নবনীতা ভট্টাচাৰ্য্য
অংকন: বৰ্ণিল মহন্ত |
অনাই-বনাই ঘুৰি ভালপোৱা এধানিমান হাঁহপোৱালি, নাম তাৰ টিটি। তাৰ এই অভ্যাসটো কেনেকৈ গঢ়ি উঠিল সি নিজেও নাজানে। এক নোহোৱা-নোপোজা কথা। সেইযে প্ৰথম দিনাখন মাকৰ পিছে পিছে পানীত চৰিবলৈ ওলাই গৈছিল, সিদিনাখনৰ পৰাই সি বাহ্যিক জগতখনৰ প্ৰতি এক বিশেষ আকৰ্ষণ অনুভৱ কৰিছিল। হয়তো এই আকৰ্ষণৰ বাবেই নেদেখা ঠাই বা বস্তুৰ প্ৰতি তাৰ ধাউতি বাঢ়িছিল। বাহিৰলৈ ওলাই আহিলেই জানো তাৰ কি হয়, চকুৰ আগত দেখা সকলোৰে লগত চিনাকি হৈ দুআষাৰমান কথা পাতিবলৈ মন যায়। প্ৰথম অৱস্থাত তাৰ বাবে এই কাম কৰাটো কঠিন আছিল যদিও ডাঙৰ হোৱাৰ লগে লগে সি প্ৰায়ে মাকৰ চকুত ধূলি মাৰি বাহিৰলৈ ওলাই যায় আৰু দিনৰ-দিনটো ওলৌ-টলৌকৈ ঘুৰি-ফুৰি গধূলি হ’লে পুনৰ ঘৰলৈ উভতি আহে। ঘৰৰ পৰা ওলায়ে বাটত যাকে লগ পায় দুআষাৰ মান কথা পাতি মিতিৰ পাতি লয় আৰু তাৰ লগত দিনটো কটাই দিয়ে। এনেদৰে সি তাৰ ওচৰে-পাজৰে থকা প্ৰায়বোৰ জীৱ-জন্তুৰে আও-ভাওবোৰ শিকি লৈছিল।
টিটিৰ
এই কথাটোৱে প্ৰথম অৱস্থাত মাকক বৰ চিন্তাত পেলাইছিল। জানোচা ক’ৰবাত কিবা অঘটন ঘটে!
মাকে তাক কিমান বুজালে। কিন্তু তাৰ স্বভাৱৰ পৰিৱৰ্তন নহ’ল। সেইবাবে খুটি খাব পৰা
হোৱাৰে পৰা মাকেও চিন্তা কৰা বাদ দিলে। অৱশ্যে সকলো পশু-পক্ষীৰ ক্ষেত্ৰত সেয়াই হয়।
সিও কথাটো বৰ ভাল পালে। এতিয়া সি স্বাধীন, মুকলিমূৰীয়াকৈ
বাহিৰলৈ ওলাই গৈ লগ-বন্ধু গোটাব পৰা হ’ল।
এদিনৰ
কথা। এনেদৰে অনাই-বনাই ঘুৰি ফুৰোঁতে এজাক নতুন চৰাইৰ লগত মুখা-মুখি হ’ল। বনখনত
নতুন আলহী দেখি সি চিনাকি হ’বলৈ বুলি আগুৱাই গ’ল। অতি কম সময়ৰ ভিতৰতে সেই চৰাই
জাকৰ মাজৰ এজনী চৰাইৰ লগত তাৰ বন্ধুত্ব গঢ়ি উঠিল। দুয়ো লগ লগি নানা কথা-বতৰা পাতিব
ধৰিলে। কথাৰ মাজতে সি গম পালে যে এই চৰাইজাকে অনুকূল
পৰিৱেশ বিচাৰি ঠাই সলাই থাকে। কথাটো জানি টিটিৰো এই সোৱাদ লবলৈ
মন গ’ল। গোজেই গজালি মেলাৰ নিচিনাকৈ এই কথাটোৱে টিটিৰ
মনত লাহে লাহে শিপাবলৈ ধৰিলে। সেইবাবে সি এদিন এই চৰাইজাকৰ লগতে উৰি যাবলৈ ঠিক কৰিলে।
কিন্তু যোৱাৰ আগতে কথাষাৰ ঘৰত জনাই যাওঁ বুলি ভাবি সকলোৰে আগত মনৰ কথা খুলি ক’লে।
লগে লগে সকলো জাঙুৰ খাই উঠিল। মাকে পোনে পোনে ক’লে, “নলগা জেঙত লাগি নথকাই ভাল।
ভগৱানে যি দিছে, যেনেকৈ দিছে তাতে সন্তুষ্ট থকা ভাল।”
পিছে
টিটি নাছোৰবান্দা। এবাৰ ঠিক কৰিছে যেতিয়া শেষ নকৰালৈকে সি শান্তি নাপায়। সেইবাবে সি
এদিন ছেগ বুজি ঘৰৰ পৰা ওলাই গ’ল। চৰাই কেইটাৰ পিঠিত উঠি টিটিয়ে যাত্ৰা আৰম্ভ কলে।
ৰাস্তাত যিয়ে লগ পাই সকলোৱে কিন্তু তাক এটা কথাই ক’লে, “তুমি কিন্তু ঔ গছৰ মৌ
বিচাৰি ওলাইছা। সাৱধানে খোজ দিবা। অৱশ্যে ইয়াকো ক’লে যে অসাধ্য সাধন কৰাতহে জীৱনৰ
মাদকতা লুকাই থাকে।”
এনেদৰে
নানা ই ঘূৰি-পকি এটা দীঘলীয়া যাত্ৰাৰ অন্তত টিটি
আহি অনন্যা উদ্যান নামৰ অৰণ্যখনত আহি পালেহি। সেই সময়খিনি আছিল উৎকট গৰমৰ
পিছত দেহা শাত পেলোৱা শৰৎ ঋতু। অনন্যা উদ্যানত তেতিয়া এক উৎসৱমুখৰ পৰিবেশ। গৰমত
দেই-পুৰি দুৰ্বল হোৱা দেহটোক পুনৰ সজীৱ কৰাৰ বাবে
চৰাইবোৰে শৰৎ কালৰ মনোমোহা পৰিৱেশলৈ ৰৈ থাকে। গছ-লতিকাবোৰতো এক নতুন উৎসাহ দেখা
পোৱা যায়। সূৰ্য্যটো অলপ হেলনীয়া হোৱা বাবে ৰ’দৰ প্ৰখৰতাও কমিবলৈ ধৰে। তাকে দেখি
সকলো পশু-পক্ষী বাহিৰলৈ ওলাই আহি নাচি-বাগি আনন্দতে মতলীয়া হৈ পৰিছে। মুঠতে বনখনত এক সুন্দৰ
পৰিবেশ। এই পৰিৱেশ দেখি টিটি আনন্দতে আত্মহাৰা পৰিল। তাতে পুৱাৰ কোমল ৰ’দ জাক গাত লগাৰ
লগে লগে তাৰ মনটোও উমাল হৈ পৰিল। মনৰ আনন্দতে সি গান গাই গাই বনখনত অনাই-বনাই ঘুৰি
ফুৰিব ধৰিলে। ইফালে বনখনত এনেদৰে অকলশৰীয়া হাঁহপোৱালী এটাক ঘুৰি-ফুৰা দেখি সকলোৰে
মনত সন্দেহ উপজিল। গান গাই ফুৰা আজব পোৱালীটোক চাবলৈ এটা এটাকৈ সকলো প্ৰাণী আহি তাৰ
ওচৰত গোট খালেহি। এনেদৰে সকলো গোট খোৱা দেখি টিটিয়ে ভয়তে পেপুৱা লাগিল। তথাপিও
সাতাম পুৰুষত কোনেও নকৰা কাম এটা কৰিম বুলি ওলাই আহিছে যেতিয়া সমস্যাৰ সন্মুখীনতো
হ’বই লাগিব। সেই কথাটো টিটিয়ে ভালদৰে বুজি পাইছিল। সেইবাবে সি মনত সাহস গোটাই পুনৰ
থিয় হৈ অতি নম্ৰভাৱে সকলোকে সেৱা জনাই কিবা এটা ক’বলৈ বুলি
মুখখন মেলিছিলহে মাত্ৰ, এনেতে চৰাই এটাই ক’লে, “অ’ৱা এধানিমান পোৱালীটোৰ সাহ চোৱা
পোনচাটে আমাক বশ কৰিম বুলি ভাবিছে। পিছে আমাৰ
আও-ভাও শিকিলা বুলিয়ে আমি তোমাক আপোন কৰি ল’ব নোৱাৰিম। কথাতে কয় নহয় অচিন কাঠৰ থোৰা
নলগাবা বুলি।”
চৰাইটোৰ
সকীয়নি শুনি টিটিৰ ভয়তে হাত-ভৰি পেটত লুকাল। পিছে সি মন ডাঠ কৰি হাত-ভৰি কেইটা
পোনাই পুনৰ ক’বলৈ ধৰিলে, “মই কোনো অভিসন্ধি কৰিবলৈ ইয়ালৈ অহা নাই। মনত পুহি ৰখা
সপোন এটি পুৰ কৰিবলৈহে এইখিনি আহি ওলাইছোঁহি।”
“সপোন!
কি সপোন!” সকলোৱে আচৰিত হৈ সুধিলে।
“হয়
এটা সপোন খেদি খেদিয়ে আজি এইখিনি পাইছোঁহি। আমি পৃথিৱীৰ এনে এটি কোণত বাস কৰো, য’ত
বছৰটোৰ প্ৰায়খিনি সময় শীতে আমনি কৰি থাকে। বহু দিনৰ অপেক্ষাৰ পিছত সূৰ্য্য দেৱতাই
কিছুদিনৰ বাবে দেখা দিলেও ৰ’দৰ উত্তাপ
একেবাৰে ক’ম। গৰম, উত্তাপ, তপত ইত্যাদি শব্দবোৰ আমাৰ বাবে সপোনৰো অগোচৰ। তথাপিও
আমি সকলো ভগৱানৰ মহিমা বুলি মানি লৈছিলোঁ। কিন্তু
পৰিভ্ৰমী চৰাইজাকে মোৰ দৃষ্টিভংগী সলনি কৰি দিলে। অনুকূল
পৰিৱেশ বিচাৰি যে ঠাইও সলাব পাৰি সেই কথাটো কাহানিও মনলৈ অহাই
নাছিল। পিছে পৰিভ্ৰমী চৰাইজাকে মোৰ মনত নতুন সপোনৰ সঞ্চাৰ কৰি দিলে। অৱশ্যে এই
সপোন অকল মোৰে নহয়। মোৰ নিচিনা অজস্ৰ চৰাইয়ে হয়তো শীতৰ পৰা পৰিত্ৰাণ পাব বিচাৰে।
পিছে সাহসৰ অভাৱ। সেইবাবেই
মই মৰণত শৰণ দি ঘৰৰ পৰাই ওলাই আহিছো। তোমালোকৰ দৰে নাতি-শীতোষ্ণ অঞ্চলত বাস কৰা
প্ৰাণীয়ে আমাৰ দুখ ক’ত বুজিবা!”
টিটিৰ
কথা শুনি তাত উপস্থিত থকা সকলোৰে চকু কপালত উঠিল। লগে লগে তাত কাঁহ পৰি জিন যোৱা
যেন অৱস্থা হ’ল। এনেতে তাৰ মাজৰে এজনে মাত লগালে, “এই পৃথিৱীখনতে ইমান দুখলগা ঠাই
আছে বুলি আমি ভাবিবই নোৱাৰো। পিছে অনন্যা উদ্যানলৈ আহিছা যেতিয়া তোমাৰ দুখ আঁতৰি
যাব। কিমান পৰিভ্ৰমী চৰাইয়ে আমাৰ বনলৈ আহি সুখেৰে দিন কটাই যায়। তুমিও ইয়াতে
কিছুদিন থাকিলে কোনেও নিশ্চয় আপত্তি নকৰিব।”
“এতিয়া
চা-চিনাকি হ’লো যেতিয়া আপত্তিৰ কথা থাকিবই নোৱাৰে।”-বুলি
কৈ বনৰ সকলোৱে সেই কথাত সন্মতি দি নিজৰ নিজৰ কামত লাগিল। টিটিয়েও সকাহ পাই মন পছন্দৰ
ঠাই এটুকুৰা বাচি ল’লে আৰু বাহ এটা সাজি লৈ তাত থাকিবলৈ আৰম্ভ কৰিলে। লাহে লাহে
বনখনৰ দুই-চাৰিজনৰ লগত তাৰ বন্ধুত্বও গঢ়ি উঠিল। সময়বোৰ অতি সুখেৰে পাৰ হ’ব ধৰিলে।
পুৱাৰ কোমল ৰ’দ জাক ওলোৱাৰ লগে লগে টিটি বাহিৰলৈ ওলাই আহি ৰ’দ পুৱায়। কেতিয়াবা যদি
ৰ’দ, কেতিয়াবা আকৌ বৰষুণ, কেতিয়াবা আকৌ দেহাজুৰোৱা বতাহ। বতৰৰ এনে বৈচিত্ৰতা দেখি
টিটি আচৰিত হয়। মনৰ আনন্দতে সি পেক্ পেক্ কৈ
গান গাই গাই গোটেই বনখনতে ঘুৰি ফুৰে। তাৰ আনন্দত আন পশু-পক্ষী সমূহো মতলীয়া হৈ পৰে।
টিটিৰ আগমনে বনখনলৈ এক নতুন পৰিৱেশ আনি দিছে। লাহে লাহে বনৰ সকলোৰে লগত তাৰ আত্মীয়তা গঢ়ি উঠিল। বনখনো তাৰ আপোন আপোন যেন লগা হ’ল। সকলোৰে মৰম-আদৰ পাই সি তাৰ আপোন ঘৰখনকো পাহৰি গ’ল। বনখনৰ প্ৰতি তাৰ এক বিশেষ মোহ উপজিল। সি বনখনত থাকি যাম বুলি মনে মনে ঠিৰাং কৰি ল’লে। পিছে কথা এষাৰ আছে নহয়, ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। টিটিৰ লগতো ঠিক তেনেকুৱাই হ’ল। কিয়নো গ্ৰীষ্ম কালৰ তপত ৰ’দ সি সহ্য কৰিব নোৱৰা হ’ল। গৰমত চাটি-ফুটি কৰি সি চাৰিও ফালে ঘুৰি ফুৰিলে কিন্তু ক’তো শান্তি নাপালে। পানীও যেন তাৰ বাবে অসহনীয় হৈ উঠিল। টিটিৰ আহুকাল দেখি বনৰ সকলো তাক সহায় কৰিবলৈ আগবাঢ়ি আহিল। সকলোৱে লগ লাগি তাক বনৰ গহীন কোণ এটালৈ লৈ গ’ল। সেই ঠাই টুকুৰা ইমানে গভীৰ গছ-গছনিৰে আৱৰা আছিল যে তাত সূৰ্য্যৰ ৰশ্মিও ভালদৰে সোমাব নোৱাৰিছিল। টিটিক তাতে ঘৰ এটা সাজাই থাকিবলৈ দিলে। তেতিয়াহে তাৰ জিভালৈ পানী আহিল। বনৰ সকলো পশু-পক্ষীৰ শুশ্ৰূষাত সি সুস্থ হৈ উঠিল যদিও সি তাৰ ভুল ভালদৰে বুজি পালে। সেইবাবে সি প্ৰথমজাক পৰিভ্ৰমী চৰাইৰ লগতে পুনৰ নিজৰ ঘৰলৈ উৰি যাবলৈ ঠিক কৰিলে আৰু কথা মতে সি পুনৰ গ্ৰীষ্মকাল অহাৰ আগতে বন এৰি গুছি গ’ল। যোৱাৰ সময়ত সি মাত্ৰ সকলোকে উদ্দেশ্যি কৈ গ’ল যে, “ভগৱানে যি দৰে স্ৰজন কৰিছে তেনেদৰে থকাটোৱে মংগল।