অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত
চতুৰ্থ অধ্যায়
।। হেমন্ত বৰ্ণনা ।।
।। অথ হেমন্তঃ ।।
প্ৰবালৰ দৰে নৱপল্লৱেৰে ৰম্য শস্যৰ তলী
উৎফুল্লিত বিকশিত লোধ্ৰ পৰিপক্ক শালিখেতি,
পদুম এতিয়া হ’ল অন্তৰ্ধান আৰম্ভ হ’ল হিমপাত
এইদৰেই আহি হেমন্তকাল হ’ল সমাগত ।
নৱপ্রৱালোদ্গমসস্যৰম্যঃ
প্রফুল্ললোধ্রঃ পৰিপক্বশালিঃ ।
ৱিলীনপদ্মঃ প্রপতত্তুষাৰো
হেমন্তকালঃ সমুপাগতোঽয়ম্ ।। ১ ।।
কুমকুমৰ চিত্তহৰণকাৰী ৰক্তাভ ৰঙেৰে
বিলাসিনী নাৰীয়ে বিশাল বক্ষ কৰি ৰঞ্জিত
তুষাৰশুভ্ৰ চন্দ্ৰাৱলী যেন খৰিকাজাঁইৰ মালাৰে
কৰিছে উন্নত স্তনমণ্ডল সুশোভিত ।
মনোহৰৈঃ কুঙ্কুমৰাগৰক্তৈঃ
স্তুষাৰকুন্দেন্দুনিভৈশ্চ হাৰৈঃ ।
বিলাসিনীনাং স্তনশালিনীনাং
নালংক্রিয়ন্তে স্তনমণ্ডলানি ।। ২।।
এতিয়া বিলাসিনী নাৰীৰ বাহুযুগলত নাই
শীতল পৰশ দিয়া বাজুবন্ধ-কংকণ,
সুদৌল নিতম্বত নিপিন্ধে পাটৰ নৱবসন
পীনোন্নত বক্ষতো নাই সূক্ষ্ম পাতল বসন ।
ন বাহুয়ুগ্মেষু ৱিলাসিনীনাং
প্রয়ান্তি সঙ্গং ৱলয়াঙ্গদানি ।
নিতম্ববিম্বেষু নৱং দুকূলং
তন্বংশুকং পীনপয়োধৰেষু ।। ৩।।
ৰত্নখচিত সুৱৰ্ণৰ কিংকিণীৰে
নিতম্ব শুৱনি কৰা নাই মনোহাৰিণী নাৰীয়ে,
সজোৱা নাই পদুমৰ দৰে সুন্দৰ চৰণ
হংসধ্বনিক অনুকৰণ কৰা নূপুৰেৰে ।
কাঞ্চীগুণৈঃ কাঞ্চনৰত্নচিত্রৈৰ্
নো ভূষয়ন্তি প্রমদা নিতম্বান্ ।
ন নূপুৰৈর্হংসৰুতং ভজদ্ভিঃ
পাদাম্বুজান্যম্বুজকান্তিভাঞ্জি ।।৪।।
লাস্যময় শৰীৰত ‘কালীয়ক’ অগৰু সানে
কমলৰ দৰে সুন্দৰ মুখত পত্ৰলেখা আঁকে
চুলিটাৰি কৰে সুৱাসিত কালাগুৰু ধূপৰ ধোঁৱাৰে
এনেকৈয়ে কামিনীয়ে সাজে-কাচে ৰতিক্ৰীড়াৰ বাবে ।
গাত্রাণি কালীয়কচর্চিতানি
সপত্রলেখানি মুখাম্বুজানি ।
শিৰাংসি কালাগৰুধূপিতানি
কুর্বন্তি নাৰ্য় সুৰতোত্সৱায় ।। ৫।।
চৰমসুখৰ পৰমানন্দ লভে তৰুণীয়ে
ৰতিশ্ৰমত ক্লান্ত হৈ মুখশ্ৰী শেঁতা পৰে ।
ৰাগৰঞ্জিত দন্তক্ষতগ্ৰস্ত ওঁঠ দুটিৰে
মুকলি হাঁহিটি মাৰিব নোৱাৰে ।
ৰতিশ্রমক্ষামৱিপাণ্ডুৱক্ত্রাঃ
সম্প্রাপ্তাশ্চ হর্ষাভ্যুদয়স্তৰুণ্যঃ।
হসন্তি নোচ্চৈর্দশনাগ্রভিন্নান্
প্রপীড্যমানানধৰানৱেক্ষ্য ।। ৬।।
ধুনীয়া বুকুখনি সুউচ্চ পয়োধৰেৰে
ৰতিকালৰ মৰ্দনত বেদনাগ্ৰস্ত হৈ পৰে
ঘাঁহপাতৰ আগৰ হিমকণাই শীতল পুৱাত
যেন তাৰে বিষত উচুপিহে আছে ।
পীনস্তনোৰুস্থলভাগশোভাং
আসাদ্য তত্পীডনজাতখেদঃ ।
তৃণাগ্রলগ্নৈস্তুহিনৈঃ পতদ্ভিৰ্
আক্রন্দতীৱোষসি শীতকালঃ ।। ৭।।
প্ৰভূত ধাননিপথাৰ পৰিপূৰ্ণ
হৰিণীৰ জাকো তাতে সুশোভিত
ক্ৰৌঞ্চপখীৰ মধুৰ ধ্বনি হৈছে গুঞ্জৰিত
ভূমি প্ৰান্তৰৰ লোকৰ মন কৰি পুলকিত ।
প্রভূতশালিপ্রসৱৈশ্চিতানি
মৃগাঙ্গনায়ূথৱিভূষিতানি ।
মনোহৰক্রৌঞ্চনিনাদিতানি
সীমান্তৰাণ্যুত্সুকয়ন্তি চেতঃ ।। ৮।।
প্ৰস্ফুটিত নীলোৎপলেৰে সুশোভিত
মদনোন্মত্ত কলহংসৰ বিচৰণেৰে বিভূষিত
জলাধাৰৰ স্বচ্ছ জলৰাশি সুশীতল
তাকে দেখি মানুহৰ চিত্ত হয় চঞ্চল ।
প্রফুল্লনীলোত্পলশোভিতানি
সোন্মাদকাদম্বৱিভূষিতানি ।
প্রসন্নতোয়ানি সুশীতলানি
সৰাংসি চেতাংসি হৰন্তি পুংসাম্ ।। ৯।।
চোৱাঁ প্ৰিয়তমা !
শিশিৰ উদ্ভৱা শীতল বায়ুত
প্ৰিয়ঙ্গুলতা হৈছে নিৰন্তৰ আন্দোলিত
কঁপি উঠিছে পৰিপক্ক পাত
যেন শেঁতা পৰা প্ৰেয়সী প্ৰিয়তমৰ বিৰহত ।
পাকং ব্রজন্তী হিমজাতশীতৈৰ্
আধূয়মানা সততং মৰুদ্ভিঃ ।
প্রিয়ে প্রিয়ঙ্গুঃ প্রিয়ৱিপ্রয়ুক্তা
ৱিপাণ্ডুতাং য়াতি ৱিলাসিনীৱ ।। ১০।।
ফুলৰ মৌৰ মদিৰাৰ সুৱাসিত মুখেৰে মুখ চুমি
সুগন্ধিত উশাহত সুৰভিত শৰীৰত শৰীৰ মিলাই
পৰস্পৰে আলিংগনেৰে অংগত অংগ মিলাই
প্ৰেমিকযুগলে শয়ন কৰিছে কামৰসত একত্ৰ হৈ ।
পুষ্পাসৱামোদসুগন্ধিৱক্ত্রো
নিঃশ্বাসৱাতৈঃ সুৰভীকৃতাঙ্গঃ ।
পৰস্পৰাঙ্গৱ্যতিষাঙ্গশায়ী
শেতে জনঃ কামৰসানুৱিদ্ধঃ ।। ১১।।
অধৰত আছে দন্তক্ষতৰ চিহ্ন
স্তনত চিহ্ন আছে হাতৰ আঙুলিৰ নখৰ
সূচিত কৰে নৱযৌৱনা প্ৰিয়াক কৰা
নিৰ্দয় ৰতিসম্ভোগৰ ।
দন্তচ্ছদৈঃ সব্রণদন্তচিহ্নৈঃ
স্তনৈশ্চ পাণ্যগ্রকৃতাভিলেখৈঃ ।
সংসূচ্যতে নির্দয়মঙ্গনানাং
ৰতোপভোগো নৱয়ৌৱনানাম্ ।। ১২।।
পুৱাৰ কোমল ৰ’দত বহি হাতত লৈ দাপোণ
কোনো ৰমনীয়ে চাই নিজৰ মুখকমল,
আঙুলিৰে চুই দন্তক্ষত কৰে নিৰীক্ষণ
প্ৰিয়তমে ৰসপান কৰা ওঁঠৰ ।
কাচিদ্ ৱিভূষয়তি দর্পণযুক্তহস্তা
বালাতপেষু ৱনিতা ৱদনাৰৱিন্দম্ ।
দন্তচ্ছদং প্রিয়তমেন নিপীতসাৰং
দন্তাগ্রভিন্নমৱকৃষ্য নিৰীক্ষতে চ ।। ১৩।।
চোৱাঁ, অন্য এক নাৰী অত্যন্ত ৰতিশ্ৰমত ভাগৰুৱা
নিদ্ৰাবিহীন ৰাত্ৰিযাপনত নয়নযুগল ৰঙচুৱা ।
আউল-বাউল চুলি পৰি আছে কান্ধত
শুইছে উম পাই পুৱাৰ কুহুমীয়া ৰ’দত ।
অন্যা প্রকামসুৰতশ্রমখিন্নদেহা
ৰাত্রিপ্রজাগৰৱিপাটলনেত্রপদ্মা।
স্রস্তাংসদেশলুলিতাকুলকেশপাশা
নিদ্রাং প্রয়াতি মৃদুসূর্যকৰাভিতপ্তা ।। ১৪।।
অন্য এক সুন্দৰী যুৱতী যাৰ ঘন কৃষ্ণবৰ্ণ কেশ
আৰু যৌৱনা উঠন বুকুৰ ভৰত যাৰ শৰীৰ অৱনতা,
যাৰ মনোজ্ঞ সুৱাস বিলোৱা মৰহি যোৱা সেই মালা
এতিয়া খুলি থৈ শিৰৰ পৰা পুনৰ কৰিছে কেশসজ্জা।
নির্মাল্যদাম পৰিভুক্তমনোজ্ঞগন্ধম্
মূর্ধ্নোঽপনীয় ঘননীলশিৰোৰুহান্তাঃ ।
পীনোন্নতস্তনভৰানতগাত্রয়ষ্ট্যঃ
কুৰ্বন্তি কেশৰচনামপৰাস্তৰুণ্যঃ ।। ১৫।।
ঘননীল কুঞ্চিত দীৰ্ঘকেশী আন এক সুন্দৰী
সুন্দৰ অলকাই ধৰিছে নয়নৰ কটাক্ষ ঢাকি,
ৰোমাঞ্চিত প্ৰিয়তমে ভোগ কৰা নখক্ষতযুক্ত শৰীৰৰ সুষমা দেখি
ধুনীয়া ওঁঠত সানিছে বোল আৰু বান্ধিছে উঠন বুকুৰ কাঁচুলি ।
অন্যা প্রিয়েণ পৰিভুক্তমৱেক্ষ্য গাত্রম্
হর্ষান্বিতা ৱিৰচিতাধৰচাৰুশোভা ।
কুর্পাসকং পৰিদধাতি নখক্ষতাঙ্গী
ৱ্যালম্বিনীললুলিতালককুঞ্চিতাক্ষী ।। ১৬।।
সুদীৰ্ঘ সম্ভোগ শ্ৰমত ভাগৰুৱা তনুৰ অন্য এক কামিনী
ৰোমাঞ্চিত পৰিপুষ্ট স্তনাগ্ৰ আৰু জংঘাৰ গৰাকিনী
কোনো ৰমণীয়ে মৰ্দন কৰিছে সুগন্ধিত তেল সানি ।
অন্যাশ্চিৰং সুৰতকেলিপৰিশ্রমেণ
খেদং গতাঃ প্রশিথিলীকৃতগাত্রয়ষ্ট্যঃ ।
সংহৃষ্যমাণপুলকোৰুপয়োধৰান্তা
অভ্যঞ্জনং বিদধতি প্রমদাঃ সুশোভাঃ ।। ১৭।।
বহু গুণেৰে ৰমণীয় হেমন্ত অংগনাৰ চিত্তহৰণকাৰী
গাঁৱৰ প্ৰান্তৰত শোভা পাইছে পৰিপক্ক বহু ধাননি ।
অতি মনোজ্ঞ সুশোভিত ক্ৰৌঞ্চপখীৰ মালাৰে
আপোনাসৱক সুখী কৰিছে নিৰন্তৰ হিমসনা হেমন্তঋতুৱে।
বহুগুণৰমণীয়ো যোষিতাং চিত্তহাৰী
পৰিণতবহুশালিব্যাকুলগ্রামসীমঃ ।
সততমতিমনোজ্ঞ ক্রৌঞ্চমালাপৰীতঃ
প্রদিশতু হিমযুক্তঃ কাল এষঃ সুখং ৱঃ ।। ১৮।।
।। ইতি হেমন্তঃ ।।
চতুৰ্থ অধ্যায়ৰ ছন্দ সম্পৰ্কে টোকা :
শ্লোক ১ৰ পৰা ১৩লৈ - উপজাতি ছন্দ
শ্লোক ১৪ৰ পৰা ১৮লৈ- বসন্ততিলকা ছন্দ
শ্লোক ১৯ - মালিনী ছন্দ
(আগলৈ)