নৱনীতা ভট্টাচাৰ্য্য
অন্যযুগ/
টিটিৰ নতুন অভিজ্ঞতা
শৰতৰ আগমনৰ লগে লগে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰাত টিটিয়েও কিছু সকাহ পালে৷ অৱশ্যে এতিয়াও সি মুকলিমূৰীয়াকৈ ওলাই যাবলৈ দ্বিধাবোধ কৰে যদিও সময় সুযোগ বিচাৰি ওলাই যাব পৰা হ’ল। দিনৰ ভাগত নহ’লেও সি আজিকালি পাছবেলা প্ৰায়ে বাহিৰলৈ ওলাই যায় আৰু অলপ ফুৰা-চকা কৰি আহে। তোমালোকেতো জানাই টিটিয়ে গান গাই গাই ঘূৰি-ফুৰি বৰ ভাল পায়৷ তাৰ গান শুনি বনৰ ভিতৰৰ সেমেকা ঠাইখিনিলৈও শৰতৰ জোৱাৰ বৈ আহিল৷ টিটিৰ আন এটা গুণ হ’ল সি ওলাই গ’লে কেতিয়াও সুদা হাতে উভতি নাহে। তাৰ এই গুণটোৰ বাবেইতো সি আজি বিখ্যাত হৈ পৰিছে৷ এতিয়া হয়তো তোমালোকে ভাবিছা, টিটিয়ে ওলাই গ’লে এনে কি বস্তু লৈ আহেনো যাৰ বাবে সি বিখ্যাত হৈ পৰিছে৷ উত্তৰটো তেনেই উজু৷ সি ওলাই গৈ কাৰোবাৰ লগত বন্ধুত্ব পাতি এটা নতুন সম্বন্ধ গঢ়ি আহে আৰু লগত লৈ আহে এসোপামান জ্ঞান আৰু বিলাই দি আহে মোনাভৰ্তি আনন্দ।
সিদিনাখনো ৰিব্ ৰিব্ বতাহ বলা দেখি টিটি বাহিৰলৈ ওলাই গ’ল। সি মন কৰিলে যে বতৰটো লাহে লাহে সলনি হ’বলৈ ধৰিছে৷ গছ-লতিকাৰ চাৰিওফালে নতুন উলাহ। তাকে দেখি টিটিৰ মনটো ভাল লাগি গ’ল আৰু মনৰ আনন্দতে আন দিনাৰ নিচিনাকৈ সিদিনাও সি গান গাবলৈ আৰম্ভ কৰিলে। গান গাই গাই সি কিমান দূৰ আগুৱাই গ’ল গমকে নাপালে৷ এনেতে সাঁজ লাগিবৰ সময় হোৱা দেখি সি লৰালৰিকৈ ঘৰলৈ বুলি খোজ ল’লে৷ লৰালৰিৰ কোবত ক’ত কি ঘটিছে তাক চাবলৈ সি পাহৰিয়ে গ’ল৷ ৰাতি হোৱা মানেই কাৰোবাৰ ভোজন হোৱাৰ ভয়৷ সেইবাবে সি যিমান পাৰে বেগাই খোজ দিলে৷ এনেতে ঘৰৰ ওচৰ পোৱা দেখি কি হ’ল জানো ভাগৰ এটাই তাক হেঁচি ধৰিলেহি। ভৰি দুখন আগবাঢ়ি যাবলৈ মন নকৰা হ’ল৷ ভৰি দুখনক অলপ সকাহ দিবলৈ বুলি সি তাৰ গতি কিছু কমাই দিলে। পদূলিমুখ পালেহি যেতিয়া ভয় কিহৰ! সেইবাবে সি অলপ সময় জিৰাই ল’ম বুলিয়ে ঠিক কৰিলে৷ সি ৰাস্তাৰ দাঁতিত থকা গছকেইজোপাৰ ওচৰতে থিয় দিলে৷ এনেতে মন কৰিলে যে পোক এটাই এজোপা গছত উঠি তাৰ পাতবোৰ খৰধৰকৈ খাবলৈ ধৰিছে৷ তাক দেখি এনেকুৱা লাগিল যেন এইখিনি সময়ৰ ভিতৰত পাতবোৰ খাই শেষ নকৰিলে কিবা অঘটনহে ঘটিব৷ তাৰ কিনো হৈছে তাকে বুজিবলৈ সি তাক ভালদৰে লক্ষ্য কৰিবলৈ ধৰিলে৷ পিছে পোকটোৰ কাৰো ফালে চাবলৈ সময় নাই। সি আপোনমনে মাত্র পাতখিলা খাই গৈছে৷ পোকটোৱে এনেদৰে লৰালৰিকৈ খাই থকা দেখি টিটিৰ মনত কৌতূহল জন্মিল৷ তাৰ এনে আচৰণৰ মূল কাৰণনো কি তাৰ জানিবলৈ মন গ’ল৷ সেইবাবে সি পোকটোক উদ্দেশ্যি ক’লে— “হেৰা! ইমান খৰখেদা কৰিছা যে, কিবা অসুবিধাত পৰিছা নেকি?”
টিটিৰ কথা শুনি পোকটোৱে চকু পেন্দোৱাই তালৈ চাই ক’লে— “অসুবিধা কিহৰ? মই মোৰ কাম সুকলমেই চলাই গৈছোঁ আৰু মই খৰধৰো কৰা নাই৷ মোৰ খোৱাৰ এইটোৱেই নিয়ম৷”
“ই আকৌ কেনে নিয়ম? তুমি একেবাৰে এনেখন কৰিছা যেন এদিনতে সকলো খাই শেষ কৰিবা!”
“এইবিলাক তুমি বুজি নাপাবা আৰু তোমাক বুজাবলৈ যোৱা মানেই মোৰ সময় খতি কৰা৷ তুমি তোমাৰ কামত ধৰা আৰু মোকো মোৰ কাম কৰিবলৈ দিয়া৷”
পোকটোৰ কথা শুনি টিটিয়ে ক’লে— “আৰে তোমাৰ ইমান খং উঠিছে কিয়? ওচৰত থাকোঁ যেতিয়া ইটোৱে সিটোৰ সুখ-দুখৰ সমভাগী হ’ব পাৰোঁ, সেইবুলিহে মাতষাৰ দিলোঁ৷”
টিটিৰ কথা শুনি পোকটোৱে এইবাৰ মূৰ তুলি চাই ক’লে— “চলাহী কথা কৈ মন ভুলাবলৈ অহা নাইতো৷”
“নাই নাই মোৰ তেনে কোনো অভিলাস নাই। ওচৰতে দেখিলোঁ যেতিয়া মাত এষাৰ লগালোঁ৷ তাতে কিবা জগৰ লাগিল নেকি?”
টিটিৰ কথা শুনি পোকটোৱে ক’লে— “নাই নাই, তোমালোকৰ দৰে জীৱবোৰেই আমাৰ প্ৰধান শত্ৰু নহয় জানো? সেইবুলিহে অলপ ভয় খাইছিলোঁ৷ বাৰু এতিয়া ভয় আঁতৰিল যেতিয়া কথা পাতিব পাৰোঁ৷”
“ময়ো তোমাক আজিয়ে প্ৰথম লগ পাইছোঁ৷ এইখন বনত মই তেনেই নতুন৷ সুদূৰৰ শীতল দেশ এখনৰ পৰা ইয়ালৈ আহিছোঁ। নতুন পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি মোৰ বিশেষ দুৰ্বলতা৷ সেইবাবেইতো আপোনজনকো এৰি এইখিনি পাইছোঁহি৷”
টিটিৰ কথা শুনি পোকটোৱে ক’লে— “মোৰ নাম পলু আৰু তুমি যে কৈছা খৰধৰকৈ খোৱা বুলি। এইটোৱেই মোৰ একমাত্র কাম৷ পেটৰ ভোক দেখোন নকমেই। সেইবাবে পলু হৈ জীৱন ধৰাৰ দিনৰে পৰা কেৱল খায়েই আছোঁ!”
“ক’বলৈ গ’লে এইটো বৰ আচৰিত কথা৷ দিনৰ দিনটো কেৱল খোৱাতে ব্যস্ত থকা জীৱ মই হ’লে আগতে ক’তো দেখা নাই!”
“হয় মই বৰ আচহুৱা প্ৰাণী৷ মোৰ জীৱনচক্ৰটোৱেই তেনেকুৱা৷”
“তোমাৰ জীৱনচক্র নে কি ক’লা, অলপ বহলাই কোৱাচোন৷ এই শব্দটো মই আজিহে শুনিছোঁ।”
“জীৱনচক্র মানে হ’ল আমাৰ জীৱনৰ বিভিন্ন স্তৰসমূহ। আমাৰ জীৱনটো তেনেই চুটি যদিও বৈচিত্র্যৰে পৰিপূৰ্ণ৷ আমাৰ প্ৰতিটো স্তৰে সুকীয়া বৈশিষ্ট্যৰে ভৰা। প্ৰতিটো স্তৰতে আমাৰ শৰীৰৰ গঠনো এনেদৰে পৰিৱৰ্তন হয় যে এটা স্তৰৰ লগত আনটো স্তৰৰ অকণো মিল নাথাকে। সেইবাবেই আচহুৱা বুলি কৈছোঁ৷ জীৱনটো আৰম্ভ হয় পাত এখিলাৰ ওপৰত। গছৰ পাতত আয়ে কণী পাৰি থৈ যোৱাৰ পাছত পূৰঠ হোৱালৈ তাতে অপেক্ষা কৰি থাকোঁ৷ পূৰঠ হোৱাৰ লগে লগে কণীৰ বাকলিটো খাই ওলাই আহোঁ! লগে লগে আৰম্ভ হয় জীৱনৰ দ্বিতীয় স্তৰৰ যাত্ৰা৷ যিটো পাতত আছিলোঁ তাক খাই অলপ শকতি গোটাই লৈ আন এখিলা পাত খাবলৈ ধৰোঁ৷ এনেদৰে গছৰ পাতবোৰ খাই খাই শৰীৰ ওজন বঢ়াওঁ আৰু কিছু দিনৰ ভিতৰত বৃহৎ আকাৰ লওঁ। জন্মৰ সময়ত যিমানটো আছিলোঁ তাতকৈ বহুত গুণে ডাঙৰ হওঁ৷ এনেদৰে একেলেথাৰিয়ে খাই খাই ভাগৰি পৰি কিছু দিনৰ পাছত লেটা বান্ধি শুই পৰোঁ৷ এনেদৰে কিছু দিন জিৰণি লোৱাৰ পাছত পুনৰ পখিলা হৈ ওলাই আহোঁ ৷ এনেদৰে বিভিন্ন স্তৰৰ মাজেৰে আমাৰ জীৱন পৰিক্ৰমা চলি থাকে।”
“বাঃ! কি আচৰিত আৰু বহুৰঙী জীৱন-পৰিক্ৰমা৷ শুনি বৰ সন্তোষ পালোঁ৷ ভগৱানৰ কি অৰ্পূব সৃষ্টি তোমালোক!”
“তুমি কি ভাবা নাজানো৷ আমি এনেদৰেই চলি আছোঁ৷ তোমাৰ লগত বহুত পৰ কথাৰ মহলা মাৰিলোঁ৷ এতিয়া বিদায়হে। মোৰ আৰু বহুত খাবলৈ আছে!”
কথাষাৰ কৈয়ে পলুটোৱে পাতখিলা খাবলৈ ধৰিলে আৰু টিটিয়েও কিছু সময়ৰ বাবে হ’লেও নতুন বন্ধু এজন পাই বৰ আনন্দ পালে আৰু ঘৰলৈ বুলি খোজ দিলে।
সঁচাকৈয়ে টিটিয়ে যেতিয়াই ওলাই যায়, নতুন অভিজ্ঞতা লৈহে ঘৰত সোমায়।
....
ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০