মূল : মহাকবি কালিদাস
অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
ৰঘুবংশ ৯ম অধ্যায়
|| কালিদাসকৃতং ৰঘুবংশম্ সর্গ ৯ ||
জিতেন্দ্ৰিয় আৰু ৰাজন্যৰ অগ্ৰগামী মহাৰথী দশৰথ
অধিপতি হৈ উত্তৰ কোসলৰ শাসন কৰিলে পিতাৰ মৃত্যুৰ পাছত ।
পিতুৰনন্তৰমুত্তৰকোসলান্সমধিগম্য সমাধিজিতেন্দ্রিয়ঃ |
দশৰথঃ প্রশশাস মহাৰথো যমবতামবতাং চ ধুৰি স্থিতঃ || ৯ -১||
বিধিৱৎ শাসন কৰিলে উত্তৰাধিকাৰত পোৱা ভূমি আত্মকুলোচিত মৰ্যাদাৰে
প্ৰজাৰঞ্জক ৰজাৰ প্ৰজাও হ’ল সুখী, কাৰ্তিকৰ বীৰত্বকো চেৰালে যাৰ গুণৰাশিয়ে।
অধিগতং বিধিবদ্যদপালয়ৎপ্রকৃতিমণ্ডলমাত্মকুলোচিতম্ |
অভবদস্য ততো গুণবত্তৰং সনগৰং নগৰন্ধ্রকৰৌজসঃ || ৯ -২||
সকলো মনীষীয়ে কয় এক কথা
ইন্দ্ৰই সময়মতে জলবৰ্ষণেৰে
মনুকুলোদ্ভৱ অৰ্থপতি দশৰথে অৰ্থবৰ্ষণেৰে
সকলো কৰ্মীলোকৰ শ্ৰম লাঘৱ কৰে ।
উভয়মেব বদন্তি মনীষিণঃ সময়বর্ষিতয়া কৃতকর্মণাম্|
বলনিষূদনমর্থপতিং চ তং শ্রমনুদং মনুদণ্ডধৰান্বয়ম্ || ৯ -৩||
নাছিল ৰোগব্যাধি শান্তিপ্ৰিয় দেৱতেজসম্পন্ন ৰজাৰ শাসনত
শতৰুৰ আক্ৰমণ নাই যেতিয়া পৰাজয়ৰ প্ৰশ্ন ক’ত ।
পৃথিৱী হৈ উঠিল ভৰপূৰ অন্ন-ধন, ফল-ফুল প্ৰদায়ক ।
জনপদে ন গদঃ পদমাদধাবভিভবঃ কুত এব সপত্নজঃ |
ক্ষিতিৰভূৎফলবত্যজনন্দনে শমৰতেঽমৰতেজসি পার্থিবে || ৯ -৪||
দশোদিশ বিজয়ী ৰঘুৰ দিনত আছিল যি
অজৰ শাসনতো ভূমিৰ আছিল যি শ্ৰী
সমবলবীৰ্য দশৰথৰ দিনতো
একেদৰেই থাকিল উজলি পৃথিৱী।
দশদিগন্তজিতা ৰঘুণা যথা শ্রিয়মপুষ্যদজেন ততঃ পৰম্ |
তমধিগম্য তথৈব পুনর্বভৌ ন ন মহীনমহীনপৰাক্রমম্ || ৯ -৫||
সকলোৰে প্ৰতি আছিল সমদৃষ্টিদান যেন বৰুণৰ বৃষ্টি
কৰিছিল দান সকলোকে, আছিল কুবেৰৰ দৰে সম্পদশালী
দুষ্টক দমনত আছিল যমৰ দৰে, সূৰ্যৰ দৰে আছিল তেজস্বী ।
সমতয়া বসুবৃষ্টিবিসর্জনৈনিয়মনাদসতাং চ নৰাধিপঃ |
অনুয়য়ৌ যমপুণ্যজনেশ্বৰৌ সবৰুণাবৰুণাগ্রসৰং ৰুচা || ৯ -৬||
উদ্যোগী আছিল উন্নতিৰ বাবে হৈ সৰ্বদা সচেষ্ট
মৃগয়াৰ আকৰ্ষণ, পাশা, মদিৰা পান বহি জোনাকত
নৱযৌৱনা প্ৰিয়তমা- একোতেই ৰজা হোৱা নাছিল বিচলিত ।
ন মৃগয়াভিৰতির্ন দুৰোদৰং ন চ শশিপ্রতিমাভৰণং মধু |
তমুদয়ায় ন বা নবয়ৌবনা প্রিয়তমা যতমানমপাহৰৎ || ৯ -৭||
কোনো অনুনয় বাসৱৰ উপস্থিতিতো নাছিল কৰা
পৰিহাসৰ বেলিকাও কোৱা নাছিল কোনো মিছা কথা
শত্ৰুৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা নাছিল কঠোৰ ভাষা ।
ন কৃপণা প্রভবত্যপি বাসবে ন বিতথা পৰিহাসকথাস্বপি |
ন চ সপত্নজনেষ্বপি তেন বাগপৰুষা পরুষাক্ষৰমীৰিতা || ৯ -৮||
এই ৰঘুবংশীয় নায়কে ৰাজন্যবৰ্গক দিলে পাঠ অভয় আৰু অস্ত্ৰৰ
একেলগে সকলোৱে লাভ কৰিলে বিনাশ আৰু সমৃদ্ধি ।
বন্ধু আছিল সঁহাৰি দিয়াজন হৃদয়হীন আছিল উলংঘনকাৰীৰ ।
উঅদয়মস্তময়ং চ ৰঘূদ্বহাদুভয়মানশিৰে বসুধাধিপাঃ |
স হি নিদেশমলঙ্ঘয়তামভূৎসুহৃদয়োহৃদয়ঃ প্রতিগর্জতাম্ || ৯ -৯||
জয় কৰিছিল অকলেই ৰথত উঠি ধনুশৰ ধৰি
সমুদ্ৰৰ মেখলা পিন্ধা পৃথিৱী ।
সেনাই মাথোন কৰিছিল বিজয় ঘোষণা
লগত লৈ তেওঁৰ হস্তী আৰু অশ্ববাহিনী ।
অজয়দেকৰথেন স মেদিনীমুদধিনেমিমধিজ্যশৰাসনঃ |
জয়মঘোষয়দস্য তু কেবলং গজবতী জবতীব্রহয়া চমূঃ || ৯ -১০||
সম্পদত কুবেৰসম তেওঁ ধাতুৰ কৱচযুক্ত ৰথৰ উঠি হাতত ধনু ধৰি
অকলেই জয় কৰিলে পৃথিৱী, সমুদ্ৰৰ গৰ্জন হৈছিল বিজয়-দুন্দুভি ।
অবনিমেকৰথেন বৰূথিনা জিতবতঃ কিল তস্য ধনুর্ভৃতঃ |
বিজয়দুন্দুভিতাং যয়ুৰর্ণবা ঘনৰবা নৰবাহনসংপদঃ || ৯ -১১||
ইন্দ্ৰই শতমুখী বজ্ৰ লৈ ছেদ কৰিছিল পৰ্বতৰ পাখি
শতদলৰ দৰে উৎফুল্লিত মুখেৰে ধনুৰ্বাণ বৰ্ষণেৰে
দশৰথে প্ৰচণ্ড শব্দ তুলি নাশ কৰিছিল শতৰুৰ শক্তি ।
শমিতপক্ষবলঃ শতকোটিনা শিখৰিণাং কুলিশেন পুৰংদৰঃ |
স শৰবৃষ্টিমুচা ধনুষা দ্বিষাং স্বনবতা নবতামৰসাননঃ || ৯ -১২||
ইন্দ্ৰক যেনেকৈ পূজে দেৱতাই
দশৰথক সেৱা কৰে শত শত ৰজাই ।
উজলাই তেওঁৰ ভৰিৰ নখ মুকুটৰ উজ্জ্বল ৰত্নৰ পোহৰত
অপ্ৰতিৰোধ্য অখণ্ড পৌৰুষে দীপ্ত ৰজাৰ বন্দনাত ।
চৰণয়োর্নখৰাগসমৃদ্ধিভির্মুকুটৰত্নমৰীচিভিৰস্পৃশন্ |
নৃপতয়ঃ শতশো মৰুতো যথা শতমখং তমখণ্ডিতপৌৰুষম্ || ৯ -১৩||
দশৰথৰ অনুকম্পা হ’ল দেখি -
শত্ৰুনাশৰ সময়ত বিধৱা হোৱা অলংকাৰশূন্য নাৰী,
শিশুৰাজপুত্ৰ আৰু পৰাজিত অমাত্যসৱৰ বদ্ধাঞ্জলি
উভতিল অলকাসদৃশ ৰাজধানীলৈ সাগৰতীৰতে বিজয়যাত্ৰা সামৰি ।
নিববৃতে স মহার্ণবৰোধসঃ সচিবকাৰিতবালসুতাঞ্জলীন্ |
সমনুকম্প্য সপত্নপৰিগ্রহাননলকানলকানবমাং পুৰীম্ || ৯ -১৪||
একেধাৰে দীপ্তিমান তেওঁ চন্দ্ৰসম শীতল আৰু অগ্নিসম তেজস্বী ।
যদিও ৰাজন্যমণ্ডলীৰ মাজত হ’ল একচ্ছত্ৰী অধিপতি
কৰিলে সদাজাগ্ৰত শাসন জানি ৰাজলক্ষ্মীৰ চঞ্চলা প্ৰকৃতি ।
উপগতোঽপি চ মণ্ডলনাভিতামনুদিতান্যসিতাতপবাৰণঃ |
শ্রিয়মবেক্ষ্য স ৰন্ধ্রচলামভূদনলসোঽনলসোমসমদ্যুতিঃ || ৯ -১৫||
ককুৎস্থকুলোদ্ভৱ দশৰথ আৰু পুৰুষোত্তম নাৰায়ণৰ বাহিৰে
আন কোনো নৃপতিত বসতি কৰা নাছিল পতিব্ৰতা লক্ষ্মীদেৱীয়ে ।
তমপহায় ককুৎস্থকুলোদ্ভবং পুৰুষমাত্মভবং চ পতিব্রতা |
নৃপতিমন্যমসেৱত দেৱতা সকমলা কমলাঘবমর্থিষু || ৯ -১৬||
যেনেকৈ পৰ্বতত ওপজা নদী আহি সাগৰত মিলিত হয়
শত্ৰুৰ পথ শৰেৰে ৰুদ্ধ কৰা দশৰথক বৰিলে
মগধ কোশল আৰু কেকয় দেশৰ ৰাজকন্যাই ।
তমলভন্ত পতিং পতিদেবতাঃ শিখৰিণামিব সাগৰমাপগাঃ |
মগধকোসলকেকয়শাসিনাং দুহিতৰোঽহিতৰোপিতমার্গণম্ || ৯ -১৭||
শত্ৰুনিধনত পাৰ্গত দশৰথ শোভিত হ’ল লগত লৈ তিনি শক্তি যেন প্ৰেয়সী
যেন দেৱৰাজ ইন্দ্ৰৰ লগত বল, বুদ্ধি আৰু প্ৰচেষ্টা এই তিনি ৰাজশক্তি ।
প্রিয়তমাভিৰসৌ তিসৃভির্বভৌ তিসৃভিৰেব ভুবং সহ শক্তিভিঃ |
উপগতো বিনিনীষুৰিব প্রজা হৰিহয়োঽৰিহয়োগবিচক্ষণঃ || ৯ -১৮||
মহাৰথী যুদ্ধত ইন্দ্ৰক কৰিছিল সহায় বিৰুদ্ধে অসুৰৰ
বীৰত্বৰে শৰবৰ্ষণত দূৰ কৰিছিল ভয় দেৱনাৰীৰ
সেয়ে দেৱাংগণাই গালে জয়গান তেওঁৰ বলবীৰ্যৰ ।
স কিল সংযুগমূর্ধ্নি সহায়তাং মঘবতঃ প্রতিপদ্য মহাৰথঃ |
স্বভুজবীর্যমগাপয়দুচ্ছ্রিতং সুৰবধূৰবধূতভয়াঃ শৰৈঃ || ৯ -১৯||
তেওঁ বাহুবলেৰে আহৰণ কৰিলে অলেখ ঐশ্বৰ্য
কিন্তু স্বৰ্ণমুকুট খুলি থৈ সাত্বিকভাৱে কৰিছিল যাগ-যজ্ঞ
স্থাপন কৰি তমসা আৰু সৰযু পাৰত সোণৰ যুপকাষ্ঠ
নদীৰ পাৰবোৰ কৰি তুলিলে সুন্দৰ হৈ তমোগুণযুক্ত ।
ক্রতুষু তেন বিসর্জিতমৌলিনা ভুজসমাহৃতদিগ্বসুনা কৃতাঃ |
কনকয়ূপসমুচ্ছ্রয়শোভিনো বিতমসা তমসাসৰয়ূতটাঃ || ৯ -২০||
মৃগৰ ছালত বহি কুশৰ কঁকালি শিংযুক্ত পহুৰ ছাল পিন্ধি
হাতত দণ্ড লৈ যজ্ঞৰ দীক্ষা লৈছিল যেতিয়া
স্বয়ং মহাদেৱেই যেন শৰীৰত সোমাই বিলাইছিল প্ৰভা ।
অজিনদণ্ডভৃতং কুশমেখলাং যতগিৰং মৃগশৃঙ্গপৰিগ্রহাম্ |
অধিবসংস্তনুমধ্বৰদীক্ষিতামসমভাসমভাসয়দীশ্বৰঃ || ৯ -২১||
দীক্ষান্ত স্নানৰ শেষত জিতেন্দ্ৰিয় হৈ যোগ্য হ’ল দেৱসভাৰ
উন্নত শিৰ নহৈছিল নমন ব্য়তিৰেকে জলবৰ্ষী ইন্দ্ৰৰ ।
অবভৃথপ্রয়তো নিয়তেন্দ্রিয়ঃ সুৰসমাজসমাক্রমণোচিতঃ |
নময়তি স্ম স কেবলমুন্নতং বনমুচে নমুচেৰৰয়ে শিৰঃ || ৯ -২২||
অপ্ৰতিদ্বন্দ্বী মহাবীৰ ধনুৰ্ধৰ বাৰম্বাৰ যুঁজত প্ৰধান ৰথী ইন্দ্ৰৰ
অসুৰৰ তেজেৰে নিবাৰণ কৰিছিল সূৰ্য ঢকা ধূলিৰ ধুমুহা যুঁজৰ।
অসকৃদেকৰথেন তৰস্বিনা হৰিহয়াগ্রসৰেণ ধনুর্ভৃতা |
দিনকৰাভিমুখা ৰণৰেণবো ৰুৰুধিৰে ৰুধিৰেণ সুৰদ্বিষাম্ || ৯ -২৩||
তাৰ পাছত বনফুলৰ পয়োভৰেৰে আহিল বসন্ত,
এনে লাগিল যেন যম-কুবেৰ-বৰুণ-ইন্দ্ৰৰ সমকক্ষ
অদ্বিতীয় পৰাক্ৰমী সুন্দৰ ৰজাৰ সেৱাৰ বাবেই এই আগমন ।
অথ সমাববৃতে কুসুমৈর্নবৈস্তমিব সেবিতুমেকনৰাধিপম্ |
যমকুবেৰজলেশ্বৰবজ্রিণাং সমধুৰং মধুৰঞ্চিতবিক্রমম্ || ৯ -২৪||
সূৰ্যই এতিয়া মলয় পৰ্বত এৰি ৰথ ঘূৰাই লৈছে উত্তৰলৈ
হিমেৰে আৱৰা ৰাতিপুৱাবোৰ স্ব-কিৰণেৰে পোহৰাবলৈ ।
জিগমিষুর্ধনদাধ্যুষিতাং দিশং ৰথয়ুজা পৰিবর্তিতবাহনঃ |
দিনমুখানি ৰবির্হিমনিগ্রহৈর্বিমলয়ন্মলয়ং নগমত্যজৎ || ৯ -২৫||
যথাক্ৰমে ফুল ফুলিল তাৰ পাছত কুঁহিপাতেৰে ভৰিল গছ
ভোমোৰাই গুঞ্জন তুলিলে কুলিৰ সমধুৰ মাত বিয়পি পৰিল
এনেদৰেই বক্ষৰে সেউজ ভৰপূৰ বনস্থলীলৈ বসন্ত আহিল ।
কুসুমজন্ম ততো নবপল্লবাস্তদনু ষট্পদকোকিলকূজিতম্ |
ইতি যথাক্রমমাবিৰভূন্মধুর্দ্রুমবতীমবতীর্য বনস্থলীম্ || ৯ -২৬||
ক’লা ভোমোৰা আৰু জলচৰ পখীয়ে ফুলি উঠা পদুমৰ সৰোবৰ মুখৰ কৰিলে
সদুপকাৰৰ বাবে ৰখা ৰজাৰ ন-গুণ উপচাৰৰ সম্পদলৈ যিদৰে প্ৰাৰ্থী আহে ।
নয়গুণোপচিতামিব ভূপতেঃ সদুপকাৰফলাং শ্রিয়মর্থিনঃ |
অভিয়য়ুঃ সৰসো মধুসংভৃতাং কমলিনীমলিনীৰপতত্রিণঃ || ৯ -২৭||
অশোক গছত নতুনকৈ মেলা ফুলৰ পাহিয়ে জগাই তুলিলে কামনা
প্ৰেয়সীয়ে কাণত পিন্ধা ফুলৰ পাহিয়ে বিলাসী প্ৰেমিকক কৰিলে মতলীয়া ।
কুসুমমেব ন কেবলমার্তবং নবমশোকতৰোঃ স্মৰদীপনম্ |
কিসলয়প্রসবোঽপি বিলাসিনাং মদয়িতা দয়িতাশ্রবণার্পিতঃ || ৯ -২৮||
বসন্তত ফুলি উঠা কুৰুৱক ফুলবোৰ যেন বনদেৱীৰ সৌন্দৰ্য তিল
ফুলৰ মৌৰে ওপচা ফুল চুহিবলৈ গুণগুণাই জাকে জাকে ভ্ৰমৰ উৰিল ।
বিৰচিতা মধুনোপবনশ্রিয়ামভিনবা ইব পত্রবিশেষকাঃ |
মধুলিহাং মধুদানবিশাৰদাঃ কুৰবকা ৰবকাৰণতাং যয়ুঃ || ৯ -২৯||
সুন্দৰী নাৰীৰ মুখৰ মদিৰা সিঞ্চনত বকুলফুল মুকুলিত হ’ল
মধুলোভী জাক জাক মৌৰ গুঞ্জনত বকুলবন আকুল হ’ল ।
সুবদনাবদনাসবসংভৃতস্তদনুবাদিগুণঃ কুসুমোদ্গমঃ |
মধুকৰৈৰকৰোন্মধুলোলুপৈর্বকুলমাকুলমায়তপঙ্ক্তিভিঃ || ৯ -৩০||
বসন্তদেৱীয়ে হিমকণাৰে আধাফুলা কলিৰ থোক সজালে পলাশৰ
যেন নিচাগ্ৰস্ততাত নিলাজী প্ৰেমিকাৰ শৰীৰত নখক্ষতৰ ৰঙচুৱা অলংকাৰ ।
উপহিতং শিশিৰাপগমশ্রিয়া মুকুলজালমশোভত কিংশুকে |
প্রণয়িনীব নখক্ষতমণ্ডনং প্রমদয়া মদয়াপিতলজ্জয়া || ৯ -৩১||
কামিনীৰ ওঁঠত প্ৰেমিকৰ দাঁতৰ আঘাত বেদনাদায়ক শীতত
খুলি থৈছিল কঁকালৰো কিংকিণী শীতল বাবেই পৰশ
বেলিৰ তাপত এতিয়া শীত কিছু কমিল
পিছে এতিয়াও হোৱা নাই সমূলি নিৰ্মূল ।
ব্রণগুৰুপ্রমদাধৰদুঃসহং জঘননির্বিষয়ীকৃতমেখলম্ |
ন খলু তাবদশেষমপোহিতুং ৰবিৰলং বিৰলং কৃতবান্হিমম্ || ৯ -৩২||
পিছে দক্ষিণাৱলীত কঁপি উঠিছে ফুলি উঠা আমৰ কানন
নৃত্যাভিনয়ত কৰিব যেন ৰিপুঞ্জয়ী মুনিৰো কৰিব চঞ্চল মন ।
অভিনয়ান্পৰিচেতুমিবোদ্যতা মলয়মাৰুতকম্পিতপল্লবা |
অমদয়ৎসহকাৰলতা মনঃ সকলিকা কলিকামজিতামপি || ৯ -৩৩||
সুৰভি ভৰি থকা ফুলাম অৰণ্যত কোমল কুঞ্জন কুলিৰ
যেন মদুমধুৰ কথা-বতৰা নৱ-বিৱাহিতা কইনাৰ ।
প্রথমমন্যভৃতাভিৰুদীৰিতাঃ প্রবিৰলা ইব মুগ্ধবধূকথাঃ |
সুৰভিগন্ধিষু শুশ্রুবিৰে গিৰঃ কুসুমিতাসু মিতা বনৰাজিষু || ৯ -৩৪||
সমীৰৰ হেন্দোলনিত দুলি থকা উপবনৰ লতিকা
যেন ললিত-মুদ্ৰাৰে অপ্সৰাৰ হস্ত নৃত্যৰতা ।
ভোমোৰাৰ গুণগুণ যেন শ্ৰুতিমধুৰ সংগীতৰ সুৰ
কোমল হাঁহিত জিলিকা দাঁত যেন উজ্জ্বল ফুলবোৰ ।
শ্রুতিসুখভ্রমৰস্বনগীতয়ঃ কুসুমকোমলদন্তৰুচো বভুঃ |
উপবনান্তলতাঃ পবনাহতৈঃ কিসলয়ৈঃ সলয়ৈৰিব পাণিভিঃ || ৯ -৩৫||
প্ৰেমাস্পদৰ সৈতে বিভোৰ হৈ অনন্ত অনুৰাগত
অংগনাই পান কৰিলে বিলাসী মদিৰা সুবাসিত
সুবাসিত বকুলতকৈও বহু বেছি কামোদ্দীপক ।
ললিতবিভ্রমবন্ধবিচেক্ষণং সুৰভিগন্ধপৰাজিতকেসৰম্ |
পতিষু নির্বিবিশুর্মধুমঙ্গনাঃ স্মৰসখং ৰসখণ্ডনবর্জিতম্ || ৯ -৩৬||
ঘৰৰ পূৰ্ণ পুখুৰীবোৰত আছে ফুলি উঠা পদুম আৰু পখীৰ মধুৰ কল-কাকলি
যেন মুখত মধুৰ হাঁহি থকা, খুলি পৰা কঁকালৰ কিংকিণীৰ ৰুণুজুনুৰে ধুনীয়া নাৰী ।
শুশুভিৰে স্মিতচাৰুতৰাননাঃ স্ত্রিয় ইব শ্লথশিঞ্জিতমেখলাঃ |
বিকচতামৰসা গৃহদীর্ঘিকা মদকলোদকলোলবিহংগমাঃ || ৯ -৩৭||
ৰাতিবোৰ হালধীয়া পৰি হ’ল চুটি বসন্তকালৰ চন্দ্ৰৰ উদয়ত
যেন ৰাতি মিলনসুখ নোপোৱা নায়িকাৰ যেন শেঁতা মুখ ।
উপয়য়ৌ তনুতাং মধুখণ্ডিতা হিমকৰোদয়পাণ্ডুমুখচ্ছবিঃ |
সদৃশমিষ্টসমাগমনির্বৃতিং বনিতয়ানিতয়া ৰজনীবধূঃ || ৯ -৩৮||
কুঁৱলীৰ আৱৰণ শূন্য নিৰ্মল জোনাকে
ৰতিশ্ৰম দূৰ কৰিলে প্ৰেমিকসকলৰ
কামদেৱেও জুৰিলে পুষ্পধনু উৰালে ধ্বজা-মগৰৰ।
অপতুষাৰতয়া বিশদপ্রভৈঃ সুৰতসঙ্গপৰিশ্রমনোদিভিঃ |
কুসুমচাপমতেজয়দংশুভির্হিমকৰো মকৰোর্জিতকেতনম্ || ৯ -৩৯||
জলমল অগ্নিবৰ্ণৰ ফুলবোৰ যেন বনদেৱীৰ আভৰণ সোণালী
সেই ৰেণুযুক্ত কোমল ফুলৰ পাপৰি গাভৰুহঁতে ল’লে চুলিত সানি ।
হুতহুতাশনদীপ্তি বনশ্রিয়ঃ প্রতিনিধিঃ কনকাভৰণস্য যৎ |
যুবতয়ঃ কুসুম.ম্ দধুরাহিতং তদলকে দলকেসরপেশলম্ || ৯ -৪০||
কাজলৰ ফোঁট যেন ধুনীয়া এজাক ভোমোৰা
উৰি উৰি তিলফুলৰ ওপৰত পৰিছিল
যুৱতীৰ অলকাতিলকৰ দৰে তিলগছবোৰে
অৰণ্যৰ শোভা বঢ়াই তুলিছিল ।
অলিভিৰঞ্জনবিন্দুমনোহৰৈঃ কুসুমপঙ্ক্তিনিপাতিভিৰঙ্কিতঃ |
ন খলু শোভয়তি স্ম বনস্থলীং ন তিলকস্তিলকঃ প্রমদামিব || ৯ -৪১||
গছক মেৰিয়াই ধৰা নৱমল্লিকাই সুবাসেৰে
কোমল কুঁহি-ওঁঠত ফুলৰ হাঁহিৰে মন মুহিলে ।
অমদয়ন্মধুগন্ধসনাথয়া কিসলয়াধৰসংগতয়া মনঃ |
কুসুমসংভৃতয়া নবমল্লিকা স্মিতৰুচা তৰুচাৰুবিলাসিনী || ৯ -৪২||
উদিত বেলিৰ ৰক্তিম আভাকো চেৰাই ৰঙা পোছাকেৰে সাজি
কাণত পিন্ধি যৱৰ অলংকাৰ, কামদেৱৰ সেনা কুলিৰ মাতত
সকলো পাহৰি প্ৰেমিকসকল বিভোৰ হ’ল কেৱল প্ৰেয়সীৰ প্ৰণয়ত ।
অৰুণৰাগনিষেধিভিৰংশুকৈঃ শ্রবণলব্ধপদৈশ্চ যবাঙ্কুৰৈঃ |
পৰভৃতাবিৰুতৈশ্চ বিলাসিনঃ স্মৰবলৈৰবলৈকৰসাঃ কৃতাঃ || ৯ -৪৩||
বগা ৰেণুৰ তিলফুলবোৰ ঘনকৈ বেৰি ধৰিছে ভোমোৰাই
উজ্জ্বল ৰেণুবোৰ যেন নাৰীৰ কেশত পিন্ধা মুকুতাৰ জাল ।
উপচিতাবয়বা শুচিভিঃ কণৈৰলিকদম্বকয়োগমুপেয়ুষী |
সদৃশকান্তিৰক্ষ্যত মঞ্জৰী তিলকজালকজালকমৌক্তিকৈঃ || ৯ -৪৪||
মদনৰ ধ্বজাৰ দৰে আৰু বসন্তদেৱীৰ প্ৰসাধনৰ চূৰ্ণৰ দৰে
মলয়াত উৰি থকা ফুলৰ ৰেণুৱে ভোমাৰাৰ দল আকৰ্ষণ কৰিছে ।
ধ্বজপটং মদনস্য ধনুর্ভৃতশ্ছবিকৰং মুখচূর্ণমৃতুশ্রিয়ঃ |
কুসুমকেসৰৰেণুমলিব্রজাঃ সপবনোপবনোত্থিতমন্বয়ুঃ || ৯ -৪৫||
যদিও অতি পটু নাৰীসকল দোলনা খেলাত
বসন্তোৎসৱৰ দোলনাত প্ৰিয়তমৰ কণ্ঠালিংগনৰ আশাত
এৰি দিলে আসনৰ ৰচীৰ পৰা হাত
বাহুলতা পানী হৈ গলি গ’ল প্ৰিয়তমৰ কণ্ঠত ।
অনুভবন্নবদোলমৃতূৎসবং পটুৰপি প্রিয়কণ্ঠজিঘৃক্ষয়া |
অনয়দাসনৰজ্জুপৰিগ্রহে ভুজলতাং জলতামবলাজনঃ || ৯ -৪৬||
হে অভিমানিনী, অহংকাৰ এৰাঁ,
ঘূৰাই নোপোৱা দুনাই নৱযৌৱন এবাৰ গ’লে।
কোকিলে যেন সুমধুৰ মাতেৰে
দোহাৰিছে কামদেৱৰ এই উপদেশকে ।
তাকে শুনি নৱযৌৱনা প্ৰেমত মাতাল হৈছে ।
ত্যজত মানমলং বত বিগ্রহৈর্ন পুনৰেতি গতং চতুৰং বয়ঃ |
পৰভৃতাভিৰিতীব নিবেদিতে স্মৰমতে ৰমতে স্ম বধূজনঃ || ৯ -৪৭||
এই মধু ঋতুত মধু সখাৰ সৈতে সুখেৰে মন্মথৰ দৰে দশৰথ
বিলাসবিনোদন কৰি বসন্তোৎসৱত কৰিলে মৃগয়াৰ অভিলাস ।
অথ যথাসুখমার্তবমুৎসবং সমনুভূয় বিলাসবতীসখঃ |
নৰপতিশ্চকমে মৃগয়াৰতিং স মধুমন্মধুমন্মথসংনিভঃ || ৯ -৪৮||
মৃগয়াই ভাল কৰে চঞ্চল লক্ষ্য ভেদ কৰাৰ অভ্যাস
শিকিব পাৰি ভয়াতুৰ আৰু হিংস্ৰ পশুৰ মনোভাৱ
পৰিশ্ৰমত শৰীৰ হয় সুঠাম-সবল
সেয়ে অমাত্যৰ অনুমতি লৈ কৰিলে গমন ।
পৰিচয়ং চললক্ষ্যনিপাতনে ভয়ৰুচোশ্চ তদিঙ্গিতবোধনম্ |
শ্রমজয়াৎপ্রগুণাং চ কৰোত্যসৌ তনুমতোঽনুমতঃ সচিবৈর্যয়ৌ || ৯ -৪৯||
মৃগয়াৰণ্যৰ উপযুক্ত পোছাক পৰিধান কৰি
সুবিশাল কান্ধত ধনু-শৰ লৈ তেজস্বী ৰজাই
আকাশৰ আচ্ছাদন হ’ল অশ্বখুৰাৰ ধূলি।
মৃগবনোপগমক্ষমবেষভৃদ্বিপুলকণ্ঠনিষক্তশৰাসনঃ |
গগনমশ্বখুৰোদ্ধতৰেণুভির্নৃসবিতা স বিতানমিবাকৰোৎ || ৯ -৫০||
মূৰত বনমালা পিন্ধি
পলাশগছৰ ৰঙৰ কৱচেৰে শৰীৰ ঢাকি
ঘোঁৰাৰ দ্ৰুতগতিত কুণ্ডল থাকিল দুলি
সোমালগৈ অৰণ্যৰ ৰুৰু মৃগৰ বিচৰণভূমি ।
গ্রথিতমৌলিৰসৌ বনমালয়া তৰুপলাশসবর্ণতনুচ্ছদঃ |
তুৰগবল্গনচঞ্চলকুণ্ডলো বিৰুৰুচে ৰুৰুচেষ্টিতভূমিষু || ৯ -৫১||
লতাৰ কোমল শৰীৰ ধাৰণ কৰি ভোমোৰাৰ দৃষ্টিৰে
বনদেৱতাই চালে চকু জুৰ পৰা সুনয়ন কোশলৰাজক
যি সুশাসনেৰে সুখী কৰিছিল কোশলৰ প্ৰজাক ।
তনুলতাবিনিবেশিতবিগ্রহা ভ্রমৰসংক্রমিতেক্ষণবৃত্তয়ঃ |
দদৃশুৰধ্বনি তং বনদেবতাঃ সুনয়নং নয়নন্দিতকোসলম্ || ৯ -৫২||
তেওঁ প্ৰৱেশ কৰা অৰণ্যত আছিল
পানী আৰু ঘোঁৰা বান্ধিবলৈ টান ভূমি
পখী, হৰিণা আৰু নীল গাই ।
নাছিল দস্যুৰ ভয় নাছিল বনজুই
চিকাৰী কুকুৰ আৰু জাল আছিল আগৰ পৰাই ।
শ্বগণিবাগুৰিকৈঃ প্রথমাস্থিতং ব্যপগতানলদস্যু বিবেশ সঃ |
স্থিৰতুৰংগমভূমি নিপানবন্মৃগবয়োগবয়োপচিতং বনম্ || ৯ -৫৩||
ভাদমাহে যেনেকৈ বিজুলীৰ সোণালী গুণ দিয়া ইন্দ্ৰধনু ধৰে
নৰবৰ দশৰথেও তেনেকৈয়ে নিৰ্ভয়ে ধনুশৰ জুৰিলে
টংকাৰত পশুৰাজ সিংহই ক্ৰোধত গৰ্জন কৰিলে ।
অথ নভস্য ইব ত্রিদশায়ুধং কনকপিঙ্গতডিদ্গুণসংযুতম্ |
ধনুৰধিজ্যমনাধিৰুপাদদে নৰবৰো ৰবৰোষিতকেসৰী || ৯ -৫৪||
হঠাতে তেওঁ দেখিলে মুখত কোমল ঘাঁহেৰে এজাক হৰিণা
গাখীৰ পিবলৈ হৰিণ-পোৱালিয়ে মাকক কৰিছিল অগাডেৱা
দলটোৰ সমুখত আছিল এক গৰ্বিত দৃপ্ত হৰিণ ক’লা-ফুটুকীয়া ।
তস্য স্তনপ্রণয়িভির্মুহুৰেণশাবৈ-
র্ব্যাহন্যমানহৰিণীগমনং পুৰস্তাৎ |
আবির্বভূব কুশগর্ভমুখং মৃগাণাং
যূথং তদগ্রসৰগর্বিতকৃষ্ণসাৰম্ || ৯ -৫৫||
দ্ৰুততাৰে ঘোঁৰা চেঁকুৰাই বাণ উলিয়াই তূণৰ পৰা
ধাৱমান হ’ল ৰজা, দল ভাঙি বিয়পি পৰিল হৰিণা
সজল চকুৰে চাই থাকিল ভয়ত ।
আন্ধাৰ বনৰ হ্ৰদত যেন
এজাক নীলপদ্ম কঁপি থাকিল বতাহত।
তৎপ্রার্থিতং জবনবাজিগতেন ৰাজ্ঞা
তূণীমুখোদ্ধৃতশৰেণ বিশীর্ণপঙ্ক্তি |
শ্যামীচকাৰ বনমাকুলদৃষ্টিপাতৈ-
র্বাতেৰিতোৎপলদলপ্রকৰৈৰিবার্দ্রৈঃ || ৯ -৫৬||
ইন্দ্ৰসম পৰাক্ৰমী ৰজাই এক হৰিণলৈ লক্ষ্যস্থিৰ কৰা মাত্ৰে
সহচৰী হৰিণীয়ে আহি ভেটিলেহি শৰৰ বাট নিজ শৰীৰেৰে ।
তাকে দেখি প্ৰণয়ৰ কথা ভাবি কৰুণাৰে ভৰিল মন
আকৰ্ণ টানি লোৱা গুণ আৰু শৰ কৰিলে সম্বৰণ ।
লক্ষ্যীকৃতস্য হৰিণস্য হৰিপ্রভাবঃ
প্রেক্ষ্য স্থিতাং সহচৰীং ব্যবধায় দেহম্ |
আকর্ণকৃষ্টমপি কামিতয়া স ধন্বী
বাণং কৃপামৃদুমনাঃ প্রতিসংজহাৰ || ৯ -৫৭||
অন্য এক হৰিণৰ প্ৰতি কৰি লক্ষ্যস্থিৰ
দৃঢ়মুঠিৰে গুণ কৰিলে আকৰ্ণ প্ৰসাৰিত
পিছে চঞ্চল ধুনীয়া চকু দেখি ত্ৰাসিত
শিথিল হ’ল হাত স্মৰণ কৰি প্ৰেয়সীৰ বিলাসী কটাক্ষ ।
তস্যাপৰেষ্বপি মৃগেষু শৰান্মুমুক্ষোঃ
কর্ণান্তমেত্য বিভিদে নিবিডোঽপি মুষ্টিঃ |
ত্রাসাতিমাত্রচটুলৈঃ স্মৰতঃ সুনেত্রৈঃ
প্রৌঢপ্রিয়ানয়নবিভ্রমচেষ্টিতানি || ৯ -৫৮||
তাৰ পাছতে তেওঁ পিছ ল’লে এটি বৰাহৰ দলৰ
পুখুৰীৰ বোকাৰ পৰা ওলাই পলাল মুখত মুঠি ঘাঁহৰ
বাটে বাটে থাকি গ’ল পানীৰে তিতা চিন খোজৰ ।
উত্তস্থুষঃ সপদি পল্বলপঙ্কমধ্যা-
ন্মুস্তাপ্রৰোহকবলাবয়বানুকীর্ণম্ |
জগ্রাহ স দ্রুতবৰাহকুলস্য মার্গং
সুব্যক্তমার্দ্রপদপঙ্ক্তিভিৰায়তাভিঃ || ৯ -৫৯||
বাহনৰ পৰা সামান্য হাওলি শৰবিদ্ধ কৰিলে এক বৰাহ
কেশৰ জোকাৰি কৰিব খুজিলে প্ৰতি আক্ৰমণ ৰজাক ।
গমেই নাপালে বৰাহে শৰে তাক সী পেলালে গছত ।
তং বাহনাদবনতোত্তৰকায়মীষ-
দ্বিধ্যন্তমুদ্ধৃতসটাঃ প্রতিহন্তুমীষুঃ |
নাত্মানমস্য বিবিদুঃ সহসা বৰাহা
বৃক্ষেষু বিদ্ধমিষুভির্জঘনাশ্রয়েষু || ৯ -৬০||
তেনেতে এটা বনৰীয়া ম’হে কৰিলে আক্ৰমণ
দশৰথে চকুৰ মাজলৈ নিক্ষেপ কৰিলে শৰ ।
পাখিত তেজ নলগাকৈ পাৰ হৈ গ’ল শৰ তীব্ৰবেগত
প্ৰথমে পৰিল ম’হ, তাৰ পাছতহে শৰ পৰিল মাটিত ।
তেনাভিঘাতৰভসস্য বিকৃষ্য পত্রী
বন্যস্য নেত্রবিবৰে মহিষস্য মুক্তঃ |
নির্ভিদ্য বিগ্রহমশোণিতলিপ্তপুঙ্খ-
স্তং পাতয়াং প্রথমমাস পপাত পশ্চাৎ || ৯ -৬১||
অৰ্ধ চন্দ্ৰাকৃতি বাণেৰে কাটিলে গঁড়ৰ খৰ্গ
যেন বিনয়ী কৰিলে অংহকাৰীৰ চূৰ্ণ কৰি দম্ভ
উদ্দেশ্য হ’ল বাঢ়ি অহা শত্ৰুৰ দমন
দৰ্পচূৰ্ণ কৰিছিল নাশ নকৰিছিল জীৱন ।
প্রায়ো বিষাণপৰিমোক্ষলঘূত্তমাঙ্গা-
ন্খড্গাংশ্চকাৰ নৃপতির্নিশিতৈঃ ক্ষুৰপ্রৈঃ |
শৃঙ্গং স দৃপ্তবিনয়াধিকৃতঃ পৰেষা-
মত্যুচ্ছ্রিতং ন মমৃষে ন তু দীর্ঘমায়ুঃ || ৯ -৬২||
গুহাৰ পৰা ওলাই আহিল হিংস্ৰ বাঘ
যেন বতাহত ভাগি পৰিল ফুল অসন গছৰ
প্ৰশিক্ষিত নিপুণ হাতেৰে নিৰ্ভীকভাৱে
নিমিষতে শৰেৰে ভৰাই দিলে বাঘৰ মুখগহ্বৰ ।
ব্যাঘ্রানভীৰভিমুখোৎপতিতান্গুহাভ্যঃ
ফুল্লাসনাগ্রবিটপানিব বায়ুৰুগ্ণান্ |
শিক্ষাবিশেষলঘুহস্ততয়া নিমেষা-
ত্তূণীচকাৰ শৰপূৰিতবক্ত্রৰন্ধ্রান্ || ৯ -৬৩||
জোপোহাৰ মাজত লুকাই থকা সিংহ বধ কৰিবলৈ
দশৰথে ধনুত দিলে বজ্ৰৰ গৰ্জন যেন প্ৰচণ্ড টংকাৰ
ৰজাৰ অসূয়া যেন পশুশ্ৰেষ্ঠৰ বীৰত্ব আৰু ৰজা নাম ।
নির্ঘাতোগ্রৈঃ কুঞ্জলীনাঞ্জিঘাংসুর্জ্যানির্ঘোষৈঃ ক্ষোভয়ামাস সিংহান্ |
নূনং তেষামভ্যসূয়াপৰোঽভূদ্বীর্যোদগ্রে ৰাজশব্দো মৃগেষু || ৯ -৬৪||
যাৰ নিষ্ঠুৰ নখে আঁজুৰি ছিঙে গজমুক্তা
যি চিৰশত্ৰু যুদ্ধৰ সহায়ক হস্তীকুলৰ ।
বাণৰ বৰ্ষণেৰে হত্যা কৰিলে সেই সিংহৰ
যেন ঋণমুক্ত হ’ল ৰণত পোৱা সহায়ৰ ।
তান্হৎবা গজকুলবদ্ধতীব্রবৈৰান্কাকুৎস্থঃ কুটিলনখাগ্রলগ্নমুক্তান্ |
আত্মানং ৰণকৃতকর্মণাং গজানামানৃণ্যং গতমিব মার্গণৈৰমংস্ত || ৯ -৬৫||
কেতিয়াবা ঘোঁৰা দৌৰাই পিছ লৈছিল নীলগাইৰ
কাণলৈকে হাত দাঙি নিক্ষেপ কৰিলে ভল্লাৰ ।
কাটি পেলালে সিহঁতৰ ফান সাজিবলৈ শুভ্ৰ চামৰ
শত্ৰুৰজাৰ যেন ছেদ কৰি ছত্ৰ শান্তি কৰিলে স্থাপন ।
চমৰান্পৰিতঃ প্রবর্তিতাশ্বঃ ক্বচিদাকর্ণবিকৃষ্টভল্লবর্ষী |
নৃপতীনিব তান্বিয়োজ্য সদ্যঃ সিতবালব্যজনৈর্জগাম শন্তিম্ || ৯ -৬৬||
পিছে ময়ূৰপখীয়ে পাখি মেলি পৰিলেও ৰথৰ আগত
তেওঁ কৰা নাছিল বাণৰ প্ৰহাৰ, যেন ভাহি উঠিছিল মনত
প্ৰিয়তমাৰ ফুলেৰে সজোৱা কেশ খুলি গৈছিল প্ৰেমৰ খেলাত।
অপি তুৰগসমীপাদুৎপতন্তং ময়ূৰং
ন স ৰুচিৰকলাপং বাণলক্ষ্যীচকাৰ |
সপদি গতমনস্কশ্চিত্রমাল্যানুকীর্ণে
ৰতিবিগলিতবন্ধে কেশপাশে প্রিয়ায়াঃ || ৯ -৬৭||
মৃগয়াৰ কঠোৰ পৰিশ্ৰমত বৈ গ’ল ঘাম মুখমণ্ডলেৰে ।
তুষাৰৰ কণা বৈ অনা অহা সমীৰে কুঁহিপাতৰ মাজেৰে
আহি মচি দিলেহি সেই ক্লান্তিৰ ঘামৰ টোপাল ।
তস্য কর্কশবিহাৰসংভবং স্বেদমাননবিলগ্নজালকম্ |
আচচাম সতুষাৰশীকৰো ভিন্নপল্লবপুটো বনানিলঃ || ৯ -৬৮||
সকলো পাহৰি ৰাজ্যশাসনৰ ভাৰ এৰি সচিবসৱক
পৃথিৱীৰ অধিপতি মজি ৰ’ল মৃগয়াত অনবৰত ।
অতি বেছিকৈ যেন আকৰ্ষিত হ’ল মৃগয়াৰ নিচাত
চতুৰ কামিনীৰ দৰে চিকাৰে আসক্ত কৰিলে ৰজাক ।
ইতি বিস্মৃতান্যকৰণীয়মাত্মনঃ সচিবাবলম্বিধুৰং ধৰাধিপম্ |
পৰিবৃদ্ধৰাগমনুবন্ধসেবয়া মৃগয়া জহাৰ চতুৰেব কামিনী || ৯ -৬৯||
পৰিচাৰক অবিহনে কটাইছিল ৰাতি শুইছিল কোমল ফুলৰ শয্যাত
জলমলাই থকা মহৌষধিয়ে দূৰ কৰি আন্ধাৰ লৈছিল প্ৰদীপৰ স্থান ।
স ললিতকুসুমপ্রবালশয়্যাং জ্বলিতমহৌষধিদীপিকাসনাথাম্ |
নৰপতিৰতিবাহয়াংবভূব ক্বচিদসমেতপৰিচ্ছদস্ত্রিয়ামাম্ || ৯ -৭০||
পুৱা তেওঁৰ টোপনি ভাগিছিল হাতীৰ কাণৰ ধপধপনিত
যেন পটু শব্দ ঢাক-ঢোলৰ
তাৰ পাছতে আৰম্ভ হয় পখীৰ সুমধুৰ গান
যেন প্ৰাতঃবন্দনা চাৰণৰ।
উষসি স গজয়ূথকর্ণতালৈঃ পটুপটহধ্বনিভির্বিনীতনিদ্রঃ |
অৰমত মধুৰাণি তত্র শৃণ্বন্বিহগবিকূচিতবন্দিমঙ্গলানি || ৯ -৭১||
এদিন অকলে এটা ৰুৰুমৃগ খেদি খেদি মাজত অৰণ্যৰ
ঘোঁৰাৰ মুখেৰে ওলাল ফেন পৰিশ্ৰমত
পালেগৈ তপস্বীৰ সমাগমৰ তমসা নদীৰ পাৰ ।
অথ জাতু ৰুৰোর্গৃহীতবর্ত্মা বিপিনে পার্শ্বচৰৈৰলক্ষ্যমাণঃ |
শ্রমফেনমুচা তপস্বিগাঢাং তমসাং প্রাপ নদীং তুৰংগমেণ || ৯ -৭২||
তাতে তেওঁ শুনিবলৈ পালে কলকল শব্দ কলহত পানী ভৰোৱাৰ,
অনুমান কৰি হাতীৰ জলকেলি বুলি নিক্ষেপ কৰিলে শব্দভেদী শৰ ।
কুম্ভপূৰণভবঃ পটুৰুচ্চৈৰুচ্চচাৰ নিনদোঽম্ভসি তস্যাঃ |
তত্র স দ্বিৰদবৃংহিতশঙ্কী শব্দপাতিনমিষুং বিসসর্জ || ৯ -৭৩||
ৰজাই হাতী বধ কৰা নিষিদ্ধ যদিও দশৰথে কৰিলে শাস্ত্ৰ উলংঘন,
ৰজোগুণে কৰে যদি পৰিচালিত জ্ঞানীজনেও কৰে বিপথে পদাৰ্পণ ।
নৃপতেঃ প্রতিষিদ্ধমেব তৎকৃতবান্পঙ্ক্তিৰথো বিলঙ্ঘ্য যৎ |
অপথে পদমর্পয়ন্তি হি শ্রুতবন্তোঽপি ৰজোনিমীলিতাঃ || ৯ -৭৪||
হায় মোৰ পিতা ! এই ক্ৰন্দন শুনি ৰজা হ’ল বিচলিত
নদীৰ তীৰে তীৰে জাৰণিৰ মাজেৰে বিচাৰি গ’ল তাৰ উৎস ।
গৈ দেখিলে শৰবিদ্ধ হ’ল কলহত পানী ভৰোৱা এক ঋষিপুত্ৰ ।
হা তাতেতি ক্রন্দিতমাকর্ণ্য বিষণ্ণ-
স্তস্যান্বিষ্যন্বেতসগূঢং প্রভবং সঃ |
শল্যপ্রোতং প্রেক্ষ্য সকুম্ভং মুনিপুত্রং
তাপাদন্তঃশল্য ইবাসীৎক্ষিতিপোঽপি || ৯ -৭৫||
মহান বংশত জন্মা ৰজা নামিল ঘোঁৰাৰ পৰা
সুধিলে কুম্ভসহ পৰি থকাজনৰ পৰিয়াল পৰিচয় ।
অস্ফুট বেদনাৰ্ত কণ্ঠৰে জনালে - পুত্ৰ তেওঁ
বৈশ্য তপস্বী পিতা-শূদ্ৰা তপস্বিনী মাতাৰ ।
তেনাবতীর্য তুৰগাৎপ্রথিতান্বয়েন
পৃষ্টান্বয়ঃ স জলকুম্ভনিষণ্ণদেহঃ |
তস্মৈ দ্বিজেতৰতপস্বিসুতং স্খলদ্ভি-
ৰাত্মানমক্ষৰপদৈঃ কথয়াংবভূব || ৯ -৭৬||
তাকে শুনি, মুনিপুত্ৰৰ আদেশ মতে দশৰথে লৈ গ’ল
তীৰবিদ্ধ কুমাৰক দৃষ্টিহীন পিতা-মাতাৰ কাষলৈ ।
দুয়োকে বৰ্ণনা দিলে কিদৰে হ’ল সেই দশা একমাত্ৰ পুত্ৰৰ
কৰিলে স্বীকাৰ অতি দুখেৰে অজ্ঞাতে কৰা দোষৰ ।
তচ্চোদিতঃ স তমনুদ্ধৃতশল্যমেব পিত্রোঃ সকাশমবসন্নদৃশোর্নিনায় |
তাভ্যাং তথাগতমুপেত্য তমেকপুত্রমজ্ঞানতঃ স্বচৰিতং নৃপতিঃ শশংস || ৯ -৭৭||
অশেষ বিলাপ কৰি অন্ধ-দম্পত্তিয়ে আদেশ দিলে
নিজ শিশুৰ হন্তাক বুকুৰ পৰা তীৰ উলিয়াবলৈ ।
পুত্ৰৰ জীৱন শেষ হ’লত এচলু চকুলোৰ অঞ্জলিৰে
ক্ৰোধিত বৃদ্ধ পিতাই ভূমিপতিক অভিশাপ দিলে ।
তৌ দংপতী বহু বিলপ্য শিশোঃ প্রহর্ত্রা
শল্যং নিখাতমুদহাৰয়তামুৰস্তঃ |
সোঽভূৎপৰাসুৰথ ভূমিপতিং শশাপ
হস্তার্পিতৈর্নয়নবাৰিভিৰেব বৃদ্ধঃ || ৯ -৭৮||
পুত্ৰশোকত তুমিও মৰিবা শেষ বয়সত আমাৰ দৰে।
অভিশাপ দিলে মুনিয়ে আহত সৰ্পই যিদৰে বিষ উজাৰি দিয়ে ।
প্ৰথম অপৰাধতে অভিশপ্ত কোশলপতিয়ে ক’লে-
দিষ্টান্তমাপ্স্যতি ভবানপি পুত্রশোকা-
দন্ত্যে বয়স্যহমিবেতি তমুক্তবন্তম্ |
আক্রান্তপূর্বমিব মুক্তবিষং ভুজংগং
প্রোবাচ কোসলপতিঃ প্রথমাপৰাদ্ধঃ || ৯ -৭৯||
হে প্ৰভু আপোনাৰ এই শাপ হ’ল মোৰ বৰ
এতিয়াও মই দেখা নাই মুখকমল পুত্ৰৰ ।
কৃষিভুমিক যদি পুৰি নিয়ে জুয়ে
বীজ অংকুৰণৰ উৰ্বৰতাহে দিয়ে ।
শাপোঽপ্যদৃষ্টতনয়াননপদ্মশোভে
সানুগ্রহো ভগবতা ময়ি পাতিতোঽযম্ |
কৃষ্যাং দহন্নপি খলু ক্ষিতিমিন্ধনেদ্ধো
বীজপ্রৰোহজননীং জ্বলনঃ কৰোতি || ৯ -৮০||
পুনৰ ক’লে-
মৃত্যুদণ্ডৰ যোগ্য আৰু নিষ্ঠুৰ এই মানুহজনক আদেশ কৰক প্ৰভু
মুনিয়ে ক’লে চিতাগ্নি কৰিবলৈ সাজু সহমৰণে যাবলৈ পুত্ৰসহ দুয়ো ।
ইত্থং গতে গতঘৃণঃ কিময়ং বিধত্তাং বধ্যস্তবেত্যভিহিতো বসুধাধিপেন |
এধান্হুতাশনবতঃ স মুনির্যয়াচে পুত্রং পৰাসুমনুগন্তুমনাঃ সদাৰঃ || ৯ -৮১||
অনতিবিলম্বে কৰিলে সেই আদেশ সাৰোগত
দুখমনে মহাপাতকৰ আশংকাত অনুচৰৰ সহায়ত ।
নিজৰ মৃত্যুৰ বাণ অভিশাপ বুকুত বান্ধি উভতিল ঘৰলৈ
সাগৰে যিদৰে নিজৰ অন্তৰ্ভাগত দাবাগ্নি সামৰি থয় ।
প্রাপ্তানুগঃ সপদি শাসনমস্য ৰাজা
সংপাদ্য পাতকবিলুপ্তধৃতির্নিবৃত্তঃ |
অন্তর্নিবিষ্টপদমাত্মবিনাশহেতুং
শাপং দধজ্জ্বলনমৌর্বমিবাম্বুৰাশিঃ || ৯ -৮২||
টোকা
১) যুপকাষ্ঠ হৈছে পশুবলি দিবলৈ সজা যতনবিশেষ। সেই সময়ত সি প্ৰশংসাৰ বিষয় আছিল।
২) ৰুৰুমৃগৰ বৰ্ণনা কেৱল পৌৰাণিক মহাকাব্যত পোৱা যায়।
(কালিদাসৰ ৰঘুবংশ কাব্যৰ নৱম অধ্যায় সমাপ্ত)
ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ
মৃগয়াবর্ণনো নাম নবমঃ সর্গঃ ||
|| কালিদাসৰ ৰঘুবংশম্ দশম অধ্যায় ||
অন্তহীন সম্পদসহ ইন্দ্ৰ তেজস্বিতাৰে
পাৰ হ’ল দহ হাজাৰ বছৰ পৃথিৱীত ৰাজত্বৰ।
পৃথিবীং শাসতস্তস্য পাকশাসনতেজসঃ |
কিংচিদূনমনূনর্দ্ধেঃ শৰদাময়ুতং যয়ৌ|| ১০-১||
কিন্তু ঋণ সুজাৰ উপায় যিটো পূৰ্বপুৰুষৰ
দূৰ কৰাৰ উপায় যিটো শোকৰ আন্ধাৰ
দেখা নাপালে সেই পুত্ৰৰূপী জ্যোতিৰ ।
ন চোপলেভে পূর্বেষামৃণনির্মোক্ষসাধনম্ |
সুতাভিধানং স জ্যোতিঃ সদ্যঃ শোকতমোপহম্|| ১০-২||
বহুদিনৰ অপেক্ষাত ৰ’ল ৰজা সন্তান জন্মৰ
মন্থনৰ আগৰ ৰত্নৰে সম্ভাৱনাময় সাগৰ ।
অতিষ্ঠৎপ্রত্যয়াপেক্ষসংততিঃ স চিৰং নৃপঃ |
প্রাঙ্মন্থাদনভিব্যক্তৰত্নোৎপত্তিৰিবার্ণবঃ|| ১০-৩||
জিতেন্দ্ৰিয় ৰজাৰ সন্তান-আকাংক্ষা পূৰ্ণ কৰাৰ বাবে
ঋষ্যশৃংগ আদি মুনিয়ে পুত্ৰেষ্টি নামে যজ্ঞ কৰিলে ।
ঋষ্যশৃঙ্গাদয়স্তস্য সন্তঃ সন্তানকাঙ্ক্ষিণঃ |
আৰেভিৰে জিতাত্মানঃ পুত্রীয়ামিষ্টিমৃৎবিজঃ|| ১০-৪||
সেই সময়তে ৰাৱণৰ অত্যাচাৰত হৈ ত্ৰাসিত
দেৱতাই শৰণ ল’লেগৈ শ্ৰীহৰিৰ চৰণত ।
যিদৰে ৰ’দৰ তাপত পথিকে জিৰণি লয় গছৰ ছাঁত ।
তস্মিন্নবসৰে দেবাঃ পৌলস্ত্যোপপ্লুতা হৰিম্ |
অভিজগ্মুর্নিদাঘার্তাশ্ছায়াবৃক্ষমিবাধ্বগাঃ|| ১০-৫||
দেৱতাসকল উপস্থিত হ’ল সমুদ্ৰত
নিদ্ৰাৰ পৰা জাগি উঠিল পৰমপুৰুষ ।
সাক্ষাৎ যদি হয় বিলম্ববিহীন
অনতি ভৱিষ্যতে কাৰ্যসিদ্ধিৰেই চিন ।
তে চ প্রাপুৰুদন্বন্তং বুবুধে চাদিপূৰুষঃ |
অব্যাক্ষেপো ভবিষ্যন্ত্যাঃ কার্যসিদ্ধের্হি লক্ষণম্|| ১০-৬||
দেৱতাসকলে দেখা পালে শ্ৰীহৰি বিষ্ণুক
বহি আছে অনন্ত নাগৰ শয্যাত
কিৰণ পৰি নাগৰ ফণাৰ মণিৰ
জিলিকি আছিল তেওঁৰ শৰীৰ ।
ভোগিভোগাসনাসীনং দদৃশুস্তং দিবৌকসঃ |
তৎফণামণ্ডলোদর্চির্মণিদ্যোতিতবিগ্রহম্|| ১০-৭||
তেওঁৰ পদযুগল পদ্মাসনা লক্ষ্মীয়ে
ৰেশমী মেখলা পিন্ধা কোলাত লৈ
ফুলৰ দৰে দুহাতেৰে সেৱিছে ।
শ্রিয়ঃ পদ্মনিষণ্ণায়াঃ ক্ষৌমান্তৰিতমেখলে |
অঙ্কে নিক্ষিপ্তচৰণমাস্তীর্ণকৰপল্লবে|| ১০-৮||
প্ৰবুদ্ধ পুণ্ডৰীকাক্ষৰ আভৰণত উদিত সূৰুযৰ ৰং
শৰতৰ উজ্জ্বল পুৱাৰ দৰেই সুখদৰ্শন ।
প্রবুদ্ধপুণ্ডৰীকাক্ষং বালাতপনিভাংশুকম্ |
দিবসং শাৰদমিব প্রাৰম্ভসুখদর্শনম্|| ১০-৯||
সমুদ্ৰৰ উত্তম ৰত্ন কৌস্তুভ দুলিছে বুকুত প্ৰশস্ত
লক্ষ্মীৰ শ্ৰী কৰি প্ৰতিবিম্বিত প্ৰভাৰে ঢাকি থৈছে শ্ৰীবৎস ।
প্রভানুলিপ্তশ্রীবৎসং লক্ষ্মীবিভ্রমদর্পণম্ |
কৌস্তুভাখ্যমপাং সাৰং বিভ্রাণং বৃহতোৰসা|| ১০-১০||
সুদীৰ্ঘ বিটপীৰ দৰে বাহু নানা দিব্যাভূষণে শোভিত
যেন সাগৰৰ মাজত আবিৰ্ভাৱ দ্বিতীয় পাৰিজাত বৃক্ষ ।
বহুভির্বিটপাকাৰৈর্দিব্যাভৰণভূষিতৈঃ |
আবির্ভূতমপাং মধ্যে পাৰিজাতমিবাপৰম্|| ১০-১১||
পৰাজিত কৰি দানৱক, বিলোপ কৰি দৈত্যস্ত্ৰীৰ কপালৰ লেখা
তেওঁৰ জীৱন্ত অস্ত্ৰসমূহে উচ্চৈস্বৰে তেওঁক কৰিছে বন্দনা ।
দৈত্যস্ত্রীগণ্ডলেখানাং মদৰাগবিলোপিভিঃ |
হেতিভিশ্চেতনাবদ্ভিৰুদীৰিতজয়স্বনম্|| ১০-১২||
শেষনাগৰ লগত বিৱাদৰ পৰা মুক্ত গৰুড়ে
কৰি কৃতাঞ্জলি বিনীত হৈ প্ৰভুৰ কাষতে আছে
বজ্ৰাঘাতৰ চিন তেওঁৰ শৰীৰত জিলিকিছে ।
মুক্তশেষবিৰোধেন কুলিশব্রণলক্ষ্মণা |
উপস্থিতং প্রাঞ্জলিনা বিনীতেন গৰুত্মতা|| ১০-১৩||
যোগনিদ্ৰাৰ অন্তত পৰম পৱিত্ৰ দৃষ্টিৰে
ভৃগুৰ দৰে বহু ঋষিকে অনুগ্ৰহ কৰিলে প্ৰভুৱে
যাৰ আগমন তেওঁৰ সুখনিদ্ৰাৰ কুশল জানিবলে ।
যোগনিদ্রান্তবিশদৈঃ পাবনৈৰবলোকনৈঃ |
ভৃগ্বাদীননুগৃহ্ণন্তং সৌখশায়নিকানৃষীন্|| ১০-১৪||
শব্দ আৰু দৃষ্টিৰ অগোচৰ ভগৱান অসুৰবিনাশী
প্ৰণিপাত কৰি দেৱতাই কৰিলে কাকূতি-মিনতি ।
প্রণিপত্য সুৰাস্তস্মৈ শময়িত্রে সুৰদ্বিষাং |
অথৈনং তুষ্টুবুঃ স্তুত্যমবাঙ্মনসগোচৰম্|| ১০-১৫||
তোমাক প্ৰণিপাত ! হে নিৱাস তিনিস্বৰূপৰ,
তুমিয়েই কাৰণ সৃষ্টি , পালন আৰু সংহাৰৰ ।
নমো বিশ্বসৃজে পূর্বং বিশ্বং তদনু বিভ্রতে |
অথ বিশ্বস্য সংহর্ত্রে তুভ্যং ত্রেধাস্থিতাত্মনে|| ১০-১৬||
যেনেকৈ ভিন্নস্বাদৰ বৰষুণৰ কাৰণ একেই দিব্য ডাৱৰ
দেশে দেশে বৰষে জলধাৰা নিজস্ব গুণৰ
তেনেকৈ সত্ব, ৰজঃ, তম সকলো গুণ তেওঁতে বিলীন ।
ৰসান্তৰাণ্যেকৰসং যথা দিব্যং পয়োঽশ্নুতে |
দেশে দেশে গুণেষ্বেবমবস্থাস্তবমবিক্রিয়ঃ|| ১০-১৭||
হে অপৰিমেয়, তুমিয়েই লোকালোক পৰিমাপ কৰাঁ
প্ৰয়োজন নাই তোমাৰ, কৰাঁ সকলোৰে প্ৰাৰ্থনা পূৰণ
হে অজেয়, সকলোকে তুমি কৰাঁ জয়
তুমি নিৰাকাৰ ইন্দ্ৰিয়াতীত, স্থূল জগতৰ কাৰণ ।
অমেয়ো মিতলোকস্ত্বমনর্থী প্রার্থনাবহঃ |
অজিতো জিষ্ণুৰত্যন্তমব্যক্তো ব্যক্তকাৰণম্|| ১০-১৮||
তপস্বীসকলে কয় নিৰাকাৰ তুমি থাকাঁ সবাৰে হৃদয়ত
যি নিস্কাম তপস্বী দয়ালু অপাপ অক্ষয় অব্যয় সনাতন।
হৃদয়স্থমনাসন্নমকামং তৎবাং তপস্বিনম্ |
দয়ালুমনঘস্পৃষ্টং পুৰাণমজৰং বিদুঃ|| ১০-১৯||
হে সৰ্বজ্ঞ কিন্তু অজ্ঞাত সকলো সৃষ্টিৰ উৎস
সৰ্বলোকৰ প্ৰভু তুমি সকলোৰে ঊৰ্ধ্বত ।
অনাদি অনন্তৰূপে তুমি প্ৰকাশিত ।
সর্বজ্ঞস্ত্বমবিজ্ঞাতঃ সর্বয়োনিস্ত্বমাত্মভূঃ |
সর্বপ্রভুৰনীশস্ত্বমেকস্ত্বং সর্বৰূপভাক্|| ১০-২০||
সপ্ত সামগানত স্তুতি তোমাৰেই
সপ্ত সমুদ্ৰত শয়ন কৰা তুমিয়েই
সপ্ত জিহ্বাৰ অগ্নি তোমাৰেই মুখ
তোমাৰেই আশ্ৰয়ত সপ্তলোক ।
সপ্তসামোপগীতং তৎবাং সপ্তার্ণবজলেশয়ম্ |
সপ্তার্চিমুখমাচখ্যুঃ সপ্তলোকৈকসংশ্রয়ম্|| ১০-২১||
কালৰ চাৰিটা যুগ আৰু চতুৰ্বৰ্গ সাধনৰ জ্ঞান
এই জগতৰ চতুৰ্বৰ্ণ- সকলো তোমাৰ স্ৰজন ।
চতুর্বর্গফলং জ্ঞানং কালাবস্থাশ্চতুর্যুগাঃ |
চতুর্বর্ণময়ো লোকস্ত্বত্তঃ সর্বং চতুর্মুখাৎ|| ১০-২২||
অভ্যাসযোগে মনক নিজৰ অধীন কৰি
হৃদয়স্থ জ্যোতিৰ্ময় তোমাক
মুক্তিপ্ৰয়াসী যোগীয়ে ধ্যানত কৰে উপলব্ধি ।
অভ্যাসনিগৃহীতেন মনসা হৃদয়াশ্রয়ম্ |
জ্যোতির্ময়ং বিচিন্বন্তি যোগিনস্ত্বাং বিমুক্তয়ে|| ১০-২৩||
কোনে জানিব তোমাৰ মহিমা
জন্মৰহিত হৈও জন্মগ্ৰহণ কৰা
নিস্পৃহ হৈও শত্ৰুনিধন কৰা
যোগনিদ্ৰাত থাকিও তুমি জাগ্ৰত সদা ।
অজস্য গৃহ্ণতো জন্ম নিৰীহস্য হতদ্বিষঃ |
স্বপতো জাগৰূকস্য যাথার্থ্যং বেদ কস্তব|| ১০-২৪||
নিস্পৃহ হৈও তুমি
প্ৰাপ্তিৰ বাবে পাৰ্থিৱ বিষয় ভোগৰ সাধন
কৰিবৰ বাবে কঠিন তপ-অভ্যসন
সৰ্বলোকক তুমিয়েই কৰাঁ মাৰ্গদৰ্শন ।
শব্দাদীন্বিষয়ান্ভোক্তুং চৰিতুং দুশ্চৰং তপঃ |
পর্যাপ্তোঽসি প্রজাঃ পাতুমৌদাসীন্যেন বর্তিতুম্|| ১০-২৫||
সিদ্ধিৰ উপায়ৰূপে বেদে দিছে বিভিন্ন মাৰ্গ
সেই সকলো তোমাৰ বাবেই সমৰ্পিত ।
যিদৰে গংগাৰ পানী বহুপথে বৈ গৈ
এক সাগৰত হয় মিলিত ।
বহুধাপ্যাগমৈর্ভিন্নাঃ পন্থানঃ সিদ্ধিহেতবঃ |
তৎবয়্যেব নিপতন্ত্যোঘা জাহ্নবীয়া ইবার্ণবে|| ১০-২৬||
সকলো নিস্পৃহ লোকৰ চিত্ত যাৰ তোমাতে অৰ্পিত,
সকলো কৰ্ম যাৰ কেৱল তোমাতে সমৰ্পিত,
তুমিয়ে নিবাৰণ কৰা সেইসৱ লোকৰ পুনৰ্জন্ম ।
তৎবয়্যাবেশিতচিত্তানাং তৎবৎসমর্পিতকর্মণাম্ |
গতিস্ত্বং বীতৰাগাণামভূয়ঃসংনিবৃত্তয়ে|| ১০-২৭||
এই পৃথিৱীকে ধৰি তোমাৰ যত বৈভৱ,
প্ৰত্যক্ষ হোৱা সত্তেও এই পঞ্চভূত অপৰিমেয় ।
অনুমান আৰু বেদবাক্যই ব্যাখ্যা নোৱাৰে কৰিব ।
প্রত্যক্ষোঽপ্যপৰিচ্ছেদ্যো মহ্যাদির্মহিমা তব |
আপ্তবাগনুমানাভ্যাং সাধ্যং তৎবাং প্রতি কা কথা|| ১০-২৮||
স্মৰণমাত্ৰেই তুমি পৱিত্ৰ কৰি তোলাঁ পুৰুষক
তোমাক নিৱেদিত সকলো কৰ্মৰে ফল জনাজাত ।
কেবলং স্মৰণেনৈব পুনাংসি পুৰুষং যতঃ |
অনেন বৃত্তয়ঃ শেষা নিবেদিতফলাস্ত্বয়ি|| ১০-২৯||
সমুদ্ৰগৰ্ভৰ ৰত্ন যেনেকৈ অগণিত
সূৰুযৰ ৰশ্মি যেনেকৈ অপৰিমেয়
তেনেকৈয়ে আমাৰ এই স্তুতি
তোমাৰ মহিমা প্ৰকাশৰ বাবে নহয় পৰ্যাপ্ত ।
উদধেৰিব ৰত্নানি তেজাংসীব বিবস্বতঃ |
স্তুতিভ্যো ব্যতিৰিচ্যন্তে দূৰাণি চৰিতানি তে|| ১০-৩০||
তুমি পূৰ্ণপুৰুষ, তোমাৰ অপ্ৰাপ্তি একো নাই ।
জন্মগ্ৰহণ কৰি মানুহৰ কৰ্ম কৰা
মানুহক অনুগ্ৰহ কৰিবৰ বাবেই ।
অনবাপ্তমবাপ্তব্যং ন তে কিঞ্চন বিদ্যতে |
লোকানুগ্রহ এবৈকো হেতুস্তে জন্মকর্মণোঃ|| ১০-৩১||
তোমাৰ মহিমা কীৰ্তনৰ শব্দ যেতিয়া স্তব্ধ হয়,
সেয়া ভাগৰি পৰি অথবা অক্ষমতাৰ বাবেই,
গুণৰ বৰ্ণনা কৰি শেষ হোৱাৰ বাবে নহয় ।
মহিমানং যদুৎকীর্ত্য তব সংহ্রিয়তে বচঃ |
শ্রমেণ তদশক্ত্যা বা ন গুণানামিয়ত্তয়া|| ১০-৩২||
দেৱতাৰ এই স্তুতিত প্ৰসন্ন হ’ল ইন্দ্ৰিয়াতীত ভগৱান
এই স্তুতি আছিল স্বৰূপগীতি নহয় কেৱল গুণগান।
ইতি প্রসাদয়ামাসুস্তে সুৰাস্তমধোক্ষজম্ |
ভূতার্থব্যাহৃতিঃ সা হি ন স্তুতিঃ পৰমেষ্ঠিনঃ || ১০-৩৩||
দেৱগণৰ কুশল সুধি কৰিলে প্ৰীতি প্ৰকাশ,
দেৱগণে প্ৰকাশিলে ৰাক্ষসৰ
প্ৰলয়কালৰ সাগৰৰ দৰে ভয়ংকৰ সন্ত্ৰাস ।
তস্মৈ কুশলসংপ্রশ্নব্যঞ্জিতপ্রীতয়ে সুৰাঃ |
ভয়মপ্রলয়োদ্বেলাদাচখ্যুর্নৈৰৃতোদধেঃ|| ১০-৩৪||
সাগৰৰ ঢৌৰ গৰ্জনক তল পেলাই
তীৰৱৰ্তী পৰ্বতৰ গুহাত প্ৰতিধ্বনি তুলি
ভগৱানে গম্ভীৰ কণ্ঠৰে ক’লে দেৱগণক ।
অথ বেলাসমাসন্নশৈলৰন্ধ্রানুবাদিনা |
স্বৰেণোবাচ ভগবান্ পৰিভূতার্ণবধ্বনিঃ|| ১০-৩৫||
সৰস্বতী যেন প্ৰাচীন কবি প্ৰভুৰ উচ্চাৰণত
সাৰ্থক হৈ পৰিল শুদ্ধ-সংস্কাৰী শব্দাৰ্থ।
পুৰাণস্য কবেস্তস্য বর্ণস্থানসমীৰিতা |
বভূব কৃতসংস্কাৰা চৰিতার্থৈব ভাৰতী|| ১০-৩৬||
ভগৱন্তৰ মুখৰ বাণী তেওঁৰ দাঁতৰ
জোনাক যেন পোহৰত হ’ল উদ্ভাসিত
যেন তেওঁৰ চৰণনিৰ্গতা ঊৰ্ধ্বমুখী গংগা ।
বভৌ সদশনজ্যোৎস্না সা বিভোর্বদনোদ্গতা |
নির্যাতশেষা চৰণাদ্গঙ্গেবোর্ধ্বপ্রবর্তিনী|| ১০-৩৭||
জানিব পাৰিছোঁ সেই ৰাক্ষসৰ আক্ৰমণত
হানি হৈছে দেৱতাৰ মৰ্যাদা আৰু পৰাক্ৰম
যিদৰে তমগুণে পৰাস্ত কৰে সত্ব আৰু ৰজগুণ ।
জানে বো ৰক্ষসাক্রান্তাবনুভাবপৰাক্রমৌ |
অঙ্গিনাং তমসেবোভৌ গুণৌ প্রথমমধ্যমৌ|| ১০-৩৮||
অনিচ্ছাকৃত পাপকামে দগ্ধ কৰে সাধুজনৰ হৃদয় যিদৰে
তিনিও লোককে দগ্ধ কৰিছে সেই ৰাক্ষসৰ অত্যাচাৰে ।
বিদিতং তপ্যমানং চ তেন মে ভুবনত্রয়ম্ |
অকামোপনতেনেব সাধোর্হৃদয়মেনসা|| ১০-৩৯||
একেটি লক্ষ্যৰ কামৰ বাবে ইন্দ্ৰই নালাগে মোক প্ৰাৰ্থনা কৰিব
বতাহ নিজেই অগ্ৰসৰ হয় অগ্নিৰ সহায় হ’বলৈ ।
কার্যেষু চৈককার্যৎবাদভ্যর্থ্যোঽস্মি ন বজ্রিণা |
স্বয়মেব হি বাতোঽগ্নেঃ সাৰথ্যং প্রতিপদ্যতে|| ১০-৪০||
নিজ অস্ত্ৰৰ ধাৰেৰে নকটা ৰাৱণৰ দশম মস্তক
লভ্যাংশ ৰূপে ৰাখি থৈছে মোৰ সুদৰ্শন চক্ৰলৈ ।
স্বাসিধাৰাপৰিহৃতঃ কামং চক্রস্য তেন মে |
স্থাপিতো দশমো মূর্ধা লভ্যাংশ ইব ৰক্ষসা|| ১০-৪১||
যিদৰে চন্দনৰ গছত বিষধৰ সাপে বাহ লয়
অত্যাচাৰী দুৰাত্মাক সহিছোঁ সৃষ্টিকৰ্তাৰ বৰৰ বাবেই।
স্রষ্টুর্বৰাতিসর্গাত্তু ময়া তস্য দুৰাত্মনঃ |
অত্যাৰূঢং ৰিপোঃ সোঢং চন্দনেনেব ভোগিনঃ|| ১০-৪২||
বিধাতাক সন্তুষ্ট কৰি সেই ৰাক্ষসে বিচাৰিলে বৰ
ভাবিলে মৰ্ত্ত্যৰ তুচ্চ মানুহৰ হাতত মৃত্যু নাই তাৰ
সেয়ে যাতে দেৱতাৰ হাতত মৃত্যু নহয় তাৰ ।
ধাতাৰং তপসা প্রীতং যয়াচে স হি ৰাক্ষসঃ |
দৈবাৎসর্গাদবধ্যৎবং মর্ত্যেষ্বাস্থাপৰাঙ্মুখঃ|| ১০-৪৩||
দশৰথ পুত্ৰ হৈ জন্মি মই তাৰ মস্তক শৰেৰে কৰিম ছিন্ন
পদুমৰ মালাৰ দৰে তাৰ মুণ্ডমালাৰে দিম যুদ্ধভূমিৰ অৰ্ঘ্য।
সোঽহং দাশৰথির্ভূৎবা ৰণভূমের্বলিক্ষমম্ |
কৰিষ্যামি শৰৈস্তীক্ষ্ণৈস্তচ্ছিৰঃকমলোচ্চয়ম্|| ১০-৪৪||
অচিৰেই পাবা তোমালোকলৈ বিধিৱৎ কৰা যজ্ঞৰ ভাগ
ৰাক্ষসে আৰু আহি কৰিব নোৱাৰিব সেই যজ্ঞ নাশ ।
অচিৰাদ্যজ্বভির্ভাগং কল্পিতং বিধিবৎপুনঃ |
মায়াবিভিৰনালীঢমাদাস্যধ্বে নিশাচৰৈঃ|| ১০-৪৫||
আকাশীপথৰে যাত্ৰা কৰা পুণ্যবানসকলে
ৰাৱণৰ পুষ্পক ৰথৰ ভয়ত মেঘৰ আঁৰত
লুকুৱাৰ সংকোচ কৰিব পাৰিব ত্যাগ।
বৈমানিকাঃ পুণ্যকৃতস্ত্যজন্তু মৰুতাং পথি |
পুষ্পকালোকসংক্ষোভং মেঘাবৰণতৎপৰাঃ|| ১০-৪৬||
বন্দী কৰি অনা স্বৰ্গৰ নাৰীসকলক
শাপগ্ৰস্ত ৰাৱণে কৰিব পৰা নাই বলাৎকাৰ
মলিয়ন হৈছে তেওঁলোকৰ কেশৰ বেণীবন্ধন
এতিয়া মুক্ত কৰিব পাৰিবা সেই কেশৰ বন্ধন।
মোক্ষ্যধ্বে স্বর্গবন্দীনাং বেণীবন্ধনদূষিতান্ |
শাপয়ন্ত্রিতপৌলস্ত্যবলাৎকাৰকচগ্রহৈঃ|| ১০-৪৭||
ৰাৱণ নামৰ দহনত উৎপীড়িত শস্যসদৃশ দেৱতাক
কৃষ্ণমেঘৰূপী বিষ্ণুৱে নিজৰ অমৃতবাণী বৰ্ষণেৰে
সিক্ত কৰি অন্তৰ্ধান হ’ল এইদৰেই ।
ৰাবণাবগ্রহক্লান্তমিতি বাগমৃতেন সঃ |
অভিবৃষ্য মৰুৎসস্যং কৃষ্ণমেঘস্তিৰোদধে|| ১০-৪৮||
বৃক্ষই যিদৰে ফুলি উঠি অনুসৰণ কৰে বায়ুক
ইন্দ্ৰাদি দেৱগণেও নিজ নিজ অংশৰে
দেৱকাৰ্য সাধনত অনুগমন কৰিলে বিষ্ণুক ।
পুৰহূতপ্রভৃতয়ঃ সুৰকার্যোদ্যতং সুৰাঃ |
অংশৈৰনুয়য়ুর্বিষ্ণুং পুষ্পৈর্বায়ুমিব দ্রুমাঃ|| ১০-৪৯||
আনহাতে, ৰজাৰ ঈপ্সিত কামাৰ্থে কৰা কৰ্ম হ’ল সমাপণ,
ঋষিকো বিস্মিত কৰি যজ্ঞাগ্নিৰ পৰা দিব্যপুৰুষ আবিৰ্ভাৱ হ’ল।
অথ তস্য বিশাংপত্যুৰন্তে কামস্য কর্মণঃ |
পুৰুষঃ প্রবভূবাগ্নের্বিস্ময়েন সহর্ত্বিজাম্|| ১০-৫০||
সোণৰ পাত্ৰত পায়স-চৰু দুহাতত লৈ
দিব্যপুৰুষ হ’ল বিদ্যমান ।
আদিপুৰুষৰ অনুপ্ৰৱেশ থকা পুণ্যপাত্ৰ
দুৰ্বহ আছিল তেওঁৰ পক্ষেও কৰিবলৈ ধাৰণ ।
হেমপাত্রগতং দোর্ভ্যামাদধানঃ পয়শ্চৰুম্ |
অনুপ্রবেশাদাদ্যস্য পুংসস্তেনাপি দুর্বহম্|| ১০-৫১||
সাগৰ মন্থনত পোৱা অমৃত যেনেকৈ ইন্দ্ৰই কৰিছিল গ্ৰহণ,
বিধাতাই দান কৰা সেই চৰুও তেনেকৈ ৰজাই কৰিলে গ্ৰহণ ।
প্রাজাপত্যোপনীতং তদন্নং প্রত্যগ্রহীন্নৃপঃ |
বৃষেব পয়সাং সাৰমাবিষ্কৃতমুদন্বতা|| ১০-৫২||
পুত্ৰ হৈ উপজিব তিনি ভূৱনৰ সৃষ্টিৰ কাৰণ ভগৱান
এই কথাতেই প্ৰকাশ পায় ৰজাৰ অসামান্য দুৰ্লভ গুণ ।
অনেন কথিতা ৰাজ্ঞো গুণাস্তস্যান্যদুর্লভাঃ |
প্রসূতিং চকমে তস্মিংস্ত্রৈলোক্যপ্রভবোঽপি যৎ|| ১০-৫৩||
সূৰ্যই প্ৰভাতী কিৰণ পৃথিৱী আৰু আকাশক বিলাই দিয়াৰ দৰে
চৰুত প্ৰাপ্ত বিষ্ণুতেজ ভগাই দিলে দুই মহিষীৰ মাজত ।
স তেজো বৈষ্ণবং পত্ন্যোর্বিভেজে চৰুসংজ্ঞিতম্ |
দ্যাবাপৃথিব্যোঃ প্রত্যগ্রমহর্পতিৰিবাতপম্|| ১০-৫৪||
ভাগ দিলে মূল মহিষী কৌশল্যা, প্ৰিয়তমা কেকয়বংশজাক
ৰজাই মনৰ ইচ্ছা দুয়ো নিজৰ ভাগৰে দিব ৰাণী সুমিত্ৰাক ।
অর্চিতা তস্য কৌসল্যা প্রিয়া কেকয়বংশজা |
অতঃ সংভাবিতাং তাভ্যাং সুমিত্রামৈচ্ছদীশ্বৰঃ|| ১০-৫৫||
জ্ঞানী স্বামীৰ মনোভাৱ বুজি দুই পত্নীয়ে
নিজ নিজ অৰ্ধেক অংশ সুমিত্ৰাক দান কৰিলে।
তে বহুজ্ঞস্য চিত্তজ্ঞে পত্নৌ পত্যুর্মহীক্ষিতঃ |
চৰোৰর্ধার্ধভাগাভ্যাং তাময়োজয়তামুভে|| ১০-৫৬||
মদমত্ত হাতীৰ দুই কুমৰ পৰা বৈ অহা দুই মদধাৰালৈ
যিদৰে ভোমোৰা আকৰ্ষিত হয় সমানে,
সুমিত্ৰায়ো ভাল পাইছিল কৌশল্যা-কৈকেয়ীক সমানে ।
সা হি প্রণয়বত্যাসীৎসপত্ন্যোৰুভয়োৰপি |
ভ্রমৰী বাৰণস্যেব মদনিস্যন্দৰেখয়োঃ|| ১০-৫৭||
তিনিও ৰাণীয়ে গৰ্ভধান কৰিলে দেৱতাৰ অংশৰে
যিদৰে সৌৰৰশ্মিত জলকণা পূৰ্ণ হয় কিৰণজালেৰে ।
তাভির্গর্ভঃ প্রজাভূত্যৈ দধ্রে দেবাংশসংভবঃ |
সৌৰীভিৰিব নাডীভিৰমৃতাখ্যাভিৰম্ময়ঃ|| ১০-৫৮||
অন্তৰ্ভাগত ফলধাৰণ কৰা শস্যসম্পদৰ শোভাৰ দৰে
একেলগে অন্তঃসত্বা তিনিও পাণ্ডুবৰ্ণ ধাৰণ কৰিলে ।
সমমাপন্নসত্ত্বাস্তা ৰেজুৰাপাণ্ডুৰৎবিষঃ |
অন্তর্গতফলাৰম্ভাঃ সস্যানামিব সংপদঃ|| ১০-৫৯||
সপোনত দেখিবলৈ ধৰিলে তিনিও ৰাণীয়ে,
শংখ, চক্ৰ, গদা, অসি ধাৰণ কৰি বামণসৱে,
ৰক্ষা কৰি আছে তিনিওকে গোপনে ।
গুপ্তং দদৃশুৰাত্মানং সর্বাঃ স্বপ্নেষু বামনৈঃ |
জলজাসিকদাশার্ঙ্গচক্রলাঞ্ছিতমূর্তিভিঃ|| ১০-৬০||
সপোনত দেখিলে ৰাণীয়ে-
গৰুড় পখীয়ে তিনিওকে আৰোহণ কৰাই
স্বৰ্ণাভ ডেউকাৰে আকাশত কিৰণজাল সৃষ্টি কৰি
গতিবেগত ডাৱৰকো ফালি উৰিছে ।
হেমপক্ষপ্রভাজালং গগনে চ বিতন্বতা |
উহ্যন্তে স্ম সুপর্ণেন বেগাকৃষ্টপয়োমুচা|| ১০-৬১||
আৰু দেখিলে-
পদুমপাতৰে বিচি সেৱাত ব্ৰতী হ’ল আই লক্ষ্মী,
দুলি উঠিল বক্ষত ধাৰণ কৰা কৌস্তুভসম উজ্জ্বল মণি ।
বিভ্রত্যা কৌস্তুভন্যাসং স্তনান্তৰবিলম্বিতম্ |
পর্যুপাস্যন্ত লক্ষ্ম্যা চ পদ্মব্যজনহস্তয়া|| ১০-৬২||
আৰু দেখিলে,
সাত ব্ৰহ্মৰ্ষিয়ে ত্ৰিস্ৰোত আকাশীগংগাত স্নানেৰে পৱিত্ৰ হৈ
পুণ্যবেদমন্ত্ৰ উচ্চাৰণ কৰি উপাসনা কৰিছে তেওঁলোকৰ ।
কৃতাভিষেকৈর্দিব্যায়াং ত্রিস্রোতসি চ সপ্তভিঃ |
ব্রহ্মর্ষিভিঃ পৰং ব্রহ্ম গৃণদ্ভিৰুপতস্থিৰে|| ১০-৬৩||
ৰাণীসৱৰ মুখত এই স্বপ্নকথা শুনি সুখী হ’ল দশৰথ
জগতৰ ঈশ্বৰৰ পিতা বুলি ধন্য মানিলে নিজকে মনত ।
তাভ্যস্তথাবিধান্স্বপ্নাঞ্ছ্রৰুৎবা প্রীতো হি পার্থিবঃ |
মেনে পৰার্ধ্যমাত্মানং গুৰুৎবেন জগদ্গুৰোঃ|| ১০-৬৪||
নিৰ্মল পানীত চন্দ্ৰ বহুধা বিভক্ত হৈ প্ৰতিফলিত হোৱাৰ দৰে,
পৰমেশ্বৰ কেইবাভাগত বিভক্ত হৈ তেওঁলোকৰ গৰ্ভত স্থিতি ল’লে ।
বিভক্তাত্মা বিভুস্তাসামেকঃ কুক্ষিষ্বনেকধা |
উবাস প্রতিমাচন্দ্রঃ প্রসন্নানামপামিব|| ১০-৬৫||
তাৰ পাছতে যেতিয়া সময় হ’ল প্ৰসৱৰ
ৰজাৰ প্ৰথম মহিষী কৌশল্যাই জন্ম দিলে
ৰাতিৰ তিমিৰনাশী ঔষধিৰ আলোকৰ দৰে পুত্ৰৰ ।
অথাগ্র্যমহিষী ৰাজ্ঞঃ প্রসূতিসময়ে সতী |
পুত্রং তমোপহং লেভে নক্তং জ্যোতিৰিবৌষধিঃ|| ১০-৬৬||
মুগ্ধ পিতাই দেখি পুত্ৰৰ সেই সুখময় ৰূপ বিতোপন,
ৰাখিলে জগতৰ শ্ৰেষ্ঠতম মংগলকাৰক নাম ৰাম ।
ৰাম ইত্যভিৰামেণ বপুষা তস্য চোদিতঃ |
নামধেয়ং গুৰুশ্চক্রে জগৎপ্রথমমঙ্গলম্|| ১০-৬৭||
ৰঘুবংশৰ প্ৰদীপ অসামান্য তেজস্বী
ম্লান হ’ল সূতিকাগৃহৰ সকলো বন্তি ।
ৰঘুবংশপ্রদীপেন তেনাপ্রতিমতেজসা |
ৰক্ষাগৃহগতা দীপাঃ প্রত্যাদিষ্টা ইবাভবন্|| ১০-৬৮||
শয্যাত শুই থকা শিশু ৰাম আৰু ক্ষীণ উদৰৰ মাতা
যেন তীৰত লাগি থকা কমলৰ সৈতে শৰতৰ কৃশ গংগা ।
শয়্যাগতেন ৰামেণ মাতা শাতোদৰী বভৌ |
সৈকতাম্ভোজবলিনা জাহ্নবীব শৰৎকৃশা|| ১০-৬৯||
কৈকেয়ীয়ে জন্ম দিলে সুশীল পুত্ৰ ভৰত নামৰ,
জননীৰ ভূষণ তেওঁৰ বিনয়ে বঢ়াই শোভা সম্পদৰ ।
কৈকেয়্যাস্তনয়ো জজ্ঞে ভৰতো নাম শীলবান্ |
জনয়িত্রীমলংচক্রে যঃ প্রশ্রয় ইব শ্রিয়ম্|| ১০-৭০||
সুমিত্ৰাই জন্ম দিলে লক্ষ্মণ-শত্ৰুঘ্ন নামে যমজ পুত্ৰৰ,
বিদ্যাদেৱীয়ে যেন দান কৰে নম্ৰতা আৰু জ্ঞানৰ ।
সুতৌ লক্ষ্মণশত্রুঘ্নৌ সুমিত্রা সুষুবে যমৌ |
সম্যগাৰাধিতা বিদ্যা প্রবোধবিনয়াবিব|| ১০-৭১||
এই জন্মৰ লগে লগে দূৰ হ’ল পৃথিৱীৰ দুখ,
সজ গুণ যত আছে বিয়পি পৰিল পৃথিৱীত,
পুৰুষোত্তমৰ সৈতে যেন সৰগ নামি আহিল ।
নির্দোষমভবৎসর্বমাবিষ্কৃতগুণং জগৎ |
অন্বগাদিব হি স্বর্গো গাং গতং পুৰুষোত্তমম্|| ১০-৭২||
চাৰিৰূপ ধৰি ভগৱান উদিত হোৱাত,
পৌলস্ত্য ৰাৱণৰ ভয়ত ত্ৰাসিত চৌদিশে
এৰিলে যেন স্বস্তিৰ নিশ্বাস,
যেন বৈ আহিল এছাটি নিৰ্মল বতাহ ।
তস্যোদয়ে চতুর্মূর্তেঃ পৌলস্ত্যচকিতেশ্বৰাঃ |
বিৰজস্কৈর্নভস্বদ্ভির্দিশ উচ্ছ্বসিতা ইব|| ১০-৭৩||
ধোঁৱাবিহীন প্ৰজ্জ্বলিত জুইৰ দৰে,
প্ৰসন্ন সূৰ্যৰ পোহৰৰ দৰে,
ৰাক্ষসৰ অত্যাচাৰৰ বিষাদ পাহৰি
সকলোৰে মন মুকলি হ’ল ।
কৃশানুৰপধূমৎবাৎপ্রসন্নৎবাৎপ্রভাকৰঃ |
ৰক্ষোবিপ্রকৃতাবাস্তামপবিদ্ধশুচাবিব|| ১০-৭৪||
দশাননৰ দশ কিৰীটিৰ মুক্তা এটি এটিকৈ খহিল,
যেন তেওঁৰ ৰাজলক্ষ্মীৰ অশ্ৰুবিন্দু পৃথিৱীত সৰিল ।
দশাননকিৰীটেভ্যস্তৎক্ষণং ৰাক্ষসশ্রিয়ঃ |
মণিব্যাজেন পর্যস্তাঃ পৃথিব্যামশ্রুবিন্দবঃ|| ১০-৭৫||
দশৰথৰ পুত্ৰজন্মৰ আনন্দত হ’ল তূৰ্যধ্বনি
প্ৰথমেই সৰগত বাজি উঠিল দেৱৰ দুন্দুভি ।
পুত্রজন্মপ্রবেশ্যানাং তূর্যাণাং তস্য পুত্রিণঃ |
আৰম্ভং প্রথমং চক্রুর্দেবদুন্দুভয়ো দিবি|| ১০-৭৬||
ৰজাৰ প্ৰাসাদত হ’ল আকাশৰ পৰা পুষ্পবৰিষণ,
মাংগলিক কৰ্মৰ যিহেতু ইয়েই প্ৰথম অনুষ্ঠান ।
সংতানকময়ী বৃষ্টির্ভবনে চাস্য পেতুষী |
সন্মঙ্গলোপচাৰাণাং সৈবাদিৰচনাঽভবৎ|| ১০-৭৭||
প্ৰতিজন কুমাৰৰ হ’ল সংস্কাৰ সাধন,
লহপহকৈ বাঢ়িল কৰি ধাত্ৰীৰ স্তনপান,
পিতাৰ আনন্দ বৃদ্ধি কৰি ডাঙৰ-দীঘল হ’ল ।
কুমাৰাঃ কৃতসংস্কাৰাস্তে ধাত্রীস্তন্যপায়িনঃ |
আনন্দেনাগ্রজেনেব সমং ববৃধিৰে পিতুঃ|| ১০-৭৮||
তেওঁলোকৰ স্বাভাৱিক বিনীতভাৱ শিক্ষা-সংস্কাৰত হ’ল সমৃদ্ধ
জুইৰ স্বাভাৱিক তেজ যেন ঘিউৰ সংস্পৰ্শত অধিক হয় প্ৰজ্জ্বলিত ।
স্বাভাবিকং বিনীতৎবং তেষাং বিনয়কর্মণা |
মুমূর্চ্ছ সহজং তেজো হবিষেব হবির্ভুজাম্|| ১০-৭৯||
উজলাই তুলি নিষ্কলংক ৰঘুকুল,
নাছিল কোনো পৰস্পৰবিৰোধী আচৰণ,
যিদৰে ভিন্ন ঋতুৰ সংগমত উজলে নন্দনকানন ।
পৰস্পৰবিৰুদ্ধাস্তে তদ্রগোৰনঘং কুলম্ |
অলমুদ্যোতয়ামাসুর্দেবাৰণ্যমিবর্তবঃ ।। ১০-৮০।।
সকলো ভাতৃৰ মৰম-চেনেহ যদিও আছিল সমান
অধিক আছিল অনুৰাগ ৰাম-লক্ষ্মণৰ,
আৰু ঠিক তেনেকৈয়ে ভৰত-শত্ৰুঘ্নৰ ।
সমানেঽপি হি সৌভ্রাত্রে যথেভৌ ৰামলক্ষ্মণৌ |
তথা ভৰতশত্রুঘ্নৌ প্রীত্যা দ্বন্দ্বং বভূবতুঃ|| ১০-৮১||
তেওঁলোকৰ এই দুই যোৰাৰ এৰাএৰি নহৈছিল কদাচিতো,
যিদৰে নাভাগে যোৰা জোন আৰু সাগৰৰ, জুই আৰু বতাহৰ ।
তেষাং দ্বয়োর্দ্বয়োৰৈক্যং বিভিদে ন কদাচন |
যথা বায়ুর্বিভাবস্বোর্যথা চন্দ্রসমুদ্রয়োঃ|| ১০-৮২||
ৰাজকুমাৰসকলে গ্ৰীষ্মকালৰ অন্তত মেঘে ঢকা দিনৰ দৰে
তেজস্বিতা আৰু বিনম্ৰতাৰে সকলোকে প্ৰজাসৱক মুহিলে ।
তে প্রজানাং প্রজানাথাস্তেজসা প্রশ্রয়েণ চ |
মনো জহ্রৰুর্নিদাঘান্তে শ্যামাভ্রা দিবসা ইব|| ১০-৮৩||
চাৰিত বিভক্ত প্ৰভুৰ সত্বা দশৰথৰ চাৰিপুত্ৰ শোভিত,
সশৰীৰ অৱতাৰত যেন ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ।
স চতুর্ধা বভৌ ব্যস্তঃ প্রসবঃ পৃথিবীপতেঃ |
ধর্মার্থকামমোক্ষাণামবতাৰ ইবাঙ্গবান্|| ১০-৮৪||
চাৰিদিশৰ অধিপতি ৰাজনক যিদৰে
চাৰি সমুদ্ৰই দিয়ে ৰাশি ৰাশি ৰত্ন ,
পিতৃবৎসল চাৰিপুত্ৰই কৰিলে
নিজ নিজ গুণেৰে পিতাক তৃপ্ত ।
গুণৈৰাৰাধয়ামাসুস্তে গুৰুং গুৰুবৎসলাঃ |
তমেব চতুৰন্তেশং ৰত্নৈৰিব মহার্ণবাঃ|| ১০-৮৫||
সুৰগজ ঐৰাৱতে যেনেকৈ চাৰিটি দাঁতেৰে
দৈত্যৰ তৰোৱালৰ ধাৰ কৰে নাশ,
চাৰিপুত্ৰৰ সৈতে ৰজা শোভা পালে,
যেন সাম-দান-ভেদ-দণ্ডৰ নীতি নিৰ্ণয় কৰা,
চতুৰ্ভুজ বিষ্ণুৰ যূপকাষ্ঠ সদৃশ সুদীৰ্ঘ চাৰি হাত ।
সুৰগজ ইব দন্তৈর্ভগ্নদৈত্যাসিধাৰৈ-
র্নয় ইব পণবন্ধব্যক্তয়োগৈৰুপায়ৈঃ |
হৰিৰিব যুগদীর্ঘৈর্দোর্ভিৰংশৈস্তদীয়ৈঃ
পতিৰবনিপতীনাং তৈশ্চকাশে চতুর্ভিঃ|| ১০-৮৬||
টোকা
১) বেদমন্ত্ৰৰ যিবোৰ অংশ সুৰসংগত কৰি গোৱা হয় সেয়াই সামগান বা বৈদিক গান।
২) চাৰিযুগ- সত্য, ত্ৰেতা, দ্বাপৰ, কলি। চাৰি বৰ্গ- ধৰ্ম, অৰ্থ, কাম, মোক্ষ। চাৰি বৰ্ণ- ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ।
৩) এক উপাখ্যান আছে - ৰাৱণে এবাৰ ৰম্ভাক বলাৎকাৰ কৰাৰ বাবে শাপগ্ৰস্ত হৈছিল যে পুনৰ কোনো নাৰীক বলাৎকাৰ কৰিলে মৃত্যুমুখত পৰিব।
৩) এক উপাখ্যান আছে যে ৰাৱণে তপস্যাত সৃষ্টিকৰ্তা ব্ৰহ্মাক সন্তুষ্ট কৰিবলৈ নিজৰ মুণ্ড কাটি অৰ্পণ কৰিছিল ।
(কালিদাস ৰচিত ‘ৰামাৱতাৰ’ নামৰ দশম অধ্যায় সমাপ্ত।
ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ
ৰামাবতাৰোও নাম দশমঃ সর্গঃ ||)