(ৰাছিয়ান লেখক লিও টলষ্টয়ৰ ‘What is Art?' গ্ৰন্থৰ
Aylmer Maude-য়ে কৰা ইংৰাজী ভাঙনিৰপৰা)
অনুবাদ : ড০ বিৰিঞ্চি কুমাৰ দাস
(২)
প্ৰতিখন বে’লে’, চাৰ্কাছ, অপেৰা, অপেৰেট্টা, প্ৰদৰ্শনী, ছৱি, কনচাৰ্ট বা ছপা কিতাপৰ উৎপাদন কৰিবলৈ হেজাৰ হেজাৰ মানুহৰ কঠোৰ আৰু অনিচ্ছাকৃত শ্ৰমৰ প্ৰয়োজন হয়, যিটো প্ৰায়ে ক্ষতিকৰ আৰু অপমানজনক কৰ্ম হয়গৈ৷ যদি শিল্পীসকলে তেওঁলোকৰ প্ৰয়োজনীয় প্ৰতিটো বস্তু নিজেই প্ৰস্তুত কৰি ল’লেহেঁতেন, তেনেহ’লে ঠিকেই আছিল, কিন্তু সাধাৰণতে তেওঁলোক আটাইকে শ্ৰমিকৰ সহায়ৰ প্ৰয়োজন হয়, কেৱল কলা সৃষ্টিৰ বাবেই নহয়, তেওঁলোকৰ সচৰাচৰ দেখিবলৈ পোৱা বিলাসবহুল জীৱন যাপনৰ বাবেও৷ আৰু কেনেবাকৈ তেওঁলোকে সেয়া পায়েই; হয়তো ধনী মানুহে দিয়া টকাৰে, নাইবা চৰকাৰে দিয়া সাহায্যৰে (উদাহৰণ স্বৰূপে, ৰাছিয়াত থিয়েটাৰ, সংগীত শিক্ষালয় আৰু শিক্ষা প্ৰতিষ্ঠানবোৰলৈ দিয়া নিযুত ৰুবলৰ অনুদানৰ মাধ্যমেৰে)৷ এই ধন সংগ্ৰহ কৰা হয় জনতাৰপৰা, যিসকলৰ ভিতৰত কিছুমানে কৰ দিবলৈ নিজৰ একমাত্ৰ গাইজনীও বিকিবলগীয়া হয়, আৰু যিয়ে কেতিয়াও কলাই দিয়া নন্দনতাত্ত্বিক আনন্দ উপভোগ নকৰে।
নিৰাবেগ মনেৰে মানুহক তেওঁৰ, আৰু তেওঁৰ কলাৰ সেৱা কৰোৱাটো আমাৰ শতিকাৰ প্ৰথমাৰ্ধ্বৰ এগৰাকী গ্ৰীক অথবা ৰোমান শিল্পীৰ বাবে, আনকি এগৰাকী ৰাছিয়ান শিল্পীৰ বাবেও বৰ ভাল কথাই আছিল (যি সময়ত দাসসকল আছিলেই আৰু সিহঁত থকাটো ঠিক কথা বুলিয়েই ধৰা হৈছিল); কিন্তু আমাৰ সময়ত, যেতিয়া সকলো মানুহৰ মাজতেই সকলোৰে সমানতাৰ এটা ক্ষীণ ধাৰণা চলি আছে, কলা এনেকুৱা এটা অপকৰ্মৰ ক্ষতিপূৰণ কৰিব পৰাকৈ মহৎ আৰু গুৰুত্বপূৰ্ণ হয়নে, এই কথাটোৰ মীমাংসা প্ৰথমে নকৰাকৈ মানুহক কলাৰ বাবে অনিচ্ছাসত্বেও শ্ৰম কৰিবলৈ বাধ্য কৰাটো অসম্ভৱ কথা৷
যদি নহয়, তেনেহ’লে আমাৰ বিবেচনা কৰিবলৈ এই ভয়াৱহ সম্ভাৱনাটো থাকে যে যি স্থলত কলাৰ বাবে মানুহৰ শ্ৰম আৰু জীৱনৰ, আনকি নৈতিকতাৰো, ভয়লগা বলিদান দিয়া হয়, তেনে স্থলত কিছুমান কলা কেৱল অনুপযোগীয়েই নহয়, ক্ষতিকৰো৷ আৰু সেয়ে যিবোৰ সমাজত কলাত্মক কৰ্ম গঢ়ি উঠে আৰু সমৰ্থিত হয়, সেইবোৰ সমাজে এই কথাটো বিচাৰি উলিওৱাটো প্ৰয়োজনীয় (আমাৰ সমাজত চলা পূৰ্বধাৰণা অনুসৰি) যে কলা বুলি দাবী কৰা সকলো বস্তু প্ৰকৃত কলা হয়নে নহয়; ই গুৰুত্বপূৰ্ণ হয়নে; আৰু ই অৱশ্যম্ভাৱী কৰি তোলা এই বলিদানসমূহৰ যোগ্য ই হয়নে নহয়। এইটো জনাটো এতিয়াও সকলো ন্যায়বান শিল্পীৰ বাবে অধিক প্ৰয়োজনীয়, যে তেওঁ কৰা সকলোবোৰৰে গ্ৰহণযোগ্য অৰ্থ থকা বুলি তেওঁ নিশ্চিত হ’ব পাৰে; যে এইটো তেওঁ বাস কৰা ক্ষুদ্ৰ মানৱ গোটৰ এটা মোহ মাথোন নহয় যিয়ে তেওঁ এটা ভাল কাম কৰি আছে বুলি মিছা নিশ্চয়তাৰ ভাব এটা তেওঁৰ মাজত জগাই তোলে; যে তেওঁৰ সঘন বিলাসী জীৱনক সম্ভৱ কৰিবলৈ তেওঁ আনৰপৰা যি লয়, তাৰ ক্ষতিপূৰণ তেওঁ কৰি থকা সৃষ্টিবোৰে কৰিব পাৰে। আৰু সেয়ে ওপৰৰ এই প্ৰশ্নবোৰৰ উত্তৰ আমাৰ সময়ত বিশেষভাবে গুৰুত্বপূৰ্ণ।
এই কলানো কি, যাক মানৱ জাতিৰ বাবে ইমানেই গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় বুলি ভবা যায় যে ইয়াৰ হকে শ্ৰমৰ, মানৱ জীৱনৰ, আৰু আনকি সদগুণৰো বলিদান দিয়া হ’ব পাৰে?
“কলা কি? কিযে এটা প্ৰশ্ন! কলা হ’ল ইয়াৰ সকলো ধৰণৰ ৰূপত স্থাপত্য, ভাস্কৰ্য, চিত্ৰশিল্প, সংগীত আৰু কবিতা,” সাধাৰণ মানুহে, কলা প্ৰদৰ্শকে, নতুবা আনকি শিল্পীয়ে নিজেও সচৰাচৰ এনেকৈয়ে উত্তৰ দিয়ে, এইটো কল্পনা কৰি যে তেওঁ যি কথা কৈ আছে সেইবোৰ প্ৰতিগৰাকী লোকৰ বাবে স্পষ্ট আৰু সমানে বোধগম্য৷ কিন্তু স্থাপত্যৰ ক্ষেত্ৰত অধিক জানিব বিচৰা হয়, এনেকুৱা সৰল অট্টালিকা নাইনে যিবোৰ কলাৰ বস্তু নহয়, নাইবা এনেকুৱা কলাত্মক ছলনাযুক্ত অট্টালিকা, যি অসফল আৰু কুৎসিৎ অৰু সেয়ে যাক কলাত্মক সৃষ্টি হিচাপে অভিহিত কৰিব নোৱাৰি? কলাত্মক কৰ্মৰ বৈশিষ্ট্যপূৰ্ণ চিনবোৰ ক’ত থাকে?
ভাস্কৰ্য, সংগীত আৰু কবিতাৰ ক্ষেত্ৰতো একে কথাই প্ৰযোজ্য। কলা ইয়াৰ সকলো ৰূপত এফালে ব্যৱহাৰিকভাৱে উপযোগী বস্তুৰ, আৰু আনফালে কলাৰ অসফল প্ৰয়াসৰ মাজত আৱদ্ধ। উভয়ৰেপৰা কলাক কেনেকৈ পৃথকভাৱে চিহ্নিত কৰা যায়? আমাৰ গোটৰ সাধাৰণ শিক্ষিত মানুহজনে, আৰু আনকি বিশেষভাবে নন্দনতত্ত্বক লৈ ব্যস্ত নোহোৱাকৈ থকা শিল্পীজনেও এই প্ৰশ্নটোত ৰৈ নাযায়। তেওঁ ভাবে যে ইয়াৰ সমাধান কেতিয়াবাই পোৱা হৈ গৈছে, আৰু ই প্ৰত্যেকৰে বাবে জ্ঞাত।
“কলা এনেকুৱা এটা কৰ্ম যিয়ে সৌন্দৰ্য সৃষ্টি কৰে,” তেনেকুৱা
এগৰাকী লোকে কয়।
কলা যদি ইয়াৰ দ্বাৰাই সৃষ্ট, তেনেহ’লে এটা বে’লে’ অথবা এখন অপেৰেট্টা কলা হয়নে বুলি আপুনি প্ৰশ্ন কৰিব।
“হয়,” সাধাৰণ মানুহগৰাকীয়ে ক’ব, যদিও কিছু ইতস্ততঃ কৰি, “এটা ভাল বে’লে’ অথবা এখন মাধুৰ্যমণ্ডিত অপেৰেট্টাও কলা, অন্ততঃ যিমানখিনিলৈকে ই সৌন্দৰ্য প্ৰকাশ কৰি থাকে।”
কিন্তু কিহে এটা “ভাল” বে’লে’ অথবা এখন “মাধুৰ্যমণ্ডিত” অপেৰেট্টাক সেইবোৰৰ বিপৰীত
বস্তুবোৰৰপৰা পৃথক কৰে আনকি এই কথাটোকে সাধাৰণ মানুহজনক নোসোধাকৈ থাকি (এই প্ৰশ্নটোৰ
উত্তৰ দিয়াটো তেওঁৰ বাবে টান হ’লহেঁতেন) যদি আপুনি তেওঁক সোধে যে পোছাক যোগনীয়াৰ আৰু
কেশসজ্জাকাৰীসকলৰ কৰ্মখিনি, যিয়ে বে’লে’ আৰু অপেৰেট্টাৰ নাৰীসকলৰ শৰীৰ আৰু মুখ সুশোভিত
কৰে, কলা হয়নে; নাইবা বস্ত্ৰ প্ৰস্তুতকাৰক ৱৰ্থৰ কৰ্মখিনি; সুগন্ধি প্ৰস্তুতকাৰক আৰু
পুৰুষ ৰান্ধনিৰ কৰ্মখিনি; তেতিয়া তেওঁ বেছিভাগ
ক্ষেত্ৰতে যে এইসকলৰ কৰ্মখিনি কলাৰ পৰিমণ্ডলৰ অন্তৰ্গত এই কথাটো অস্বীকাৰ কৰিব। কিন্তু
ইয়াতেই সাধাৰণ মানুহগৰাকীয়ে এটা ভুল কৰে, মাত্ৰ এইটো কাৰণতেই যে তেওঁ এগৰাকী সাধাৰণ
মানুহহে, বিশেষজ্ঞ নহয়, আৰু এইটো কাৰণতো যে
তেওঁ নন্দনতাত্বিক প্ৰশ্নবোৰক লৈ ব্যস্ত হৈ থকা নাই। যদি তেওঁ এই বিষয়বোৰ চালিজাৰি
চালেহেঁতেন, দেখিবলৈ পালেহেঁতেন যে ৰেনানৰ মহান গ্ৰন্থ ‘মাৰ্ক অ’ৰেল’ত এটা গৱেষণামূলক
প্ৰৱন্ধ আছে য’ত কোৱা হৈছে যে দৰ্জীৰ কৰ্ম কলা, আৰু যিয়ে নাৰীৰ ভূষণত উচ্চতম কলাৰ কৃতি
দেখা নাপায়, তেওঁলোক অত্যন্ত ক্ষুদ্ৰ মনৰ আৰু নীৰস। “C’est le grand art (এয়া মহৎ কলা),”
ৰেনানে কৈছিল৷ তদুপৰি তেওঁ জানিলেহেঁতেন যে বহুতো নন্দনতাত্ত্বিক ব্যৱস্থাত- উদাহৰণ স্বৰূপে জ্ঞানী অধ্যাপক ক্ৰেলিকৰ নন্দনতত্ত্বত,
Weltschönheit, Versuch einer
allgemeinen Æsthetik, von Richard Kralik
- অত, আৰু গায়’ৰ Les problèmes de l’Esthétique Contemporaine - অত - পোছাকৰ, স্বাদৰ আৰু স্পৰ্শৰ কলাক অন্তৰ্ভুক্ত কৰা হৈছে।
“Es Folgt nun ein Fünfblatt von Künsten, die der subjectiven
Sinnlichkeit entkeimen” (ইয়াৰ ফল হৈছে ব্যক্তিনিষ্ঠ
উপলব্ধিৰপৰা জন্মা কলাৰ পঞ্চপত্ৰযুক্ততা), ক্ৰেলিকে কৈছিল (পৃ ১৭৫), “Sie sind die ästhetische Behandlung der fünf Sinne.” (এইবোৰ পঞ্চেন্দ্ৰিয়ৰ প্ৰতি নন্দনতাত্বিক আচৰণ)।
এই পাঁচবিধ কলা তলত দিয়া হ’ল - -
Die Kunst des
Geschmacksinns— স্বাদেন্দ্ৰিয়ৰ কলা (পৃ ১৭৫)
Die Kunst des Geruchsinns— ঘ্ৰাণেন্দ্ৰিয়ৰ কলা
(পৃ ১৭৭)
Die Kunst des Tastsinns— স্পৰ্শেন্দ্ৰিয়ৰ কলা
(পৃ ১৮০)
Die Kunst des Gehörsinns— শ্ৰৱণেন্দ্ৰিয়ৰ কলা (পৃ ১৮২)
Die Kunst des Gesichtsinns— দৰ্শনেন্দ্ৰিয়ৰ কলা
(পৃ ১৮৪)
ইয়াৰে প্ৰথমটোৰ বিষয়ে - Die Kunst des Geschmacksinns— তেওঁ কৈছে, “কেৱল দুটা, নাইবা বৰ বেছি তিনিটা, ইন্দ্ৰিয়ক সাধাৰণতে কলাত্মক ব্যৱহাৰৰ সামগ্ৰী যোগান ধৰাৰ বাবে উপযোগী বুলি ধৰা হয়, কিন্তু মই ভাবোঁ এই মতটো কেৱল চৰ্তসাপেক্ষেহে শুদ্ধ। মই এইটো তথ্যত অত্যধিক জোৰ নিদিওঁ যে আমাৰ সাধাৰণ কথা-বতৰাই আন বহু কলাকেই চিনাক্ত কৰে, উদাহৰণ স্বৰূপে, ৰন্ধনৰ কলা।”
তেওঁ আকৌ
কৈছে, “আৰু তথাপি এইটো নিশ্চিতভাৱে এটা নন্দনতাত্ত্বিক
কৃতিত্ব যে ৰন্ধনকলাই এটা জন্তুৰ শৱদেহক এটা
সকলো ধৰণেৰে সোৱাদযুক্ত বস্তুলৈ ৰূপান্তৰিত কৰাত সফল হয়। সেই কাৰণেই স্বাদেন্দ্ৰিয়ৰ
কলা (যিয়ে তথাকথিত ৰন্ধনকলাক অতিক্ৰম কৰি যায়) হৈছে এয়া : সকলো খোৱাৰ উপযোগী বস্তুকে
কোনো ধাৰণাৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিব লাগে, আৰু ই সদায় প্ৰকাশিতব্য ধাৰণাৰ সৈতে সঙ্গতিপূৰ্ণ
হ’ব লাগে।”
এইগৰাকী লেখকে ৰেনানৰ দৰেই এটা Kostümkunst (পোছাকৰ কলা) (পৃ ২০০) ইত্যাদিক মানি লৈছে৷
এনেকুৱা অভিমত প্ৰকাশ কৰিছিল ফৰাচী লেখক গায়’ৱেও, যাক আমাৰ সময়ৰ কিছুমান লেখকে অত্যন্ত সন্মান কৰিছিল। তেওঁৰ Les problèmes de l’esthétique contemporaine গ্ৰন্থখনত তেওঁ স্পৰ্শ, স্বাদ আৰু ঘ্ৰাণে কলাত্মক অনুভূতি সৃষ্টি কৰাৰ, অথবা সৃষ্টি কৰাৰ সক্ষমতা ৰখাৰ, বিষয়ে গুৰুত্বসহকাৰে আলোচনা কৰিছে: “যদিও স্পৰ্শেন্দ্ৰিয়ৰ বৰণ নাথাকে, ই অন্যহাতে আমাক এই ধাৰণাটো দিয়ে যিটো কেৱল চকুৱে দিব নোৱাৰে, আৰু যিটো বিৱেচনাযোগ্য নান্দনিক প্ৰমূল্যসমূহৰ ভিতৰত এটা, যি ক’বলৈ হ’লে যুক্ত হৈ আছে কোমলতা, ৰেশমতুল্যতা, মসৃণতা - ৰ সৈতে৷ মখমলৰ সৌন্দৰ্য যিমানখিনি চিহ্নিত কৰিছে ইয়াৰ দীপ্তিয়ে, ইয়াৰ স্পৰ্শৰ কোমলতাই তাতকৈ কম কৰা নাই। নাৰীৰ সৌন্দৰ্যৰ যিটো ধাৰণা আমি গঢ়ি তোলোঁ, তাত তেওঁৰ ছালৰ কোমলতা এটা অপৰিহাৰ্য উপাদান হিচাপে অহি যায়।
সম্ভৱতঃ আমি প্ৰত্যেকেই সামান্য মনোযোগেৰে স্বাদে দিয়া তৃপ্তিৰ কথা মনত পেলাব পাৰোঁ, যি প্ৰকৃততেই নান্দনিক তৃপ্তি।” আৰু তেওঁ মনত পেলায় কেনেকৈ পৰ্বতত তেওঁ খোৱা এগিলাছ গাখীৰে তেওঁক নান্দনিক প্ৰমোদ দিছিল।
গতিকে দেখা যায় যে কলা সৌন্দৰ্যৰ প্ৰকাশ ঘটোৱা কাৰ্যৰে গঢ় লৈ উঠে বুলি যিটো ধাৰণা, সেয়া দেখাত যিমান সহজ যেন লাগিছিল, সিমান সহজ মুঠেও নহয়, বিশেষকৈ এতিয়া, যি সময়ত সৌন্দৰ্যৰ এই ধাৰণাটোত অন্তৰ্ভুক্ত হৈছে আমাৰ স্পৰ্শ আৰু স্বাদ আৰু ঘ্ৰাণ সম্পৰ্কীয় সংবেদনা, নন্দনতত্ত্ব সম্পৰ্কীয় শেহতীয়া লেখকসকলে কৰাৰ দৰে।
কিন্তু সাধাৰণ মানুহে এইবোৰ কথা হয়তো নাজানে, অথবা জানিবলৈ ইচ্ছা নকৰে, আৰু এই কথাটোত আশ্বস্ত হৈ থাকে যে কলা সম্পৰ্কীয় এই প্ৰশ্নবোৰ সৌন্দৰ্যক কলাৰ বিষয়বস্তু হিচাপে মানি লৈ সৰল আৰু স্পষ্টভাৱে সমাধান কৰিব পাৰি। তেওঁৰ বাবে এইটো পৰিষ্কাৰ আৰু বোধগম্য যেন লাগে যে কলা গঢ়ি উঠে সৌন্দৰ্যৰ প্ৰকাশত, আৰু সৌন্দৰ্যৰ এটা উল্লেখে কলা সম্পৰ্কীয় সকলো প্ৰশ্নৰে উত্তৰ দিব।
কিন্তু এই সৌন্দৰ্য কি, যিয়ে কলাৰ বিষয়বস্তু গঢ়ি তোলে? ইয়াক কেনেকৈ সংজ্ঞাৱদ্ধ কৰা হয়? ই কি বস্তু?
সদায়ে হোৱাৰ দৰে, এটা শব্দই প্ৰকাশ কৰা ধাৰণা যিমানেই বেছি অস্পষ্ট আৰু বিভ্ৰান্তিকৰ হয়, সিমানেই বেছি আত্মবিশ্বাস আৰু আত্মনিশ্চয়তাৰে মানুহে শব্দটো ব্যৱহাৰ কৰে, এনেকৈ ভাও জুৰি যে ই যি বুজায় সেয়া ইমানেই সৰল আৰু স্পষ্ট যে ই আচলতে কি বুজায় সেয়া আনকি আলোচনা কৰাটোও অসাৰ্থক।
এনে ধৰণেৰে সচৰাচৰ গোড়া ধৰ্মৰ কথাবোৰৰ সৈতে মোকাবিলা কৰা হয়, আৰু এতিয়া এনে ধৰণেৰেই মানুহে সৌন্দৰ্য সম্পৰ্কীয় ধাৰণাৰ সৈতেও মোকাবিলা কৰিবলৈ লৈছে৷ এইটো নিশ্চিতভাৱে ধৰি লোৱা হয় যে সৌন্দৰ্য শব্দটোৰ অৰ্থ প্ৰত্যেকৰে জ্ঞাত আৰু বোধগম্য৷ আৰু তথাপি এয়াতো জ্ঞাত নহয়েই, বৰং যোৱা ডেৰশটা বছৰত (১৭৫০ চনত ব’মগাৰ্টেনে নন্দনতত্ত্বক প্ৰতিষ্ঠা কৰাৰেপৰা) আটাইতকৈ জ্ঞানী আৰু অসামান্য চিন্তাৱিদসকলে এই বিষয়ত পৰ্বতসম গ্ৰন্থ ৰচনা কৰাৰ পাছতো ‘কলা কি?’ এই প্ৰশ্নটো আজিলৈকে একেবাৰে অমীমাংসিত হৈয়ে ৰৈ আছে, আৰু নন্দনতত্ত্ব বিষয়ক প্ৰতিখন নতুন গ্ৰন্থতে ইয়াৰ উত্তৰ একোটা নতুন ধৰণেৰে দিয়া হৈছে৷ নন্দনতত্ত্ব বিষয়ক মই পঢ়া অন্তিম কিতাপসমূহৰ এখন হৈছে জুলিয়াছ মিথাল্টাৰৰ বৰ বেয়াকৈ নিলিখা পুস্তিকা Rätsel des Schönen (সুন্দৰৰ প্ৰহেলিকা)। আৰু সেই শিৰোনামটোৱে ‘কলা কি?’ এই প্ৰশ্নটোৰ অৱস্থানকেই প্ৰকাশ কৰে। ডেৰশ বছৰত সহস্ৰ জ্ঞানী লোকে আলোচনা কৰাৰ পাছতো সৌন্দৰ্যৰ অৰ্থটো এতিয়াও এটা প্ৰহেলিকা হৈয়েই ৰৈ গৈছে। জাৰ্মানসকলে প্ৰশ্নটোৰ উত্তৰ তেওঁলোকৰ পথেৰেই দিয়ে, অৱশ্যে এশটা ভিন ভিন ধৰণেৰে৷ মনস্তত্ত্ববিদ-নন্দনতাত্ত্বিকসকল, উদাহৰণস্বৰূপে ইংৰাজ হাৰ্বাৰ্ট স্পেন্সাৰ, গ্ৰাণ্ট এলেন আৰু সমভাবাপন্নসকলৰ প্ৰত্যেকেই নিজৰ ধৰণেৰে উত্তৰ দিয়ে; ফৰাচী সাৰগ্ৰাহীসকল, আৰু গায়’ তথা টেইনৰ অনুগামীসকলৰো প্ৰত্যেকৰে উত্তৰ নিজা ধৰণৰ; আৰু এই আটাইবোৰ মানুহে ব’মগাৰ্টেনে, আৰু কাণ্টে, আৰু শ্বেলিঙে, আৰু শ্বিলাৰে, আৰু ফিষ্টে, আৰু উইংকলমেনে, আৰু লেছিঙে, আৰু হেগেলে, আৰু শ্বপেনহাৱাৰে, আৰু হাৰ্টমেনে, আৰু শ্বেজলাৰে, আৰু কাজিনে, আৰু লিভেকে, আৰু অন্যই আগ বঢ়োৱা পূৰ্বৱৰ্তী সমাধানবোৰ জানে।
এই ‘সৌন্দৰ্য’ বোলা অদ্ভূত ধাৰণাটোনো কি বস্তু, যিটো নভবা-নিচিন্তাকৈ কোৱাসকলৰ দৃষ্টিত অতি সহজ যেন লাগে, কিন্তু যাক সংজ্ঞাৱদ্ধ কৰোঁতে যোৱা ডেৰশটা বছৰত ভিন্ন প্ৰবৃত্তি আৰু ভিন্ন জাতীয়তাসম্পন্ন সমূহ দাৰ্শনিকে ঐকমত্যত উপনীত হ’ব পৰা নাই? সৌন্দৰ্যৰ ধাৰণাটো কি, যাৰ ওপৰত কলাৰ প্ৰভাৱশালী মতবাদটো নিৰ্ভৰশীল?
(আগলৈ)