মূল- মহাকবি কালিদাস
অসমীয়া অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত
|| ২য় অধ্যায় ||
(যোৱাসংখ্যাৰ পাছৰ পৰা)
দেৱদাৰু বৃক্ষৰ বাবে এই মহান যত্ন
তুমি নিজেও প্ৰভূৰ অধীন বাবেই ।
সেয়ে বুজিবা মোৰ কথাও ভালকৈ ।
ৰক্ষা কৰিব লগাজনক হেৰুৱাই
গুৰুৰ আগত থিয় দিম কেনেকৈ ।
ভবানপীদং পৰবানবৈতি মহান্হি যত্নস্তব দেবদাৰৌ |
স্থাতুং নিয়োক্তুর্ন হি শক্যমগ্রে বিনাশ্য ৰক্ষ্যং স্বয়মক্ষতেন || ২–৫৬||
যদি তুমি মোক হিংসা কৰিব নোৱাৰাঁ
তোমাৰ দয়া মোৰ যশৰূপী শৰীৰৰ প্ৰতি প্ৰৱাহিত কৰা ।
ধৰ্মৰক্ষাৰ তুলনাত ভৌতিক দেহপিণ্ড মূল্যহীন
মোৰ দৰে মানুহৰ দেহ এনেয়ো বিনাশ হ’বলগা।
কিমপ্যহিংস্যস্তব চেন্মতোঽহং যশঃশৰীৰে ভব মে দয়ালুঃ |
একান্তবিধ্বংসিষু মদ্বিধানং পিণ্ডেষ্বনাস্থা খলু ভৌতিকেষু || ২-৫৭||
সজ্জনৰ বন্ধুত্ব হয় বাৰ্তালাপতেই
এই অৰণ্যত আমাৰো সখিত্ব হ’ল তেনেকৈয়েই ।
সেয়ে হে ভূতনাথ অনুচৰ,
প্ৰাৰ্থনা নকৰিবা প্ৰত্যাখ্যান এই মিত্ৰৰ ।
সংবন্ধমাভাষণপূর্বমাহুর্বৃত্তঃ স নৌ সংগতয়োর্বনান্তে |
তদ্ভূতনাথানুগ নার্হসি ৎবং সংবন্ধিনো মে প্রণয়ং বিহন্তুম্ || ২-৫৮||
সিংহই বুলিলে সেয়ে হওক
দিলীপৰ বাহু হ’ল জড়তামুক্ত ।
ৰজাই কৰিলে অস্ত্ৰ পৰিত্যাগ
মাংসপিণ্ডৰ দৰে নিজৰ শৰীৰ কৰিলে আগ ।
তথেইতি গামুক্তবতে দিলীপঃ সদ্যঃপ্রতিষ্টম্ভবিমুক্তবাহুঃ |
সন্ন্যস্তশস্ত্রো হৰয়ে স্বদেহমুপানয়ৎপিণ্ডমিবামিষস্য || ২-৫৯||
প্ৰজাৰ পিতাস্বৰূপ ৰজা আক্ৰমণলৈ হ’ল সাজু শিৰ নত কৰি
সেই মুহূৰ্ততে ৰজাক অবাক কৰি বিদ্যাধৰসকলে কৰিলে পুষ্পবৃষ্টি ।
তস্মিন্ক্ষণে পালয়িতুঃ প্রজানামুৎপশ্যতঃ সিংহনিপাতমুগ্রম্ |
অবাঙ্মুখস্যোপৰি পুষ্পবৃষ্টিঃ পপাত বিদ্যাধৰহস্তমুক্তা || ২-৬০||
ৰজা দিলীপৰ বৰপ্ৰাপ্তি
‘উঠা হে পুত্ৰ !’
অমৃতময় কণ্ঠ শুনি মূৰ তুলি চালে ৰজাই
সিংহৰ সলনি সমুখত আছে মাতৃৰূপা পয়স্বিনী গাই ।
উত্তিষ্ঠ বৎসেত্যমৃতায়মানং বচো নিশম্যোত্থিতমুত্থিতঃ সন্ |
দদর্শ ৰাজা জননীমিব স্বাং গামগ্রতঃ প্রস্রবিণীং ন সিংহম্ || ২-৬১||
বিস্মিত ৰজাক নন্দিনীয়ে ক’লে, ‘হে সজ্জন !
কৰিলোঁ তোমাৰ পৰীক্ষা মই কৰি মায়াসিংহ উদ্ভাৱন ।
ঋষিৰ কৃপাত মোক যমেও নোৱাৰে চুব
যিমানেই হিংস্ৰ জন্তুৱে মোক খাবলৈ নাহক কিয় ।’
তং বিস্মিতং ধেনুৰুবাচ সাধো মায়াং ময়োদ্ভাব্য পৰীক্ষিতোঽসি |
ঋষিপ্রভাবান্ময়ি নান্তকোঽপি প্রভুঃ প্রহর্তুং কিমুতান্যহিংস্রাঃ || ২-৬২||
দেখি তোমাৰ গুৰুভক্তি আৰু মোলৈ প্ৰীতি
হৈছোঁ অতিকে সদয় মই তোমাৰ প্ৰতি ।
হে পুত্ৰ তুমি বৰ প্ৰাৰ্থনা কৰাঁ-
নহওঁ মই সাধাৰণ কোনো পয়স্বিনী গাই ।
মই সদয় হ’লে অভীষ্ট পূৰ্ণ হয় ।
ভক্ত্যা গুৰৌ ময়্যনুকম্পয়া চ প্রীতাস্মি তে পুত্র বৰং বৃণীষ্ব |
ন কেবলানাং পয়সাং প্রসূতিমবেহি মাং কামদুঘাং প্রসন্নাম্ || ২-৬৩||
সকলোৰে মনোৰথ পূৰ্ণকাৰী বাহুবলে খ্যাত মহাবীৰে
কৰপুটে কৰিলে প্ৰাৰ্থনা নন্দিনী আইৰ আগে ।
খ্যাতিমন্ত বংশৰক্ষক এটি পুত্ৰ লাগে মোক সুদক্ষিণাৰ গৰ্ভে ।
ততঃ সমানীয় স মানিতার্থী হস্তৌ স্বহস্তার্জিতবীৰশব্দঃ |
বংশস্য কর্তাৰমনন্তকীর্তিং সুদক্ষিণায়াং তনয়ং যয়াচে || ২-৬৪||
সেয়ে হওক বুলি নন্দিনীয়ে ৰজাক
সন্তানকামনা পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিলে ।
পাতত নিজৰ দুগ্ধ খীৰাই পান কৰাৰ আদেশ দিলে ।
সংতানকামায় তথেতি কামং ৰাজ্ঞে প্রতিশ্রুত্য পয়স্বিনী সা |
দুগ্ধ্বা পয়ঃ পত্রপুটে মদীয়ং পুত্রোপভুঙ্ক্ষ্বেতি তমদিদেশ || ২-৬৫
দামুৰিৰ পিয়াহ পলোৱাৰ পাছত
যজ্ঞৰ প্ৰয়োজন পূৰ্ণ হোৱাৰ শেষত
অৱশিষ্ট দুগ্ধ মই কৰিম পান লৈ গুৰুৰ অনুমতি
যিদৰে পৃথিৱীৰ ৰক্ষক হিচাপে গ্ৰহণ কৰোঁ
উৎপাদিত শস্যৰ ষষ্ঠাংশ মাথোঁ।
বৎসস্য হোমার্থবিধেশ্চ শেষং গুৰোৰনুজ্ঞামধিগম্য মাতঃ |
ঊধস্যমিচ্ছামি তবোপভোক্তুং ষষ্ঠাংশমুর্ব্যা ইব ৰক্ষিতায়াঃ || ২-৬৬||
ৰজাৰ মুখে এই কথা শুনি
অতিকৈ সুখী হ’ল বশিষ্ঠৰ গাই ।
ভাগৰ পাহৰি ৰজাৰ লগত আশ্ৰমলৈ গ’ল
হিমালয়ৰ গুহাৰ পৰা ওলাই ।
ইত্থং ক্ষিতীশেন বসিষ্ঠধেনুর্বিজ্ঞাপিতা প্রীততৰা বভূব |
তদন্বিতা হৈমবতাচ্চ কুক্ষেঃ প্রত্যায়য়াবাশ্রমমশ্রমেণ || ২-৬৭||
জোনৰ দৰে প্ৰসন্নবদনে প্ৰথমেই সুবাৰ্তা নিৱেদিলে গুৰুক
পুনৰুক্তি যেন হ’ল ৰজাই দিয়া সুখবৰ প্ৰিয়াক
তেওঁ সকলো বুজিলে আগতেই দেখিয়েই আনন্দিত মুখ।
তস্যাঃ প্রসন্নেন্দুমুখপ্রসাদং গুৰুর্নৃপাণাং গুৰবে নিবেদ্য |
প্রহর্ষচিহ্নানুমিতং প্রিয়ায়ৈ শশংস বাচা পুনৰুক্তমেব || ২-৬৮||
দামুৰিৰ পিয়াহ আৰু হোমৰ প্ৰয়োজন পূৰ্ণ হোৱাত
সজ্জনবৎসল অনিন্দিত ৰজাই বশিষ্ঠৰ আজ্ঞাত ।
এনেকৈ পান কৰিলে নন্দিনীৰ দুগ্ধ হৈ তৃষ্ণাৰ্ত
যেন গ্ৰহণ কৰিলে নিজৰেই যশ শুভ্ৰ ।
স নন্দিনীস্তন্যমনিন্দিতাত্মা সদ্বৎসলো বৎসহুতাবশেষম্ |
পপৌ বসিষ্ঠেন কৃতাভ্যনুজ্ঞঃ শুভ্রং যশোমূর্তমিবাতিতৃষ্ণঃ || ২-৬৯||
ৰাজধানীলৈ প্ৰত্যাৱৰ্তন
পুৱা যথাৰীতি ব্ৰতাচাৰণ কৰিলে ৰাজদম্পতীয়ে
যাত্ৰামংগল কৰি দুয়োকে বিদায় দিলে সংযমী ঋষিয়ে ।
প্রাতর্যথোক্তব্রতপাৰণান্তে প্রাস্থানিকং স্বস্ত্যয়নং প্রয়ুজ্য |
তৌ দংপতী স্বাং প্রতি ৰাজধানীং প্রস্থাপয়ামাস বশী বসিষ্ঠঃ || ২-৭০||
যাত্ৰাৰ পূৰ্বে প্ৰথমে প্ৰদক্ষিণ কৰিলে হোমাগ্নি
দ্বিতীয়তে কৰিলে প্ৰদক্ষিণ গুৰুসহ গুৰুপত্নী
শেষত ৰজাই কৰিলে প্ৰদক্ষিণ দামুৰীসহ নন্দিনী ।
এনে সজ কাজে শুভফল হ’ল দুগুণে বৃদ্ধি ।
প্রদক্ষিণীকৃত্য হুতং হুতাশমনন্তৰং ভর্তুৰৰুন্ধতীং চ |
ধেনুং সবৎসাং চ নৃপঃ প্রতস্থে সন্মঙ্গলোদগ্রতৰপ্রভাবঃ || ২-৭১||
পূৰ্ণ হোৱা মনোৰথৰ দৰেই
সুমধুৰ ধ্বনিৰ আৰু বিঘিনিহীন সুখদ ৰথত উঠি
প্ৰস্থান কৰিলে সহিষ্ণু ৰজাই লগত ধৰ্মপত্নীসহ ।
শ্রোত্রাভিৰামধ্বনিনা ৰথেন স ধর্মপত্নীসহিতঃ সহিষ্ণুঃ |
যয়াবনুদ্ঘাতসুখেন মার্গং স্বেনেব পূর্ণেন মনোৰথেন || ২-৭২||
বহুদিন নেদেখি প্ৰজা চাবলৈ আছিল উৎসুক
সন্তানকামনাৰ ব্ৰতত কৃশ হোৱা ৰাজনক
অমাৱস্যাৰ পাছত উদিত ন-জোনৰ দৰেই
প্ৰিয় নৃপতিক দৰ্শন কৰিলে প্ৰজাই
তথাপি যেন হেঁপাহ নপলায় ।
তমাহিতৌৎসুক্যমদর্শনেন প্রজাঃ প্রজার্থব্রতকর্শিতাঙ্গম্ |
নেত্রৈঃ পপুস্তৃপ্তিমনাপ্নুবদ্ভির্নবোদয়ং নাথমিবৌষধীনাম্ || ২-৭৩||
পতাকাৰে শোভিত নগৰত সোমাই গ্ৰহণ কৰিলে
পুৰবাসীৰ সহৃদয় অভিনন্দন
বাসুকীৰ দৰে সবল বাহুত কৰিলে ভূমিৰ ভাৰ ধাৰণ ।
পুৰংদৰশ্রীঃ পুৰমুৎপতাকং প্রবিশ্য পৌৰৈৰভিনন্দ্যমানঃ |
ভুজে ভুজংগেন্দ্রসমানসাৰে ভূয়ঃ স ভূমের্ধুৰমাসসঞ্জ || ২-৭৪||
তাৰ পাছত,
আকাশে যেনেকৈ অত্ৰিৰ নয়নজাত চন্দ্ৰমা ধাৰণ কৰে,
অগ্নিময় ৰৌদ্ৰতেজ স্কন্দক যিদৰে গংগাই ধাৰণ কৰে
ৰাজমহিষী সুদক্ষিণায়ো ধাৰণ কৰিলে
ৰাজকুলৰ তেজ জনকল্যাণৰ বাবে ।
সুৰসৰিদিব তেজো বহ্নিনিষ্ঠ্যূতমৈশম্ |ধা
নৰপতিকুলভূত্যৈ গর্ভমাধত্ত ৰাজ্ঞী
গুৰুভিৰভিনিবিষ্টং লোকপালানুভাবৈঃ || ২-৭৫||
(শ্রীৰঘুবংশ মহাকাব্যৰ নন্দিনীৰ বৰপ্রদান নামৰ দ্বিতীয় সর্গ সমাপ্ত ||)