মূল : The Puppet, গ্ৰেবিয়েল গাৰচিয়া মাৰ্কেজ, কলম্বিয়া, সাহিত্যৰ ন'বেল বঁটা ১৯৮২ চন
অনুবাদ : ড° ৰঞ্জিত দত্ত
অলপ সময়ৰ বাবে
ভগৱানে যদি পাহৰি যায়
মই এটা জীৰ্ণ পুতলা বুলি
আৰু যদি মোক দিয়ে
এটি ভগ্নাসুৰ জীৱন
তেতিয়া হয়তো মই
একোকেই নক'ম।
কিন্তু যিবিলাক কথা
মই কৈছিলোঁ
সেইবিলাকেই মাথোঁ ভাবি থাকিম।
মই বস্তুবোৰক
গুৰুত্ব দিওঁ এইবাবে নহয়
যে সেইবিলাক বহু মূল্যবান
কিন্তু দিওঁ এইবাবেই যে
ইহঁতে আচলতে
বুজাব বিচাৰিছে কিনো।
মই খুউব ক'মকৈ টোপনি যাওঁ
সপোন দেখোঁ বেছিকৈ।
মই জানো যে
আমি চকু মুদি থকা
প্ৰতিটো মিনিটত
আমি হেৰুৱাওঁ
পোহৰৰ ষাঠিটা চেকেণ্ড।
মই খোজকাঢ়োঁ
যেতিয়া আনে
পায়চাৰি কৰে,
যেতিয়া আন শুই থাকে
তেতিয়া মই সাৰ পাওঁ।
যেতিয়া আনে কথা কয়
মই তেতিয়া শুনি থাকোঁ
যিদৰে মই উপভোগ কৰোঁ
এটি ভাল চকলেট আইচক্ৰিম।
যদি ভগৱানে মোক কেতিয়াবা
এটি ভগ্ন জীৱন দিয়ে,
মই খুউব ভালদৰেই
সাজ-পোছাক পিন্ধিম,
সুৰুযক প্ৰদৰ্শন কৰিম
মোৰ দেহটোকে মাথোঁ নহয়,
মোক আত্মাকো।
হে মোৰ ভগৱান,
যদি মোৰ এখন হৃদয় থাকিলহেঁতেন
মোৰ ঘৃণাবোৰ লিখিলোহেঁতেন
বৰফৰ এটি টুকুৰাত আৰু
প্ৰতীক্ষা কৰিলোঁহেঁতেন উদিত সূৰুযৰ বাবে।
ভেন গঁঘৰ সপোনেৰে
তৰাবোৰৰ ওপৰতে আঁকিলোহেঁতেন
"বেনিডিট্টি"ৰ এটি কবিতা আৰু
জোনৰ বুকুত "ছেৰেটৰ" এটি
মিঠা প্ৰেমগীত।
মোৰ চকুৰ পানীবোৰেৰে
মই পানী দিলোহেঁতেন
গোলাপৰ ধুনীয়া ফুলবোৰক,
কাঁইটৰ বেদনা
বুজি পোৱাৰ আপাহত আৰু
বুজিবলে ফুলৰ পাহিৰ
কাৰাৰুদ্ধ চুমাবোৰক।
হে ভগৱান,
যদিহে মোৰ এটি
ভগ্ন জীৱন থাকিলহেঁতেন।
মই ভালপোৱা মানুহবোৰক
মই যে সিঁহতক ভাল পাওঁ,
মানুহক যে মই ভাল পাওঁ,
সেই কথা নোকোৱাকৈ
হয়তো এদিননো নগ'লহেঁতেন।
সকলো নাৰী-পুৰুষকে
প্ৰতীয়মান কৰিলোঁহেঁতেন যে
তেওঁলোক মোৰ প্ৰিয় আৰু
মই জীয়াই থাকিম
কেৱল মাথোঁ তেওঁলোকৰ মৰমৰে।
পুৰুষসকলক মই প্ৰমাণ দিম এয়া
তেওঁলোকে ভাবে যে
বয়স হ'লে প্ৰেমত নপৰে কিন্তু
তেওঁলোকে নাজানে যে তেওঁলোক বৃদ্ধ হয়
যেতিয়া প্ৰেমত পৰিবলে এৰি দিয়ে।
শিশুসকলক মই দুখন ডেউকা দিম
কিন্তু তেওঁলোকক শিকাম
কিদৰে নিজেই উৰিব লাগে।
বৃদ্ধসকলক শিকাম যে
বয়স বঢ়াৰ বাবে মৃত্যু নাহে
মৃত্যু আহে মাথোঁ বিস্মৃতিৰ বাবেহে।
হে মোৰ প্ৰিয় মানুহ,
তোমালোকৰ পৰা মই
বহু কথাই শিকিলোঁ...
মই শিকিলোঁ যে
সকলো মানুহেই বিচাৰে
পাহাৰ নবগোৱাকৈয়ে
শৃঙ্গত আৰোহণ কৰিবলে
এয়া নজনাকৈয়ে যে
শৃঙ্গ আৰোহণ কৰিবলৈ
পাহাৰৰ ভাঁজবোৰ বগোৱাতে আছে
অপৰিসীম আনন্দ।
মই শিকিলোঁ যে
এটি নৱজাত শিশুৱে যেতিয়া
প্ৰথম তাৰ ফুলকুলীয়া হাতৰ আঙুলিকেইটাৰে
দেউতাকৰ হাতখন ধৰে
সেয়া যুগমীয়া হৈ ৰয়।
মই শিকিছোঁ যে
এজন ব্যক্তিৰ কেৱল মাথোঁ
অধিকাৰ আছে
আন এজন ব্যক্তিক
তুলি ধৰি থিয় কৰোৱাৰ।
তোমালোকৰ পৰা মই
বহু কথাই শিকিলোঁ
কিন্তু শেষ সময়ত
বহু কথাই কোনো কামত নাহিব
কাৰণ যেতিয়া মোক সিঁহতে
বাকচটোৰ ভিতৰত ভৰাই দিব
দুৰ্ভাগ্যক্ৰমে মোৰ
মৃত্যু হ'ব তেতিয়া।