অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
প্ৰথম অধ্যয়
।। অথ গ্রীষ্মঃ ।।
।। গ্ৰীষ্ম বৰ্ণনা ।।
এতিয়া গ্ৰীষ্ম ।
সূৰুযৰ কি প্ৰচণ্ড উত্তাপ মোহনীয় হৈ পৰিছে জোনাক ।
কমিছে জলাধাৰৰ জল নিৰন্তৰ স্নান আৰু অৱগাহনত ।
এতিয়া দিনৰ অন্তত ৰমণীয় সন্ধিয়া
প্ৰচণ্ড গৰমত মদনো হৈছে প্ৰশমিত ।
নিদাঘৰ এই দুৰন্ত সময় সমাগত
চোৱাঁ প্ৰিয়া ! দগ্ধ হোৱাৰ কাল সমাগত।
প্রচণ্ডসূর্যঃ স্পৃহণীয়চন্দ্রমাঃ
সদাৱগাহক্ষতৱাৰিসঞ্চয়ঃ ।
দিনান্তৰম্যোঽভ্যুপশান্তমন্মথো
নিদাঘকালোঽয়মুপাগতঃ প্রিয়ে ।।১।।
সেৱন কৰিছে মানুহে
জিলমিল জোনাকত আলোকময় নিশা ঘনান্ধকাৰহীন
পৰিধান কৰি চন্দ্ৰকান্ত মণি সানিছে সৰস চন্দনৰ আলেপন
ব্যৱহাৰ কৰি ফোৱাৰাৰ পানীৰে শীতল জলপূৰ্ণ বিচিত্ৰ ভৱন
হে প্ৰিয়তমা, মানুহে কৰিছে গ্ৰীষ্মঋতুৰ আস্বাদন ।
নিশাঃ শশাঙ্কক্ষতনীলৰাজয়ঃ
ক্ব চিদ্ ৱিচিত্রং জলযন্ত্রমন্দিৰম্ ।
মণিপ্রকাৰাঃ সৰসং চ চন্দনং
শুচৌ প্রিয়ে য়ান্তি জনস্য সেৱ্যতাম্ ।। ২।।
গ্ৰীষ্মৰ মাজৰাতি কোনো কামবিলাসীয়ে
কৰিছে প্ৰিয়াৰ মুখৰ মদিৰা পান
সুৱাসিত চাদত মনোহৰ ভৱনৰ ।
সুখানুভূতি লৈ শ্ৰৱণসুখদায়ক
সুতন্ত্ৰী বীণাৰ কামোদ্দীপক গীতৰ ।
সুৱাসিতং হর্ম্যতলং মনোহৰং
প্রিয়ামুখোচ্ছ্বাসৱিকম্পিতং মধু ।
সুতন্ত্রিগীতং মদনস্য দীপনং
শুচৌ নিশীথেঽনুভৱন্তি কামিনঃ ।। ৩।।
এই ঋতুতে ৰমণীয়ে সুগোল নিতম্বত
পৰিধান কৰে কৰধনী-ৰেচমী মেখলা
চন্দন সনা বক্ষত মণি-পুষ্পহাৰ আভূষণ ।
স্নানৰ অন্তত কেশ গন্ধদ্ৰব্যৰে সুৱাসিত
যি কৰে কামুকজনৰ কামনাৰ নিদাঘ শান্ত ।
নিতম্ববিম্বৈঃ সুদুকূলমেখলৈঃ
স্তনৈঃ সহাৰাভৰণৈঃ সচন্দনৈঃ ।
শিৰোৰুহৈঃ স্নানকষায়ৱাসিতৈঃ
স্ত্রিয়ো নিদাঘং শময়ন্তি কামিনাম্ ।। ৪ ।।
অত্যন্ত গাঢ় ৰঙা লাক্ষাৰসেৰে ৰঙীন দুভৰিৰে
মধুৰ হংসধ্বনিৰ দৰে নূপুৰৰ মধুৰ ধ্বনিৰে
নিতম্বিনী সুন্দৰীসকলে
সকলোৰে মন ভৰাই তোলে কামনাৰে ।
নিতান্তলাক্ষাৰসৰাগলোহিতৈৰ্
নিতম্বিনীনাং চৰণৈঃ সুনূপুৰৈঃ ।
পদে পদে হংসৰুতানুকাৰিভিৰ্
জনস্য চিত্তং ক্রিয়তে সমন্মথম্ ।। ৫।।
দেখিলে কোন ৰসিকৰ মন নহ’বনো উচাতন
তুষাৰশুভ্ৰ উজ্জ্বল মুক্তামালাৰে শোভিত
কামিনীৰ চন্দনলেপিত বক্ষ
আৰু সোণৰ কৰধনীৰে আভূষিত নিতম্ব ?
পয়োধৰাশ্চন্দনপঙ্কচর্চিতাস্
তুষাৰগৌৰার্পিতহাৰশেখৰাঃ ।
নিতম্বদেশাশ্চলহেমমেখলাঃ
প্রকুৰ্ৱতে কস্য মনো ন সোত্সুকম্ ।। ৬।।
বিন্দু বিন্দু ঘামৰ কণিকাই সিক্ত কৰিলে
যৌৱনা শৰীৰৰ অংগ আৰু সন্ধি
মনোহাৰিনী অংগনাই উঠন বুকুৰ গধুৰ বস্ত্ৰ খুলি থৈ
পৰিধান কৰে সূক্ষ্ম মলমলৰ পাতল বন্ধনী ।
সমুদ্গতস্বেদচিতাঙ্গসংধয়ো
ৱিমুচ্য ৱাসাংসি গুৰুণি সাংপ্রতম্ ।
স্তনেষু তন্বংশুকমুন্নতস্তনা
নিৱেশয়ন্তি প্রমদাঃ সযৌৱনাঃ ।। ৭ ।।
চন্দনৰ সুৱাসযুক্ত পানীত সিক্ত বিচনীৰ বাত
সমৰ্পণ কৰি মালাই মেৰাই থকা বক্ষস্থল,
বীণাৰ কোমল মধুৰ ধ্বনি সহ সুললিত গীতেৰে
শুই থকা কামদেৱক জাগ্ৰত কৰাৰ
এয়া যেন প্ৰয়াস আজি ।
সচন্দনাম্বুৱ্যজনোদ্ভৱানিলৈঃ
সহাৰয়ষ্টিস্তনমণ্ডলার্পিতৈঃ ।
সৱল্লকীকাকলিগীতনিঃস্বনৈঃ
ৰ্ৱিবোধ্যতে সুপ্ত ইৱাদ্য মন্মথঃ ।। ৮।।
ধৱল অট্টালিকাৰ চাদত সুখনিদ্ৰাত থকা ৰমণীৰ মুখলৈ
উৎসুকতাৰে ওৰেনিশা চাই চাই চন্দ্ৰমাই
আপোন সৌন্দৰ্যৰ গৰ্ব খৰ্ব হোৱাত
ৰাতিৰ শেষত শেঁতা পৰে লজ্জানত হৈ ।
সিতেষু হর্ম্যেষু নিশাসু য়োষিতাং
সুখপ্রসুপ্তানি মুখানি চন্দ্রমাঃ ।
ৱিলোক্য নির্যন্ত্রণমুত্সুকশ্চিৰং
নিশাক্ষযে য়াতি হ্রিয়েৱ পাণ্ডুতাম্ ।। ৯।।
মাটিৰ ধূলি কঢ়িয়াই বতাহ হৈ পৰিছে অসহ্য
পৃথিৱীও সূৰ্যৰ প্ৰচণ্ড তাপত সন্তপ্ত
কিন্তু যি প্ৰৱাসী স্বয়ং দগ্ধ
প্ৰিয়তমাৰ বিৰহৰ অগনিত
কেনেকৈ দেখিব পৃথিৱীৰ দশা কি প্ৰখৰ ৰ’দত ?
অসহ্যৱাতোদ্ধতৰেণুমণ্ডলা
প্রচণ্ডসূর্যাতপতাপিতা মহী ।
ন শক্যতে দ্রষ্টুমপি প্রৱাসিভিঃ
প্রিয়াবিয়োগানলদগ্ধমানসৈঃ ।।১০।।
প্ৰচণ্ড সূৰ্যৰ তাপত তৃষিত হৰিণী
শুকাই যায় অণ্ঠ-কণ্ঠ বিচাৰি ফুৰে পানী
কাজল-ক’লা গাঢ় নীল আকাশ দেখি
দূৰ-দিগন্তৰ বনান্তৰলৈ দৌৰে পানী বুলি ভাবি ।
মৃগাঃ প্রচণ্ডাতপতাপিতা ভৃশং
তৃষা মহত্যা পৰিশুষ্কতালৱঃ ।
ৱনান্তৰে তোয়মিতি প্রধাৱিতা
নিৰীক্ষ্য ভিন্নাঞ্জনসংনিভং নভঃ ।। ১১ ।।
জিলমিল জোন জ্বলা ৰাতিৰ দৰে মোহনীয় নাৰী
উজলি উঠিছে চন্দ্ৰৰ দৰে উজ্জ্বল আভূষণ পৰিধান কৰি
বিলাস-বিভ্ৰমসহ মিচিকিয়া হাঁহি মাৰি
পলকতে জগাই পৰদেশী বিৰহীৰ মনত কামাগ্নি ।
সৱিভ্রমৈঃ সস্মিতজিহ্মৱীক্ষিতৈৰ্
ৱিলাসৱত্যো মনসি প্রসঙ্গিনাম্প্রৱাসিনাং ।
অনংগসংদীপনমাশু কুৰ্বতে
যথা প্রদোষাঃ শশিচাৰুভূষণাঃ ।। ১২।।
আকাশত উত্তপ্ত সূৰ্য আৰু ভূমিৰ
তপত বালিত অতি তাপিত হৈ
ফেটীসাপে ফণা নমাই ঘন শ্বাস লয়
অলস গতিৰে গৈ মেৰ পাতি জিৰণি লয়
ময়ূৰৰ চালিৰ ছাঁত ।
ৰৱের্ময়ূখৈৰভিতাপিতো ভৃশং
ৱিদহ্যমানঃ পথি তপ্তপাংসুভিঃ ।
অৱাঙ্মুখো জিহ্মগতিঃ শ্বসন্ মুহুঃ
ফণী ময়ূৰস্য তলে নিষীদতি ।। ১৩।।
তৃষাতুৰ হৈ হেৰুৱাই বিক্ৰম আৰু উদ্যম,
সিংহ আছে ৰৈ ওচৰতে থকা হাতী নকৰি চিকাৰ।
জিভা উলিয়াই ঘন শ্বাসত কঁপি আছে কেশৰ ।
তৃষা মহত্যা হতৱিক্রমোদ্যমঃ
শ্বসন্ মুহুর্ভূৰিৱিদাৰিতাননঃ ।
ন হন্ত্যদুৰেঽপি গজান্ মৃগাধিপো
ৱিলোলজিহ্বশ্চলিতাগ্রকেসৰঃ ।। ১৪।।
ভানুৰ তাপত সন্তপ্ত
অণ্ঠ-কণ্ঠ শুকাই যোৱা হাতীয়ে
জলকণা বিচাৰি শুকান শুঁৰেৰে,
পিয়াহত আতুৰ হৈ পানীৰ সন্ধানত
চিৰবৈৰী সিংহৰ ভয়ো কৰিলে ত্যাগ ।
ৱিশুষ্ককন্ঠাহতশীকৰাম্ভসো
গভস্তিভির্ভানুমতোঽভিতাপিতাঃ ।
প্রৱৃদ্ধতৃষ্ণোপহতা জলার্থিনো
ন দন্তিনঃ কেসৰিণোঽপি বিভ্যতি ।। ১৫।।
হোমাগ্নিৰ দৰে উতপ্ত সূৰ্যৰ কিৰণত
ময়ূৰৰ শৰীৰ-প্ৰাণ হৈছে অতিকে ক্লান্ত,
কাষতে পায়ো কৰা নাই চিকাৰ
আপোন চালিৰ ছাঁত আশ্ৰয় লোৱা সৰ্প।
হুতাগ্নিকল্পৈঃ সৱিতুর্মৰীচিভিঃ
কলাপিনঃ ক্লান্তশৰীৰচেতসঃ ।
ন ভোগিনং ঘ্নন্তি সমীপৱর্তিনং
কলাপচক্রেষু নিৱেশিতাননম্ ।। ১৬ ।।
ভদ্রমুস্ত বনেৰে ভৰা শুকান জলাহত
বনগাহৰি সোমাইছে মাটিৰ তলত
দীঘল নাকেৰে বোকা খনন কৰি
তীক্ষ্ণ তাপৰ পৰা পৰিত্ৰাণ পাব বুলি ।
সভদ্রমুস্তং পৰিপাণ্ডুকর্দমং
সৰঃ খনন্নায়তপোত্রমণ্ডলৈঃ ।
ৰৱের্ময়ূখৈৰভিতাপিতো ভৃশং
ৱৰাহয়ূথো ৱিশতীৱ ভূতলম্ ।। ১৭।।
প্ৰখৰ ৰ’দত উতলি উঠা বোকা-পানীৰ পৰা
জঁপিয়াই ওলাই আহিছে ভেকুলী,
জিৰণি লৈছে তৃষাতুৰ সৰ্পৰ ফণাৰ ছাঁত ।
ৱিৱস্বতা তীক্ষ্ণতৰাংশুমালিনা
সপঙ্কতোয়াত্ সৰসোঽভিতাপিতঃ ।
উত্প্লুত্য ভেকস্তৃষিতস্য ভোগিনঃ
ফণাতপত্রস্য তলে নিষীদতি ।। ১৮।।
পদুমশিপাৰ জাল কৰি তছনছ
মৎস্যকুলক কৰি বিপন্ন-সন্ত্ৰস্ত
জলচৰ সাৰস পখীও উৰি গ’ল ভয়ত
পৰস্পৰে দবৰাদবৰি কৰি ঘুলি লৈ বোকাত
হাতীৰ পালে সৰোবৰ কৰিলে কৰ্দমময় ।
সমুদ্ধৃতাশেষমৃণালজালকং
ৱিপন্নমীনং দ্রুতভীতসাৰসং ।
পৰস্পৰোত্পীডনসংহতৈর্গজৈঃ
কৃতং সৰঃ সান্দ্রৱিমর্দকর্দমম্ ।।১৯।।
ফণধৰ সাপৰ শিৰৰ মণি বেলিৰ কিৰণ পৰি তিৰবিৰাইছে
চঞ্চল দ্বিবিভক্ত জিভা লিকলিকাই বায়ু পান কৰিছে
ৰ’দত হৈছে উতপ্ত যাৰ বিষৰূপী অগনি
তৃষ্ণাত আতুৰ হৈ ধৰা নাই বেং-ভেকুলী ।
ৰৱিপ্রভোদ্ভিন্নশিৰোমণিপ্রভো
ৱিলোলজিহ্বাদ্বযলীঢমাৰুতঃ ।
ৱিষাগ্নিসূর্য়াতপতাপিতঃ ফণী
ন হন্তি মণ্ডূককুলং তৃষাকুলঃ ।। ২০।।
ফেনিল মুখেৰে লেলাৱতি ওলাই থকা ৰঙা জিভাৰে
পিয়াহত আতুৰ ম’হৰ পালে মূৰ তুলি ওপৰৰ দিশে
পৰ্বতৰ গহ্বৰৰ পৰা পানীৰ সন্ধানত নামিছে ।
সফেনলালাৱৃতৱক্ত্রসংপুটং
ৱিনিঃসৃতালোহিতজিহ্বমুন্মুখম্ ।
তৃষাকুলং নিঃসৃতমদ্রিগহ্বৰাদ্
গৱেক্ষমাণং মহিষীকুলং জলম্ ।। ২১।।
প্ৰবল বনজুইত গৈছে তৰু-তৃণ জাহ
ৰুক্ষ-তপ্ত বতাহত উৰিছে শুকান পাত
সূৰ্যৰ তাপ শুকাইছে য’ৰ জলাধাৰ
দেখাত অতি ভয়ংকৰ সেই বন-প্ৰান্তৰ।
পটুতৰদৱদাহোত্প্লুষ্টশষ্পপ্রৰোহাঃ
পৰুষপৱনৱেগোত্ক্ষিপ্তসংশুষ্কপর্ণাঃ ।
দিনকৰপৰিতাপক্ষীণতোয়াঃ সমন্তাদ্
ৱিদধতি ভয়মুচ্চৈর্বীক্ষ্যমাণা ৱনান্তাঃ ।। ২২।।
সঘন শ্বাস লৈ জীৰ্ণ-শীৰ্ণ বৃক্ষত বহিছে পখীৰ জাক
তাপত পীড়িত কপিকুল সোমাইছেগৈ পাহাৰী নিকুঞ্জত ।
পানী বিচাৰি নীলগাইবোৰ ভ্ৰমিছে চৌদিশে
হাতী পোৱালিয়ে শুঁৰেৰে শুহিছে কুঁৱাৰ পানী পোনছাটে ।
শ্বসিতি ৱিহগৱর্গঃ শীর্ণপর্ণদ্রুমস্থঃ
কপিকুলমুপয়াতি ক্লান্তমদ্রের্নিকুঞ্জম্ ।
ভ্রমতি গৱয়য়ূথঃ সর্ৱতস্তোয়মিচ্ছঞ্
শৰভকুলমজিহ্মং প্রোদ্ধৰত্যম্বুকূপাত্ ।। ২৩।।
নতুনকৈ ফুলা কুসুম্ভ ফুলৰ দৰে স্বচ্ছ
সেন্দূৰৰ সমান যাৰ আভা
বেগৱান বায়ুৰ প্ৰভাৱত প্ৰচণ্ড সেই বহ্নিৰ গতি ।
তীৰৰ বৃক্ষক কৰিবলৈ আলিংগন আৰু
লতিকাৰ আগ চুম্বনৰ বাবে বিয়াকূল
বনজুয়ে চৌদিশে ভূমি নিছে দহি ।
ৱিকচনৱকুসুম্ভস্বচ্ছসিন্দূৰভাসা
প্রবলপৱনৱেগোদ্ধূতৱেগেন তূর্ণম্ ।
তৰুৱিটপলতাগ্রালিংগনব্যাকুলেন
দিশি দিশি পৰিদগ্ধা ভূময়ঃ পাৱকেন ।। ২৪।।
বায়ুৰ সংযোগত উত্তেজিত হৈ বনজুই
প্ৰজ্জ্বলিত কৰে পৰ্বত-কন্দৰ ।
বাঁহনিত ভীষণ শব্দৰে ফুটে শুকান বাঁহৰ হিলৈ
ক্ষণিকতে বাঢ়ি বিয়পি পৰে তৃণভূমিলৈ ।
বনৰ প্ৰান্তে প্ৰান্তে জ্বলে আতংকিত হৰিণ।
জ্বলতি পৱনবিদ্ধঃ পর্ৱতানাং দৰীষু
স্ফুটতি পটুনিনাদঃ শুষ্কৱংশস্থলীষু ।
প্রসৰতি তৃণমধ্যে লব্ধৱৃদ্ধিঃ ক্ষণেন
গ্লপয়তি মৃগৱর্গং প্রান্তলগ্নো দৱাগ্নিঃ ।। ২৫।।
বতাহে কঢ়িয়াই নিয়া বনজুই শিমলু-বনতো বিয়পে,
গছৰ ধোন্দত জ্বলি সোণ-হালধীয়া হৈ জিলিকে,
ওখ গছৰ লঠঙা ডালত উৰন্ত জুই সৰ্বত্ৰে বিয়পে ।
বহুতৰ ইৱ জাতঃ শাল্মলীনাং ৱনেষু
স্ফুৰতি কনকগৌৰঃ কোটৰেষু দ্রুমাণাম্ ।
পৰিণতদলশাখানুত্পত প্রাংশু ৱৃক্ষান্
ভ্রমতি পৱনধূতঃ সর্ৱতোঽগ্নির্ৱনান্তে ।। ২৬।।
দাবাগ্নিত পীড়িত শৰীৰ লৈ হাতী নীলগাই সিংহ
এৰি চিৰবৈৰী ভাব মিত্ৰৰ দৰে হৈছে একত্ৰ।
এৰি তটৱৰ্তী প্ৰশস্ত বাসস্থান সকলোৰে সংকটবেলাত
অনতিপলমে আশ্ৰয় লৈছে নদীৰ পানীত ।
গজগৱয়মৃগেন্দ্রা ৱহ্নিসংতপ্তদেহাঃ
সুহৃদ ইৱ সমেতা দ্বন্দ্বভাৱং ৱিহায় ।
হুতৱহপৰিখেদাদাশু নির্গত্য কক্ষাদ্
ৱিপুলপুলিনদেশাং নিম্নগাং সংৱিশংতি ।।২৭।।
তথাপি !
যি ঋতুত পদুমেৰে ভৰি পৰে সৰোবৰ
পাটল ফুলৰে মৃদু সুবাসিত পানীত
য’ত স্নান হয় অতি সুখকৰ ।
নিশাৰ জোনাক আৰু
মুকুতাৰ চন্দ্ৰহাৰ হয় অতি প্ৰীতিকৰ।
সেই গ্ৰীষ্মৰ ৰাতিবোৰ ভৱনৰ ছাঁদত
সুখদায়ক হওক তোমাৰ বাবে
সুললিত গীত গোৱা কামিনীসৱৰ সংগত ।
কমলৱনচিতাম্বুঃ পাটলামোদৰম্যঃ
সুখসলিলনিষেকঃ সেৱ্যচন্দ্রাংশুহাৰঃ ।
ব্ৰজতু তৱ নিদাঘঃ কামিনীভিঃ সমেতো
নিশি সুললিতগীতৈর্হর্ম্যপৃষ্ঠে সুখেন ।। ২৮।।
।। ইতি গ্রীষ্মঃ ।।
(আগলৈ)