অন্যযুগ/


শিল্পীবোৰ দুখীয়া হয় কিয়?

মূল :  W.J. Baumol আৰু W.G. Bowen -অৰ On The Performing Arts : 

The Anatomy of their Economic Problems

অনুবাদ : ৰাজীৱ মহন্ত

প্ৰবন্ধ পৰিচিতি  :

এটা বৃত্তৰ একেবাৰে সমান কালিৰ ত্ৰিভুজ এটা অংকন কৰিব পাৰিনে? গণিত-জিজ্ঞাসুসকলৰ বাবে ই এটা আলোড়নকাৰী প্ৰশ্ন৷ সেইদৰে যি কোনো সংস্কৃতি-ৰসিক সমাজ-জিজ্ঞাসুৰ মনত দোলা দি থকা এটা প্ৰশ্ন হ’ল যে আজিৰ বজাৰ অৰ্থনীতিত কলা-সম্পদসমূহৰ স্বাভাৱিক দীৰ্ঘকালীন অস্তিত্ব সম্ভৱনে? প্ৰথমটোৰ উত্তৰত গণিতজ্ঞসকলে কয় - ‘নোৱাৰি৷’ দ্বিতীয়þটোৰ উত্তৰৰ সন্ধানতে এই প্ৰবন্ধটো৷ ‘On the Performing Arts : The Anatomy of their Economic Problems’ শিৰোনামৰ এই প্ৰখ্যাত প্ৰবন্ধটোৰ ৰচনাকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ প্ৰসিদ্ধ অধ্যাপক W.J. Baumol আৰু W.G. Bowen প্ৰবন্ধটো ১৯৬৫ চনত The American Economic Review (Vol. 55, No, 1/2 (March 1, 1965)-ত প্ৰকাশিত হয়৷ সম্প্ৰতি অৰ্থনীতিৰ এক নতুন প্ৰশাখা হিচাপে গঢ় লৈ উঠা সাংস্কৃতিক অৰ্থনীতিৰ এই প্ৰবন্ধটোতেই অংকুৰণ ঘটে৷ 


শিল্পীবোৰ দুখীয়া হয় কিয়? 

শিল্পকৰ্মত উৎকৰ্ষতা আৰু দৰিদ্ৰতাক অনিবাৰ্য সহচৰ হিচাপে ধৰি লোৱা ৰোমান্তিক চিন্তাত আমাৰ মন বহু আগৰ পৰাই অভ্যস্ত৷ ইয়াৰ অন্তৰালত এনেকুৱা বিচাৰ ধাৰণা এটাই ক্ৰিয়া কৰে যে টকা-পইচা নোহোৱাকৈ জোৰা-টাপলি মাৰি কথমপি চলি থকাটোত নিষ্কলুষ মহৎ কিবা এটা থাকে৷ অৱশ্যে এনেকুৱা ভ্ৰান্তিৰ পৰা ক্ৰমাৎ মোহমুক্তিৰ ধাৰা এটা আৰম্ভ হ’বলৈ ধৰিছে৷ আজিকালি সকলোৱে বুজে যে দৰিদ্ৰতা এটা হীন অৱস্থা; ইয়াত মহৎ, প্ৰেৰণাদায়ক একো নাই৷ আছে যদি বঞ্চনাহে আছে৷ শিল্পী এজনক উদগনি দিয়াতকৈ ই তেওঁক শিল্পকৰ্মৰ বাবে প্ৰয়োজনীয় শান্তি, সময় আৰু সঁজুলিৰ পৰা বঞ্চিতহে কৰে৷

(ইয়াৰ পাছৰ কেইটামান অনুচ্ছেদত লেখকে তদানীন্তন আমেৰিকাৰ শিল্পীসকলৰ আয়ৰ তথ্যগত খতিয়ান দাঙি ধৰিছে৷ তেওঁলোকে দেখুৱাইছে যে ১৯৫৯-৬১ চনৰ ভিতৰত শিল্পীসকলৰ আয় বৃত্তি, গোষ্ঠী, লিঙ্গভেদে সাধাৰণতে ৩০০০-অৰ পৰা ৫০০০ ডলাৰৰ ভিতৰত আছিল৷ ১৯৬০ চনত আমেৰিকাৰ জনমুৰি আয়ো আছিল প্ৰায় ৩০০০ ডলাৰ৷ সেই হিচাপে তেতিয়াৰ শিল্পীসকলৰ উপাৰ্জন দেশৰ গড় জনমুৰি উপাৰ্জনৰ সমান৷ কথাটো সিমান বেয়া নহয় যেন লাগে৷ কিন্তু কথাটো আচলতে বেয়া লাগিব লগীয়া৷ কাৰণ সেই শিল্পীসকলে যদি নিজৰ উপাৰ্জনেৰে সচৰাচৰ হোৱাৰ দৰে পৰিয়ালৰ কোনো উপাৰ্জনহীন সদস্যৰ ভৰণ-পোষণ কৰিব লগীয়া হয়, তেন্তে শিল্পীজনৰ পৰিয়ালত জনমুৰি আয় দেশীয় গড়ৰ তললৈ আহিব৷ গতিকে পৰিয়াল হিচাপে শিল্পীসকলৰ পৰিয়াল আমেৰিকাৰ গড় পৰিয়াল এটাতকৈ আৰ্থিকভাৱে ভালেখিনি তলৰ আছিল৷ আমাৰ অসমত জনমুৰি আয় ২০২২ চনত প্ৰায় ১০,০০০ টকা৷ হাজিৰা কৰা মানুহ এজনেও প্ৰায় সিমানেই পায়৷ তেওঁ সেই পইচাৰে পৰিয়াল চলালে সেই পৰিয়ালটোৰ আৰ্থিক স্থিতি যি, আমেৰিকান শিল্পী এজনৰ ১৯৬০ চনত পৰিয়াল হিচাপে আপেক্ষিক আৰ্থিক অৱস্থিতিও সিয়েই৷)

শিল্পীসকলক নিয়োগ কৰে অৰ্কেষ্ট্ৰা, অপেৰা, বিভিন্ন নৃত্য-নাট্যদল, ব্যক্তিগত প্ৰযোজক আদিয়ে৷ শিল্পীসকলৰ দা-দৰমহা কম হোৱাৰ বাবে প্ৰথম দৃষ্টিত এওঁলোককে দায়ী যেন লাগে৷ কিন্তু আচলতে এনে দল-গোষ্ঠীসমূহ নিজেই প্ৰচণ্ড বিত্তীয় হেঁচাৰ মাজত থাকে আৰু অস্তিত্বৰ সংকটৰ সৈতে সততে মোকাবিলা কৰি চলি থাকিবলগীয়া হয়৷ আমেৰিকাত এতিয়া এফালে যেনেকৈ সাংস্কৃতিক উদগীৰণ (Cultural boom)ৰ ধবনি উঠিছে, একে সময়তে আনফালে কাকতে-পত্ৰয় বিভিন্ন থিয়েটাৰ অপেৰা দল আদি বন্ধ হোৱাৰ খবৰো বিয়পি পৰিছে৷ আৰ্থিক দুৰৱস্থা পৰিৱেশ্য কলাৰ দল এটাৰ বাবে অনিবাৰ্য যেনেই লগা হৈছে৷ আমাৰ সাংস্কৃতিক পৰিচয় আৰু পৰিৱেশৰ প্ৰতি এই ভাবুকিয়েই এই ৰচনাখনৰ বুনিয়াদ৷ 

পৰিৱেশ্য কলাৰ দলসমূহৰ আৰ্থিক সমস্যাৰ বিতং বিশ্লেষণ কৰা আমাৰ অধ্যয়নৰ প্ৰথম উদ্দেশ্য৷ এই সমস্যাবোৰ দৈবাৎ সংঘটিত পৰিস্থিতি নে কিবা মৌলিক বিজুতিৰ পৰিণতি, সেয়াও লক্ষ্য কৰা যাব৷ ইয়াৰ আধাৰত পৰিৱেশ্য কলাৰ ভৱিষ্যত সম্বন্ধেও কিছু কথা প্ৰতীয়মান হ’ব৷ আমাৰ মূল অনুসন্ধানখিনি তথ্যভিত্তিক৷ কিন্তু এই ৰচনাত শিল্পকলাৰ জগতখনৰ অৰ্থনৈতিক দিশটোৰ মৌলিক চৰিত্ৰৰ এটা তাত্ত্বিক ছবি অংকণ কৰাৰ প্ৰয়াস কৰা হৈছে, যিয়ে আমাৰ মতে এনে সংগঠনবোৰৰ আৰ্থিক দীনতাক ব্যাখ্যা কৰিব৷ 

অৰ্থনৈতিক লক্ষ্য বা উদ্দেশ্যৰ দিশৰ পৰা পৰিৱেশ্য কলাৰ দলবোৰ স্বভাৱগতভাৱে লাভৰহিত সংগঠন (Non-profit organisation) একোটাৰ নিচিনা৷ সামগ্ৰিকভাৱে, লাভৰহিত সংগঠন একোটাত কমেও দুটা বৈশিষ্ট্য সাধাৰণতে প্ৰকট হয় - 

(ক) তেওঁলোকে নিজে পোৱা প্ৰতিদান প্ৰধানতঃ মুদ্ৰাৰ মাপকাঠিয়েদি হিচাপ নকৰে৷

(খ) কোনো সামাজিক অভাৱ পূৰণ কৰায়ে তেনে সংগঠন এটাৰ প্ৰকাশ্য উদ্দেশ্য৷

দুয়োটা ইটো সিটোৰ পৰা একেবাৰে পৃথকো নহয়৷ কোনো সংগঠনে যদি টকা-পইচাও অৰ্জন নকৰে, একো সামাজিক অভাবো পূৰণ নকৰে, তেন্তে তেনে সংগঠন এটা এনেই নাইকীয়া হৈ যাব৷ লাভৰহিত সংগঠন এটাৰ উদ্দেশ্যক অলপ সূক্ষ্মভাৱে অনুধাৱন কৰিলেই তেওঁলোকে টকা-পইচাৰ দিশটোক  কিয় উদাসীনভাবে চায়, সেয়া গম পোৱা যায়৷ এটা গাড়ী নিৰ্মাণ কৰা কোম্পানীৰ কথাকে লোৱা হওক৷ কোম্পানীটোৱে স্বাভাৱিকতে বিচাৰিব যে, তেওঁলোকে নিৰ্মাণ কৰা গাড়ীবোৰ সৰ্বাঙ্গসুন্দৰ হওক৷ কিন্তু সেয়াই তেওঁলোকৰ একান্ত উদ্দেশ্য নহয়৷ কিন্তু সংগঠনটো লাভৰহিত উদ্দেশ্যৰ হ’লে- হয়৷ আকৌ গাড়ী নিৰ্মাণ কোম্পানী এটাই তেওঁলোকে নিৰ্মাণ কৰা গাড়ীবোৰ কোনে কিনিব, তেওঁলোকৰ ক্ৰেতাবোৰৰ সামাজিক স্থিতি- এইবোৰৰ নামত অকণো মূৰ নঘমায়৷ লাভৰহিত সংগঠন এটাই নিজৰ উৎপাদিত দ্ৰব্যৰ লগতে এইবোৰ দিশো নিয়ন্ত্ৰণ কৰাৰ লক্ষ্য আগত ৰাখি চলে৷ 

মনকৰিবলগীয়া কথা যে এই উদ্দেশ্যৰ পৰ্যায়তে লাভৰহিত সংগঠন এটাৰ অৰ্থনৈতিক বিপৰ্যয়ৰ খচৰা ৰচিত হয়৷ উৎপাদিত দ্ৰব্য এটা সৰ্বাঙ্গসুন্দৰ কৰায়েই এনে সংগঠন এটাৰ শেষ উদ্দেশ্য৷ উচ্চতৰ গৱেষণা, স্বাস্থ্যসেৱাৰ সুবিধা, আখৰা, প্ৰশিক্ষণ সকলো মাত্ৰ এই একক উদ্দেশ্যক সাৰোগত কৰিয়েই কল্পিত আৰু প্ৰযোজিত হয়৷ এনেকুৱা মনোভাৱেৰে চলা সংগঠন এটাত বিনিয়োগ কৰা, ফুটা কলহত পানী ভৰোৱা একে কথা৷ কাৰণ ‘সৰ্বাঙ্গসুন্দৰ’ ধাৰণাটোৱেই এনেকুৱা যে সি চিৰদিন অতৃপ্ত৷ বিনিয়োগ সিমানে নহওক লাগে, ‘ৰাহি’ৰ নামত এনেকুৱা অৱস্থাত একোৱেই নৰয়৷ এনেকুৱা সংগঠন এটাই যিমানে নতুন পুঁজি বিনিয়োগৰ বাবে লাভ কৰে, সিমানে ই নতুনকৈ হ’লেও ব্যৱহাৰৰ স্থল বিচাৰি উলিয়াব৷ যিকোনো লাভৰহিত সংগঠন একোটাৰ কৰ্মসূচীত পুঁজিৰ অভাৱত অসম্পাদিত কাৰ্যাৱলী নিৰন্তৰ বিদ্যমান৷ ফলত এনেকুৱা সংগঠন এটা অনৱৰতে বিত্তীয় হেঁচাৰ কৱলত থাকে৷

ইয়াতেই সকলো শেষ নহয়৷ এনে দল সমূহে নিজকে সত্য আৰু সুন্দৰৰ ভগীৰথ (supplier of  virtue) আৰু মূল্যবোধৰ মূৰ্ত্ত প্ৰতীক হিচাপে গণ্য কৰে৷ গতিকে নিজৰ উৎপাদিত দ্ৰব্য যিমান পাৰি বহলভাৱে ৰাইজৰ মাজত তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰে৷ ‘দ্ৰব্য’ৰ দামো সেইদৰেহে ঠিক কৰে যাতে ই দ্ৰব্যটো বহল পৰিসৰত ব্যাপ্ত হোৱাত বাধা নহয়৷ ফলত লাভৰ উদ্দেশ্যেৰে কামটো পৰিচালনা কৰিলে যিমান আয় পালেহেঁতেন, তাতকৈ এই দলবোৰৰ আয়-উপাৰ্জনো কম হয়গৈ৷ তেওঁলোকে নিজৰ উৎপাদিত দ্ৰব্যৰ বাবে যোগ্য উপভোক্তাক বাচনি কৰোঁতে ক্ৰয়ক্ষমতাৰ হিচাপত নকৰে, কৰে ভোক্তাজনৰ প্ৰয়োজন বা অভাৱৰ মাত্ৰাৰ হিচাপতহে৷ লাভৰ উদ্দেশ্যেৰে পৰিচালিত বজাৰ এখনত ছাত্ৰ, দৰিদ্ৰ আদি ক্ৰেতা হিচাপে একেবাৰে শেষৰ শাৰীত থাকে৷ কিন্তু লাভৰহিত উদ্দেশ্যেৰে পৰিচালিত সংগঠন এটাৰ হিচাপত তেওঁলোকেই যোগ্যতাৰ বিচাৰত প্ৰথম শাৰীৰ গ্ৰাহক৷

দাম কম কৰি ৰখা কাৰ্যৰ আঁৰত বজাৰৰ প্ৰসাৰ বৃদ্ধি কৰাৰ উপৰি আন এটা ভাৱধাৰায়ো ক্ৰিয়া কৰি থাকে৷ ‘কম দাম’ক তেওঁলোকে নিজৰ সৎ, মহৎ উদ্দেশ্যৰ প্ৰতীক হিচাপে ৰাইজৰ পৰা আস্থা অৰ্জনৰ উপকৰণ হিচাপেও ধৰি লয়৷ তাহানিৰ দিনৰ অৰ্থনৈতিক তাত্ত্বিক আলোচনাত থকা ‘যথোচিত দাম’ বা ‘নাৰ্য দাম’ (Just price)ৰ ধাৰণা এটায়ো এই ক্ষেত্ৰত ক্ৰিয়া কৰে আৰু তাৰ আনুষংগিক সমস্যাবোৰে অৱধাৰিত ভাৱেই এনে সংগঠনৰ কাম-কাজবোৰক প্ৰভাৱিত কৰাৰ সুৰুঙা উলিয়াই লয়৷ 

এনেকৈ নিজৰ উৎপাদিত দ্ৰব্যটো এফালে সৰ্বাঙ্গসুন্দৰ কৰিবলৈ যত্ন কৰি, আৰু আনফালে তাৰ দামৰ প্ৰতি উদাসীন হোৱাৰ ফলত আৰু এটা অস্বাভাৱিক পৰিণতিৰ সৃষ্টি হয়৷ সেইটো হ’ল যে এনেকুৱা সংগঠন এটাৰ উৎপাদিত দ্ৰব্যৰ চাহিদা বঢ়া মানেই ইয়াৰ বিত্তীয় অৱস্থা অধিক সংকটময় হৈ অহা৷ অৱস্থাটো এনেকুৱা হ’বগৈ পাৰে যে- হয়তো প্ৰান্তিক ব্যয়, প্ৰান্তিক আয়তকৈ বেছিহে হ’বগৈ পাৰে৷ গতিকে যিমান ঢাক-ঢোল বজাই সাংস্কৃতিক উদ্‌গীৰণৰ কাহিনী প্ৰচাৰ কৰিবলৈ ধৰা হৈছে, সিমানেই হয়তো ই  পৰিৱেশ্য কলাৰ দলসমূহৰ বাবে অধিক বিপৰ্যয়ৰহে আগজাননী বহন কৰি আনিছে৷

বিড়ম্বনাটো হ’ল যে সম্ভাব্য বিত্তীয় দুযোৰ্গ সত্ত্বেও এনেকুৱা সংগঠন এটাই কেতিয়াও তাৰ উৎপাদিত দ্ৰব্যৰ প্ৰতি বদ্ধিৰ্ত চাহিদাক আওকাণ কৰিব নোৱাৰে৷ কাৰণ তেনে কৰাটো ইয়াৰ মৌলিক চৰিত্ৰৰ বিৰোধী৷ নিজৰ উৎপাদিত দ্ৰব্য সবাৰ্ধিক জনৰ মাজত প্ৰচাৰ কৰাটোৱেই ইয়াৰ মৌলিক চৰিত্ৰ৷ ইয়াৰ বাবে দৰকাৰ হ’লে ব্যক্তিগত বা সামূহিক পয্যৰ্ায়ত আৰ্থিক ক্ষতিও ই বহন কৰি লয়৷

পৰিৱেশ্যকলাৰ দল এটাৰ গতি প্ৰকৃতি এনে লাভৰহিত সংগঠন এটাৰ লগত তেনেই খাপ খাই পৰে৷ ইতিমধ্যেই আলোচনা কৰি অহা আয়জনিত সমাস্যাবোৰৰ বাবেই এনে সংগঠন এটা বাচি থাকিবলৈ হ’লে বাহিৰা দান-বৰঙনি নিতান্ত প্ৰয়োজন৷ অৰ্থনীতিবিদ সকলৰ ওপৰত সততে থকা নিৰাশাবাদীতাৰ বদনাম ধাৰণ কৰিবলগীয়া হ’লেও আমি ক’ব লাগিব যে পৰিৱেশ্য কলাৰ দলসমূহৰ আৰ্থিক অনাটন ভৱিষ্যতেও অধিক জটিল হৈ অহাৰহে সম্ভাৱনা বেছি৷

ব্যয়ৰ দিশৰ পৰা আহিব পৰা প্ৰত্যাহবানসমূহ অনুধাৱন কৰিবৰ বাবে আমি সৰল উদাহৰণ এটাৰ  সহায় লওঁ৷ উদাহৰণটোত, অৰ্থনীতি এটাক সমানে দুটা খণ্ডত বিভক্ত কৰি দুয়োটাতে পৃথকহাৰত উৎপাদনশীলতা বৃদ্ধি পোৱাৰ ফলস্বৰূপে উৎপাদনী ব্যয়ৰ আপেক্ষিক পৰিবৰ্তন কি ধৰণৰ হ’ব তাক চাবলৈ লোৱা হৈছে৷ ধৰাহ’ল প্ৰথম খণ্ডটোত কাৰিকৰী কৌশল উন্নত হোৱাৰ ফলত ঘণ্টাই প্ৰতি শ্ৰমিকৰ উৎপাদনশীলতা ৪ % বৃদ্ধি পালে৷ আকৌ ধৰাহ’ল আনটো খণ্ডত শ্ৰমিকৰ উৎপাদনশীলতা আগৰ হিচাপতে থাকিল৷ এনে অৱস্থাত অৰ্থনীতিটোত সামগ্ৰিকভাৱে শ্ৰমিকৰ উৎপাদনশীলতা বৃদ্ধিৰ গড় হাৰ হ’ব ২ % ৷ লগতে যদি ধৰিলোৱা হয় যে (ক) শ্ৰমিকৰ সকলো গোটেই সদৃশ আৰু পৰিচলনশীল (খ) উৎপাদনশীলতা বৃদ্ধিৰ লগতে প্ৰকৃত মজুৰীও ২ % বৃদ্ধি পায় (গ) মুদ্ৰাৰ যোগান-চাহিদা নিয়ন্ত্ৰণৰ দ্বাৰা দৰস্তৰো সুস্থিৰ পয্যাৰ্য়ত ৰখা যায় - তেনে অৱস্থাত মুদ্ৰা মজুৰিৰ পৰিমাণো ২ % বৃদ্ধি পাব৷

এই সৰল পৰিস্থিতিটোৱে কেইটামান  আমোদজনক পোনপটীয়া অৰ্থ বহন কৰে৷ কাৰিকৰী কৌশল উন্নত হোৱা খণ্ডটোত উৎপাদনশীলতাতকৈ মজুৰি কম হাৰত বাঢ়িব৷ ফলত ইয়াত শ্ৰমিকৰ নামত হোৱা ব্যয় গড় হিচাপত কমিব৷ কিন্তু আন যিটো খণ্ডত উৎপাদশীলতা নাবাঢ়িল, তাত মুদ্ৰা মজুৰিৰ বৃদ্ধিৰ পোনপটীয়া প্ৰভাৱত শ্ৰমিকৰ নামত হোৱা উৎপাদনী ব্যয়ো দুই শতাংশ বৃদ্ধি পাব৷ অৰ্থাৎ সামগ্ৰিকভাৱে অৰ্থনীতি এটাত শ্ৰমিকৰ উৎপাদনশীলতা যি হাৰত বাঢ়ে, স্থবিৰ উৎপাদনশীলতাৰ খণ্ডটোত মজুৰিৰ নামত ব্যয়ো সেই হাৰত বাঢ়ে৷ অৰ্থনীতিটোত কাৰিকৰী কৌশল যিমান দ্ৰুতভাৱে উন্নত হয়, সিমানে শ্ৰমিকৰ উৎপাদনশীলতা  স্থবিৰ হৈ থকা খণ্ডসমূহত শ্ৰমৰ ব্যয়ৰ আপেক্ষিক পৰিমানো একেসময়তে বৃদ্ধি পায়৷ অৰ্থনীতি এটাত সাধাৰণভাৱে সংঘটিত কাৰিকাৰী কৌশলৰ দ্ৰুত উন্নতি, এনে স্থবিৰ উৎপাদশীলতাৰ খণ্ডবোৰৰ বাবে অশান্তিৰহে কাৰণ৷

পৰিৱেশ্য কলাৰ ক্ষেত্ৰখন শ্ৰমিকৰ স্থবিৰ উৎপাদনশীলতাৰ ক্ষেত্ৰ৷ থিয়েটাৰ, চিম্ফনি আৰ্কেষ্ট্ৰা, অপেৰা, নৃত্য-নাট্য দল সকলোৱেই কাৰিকৰী কৌশলৰ দ্বাৰা উৎপাদনশীলতা বৃদ্ধিৰ নূ্যনতম অৱকাশ থকা ক্ষেত্ৰৰ আদৰ্শ উদাহৰণ৷ কনছাৰ্ট হলত শ্বুবাৰ্ট চতুষ্টয় বজাই থকা ভায়লিন বাদক এজনে ঘণ্টাই প্ৰতি উৎপাদন পৰিবৰ্তন কৰিব নোৱাৰে৷ অথবা চতুৰ্থ হেনৰী নাটকৰ দ্বিতীয় খণ্ডৰ অভিনয়ত অভিনেতাৰ সংখ্যা কম-বেছি কৰিব পৰা বস্তু নহয়৷ 

বহল প্ৰেক্ষাপটৰ পৰা বিচাৰ কৰিলে, কোনো নিৰ্দিষ্ট সময়ত যি আপেক্ষিক উৎপাদনশীলতা, তাতকৈও অধিক গুৰুত্বপূৰ্ণ বিষয় হ’ল সময় সাপেক্ষে এটা উৎপাদন খণ্ডত উৎপাদনশীলতাৰ যি পৰিবৰ্তনৰ ধাৰা, সেয়া৷ কোনো কলাকৰ্মই কোনো এক ক্ষণত উন্নত কাৰিকৰী কৌশল অৱলম্বন কৰিবও পাৰে৷ কিন্তু যদি এনেদৰে কাৰিকৰী কৌশলৰ উন্নয়নৰ প্ৰক্ৰিয়াটো ধাৰাবাহিক নহয়, তেন্তে  উক্ত খণ্ডটোৱে নিশ্চিতভাবে ব্যয়ৰ দিশত অসুবিধাৰ সন্মখীন হ’ব৷ কাৰিকৰী কৌশলৰ বিকাশৰ লগে লগে উৎপাদনশীলতা বৃদ্ধি পাই অহা  ক্ষেত্ৰবিলাকৰ লগত ফেৰ মাৰিবলৈ হ’লে কলাৰ ক্ষেত্ৰখনতো ঘণ্টাই প্ৰতি জনমুৰি উৎপাদন বৃদ্ধি পাই আহিব লাগিব৷ নহ’লে কলাৰ ক্ষেত্ৰখনত আপেক্ষিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাই আহিব৷ এনে অনাহুত পৰিস্থিতিৰ উৎস হ’ব আন খণ্ডসমূহত হৈ অহা উৎপাদনশীলতাৰ বৃদ্ধি৷ গতিকে ঘটনাটোত কলাৰ ক্ষেত্ৰখনৰ কোনো নিয়ন্ত্ৰণ নাথাকিব৷ 

এইটোও ঠিক যে উক্ত কাৰিকৰী কৌশলৰ বাহিৰেও সু-পৰিচালনা বা সু-সংগঠনৰ দ্বাৰাও উৎপাদনশীলতা কিছু বৃদ্ধি কৰিব পৰা যায়৷ তদুপৰি উৎপাদিত দ্ৰব্যৰ উৎকৰ্ষতাৰ প্ৰচেষ্টা কিছু প্ৰত্যাহাৰ কৰিও - যেনে কম ৰিহাৰ্চেল, নিম্ন দক্ষতাৰ কলা-কুশলীৰ ব্যৱহাৰ, নিম্নমানৰ সাজসজ্জা, দৃশ্যসজ্জাৰ ব্যৱহাৰ আদিৰ দ্বাৰাও পৰিৱেশ্য কলাৰ সংগঠন বিলাকে ব্যয় কিছু হ্ৰাস কৰিব পাৰে৷ কিন্তু উৎকৰ্ষতাকে শেষ লক্ষ্য হিচাপে লোৱা সংগঠন এটাই এনে কৰিবলৈ যোৱাটো অপ্ৰত্যাশিত আৰু তেনে সংগঠন এটাৰ জনভিত্তিৰ ফালৰ পৰা ই ক্ষতিকাৰক৷ একেবাৰে নিৰূপায় অৱস্থাতহে সংগঠন এটাই এনে সংকোচনমুখী পন্থা হাতত লয়৷ 

পৰিৱেশ্য কলাৰ সংগঠনসমূহে ব্যয় সংকোচনৰ বাবে বেলেগ এটা অভিনৱ পদ্ধতি গ্ৰহণ কৰাৰহে অৱকাশ বেছি থাকে৷ এই খণ্ডৰ শ্ৰমিকৰ বজাৰখন সুকীয়া ধৰণৰ৷ বিস্তৰ প্ৰতিভা আৰু প্ৰশিক্ষণৰ বলতহে এজন শ্ৰমিকে এই খণ্ডটোত লেখত উঠিব পাৰে৷ গতিকে ইয়াত শ্ৰমিকৰ যোগানসীমিত৷ কিন্তু সংশ্লিষ্ট শ্ৰমিক সকলে এইখণ্ডটোত নিয়োজিত হৈ পোৱা অনন্য মানসিক সন্তুষ্টিৰ বাবে প্ৰতিদান হিচাপে পোৱা বৈষয়িক উপকৰণৰ মাত্ৰাৰ প্ৰতি প্ৰায়ে উদাসীন৷ ইয়াৰ ফলস্বৰূপে পৰিৱেশ্য কলাৰ দলসমূহে নিজৰ ওপৰত থকা বিত্তীয় হেঁচা আংশিকভাৱে ইতিমধ্যেই অভুক্ত, দৰিদ্ৰ শ্ৰমিকসকল আৰু পৰিচালকসকলৰ ওপৰলৈ স্থানান্তৰ কৰিবলৈ সমৰ্থ হয়৷ গতিকে এই খণ্ডত শ্ৰমিকসকলে পোৱা প্ৰতিদান উদ্বেগজনকভাৱে কম৷ বিশেষকৈ নিজৰ কলাগত উৎকষ¸ৰ্তাৰ বাবে গ্ৰহণ কৰা শিক্ষা, প্ৰশিক্ষণ আৰু সঁজুলিৰ নামত তেওঁলোকে কৰা ব্যয় হিচাপত ধৰিলে তেওলোকে লাভ কৰা প্ৰতিদান তেনেই নামমাত্ৰ৷ 

অৱশ্যে শিল্পীসকলে লাভ কৰা মানসিক সন্তুষ্টিৰ গইনা লৈ সমাজে তেওঁলোকক কিমান দূৰ বঞ্চনা কৰিব পাৰে, তাৰ সীমা আছে৷ বিকল্প ক্ষেত্ৰসমূহত যেতিয়া আয়ৰ সম্ভাৱনা বাঢ়িব, তেতিয়া কলাৰ ক্ষেত্ৰখনলৈ প্ৰতিভাৰ আগমন কমিব৷ কিমান কমিব সেয়া নিৰ্ভৰ কৰে মানসিক আনন্দৰ আয় স্থিতিস্থাপকতাৰ ওপৰত৷ অৱশ্যে যেতিয়া সামগ্ৰিকভাৱে সমগ্ৰ অৰ্থনীতিত আয়ৰ স্তৰ বৃদ্ধি পায়, তেতিয়া শিল্পক্ষেত্ৰত আপেক্ষিক আয় কম হৈ থাকিলেও যোগান বৰ বেছি নকমিবও পাৰে৷ কিন্তু ইতিমধ্যেই যি দেখা গৈছে, তাৰ পৰা ধাৰণা হয় যে সাধাৰণভাৱে শিল্পীসকলৰ সংখ্যা বৰ বেছি কমি নাহিলেও বিশেষ প্ৰতিভাসম্পন্ন শিল্পীৰ সংখ্যা আৰু গুণ দুয়োটাই চকুত লগাকৈ কমি আহিছে৷

চমুকৈ ক’বলৈ হ’লে, পৰিবেশ্য কলাৰ জগতখনে ব্যয়ৰ দিশটোত ভবিষ্যতেও সুচল অনুভৱ কৰাৰ কোনো সম্ভাৱনা দেখা নাযায়৷ এই গাঁঠনিগত সমস্যাৰ প্ৰভাৱ পৰিৱেশ্য কলাৰ উৎপাদিত দ্ৰব্যৰ দৰৰ ওপৰতো পৰিব৷ যিবোৰ খণ্ডত উৎপাদনশীলতা নাবাঢ়ে, তেনেকুৱা খণ্ডবোৰত উৎপাদিত দ্ৰব্যৰ দৰো সাধাৰণ দৰস্তৰতকৈ অধিক হাৰত বৃদ্ধি পোৱাৰ অৱকাশ থাকে৷ টিকটৰ দাম অত্যধিক বঢ়া বুলি চাৰিওফালে আপত্তি উঠি থকা আমি দেখিবলৈ পাওঁ৷ অৱশ্যে আমাৰ প্ৰাথমিক পৰ্যবেক্ষণৰ পৰা এই আপত্তি যথাৰ্থ যেন নালাগে৷ ধনমায়া (Money illusion)-ৰ প্ৰভাৱতহে এনে আপত্তি উঠিছে৷ আমাৰ হিচাপত টিকটৰ মূল্যৰ বৃদ্ধিৰ হাৰ সাধাৰণ দৰস্তৰ বৃদ্ধিৰ হাৰৰ লগত কাণে কাণ মাৰি সমান, আৰু ব্যয়ৰ বৃদ্ধিৰ তুলনাত নগণ্য৷ অনেকৰ মতে, টিকটৰ দৰ স্থিতিস্থাপকতা বেছি হোৱাৰ বাবে দাম কম ৰাখি আয় বৃদ্ধি কৰিব পৰা যাব বুলিয়ে এইদৰে দাম কম পৰিমানত সীমাৱদ্ধ কৰি থোৱা হয়৷ অৱশ্যে আমাৰ মতে এনে সংগঠন সমূহৰ বিচাৰ ধাৰাত ‘নাৰ্য দাম’ৰ ধাৰণাটো অতি ব্যাপক৷ তেওঁলোকে এই ধাৰণাৰ প্ৰভাৱতহে টিকটৰ দাম কম কৰি ৰাখে৷

এনেদৰে ব্যয়ৰ বৃদ্ধিৰ বিপৰীতে উৎপাদিত দ্ৰব্যৰ দাম অনুষ্টুপীয়াকৈ বৃদ্ধি কৰাৰ যি প্ৰৱণতা, তাৰ অৱধাৰিত ফলাফল হিচাপেই এনে সংগঠনবোৰ দান-বৰঙণিৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়৷ আমাৰ বিশ্লেষণৰ পৰা প্ৰতীয়মান হয় যে ভৱিষ্যতেও এই অৱস্থাৰ উন্নতি ঘটাৰ সম্ভাৱনা ক্ষীণ৷ যি সকলে কলা-সম্পদৰাজিক সমাজৰ বাবে অৱশ্যম্ভাৱী বুলি ধৰি লয়, তেওঁলোকে আমাৰ আলোচনা বৰ প্ৰত্যয়জনক নাপাব৷ কিন্তু আমাৰ আলোচনা যদি শুদ্ধ হয়, অনাগত দিনত কলা আৰু কলাকাৰ বাচি থাকিবলৈ হ’লে ব্যক্তিগত বা অনাব্যক্তিগত উৎসৰ পৰা দান-বৰঙণি অপৰিহাৰ্য৷ 


অনুবাদকৰ সংযোজন :

লেখকৰ মতে বৰ্তমানৰ বজাৰ অৰ্থনীতিত কলা-সম্পদসমূহৰ স্বাভাৱিক দীৰ্ঘকালীন অস্তিত্ব সম্ভৱ নহয়৷ কাৰণ এনে সংগঠনসমূহে নিজৰ উৎপাদন সুন্দৰ কৰাত একান্তভাবে নিমগ্ন হৈ থাকি ৰাহি উৎপাদন কৰাৰ সামৰ্থ্য বিসৰ্জন দিয়ে৷ দ্ৰব্যৰ পৰা আয় বৃদ্ধি কৰা বিষয়তো এনে সংগঠনবিলাক প্ৰায় উদাসীন৷ আনফালে ব্যয়ৰ দিশতো এনে সংগঠনসমূহে ক্ৰমাৎ অধিকতৰ অসুবিধাৰ মাজলৈ আগবাঢ়ি যায়৷ কাৰিকৰী কৌশলৰ উন্নতিৰ লগে লগে কিছুমান খণ্ডত উৎপাদনশীলতা বৃদ্ধি পায়৷ ফলত তেনে খণ্ডবোৰত আপেক্ষিক উৎপাদনী ব্যয় কমে৷ কিন্তু কলাৰ ক্ষেত্ৰত জনমুৰি উৎপাদনশীলতা বৃদ্ধিৰ নিচিনা ঘটনা নঘটে৷ সেয়ে এনে খণ্ডবোৰত আপেক্ষিক ব্যয়ৰ পৰিমণো বৃদ্ধি পায়৷ বাকী উৎপাদনী খণ্ডবোৰৰ ধাৰাবাহিক কাৰিকৰী প্ৰগতিয়েþ কলা সম্পদৰ ক্ষেত্ৰত অনবিচ্ছিন্ন আপেক্ষিক উৎপাদনী ব্যয় বৃদ্ধিহে নিৰ্দেশ কৰে৷ এইদৰে কলা-সংগঠনসমূহৰ ওপৰত আহি পৰা ক্ৰমবৰ্ধমান আৰ্থিক হেঁচা মোকাবিলা কৰিবৰ বাবে তেওঁলোকে ইয়াক আংশিকভাবে শ্ৰমিক আৰু পৰিচালকসকলৰ ওপৰলৈ স্থানান্তৰ কৰে৷ কিন্তু এয়া নিৰন্তৰ চলি থাকিব পৰা ব্যবস্থা এটা নহয়৷ সেয়ে কলা-সম্পদসমূহৰ নিজাকৈ প্ৰয়োজনীয় অৰ্থ সংগ্ৰহ কৰি ল’ব নোৱৰা বৈশিষ্ট্যৰ হেতু এই বিলাকৰ দীৰ্ঘকালীন অস্তিত্বৰ খাতিৰত ব্যক্তিগত বা সামূহিক দান বৰঙনি অপৰিহাৰ্য৷


ঠিকনা : 

সহকাৰী অধ্যাপক, অৰ্থনীতি বিভাগ, দমদমা মহাবিদ্যালয়, কুলহাটী, কামৰূপ -৭৮১১০৪

ইমেইল :  rajibmhnt@gmail.com

ভ্ৰাম্যভাষ  :  ৯৭০৭৭-২৫০১৫




  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ