অন্যযুগ/
আমেৰিকান কবি থিঅ’দৰ হ্যুব্নেৰ ৰ’থ্কে : জীৱন এষণা আৰু কাব্যবীক্ষা
ৰুদ্ৰ সিংহ মটক
বিশ্বখ্যাত
আমেৰিকান কবি থিঅ’দৰ হ্যুব্নেৰ
ৰ’থ্কেৰ জন্ম (১৯০৮-১৯৬৩) মিচিগানৰ চাগিন’ত। তেওঁৰ পিতৃ অট্ট’ ৰ’থ্কে আৰু খুৰাকৰ আছিল এটা গ্রীন হাউছ। শিশু হিচাপে তেওঁ বেছিভাগ
সময় এই গ্রীন হাউছতে কটাইছিল৷ সেয়ে তেওঁ প্রকৃতি আৰু নিসৰ্গক খুব কাষৰ পৰা অধ্যয়ন কৰাৰ
সুযোগ পাইছিল। কবিয়ে যেন বুকুৰ ভিতৰতে অনুভৱ কৰিছিল উশাহ-নিশাহ লৈ থকা গছ-বন, নদী-পাহাৰ,
নীল নিসৰ্গৰ ৰহস্যময় উপস্থিতি। আৰ্থাৰ হিল হাইস্কুলত কবি ৰ’থ্কেই
যুৱশক্তি আৰু ৰেডক্ৰছৰ সন্দৰ্ভত প্রদান কৰা ভাষণটোৰ সামাজিক তাৎপর্য আৰু মানৱীয় মৰ্ম
বেচ গুৰুত্বপূর্ণ৷ সেয়ে কবিৰ এই ভাষণটো দেশ-বিদেশৰ একুৰি
ছটাকৈ ভাষাত প্ৰকাশিত আৰু প্রচাৰিত হৈছিল।
কেন্সাৰাক্ৰান্ত
পিতৃৰ মৃত্যুৱে (১৯২৩) কবি ৰ’থ্কেক গভীৰভাৱে শোকাভিভূত আৰু
মৰ্মাহত কৰিলে। অন্তৰ্জগতৰ এই মৰ্মদাহী অগনিয়ে কবিৰ সৃজনশীল আৱেগ আৰু অন্তৰ্দৃষ্টিৰ
যেন নতুন দিগন্ত উন্মোচন কৰিলে। তেওঁৰ সৃষ্টিৰ গতি আগতকৈ দুগুণে বাঢ়িল। ১৯২৫-১৯২৯
কালছোৱাত কবি ৰ’থ্কেই মিচিগান য়ুনিভাৰ্ছিটি আৰু হাৰভাৰ্ড
গ্ৰেজুৱেট স্কুলত শিক্ষা গ্রহণ কৰে। সেই সময়ছোৱাত কবি ৰবাৰ্ট হিল্য়েৰৰ সান্নিধ্যই
তেওঁৰ কবি জীৱন আৰু কাব্যবীক্ষাত গভীৰ প্ৰভাৱ
পেলায়। এয়া আছিল কবিৰ বাবে অন্য এক সৌভাগ্য আৰু আশীর্বাদ। উল্লেখযোগ্য যে এইখিনি
সময়তে অনন্য প্রতিভাৰ অধিকাৰী এগৰাকী শক্তিশালী কবিৰূপে হ্যুব্নেৰ
ৰ’থ্কেই সমগ্র আমেৰিকাতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয়।
দেশত
দুৰ্ভিক্ষৰ প্রাদুর্ভাৱৰ বাবে কবিয়ে স্বেচ্ছাই হাৰ্ভাদ পৰিত্যাগ কৰি লাফিয়েট কলেজত
শিক্ষকতা কৰিবলৈ লয় ১৯৩১-১৯৩৫-ৰ কালছোৱাত। এইখিনি সময়তে ৰ’থ্কেৰ
প্ৰথম কাব্যগ্রন্থ অ’পেন হাউছ (Open House) প্ৰকাশ পায়। লাফিয়েটত কবি সান্নিধ্যলৈ
আহে ষ্টেন্লি কুনিঝৰ। এই বন্ধুত্বৰ প্ৰভাৱ কবিৰ শেহ জীৱনলৈকে পৰিছিল। ১৯৩৫ চনৰ শেষৰ
পিনে কবিয়ে লান্চিঙৰ মিচিগান ষ্টেট্ কলেজত পাঠদান কৰিবলৈ লয়। অৱশ্যে ছিৰিয়াছ মানসিক
ৰোগত আক্রান্ত হোৱা বাবে তেওঁ লাফিয়েট মহাবিদ্যালয়ৰ শিক্ষক বৃত্তিৰ পৰা অব্যাহতি লয়।
পিছে অসুখৰ অৱসানৰ পাছত ৰ’থ্কেৰ কাব্য পৰিক্ৰমাৰ উত্তৰণৰ
লগতে কাব্যদৃষ্টিৰ আমূল পৰিৱৰ্তন ঘটে। ভালপোৱাই ভালপোৱাৰ জন্ম দিয়ে। এই ভালপোৱাৰ যন্ত্রণা
হ’ল কবিৰ আনন্দৰ অমল উৎস। ‘‘…Love begets love. This torment is my joy.’’ প্রকৃতাৰ্থত
ৰ’থ্কেই যেন প্রসাৰিত প্রেম আৰু যন্ত্রণাৰ কবি। এই প্রেম
আৰু যন্ত্রণাবোধৰ জৰায়ুতে জন্ম কবিৰ প্রগাঢ় কাব্যদৃষ্টি আৰু নতুন পৃথিৱীৰ ৰূপান্তৰৰ
চিৰভাস্বত স্বপ্ন। জীৱনৰ সমস্ত ক্ষুদ্রতা-তুচ্ছতা অতিক্রমি কবিয়ে যেন অনন্তৰ পথিকৰ
দৰে মহাজীৱনকো যেন জয় কৰিছিল। সেয়ে কবিয়ে আই নিউ এ ৱ’মেন কবিতাত এনেদৰে ক’ব পাৰিছিল উদাত্ত কণ্ঠে— ‘‘I’m martyr to a motion not my own;/ What’s freedom
for? To know eternity.’’ বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত অগ্রগতিয়ে নিত্য প্রয়োজনীয় বস্তুবাদী
সংস্কৃতিলৈ কঢ়িয়াই অনা অভূতপূর্ব উন্নয়নৰ সময়ত মানৱীয় প্রমূল্যবোধৰ প্রকাশ আৰু
বহুল প্রচাৰেৰে অন্তৰ্সংস্কৃতিৰ জগতখনতো নৱজাগৰণৰ লক্ষ্যৰে কবি ৰ’থ্কেই
নিৰলস কাব্যসাধনাত ওৰেটো জীৱন আত্মোৎসর্গ কৰিছিল।
১৯৩৬
চনত বিদ্বান কবি হ্যুব্নেৰ ৰ’থ্কেই পেনচিলভেনিয়া ষ্টেট্
য়ুনিভাৰ্ছিটিত অধ্যাপকৰূপে যোগদান কৰে। ইয়াত শিক্ষা দান কৰাৰ সুদীর্ঘ সাত বছৰৰ সময়ছোৱাত
পয়েট্ৰি, ছাটাৰদে’ ৰিভিও, ছিটানো ৰিভিও-ৰ
দৰে প্রখ্যাত কাব্যপত্রিকাত কবিৰ কবিতাৰ প্ৰকাশ আৰু প্ৰচাৰে তেওঁলৈ এজন মহৎ স্ৰষ্টাৰ
বিৰল খিতাপ কঢ়িয়াই আনে। উল্লখযোগ্য যে কবিৰ প্রথম কাব্যগ্ৰন্থ অ’পেন হাউছ কাব্যসম্ভাৰৰ বহল, তাৎপর্যপূর্ণ সমালোচনা প্ৰকাশ
পায় বিখ্যাত আলোচনী নিউ য়র্ক, ছাটাৰদে’ ৰিভিও,
কেনিয়ন ৰিভিও আৰু আটলাণ্টিক-ত। সমালোচনাবোৰত পৰিস্ফুট হৈ পৰে যে ৱিলিয়াম
ব্লেক, লুই ব’গান, লিঅ’নি আদাম, এমিলি ডিকিনছন, ইমিনা ৱিলিয়াম, ষ্টেন্লি কুনিঝ, অ’দেন, ৰ’ল্ফ হামফ্ৰি আদি কবিতাৰ
পৃথিৱীৰ প্ৰতিভাশালী কবি-মনীষীসকলৰ কলাদৃষ্টি, সমাজবীক্ষা, নান্দনিকতা আৰু কাব্যদৰ্শনৰ
প্ৰভাৱে ৰ’থ্কেৰ সৃষ্টিৰাজিক দান কৰে কালজয়ী শিল্পকৰ্মৰ
অনিৰ্বচনীয় আৱেদন, বিপুল মানৱায়তন আৰু বহল বিশ্বজনীনতা।
১৯৪২
চনত কবি ৰ’থ্কেই ম’ৰিছ গ্রে ভাষণ প্রদান কৰিবলৈ হাৰভাৰ্ডৰ
আমন্ত্রণ লাভ কৰে। ১৯৪৩ চনত কবিয়ে পেন্চিলভানিয়া ত্যাগ কৰি বেনিংটন কলেজত অধ্যাপনা
আৰম্ভ কৰে। ১৯৪৮চনত প্ৰকাশিত কবিৰ দ্বিতীয়খন কাব্যসংকলন দা লষ্ট ছন এণ্ড আডাৰ অৱছাৰভেচন-ত
গ্রীন হাউছৰ কবিতাৰাজিও অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৫৩ চনৰ ৩০ জুলাইত বি.বি.চি.-এ ৰ’থ্কেৰ কাব্যগ্ৰন্থৰ প্ৰশস্তি বৰ্ণাই এনেদৰে অভিমত দাঙি ধৰে— ‘‘...both
heaven and hell... It was a universe, several worlds, which, even as a child,
one worried about, and struggled to keep alive.’’
কবি
ৰ’থ্কেই ১৯৫০ চনত লেখি উলিয়ায় মুকলি চিঠি। ১৯৫১-ত ৱাশ্বিংটন
য়ুনিভাৰ্ছিটিত কাব্যসাহিত্য বিষয়ত সুদীর্ঘ পোন্ধৰ বছৰ কাল ধৰি অধ্যাপনা কৰা সময়তে
তেওঁ ৰচনা কৰে প্রেইজ টু দা এণ্ড। শিক্ষক হিচাপে ৰ’থ্কেই
ছাত্রসকলৰ মূৰত তেওঁৰ জ্ঞানৰ বোজাখিনি জোৰকৈ জাপি নিদি ছাত্রসকলক আপোন বুকুৰ ভিতৰতে
থকা প্রজ্ঞাৰ দুৱাৰডলিলেহে আগবঢ়াই দিছিল। এইখিনিতে আন দহজন শিক্ষকৰ পৰা ৰ’থ্কেৰ পাঠদান নীতি বা শিক্ষণ-পদ্ধতি আছিল সম্পূৰ্ণৰূপে মৌলিক
আৰু ব্যতিক্রমী। পুলিৎজাৰ বঁটাৰ বাবে দুবাৰকৈ নমিনেশ্বন পোৱা প্ৰখ্যাত কবি ৰিচাৰ্ড
হিউগ’ৰ মতে কবিতাৰ শিক্ষক হিচাপে ৰ’থ্কেই আছিল সেই সময়ৰ
সৰ্বশ্ৰেষ্ঠ অধ্যাপক। ‘‘He was probably the best poetry-writing teacher ever’’, এই প্রসংগতে উল্লেখ কৰাটো সমীচীন হ’ব যে ৰ’থ্কেই
পাঠদান কৰা ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ দুজনকৈ ছাত্রই পৰৱৰ্তী কালত বিখ্যাত পুলিৎজাৰ
পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল।
ৱাশ্বিংটন
বিশ্ববিদ্যালয়ত অধ্যাপনাৰ কালছোৱাতে কবি হ্যুব্নেৰ ৰ’থ্কেই
যুগুত কৰে তেওঁৰ প্রখ্যাত নিবন্ধ— How to Write Like Somebody Else৷ ১৯৫০ চনত কবিয়ে
লাভ কৰে গুগেন্হেইম ফেল’শ্বিপ আৰু ১৯৫১ চনত কবিক প্রদান কৰা হয় পয়েট্ৰি মেগাজিন
লেভিনচন্ প্রাইজ। পাছৰ বছৰত ৰ’থ্কেৰ ক্লাছিক কাব্য সংগ্রহ Waking: Poems 1933-1953-লৈ আগবঢ়োৱা
হয় পুলিৎজাৰ পুৰস্কাৰ। এইখন কাব্যগ্ৰন্থত সন্নিৱিষ্ট হৈছিল কবি ৰ’থ্কেৰ আন আন বিখ্যাত কবিতাবোৰৰ লগতে এলিজি ফৰ জে’ন আৰু ফোৰ ফৰ্ ছাৰ জন দেভিচ্। ফুলব্ৰাইট গ্রাণ্ট লাভ কৰি ৰ’থ্কেই ১৯৫৫-১৯৫৬ চনত সপৰিয়ালে
য়ুৰোপ মহাদেশ ভ্রমণ কৰে। পৰৱৰ্তী বছৰত কবিয়ে ৱৰ্ডচ্ ফৰ দা ৱিণ্ড্ গ্ৰন্থৰ বাবে বলিন্জেন
পুৰস্কাৰ পায়। কবি ৰ’থ্কেই লাভ কৰা আন কেইটামান সাহিত্য
বঁটা হ’ল ছেইণ্ট ভিন্চেণ্ট্
মিলিয়ে প্রাইজ, লিভিং ফাউণ্ডেশ্বন এৱাৰ্ড, পেচিফিক নৰ্থ-ৱেষ্ট ৰাইটাৰৰ্ছ এৱাৰ্ড। এইগৰাকী চিৰজাগ্ৰত কবিৰ সাৰস্বত কাব্যৰাজি মানৱতাৰ কণ্ঠস্বৰৰূপে পৰিগণিত
হৈছিল৷ উল্লেখযোগ্য যে আন এক ফ’ৰ্ড ফাউন্ডেচন গ্রাণ্ট লাভ
কৰি কবি ৰ’থ্কেৰ আকৌ এবাৰ নিউয়ৰ্ক আৰু য়ুৰোপ মহাদেশ ভ্ৰমণৰ
সৌভাগ্য হয়। যুগৰ হৃদস্পন্দন চিনি পায়ো যুগৰ ঊৰ্ধ্বলৈ গৈ কবি ৰ’থ্কেই
উন্মোচন কৰিবলৈ সক্ষম হৈছিল জীৱনসত্যৰ কালাতীত শিল্পৰূপ; মানৱীয় মূল্যবোধ আৰু বাস্তৱ
অভিজ্ঞতাৰে উজ্জ্বল, চিৰ মহিমামণ্ডিত কবিতাৰ নক্ষত্র-সৌধ।
১৯৬৩
চনত ব্ৰেইনব্ৰীজ দ্বীপ ভ্ৰমণ কালত কবি ৰ’থ্কেই ছিৰিয়াছ হাৰ্ট
এটেক হৈ ইহলীলা সম্বৰণ কৰে। জীৱনৰ শেহ কালছোৱাত তেওঁ তিনিকুৰিৰো অধিক নতুন, শক্তিশালী
কবিতা ৰচনা কৰে। কবিৰ মৃত্যুৰ পাছৰ বছৰত (১৯৬৪) সেই কবিতাবোৰেৰে অন্য এক সংগ্রহ দা
ফাৰ ফিল্ড প্রকাশ পায়। এইখন কাব্যগ্ৰন্থৰ বাবে কবিক প্রদান কৰা হয় নেশ্বনেল বুক এৱাৰ্ড।
আমেৰিকান পয়েট ল’ৰেট, সমালোচক জেম্ছ দিকিয়ে আটলাণ্টিক মান্থ্লিৰ নৱেম্বৰ ১৯৬৮
সংখ্যাত মহান কবিগৰাকীৰ কৃতিত্ব বখানিবলৈ গৈ এনেদৰে মন্তব্য প্রকাশ কৰিছিল— ‘‘In
my opinion, the greatest poet this country has yet produced.’’ উল্লেখযোগ্য যে ১৯৬৭ চনৰ পৰা প্ৰতি তিনি বছৰৰ মূৰে মূৰে এইগৰাকী
প্রতিভাশালী কবিৰ যুগমীয়া কীৰ্তিৰ স্মৃতিচাৰণ
হিচাপে থিউডৰ ৰ’থ্কে মে’মৰিয়েল এৱাৰ্ড প্রদান কৰি অহা হৈছে। বিংশ শতাব্দীৰ বিশিষ্ট
মনীষী, চিৰভাস্বত নক্ষত্র হ্যুব্নেৰ ৰ’থ্কেৰ মহিমামণ্ডিত
কাব্যৰাজিৰ সাৰৱত্তা হ’ল এহাতে প্ৰবল দেশাত্মবোধ; আনহাতে, দেশ আৰু ভূগোলৰ সকলো সংকীর্ণতাৰ
ঊৰ্ধ্বত বহল মানৱতাবোধ আৰু বিশ্বজনীনতাৰ জয়গান।
[লেখাটি
যুগুত কৰোঁতে যাৱতীয় সমলৰ বাবে গুগ্ল, ই-লিংকৰ লগতে ৱিকিপিডিয়াৰ
সহায় লোৱা হৈছে।]
লেখকৰ ভ্ৰাম্যভাষ:৭০০২৩০৩৮৮২