নৱনীতা ভট্টাচাৰ্য্য
বছৰটোৰ বেছিভাগ সময়
শীতে আগুৰি থকা ঠাইখনৰ পৰা আহি এই উৎকট গৰমত টিটিৰ কি অৱস্থা হৈছে তোমালোকে হয়তো
ধৰিব পাৰিছা৷ তথাপি অন্যান্য বনৰ সকলো জীৱ-জন্তুৰ সহায়ত
আজি সি বহুত সুস্থ হৈ উঠিছে৷ বনৰ সকলো প্ৰাণীৰ সহায়তে সি আজি এই শীতল ঠাইকণ বিচাৰি উলিয়াই দেহাটো শাঁত পেলোৱাৰ সুযোগ পাইছে৷
সেইবাবে সি বনৰ সকলো প্ৰাণীৰ ওচৰত চিৰঋণী হৈ ৰ’ব৷ সিহঁতৰ বাবেই আজি সি জীৱনটো ঘূৰাই পাইছে৷ টিটিয়ে
অসুস্থ দেহাটোৰে পানীযুঁৱলিতে বহি বহি এই কথাবোৰ চিন্তা কৰি
আছে৷ এইকেইদিনৰ ভিতৰতে তাৰ জীৱনৰ কিমান সালসলনি ঘটিল তাক চিন্তা কৰি আছে৷ জীৱনৰ
লেহেমীয়া গতিটো দেখি তাৰ দুখো লাগিল৷ এইকেইদিন পানীযুঁৱলিত বহাৰ বাহিৰে তাৰ যেন একো কামেই নাই। দিনৰ দিনতো ব্যস্ততাৰে ঘূৰি ফুৰা
টিটিৰ জীৱনটো এনেদৰে ৰৈ যাব বুলি সি সপোনটো ভবা নাছিল৷ এই
কথাবোৰ ভাবি থাকোঁতেই সি মন কৰিলে যে পুখুৰীটোৰ পাৰত থকা গছজোপাৰ পৰা কিবা এটা অতি ধীৰ গতিত নামি আহি আছে৷ প্ৰাণীটোৰ
ফালে সি অতি মনোযোগেৰে চাই থাকিল। পিছে তাৰ মনটো যিমান বেগেৰে ঘূৰিব ধৰিছে জীৱটোৱে
সিমান ধীৰ গতিত আহি থকা দেখি টিটিৰ অলপ আমনিও লাগিল৷ গৰমে আঁটি মৰা দেহাটো লৰাবলৈ
তাৰ অকণো মন নাছিল যদিও মনৰ কৌতূহল দমাব নোৱাৰি সি গছজোপাৰ ওচৰলৈ গৈ তাক ধৰি আনি
ওচৰতে থৈ সুধিলে, “হেৰা! মোৰ ভয়তে হাত-ভৰি লুকাব নালাগে৷ মই
তোমাৰ অকণো অপকাৰ নকৰোঁ। মই মাথোঁ তোমাৰ লগত চিনাকি হ’বলৈহে
বিচাৰিছোঁ।”
টিটিৰ কথা শুনি
অচিনাকি জীৱটোৱে লাহেকৈ মূৰটো উলিয়াই ক’লে, “মই এইখন বনৰে বাসিন্দা। সকলোৰে মাজত মই শামুক নামেৰে জনাজাত৷ পিছে মই
আজিলৈকে আন কোনো জীৱৰ লগত মিতিৰালি পাতি পোৱা নাই। মোৰ নিচিনা প্ৰাণীৰ লগত কোনেনো
বাৰু মিতিৰালি কৰিব। সেইবাবে কেনেকৈ চা-চিনাকি হ’ব লাগে তাকো
নাজানো৷”
শামুকটোৰ কথা শুনি
টিটিয়ে ক’লে, “নামটো সুন্দৰ যেতিয়া, তোমাৰ কামবোৰো সুন্দৰ হ’ব চাগে৷ পিছে নিজকে ইমান নগণ্য বুলিনো কিয় ভাবিছা?”
টিটিৰ প্রশংসা শুনি
শামুকটোৱে ক’লে, “মোৰ বিশেষত্ব যিয়েই নাথাকক কিয়
মোৰ এই লেহেমীয়া গতিটোৰ বাবে সকলোৰে আগত মই হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছোঁ৷”
“উঃ! এই সামান্য কথাটোতে ইমান দুখ কৰিব লাগেনে? পৃথিৱীৰ
সকলো জীৱৰে নিজা নিজা বৈশিষ্ট্য থাকে৷ এইটো তোমাৰ এটা বৈশিষ্ট্য বুলিয়ে ধৰিব পাৰা আৰু নিশ্চয় এনে বহুতো বৈশিষ্ট্য আছে যাক তুমি আওকাণ
কৰি আছা!”
টিটিৰ কথা শুনি শামুকটোৱে কিছু পৰ চিন্তা কৰি ক’লে, “অ’ এইটো মোৰ বৈশিষ্ট্য নেকি?” ইমান দিনে দুৰ্বলতা বুলি ভাবি থকা কথাটোক এটা শব্দই এনেদৰে সলনি কৰি দিব পাৰে বুলি সি কাহানিও ভবা নাছিল৷ বৈশিষ্ট্য শব্দটো ভাবিয়ে তাৰ মনটো ভাল লাগি গ’ল৷ সেইবাবে তাৰ আৰু কি কি বৈশিষ্ট্য আছে ভাবি চাবৰ মন গ’ল৷ মন গ’ল মানে টিটিৰ আগত সেই বিষয়ে কিছু বহলাই ক’বলৈ মন গ’ল৷ সি এইবাৰ মূৰ দাঙি আত্মবিশ্বাসেৰে ক’বলৈ ধৰিলে, “লেহেমীয়া গতিৰে যোৱাটোও মোৰ বৈশিষ্ট্য৷ মই যদি অকণো জিৰণি নোলোৱাকৈ একে লেথাৰিয়ে মোৰ গতিত আগুৱাই গৈ থাকোঁ, তেনেহ’লে মই এসপ্তাহমানৰ ভিতৰতহে এক কিল’মিটাৰ পথ অতিক্ৰম কৰিম পাৰিম৷ সেইবাবেইতো শামুকীয়া গতি বুলি সকলোৱে মোক উপহাস কৰে। অৱশ্যে আজিৰ পৰা এইটো মোৰ বিশেষ বৈশিষ্ট্য বুলিয়ে মানি লৈ চলিম৷”
শামুকটোৰ কথা শুনি টিটি হাঁহিত ফাটি পৰিল৷ ইফালে টিটিয়ে যিমানে হাঁহিছে শামুকটোৰ মনটো সিমানে সেমেকি গ’ল৷ পৰিস্থিতিৰ গভীৰতা বুজি পাই টিটিয়ে হাঁহি সামৰি ক’লে, “এইটো তোমাৰ কম ডাঙৰ গুণনে! আজি এমাহে গৰমত দেই-পুৰি হাঁহি-ফূৰ্তি কাক বোলে পাহৰিয়ে গৈছিলোঁ। দেহাৰ কষ্টত মনটোও ভাগৰুৱা হৈ পৰিছিল৷ খাই-শুই দিন কটাই এলেহুৱা হৈ পৰিছোঁ৷ ভাবিছিলোঁ এনেদৰে লেহেমীয়া গতিত গৈ থাকিলে সকলোৱে মোক পিছ পেলাই আগুৱাই যাব৷ ভাবটোৱে মনটো গধুৰ কৰি তুলিছিল৷ পিছে তোমাক লগ পাই আজি মনটো বহুত পাতল পাতল লাগিছে, লগতে শৰীৰটোৱেও কিছু সকাহ পালে৷ এনেদৰে লেহেমীয়া গতিত কাম কৰিব পৰাটোও এটা কলা, যিটো তুমি জন্মগতভাৱে আহৰণ কৰিছা।”
টিটিৰ কথাত শামুকটোৱে কিছু সাহস পালে৷ সি যে একক আৰু অনন্য সেই কথাটো সি আজিহে অনুভৱ কৰিলে৷ সেইবাবে সি এইবাৰ দুগুণ উৎসাহেৰে তাৰ বৈশিষ্ট্যসমূহ বিচাৰিবলৈ ধৰিলে৷ লগে লগে সি তাৰ বহুতো বিশেষত্ব বিচাৰি পালে যিবোৰ সি ইমানদিনে ভবাই নাছিল। মনৰ ভিতৰতে সি কথাবোৰ এবাৰ পাগুলি লৈ টিটিক ক’বলৈ ধৰিলে, “হেৰা! মোৰ বিশেষত্ব অকল সেইটোৱেই নহয়৷ মোৰ আৰু বহুতো বিশেষত্ব আছে যিবোৰ আন জীৱৰ নাই। ৰ’বা, মই এটা এটাকৈ গৈছোঁ— আমি হ’লোঁ উভয়লিংগী প্রাণী। আমি সাধাৰণতে দেখা পাওঁ যদিও শুনা নাপাওঁ৷ আমি যিহেতু নিশাচৰ প্ৰাণী, সেইবাবে আমাক ৰাতিহে বেছি সক্ৰিয় দেখা যায়। সূৰ্যৰ ৰশ্মি আমাৰ একেবাৰে ভাল নালাগে৷ তদুপৰি, আমি সকলো সময়তে ভোকাতুৰ হৈ থাকোঁ বাবে একে লেথাৰিয়ে খায়েই থাকিব পাৰোঁ৷ গছৰ পাতবোৰ আমাৰ বৰ প্ৰিয়৷ সেই অনুপাতে আমাৰ শৰীৰৰ শক্তিও বহুত বেছি৷ আমি প্ৰতি বছৰে চাৰিশমান কণী পাৰি নতুন শামুকৰ জন্ম দিব পাৰোঁ৷
আমাৰ আন এটা বিশেষত্ব হ’ল যে আমাৰ দেহটো এক
বিশেষ বস্তুৰে তৈয়াৰী খোলাৰে আগুৰি থাকে৷ এই খোলাটোৱে আমাক বিপদৰ সময়ত ৰক্ষা
কৰে৷ বয়সৰ লগে লগে এই খোলাটোও ডাঙৰ হৈ যায়৷ এই খোলাটোৰ সন্মুখৰ ভাগত কিছুমান
বিজলুৱা পদাৰ্থ থাকে। এই পদাৰ্থবিধে আমাক বগাই যোৱাত সহায় কৰে৷ আমি বগাই যোৱা ঠাইবোৰত
এই বিজলুৱা পদাৰ্থটোৰ সাঁচ দেখিবাই।
চৰাই, এন্দুৰ
জাতীয় জীৱবোৰ আমাৰ শত্ৰু৷ তদুপৰি নিমখ জাতীয় পদাৰ্থই আমাৰ জীৱনলৈ বিপদ মাতি আনিব
পাৰে৷ সেইবাবে আমি এনে পদাৰ্থৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰোঁ৷”
শামুকটোৰ কথা শুনি
টিটিয়ে ক’লে, “তোমাৰ ইমানবোৰ বিশেষত্ব থকা সত্ত্বেও তুমি নিজকে দুৰ্বল বুলি ভাবি মন বেয়া কৰিছা৷ তুমি তোমাৰ গতিত এতিয়াও
গৈয়ে আছা৷ মইহে মোৰ জীৱনটোক গতি দিব পৰা নাই৷”
টিটিৰ কথা শুনি
শামুকটোৱে ক’লে, “তুমি কি পাক লগোৱা কথাবোৰ কৈছা
মই হ’লে একো ধৰিব পৰা নাই। পিছে তুমি আজি মোৰ চকু খুলি দিলা৷
আজিৰ পৰা আমি দুয়ো পৰম মিত্ৰ হৈ পৰিলোঁ!”
“এইবোৰ
বৰ দীঘলীয়া কথা৷ পিছে-পৰে সকলো কথা খুলি ক’ম। পিছে এটা কথা মনত ৰাখিবা, মই তোমাৰ অকল চকু খোলাই
নহয়, কেনেকৈ মিতিৰালি পাতিব লাগে তাকো শিকাই দিলোঁ৷”
“সঁচাকৈ,
তোমাৰ নিচিনা বন্ধু এজন পোৱাটো ভাগ্যৰ কথা৷ এতিয়া বিদায়হে।”
কথাষাৰ কৈ শামুকটোৱে নিজৰ বাট ল’লে৷ টিটিয়েও
একান্ত মনে শামুকটোলৈ চাই থাকিল৷ তাৰ লেহেমীয়া গতি দেখি টিটিৰ মনটো শাঁত পৰি গ’ল৷ সি শামুকটোক দেখি
উপলব্ধি কৰিলে যে জীৱন কেতিয়াও ৰৈ যাব নোৱাৰে, হয়তো কেতিয়া তাৰ গতি কিছু লেহেমীয়া হ’ব পাৰে৷
কিন্ত তাতো সুখ বিচাৰি পোৱাটোহে বিজ্ঞজনৰ কাম।
লেখিকাৰ ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০