অন্যযুগ/


মহাবীৰ আৰু অৱলাৰ ইতিকথা

 মূল : (বাংলা) মাণিক বন্দ্যোপাধ্যায়

 

অনুবাদ : বাসুদেব দাস

      

এটা ল’ৰা আৰু এজনী ছোৱালী আছিল ৷ আমি ধৰি ল’ব পাৰোঁলৰাজনৰ নাম মহাবীৰ আৰু ছোৱালীজনীৰ নাম আছিল অৱলা ৷ কাৰ কিমান বয়সকোনে কোন ক্লাছত পঢ়েএইবোৰ জানি আমাৰ কোনো লাভ নাই ৷

এদিন অৱলাই দুচকু বিস্ফাৰিত কৰি চকুলোৰে ওপচাই কলে, ‘ছিঃ!’

শুনি মহাবীৰ বৰ বিহ্বল হৈ পৰিল৷ সি এবাৰ ভাবিলেহাতখন আগবঢ়াই সি অৱলাৰ হাত এখনত ধৰিব ৷ বহু ভাবি-চিন্তি সেই ইচ্ছা এৰি দি ভীতিগ্ৰস্ত হৈ সি সুধিলে, ‘কিয়ছিঃ কিয়কিহৰ বাবে ছিঃ?’

 ‘মাক তুমি এনেদৰে অৱহেলা কৰাঁ ৷’

 সচাঁ। সঁচাই অৱলাৰ চকুৰ পৰা টোপাটোপে পানী পৰিবলৈ ধৰিলে ৷ কোমল মনসেইবাবে কাৰোবাৰ দুখ-কষ্টৰ কথা শুনিলেই মনটো গৰমৰ দেশৰ বৰফৰ নিচিনাকৈ গলি যাবলৈ ধৰে ৷ অৱশ্যে আটাইতকৈ বেছি গলে নিজা দুখ কষ্টতঠিক গৰম তেৱাত বৰফ দিয়াৰ নিচিনাকৈকিন্তু জীৱনত এতিয়াও আচল দুখ-কষ্টৰ সৈতে পৰিচয় হোৱা নাই বাবে আনৰ বাবে মনটোক অলপ অলপকৈ গলাব নোৱাৰিলে অৱলাৰ সময় যেন পাৰ হব নিবিচাৰে ৷

অৱলাৰ অভিযোগে মহাবীৰক আকস্মিক লাজত প্রায় উদভ্রান্ত কৰি তুলিলে ৷ ল’ৰাটো যেন সলনি হৈ গল৷ পোছাকৰ পাৰিপাট্য হেৰাই গঅধিক খৰচ কৰাৰ প্রৱণতা কমি গঅতিমাত্ৰা এলেহুৱা লৰাটোৰ প্রয়োজনীয় বিশ্রাম চাৰিভাগৰ এভাগত পৰিণত হসি চিগাৰেট নোখোৱা হআজিকালি সি অৱলাক লৈ সপ্তাহত দুদিন চিনেমা চাবলৈও নাযায়৷

বহু ভণিতা কৰি সি মাকলৈ চিঠি লিখিলে, ‘মাতোমাক মই বৰ বেছি অৱহেলা কৰিছোঁ। এই অধম সন্তানক ক্ষমা কৰি দিবা ৷ বাকীছোৱা জীৱন মই তোমাৰ সেৱা কৰি পাৰ কৰিম ৷

বাকীছোৱা জীৱন মই মাৰ সেৱা কৰি পাৰ কৰি দিমঅৱলা ৷’

অৱলাই সেয়া ভালদৰে বুজি পাবলৈ আৰম্ভ কৰিছিল ৷ এনে লাগিল যেন এটা চাকনৈয়াত পৰি আজিকালি তেওঁৰ মূৰৰ বিষৰ অন্ত নোহোৱা হৈ গৈছে ৷ মুখখনত তেজ নোহোৱা যেন লাগিছেদেহা শীর্ণমাত-বোল সঙ্গতিবিহীন ৷ এনে এটা সাংঘাতিক ভুল কি সি কৰিছে যাৰ ফান্দত পৰি গোটেইটো জীৱন ছটফটাব লাগিবএনে এটা কথা সকলো বয়সৰ মাইকী মানুহে ভাবে আৰু উতলা হয়৷ অৱলা ঠিক তেনেকৈয়ে উতলা হবলৈ ধৰিছিল ৷

এদিন সেইবাবে মহাবীৰৰ লগত অতি সাধাৰণ বিষয়ত কথা পতাৰ সময়ত অৱলাৰ চকুৰে পানী ওলাবলৈ আৰম্ভ কৰিলে৷

কান্দিছা কিয়?’

হাতৰ পিঠিত মুখ ৰাখি অৱলাই তেতিয়া ৰীতিমতে কান্দোন আৰম্ভ কৰিছে ৷ মহাবীৰ বিহ্বল হৈ পৰিল৷ ভাবি-চিন্তি অৱলাৰ এখন হাতত ধৰি ভীত কণ্ঠৰে সুধিলে, ‘কি হৈছে অৱলাকান্দিছা কিয়?’

অৱলাই কান্দি কান্দি কলে, ‘তুমি অকল তোমাৰ মাক লৈয়ে ব্যস্ত হৈ আছাঁমোৰ ফালে নোচোৱাঁই ৷ মই তোমাৰ কোনো নহওঁ নেকি ?’

কি সর্বনাশঅৱলাৰ মুখত এনে অভিযোগ— অৱহেলাৰ!

মহাবীৰৰ কলিজাটো যেন হঠাৎ কিবা এটা অজানা গেছত ফুলি উঠা বেলুনৰ নিচিনাকৈ ওফন্দি উঠিছে৷ সচাঁজীৱনৰ কি শোচনীয় অপচয় ঘটিছে৷ অন্ধৰ নিচিনা সোণৰ খনিৰ পৰা সি কেনেকৈ শূন্য হাতত বিদায় গ্রহণ কৰিছে!

মহাবীৰৰ পোছাকত আকৌ চাকচিক্য দেখা গখৰচ-বৰচ অনিয়ন্ত্রিত হৈ পৰিলএলেহুৱাৰ অতুলনীয় আনন্দত দিন-ৰাতি পৰিপূর্ণ হৈ উঠিলএটা সস্তীয়া পাইপ কিনি টানিবলৈ আৰম্ভ কৰি অৱলাক লৈ সপ্তাহত তিনিদিন সি চিনেমা চাবলৈ যাবলৈ আৰম্ভ কৰিলে৷

অৱশ্যে সেইবাবে মাক আধপেটীকৈ খাই ফটাছিটা কাপোৰ পিন্ধি দিন কটাবলগীয়া হলকিন্তু ইয়াৰতো কোনো প্রতিকাৰ নাইএয়াই স্বাভাৱিক৷

অৱলাৰ মনটো খুঁত খুঁত কৰেমাজে মাজে চকুৰ পৰা চকুলো সৰেমহাবীৰৰ মুখৰ ফালে চাই মাজে মাজে গালত হাত থৈ সি আকাশ-পাতাল ভাবি থাকে৷

ভাবেমহাবীৰৰ বা কি হয়- আকাশতে উঠে নে পাতাললৈকে নামেপৃ্থিৱীত থাকিব নোৱাৰেএই মাটিৰ পৃ্থিৱীত?

---

 

লেখক পৰিচিতি :

বাংলা সাহিত্যৰ এজন অন্যতম লেখক মাণিক বন্দ্যোপাধ্যায় ১৯০৮ চনত জন্ম গ্রহণ কৰিছিল৷ প্রকৃত নাম প্রবোধকুমাৰ বন্দ্যোপাধ্যায়৷ চল্লিছখন উপন্যাস আৰু  তিনিশ চুটি গল্পৰ ৰচয়িতা৷ ‘পুতুল নাচেৰ ইতিকথা’, ‘দিবাৰাত্রিৰ কাব্য’, ‘পদ্মানদীৰ মাঝি’ তেঁওৰ বিখ্যাত উপন্যাস  আৰু ‘প্রাগতৈহাসিক’, ‘অতসী মামী’, ‘ছোট বকুলপুরের যাত্রী’ বিখ্যাত চুটি গল্প সঙ্কলন৷ ১৯৫৬ চনত লেখকৰ মৃত্যু হয়৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ