৰা জন্ম হৈছিল। পিছে দুটা ল’ৰাইনো
অতসোপা খাই অঁটাব পাৰিবনে। তাৰ পিছত হিমানীৰ দেউতাকৰ জন্ম হৈছিল। চহৰলৈ চাকৰি
কৰিবলৈ যাবলৈ ওলোৱা হিমানীৰ দেউতাকক বাধা দিছিল আইতাকে। তাই সোমাই থকা আইতাকৰ
কোঠাটো তাইৰ মুখৰ চিগাৰেটৰ ধোঁৱাই আৱৰি পেলাইছে। তাই দুৱাৰ-খিৰিকীবোৰ খুলি দিলে
ধোঁৱাবোৰ ওলাই যাবলৈ। হিমানীয়ে জানে এই যে সমুখৰ ব্লাৰখিনিৰ ইপাৰে অন্তহীন পৃথিৱী
এখন, য’ত গাখীৰৰ নৈ বয়- য’ত
অভাৱ নাই- দুখ নাই- জৰা, মৃত্যু আদি একো নাই।
তাই গাঁৱৰ বিছজনী ছোৱালীক গোৱাৰ ইটালিয়ান ফাইব্ ষ্টাৰ হোটেল এখনক যোগান ধৰিব।
সিহঁতক প্ৰথমে ট্ৰেইনিং দিয়া হ’ব গুৱাহাটীত। এই গোটেইবোৰৰ
দায়িত্ব হিমানীৰ। প্ৰথম চৰ্ত, ছোৱালীবোৰ ধুনীয়া হ’ব
লাগিব। শেষ চৰ্ত, সিহঁত ধুনীয়া হৈ থাকিব
লাগিব।
হিমানীক কোম্পানীয়ে
দেখুৱায় স্বৰ্গৰ বাট, হিমানীয়ে ছোৱালীবোৰক দেখুৱায়। এটা অন্তহীন
জখলা বগাই বগাই গৈ আছে আটায়ে। পৰুৱাই পোৱা মানুহৰ দৰে মানুহবোৰ গৈ আছে, গৈয়ে আছে। সেই গাখীৰৰ
নৈখন- জৰাহীন, দুখহীন জীৱনটো আছে নে সঁচাকৈয়ে! অৱশ্যে
স্বৰ্গৰ কনচেপ্টটোও সলনি হৈ যাব পাৰে। হ’ব পাৰে!
দূৰৰ পৰা দেখা গৈছে হিমানীয়ে মৃদু সুৰৰ গুণগুণনি এটা উপভোগ কৰি কৰি শ্ব’পিং ম’ল এটাত বজাৰ কৰি আছে। ছোৱালী কেইজনীক একোযোৰকৈ ৰঙীন চশমা পিন্ধাই দি হিমানীয়ে উৰণীয়া ৰাস্তা এটাৰে লৈ গৈ বিউটি পাৰ্লাৰ এখনত সুমুৱাইছে।
---