অন্যযুগ/


প্ৰস্থান ক্ষতবোৰৰ দৰেই আত্ম-প্ৰতিকৃতি

 আমেৰিকান-ভিয়েটনামী কবি ওশ্বেন ভুৱঙৰ Self-Portrait as Exit Wounds কবিতাৰ অনুবাদ

অনুবাদক : ড˚ বিৰিঞ্চি কুমাৰ দাস


বিকল্পে, ই হওক বৰষুণে উটুৱাই নিয়া

প্ৰতিটো খোজৰ প্ৰতিধ্বনি, বায়ুক বিকল কৰক

এখন ডুবন্ত নাৱলৈ প্ৰক্ষিপ্ত এটা নামৰ দৰে, প্ৰদৰ্শন কৰক শিমলুৰ ছাল

পদপথৰ তলত হাড়বোৰ পাহৰি যাবলৈ চেষ্টা কৰা

এখন মহানগৰীৰ অসাৰতা আৰু কঠিনতাৰ মাজেৰে, তাৰ পাছত

ধোঁৱা আৰু আধা গোৱা স্তৱেৰে ভাৰাক্ৰান্ত শৰণাৰ্থী শিবিৰৰ মাজেৰে,

মামৰেৰে ক'লা আৰু আইতাৰ শেষ মমডালেৰে প্ৰজ্বলিত

এটা জুপুৰীৰ মাজেৰে, আমি হাতেৰে ধৰি ৰখা আৰু ভাতৃ বুলি ভুল কৰা

বৰাহৰ মুখবোৰত, ইয়াক প্ৰৱেশ কৰিবলৈ দিয়াঁ এটা কোঠাত

যি তুষাৰেৰে উজ্জ্বল আৰু সজ্জিত কেৱল হাঁহিৰে,

কোনেও মনত নেপেলোৱা বিজয়ৰ প্ৰমাণ হিচাপে

ফটা ওঠলৈ তুলি নিয়া ৱণ্ডাৰ ব্ৰেড আৰু মিয়'নে'জেৰে, ইয়াক মচি দিবলৈ দিয়াঁ

মাছৰ অন্ত্ৰ আৰু মাৰ্লব'ৰ'ৰে শোভিত দুহাতেৰে দেউতাকে

উঠাই লোৱা নৱজাতকৰ ৰক্তিম গাল, উল্লাসিত হয় প্ৰত্যেকেই

যেতিয়া জন ৱেইনিৰ এম-১৬ ৰ আঘাতত ধৰাশায়ী হয়

আৰু এজন কপিলবৰ্ণা বিদেশী, ভিয়েটনাম জ্বলে দূৰদৰ্শনৰ পৰ্দাত,

এটা প্ৰতিশ্ৰুতিৰ দৰেই পৰিষ্কাৰ তেওঁলোকৰ কাণৰ মাজেৰে

ইয়াক পিছলি যাবলৈ দিয়াঁ, চোফাত চিকমিকাই থকা মাইকেল জেকছনৰ পোষ্টাৰ

ভেদ কৰাৰ আগতেই, চুপাৰমাৰ্কেটলৈ বুলি, য'ত এগৰাকী হাপা নাৰীয়ে

তাইৰ দৰে নাকৰ প্ৰতিগৰাকী শ্বেতাংগ লোককে নিজৰ দেউতাক বুলি মানিবলৈ

সাজু থাকে, ইয়াক গোৱা হওক, চমুকৈ, তাইৰ মুখৰ ভিতৰতে,

বিলাহীৰ পাত্ৰবোৰৰ আৰু পাস্তাৰ নীলা বাকচবোৰৰ মাজত তাইক শুৱাই দিয়াৰ আগতেই,


যেতিয়া উজ্জ্বল ৰঙা আপেলটো তাইৰ হাতৰ তলুৱাৰপৰা বাগৰি আহে,

তাৰ পাছত কাৰাগাৰৰ কুঠৰীলৈকে, য'ত তাইৰ গিৰিয়েকে জোনটোৰ পিনে ৰ লাগি চাই

বহি থাকে, যেতিয়ালৈকে সি নিশ্চিত নহয় দেৱতাই তাক

দিবলৈ অস্বীকাৰ কৰা এয়া হৈছে অন্তিম পিঠা,

আমি ইজনে সিজনক কেনেকৈ দিব লাগে পাহৰি যোৱা এটা

চুমাৰ দৰেই ইয়াক তাৰ হনুত আঘাত কৰিবলৈ দিয়াঁ, হিচহিচাই

উভতি যাওক '৬৮ লৈকে, হা লং উপসাগৰ : জুয়ে ঠাই লয় আকাশৰ,

যিখন আকাশলৈ মূৰ দাঙি চায় কেবল মৃতসকলে, ইয়াক কাষ চাপিবলৈ দিয়াঁ

সামৰিক জিপৰ পিছফালে গৰ্ভবতী কৃষককন্যাৰ সৈতে

সংগম কৰি থকা মোৰ ককাৰ, তেওঁৰ স্বৰ্ণকেশ

নাপাম-বোমাৰে বিস্ফোৰিত বতাহত জিকমিকায়, ই

তেওঁক আৱদ্ধ কৰক ধূলিত, য'ৰপৰা তেওঁৰ ভৱিষ্যতৰ জীয়ৰীসকল উঠি আহিব,

নিমখ আৰু এজেণ্ট অৰেঞ্জে ঘা কৰা আঙুলিবোৰক

তেওঁৰ জলফাই বৰণৰ পোছাক ফালি পেলাবলৈ দিয়াঁ, খামুচি ধৰক

তেওঁৰ ডিঙিৰপৰা ওলমি থকা সেইটো নাম, যিটো তেওঁলোকে জিভাত হেঁচি ৰাখিছিল

এই কথাটো পুনৰ অনুভৱ কৰিবলৈ - জীয়াই থাকাঁ, জীয়াই থাকাঁ, জীয়াই থাকাঁ- কিন্তু যদি

আন একোৰে বাবে নহয়, মোক এইটো মৰণ ৰশ্মি ব'বলৈ দিয়া

যেনেদৰে এগৰাকী অন্ধ মহিলাই এটুকুৰা ছাল পুনৰ সী দিয়ে

তাইৰ জীয়েকৰ কামিহাড়ত । হয় - মোক বিশ্বাস কৰিবলৈ দিয়াঁ মই

এই মসৃণ আৰু পিছল ৰাইফলটো চলাবৰ বাবেই জন্মিছিলোঁ, এগৰাকী

সঁচা ভিয়েটকঙৰ দৰে, বৰ্ষাৰে আচ্ছাদিত ভূতৰ খোজবোৰৰ দৰে,

যেতিয়া মই দৃশ্যবোৰৰ মাজলৈ নিজকে নমাই আনো - আৰু প্ৰাৰ্থনা কৰোঁ

যে একোৱেই গতি নকৰক।

 ***

অনুবাদকৰ ঠিকনা :

অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়

বৰপেটা-৭৮১৩০১

ম'বাইল নং- ৭০০২১৪৩৩২৫

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ