অন্যযুগ/


মহাকবি কালিদাসৰ ৰঘুবংশ

অনুবাদ -কৌস্তুভমণি শইকীয়া দত্ত



বিজয়ৰ ইচ্ছাত বলীয়ান হৈ ৰঘুৰ সৈন্যদল আগুৱালে

জালুকৰ বনত বাস কৰা সেউজী পাৰ উদ্ভ্ৰান্ত হৈ উৰিলে,

মলয় পৰ্বতৰ সেই উপত্যকাত শিবিৰ পাতিলে।


বলৈৰধ্যুষিতাস্তস্য বিজিগীষোর্গতধ্বনঃ |

মাৰীচোদ্ভ্রান্তহাৰীতা মলয়াদ্রেৰুপত্যকাঃ || ৪-৪৬||


অশ্বৰ খুৰাত লাগি ইলাচীফুলৰ ৰেণু উৰি 

মত্ত হস্তীৰ সুগন্ধিত গন্ধস্থলত লাগিল

একাকাৰ হ’ল সুবাস হাতীৰ ক্ষৰিত মদৰ সৈতে।


সসঞ্জুৰশ্বক্ষুণ্ণানমেলানামুৎপতিষ্ণবঃ |

তুল্যগন্ধিষু মত্তেভকটেষু ফলৰেণবঃ || ৪-৪৭||


চন্দনগছত থকা সাপে হাতীৰ ডিঙি এনেকৈ ধৰিছিল মেৰাই

ভৰিৰ শিকলি ছিগিলেও সেই বন্ধন কিদৰেনো এৰুৱায়।


ভোগিবেষ্টনমার্গেষু চন্দনানাং সমর্পিতম্ |

নাস্রসৎকৰিণাং গ্রৈবং ত্রিপদীচ্ছেদিনামপি || ৪-৪৮||


দক্ষিণৰ দিশে কিছু কম হয় সূৰুযৰ তাপ

সেই দক্ষিণতে পাণ্ড্যৰজাই সহিব নোৱাৰিলে ৰঘুৰ প্ৰতাপ ।


দিশি মন্দায়তে তেজো দক্ষিণস্যাং ৰবেৰপি |

তস্যামেব ৰঘোঃ পাণ্ড্যাঃ প্রতাপং ন বিষেহিৰে || ৪-৪৯||


য’ত মিলিত হৈছে মহাসমুদ্ৰ আৰু তাম্ৰপৰ্ণী নদী

পাণ্ড্যৰজাই তাতেই ৰঘুক দিলে নিজ যশসম সঞ্চিত মুক্তাৰাজি ।


তাম্রপর্ণীসমেতস্য মুক্তাসাৰং মহোদধেঃ |

তে নিপত্য দদুস্তস্মৈ যশঃ স্বমিব সংচিতম্ || ৪-৫০||


চন্দন গছেৰে আৱৰা মলয় আৰু দৰ্দুৰ পৰ্বত

যেন দাক্ষিণাত্যৰ দুই চন্দনলিপ্ত স্তন ।

অপ্ৰতিৰোধ্য ৰঘুৱে অৱলীলাৰে কৰিলে অতিক্ৰম ।

 

স নির্বিশ্য যথাকামং তটেষ্বালীনচন্দনৌ |

স্তনাবিব দিশস্তস্যাঃ শৈলৌ মলয়দর্দুৰৌ || ৪-৫১||


অসহ্য-বিক্ৰমী ৰঘুৱে পাৰ কৰিলে সহ্য পৰ্বতমালা

সাগৰ যাৰ নামনিত গলি যোৱা বসন যেন মেদিনীৰ নিতম্বৰ পৰা  ।


অসহ্যবিক্রমঃ সহ্যং দূৰান্মুক্তমুদন্বতা |

নিতম্বমিব মেদিন্যাঃ স্রস্তাংশুকমলঙ্ঘয়ৎ || ৪-৫২||


তাৰ পাছতে সৈন্যদল ওলাল পশ্চিম অভিমুখে

সহ্য পৰ্বত আৰু সমুদ্ৰৰ মাজৰ তীৰ কৰি আচ্ছন্ন ।

যেন পৰশুৰামে অস্ত্ৰচালনাবিচ্ছিন্ন কৰা সমুদ্ৰ

পুনৰ সহ্য পৰ্বতৰ সৈতে হৈছে সংলগ্ন ।


তস্যানীকৈর্বিসর্পদ্ভিৰপৰান্তজয়োদ্যতৈঃ |

ৰামাস্ত্রোৎসাৰিতোঽপ্যাসীৎসহ্যলগ্ন ইবার্ণবঃ || ৪-৫৩||


এনে সমদলৰ ভয়ত কেৰলৰ নাৰীসকলে 

অলংকাৰ খুলি থ’লে সামৰি 

তেওঁলোকৰ অলকাৰ প্ৰসাধন হ’ল 

সৈনিকৰ খোজত উৰা ধূলি ।


ভয়োৎসৃষ্টবিভূষাণাং তেন কেৰলয়োষিতাম্ |

অলকেষু চমূৰেণুশ্চূর্ণপ্রতিনিধীকৃতঃ || ৪-৫৪||


মুৰলা নদীৰ ওপৰেদি প্ৰৱাহিত সমীৰত 

উৰি অহা কেতেকী ফুলৰ ৰেণু পৰি সেনাৰ কৱচত

অযত্নপালিত শৰীৰৰ কাপোৰ কৰিলে সুৱাসিত ।


মুৰলামাৰুতোদ্ধূতমগমৎকৈতকং ৰজঃ |

তদ্যোধবাৰবাণানাময়ত্নপটবাসতাম্ || ৪-৫৫||


দৌৰি যোৱা অশ্বৰ শৰীৰ সংলগ্ন বৰ্মৰ ধ্বনিত

তল পৰিল বতাহত উঠা তালবনৰ পাতৰ শব্দ ।


অভ্যভূয়ত বাহানাং চৰতাং গাত্রশিঞ্জিতৈঃ |

বর্মভিঃ পবনোদ্ধূতৰাজতালীবনধ্বনিঃ || ৪-৫৬||


মতলীয়া হৈ গজমদৰ সুগন্ধত 

নাগেশ্বৰ ফুল এৰি ভোমোৰা আহি বহিছিল  

খেজুৰ গছত বন্ধা হাতীৰ কুমত ।


খর্জূৰীস্কন্ধনদ্ধানাং মদোদ্গাৰসুগন্ধিষু |

কটেষু কৰিণাং পেতুঃ পুংনাগেভ্যঃ শিলীমুখাঃ || ৪-৫৭||


যি সমুদ্ৰই পৰশুৰামৰ অনুৰোধত দান কৰিছিল স্থান

এতিয়া যেন ৰঘুৱে অনুৰোধ নকৰাকৈয়ে সমুদ্ৰই

পশ্চিমৰ ৰজাগণৰ ৰূপ লৈ কৰিলে কৰ প্ৰদান ।


অবকাশং কিলোদন্বান্ ৰামায়াভ্যর্থিতো দদৌ |

অপৰান্তমহীপালব্যাজেন ৰঘবে কৰম্ || ৪-৫৮||


মত্ত হাতীৰ দাঁতৰ আঘাতৰ বিক্ৰমী চিহ্ণযুক্ত

ত্ৰিকূট পৰ্বত হ’ল ৰঘুৰ সুউচ্চ বিজয়স্তম্ভ ।


মত্তেভৰদনোৎকীর্ণব্যক্তবিক্রমলক্ষণম্ |

ত্রিকূটমেব তত্রোচ্চৈর্জয়স্তম্ভং চকাৰ সঃ || ৪-৫৯||


তাৰ পাছতে ৰঘুৱে সংযমী পুৰুষে 

যিদৰে ইন্দ্ৰিয়-ৰিপুজয়ৰ অৰ্থে কৰে তত্ত্বজ্ঞানৰ সন্ধান

তেনেদৰে কৰিলে পাৰ্চীসকলক জয় কৰাৰ অৰ্থে গমন ।


পাৰসীকাংস্ততো জেতুং প্রতস্থে স্থলবর্ত্মনা |

ইন্দ্রিয়াখ্যানিব ৰিপূংস্তত্ত্বজ্ঞানেন সংযমী || ৪-৬০||


অসময়ৰ ডাৱৰে যেনেকৈ পুৱাৰ কিৰণ ৰুধি ম্লান কৰে পাহি পদুমৰ 

সিদৰে ৰঘুৰ প্ৰতাপত যৱন নাৰীৰ মুখপদ্মৰ পৰা সুৰাগন্ধ নোহোৱা হ’ল। 


যবনীমুখপদ্মানাং সেহে মধুমদং ন সঃ |

বালাতপমিবাব্জানামকালজলদোদয়ঃ || ৪-৬১||


পশ্চিমীয়া অশ্বাৰোহীৰ সৈতে হ’ল তুমুল যুদ্ধ

অশ্বখুৰাৰ ধূলিত অদৃশ্য হ’ল সকলো

কেৱল শৰৰ শব্দই ক’লে বিয়পি আছে যোদ্ধা-প্ৰতিপক্ষ ।


সংগ্ৰামস্তুমুলস্তস্য পাশ্চাত্যৈৰশ্বসাধনৈঃ |

শার্ঙ্গকূজিতবিজ্ঞেয়প্রতিয়োধে ৰজস্যভূৎ || ৪-৬২||


বৰ্শাৰ আঘাতত বিচ্ছিন্ন মুণ্ডৰে ভূমি এনেকৈ ভৰিল

এনে লাগিল যেন মৌচাক আৱৰি এজাক মৌমাখি পৰিল ।


ভল্লাপবর্জিতৈস্তেষাং শিৰোভিঃ শ্মশ্রুলৈর্মহীম্ |

তস্তাৰ সৰঘাব্যাপ্তৈঃ স ক্ষৌদ্রপটলৈৰিব || ৪-৬৩||


যিসকলৰ ৰক্ষা পৰিছিল প্ৰাণ

শিৰস্ত্ৰাণ খুলি ৰঘুত ল’লে শৰণ ।

মহাত্মাজনৰ ক্ৰোধৰ প্ৰণামতে হয় উপশম।


অপনীতশিৰস্ত্রাণাঃ শেষাস্তং শৰণং যয়ুঃ |

প্রণিপাতপ্রতীকাৰঃ সংৰম্ভো হি মহাত্মনাম্ || ৪-৬৪||


ৰঘুৰ সৈন্যসকলে মধুবনত বহিল পাৰি হৰিণৰ ছাল

পলুৱালে যুদ্ধজয়ৰ অৱসাদ কৰি মদিৰা পান ।

 

বিনয়ন্তে স্ম তদ্যোধা মধুভির্বিজয়শ্রমম্ |

আস্তীর্ণাজিনৰত্নাসু দ্রাক্ষাবলয়ভূমিষু || ৪-৬৫||


উত্তৰায়ণত সূৰুযে ৰ’দৰ জাল মেলে  ভূ-ৰস শোষণৰ বাবে

ৰঘুৱেও শৰৰ জাল মেলিলে উত্তৰৰ দেশ বিজয়ৰ বাবে । 


ততঃ প্রতস্থে কৌবেৰীং ভাস্বানিব ৰঘুর্দিশম্ |

শৰৈৰুস্রৈৰিবোদীচ্যানুদ্ধৰিষ্যন্ ৰসানিব || ৪-৬৬||


তাৰ পাছত কাশ্মীৰৰ সিন্ধুৰ তীৰত অশ্বই যুঁজৰ ভাগৰ মাৰিলে

যাত্ৰাত কান্ধত লাগি অহা কেশৰৰ গুৰি জোকাৰি সৰালে ।


বিনীতাধ্বশ্রমাস্তস্য সিন্ধুতীৰবিচেষ্টনৈঃ |

দুধুবুর্বাজিনঃ স্কন্ধাংল্লগ্নকুঙ্কুমকেসৰান্ || ৪-৬৭||


তাত পতিসকলৰ ওপৰত দেখি ৰঘুৰ বল-বিক্ৰম 

হুণ-নাৰীসমগ্ৰৰ সুন্দৰ গাল হৈ উঠিছিল ৰক্তিম ।


তত্র হূণাবৰোধানাং ভর্তৃষু ব্যক্তবিক্রমম্ |

কপোলপাটলাদেশি বভূব ৰঘুচেষ্টিতম্ || ৪-৬৮||


কম্বোজদেশৰ ৰজাসকলেও নোৱাৰিলে সহিব ৰঘুৰ  পৰাক্ৰম

আখৰোট গছ যিদৰে হাউলি পৰে সহিব নোৱাৰি হস্তীৰ বন্ধন ।


কাম্বোজাঃ সমৰে সোঢুং তস্য বীর্যমনীশ্বৰাঃ |

গজালানপৰিক্লিষ্টৈৰক্ষোটৈঃ সার্ধমানতাঃ || ৪-৬৯||


কোশলৰাজক উপহাৰ দিলে অশ্ব-স্বৰ্ণ-ৰত্ন অজস্ৰ

কিন্তু সেই প্ৰাপ্তিতো নাজাগিল ৰঘুৰ হৃদয়ত গৰ্ব।


তেষাং সদশ্বভূয়িষ্ঠাস্তুঙ্গা দ্রবিণৰাশয়ঃ |

উপদা বিবিশুঃ শশ্বন্নোৎসেকাঃ কোসলেশ্বৰম্ || ৪-৭০||


তাৰ পাছত অশ্বাৰোহী লৈ হিমালয়ত কৰিলে আৰোহণ

ধাতুমিশ্ৰিত ধূলি উৰি পৰ্বতৰ শৃংগক কৰিলে অধিক বৰ্ধন।

 

ততো গৌৰীগুৰুং শৈলমাৰুৰোহাশ্বসাধনঃ |

বর্ধয়ন্নিব তৎকূটানুদ্ধূতৈর্ধাতুৰেণুভিঃ || ৪-৭১||


তাৰ গুহাত শুই থকা সিংহই মূৰ তুলি চালে সৈন্যৰ কলৰোল

পিছে সিংহসম বীৰত্ব দেখি নিৰ্ভীক পশুৰাজ বিৰক্ত নহ’ল ।


শশংস তুল্যসত্ত্বানাং সৈন্যঘোষেঽপ্যসংভ্রমম্ |

গুহাশয়ানাং সিংহানাং পৰিবৃত্যাবলোকিতম্ || ৪-৭২||


মৃদু সমীৰণে তুলিলে মৰ্মৰ ধ্বনি গছৰ পাতত

বাঁহৰ ফুটাত মধুৰ ধ্বনি তুলি গংগাৰ জলকণাৰে

পথত সেৱা কৰিলে ৰঘুক । 


ভূর্জেষু মর্মৰীভূতাঃ কীচকধ্বনিহেতবঃ |

গঙ্গাশীকৰিণো মার্গে মৰুতস্তং সিষেবিৰে || ৪-৭৩||


কস্তুৰী মৃগৰ সুৱাসসনা শিলৰ আসনত

সৈন্যদলে বিশ্ৰাম ল’লে নমেৰু গছৰ ছায়াত ।

 

বিশশ্রমুর্নমেৰুণাং ছায়াস্বধ্যাস্য সৈনিকাঃ |

দৃষদো বাসিতোৎসঙ্গা নিষণ্ণমৃগনাভিভিঃ || ৪-৭৪||


দেৱদাৰু গছত বন্ধা হাতীৰ শিকলিত 

ৰাতি ঔষধিৰ পোহৰ পৰি কৰিছিল তিৰবিৰ ।

সেয়াই আছিল তৈল-বিহীন প্ৰদীপ অধিনায়ক ৰঘুৰ ।


সৰলাসক্তমাতঙ্গগ্রৈবেয়স্ফুৰিতৎবিষঃ |

আসন্নোষধয়ো নেতুর্নক্তমস্নেহদীপিকাঃ || ৪-৭৫||


যেতিয়া ৰঘুৱে উঠাই নিলে সেনানিবাস,

ৰৈ গ’ল অৰণ্যৰ দেৱদাৰুৰ গাত

হাতীৰ ডিঙিত বন্ধা শিকলিৰ দাগ ।

যিমান আছিল  তাত কিৰাট-অৰণ্যবাসী 

তাকে দেখি বুজিলে কিমান ওখ আছিল ৰঘুৰ হস্তী । 


তস্যোৎসৃষ্টনিবাসেষু কণ্ঠৰজ্জুক্ষতৎবচঃ |

গজবর্ষ্ম কিৰাতেভ্যঃ শশংসুর্দেবদাৰবঃ || ৪-৭৬||


তাৰ পাহাৰীয়াসকলৰ সৈতে হ’ল প্ৰচণ্ড যুঁজ

শিলাবৰ্ষণ আৰু লৌহতীৰৰ ঘঁহনিত জুই হ’ল নিৰ্গত ।


তত্র জন্যং ৰঘোর্ঘোৰং পর্বতীয়ৈর্গণৈৰভূৎ |

নাৰাচক্ষেপণীয়াশ্মনিষ্পেষোৎপতিতানলম্ || ৪-৭৭|


শৰ নিক্ষেপেৰে পাৰ্বত্যজাতিৰ উৎসৱ বিৰত ৰাখিলে

ৰঙেৰে ৰঘুৰ বাহুবলৰ জয়গান গালে কিন্নৰসকলে।


শৰৈৰুৎসবসংকেতাঞ্চ কৃৎবা বিৰতোৎসবান্ |

জয়োদাহৰণং বাহ্বোর্গাপয়ামাস কিংনৰান্ || ৪-৭৮||


পৰ্বতীয়াসকলে মূল্যৱান উপহাৰ প্ৰদান কৰিলে  ৰঘুক,

ৰঘুৱে বুজিলে ঐশ্বৰ্যশালী হিমালয়ক

হিমালয়ে বুজিলে ৰজাৰ পৰাক্ৰমক । 


পৰস্পৰেণ বিজ্ঞাতস্তেষূপায়নপাণিষু |

ৰাজ্ঞা হিমবতঃ সাৰো ৰাজ্ঞঃ সাৰো হিমাদ্রিণা || ৪-৭৯|


হিমালয়ত স্থাপন কৰি উজ্জ্বল যশোৰাশি

ৰঘুৱে নাশিলে ৰাৱণে উত্তোলন কৰা হিমালয়ৰ গ্লানি ।


তত্রাক্ষোভ্যং যশোৰাশিং নিবেশ্যাবৰুৰোহ সঃ |

পৌলস্ত্যতুলিতস্যাদ্রেৰাদধান ইব হ্রিয়ম্ || ৪-৮০||


লৌহিত্যৰ তীৰত ৰঘুৱে যেতিয়া কৰিলে প্ৰৱেশ

এনেকৈ কম্পিত হ’ল প্ৰাগজ্যোতিষৰ ৰজা

যেনেকৈ কঁপিল কালাগুৰুবৃক্ষ  ৰঘুৰ হাতী বন্ধা।


চকম্পে তীর্ণলৌহিত্যে তস্মিন্প্রাগ্জ্যোতিষেশ্বৰঃ |

তদ্গজালানতাং প্রাপ্তৈঃ সহ কালাগুৰুদ্রুমৈঃ || ৪-৮১||


ধৰণী ধৰিলে ছানি ৰঘুবাহিনীৰ ৰথৰ ধূলিয়ে 

আকাশৰ বেলি যেন ডাৱৰে ঢাকিলে ।

সেই ধুলিকে সহিব নোৱাৰিলে প্ৰাগজ্যোতিষৰ ৰজা 

সৈন্যৰ পৰাক্ৰম সহিব পৰাতো দূৰৰে কথা।


ন প্রসেহে স ৰুদ্ধার্কমধাৰাবর্ষদুর্দিনম্ |

ৰথবর্ত্মৰজোঽপ্যস্য কুত এব পতাকিনীম্ || ৪-৮২||


কামৰূপৰ ৰজাই যদিও কৰিছিল ইন্দ্ৰক জয়

ৰজা ৰঘুক বন্দনা কৰিলে উপহাৰত মদবৰ্ষী হাতী লৈ,

যি হাতীৰে লভিছিল অনেক যুদ্ধত বিজয় ।


তমীশঃ কামৰূপাণামত্যাখণ্ডলবিক্রমম্ |

ভেজে ভিন্নকটৈর্নাগৈৰন্যানুপৰুৰোধ যৈঃ || ৪-৮৩||


দেৱতাৰ দৰে পূজিলে সোণৰ পাত্ৰত ভৰি থৈ

কামৰূপেশ্বৰে আৰাধিলে ৰত্নস্বৰূপ ফুল লৈ ।


কামৰূপেশ্বৰস্তস্য হেমপীঠাধিদেবতাম্ |

ৰত্নপুষ্পোপহাৰেণ ছায়মানর্চ পাদয়োঃ || ৪-৮৪||


ছত্ৰহীন ৰজাসকলৰ শিৰত ৰথৰ ধূলি ছটিয়াই

ৰাজধানীলৈ উভতিল ৰঘু দশোদিশ কৰি জয় ।


ইতি জিৎবা দিশো জিষ্ণুর্ন্যবর্তত ৰথোদ্ধতম্ |

ৰজো বিশ্রাময়ন্রাজ্ঞাং ছত্রশূন্যেষু মৌলিষু || ৪-৮৫||


আৰ্জিত অতুল সম্পত্তি দান কৰিবৰ বাবে 

অনুষ্ঠিত কৰিলে বিশ্বজিত যজ্ঞ ৰঘুৱে

মেঘে যিদৰে গ্ৰহণ কৰে কেৱল বৰিষণৰ বাবে ।


স বিশ্বজিতমাজহ্রে যজ্ঞং সর্বস্বদক্ষিণম্ |

আদানং হি বিসর্গায় সতাং বাৰিমুচামিব || ৪-৮৬||


কাকুৎস্থবংশজ ৰঘুৱে কৰিলে দূৰ

পৰাজিত ৰজাসকলৰ গ্লানি পৰাজয়ৰ 

বন্ধুত্ব আৰু সহৃদয়তাৰে কৰিলে আপ্যায়ন

দিলে বহু উপহাৰ জনালে সন্মান

বিৰহী পত্নীৰ কাষ পোৱাকৈ ৰাজধানীলৈ কৰিলে প্ৰেৰণ।  


সত্রান্তে সচিবসখঃ পুৰস্ক্রিয়াভি-

র্গুর্বীভিঃ শমিতপৰাজয়ব্যলীকান্ |

কাকুৎস্থশ্চিৰবিৰহোৎসুকাবৰোধান্

ৰাজন্যান্স্বপুৰনিবৃত্তয়েঽনুমেনে || ৪-৮৭||


ধ্বজ, বজ্ৰ, ছত্ৰ ৰাজচিহ্নযুক্ত পদযুগলৰ লভি প্ৰসাদ 

স্পৰ্শ কৰি প্ৰণিপাত জনালে ৰাজনক বিদায়বেলাত ।

প্ৰণামোতে শিৰত ধাৰণ কৰা ফুলৰ ৰেণু পৰি 

শুভ্ৰ কৰি তুলিলে ৰঘুৰ দুভৰি ।


তে ৰেখাকুলিশাতপত্রচিহ্নং

সম্রাজশ্চৰণয়ুগং প্রসাদলভ্যম্ |

প্রস্থানপ্রণতিভিৰঙ্গুলীষু চক্ৰু

র্মৌলিস্রক্চ্যুতমকৰন্দৰেণুগৌৰম্ || ৪-৮৮||


(কালিদাস বিৰচিত ৰঘুবংশ মহাকাব্যৰ চতুৰ্থ অধ্যায় সমাপ্ত ।)


ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাসকৃতৌ

ৰঘুদিগ্বিজয়ো নাম চতুর্থঃ সর্গঃ ||

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ