অনুবাদ : মানসজ্যোতি শৰ্মা
(আমেৰিকাৰ গীতিকবি আৰু নাট্যকাৰ এডনা ছেইণ্ট ভিনচেণ্ট মিলেৰ জন্ম হৈছিল ১৮৯২ চনৰ ২২ ফেব্ৰুৱাৰি তাৰিখে৷ মেইনিৰ শিলাময় সাগৰীয় অঞ্চলত জন্মলাভ কৰা মিলে এগৰাকী শিক্ষকৰ ছোৱালী আছিল৷ নাৰীবাদৰ প্ৰতিভূস্বৰূপ মিলেৰ কবিতাই আছিল একমাত্ৰ মাধ্যম, যাৰ জৰিয়তে এটা সময়ত নাৰী হৈও ‘বহেমিয়ান লিখকৰ ক’লনী’ খ্যাত নিউয়ৰ্ক চিটীৰ গ্ৰীনৱিশ্ব্ ভিলেইজৰ এটা অতি চিনাকি সত্তাৰূপে তেওঁ পৰিচিত হৈছিল৷ মিলেৰ কবিতাৰ প্ৰেৰণাই এচাম নতুন নাৰীক কবিৰ স্বীকৃতি দিছিল৷ ১৯২৩ চনত তেওঁ প্ৰথম মহিলা কবি হিচাপে পুলিৎজাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ Camden High School-ত পঢ়ি থাকোঁতেই সাহিত্যৰ জগতত ভৰি দিয়া মিলেৰ ব্যক্তিগত জীৱনটো বহু ঘাত-প্ৰতিঘাতেৰে জৰা-জীৰ্ণ৷ ১৯৫০ চনৰ ১৯ অক্টোবৰ তাৰিখে মিলেৰ দেহাৱসান ঘটে৷)
জীৱনৰ ছাই
প্ৰেম অদৃশ্য হ’ল আৰু মোক এৰি গ’ল, দিনবোৰ এতিয়া একে
খাবই লাগিব, শুবও লাগিব— আৰু যদি সেই ৰাতিটো থাকিলহেঁতেন কাষৰত!
কিন্তু হায়!
ওৰেৰাতি উজাগৰে থকা আৰু ধীৰে ধীৰে বাজি থকা সময়ৰ ঘণ্টাটোক অনুসৰণ কৰা!
আকৌ দিন হ’বনে— সন্ধিয়াটো বহুৱাই লৈ কাষৰত!
নোহোৱা হ’ল প্ৰেম, অকলশৰীয়া মই কি কৰোঁ উৱাদিহ নাই
এইটো নে সেইটো অথবা যিয়েই নকৰাঁ তুমি এতিয়া সকলো একে মোৰ বােব
কিন্তু মই আৰম্ভ কৰা প্ৰতিটো কামেই এৰি আহিছোঁ অনাঘ্ৰাতে
যতদূৰ দেখিছোঁ আজিও প্ৰায়েই সেইবোৰ অচল, অব্যৱহৃত
প্ৰেম অদৃশ্য হ’ল আৰু মোক এৰি গ’ল,— চুবুৰীয়াই দুৱাৰত টুকুৰিয়ায়, ধাৰলৈ নিয়ে
এটা নিগনিৰ কুটকুটনিৰ দৰে জীৱনটো চলি যায়—
আৰু কাইলৈ, আৰু কাইলৈ, আৰু কাইলৈ, আৰু কাইলৈ...
এটা সৰু ৰাস্তা আৰু এটা সৰু ঘৰ
দুখ
নিৰৱচ্ছিন্ন বৃষ্টিৰ দৰেই
মোৰ হৃদয়ত দুখে খুন্দিয়ায়
হাউলি পৰা মানুহৰ শোকৰ চিঞৰ শুনি
দোক্মোকালিয়ে আজিও তেওঁলোককেই বিচাৰি যায়
চন্দ্ৰৰ কলা বৃদ্ধি নতুবা নহয় হ্ৰাস
নহয় ৰুদ্ধতা কিম্বা এয়া পুনৰ যাত্ৰা
মানুহে সাজি-কাচি টাউনলৈ যায়
আৰু মই চকীখনতে থাকোঁ বহি
মোৰ ভাৱনাবোৰ ধীৰ আৰু মুগা বৰণৰ
থিয় নতুবা বহি থকা
মই কেনে চোলা পিন্ধো নাইবা জোতাযোৰ কেনে
নাই তিলমানো চিন্তা মোৰ