অনুবাদ : ড° ৰঞ্জিত দত্ত
(১) ৰূপকথা
মূল : (ইংৰাজী) ডৰিচ লেচিং, ইউনাইটেড কিংডম
( ২০০৭ চনৰ সাহিত্যৰ ন'বেল বঁটা)
যেতিয়া মই পিছলৈ উভতি চাইছিলোঁ
মই গীত গোৱা যেন
মনত পৰিছিল।
তথাপি
সেই উমাল দীঘল কোঠাটোত
বিৰাজ কৰিছিল সদায়েই
এক গভীৰ নিৰ্জনতা।
আমি ভাবিছিলোঁ
ক'লা আৰু পুৰণি ঢালেৰে সৈতে সেই প্ৰাচীৰবোৰ অভেদ্য।
ছোৱালীজনীৰ মূৰত উজলি থকা পোহৰ অথবা
অসাৱধানতাৰে মেলি ৰখা
শৰীৰৰ এটি গোপন অঙ্গ আৰু
নিম্নস্বৰত সেই গোলাপপাহি পানীৰ দৰে হেৰাই গ'ল,
তথাপি এখন হাতৰ দৰে
সকলো শান্ত আৰু উমাল,
যদিহে, আমাৰ কোনোবাই কেতিয়াবা
সেই পৰ্দাখন আঁকে
বাহিৰত পৰিব নেৰানেপেৰা বৰষুণ,
সোমাই আহিব লাহেকৈ এছাটি শীতল বতাহ,
কঁপাই তুলিব জুইৰ শিখাবোৰ,
অস্তমিত ছায়াই হেলনীয়াকৈ
সাবটি ধৰিব প্ৰাচীৰখন
নাইবা, এটা কুকুৰনেচীয়া বাঘে
গভীৰ নিশাৰ অন্ধকাৰত চিৎকাৰ কৰিব বাহিৰত ।
অনুভৱে শীতলাই তুলিব এই শৰীৰ
চলি থাকিব কিছু সময় এই নৃত্য।
মোৰো অৱস্থা এতিয়া ঠিক তেনেকুৱাই হৈছে।
পোহৰৰ ৰশ্মিবোৰে বৃত্তাকাৰে ঘূৰি ঘূৰি
সোণালী এখন জালৰদৰে
বিয়পি পৰিছে মজিয়াখনত।
হয়তো এতিয়া আঁতৰি গ'ল
এটি সপোনৰ দৰেই।
কিন্তু, এই বছৰ আৰু তাৰ আগৰ বছৰটিত
বলিছিল নে বাৰু কেতিয়াবা এছাটি নতুন বতাহ?
বৰষুণজাকে অৱশেষত
নিঃশেষ কৰি পেলালেনে বাৰু সেই প্ৰাচীৰখন?
কুকুৰনেচীয়াৰ থুঁতৰিৰ পৰা এতিয়া
ভাহি আহিছে বিচ্ছুৰিত ৰশ্মিবোৰ,
এয়া বহু দিনৰ আগৰ কথা!
কিন্তু মনত পেলাওঁ কেতিয়াবা
পৰ্দাৰে আৱৰা সেই কোঠাটো
আৰু শুনো দূৰৰ পৰা ভাহি অহা
কোনো ভৰযৌৱনাৰ গীতৰ কণ্ঠস্বৰ।
(২) দিনটো যেতিয়া নিজেই শেষ হয়
কবি : নেলী চেইচ্, জাৰ্মানি -চুইডেন
(১৯৬৬ চনৰ সাহিত্যৰ ন'বেল বঁটা)
যেতিয়া দিনটো নিজেই
শেষ হয় সন্ধিয়াত,
যেতিয়া আৰম্ভণি হয়
ছবিবিহীন সময়ৰ,
যেতিয়া একেলগ হয়
নিৰ্জনতাৰ চিঞৰবোৰ,
পশুবোৰে তেতিয়া হয়তো
চিকাৰ কৰে অথবা
নিজেই চিকাৰ হয়,
ফুলবোৰ যেতিয়া মাথোঁ
সুৱাস হৈ ৰয়,
আৰম্ভণিৰ দৰেই সকলো
যেতিয়া নামবিহীন হয়,
সময় মৰিশালিৰ গৰ্ভলৈ
সোমাই যোৱাঁ তুমি
খোল খায় যি মাথোঁ
সেইসকলৰ বাবে
যাৰ বিনাশকাল ওচৰ চাপিছে,
য'ত হৃদয়ৰ কলিবোৰ
ফুলি উঠে এন্ধাৰৰ বুকুত,
ডুব যোৱাঁ তুমি লাহে লাহে তললৈ,
মৃত্যু ইতিমধ্যে তোমাৰ হৈছেই
যি মাথোঁ এটা বতাহৰ গতিপথ
মাথোঁ গোট মাৰি
ওলাই যাব নোৱাৰে,
চকুযুৰি খুলি দিয়াঁ
য'ত এটি নতুন তৰাই
ইতিমধ্যেই হেৰুৱাই পেলাইছে
তাৰ প্ৰতিফলন।
(৩) প্ৰতীক্ষা
কবি- ৰবীন্দ্ৰ নাথ ঠাকুৰ, ভাৰতবৰ্ষ
সাহিত্যৰ ন'বেল বঁটা ১৯১৩
যিটো গান গাবলৈ মই আহিছিলোঁ
সেই গান আজিলৈকে
নোগোৱা হৈয়ে থাকিল।
বাজনাৰ তাঁৰবোৰ কেতিয়াবা জুৰাই
আৰু কেতিয়াবা এৰোৱাই
পাৰ কৰিছোঁ দিনবোৰ।
অহা নাই সঠিক সময়,
সংহতিত হোৱা নাই
শুদ্ধভাৱে শব্দবোৰ,
কেৱল মাথোঁ প্ৰতীক্ষাৰ এটি ক্ষোভে
দহি আছে হিয়াখন।
তেওঁৰ মুখখন মই দেখা নাই,
তেওঁৰ কথাও মই শুনা নাই,
কেৱল শুনিছোঁ
মোৰ ঘৰৰ সমুখেদি
পাৰ হৈ যোৱা তেওঁৰ মৃদু পদধ্বনিবোৰ।
চাকিটো কিন্তু জ্বলোৱা নহ'ল,
তেওঁক মই ঘৰৰ ভিতৰলৈ
আহিবলৈও ক'ব নোৱাৰো,
তেওঁৰ লগ পোৱাৰ প্ৰতীক্ষাতে মাথোঁ
পাৰ কৰিছোঁ দিনবোৰ;
কিন্তু দেখাদেখি হোৱা নাই এতিয়াও।