মূল : ড° তপোধীৰ
ভট্টাচাৰ্য
অসমীয়া
অনুবাদ : কুমুদ ঘোষ
(সমকালীন
বাঙালি প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম ড॰ তপোধীৰ ভট্টাচাৰ্য৷ দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক
ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা ড॰ ভট্টাচাৰ্যই
পৰৱত¹ সময়ত
অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷
দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি
সাপেক্ষে এই অনুবাদ আয়োজন৷)
৷৷ তিনি৷৷
উত্তৰ-সংযুক্তিবাদ, মনোবিশ্লেষণবাদ,
নাৰী চেতনাবাদ আৰু মাক্সৰ্বাদী তত্ত্ব-জিজ্ঞাসাৰ সাম্প্ৰতিক
ধাৰা-উপধাৰাৰ সমৱেত প্ৰভাৱত অনুবাদতত্ত্বতো দেখা গৈছে ব্যাপক পুনঃপাঠৰ আয়োজন৷
ভাষাতাত্ত্বিক, সমাজতাত্ত্বিক, ৰাজনৈতিক
আৰু দাৰ্শনিক বিশ্লেষণে ইয়াক আৰু আকৰ্ষণীয় কৰি তুলিছে৷ বিশেষকৈ উত্তৰ-সংযুক্তিবাদী
ভাষ্যকাৰসকলৰ কল্যাণত অনুবাদতত্ত্ব সম্পূৰ্ণ সলনি হৈছে৷ এইসকলৰ ভিতৰত অন্যতম জাক
ডেৰিডা আৰু পল দা ম্যান৷ ৱাল্টাৰ বেঞ্জামিনৰ বিখ্যাত ৰচনা ‘The task of the
translation’-ৰ সুবাদত ‘মৌলিক’ আৰু ‘অনুবাদ’ এই শব্দ দুটাৰ
পৰা নতুন নতুন তাৎপৰ্য চেপি ওলোৱা হৈছে৷ কাক ক’ম মৌলিকতা আৰু
কাক ক’ম লেখক-সত্তা (authorial self), এই
বিষয়ত আচৰিত বিশ্লেষণ দাঙি ধৰা হৈছে৷ কোৱা হৈছে, কোনো ৰচনা
এই কাৰণে ‘মৌলিক’ নহয় যে, ইয়াৰ মাজত লেখকৰ নিজস্ব
তাৎপৰ্য সূচাৰুৰূপে ব্যক্ত হৈছে; বৰং পৰৱৰ্তী প্ৰজন্মসমূহৰ
মাজতো যে তাৰ প্ৰাসঙ্গিকতা থাকিব বুলি দৃঢ. বিশ্বাস কৰা হৈছে - এইবাবেই তাক দিছোঁ
মৌলিকতাৰ ন্যায্য পদৱী৷ আৰু এই বিশ্বাসৰ বলতেই সেয়া হৈ উঠিছে অনুবাদযোগ্য; এইদৰেই সেই ৰচনাৰ আয়ুসকাল প্ৰসাৰিত হৈছে আৰু সি নতুন জীৱন লাভ কৰিছে৷
বেঞ্জামিনৰ প্ৰবাদপ্ৰতিম শব্দবন্ধত, মৌলিক পাঠে চিৰকাল ‘after
life’ অৰ্জন কৰি লয়৷ প্ৰাগুক্ত নিবন্ধত তেখেতে আৰু কৈছে - ‘translations
that are more than transmissions of subject matter come into being when in the
course of its survival a work has reached the age of its fame. The life of the
originals attains in them to its ever-renewed latest and most abundant
flowering.’ (১৯৮৯ : ৭২)৷ তেনেহ’লে, দেখা গৈছে, অনুবাদৰ মাজত উৎস-পাঠৰ দীৰ্ঘায়িত জীৱন
প্ৰমাণিত আৰু প্ৰতিষ্ঠিত হয়৷ আন ধৰণেৰে যদি কওঁ, অনুবাদৰ
জন্ম হৈছে যি বাগ্ধাৰাৰ কল্যাণত তাকেই শেষলৈকে সি পুষ্টি দিছে, প্ৰসাৰিত কৰিছে তাৰ জীৱনৰ সীমান্ত৷ গতিকে অনুবাদ মৌলিক ৰচনাৰ খ্যাতিৰ
প্ৰমাণ নে কালাতীত হোৱাৰ বিশ্বস্ত আৰু উদাৰ মাধ্যম বাৰু! আৰু অলপ আগুৱাই ক’ব পাৰি, প্ৰকৃততে সাৰ্থক অনুবাদক হ’ল নতুন চেতনাৰ স্থাপত্যক ভিত্তি কৰি উৎসপাঠৰ নৱজন্মৰ হোতা৷ অনুবাদক আশ্ৰয়
কৰি সেই পাঠে তেতিয়া অৰ্জন কৰে গতি আৰু বোধ, নতুনকৈ সেয়া
মনোযোগৰ বিষয় হৈ পৰে৷ এইখিনিতে ডেৰিডাৰ এটি গুৰুত্বপূৰ্ণ মন্তব্য স্মৰণ কৰিব পাৰোঁ
- ‘The translation will truly be a movement in the growth of the
original which will complete itself in enlarging itself.’ (১৯৮০ :
১৮৮)৷ তেনেহ’লে এই ইঙ্গিত পাইছোঁ যে, মৌলিক
ৰচনা তাকেই বুলিব পাৰি যি ক্ৰমাগত ৰূপান্তৰিত হ’ব পাৰে৷ কালৰ
ব্যাপক নিৰৱধি বিস্তাৰত কিছুমান পাঠ যে ক্ৰমাগত ৰূপান্তৰিত হৈ আছে, আমাৰ পঠন অভিজ্ঞতাৰ পৰাই তাৰ যথেষ্ট প্ৰমাণ আহৰণ কৰিব পাৰোঁ৷ হোমাৰৰ
ইলিয়াড, ছফ’ক্লিছৰ ৰজা অ’ডিপাছ বা আন্তিগ’নে, শ্বেইক্সপীয়েৰৰ
হেমলেট বা মেকবেথ, মিল্টনৰ পেৰাডাইছ ল’ষ্ট, দান্তেৰ ডিভাইন কমেডি, গ্যাটেৰ
ফাউষ্ট, বাল্মীকিৰ ৰামায়ণ, কালিদাসৰ
মেঘদূত বা অভিজ্ঞান শকুন্তলম্, ৰবীন্দ্ৰনাথৰ ৰক্তকৰৱী বা
ডাকঘৰ বা চণ্ডালিকা, ব’ডলেয়াৰ বা ৰিলকে
বা এলিয়টৰ কবিতা - তালিকাখন আৰু দীঘল কৰিব পাৰি৷ যি সংস্কৃতিত প্ৰথম পাঠৰ জন্ম
হৈছিল, তাৰ সৈতে আমাৰ দূৰত্ব আজি কোনো কোনো ক্ষেত্ৰত যোজন
যোজন৷ তথাপি যুগ-যুগান্তৰে অনুবাদকসকলে তেখেতসকলৰ অন্তহীন বিকাশৰ পটত সৰু একোটা
পৰ্যায়ক প্ৰাণৱান কৰি তুলিছে৷ সেইবোৰ উৎস-পাঠে যিমানে নিজকে প্ৰসাৰিত কৰিছে,
সিমানে পূৰ্ণ হৈ উঠিছে৷ বেঞ্জামিনে ‘শুদ্ধ
ভাষা’ৰ সপক্ষে কিছু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ.াইছে৷ তেখেতৰ
মতে অনুবাদকৰ দায়িত্ব হ’ল তেখেতৰ নিজৰ ভাষাত সেই ঈপ্সিত
শুদ্ধ ভাষাৰ বাধাহীন বিস্তাৰ ঘটোৱাত সহায় কৰা, যিটো বহু
সময়ত বাচনিক অভ্যাস (speech habit)ৰ বন্দীশালত আৱদ্ধ হৈ
থাকে৷ অনুবাদকে তেখেতৰ লক্ষ্যপাঠত যেতিয়া কোনো ৰচনাৰ পুনৰ্নিমান কৰে, একে সময়তে তেখেত হৈ পৰে ভাষাৰো মুক্তিদাতা আৰু ভাষাৰ বিশুদ্ধ আৰু গভীৰ
দে্যাতনাৰ স্থপতি৷ ডেৰিডা আৰু দা ম্যানৰ বক্তব্য অনুসৰণ কৰিলে দেখা পাওঁ যে
তেখেতসকলে বেঞ্জামিনৰ সেই শুদ্ধভাষাৰ তত্ত্বকে উত্তৰ-সংযুক্তিবাদী ভাষা ভাবনা
অনুযায়ী পুৰ্নবিন্যস্ত কৰি লৈছে৷ ডেৰিডাই ইয়াক ক’ব বিচাৰিছে
সকলো ভাষাৰ আদিম নিৰ্যাসৰূপে উপস্থিত পৰাভাষা (meta-language) জ্ঞ ‘It is the being language of the language’ (প্ৰাগুক্ত
: ২০১)৷ আকৌ দা ম্যানে উল্লেখ কৰিছে, সকলো ভাষাৰ মাজতে গুপুত
হৈ আছে ব্যতিক্ৰমৰ স্থায়ী প্ৰৱণতা আৰু ভাষাৰ জীৱনক আগুৰি আছে দীৰ্ঘায়ত জীৱনৰ
দীপ্তি৷ তেখেতৰ মতে, প্ৰতিটো অনূদিত পাঠকৃতি (text)কে দাৰ্শনিক আৰু ৰূপকমূল্য (metaphoric value) দিব
পাৰি৷ তেখেতে অনুবাদৰ মাজত দেখা পাইছে ‘transcendental errancy of langue’-ৰ নিদৰ্শন৷ এই বিষয়টো অৱশ্যে সামাজিক, সাংস্কৃতিক
আৰু ঐতিহাসিক দিশৰ পৰা সুনিৰ্দিষ্ট৷ প্ৰকৃতপক্ষে কোনো বিশেষ কালপবৰ্ত কিয় কিছুমান
বিশেষ বাগ্ধাৰা অনুবাদকৰ বাবে অধিক আকৰ্ষণীয় হয়, সেয়াও
একান্ত গুপুত সামাজিক আৰু ঐতিহাসিক কাৰণৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকে৷ পাঠকৃতিৰ বয়ন
গঢ. লয় জীৱনৰ পৰা পোৱা অজস্ৰ অভিজ্ঞতা আৰু উপলব্ধিৰ সূতাৰে৷ স্বাভাৱিকতে ইয়াত থাকে
বিচিত্ৰ দীঘ-বাণি, অসংখ্য অন্তবৰ্য়ন আৰু বহুস্বৰিক (polyphonic)-তা৷ তেনেহ’লে, দেখা গৈছে,
অনুবাদতত্ত্ব মানে এয়া নহয় যে কিদৰে অনুবাদ কৰা হ’ব তাৰ অতি সূক্ষ্ম ব্যাখ্যা অথবা অনুবাদকসকলৰ তাৰতম্য বিচাৰ কৰাৰ উপায়৷
বিশেষকৈ উত্তৰ-সংযুক্তিবাদৰ প্ৰভাৱত অনুবাদতত্ত্ব হৈ উঠিছে আমি কিদৰে অনুবাদ
পঢে.ঁা, সেই পদ্ধতিৰ বিশ্লেষণ৷ সমান্তৰালভাৱে এই কথাও স্পষ্ট
হৈ উঠে যে এই পাঠ আচলতে বহুমুখী আৰু বহুস্তৰান্বিত কাৰণ অনুবাদে
সমাজ-সংস্কৃতি-ইতিহাসৰ নানামাত্ৰিক ৰূপান্তৰ আৰু সম্ভাৱানক চিনাকি কৰি দিয়ে৷
উৎস-পাঠৰ সক্ৰিয় পুনবিৰ্ন্যাসৰ মাজেদি লক্ষ্য-পাঠত উপনীত হওঁতে অনুবাদকে অনবৰত
পাঠকৰ বাবে এই সূত্ৰ থৈ যায়, পাঠকৃতিৰ সকলো অংশ অনুবাদ কৰিব
নোৱাৰি৷ ইয়াৰ মাজত অনেক ছাঁ পৰা অঞ্চলো আছে যিখিনি কোনোৱে কেতিয়াও ৰূপান্তৰিত কৰিব
নোৱাৰে৷ সেয়া অনুবাদৰ ঊধ্বৰ্ত৷ মূল ভাষাৰ আওতাৰ বাহিৰলৈ আনিব বিচাৰিলে কেৱল যে
সূক্ষ্মতা আৰু চমৎকাৰিত্ব ধ্বংস হৈ যায়, সেয়াই নহয়; প্ৰকৃত চেতনা বা উপলব্ধিৰ স্পন্দনও শূন্যত মিলি যায়৷ কবিতাৰ পাঠকৃতি ইয়াৰ উৎকৃষ্ট
নিদৰ্শন; যিমানে ভাল কবিতা, তাৰ মাজত
অনুবাদ-অসাধ্য পৰিসৰ সিমানে বেছি৷ আনকি, গল্প আৰু উপন্যাসৰ
বাগ্ধাৰাতো কেতিয়াবা কেতিয়াবা এই ধৰণৰ অংশ চকুত পৰে৷ তেনেবোৰ ক্ষেত্ৰত অনুবাদকৰ
সংবেদনশীলতাই একমাত্ৰ ভৰসা৷ উৎস-পাঠ আৰু লক্ষ্য-পাঠৰ ভাষা-সংস্কৃতি-ভাবাদৰ্শ
পৰীক্ষা কৰি আমি তুলনামূলক বিচাৰত বুজিব পাৰোঁ, উভয়ৰ মাজত
কিদৰে প্ৰৱাহ আৰু ছেদৰ দ্বিবাচনিক (dialogical) সম্পৰ্ক গঢি.
উঠিছে৷ ভাবাদৰ্শ আৰু প্ৰাতিষ্ঠানিক বিন্যাস কোনো বিশেষ কাল-পবৰ্ত অনুবাদৰ ধাৰা,
কৃৎকৌশল আৰু চৰিত্ৰৰ নিৰ্ণায়ক হয়৷ এইবাবেই ভেনুটিয়ে উল্লেখ কৰিছে : ‘The
translator is the agent of a cultural practice that is conducted under
continuous self-monitoring and often with active consultation of cultural
source and resources ...The translation is located in intertextual and
ideological configuration.’ (প্ৰাগুক্ত : ১১)৷
এই বক্তব্যৰ
সমৰ্থন পোৱা যায় য়ুৰোপীয় অনুবাদ প্ৰক্ৰিয়াৰ ধাৰাবাহিক অভিজ্ঞতাত৷ তাৰ লগতে ঊনৈছ
আৰু কুৰি শতিকাৰ ভাৰতবৰ্ষত ইউৰোপীয় প্ৰাচ্যতত্ত্ববিদসকলৰ অনুবাদ সম্পক¹য় বিপুল উৎসাহৰ উত্থানত আৰু অৱসানত, আলোকপ্ৰাপ্তি-উন্মুখ
বাংলাত প্ৰতীচ্যৰ সাহিত্য-পাঠ আৰু ৰূপান্তৰৰ স্পৃহাত আৰু তাৎপৰ্যপূৰ্ণভাৱে,
অনুবাদকসকলৰ বিভিন্ন মন্তব্যত৷ ভাবাদৰ্শগত দ্বন্দ্ব আৰু
প্ৰাতিষ্ঠানিক বাধ্যবাধকতাত অৱশেষত অনুবাদকৰ কামে ৰাজনৈতিক মাত্ৰা লাভ কৰে৷ বিশেষকৈ
ঊনৈছ শতিকাৰ বংগত ঔপনিৱেশিক প্ৰতীচ্যৰ তাচ্চিল্য, কৰুণা,
আগ্ৰাসন আৰু প্ৰতাপ-বিচ্ছুৰণ (continuing impact of hegemony
(power))-ৰ পৰা অনুবাদ প্ৰক্ৰিয়াক কোনোপধ্যেই পৃথক কৰিব নোৱাৰি৷
আনহাতে বাঙালীৰ সাংস্কৃতিক প্ৰত্যুত্তৰৰ আৰম্ভণিত আছিল মুগ্ধ আত্মসমৰ্পণ, পাছলৈ সতৰ্ক পদক্ষেপ আৰু অৱশেষত প্ৰশ্ন আৰু বিদ্ৰোহ৷ তাত্ত্বিকসকলে লক্ষ্য
কৰিছে, অনুবাদকৰ অৱচেতনা পাঠকৃতি-নিৰ্ভৰ আৰু পাঠকৃতিতে
নিষ্পন্ন৷ ‘Borderlines’ শীৰ্ষক প্ৰবন্ধত ডেৰিডাই দেখুৱাইছে,
বাগ্ধাৰাৰ গভীৰ অন্তবৰ্য়নগত সম্পৰ্কত সামাজিক আৰু সাংস্কৃতিক
আকাঙক্ষা তাৎপৰ্যপূৰ্ণভাৱে ধৰা পৰে৷ অনুবাদকে সকলো ধৰণৰ নিয়ন্ত্ৰণবাদ অস্বীকাৰ কৰি
ক্ষমতাৰ ভাষাৰ পৰা পৰিত্ৰাণৰ বাট বিচাৰিবলৈ ধৰে৷ সেই ক্ষেত্ৰত অনুবাদ হৈ উঠে বিশেষ
ধৰণৰ আয়ুধ যাৰ সহায়ত আৰোপিত সামাজিক আৰু সাংস্কৃতিক স্তৰবিন্যাসত অৰ্থাৎ ওখ-চাপৰৰ
প্ৰথাগত ধাৰণাত অন্তৰ্ঘাত কৰিব পাৰি৷ তেতিয়া আমি অনুবাদক গ্ৰহণ কৰিব পাৰোঁ
ৰূপান্তৰৰ স্বাধীনতা অৰ্জনৰ আকাঙক্ষা হিচাপে৷ উত্তৰ-সংযুক্তিবাদী পাঠকৃতি-তত্ত্ব
অনুযায়ী ‘a text can stand in a relationship of transference to another
text’ (প্ৰাগুক্ত : ১৪৭); অৱশ্যে এই প্ৰক্ৰিয়া
সম্পূৰ্ণৰূপে অনুবাদকৰ অৱস্থানগত উপলব্ধিৰ ওপৰত নিৰ্ভৰশীল৷ এই চিন্তাপ্ৰস্থান (school
of thought)-ৰ অভিঘাতত অনুবাদকৰ দাৰ্শনিক, সাংস্কৃতিক
আৰু সাহিত্যিক তাৎপৰ্য নতুনভাৱে উদ্ভাসিত হৈ উঠিছে৷ সবাতোকৈ ডাঙৰ কথা, তাৎপৰ্যৰ প্ৰতীতিক যিহেতু ‘differential plurality’ বুলি
ব্যাখ্যা কৰা হৈছে, অনুবাদকৰ মনোযোগ চিহ্নায়িত (signified)-ৰ পৰা আঁতৰি গৈ কেন্দ্ৰীভূত হৈছে চিহ্নায়ক (signifier) পৰম্পৰাত৷ মূল ৰচনাৰ পুনৰ্লিখন ইয়াৰ ফলত হৈ উঠিছে তাৰ সম্প্ৰসাৰণ৷ এই
উপলব্ধিকে তাৎপৰ্যপূৰ্ণভাৱে সূত্ৰায়িত কৰিছে প্ৰখ্যাত তাত্ত্বিক মৰিছ ব্লাঁশোৱে৷ ‘Translating’
(১৯৬৭) শীৰ্ষক প্ৰবন্ধত তেখেতে মন্তব্য কৰিছে : ‘Translation
is the sheer play of difference জ্ঞ it constantly makes
allusion to difference, dissimulates difference, but by occasionally revealing
and after accentuating it, translation becomes the very life of this difference.’
সকলো ৰচনাই বাৰু অনুবাদকৰ মনোযোগ আকৰ্ষণ কৰিব পাৰেনে? এই প্ৰশ্নৰ উত্তৰ একেলগে হ’ব হয় আৰু নহয়৷ হয়,
কিয়নো ভাষা-চেতনাৰ সকলো অভিব্যক্তিয়েই গ্ৰহীতাৰ বাবে অপেক্ষা কৰি
থাকে৷ মানুহে তাক নিজৰ ইচ্চামতে ভাঙি-ছিঙি নিজৰ কৰি লয়; প্ৰকৃততে
আত্মীকৰণৰ প্ৰক্ৰিয়াত এই ভঙা-গঢ়া সংযোগ-বৰ্জন অৱধাৰিত৷ ৰূপান্তৰিত নকৰাকৈ একোৱেই
গৃহীত নহয়, হ’ব নোৱাৰে৷ সেয়ে যোগাযোগ
মানে বিশেষ ধৰণৰ অনুবাদ৷ তাৰ অৰ্থ, ৰূপান্তৰৰ মাজেদি
আত্মীয়তা গঢি. তোলা৷ আকৌ ইয়াৰ উত্তৰ নহয়ো, কাৰণ, ভাষাৰ মাজত কেৱল ব্যক্ত উপাদানেই নাথাকে, অব্যক্তও
থাকে৷ কেৱল ৰ’দ নহয়, বিচাৰোঁ ছাঁ আৰু
কুঁৱলি৷ সেয়া নহ’লে ভাষাৰ পৃথিৱী সম্পূৰ্ণ নহয়৷ শব্দক আগুৰি
থাকে নৈঃশব্দ্যৰ বলয়৷ শব্দক অনুবাদ বা ৰূপান্তৰিত কৰিব পাৰি; কিন্তু যিখিনি কথিত নহয়, কেৱল সঞ্চাৰিত হয় - সেই
অনুভৱগম্যক অনুবাদ কৰিম কেনেকৈ! তেনেহ’লে অনুবাদৰ সংজ্ঞা কি
হ’ব, তাক লৈ সংশয়ে দেখা দিয়ে৷ প্ৰথাগত
ধাৰণা অনুযায়ী কোনো মূল পাঠৰ আঙ্গিক, অন্তবৰ্স্তু আৰু
তাৎপৰ্যক যথাসম্ভৱ বিশ্বস্তভাৱে অনুবাদে প্ৰকাশ কৰে৷ তাৰ অৰ্থ, উৎস-পাঠৰ প্ৰতি আনুগত্য হিন্দুসকলৰ ‘সতীত্ব’ বিষয়ক ধাৰণাৰ নামান্তৰ হৈ পৰে৷ এইখিনিতে আমাৰ অতিকে পৰিচিত সেই প্ৰবাদৰ
কথা মনলৈ আহে, যাৰ মাজত হয়তো বহুতেই পিতৃতান্ত্ৰিক স্থূলতাৰ
ছাঁ বিচাৰি পাব : অনুবাদ হ’ল সুন্দৰী নাৰীৰ দৰে যাৰ সৌন্দৰ্য
আৰু অসতীত্ব পৰস্পৰ-সম্পৃক্ত অৰ্থাৎ অনুবাদ যদি মূলৰ অনুগামী হয়, তাত নান্দনিক সৌন্দৰ্য ৰক্ষিত নহয়; আকৌ অনুবাদ
যেতিয়া সাৰ্থক সেই সময়ত মূল পাঠৰ পৰা সেয়া স্বতন্ত্ৰ আৰু স্বাধীন৷ উৎস-পাঠৰ
যান্ত্ৰিক পুনৰাবৃত্তিয়ে কেতিয়াও অনুবাদৰ স্বীকৃতি লাভ কৰিব নোৱাৰে৷ প্ৰসঙ্গক্ৰমে
জন জনষ্টোনৰ এটি তাৎপৰ্যপূৰ্ণ মন্তব্য স্মৰণ কৰিব পাৰোঁ : ‘In translation
a text does become a vehicle for the becoming of language.’ (১৯৯২
: ৪২)৷ তেনেহ’লে অনুবাদে ভাষাৰ বিকাশ আৰু ভাষাৰ বিস্তাৰত
সক্ৰিয় সহযোগিতা কৰে, কিছু সংখ্যকৰ মতে এইটোৱেই তাৰ প্ৰধান
দায়িত্ব৷ আকৌ কোনো কোনোৱে এনেকৈও কয়, তত্ত্বগতভাৱে অনুবাদ
অসম্ভৱ কিয়নো এটা ভাষাৰ পৰা অন্য ভাষালৈ বহিবৃৰ্ত গাঁথনিৰ মূল জঁকাটো অথবা
অন্তবৰ্স্তুৰ ৰূপৰেখা মাত্ৰ অনূদিত হ’ব পাৰে; চিন্তাৰ নীৰৱতা বা বিষয়ৰ নিৰ্যাস এক নিৰ্দিষ্ট ভাষাত সুনিৰ্দিষ্ট মাত্ৰাত
প্ৰকাশিত হ’ব পাৰে৷ অন্য ভাষা মানে অন্য সত্তা অন্য প্ৰকৰণ৷
সেই সাৰবত্তা বা নিৰ্যাস অনুবাদৰ অতীত৷
অনুবাদকৰ
ঠিকনা :
নকছাৰি
- ৭৮৫৬৩৫
যোৰহাট
- অসম৷