অন্যযুগ/


ৰূপান্তৰ


 

মূল (ইংৰাজী) : কেথলিন জেইচি ৰাইন

অসমীয়া অনুবাদ : ড° ৰঞ্জিত দত্ত


পৰিবৰ্ত্তন হোৱা

সুৰুযে জোনটোক কলে

তুমি স্থবিৰ  নহবা।


পৰিবৰ্ত্তন হোৱা

জোনটোৱে পানীখিনিক ক'লে-

সকলোবিলাকেই বৈ আছে।


পৰিবৰ্ত্তন হোৱা

পথাৰখনে ঘাঁহবোৰক ক'লে-

 শস্য সিচা আৰু

চপোৱাৰ সময় সমগত।


তুমি হবই লাগিব পৰিবৰ্ত্তন

পোকবিলাকে চুপহিক ক'লে

যদিও কোৱা নাই গোলাপক।


পাহিবোৰ মৰহি যায়

বতাহত উৰি যায় 

পাখি হৈ।


তুমি পৰিবৰ্ত্তন হৈছা

মৃত্যুৱে ক'লে কুমাৰীক

তোমাৰ শেতা পৰা মুখখনি

ৰূপান্তৰিত হব স্মৃতিলৈ,

পৰিবৰ্ত্তিত হব সৌন্দৰ্যলৈ।


তুমি বাৰু প্ৰস্তুত নে

পৰিবৰ্ত্তন হবলৈ?

ভাৱবোৰে হিয়াখনক সুধিলে-

আজীৱন  গৈ থাকা নেকি তুমি

 অচিন-অজান মুলুকৰ

 সপোনৰ পৃথিৱীৰ

ৰসক্ৰীয়া হৈ?

তুমি পৰিবৰ্ত্তন হবা

তৰাবোৰে সুৰুযক ক'লে

আৰু

নিশাই  ক'লে তৰাবোৰক।


কবি পৰিচিতি :

Kathleen Jessie Raine  ইংলেণ্ডৰ এগৰাকী বিশিষ্ট সমালোচক আৰু কবি। এইগৰাকী মহান কবিৰ জন্ম হয় ইংলেণ্ডৰ ইলফৰ্ডত ১৯০৮ চনৰ ১৪ জুনত।তেওঁৰ মাকৰ নাম  Jessie  Wilkie আৰু দেউতাকৰ নাম  George Raine.সৰুকালৰ পৰাই কবিতাৰ প্ৰতি আছিল  এই গৰাকী কবিৰ এক অনাবিল আকৰ্ষণ।মূলত মহান কবি উইলিয়াম ব্লেক ,থমাচ টেইলৰ আৰু ডব্লিউ. বি. ইয়েটছৰ কবিতাৰ ওপৰত সমালোচনা মুলক স্তম্ভ লিখি বিখ্যাত হোৱা এই গৰাকী কবিৰ কবিতাত  সঘনে অনন্য জীৱন বোধৰ এখন ছবিয়ে দোলা দিয়ে।মুলত প্লেটোনিক দৰ্শনেৰে প্ৰভাৱান্তিত এই গৰাকী কবিৰ কবিতাৰ প্ৰধান বৈশিষ্ট আধ্যাত্মিকতাবাদৰ দলিচাত জীৱন আৰু সত্যৰ জয়গান।১৯৪৩ চনত তেখেতৰ কবিতাপুথি   Stone And Flower ,১৯৪৬ চনত  Living In Times আৰু   ১৯৪৯ চনত  Pythoness প্ৰকাশ হোৱাৰ লগে লগে কাব্য জগতত এক আলোড়নৰ সৃষ্টি হয়।তেখেতৰ অমৰ সৃষ্টি   Who Are We  জীৱনবোধৰ এক অনুপম  দাপোন ।আমেৰিকা ,ফ্ৰাঞ্চ আৰু ইংলেণ্ডৰ তিনিখনকৈ বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা এইগৰাকী মহান কবিয়ে বহু সংখ্যক সন্মানীয়  বঁটা লাভ কৰাৰ লগতে ১৯৯২ চনত   লাভ কৰে ইংলেণ্ডৰ অতি সন্মানীয় বঁটা Queen's Gold Medel for Poetry ।এইগৰাকী মহান কবিয়ে ইহলীলা সম্বৰণ কৰে ২০০৩ চনৰ ৬ জুলাইত লণ্ডনত।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ