মূল: Daffodils (William Wordsworth)
ভাবান্তৰ : পাৰ্থপ্ৰতিম
ৰাজকোঁৱৰ
ডাৱৰৰ দৰে অকলশৰে মই
ফুৰিছিলোঁ ভ্ৰমি
সুউচ্চ পাহাৰ আৰু
উপত্যকাৰ ওপৰেৰে ওপঙি,
আৰু তেনেতেই হঠাৎ দেখা
পাইছিলোঁ এটা ভিৰ
জাকৰুৱা এজাক সোণালী
ডাফ’ডিলৰ;
হ্ৰদৰ দাঁতিত আৰু ছাঁ
দিয়া গছৰ ছায়াত,
কঁপি কঁপি নাচিছিল মৃদু
মলয়াত৷
একেৰাহে তিৰ্বিৰাই
আকাশ পোহৰ কৰি
হাতীপটিৰ লানি পতা তৰাৰ
দৰে জিলিকি,
সিহঁত বিয়পি আছিল এটা
অন্তহীন শাৰীত
সাগৰ তীৰৰ দাঁতিত;
চাঁত কৰে দেখিছিলোঁ দহ
সহস্ৰাধিক ফুলে মূৰ নচুৱাই
উদ্দাম নৃত্য কৰিছিল
উলাহ দেখুৱাই৷
ঢৌবোৰো আছিল কাষতে
নৃত্যৰতা হৈ : পিছে
নাচি থকা ঢৌবোৰকো চেৰ
পেলাইছিল সিহঁতে উলাহত গৈ
তেনেহ’লে কবি জানো
আনন্দিত নহৈ পাৰে
এনে সুখময় সুচল সহচৰ
পালে;
তধা লাগি মই মাথোঁ
চায়েই আছিলোঁ,
কিনো ঐশ্চৰ্য দৃশ্যটোৱে মোলৈ
আনিলে ক্ষণিক ভাবিছিলোঁ৷
কাৰণ আৰামী চকীত মই
যেতিয়াই বাগৰোঁ প্ৰায়ে
শূন্য চিন্তাৰে বা ভাব
ঘন মনেৰে,
গহন মনৰ চকুত সিহঁত উঠে
ভাহি
নিজান নিৰ্জনতাৰ
আশীৰ্বাদ হৈ জিলিকি;
আৰু তেতিয়াই অন্তৰ ভৰি
উঠে অময়া সুখত,
আৰু নাচি উঠে হিয়া মোৰ
ডাফ’ডিলবোৰৰ লগত৷
ঠিকনা :