মূল : হুমায়ূন আহমেদ
অনুবাদ : ড° জোনালী পাটোৱাৰী বৰা
ধানমণ্ডি তিনি নম্বৰ ৰোডৰ ফ্লেট এটাত চগিৰণে কাম এটা পাইছে। কেঁচুৱা ৰখাৰ কাম। কেঁচুৱাৰ বয়স তেৰ মাহ। নাম টুলটুল। টুলটুলে খোজ কাঢ়িব পাৰে। দুই এটা শব্দও ক'ব পাৰে। যেনে- দুদু, মা, বাবা, পিপি। টিভিত নাচ-গান দেখিলেই সি হাতদুখন আৰু গাটো লৰাই লৰাই নাচে ।
টুলটুলৰ মাকৰ নাম ৰেশমী। দেখিবলৈ পুতলাহেন এগৰাকী মহিলা। তেওঁ আৰু তেওঁৰ স্বামী দুয়োজনেই অফিচত চাকৰি কৰে। চগিৰণৰ দায়িত্ব হ'ল- তেওঁলোক ঘৰত নথকা সময়ত টুলটুলৰ চোৱা-চিতা কৰা। ডিউটি পুৰা বাৰ ঘণ্টাৰ - পুৱা আঠ বজাৰ পৰা ৰাতি আঠ বজালৈ।
- "তোমাক মাহে পোন্ধৰশ টকাকৈ দিম। হ'ব ?"
চগীৰণৰ বুকুখন ধক্কৈ উঠিল। ইমান টকা ! তাইৰ মাতটো কোনোমতেহে ওলাল- "হ'ব আইদেউ।"
- "মোক আইদেউ বুলি মাতিব নালাগে। বাইদেউ বুলিয়েই মাতিবা। আৰু টুলটুলৰ দেউতাকক ছাৰ বুলিবা।"
- "হ'ব।"
- "বাবুৱে যদি কেতিয়াবা কিবা কাঁচৰ বস্তু, ফুলদানি আদি চুবলৈ যায়, তেন্তে তুমি তাক ক'বা, ন', ন', ন'। তিনিবাৰ ন' বুলি ক'লেই সি আৰু নোচোৱে। বুজিলা ? "
- "হয় , বুজিলোঁ।"
- "বাবুৱে নি নি বুলি ক'লে জানিবা তাৰ পিয়াহ লাগিছে।বাবুৰ পানী বেলেগে থোৱা থাকে। বাবুৰ্চিক ক'লেই দিব।"
- "হ'ব, বাইদেউ।"
- "ৰাতিপুৱা আহিয়েই গাটো ধুই ল'বা। বাথৰূমত তোমালৈ ধোৱা শাড়ী, পেটিকোট, ব্লাউজ সকলো থাকিব। তুমি ভালদৰে দাঁত ব্ৰাছ কৰি চাবোনেৰে গা ধুই নতুন শাড়ী পিন্ধি বাবুক কোলাত ল'বা। কাম শেষ হোৱাৰ পিছত কাপোৰ সলাই ঘৰলৈ যাবাগৈ। ঠিক আছে ? "
- "হয়"।
- "তোমাৰ হাতৰ নখ কটা আছেনে ? চাওঁ, নখ চাওঁ। বঢ়িয়া, নখ কটাই আছে। এতিয়া তুমি কামত ধৰাঁগৈ যোৱাঁ। বাথৰূমলৈ যোৱাঁ প্ৰথমে। টুথপেষ্ট, ব্ৰাছ সকলো আছে। চেম্পুও আছে এটা। চুলিখিনি চেম্পুৰে ধুই পেলোৱাঁ।নহ'লে ওকণি উঠিব পাৰে মূৰত। তোমাৰ পৰা সেই ওকণি আকৌ বাবুৰ মূৰলৈ যাব।বুজিলা?"
- "ওঁ ওঁ।"
- "এতিয়া এই টেবলেট দুটা পানী এগিলাছেৰে খাই দিয়াঁ। কৃমিৰ টেবলেট। বস্তিত থকা মানুহৰ পেট কৃমিৰে ভৰ্তি হৈ থাকে। তুমিতো বস্তিতে থাকাঁ ? "
- "হয়।"
- "স্বামী আছে ?"
- "আছে।"
- "তেওঁ কি কৰে ?"
- "ৰিক্সা চলাইছিল। ভৰিত দুখ পালে। এতিয়া ঘৰতে বহি আছে।"
- "ল'ৰা-ছোৱালী আছে নে ? "
- "নাই।"
- "তোমাৰ বস্তিৰ ঠিকনাটো লিখি আমাৰ পিয়নজনক দি আহাঁ।"
- "বাইদেউ, মই লিখিব-পঢ়িব নাজানোঁ।"
- "হয় নেকি ? বাৰু, একো নাই। তুমি কৈ দিবা, পিয়নে লিখি ৰাখিব।"
- "টুলটুলৰ দেউতাকে চিগাৰেট খায়। চিগাৰেট খোৱাৰ সময়ত বাবুক তেওঁৰ ওচৰত নাৰাখিবা। মনত থাকিবনে ?"
- "থাকিব।"
প্ৰথম দিনাৰ কাম সামৰি চগিৰণ বস্তিলৈ ঘূৰি আহিল। চগিৰনৰ গিৰীয়েক জয়নালে আতুৰ হৈ মাত লগালে, অৱশেষত কাম এটা যে পালি, নেদেখাজনক অশেষ ধন্যবাদ। কচোন ক কি কাম, কেনে মানুহ!
চগিৰণে আগ্ৰহেৰে দিনটোৰ কথাবোৰ একেবাৰে খুঁটি-নাতি মাৰি এফালৰ পৰা কৈ গ'ল। জয়নালে মুগ্ধ হৈ শুনি থাকিল।
- "ল'ৰাটো যে কি ধুনীয়া ! মই জীৱনত ইমান ধুনীয়া শিশু ক'তো দেখা নাই। অকল ময়েই নে ? কোনেও দেখা নাই। কেনে ধুনীয়াকৈ যে হাঁহে ! সি হাঁহিলে মোৰ কলিজাটো একেবাৰে মোচৰ খাই যায়।"
- "নাকান্দে ?"
- "অকণমান, কেতিয়াবা। ইমানকণ ল'ৰাপোৱালি, অথচ তাৰ যে কিমান বুদ্ধি!"
- " হ'ব আৰু, হ'ব। মুখ লাগিব নহ'লে। ভগৱানৰ নাম ল, ভগৱানৰ নাম ল।"
- "লৈছো বাৰু, আল্লা !! এতিয়া শুনক বাবুৰ বুদ্ধিৰ কাহিনী। টেবুলত এটা পানীৰ গিলাছ আছিল। বাবু দৌৰি গ'ল সেইটো চুবলৈ। মই কলোঁ, ন' ন' ন'। লগে লগে বাবু ৰৈ গ'ল। আৰু মোলৈ চাই এনে এটা হাঁহি মাৰিলে যে মোৰ কলিজাটো পুৰি যোৱা যেন লাগিল। মোৰ যদি নিজৰ এনে ল'ৰা এটা থাকিলহেঁতেন, তেন্তে তাক মই কলোহেঁতেন, যা, বাবা, যা, গিলাছটো ধৰি চা। লাগিলে ভাঙিয়েই পেলা, মই তোক একো নকওঁ।
চগিৰণৰ চকুহাল পানীৰে ভৰি আহিল । তাই শাড়ীৰ আঁচলেৰে চকুদুটা মচিবলৈ ধৰিলে। তাকে দেখি জয়নালে ক'লে, "যি দেখিছোঁ, তোৰেই মুখ লাগিব এতিয়া। বেছি মৰম কৰিলে মুখ লাগে। যা, অজু কৰি বাবুৰ মুখ নালাগিবলৈ নামাজ পঢ়ি আহ।
চগিৰণ নামাজ পঢ়িবলৈ উঠি গ'ল।
টুলটুলৰ ঘৰত চগিৰণৰ পোন্ধৰ দিন পাৰ হৈ গ'ল। এই পোন্ধৰ দিনত টুলটুলে চগিৰণক ভালদৰে চিনি পোৱা হৈছেগৈ। চগিৰণে যদি মাতে, বাবু, ক'ত অ' !, বাবুৱে লগে লগে মাত দিয়ে- চগি। চগি মানে চগিৰণ। কৈয়েই বাবুৱে দুহাত মেলি চগিৰণৰ ওচৰলৈ আহি কয়, 'কুলা'। কুলা মানে এতিয়া সি চগিৰণৰ কোলাত উঠিব। পিছে বাবুক কোলাত তুলি ল'বলৈও বিপদ এটা আছে। কথা নাই, বতৰা নাই,সি স্ফূৰ্তিতে চগিৰণৰ কান্ধত কামুৰি দিয়ে। চগিৰণে পিছে দুখ পালেও একো নকয়। বেচেৰাটোৰ দাঁতকেইটা সিৰসিৰায় হ'বলা ! সিনো নাকামুৰি কি কৰিব!
চগিৰণে প্ৰতিদিনেই নতুন নতুন গল্প গিৰীয়েকলৈ লৈ আহে। গল্পবোৰ শুনি জয়নালৰো বৰ ভাল লাগে। টুলটুলক নিজ চকুৰে চাই আহিবলৈ মন যায় । চগিৰণে বাবুক সিহঁতৰ ঘৰলৈ লৈ আহিব নোৱাৰে। আকৌ জয়নালৰ পক্ষেও বাবুৰ ঘৰলৈ যোৱাটো সম্ভৱপৰ নহয়। দুৰ্ঘটনাত তাৰ বাওঁভৰিখন বেয়াকৈ কাটি যোৱা বাবে জয়নাল এতিয়া ঘৰতে বন্দী। হওঁতে ঘৰখনত ক্ৰাছ এডাল নোহোৱা নহয়। পিছে জয়নালে সেইডাল মুঠেও ভাল নাপায়। ক্ৰাছৰ ব্যৱহাৰটোৱেই তাৰ বাবে এক ঘৃণনীয় কাৰবাৰ। যিজন মানুহে এদিন বতাহৰ বেগতকৈও আগত ৰিক্সা চলাইছিল, সেইজন মানুহেই আজি ক্ৰাছত ভৰ দি খোজ কাঢ়িব ! ছিঃ ছিঃ।
ৰাতি ভাতৰ পাতত চগিৰণে আৰম্ভ কৰিলে, আজি কি হ'ল শুনক। বাবুৰ মাক-দেউতাকৰ মাজত বাজি লাগিল- বাবুৱে কাক বেছি ভাল পায়। তেওঁলোক দুয়োজনে ৰূমৰ দুই ফালৰ চোফা দুখনত বহিব। মই বাবুক কোলাত লৈ ঠিক মাজতে ৰৈ থাকিম আৰু ইংগিত পালেই কোলাৰ পৰা নমাই দিম। তেওঁলোক দুয়োজনে দুইফালৰ পৰা বাবুক "আহাঁ আহাঁ" কৈ মাতিব আৰু চাব বাবুৱেনো প্ৰথমতে কাৰ ওচৰলৈ যায় !
চগিৰণৰ কথাৰ মাজতে জয়নালে মাত দিলে, পুত্ৰ সন্তান যিহেতু, বাবুৱেতো মাকৰ কোলাত জাঁপ মাৰি উঠিবই উঠিব। এয়া জগতৰেই নিয়ম।
"ৰ'বচোন, শুনি থাকক,আৰু আছে কথা। মই বাবুক এৰি দিলোঁ কি নিদিলোঁ, তেওঁলোক দুয়োজনেই বাবুক মাতিবলৈ ধৰিলে, আহাঁ আহাঁ। বাবু পোনে পোনে আগুৱাই গ'ল দেউতাকৰ ফালে, তাকে দেখি মাকৰ মুখখন একেবাৰে ক'লা পৰি গ'ল। দেউতাকৰ ওচৰত ৰৈ বাবুৱে দেউতাকৰ চকুলৈ চাই এবাৰ হাঁহিলে আৰু পাছ মুহূৰ্ততে একে দৌৰে আহি মাকৰ কোলাত উঠিল।
জয়নালে তৃপ্তিৰ হাঁহি এটা মাৰি ক'লে, সেয়া, মই কৈছিলোঁৱেইচোন ল'ৰা মাকৰ কোলালৈকেই যাব ! বোলো কথাতে কয়েই নহয়, ক'ৰ মাহী, ক'ৰ পেহী, ক'ৰ বৃন্দাবন, মৰা গছত ফুল ফুলিছে, মাকহে আচল ধন। বাৰু, বাৰু, বাজিত হাৰি উঠি টুলটুলৰ দেউতাকে কি ক'লে ?
- "ক'লে, নটী বয় !"
- "নটী বয় মানে কি ?"
- " আনন্দৰ কথা। বাবুৰ কিবা কথাত স্ফূৰ্তি পালেই ছাৰে কয়, নটী বয় ।"
- " বাজিটো পিছে কিহৰ আছিল ? টকা-পইচাৰ ?"
- " নহয়, চকুৰ ইংগিতৰ বাজি, তথাপি মই অনুমান কৰিছোঁ।"
- "কি অনুমান কৰিলি ?"
- " নকওঁ। লাজৰ কথা।"
- "ঠিক আছে তেনেহ'লে, নালাগে ক'ব। যদি পাৰ, বাবুৰ ফটো এখনকে আনিবিচোন। চাবলৈ মন যায়।পাছত ঘূৰাই দিবি।"
দুদিনৰ পাছতেই চগিৰণে বাবুৰ ফটো এখন হাতত লৈ ঘৰ সোমালহি। তাই আনন্দতে একেবাৰে আত্মহাৰা হৈ আহিছে কাৰণ বাবুৰ মাকে কৈ পঠাইছে যে ফটোখন আৰু ঘূৰাই দিব নালাগে । চগিৰণে গিৰীয়েকক ক'লে, বাবুৰ মাক যে কিমান ভাল মানুহ, আপুনি কল্পনাই কৰিব নোৱাৰিব। মই যেতিয়া বাবুৰ ফটো এখনৰ কথা তেওঁক কলোঁ, তেওঁ সুধিলে ফটোখনেৰে মই কি কৰিম।
মই তেওঁক কলোঁ, মোৰ স্বামীৰ খুব মন বাবুক এবাৰ চাবলৈ। তেওঁক এবাৰ দেখুৱাই ফটোখন ঘূৰাই আনিম।
বাইদেৱে ক'লে, লোৱাঁ, এইখন ফটো লৈ যোৱা। ঘূৰাই নিদিলেও হ'ব, লৈ যোৱাঁ।"
এইবাৰ জয়নালে মাত লগালে, আচলতে এইবোৰেই হৈছে উচ্চশিক্ষাৰ গুণ । বুজিলি ? শিক্ষা নাথাকিলে তেওঁলোকে এনেদৰে ফটো তোক নিদিলেহেঁতেন।
একেবাৰে সঁচা কথা, চগিৰণে শলাগিলে।
- "আৰু এটা ঘটনাৰ কথা কওঁ, শুনক। সিদিনা হ'ল কি, বাবুৱে দেউতাকে ছাইদানীটোত আধা খোৱাকৈ চিগাৰেটৰ টুকুৰা এটা মুখত ভৰাই দি চোবাবলৈ ধৰিলে। মই যিমানেই মানা কৰোঁ, সি সিমানেই জোৰেৰে চোবায়। উপায় নাপাই মই হাতেৰে উলিয়াই আনো বুলি বাবুৰ মুখত আঙুলিটো ভৰাই দিলো, লগে লগে সি টুকুৰাটো গিলি দিলে। মই বৰ ভয় খালোঁ। চিগাৰেট চোবাই চোবাই গিলি পেলাইছে, কি বা হয় এতিয়া ! বাইদেউ ঘৰলৈ অহাৰ লগে লগে মই তেওঁক কথাটো ক'লোঁ।
বাইদেৱে ওলোটাই মোকহে বুজালে, এই বয়সৰ লৰা-ছোৱালীয়ে যি দেখে, তাকে মুখত দিবই। তেনেকৈয়ে সিহঁতে শিকে- কোনটো বস্তু মুখত দিব লাগে আৰু কোনটো নালাগে । তুমি ইমান চিন্তা নকৰিবা। ইয়াৰ পাছত সাৱধান হ'লেই হ'ল।
জয়নালে আচৰিত হৈ সুধিলে, আৰু একোকে নক'লে তেওঁ ? তোক অলপো গালি-গালাজ নকৰিলে ?
চগিৰণে ক'লে, নাই, নাই, গালিৰ কথাই নাহে । বৰং বাইদেৱে মোক অন্য এটা কথাহে কৈছে। কথাটো শুনাৰ পিছত মই বাথৰূমত সোমাই চকুপানী মচিছোঁ।
- "কি কথা ?"
- " বাইদেৱে কৈছে, চগিৰণ, তুমি মাত্ৰ এটা কথা মনত ৰাখিবা- মই ঘৰৰ বাহিৰত থকা সময়খিনিত তুমিয়েই কিন্তু বাবুৰ মাক।"
চগিৰণৰ কথা শুনি জয়নালে ক'লে- "শুনিছ, মোক এতিয়াই অজুৰ পানী দে । এই কথা শুনাৰ পাছতো যদি তোৰ বাইদেৱেৰৰ বাবে দুই ৰাকাট শোকনাৰা নামাজ নপঢ়োঁ, তেনেহ'লে পাপ হ'ব।"
- "বাবুৰ ফটোখন নাচায় ?"
- "একেবাৰে নামাজ পঢ়ি আহি চাম। ফটোখন বন্ধোৱাৰ ব্যৱস্থা কৰিবি। ঘৰৰ বেৰত ওলোমাই ৰাখিম।"
নামাজ পঢ়ি আহি জয়নালে বাবুৰ ফটোখন হাতত লৈ বহিল। ফটোখন বহুত পৰলৈ চাই চাই এসময়ত সি চগিৰণক সুধিলে, আমাৰ চালমাৰ লগত ক'ৰবাত যেন মিল আছে, নহয় নে ?
চগিৰণে উত্তৰ দিলে, নাকটোত। চুটি নাক। চালমাৰ নাকটোও চুটি আছিল।
জয়নালে কলে, ঠিক কৈছ তই। চালমাৰ নাকটোও চুটি আছিল। অবিকল চালমাৰ নাক।
- "চকুতো কিবা এটা মিল আছে। কিন্তু ঠিক ক'ত আছে সেইটোহে ধৰিব পৰা নাই।"
- " ঠিক, ঠিক, চকুতো মিল আছে।"
চালমা জয়নাল-চগিৰণৰ একমাত্ৰ ছোৱালী। আজিৰ পৰা তেৰ বছৰৰ আগেয়ে ভীষণ অৰ্থকষ্টত পৰি সিহঁতে তাইক এহাজাৰ টকাত বিক্ৰী কৰি দিছিল। সেই সময়ত চালমাৰ বয়স আছিল তেৰ মাহ। সেই বয়সত চালমাইও কিছুমান শব্দ শিকিছিল- বাবা, মা, পানী ... ।