ভগ্ন এই নদীৰ তামীঘৰা, পাতখিলাৰ অন্তিম আঙুলিটোৰ মুঠি দৃঢ়, বুৰ যায় আদ্ৰৰ্ সৈকতত৷
পৰলা মাটিক বিদীৰ্ণ কৰি বৈ যায় নীৰৱ বতাহ,
মৰহুম (১) অপ্সৰাৰ জাক৷
প্ৰিয়তম টেম্ছ, মোৰ গীত শেষ নোহোৱালৈ,
বৈ যোৱা কোমল হৈ৷
নদীয়ে বহন নকৰে শূন্য টাৰি,
চেণ্ডুইচৰ কাগজ,
ৰেচমৰ হাঁচটি,
কাঠবকলাৰ পেৰা,
চুৰটৰ শেষ টুকুৰা
নাইবা গ্ৰীষ্ম যামিনীৰ সাক্ষী,
মৰহুম অপ্সৰাৰ লানি৷
আৰু তেওঁলোকৰ সুহৃদ, চহৰ নিয়ন্তাৰ বিলম্বিত উত্তৰাধিকাৰী৷
বিগত, যাযাবৰ৷
প্ৰেয়সী পানীৰ কোলাত
মই প্ৰলম্বিত হ’লোঁ আৰু উচুপি উঠিলোঁ
অ’ পৰাণৰ টেম্ছ্,
হওক তোমাৰ প্ৰশান্ত গতি
যেতিয়ালৈকে মোৰ সংগীতৰ নপৰে যতি৷
কিন্তু মোৰ পশ্চাদৰ শীতল বিষ্ফোৰণত মই শুনো
অস্থিৰ জৰাজীৰ্ণ জনজননি, আৰু গৰ্ভশব্দৰ শ্ৰুতিময় বিস্তৃতি৷
শীতৰ কোনো এক সন্ধ্যা, বাষ্পগৃহৰ পৃষ্ঠভূমিত,
যেতিয়া মই বিষণ্ণ এক প্ৰণালীত মাছ ধৰিছিলোঁ,
এটা এন্দুৰে তাৰ পঙ্কিল উদৰ পাৰত চোঁচৰাই ধীৰে ধীৰে বগুৱা বাইছিল
অঙ্কুৰিত ভৱনৰ মাজেৰে,
ধ্যানস্থ অন্তৰ নিমগ্ন হৈছিল সম্ৰাটৰ ওপৰত, মোৰ ভাতৃৰ পতন
আৰু তেঁওৰ পূৰ্বেই মোৰ পিতৃৰ মৰণ সংজ্ঞাত,
শুভ্ৰ
মৃতদেহ পৰি ৰৈছিল তলৰ সিক্ত মাটিত,
আৰু হাড়ৰ নিক্ষেপণ অনুচ্ছ শুষ্ক পৰিত্যক্ত আটালত৷
মাথোঁ এন্দুৰৰ চৰণ সঞ্চালন, বছৰ আৰু বছৰ৷
কিন্তু মোৰ পশ্চাদপৃষ্ঠত সময়ৰ নিৰন্তৰ আৱাহনত মই শুনো
বিষাণ আৰু সঞ্চাৰকৰ শব্দ, যিয়ে চুইনীক (২) মিছেছ পৰ্টাৰৰ (৩)
কাষলৈ আনিব, এই বসন্তত৷
আঃ, কি উজ্জ্বল হৈ জ্বলিছে জোন মিছেছ প’ৰ্টাৰ আৰু তেঁওৰ
দুহিতাৰ ওপৰত
যিয়ে নিজৰ ভৰি পখালে সৌবৰ্চল জলত৷
আৰু গান গোৱা সৌ শিশুৰ কণ্ঠ, গম্বুজৰ পাহাৰত/
চিৰিক্ চিৰিক্ চিৰিক্
জাগ্ জাগ্ জাগ্
কি কঠোৰভাৱে প্ৰণোদিত
মৰণশীলৰ জঘন্য সত্য৷
মায়াঘন মহানগৰ,
শীতৰ এক চেঁচা দ্বিপ্ৰহৰৰ মটীয়া কুঁৱলীৰ মাজেৰে
দ্ৰাক্ষাফলৰ জোলোঙা আৰু চি.আই.এফ. (৪) লণ্ডনৰ দস্তাবেজেৰে,
স্মাইৰাৰ সদাগৰ,
শ্ৰীমান ইউজেনিডচে (৫)
সহজবোধ্য ফৰাচীত মোক প্ৰস্তাৱ দিছিল
কেনন্ ষ্ট্ৰীট হোটেলত (৬) মধ্যাহ্ন আহাৰৰ
আৰু সেই মহানগৰত এক সপ্তাহান্তৰ৷
আজাৰৰ প্ৰহৰত যেতিয়া মেজৰ পৰা উলম্বস্বৰে পশ্চাদমুখী হয় দৃষ্টি,
যেতিয়া অপেক্ষাৰত, স্পন্দিত টেক্সিৰ দৰে মানৱযন্ত্ৰই বাট চায়,
কুঞ্চিত স্ত্ৰীস্তনেৰে, দুটি প্ৰাণৰ মধ্যৱৰ্তী স্পন্দন,
মই, অন্ধ টাইৰেছিয়াছে (৭) চাব পাৰোঁ
বেঙুনীয়া নিৰ্ঘণ্টত সংগ্ৰামী গৃহমুখী সন্ধ্যা,
সমুদ্ৰফেৰৎ ঘৰমুৱা নাৱিক, চাহৰ পৰত গৃহৱৰ্তী টাইপিষ্ট,
অগ্নিসম্ভূতা টিফাই, প্ৰাতঃৰাশ আৰু বগীতামৰ খাদ্যসম্ভাৰ৷
খিৰিকীৰ সিপাৰে তেঁওৰ শুষ্ক সংযোগৰ শংকাভৰা বিস্তাৰ
য’ত সূৰ্যৰ শেষ পোহৰৰ স্পৰ্শ আছিল৷
নিশাৰ শয্যা,
তেঁওৰ খাটৰ ওপৰত স্তুপীকৃত অনুপদীনা,
ফানটি, অন্তৰ্বাস আৰু কঞ্চুলী৷
সোঁতোৰা পৰা বুকুৰে এই বৃদ্ধ টাইৰেছিয়াছে
সেই দৃশ্য অৱগমন কৰিছিলোঁ, আৰু অৱশিষ্টৰ ভৱিষ্যদ্বাণী,
ময়ো অপেক্ষা কৰিছিলোঁ আকাংক্ষিত অতিথিৰ৷
ব্ৰেডফ’ৰ্ডৰ (৮) ধনকুবেৰৰ শিৰস্ত্ৰাণ ৰেশমৰ টুপীৰ দৰে
য’ত নিশ্চয়তাই ঘৰ সাজে
সাহসী দৃষ্টিৰে সেই উদাসী এক ক্ষুদ্ৰ গৃহৰ অভিকৰ্তাৰ ওপৰত
আগমন হয় পৃষ্ঠব্ৰণৰ পীড়াৰে সেই যুৱকৰ৷
তেওঁ, অনুমান কৰে, সময় এতিয়া স্তুতিমন্ত
খাদ্য সমাপ্ত হ’ল, তেওঁ, বিৰক্ত, পৰিশ্ৰান্ত;
কিমান যতন তেওঁক ব্যস্ত ৰখাৰ এই আলিংগনৰ আদৰত;
যি এতিয়াও প্ৰশংসিত, যদিও অনাকাংক্ষিত৷
প্ৰবাহনৰ আক্ৰমণৰ;
প্ৰসাৰিত দুবাহুত নাছিল প্ৰতিৰক্ষাৰ সমুখ সমৰ,
উদাসী স্বাগতম্
সঁহাৰিৰ প্ৰয়োজন নাছিল তেওঁৰ আনৰ্থ্যৰ,
(আৰু মই টাইৰেছিয়াছে ভোগ কৰিছিলো
এই শেতেলীতেই
অধিনিয়মিত সকলো পূৰ্বযন্ত্ৰণাৰ দহন;
মৃত্যুৰ পাতালভূমিৰ মাজেৰে মোৰ যাত্ৰা নিৰন্তৰ
দেৱালপৃষ্ঠত বহি টেম্ছ্ নগৰীৰ দাঁতিত)
তেঁও আঁকি দিলে অন্তিম উচ্ছমান্য চুম্বন
আৰু অন্ধকাৰ তলাতল অভিমুখী সন্দেহী অন্বেষণ
গুচি যোৱা প্ৰেমিকৰ প্ৰতি অজ্ঞ হৈ
তেওঁ ঘূৰি চালে আৰ্চীত এপলকৰ বাবে,
ধীগৃহই সন্মতি দিলে মাথোঁ এক অৰ্ধনিৰ্মিত চিন্তাৰ৷
‘‘সুন্দৰ, মই সুখী যে এইবোৰ শেষ হ’ল’’
সুন্দৰী জায়াই যেতিয়া শৰণ লয় বাতুলতাৰ
আৰু নিঃসংগতাৰ সংগৰে বাট বুলে নিজৰ কোঠাত,
স্বয়ংক্ৰিয় হাতেৰে সিঁচি দিয়ে কোমলতা নিজৰ কেশগুচ্ছত,
আৰু কলগানত শান দিয়ে আলোক তৰংগৰ কঠিন বৃত্ত৷
‘‘জলশৰীৰত মোৰ মাজেৰে বৈ গৈছিল এই সংগীতৰ মাধুৰ্য’’
কুইন ভিক্টোৰীয়া ষ্ট্ৰীটৰ (৯) অসুচল দেশান্তৰত৷
হে নগৰ মহানগৰ,
মই মাজে মাজে শুনিবলৈ পাওঁ
টেম্ছ্ ষ্ট্ৰীটৰ (১০) তলৰ মুক্তদ্বাৰ পাণশালাত
এক মেণ্ডোলিনৰ শোকধ্বনি,
মৎস্যজীৱীয়ে
য’ত বিশ্ৰাম লয় দ্বিপ্ৰহৰত
য’ত মন্ত্ৰসিদ্ধ শ্বহীদ
দেৱালে
ধাৰণ কৰে ব্যাখ্যাহীন আয়’নিয়ান শুভ্ৰ আৰু স্বৰ্ণ৷
তেল আৰু আলকতৰাৰ ঘৰ্মাক্ত নদী
আৱৰ্তিত ঢৌত প্ৰৱাহিত ৰণতৰী
ৰক্তবৰ্ণ নৌপট,
বিস্তীৰ্ণ অনুবাতমুখী৷
গধুৰ মাস্তুলৰ দোলনা ভেদি
ৰণতৰীয়ে ধুৱাই দিয়ে
যাযাবৰী অৰণ্যৰ টুকুৰা
গ্ৰীনৱিচ্ছ (১১) লক্ষ্যৰ তলত
শ্বানৰ ক্ষুদ্ৰদ্বীপ (১২) পাৰ হৈ
অপ্সৰাৰ সন্তাপগাথা
(ৱাইয়ালালা লেইয়া
ৱালালা লেইয়ালালা)
ব’ঠা মাৰি যোৱা এ’লিজাবেথ (১৩) আৰু লেইষ্টাৰ (১৪)
ৰুক্ষতাৰে গঠিত হৈছিল
স্বৰ্ণমণ্ডিত কঠিন আৱৰণ
ৰঙা আৰু সোণবৰণ
ৰুঢ় আফৰী মহাতৰঙ্গ
দুয়োপাৰ ভৰাই লহৰ তোলা নৈঋত পৱন,
তলৰ জুৰিলৈ যি কঢ়িয়াই আনিছিল
ঘণ্টাধ্বনিৰ উষ্ণ কোলাহল
শুভ্ৰ
স্তম্ভ
ৱাইয়ালালা লেইয়া
ৱালালা লেইয়ালালা
‘‘ট্ৰামগাড়ী আৰু ধূলিময় বিটপী
হাইবেৰীয়ে (১৫) মোক ধাৰণ কৰিছিল ৰিচ্ছ্মণ্ড (১৬) আৰু কিউৱে (১৭)
উন্মুক্ত কৰিছিল৷
সংকীৰ্ণ ডিঙাত অৱসন্ন জানু
ৰিচ্ছ্মণ্ডৰ পাৰত উত্থিত হৈছিল৷
মোৰ দুভৰি মুৰ্গেটত (১৮) আৰু মোৰ হৃদয় মোৰ পাদপৃষ্ঠত৷
তেঁও উচুপি উঠিছিল
সেই ঘটনাৰ পাছত৷ প্ৰতিজ্ঞা কৰিছিল, ‘‘এক নতুন আৰম্ভণি৷’’
মোৰ কোনো ভাষ্য নাছিল৷ কি বিৰক্তি প্ৰকাশ কৰিম মই?
মাৰ্গেটৰ বালিত (১৯) মই সংযোগ কৰিব পাৰোঁ শূন্যতাৰ স’তে শূন্যতাক৷
মলিয়ন দুহাতৰ ভাগি যোৱা নখ৷
মোৰ মানুহবোৰ বিনম্ৰ মানুহবোৰ, যাৰ
নাছিল কোনো আকাংক্ষা৷
লা লা
তাৰ পাছত সমুদ্ৰপাৰৰ বসতি সেই কাৰ্থে’জৰ (২০) মাটিলৈ আহিছিলোঁ মই
জ্বলি জ্বলি জ্বলি জ্বলি
হে ঈশ্বৰ মোক তুলি ধৰা
হে ঈশ্বৰ তুলি ধৰা মোক
এই দহনৰ পৰা৷
টোকা:
(১) মৰহুম:
উৰ্দুমূলীয় শব্দ যাৰ অৰ্থ বিগত, মৃত, গুচি যোৱা৷
(২) চুইনী:
এলিয়টৰ কাব্যসম্ভাৰৰ এটা প্ৰধান চৰিত্ৰ হৈছে ‘চুইনী’,
যি স্বাভাৱিক আৰু প্ৰখৰ জৈৱিক অনুভূতিসম্পন্ন
মানুহৰ প্ৰতিভূ, চৰিত্ৰটোৰ মনোজগতত কোনো আধ্যাত্মিকতা নাই,
বৰঞ্চ শৰীৰসৰ্বস্ব সম্পৰ্কই তাৰ মূল বৈশিষ্ট্য৷
চুইনীক এলিয়টৰ আন বহু সাহিত্যকৃতি, যেনে ‘চুইনী ইৰেক্ট্’, ‘চুইনী এমং দ্য নাইটিংগেলছ্’,
‘চুইনী এগনিষ্টছ্’ আদিতো প্ৰটাগ’নিষ্টৰ ৰূপত দেখা যায়৷
(৩) মিছেছ প’ৰ্টাৰ: পৰম্পৰাগত
বেলাডৰ কিছু অংশ অনুসৰি মিছেছ প’ৰ্টাৰ আছিল ইজিপ্টৰ কাইৰ’
চহৰৰ এক কিম্বদন্তী গণিকালয়
পোষক৷ আধুনিক পৃথিৱীৰ আধ্যাত্মিকতাবিহীন জৈৱিক সত্তাৰ তীব্ৰতাক বুজাবলৈ চুইনী আৰু
মিছেছ প’ৰ্টাৰৰ উল্লেখ হৈছে৷
(৪) চি.আই.এফ লণ্ডন:
‘ক’ষ্ট্, ইঞ্চিওৰেণ্ড্ এ‘ ফ্ৰাইট্’৷ ই
হৈছে প্ৰাপ্ত পণ্যসামগ্ৰীৰ চালানৰ বাবে অৰ্থ প্ৰদানৰ এক স্বীকৃত পদ্ধতি৷ সংলগ্ন ফট’খনে এনে এখন বিনিময় বিল দেখুৱাইছে৷ সাধাৰণতে এনে বিলৰ দুটা কপি জাৰি কৰা
হয় আৰু এখন জমা কৰি আনখন বাতিল কৰা হয়৷ এলিয়ট এসময়ত লণ্ডনৰ লয়ড্ বেংকত কৰ্মচাৰী
আছিল৷ সেই অভিজ্ঞতা তেঁও আধুনিক যুগৰ সুৰক্ষিত অৰ্থসৰ্বস্বতাক প্ৰতীয়মান কৰিবলৈ
ব্যৱহাৰ কৰিছে, য’ত মানৱীয় সম্পৰ্ক সুৰক্ষিত নহয়, কিন্তু অৰ্থনৈতিক সম্পৰ্ক
প্ৰমাণ সহকাৰে সুৰক্ষিত৷
(৫) শ্ৰী মান ইউজেনিড্ছ্: এজন স্থানচ্যুত বিশ্বজনীন
মানুহ, তেওঁ পশ্চিম তু্ৰ্কী প্ৰদেশৰ আধুনিক ইজমাইৰ (বুৰঞ্জী মতে স্মাইৰা)-ৰ বাসিন্দা আছিল৷ স্মাইৰা সেই
সময়ত এছিয়া মাইনৰৰ এক অতি উল্লেখযোগ্য ব্যৱসায়িক বন্দৰ অঞ্চল আছিল৷ ইউজেনিড্ছে
অমসৃণ, কথিত ফৰাচী ভাষা কৈছিল আৰু লণ্ডন চহৰত শুকান আঙুৰ
বিক্ৰী কৰিছিল৷ তেওঁৰ নামৰ অৰ্থ ‘ভালদৰে জন্ম হোৱা’৷
(৬) কেনন ষ্ট্ৰীট্ হোটেল: লণ্ডনৰ কেনন ষ্ট্ৰীট্ ষ্টেশ্যন সংলগ্ন এক
হোটেল৷ এলিয়টে The Waste Land ৰচনা কৰাৰ সময়ত এই ষ্টেশ্যন মহাদেশখনৰ পৰা অহা-যোৱা কৰা
ব্যৱসায়ীসকলৰ প্ৰধান আড্ডা আছিল৷
(৭) টাইৰেছিয়াছ: The Waste Land-ৰ
সমস্ত চৰণত টাইৰেছিয়াছ্ এলিয়টৰ এটা প্ৰধান চৰিত্ৰ৷ ‘দ ফায়াৰ
চাৰ্মন (অগ্নি শৰণ)-ৰ এই অংশত, টাইৰেছিয়াছ হৈছে
বৰ্ণনাকাৰী৷ তেঁও এজন প্ৰাচীন গ্ৰীক ভাববাদী যিয়ে মিলনকালত দুটি সৰ্পক বিচ্ছিন্ন
কৰাৰ বাবে শাস্তি পাইছিল৷ তেঁও সাত বছৰৰ বাবে এক মহিলালৈ ৰূপান্তৰিত হৈছিল৷
টাইৰেছিয়াছৰ কিন্নৰ ভূমিকাই The
Waste Land জুৰি উপস্থিত থকা ইমাস্কুলেশ্যনৰ বিষয়টোক আৰু অধিক শক্তিশালী কৰি তুলিছে৷ যিহেতু
টাইৰেছিয়াছ নিবীৰ্য (নপুংসক, hermaphroditic) আছিল, সেয়েহে আধুনিক মানুহকো আৱেগিক তথা
মনস্তাত্ত্বিক নিবীৰ্যতাৰ দোষে স্পৰ্শ কৰা বুলি সমস্ত কবিতাটিত উমান পোৱা যায়৷
(৮) ব্ৰেডফ’ৰ্ড: উত্তৰ ইংলেণ্ডৰ
এক উদ্যোগপ্ৰধান চহৰ, যি বহু ধনকুবেৰৰ সৃষ্টি কৰিছিল৷
তেওঁলোকে প্ৰথম বিশ্বযুদ্ধৰ সময়ত ব্ৰেডফ’ৰ্ডৰ পৰা ঊণৰ
সামগ্ৰী যোগান ধৰি নিজৰ ভাগ্য জিলিকাই তুলিছিল৷ Fire Sermon-ত
এওঁলোকক ব্যঙ্গাত্মক ৰূপত উপস্থাপন কৰা হৈছে৷
(৯) কুইন ভিক্টোৰীয়া ষ্ট্ৰীট্: লণ্ডন চহৰৰ টেম্ছ্ নদীৰ তেনেই কাষৰ এক
জনাকীৰ্ণ, ব্যস্ত জনপথ৷ এলিয়টৰ ‘নগৰ দৰ্শন’-ক সুবিন্যস্তভাৱে প্ৰতীয়মান কৰিবলৈ এই উচ্চমান্য
ভৌগোলিক অৱস্থানসমূহৰ সঘন উল্লেখ হৈছে৷
(১০) টেম্ছ্ ষ্ট্ৰীট্: লণ্ডন
ব্ৰীজৰ তলৰ টেম্ছ্ নদীৰ কাষৰীয়া পথ৷
(১১) গ্ৰীনৱিচ্ছ্: লণ্ডনৰ
কেন্দ্ৰস্থলৰ পৰা ভাটিমুখী, গ্ৰীনৱিচ্ছত
অৱস্থিত টেম্ছ্ নদীৰ দক্ষিণ পাৰৰ অংশ৷
(১২) শ্বানৰ ক্ষুদ্ৰদ্বীপ: গ্ৰীনৱিচ্ছৰ বিপৰীত দিশৰ নদীৰ পাৰ, লণ্ডনৰ এক পোতাশ্ৰয় অঞ্চল৷
(১৩), (১৪) এলিজাবেথ আৰু লেইষ্টাৰ:
এই শাৰীকেইটাত এলিয়টে জে. এ. ফ্ৰওদে লিখা History of England-ৰ কথা উল্লেখ কৰিছে আৰু ১৫৬১-ৰ ৩০ জুনত স্পেইনৰ দূত
এলভেৰাজ ডি কোৱেড্ৰাই স্পেইনৰ ৰজা ফিলিপলৈ লিখা এখন চিঠিৰ কথা তুলি দিছে, য’ত ডি কোৱেড্ৰাই কুইন এলিজাবেথ আৰু লেইষ্টাৰৰ
জমিদাৰ লৰ্ড ৰবাৰ্ট ডুড্লিৰ গোপন অভিসাৰৰ কথা বৰ্ণনা কৰিছে৷ তেওঁৰ বৰ্ণনামতে ডুড্লি
এলিজাবেথৰ প্ৰেমিক আছিল৷ এই চৰণত উল্লেখিত ‘ব’ঠা মৰা’ নদীখন হৈছে টেম্ছ্৷ এলিজাবেথ আৰু লেইষ্টাৰৰ
জমিদাৰে গ্ৰীনৱিচ্ছ্ গৃহতেই মিলিত হৈছিল৷ এলিয়টৰ কাব্য আছিল
সমসাময়িক সমাজ আৰু যুদ্ধোত্তৰ তথা যুদ্ধপূৰ্ব বুৰঞ্জীৰ এক
সাহিত্যমুখী বাগ্ধাৰা, গতিকে বুৰঞ্জীৰ, বিশেষকৈ ইংলেণ্ড আৰু ১৯১৫ চনৰ পৰা লণ্ডনৰ বাসিন্দা হিচাপে ইয়াৰ বুৰঞ্জীৰ
বিভিন্ন ঘটনাৱলীৰ ক্ৰিয়া প্ৰতিক্ৰিয়াই তেওঁৰ কবিতাত এক উল্লেখযোগ্য ঠাই দখল কৰাৰ
লগতে এইসমূহক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ তেওঁ এজন সংযোজিত (attached) লেখক আছিল, যাৰ প্ৰমাণ তেঁওৰ সৃষ্টিত স্পষ্ট৷ এলিয়টৰ
কাব্যত পাঠকে the real Eliot-ৰ উপস্থিতি অনুভৱ কৰিব পাৰে৷
(১৫) হাইবেৰী,
(১৬) ৰিচ্ছমণ্ড্, (১৭) কিউ:
হাইবেৰী উত্তৰ লণ্ডনৰ এক আৱাসিক অঞ্চল৷ ৰিচ্ছমণ্ড্ আৰু কিউ পশ্চিম লণ্ডনৰ,
টেম্ছ্ নদীৰ দুখন দাঁতি-কাষৰীয়া জিলা৷
(১৮) মুৰগেট: উত্তৰ লণ্ডনৰ এক তুলনামূলকভাৱে
দৰিদ্ৰ অঞ্চল৷ এলিয়টে লণ্ডনৰ লয়ড্ বেংকত চাকৰি কৰাৰ সময়ত মুৰগেটৰ ভূতলৰ ৰে’ল’ৱে ষ্টেশ্যন ব্যৱহাৰ কৰিছিল৷
(১৯) মাৰ্গেটৰ বালি: টেম্ছ্
নদীৰ মোহনাত, কেণ্টত অৱস্থিত এক সমুদ্ৰতটৱৰ্তী স্বাস্থ্য
নিৱাস৷ ১৯২১ চনৰ অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে এলিয়ট স্বাস্থ্যজনিত বিশ্ৰামৰ
হেতু এই মাৰ্গেটত আছিল আৰু The Waste Land-ৰ এই অনূদিত তথা আলোচিত তৃতীয় চৰণ The Fire Sermon-ৰ খচৰা
লিখি উলিয়াইছিল৷
(২০) কাৰ্থেজ্: ‘কাৰ্থেজৰ মাটিলৈ আহিছিলোঁ মই’-ৰ দ্বাৰা এলিয়টে পাঠকক
সন্ত অগষ্টাইনৰ ‘কনফেশ্যন’-ৰ সৈতে
পৰিচয় কৰাই দিছে, য’ত সন্তজনে তেওঁৰ যৌৱনকালৰ যৌন প্ৰলোভনৰ স্বীকাৰোক্তি প্ৰকাশ কৰিছে আৰু thou
pluckest me out (হে ঈশ্বৰ, তুলি ধৰা মোক এই দহনৰ
পৰা) বুলি প্ৰাৰ্থনা কৰি ঈশ্বৰক সেই পাপৰ অগ্নিৰ পৰা তেঁওক
উদ্ধাৰ কৰিবলৈ কাকূতি কৰিছে৷ অগষ্টাইনৰ জন্ম আলজেৰিয়াত হৈছিল
যদিও তেওঁ ষোল্ল বছৰ বয়সত কাৰ্থেজলৈ
প্ৰব্ৰজন কৰিছিল৷ বুদ্ধৰ বন্দনাৰ সম্পূৰ্ণ পৰিধি এই চৰণত
আলোচিত হৈছে৷