অন্যযুগ/


মহাকবি কালিদাসৰ ঋতুসংহাৰম্

অনুবাদ - কৌস্তুভমণি শইকীয়া দত্ত

 



তৃতীয় অধ্যায়

।। শৰৎ বৰ্ণনা ।।

 

শুকুলা কঁহুৱাৰ বস্ত্ৰ পৰিধান কৰি,

বিকশিত কমলৰ দৰে যাৰ মনোহৰ মুখশ্ৰী,

উন্মাদ হংসৰ ৰৱ যাৰ নূপুৰৰ ৰম্য ধ্বনি,

লাৱনী দেহৰ বৰণ যেন পৰিপক্ক ধানৰ নৰা,

আহিল ৰমণীয়া নৱবধূ যেন শাৰদী অপৰূপা ।


কাশাংশুকা ৱিকচপদ্মমনোজ্ঞৱক্ত্রা

সোন্মাদহংসৰৱনূপুৰনাদৰম্যা ।

আপক্বশালিৰুচিৰা নতগাত্রয়ষ্টিঃ

প্রাপ্তা শৰন্নৱৱধূৰিৱ ৰম্যৰূপা ।। ১।।


কঁহুৱাৰে ভৰিল পৃথিৱী, 

শীতল জোনাকেৰে ভৰিল ৰাতি ।

হংসৰে ভৰিল পানী নদীৰ,

পদুমেৰে ভৰিল সৰোবৰ ।

ফুলৰ ভৰত নত সপ্তচ্ছেদী বৃক্ষ,

মালতী ফুলেৰে উপবন হ’ল শুভ্ৰ ।


কাশৈর্মহী শিশিৰদীধিতিনা ৰজন্যো

হংসৈর্জলানি সৰিতাং কুমুদৈঃ সৰাংসি ।

সপ্তচ্ছদৈঃ কুসুমভাৰনতৈর্ৱনান্তাঃ

শুক্লীকৃতান্যুপৱনানি চ মালতীভিঃ ।। ২।।


আজি চঞ্চল ৰূপালী ধুনীয়া মাছজাকৰ কৰধনী পিন্ধি

পাৰত লানি পাতি বহা শুভ্ৰপখীৰ জাক যেন মুকুতাৰ মণি।

নদীৰ বিস্তৃত বলুকাৰ তট যেন নাৰীৰ বিশাল নিতম্ব,

ধীৰে ধীৰে নৈ বৈছে সাগৰলৈ যেন তৰুণী কামাসক্ত ।


চঞ্চন্মনোজ্ঞশফৰীৰসনাকলাপাঃ

পর্য়ন্তসংস্থিতসিতাণ্ডজপংক্তিহাৰাঃ ।

নদ্যো ৱিশালপুলিনান্তনিতম্ববিম্বা

মন্দং প্রয়ান্তি সমদাঃ প্রমদা ইৱাদ্য ।। ৩।।


ক’ৰবাত ৰূৌপ্য, ক’ৰবাত শংখ, ক’ৰবাত মৃণাল সম গৌৰ,

পানীশূন্য পাতল মেঘ উৰিছে পৱনৰ বেগত হৈ শতখণ্ড ।

শৰতৰ আকাশখনি দেখাইছে যেন উত্তম চামৰে সেৱিত ৰাজেন্দ্ৰ।


ৱ্যোম ক্বচিদ্ ৰজতশঙ্খমৃণালগৌৰৈস্

ত্যক্তাম্বুভির্লঘুতযা শতশঃ প্রয়াতৈঃ ।

সংলক্ষ্যতে পৱনৱেগচলৈঃ পয়োদৈ

ৰাজেৱ চামৰৱৰৈৰুপৱীজ্যমানঃ ।। ৪।।


কান্তিময় হ’ল আকাশ যেন বিয়পি পৰা কাজলৰ ৰাশি 

পৃথিৱী ৰক্তিম হ’ল ফুলি উঠা গুলপীয়া বন্ধূকৰ ৰেণু পৰি।

এঢলীয়া কৃষিভূমি পকাধানে কৰিছে আচ্ছাদিত 

কোন আছে এনে যুৱা যাৰ হিয়া নহ’ব উৎকণ্ঠিত । 


ভিন্নাঞ্জনপ্রচয়কান্তি নভো মনোজ্ঞং

বন্ধূকপুষ্পৰজসাঽৰুণিতা চ ভূমিঃ ।

ৱপ্রাশ্চ পক্বকলমাৱৃতভূমিভাগাঃ

উত্কণ্ঠয়ন্তিপ্রোত্কণ্ঠয়ন্তি ন মনো ভুৱি কস্য য়ূনঃ ।। ৫।।


মন্দমধুৰ মলয়াই কঁপাইছে ওখ আগ বিৰিখৰ,

ফুল আৰু মুকুলেৰে ভৰি পৰিছে কোমল ডাল,

মদমত্ত ভোমোৰাই চুহিছে মধুৰ ৰস ফুলৰ।

বিকশিত কচনাৰ এনে ৰূপ অপূৰ্ব

দেখি নহ’ব কাৰনো হৃদয় বিদীৰ্ণ ।


মন্দানিলাকুলিতচাৰুতৰাগ্রশাখঃ

পুষ্পোদ্গমপ্রচয়কোমলপল্লৱাগ্রঃ ।

মত্তদ্বিৰেফপৰিপীতমধুপ্রসেকশ্চিত্তং

 ৱিদাৰয়তি কস্য ন কোৱিদাৰঃ ।।৬।।


নক্ষত্ৰৰ সুশ্ৰেষ্ঠ আভূষণ পিন্ধি

ওৰণিবিহীন মুখ যেন মেঘমুক্ত চন্দ্ৰমা

উজ্জ্বল জ্যোৎস্নাৰ অমল বস্ত্ৰধাৰিণী 

প্ৰতিদিনে বাঢ়ে যেন নৱযুৱতী 

শৰৎকালৰ জোনাক ৰাতি ।


তাৰাগণপ্রৱৰভূষণমুদ্বহন্তী

মেঘাৱৰোধপৰিমুক্তশশাঙ্কৱক্ত্রা ।

জ্যোত্স্নাদুকূলমমলং ৰজনী দধানা

ৱৃদ্ধিং প্রয়াত্যনুদিনং প্রমদেৱ বালা ।।৭।।


কাৰণ্ডপখীয়ে ঠোঁটেৰে ঘোঁটালি কৰিছে তৰংগমালা বিচ্ছিন্ন,

কলহংস আৰু সাৰস পক্ষীৰ জাকে কৰিছে তীৰ সুশোভিত,

নদীৰ উপকূল সৰ্বত্ৰ বিয়পি পৰিছে হংসধ্বনি।

পদুম আৰু ভেঁটফুলৰ ৰেণু পৰি আৰক্ত হ’ল নদী

শৰতৰ নদীয়ে দেখোতা সবাৰে সাধিছে পৰম প্ৰীতি ।


কাৰণ্ডৱাননৱিঘট্টিতৱীচিমালাঃ

কাদম্বসাৰসচয়াকুলতীৰদেশাঃ ।

কুর্ৱন্তি হংসৱিৰুতৈঃ পৰিতো জনস্য

প্রীতিং সৰোৰুহৰজোৰুণিতাস্তটিন্যঃ ।। ৮।।


যাৰ হৃদয়হাৰিণী ৰশ্মিৰাশি নয়নৰ সুখ প্ৰদায়ক 

শীতল নিয়ৰবিন্দু সিঁচি কৰে মন আহ্লাদিত,

সেই চন্দ্ৰমাই জ্বলাইছে তনু আৰু মন অতিশয়

পতিবিৰহৰূপী বিষকাঁড়ত ক্ষত-বিক্ষত অংগনাসৱৰ।


নেত্রোত্সৱো হৃদয়হাৰিমৰীচিমালঃ

প্রহ্লাদকঃ শিশিৰশীকৰৱাৰিৱর্ষী ।

পত্যুর্ৱিয়োগবিষদিগ্ধশৰক্ষতানাং

চন্দ্রো দহত্যনুদিনংদহত্যতিতৰা তনুমঙ্গনানাম্ ।।৯।।


মলয়াত কঁপিছে ধানৰ ভৰত দোঁ খোৱা ধাননি,

ফুলৰ ভৰত অৱনত তৰুবৰ আছে নাচি,

পদুমবনৰ বিকশিত নলিনীও বতাহত আছে কঁপি,

ছল-চাতুৰীৰে যুৱকসৱৰ ডেকামন মতলীয়া কৰি ।


আকম্পয়ন্ ফলভৰানতশালিজালান্

য়ানর্তযংস্তৰুৱৰান্ কুসুমাৱনম্রান্ ।

উত্ফুল্লপঙ্কজৱনাং নলিনীং ৱিধুন্বন্

য়ূনাং মনশ্চলয়তি প্রসভং নভস্বান্ ।।১০।।


মিলনোন্মত্ত হংসযুগলেৰে তীৰ সুশোভিত

সতেজ শুভ্ৰ আৰু নীল কমলেৰে অলংকৃত

পুৱাৰ মৃদুমন্দ মলয়াই তুলিছে পানীত তৰংগ

সৰোবৰৰ এই ৰূপে হৃদয় কৰিছে মথিত ।


সোন্মাদহংসমিথুনৈৰুপশোভিতানি

স্বচ্ছপ্রফুল্লকমলোত্পলভূষিতানি ।

মন্দপ্রভাতপৱনোদ্গতৱীচিমালান্

ন্যুত্কণ্ঠয়ন্তি হৃদয়ং সহসা সৰাংসি ।।১১।।


এতিয়া ডাৱৰৰ উদৰত ইন্দ্ৰধনু লোপ পালে

আকাশী-পতাকা বিজুলীও এতিয়া চমকি নুঠে।

আকাশত বলা নাই বগলীৰ ডেউকাৰ বতাহ

ময়ূৰেও ওপৰলৈ মূৰ তুলি চোৱা নাই আকাশ । 


নষ্টং ধনুর্বলভিদো জলদোদৰেষু

সৌদামিনী স্ফুৰতি নাদ্য ৱিয়ত্পতাকা ।

ধুন্বন্তি পক্ষপৱনৈর্ন নভো বলাকাঃ

পশ্যন্তি নোন্নতমুখা গগনং ময়ূৰা ।। ১২।।


নাচিবলৈ এৰা ময়ূৰক ত্যাগি 

কামদেৱ কাষ চাপিছে মধুৰ কলধ্বনিৰ হংসৰ ।  

কদম্ব কুটজ অৰ্জুন সৰ্জা আৰু অশোকক এৰি

ফুলৰ সুন্দৰতা কাষ চাপিছে সপ্তচ্ছদ বৃক্ষৰ ।

 

নৃত্যপ্রয়োগৰহিতাঞ্শিখিনো বিহায়

হংসানুপৈতি মদনো মধুৰপ্রগীতান্ ।

মুক্ত্ৱা কদম্বকুটজার্জুনসর্জনীপান্

সপ্তচ্ছদানুপগতা কুসুমোদ্গমশ্রীঃ ।। ১৩।।


যি উপবনত খৰিকাজাঁইৰ মনমোহক সুৱাস বিয়পি পৰিছে

য’ত নিশ্চিন্তে থিতাপি লোৱা পখীৰ কল-কাকলি প্ৰতিধ্বনিত হৈছে,

নিকটতে বহি আছে পদুমৰ দৰে চকুৰ হৰিণীৰ জাক সুশোভিত

তাকে দেখি আকৰ্ষিত পুৰুষৰ মন হৈ পৰিছে অতিশয় উৎকণ্ঠিত । 

 

শেফালিকাকুসুমগন্ধমনোহৰাণি

স্বস্থস্থিতাণ্ডজকুলপ্রতিনাদিতানি ।

পর্য়ন্তসংস্থিতমৃগীনয়নোত্পলানি

প্রোত্কণ্ঠয়ন্ত্যুপৱনানি মনাংসি পুংসাম্ ।। ১৪।।


বা-লাগি ঘনকৈ হালে জালে  কুমুদ আৰু সুগন্ধি পদুম

তাৰে  শীতলতম পৰশত সৰিছে পাতৰ আগৰ হিম

সকলো প্ৰাণীৰে কৰি চঞ্চল মন বৈছে পুৱাৰ পৱন ।


কহ্লাৰপদ্মকুমুদানি মুহুর্ৱিধুন্বংস্

তত্সঙ্গমাদধিকশীতলতামুপেতঃ ।

উত্কণ্ঠয়ত্যতিতৰাং পৱনঃ প্রভাতে

পত্রান্তলগ্নতুলিনাম্বু ৱিধূয়মানঃ।।১৫।।


পৰিপূৰ্ণ পকা ধানে ঢাকি ধৰিলে ধৰাতল

সুখেৰে বহি আছে সুশোভিত গৰু-গাইৰ পাল

পক্ষী আৰু হংসৰ কলৰৱ হৈছে প্ৰতিধ্বনিত

আমোদ সঞ্চাৰ কৰি গ্ৰামসীমান্তবাসীৰ মনত ।


সংপন্নশালিনিচয়াৱৃতভূতলানি

স্বস্থস্থিতপ্রচুৰগোকুলশোভিতানি ।

হংসৈশ্চ সাৰসকুলৈঃ প্রতিনাদিতানি

সীমান্তৰাণি জনয়ন্তি জনপ্রমোদম্ ।। ১৬।।


ৰমণীসৱৰ সুললিত গতি জিনি ল’লে হংসই

ললনাৰ চন্দ্ৰমুখৰ শোভা ল’লে বিকশিত পদ্মই

মদালসা মনোহৰা নয়নৰ শোভা ল’লে নীলোৎপলে

ভ্ৰূভংগ বিলাস হৰণ কৰিলে নদীৰ সূক্ষ্ম বংকিম লহৰে ।


হংসৈর্জিতা সুললিতা গতিৰঙ্গনানাং

অম্ভোৰুহৈর্বিকসিতৈর্মুখচন্দ্রকান্তিঃ ।

নীলোত্পলৈর্মদকলানি বিলোচনানি

ভ্রূৱিভ্রমশ্চ ৰুচিৰাস্তনুভিস্তৰঙ্গৈঃ ।। ১৭।।


ফুল আৰু কুঁহিৰ ভৰত অৱনত হৈ পৰিছে কলীয়া লতা

যেন হৰণ কৰিছে সুন্দৰীৰ সালংকৃতা বাহুলতাৰ শোভা ।

দাঁতৰ জিলিকণিত উজলি উঠা ৰমণীৰ স্মিত হাঁহিৰ মুখচন্দ্ৰকান্তি

হৰণ কৰি যেন ফুলি উঠিছে কংকেলী আৰু মনোহৰ নৱমালতী ।


শ্যামালতাঃ কুসুমভাৰনতপ্রৱালাঃ

স্ত্রীণাং হৰন্তি ধৃতভূষণবাহুকান্তিম্ ।

দন্তাৱভাসৱিশদস্মিতচন্দ্রকান্তিং

কঙ্কেলিপুষ্পৰুচিৰা নৱমালতী চ ।। ১৮।।


বাৰিষাৰ ঘনীল মেঘতকৈয়ো কলীয়া কুঞ্চিত চুলিটাৰি

সজাইছে নাৰীসৱে ধাৰণ কৰি নৱমালতী।

উৎকৃষ্ট সোণৰ কুণ্ডল পিন্ধা সুশোভিত কাণ

ধাৰণ কৰিছে তাতো পূৰ্ণবিকশিত বিৱিধ নীলোৎপল ।

 

কেশান্নিতান্তঘননীলৱিকুঙ্চিতাগ্রান্

আপূৰয়ন্তি ৱনিতা নৱমালতীভিঃ ।

কর্ণেষু চ প্রৱৰকাংচনকুণ্ডলেষু

নীলোত্পলানি ৱিৱিধানিৱিকচানি নিৱেশয়ন্তি ।।১৯।।


বক্ষমণ্ডল সজাই তুলিছে সৰস চন্দনসনা হাৰেৰে

সুন্দৰ কৰধনীৰে বিশাল নিতম্ব অলংকৃত কৰিছে ।

কমলসদৃশ চৰণযুগলত ৰুণুজুনু ধুনীয়া নূপুৰ পিন্ধিছে

সকলো নাৰীয়ে সাজিছে কাচিছে অতি প্ৰসন্ন মনেৰে।


হাৰৈঃ সচন্দনৰসৈঃ স্তনমণ্দলানি

শ্রোণীতটং সুৱিপুলং ৰশনাকলাপৈঃ ।

পাদাম্বুজানি কলনূপুৰশেখৰৈশ্চ

নাৰ্য় প্রহৃষ্টমনসোঽদ্য বিভূষয়ন্তি ।। ২০।।


ডাৱৰবিহীন জোনাক আৰু তৰাৰে আকাশ সুশোভিত ।

ভৰি আছে ৰাজহংস তাতে মনোহৰ ভেঁটফুল প্ৰস্ফুটিত

মৰকত মণিৰ সমান কান্তিময় সুজলা সকলো জলাশয়

শৰতত সুৰম্য শোভা ধাৰণ কৰিছে অতিশয়।


স্ফুটকুমুদচিতানাং ৰাজহংসাস্থিতানাং

মৰকতমণিভাসা ৱাৰিণা ভূষিতানাম্আপূৰিতানাম্ ।

শ্রিয়মতিশয়ৰূপাং ব্যোম তোয়াশয়ানাং

ৱহতি ৱিগতমেঘং চন্দ্রতাৰাৱকীর্ণম্ ।। ২১।।


ফুলৰ সংস্পৰ্শত সুশীতল মলয়া শাৰদীয়

কাদম্বৰীহীন আকাশত চতুৰ্দিশ মনোজ্ঞ ।

নিৰ্মল হ’ল পানী পৃথিৱী হ’ল পংকহীন

তৰাৰে আকাশ বিচিত্ৰ তাতে জোনৰ বিমল কিৰণ ।।


শৰদি কুমুদসঙ্গাদ্ গাদ্ৱায়ৱো ৱান্তি শীতা

ৱিগতজলদৱৃন্দা দিগ্বিভাগা মনোজ্ঞাঃ।

ৱিগতকলুষমম্ভঃ শ্যানপঙ্কা ধৰিত্রী

ৱিমলকিৰণচন্দ্রং ৱ্যোম তাৰাৱিচিত্রম্ ।। ২২।।


চন্দ্ৰকো ম্লান কৰা মুখৰ অন্য যুৱতীক দেখি

প্ৰবল কামনাত মত্ত সুন্দৰীয়ে নৃত্য-গীত এৰি 

পদুমৰ দৰে ধুনীয়া হাতেৰে ধৰি প্ৰিয়তমৰ হাতত

প্ৰবেশ কৰিছে মনোহৰ ফুলৰে সুৱাসিত কক্ষত ।


কৰকমলমনোজ্ঞাঃ কান্তসংসক্তহস্তা

ৱদনৱিজিতচন্দ্রাঃ কাশ্চিদ্ অন্যাস্তৰুণ্যঃ .

চিতকুসুমসুগন্ধি প্রায়শো য়ান্তি ৱেশ্ম

প্রবলমদনহেতোস্ত্যক্তসংগীতৰাগাঃ ।। ২৩।। (প্রক্ষিপ্ত)


শৰতৰ বতৰত ৰমণসুখৰ ৰসত বুৰি

অতুলনীয় মুখৰ প্ৰসাধন কৰা সকলো সুন্দৰী,

বহি একেলগে সকলো সখীয়ে কৰিছে সকলো আলাপন

তৰুণ পতিৰ সৈতে ৰাতি হৈ যোৱা কামক্ৰীড়াৰ বিনোদন ।


সুৰতৰসৱিলাসাত্ সত্সখীভিঃ সমেত্য

অসমশৰবিনোদং সূচয়ন্তি প্রকামম্ ।

অনুপমমুখৰাগা ৰাত্রিমধ্যে ৱিনোদান্

শৰদি তৰুণকান্তাঃ সূচয়ন্তি প্রমোদাত্ ।। ২৪ ।। (প্রক্ষিপ্ত)


এই শৰতৰ প্ৰাতঃকালত সূৰুযে কমলক জগাই পোহৰ-হাতেৰে 

প্ৰস্ফুটিত হয় সেই পদুমফুল ৰূপহী গাভৰুৰ মুখশ্ৰীৰ দৰে।

যিদৰে হেৰাই নৱবধুৰ ওঁঠৰ মিচিকি হাঁহি পৰদেশলৈ গ’লে প্ৰিয়তম

জাপ যায় তেনেকৈয়ে ভেঁটফুলৰ পাহি পুৱা অস্ত গ’লে চন্দ্ৰমণ্ডল ।


দিৱসকৰময়ূখৈর্বোধ্যমানং প্রভাতে

ৱৰয়ুৱতিমুখাভং পঙ্কজং জৃম্ভতেঽদ্য ।

কুমুদমপি গতেঽস্তংলীয়তে চন্দ্রবিম্বে

হসিতমিৱ ৱধূনাং প্রোষিতেষু প্রিয়েষু ।।২৫।।


এই শৰততে প্ৰবাসী পুৰুষ বিভ্ৰান্ত হৈ উঠে উচুপি

ফুলি থকা পদুমত প্ৰিয়তমাৰ ক’লা চকুৰ শোভা দেখি ।

মত্ত হংসৰ কলৰৱত শুনি প্ৰিয়াৰ সোণৰ কৰধনীৰ ৰুণজুন

আৰু দেখি সুন্দৰ ওঁঠৰ চমক যেন সেন্দূৰীয়া বন্ধুজীৱা ফুল ।

 

অসিতনয়নলক্ষ্মীং লক্ষয়িত্বোত্পলেষু

ক্বণিতকনককাঞ্চীং মত্তহংসস্বনেষু ।

অধৰৰুচিৰশোভাং বন্ধুজীৱে প্রিয়ায়াঃ

পথিকজন ইদানীং ৰোদিতি ভ্রান্তচিত্তঃভ্রান্তচেতাঃ ।। ২৬।।


মনোহাৰিণী শৰতৰ আগমণি শোভা আহি 

ক’ৰবাত চন্দ্ৰমাৰ কান্তি হ’ল মুখশ্ৰী নাৰীৰ

ক’ৰবাত মণিময় পায়েললৈ আহিল হংসৰ মধুৰ স্বৰ

আৰু লাৱনী ওঁঠত ল’লেহি থিতাপি অৰুণাভা বন্ধূক ফুলৰ ।


স্ত্রীণাং ৱিহায় ৱদনেষু শশাঙ্কলক্ষ্মীং

কাম্যং চ হংসৱচনং মণিনূপুৰেষু

বন্ধূক কান্তিমধৰেষু মনোহৰেষু

ক্বাপি প্রয়াতি সুভগা শৰদাগমশ্রীঃ ।। ২৭ ।।


বিকশিত কমলৰ সমান মুখশ্ৰীৰ শাৰদী

নয়নযুগল যাৰ প্ৰস্ফুটিত নীলোৎপলৰূপী

কুমুদিনী ভেঁটফুল সম সুন্দৰ যাৰ কান্তি

শুভ্ৰ কঁহুৱাৰ বসন কৰি পৰিধান

কৰিছে আপোনাৰ হৃদয়ত পৰমপ্ৰীতি প্ৰদান ।


ৱিকচকমলৱক্ত্রা ফুল্লনীলোত্পলাক্ষী

ৱিকসিতনৱকাশশ্বেতৱাসো ৱসানা ।

কুমুদৰুচিৰকান্তিঃ কামিনীৱোন্মদেয়ং

প্রতিদিশতু শৰদ্বশ্চেতসঃ প্রীতিমগ্র্যাম্ ।। ২৮।।


।। ইতি শৰৎ।।

(আগলৈ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ