অন্যযুগ/
মূল কবিতা: The Waste Land
কবি: টি.এছ. এলিয়ট
অনুবাদ: ড° দীপশিখা ভাগৱতী
ছন পৰা মাটি
প্ৰথম: মৃতকৰ সমাধি (The Burial of the Dead )
কি নিষ্ঠুৰতম মাহ এপ্ৰিল,
মৃত মাটিৰ জৰায়ুত লাইলাকৰ ১ জন্মদিন,
স্মৃতি আৰু আকাংক্ষাৰ
মিশ্ৰিত সংবাদে
শেঁতাপৰা শিপাত
বাকি দিয়ে বসন্ত বৃষ্টি।
শীতে ঢালি দিছিল উষ্ণতা,
পৃথিৱী সামৰি লোৱা
বিস্মৰণপ্ৰৱণ তুষাৰ সাম্ৰাজ্য,
শুষ্ক কন্দৰ স্নায়ুৰে
জীয়াই তুলিছিল
সূক্ষ্মতম উশাহৰ ভাষা।
ষ্টাৰ্ণবাৰ্গাছৰ ২ ফৰকাল পানীত থিয় হৈ, এমুঠি বৃষ্টি ধাৰাৰে
গ্ৰীষ্মই আমাক আশ্চৰ্যান্বিত কৰিছিল, স্তম্ভবিথীকাত ৰৈ গৈছিলোঁ আমি।
ৰৌদ্ৰৌজ্জ্বল পথেৰে আগ বাঢ়িছিলোঁ হফগাৰ্টেনৰ ৩ সম্ভ্ৰান্ত উদ্যান
অভিমুখে,
ওঁঠত কফি, বহুতো কথাৰ কোলাহল এটা
কালাৱধি।
ৰুছীয় মুঠেই নহয় মই, লিথুৱানিয়াৰ পৰিব্ৰাজক, এক কট্টৰ জাৰ্মান।
মোৰ শৈশৱ, আৰ্ক ডিউকৰ ভূমিত,
শ্লে’জ গাড়ীৰ বোকোচাত বিশাল
মুকলিলৈ নি,
ভীতিগ্ৰস্ত মোক ভতিজাটোৱে কৈছিল, মেৰী,
মেৰী, মুঠি টানকৈ ধৰাঁ, আৰু আমি নামনিলৈ গৈছিলোঁ।
পৰ্বতৰ বুকুৰ সেই দ্বিধাহীন মুকলি নিৰ্যাস।
মই পঢ়োঁ, নিশাৰেই বহু কথা, আৰু শীতৰ দিনৰ দক্ষিণমুখী যাত্ৰা।
কোন শিপাই খামোচ মাৰি ধৰে,
কি শাখা
ঠন ধৰি বাঢ়ে
নিৰ্বিকাৰ এই তুচ্ছতাত?
হে মনুষ্যসন্তান,
তুমি ক’ব নোৱাৰাঁ সেই কথা, অনুমেয় নহয় সেই গাথা, কাৰণ তুমি মাথোন জানা
একস্তুপ ভগ্ন প্ৰতিমুৰ্তিৰ কথা, য’ত সূৰ্য্যই আঘাত কৰে,
আৰু মৃত বৃক্ষই নিদিয়ে আশ্ৰয়,
বা ক্ৰিকেট
পতংগৰ ৪ স্বস্তি,
আৰু শুকান শিলত নিদ্ৰিত নীৰজ আকুতি।
ৰঙা শিলৰ তলত মাথো ছাঁ,
(আহাঁ, প্ৰৱাল পাথৰৰ এই ছায়াঘন চোতাললৈ)
আৰু মই তোমাক দেখুৱাম কিছু একক পৃথকতা
কেনেকৈ পুৱা তোমাৰ পিছফালেই প্ৰৱাহিত হয় আত্মজ ছাঁ
আৰু সন্ধ্যাৰ সাক্ষাতলৈ বাট চায়;
মই দেখুৱাম এমুঠি ধূলিত ভয়।
গৃহ অভিমুখে বলিছে
বিশুদ্ধ অম্লজান
অ’ মোৰ আইৰিছ কণমানি
ক’ত বান্ধি থ’লা প্ৰাণ ·
‘এটা বৰ্ষৰ আগতেই তুমি
মোক দিছিলা এপাহ হায়াচিন্থৰ ফুল;
‘তেওঁলোকে মোক হায়াচিন্থৰ
৫ ছোৱালীজনী বুলি মাতিছিল’
– তথাপিযেতিয়া আমি উভতি
আহিছিলোঁ, পলমকৈ, সেই মেটেকাৰ বাগিচাৰ পৰা,
তোমাৰ ভৰুণ দুবাহু, তিতি থকা চুলি, মই কিন্তু
একোৱেই ক’ব নোৱাৰিলো, আৰু মোৰ ব্যৰ্থ দুচকু, মই জীৱিত বা মৃত
একোৱেই নাছিলোঁ, একোৱেই নাজানিছিলোঁ,
পোহৰৰ উজ্জ্বল অন্তৰ্নাদত নিৱদ্ধ নীৰৱ দৃষ্টি
শূন্য আৰু সমুদ্ৰ নিৰ্জন।
ভৱিষ্যদ্ৰষ্টা ডাঙৰীয়ানী চচ’ষ্ট্ৰেছ ৬,
পাপী পাতবোৰৰ বাকচটোৰে তেওঁ য়ুৰোপৰ প্ৰাজ্ঞতমা
নাৰী।
তেঁওৰ শৰীৰতো শীতলতা নামিছিল,
ইয়াত তেওঁ
কৈ উঠিল,
তোমাৰ কাৰ্ডত ডুব গৈছে ফনিছিয়াৰ ৭ নাবিক,
মুকুতামণি আছিল তেওঁৰ সেই চকু, চোৱাঁ!
এয়া বেলাড’না, শৈলভূমিৰ,
পৰিস্থিতিৰ নাৰী।
তিনিডাল লাখুটিৰে এইজনেই সেইজন, আৰু এই ঘূৰন্ত বৃত্ত,
আৰু ইয়াত সেই এচকুৱা সদাগৰ,
আৰু তেঁওৰ
উকা তাচপাত,
এয়া তেওঁ কি কঢ়িয়াই ফুৰে পিঠিত,
যাৰ বাবে মোৰ দৃষ্টি সদায় আঁটি আঁটি বন্ধা। বিচাৰি নাপাওঁ
সেই ফাঁচি লগা মানুহজনক,
সলিল সমাধিৰ
ভীতি।
মই দেখোঁ, এক বৃত্তৰ সীমাৰে মানুহৰ
অন্তহীন ভীৰ,
ধন্যবাদ। যদিহে আপুনি মিছেচ ইকুইট’নক ৮ লগ পায়,
ক’ব যে এই সন্ধিসময়ত আত্মস্নেহৰ
বাবেই;
মই নিজেই কঢ়িয়াই আনিলোঁ মোৰ জন্মৰ সোঁৱৰণীপত্ৰ।
মায়াঘন মহানগৰ,
এক চেঁচা ব্ৰহ্মমুহূৰ্তৰ মটিয়া কুঁৱলীৰ তলেৰে,
লণ্ডন ব্ৰিজৰ ওপৰেদি উটি গ’ল এক কোলাহল, কিমান বেছি।
মোৰ ভাবনাৰ সংজ্ঞাহীন সংহত মৃত্যুৱে নকলে কিমান কথা, কিমান বেছি।
নিশ্বাসত সৰি পৰিছিল কিমান অসঘন, ভগ্ন হুমুনিয়াহ,
আৰু প্ৰতিজন মানুহৰ দুভৰিৰ সমুখত তেঁওলোকৰ অতন্দ্ৰ দৃষ্টি।
পাহাৰৰ সাৱলীল উচ্চতাত আৰু কিং ৱিলিয়াম ষ্ট্ৰীটৰ ৯ তলেৰে,
য’ত সন্ন্যাসীনি মেৰী ৱুলনথে
১০ ন বজাৰ শেষ সংকেতধ্বনিৰ বোকোচাত
থৈ গৈছিল বহু নিস্তব্ধ সময়
তাতেই চিনাকি এখন মুখক,
মোৰ হাহাকাৰ
কণ্ঠই চকুলোৰে আগভেটি ধৰিলে : ‘ষ্টেট্শ্যন! ১১
‘মাইলিৰ ১২
যুদ্ধবিভোৰ জাহাজত মোৰ কাষে কাষে থকাজনেই আপুনি!
‘যোৱা ঋতুত আপুনি নিজ উদ্যানত
ৰোৱা মৃতদেহবোৰ,
‘ অংকুৰিত হৈছেনে বাৰু· প্ৰষ্ফুটিত হ’বনে সমাগত ঋতুত·
‘নে হঠাৎ অহা তুষাৰবৃষ্টিয়ে
মিলনশয্যাক আমনি দিব·
‘অনুগ্ৰহ কৰি বন্ধু কুকুৰটোক
দূৰৈত ৰাখক,
‘নহ’লে শানিত নখেৰে ই আকৌ খান্দি উলিয়াব
মৃতদেহৰ খবৰ!
‘ আপোনাৰ ভণ্ডশব্দৰ ভাষণ
! – স্মৰণীয়, –অন্ধকাৰ!’
টোকাঃ
১) লাইলাক এবিধ ঋতুজাত ফুল। উজ্জ্বল বেঙুণীয়া, নীলা বা গোলাপী ৰঙৰ লাইলাক সাধাৰণতে বসন্ত ঋতুত ফুলে। মৃতকৰ
সমাধিক্ষেত্ৰতো এই ফুলৰ ব্যৱহাৰ হয়। ইয়াত এলিয়টে লাইলাকক এহাতেৰে মৃত্যুৰ আাৰু আনহাতেৰে
নৱজন্মৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে। যেনেকৈ এপ্ৰিলে শুকান প্ৰকৃতিক নতুন ৰঙেৰে
সজাই তোলে, আকৌ মাটিৰ গহ্বৰত লুকাই
থকা বীজকো মৃত স্মৃতিৰ কবৰ খন্দাৰ দৰে খান্দি উলিয়ায়, ঠিক তেনেদৰে লাইলাকেও এহাতে বসন্তৰ আনন্দ আৰু আনহাতে মৃতদেহৰূপী, পাহৰিব খোজা শোকস্মৃতিৰ পুনৰূত্থানক
প্ৰতীয়মান কৰে।
২) ষ্টাৰ্নবাৰ্গাছ্ জাৰ্মানীৰ পঞ্ছমটো স্ফটিকীয় পানীৰ হ্ৰদ। স্বচ্ছতা বুজাবলৈ কবিয়ে
ইয়াক ব্যৱহাৰ কৰিছে।
৩) হফ্গাৰ্টেন জাৰ্মানীৰ মিউনিখ চহৰৰ মধ্যভাগত অৱস্থিত এখন বিখ্যাত উদ্যান।
৪) ক্ৰিকেট এবিধ তীক্ষ®
ধবনি সৃষ্টি
কৰিব পৰা পতংগ (জিলীৰ দৰে),
নিশাৰ ভাগত
বেছিকৈ ইয়াৰ মাত শুনা যায়। নিশাৰ ৰূপ সাধাৰণতে শান্ত, জিৰণিভৰা,
আৰামদায়ক।
কিন্তু যুদ্ধোত্তৰ পৃথিৱীৰ ভগ্ন সমাজ আৰু বিশৃংখল ব্যক্তিবিন্যাস, মানুহৰ উদাস নিঃসঙ্গতা, আধুনিক পৃথিৱীৰ কৰ্কশ পৰিৱেশ বুজাবলৈ
ক্ৰিকেটৰ মাতক এটা মেটাফ’ৰৰ ৰূপত উপস্থাপন কৰা
হৈছে। কৰ্কশ ক্ৰিকেটৰ মাত এই কবিতাত নিশাৰ পাৰম্পৰিক সৌম্যতাৰ প্ৰতি এলিয়টৰ সূক্ষদৰ্শী
সাহসী প্ৰত্যাহ্বান।
৫) হা্য়াচিন্থ হৈছে লিলি প্ৰজাতিৰ এবিধ কন্দাকাৰ মেটেকাজাতীয় ফুল, যি সাধাৰণতে উজ্জ্বল বেঙুণীয়া
ৰঙৰ। হায়চিন্থ্ক প্ৰেম আৰু জীৱন্ততাৰ প্ৰতীক হিচাপে প্ৰতিষ্ঠা কৰিছে।
৬) এলডক্স হাক্স্লে’ৰ উপন্যাস ‘দ্য ক্ৰোম ইয়েল্ল’ ত থকা এতি চৰিত্ৰৰ নাম আাছিল মিষ্টাৰ
স্কগান। তেঁও এখন মেলাত ভৱিষ্যদ্বাণী কৰিব পৰা এটি চৰিত্ৰ হৈ, ছদ্মৱেশ ধৰি নিজৰ নাম লৈছিল চচ’ষ্ট্ৰেছ। তেঁওৰ ভৱিষ্যদ্বাণী সমূহ
ভন্ড আছিল। এলিয়টে এই চৰিত্ৰটিকেই ইয়াত ‘মেডাম চচ’ষ্ট্ৰেছ” নামেৰে উপযুক্ত প্ৰাসংগিকতাৰে
বৰ্ণনা কৰিছে।
৭) ফনিছিয়ান নাৱিক উইলিয়াম শেক্সপীয়েৰৰ ‘দ্য টেম্পেষ্ট্’ নাটকত, তাচপাতত অঙ্কিত এটা উল্লেখনীয়
চৰিত্ৰ। তাত উভয়লিংগী যাদুকৰী চৰিত্ৰ এৰিয়েলে কৈছিল যে সাগৰৰ মাজত ডুব যোৱা সেই নাৱিকৰ
দুচকুত মুকুতাৰ উজ্জ্বলতা আছিল। ইয়াত এই ডুবন্ত নাৱিকক ডুবন্ত আৱেগৰ প্ৰতীকৰ ৰূপত দেখুওৱা
হৈছে।
৮) মিছেছ ইকুইটোন আছিল ডাঙৰীয়ানী চচ’ষ্ট্ৰেছৰ এগৰাকী মক্কেল।
৯) কিং উইলিয়াম ষ্ট্ৰীট লণ্ডন চহৰৰ এটা ব্যাস্ত জ্নপথ, য’ত প্ৰাচীন আৰু আধুনিক, উভয় সময়ৰে সমিলমিল দেখিবলৈ পোৱা
যায়। ১৯২২ চনত, এই পক্ষটো (মৃতকৰ সমাধি)
লিখাৰ সময়ত এলিয়্ট সেই ঠাইৰেই এটা বেঙ্কত কৰ্মৰত আছিল।
১০) চেইণ্ট্ মেৰী ৱুলনথ লণ্ডন চহৰৰ কিং উইলিয়াম ষ্ট্ৰীট আৰু লেম্বাৰ্ড ষ্ট্ৰীটৰ
একোণত অৱস্থিত এটা এন্জেলিক গীৰ্জা। ইয়াৰ নামাকৰণ চেইণ্ট্× মেৰীৰ নামেৰে কৰা হৈছিল।
১১) ষ্টেট্শ্যন আছিল কবি এলিয়টৰ সমসাময়িক পৃথিৱীসৃষ্ট দ্বৈত সত্তাৰ এক বিমুৰ্ত
প্ৰতীক।
১২) মাইলি হৈছে প্ৰাচীন কাৰ্থেজ আৰু ৰোমানসকলৰ মাজত হোৱা প্ৰথমখন নৌযুদ্ধ।