অন্যযুগ/


ৰঘুবংশ

মূল : মহাকবি কালিদাস

অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত 

 ||  ৭ম অধ্যায় ||


তাৰ পাছত কাৰ্তিকৰ সহযাত্ৰী দেৱসেনাৰ দৰে

যোগ্যজনক বৰণ কৰা ভগ্নীক লৈ 

বিদৰ্ভৰাজ ভোজ গ’ল ৰাজপ্ৰাসাদলৈ ।


অথোপয়ন্ত্রা সদৃশেণ যুক্তাং স্কন্দেন সাক্ষাদিব দেবসেনাম্ |

স্বসাৰমাদায় বিদর্ভনাথঃ পুৰপ্রবেশাভিমুখো বভূব || ৭-১||


ভোজৰ ভগ্নীলৈ ব্যৰ্থমনোৰথ হোৱা ৰজাসকলে 

নিজৰ ৰূপ-বেশক ধিক্কাৰ দি ঘূৰি গ’ল শিবিৰলৈ

পুৱাৰ নিস্তেজ জোন-তৰাৰ দৰে মোলান পৰা মুখ লৈ ।


সেনানিবেশান্পৃথিবীক্ষিতোঽপি জগ্মুর্বিভাতগ্রহমন্দভাসঃ |

ভোজ্যাং প্রতি ব্যর্থমনোৰথৎবাদ্রূপেষু বেশেষু চ সাভ্যসূয়া || ৭-২||


সয়ম্বৰত উপস্থিত আছিল স্বয়ং শচীদেৱী

সেয়ে ঈৰ্ষাত কাতৰ হ’লেও ককুৎস্থৰ প্ৰতি

সকলো ৰজাই নিজকে ৰাখিলে শান্ত কৰি

নজন্মালে বিৱাহত  ব্যাঘাত সমূলি ।


সাংনিধ্যয়োগাৎকিল তত্র শচ্যাঃ স্বয়ংবৰক্ষোভকৃতামভাবঃ |

কাকুৎস্থমুদ্দিশ্য সমৎসৰোঽপি শশাম তেন ক্ষিতিপাললোকঃ || ৭-৩||


ন-কইনাক লৈ দৰাই যি পথে গমন কৰিলে 

সেই পথ সজ্জিত অভিনৱ দ্ৰব্যৰে  

জলমল তোৰণ ৰামধনুৰ দৰে

পতাকাৰ ছাঁই ৰ’দ আৱৰি ধৰে ।


তাবৎপ্রকীর্ণাভিনবোপচাৰমিন্দ্রায়ুধদ্যোতিততোৰণাঙ্কম্ |

বৰঃ সবধ্বা সহ ৰাজমার্গং প্রাপ ধ্বজচ্ছায়নিবাৰিতোষ্ণম্ || ৭-৪||


নগৰৰ সুন্দৰীসকলে সেই যাত্ৰা দৰ্শন কৰিবলৈ 

সকলো কাম-কাজ পেলাই থৈ খৰধৰ কৰিলে এনেকৈ

প্ৰাসাদৰ সোণালী খিৰিকিৰ কাষত ৰ’বলৈ ।


ততস্তদালোকনতৎপৰাণাং সৌধেষু চামীকৰজালবৎসু |

বভূবুৰিত্থং পুৰসুন্দৰীণাং ত্যক্তান্যকার্যাণি বিচেষ্টিতানি || ৭-৫||


গবাক্ষলৈ উঠি যাওঁতে কোনোৰ চুলি খোল খাই মালা খহিল  

বন্ধা আৰু নহ’ল খোলা চুলি, হাতেৰেই ধৰি ওপৰলৈ উঠিল।

 

আলোকমার্গং সহসা ব্রজন্ত্যা কয়াচিদুদ্বেষ্টনবান্তমাল্যঃ |

বদ্ধুং ন সংভাবিত এব তাবৎকৰেণ ৰুদ্ধোঽপি চ কেশপাশঃ || ৭-৬||


কোনোৱে প্ৰসাধিকাৰ ওচৰত আগবঢ়াই দিছিল 

ভৰিৰ পতাটি আলতা সানিবলৈ

নুশুকাওঁতেই আলতা ভৰিৰ ছাপ বহুৱাই মজিয়াত 

দৌৰিলে খিৰিকিৰ কাষলৈ ।


প্রসাধিকালম্বিতমগ্রপাদমাক্ষিপ্য কাচিদ্দ্রবৰাগমেব |

উৎসৃষ্টলীলাগতিৰাগবাক্ষাদলক্তকাঙ্কাং পদবীং ততান || ৭-৭||


এগৰাকীয়ে সোঁচকুত কাজল সানি বাওঁচকুত সনাৰ আগতেই 

হাতত কাজলৰ বুলনি লৈয়ে দৌৰিলে বাতায়নলৈ ।


বিলোচনং দক্ষিণমঞ্জনেন সংভাব্য তদ্বঞ্চিতবামনেত্রা|

তথৈব বাতায়নসংনিকর্ষং যয়ৌ শলাকামপৰা বহন্তী || ৭-৮||


আন এগৰাকীৰ খোল খালে কঁকালৰ কাপোৰৰ জৰী

দৰা-কইনাক চাই থাকিল খিৰিকিৰে নবন্ধাকৈ হাতেৰেই ধৰি 

জিলিকি উঠিল নাভিদেশ অলংকাৰৰ পোহৰ পৰি ।


জালান্তৰপ্রেষিতদৃষ্টিৰন্যা প্রস্থানভিন্নাং ন ববন্ধ নীবীম্ |

নাভিপ্রবিষ্টাভৰণপ্রভেন হস্তেন তস্থাববলম্ব্য বাসঃ || ৭-৯||


আধাগঁথা হৈছিল এগৰাকীৰ কমৰ-বন্ধনী

খৰধৰ খোজত খহিল তাৰ মণি-মুকুতা এটি এটি কৰি

বুঢ়াআঙুলিৰ টিপাত ৰৈ গ’ল মাথোন মণিধাৰিৰ জৰী ।


অর্ধাঞ্চিতা সৎবৰমুত্থিতায়াঃ পদে পদে দুর্নিমিতে গলন্তী |

কস্যাশ্চিদাসীদ্রশনা তদানীমঙ্গুষ্ঠমূলার্পিতসূত্রশেষা || ৭-১০||


মদিৰাৰে  সুগন্ধিত মুখেৰে সকলো বাতায়ন ভৰিছিল 

অতি কৌতূহলী মুখবোৰ যেন  সহস্ৰ শতদল

চঞ্চল ক’লা চকুবোৰ ক’লা ভোমোৰৰ দল ।


তাসাং মুখৈৰাসবগন্ধগর্ভৈর্ব্যাপ্তান্তৰাঃ সান্দ্রকুতূহলানাম্ |

বিলোলনেত্রভ্রমৰৈর্গবাক্ষাঃ সহস্রপত্রাভৰণা ইবাসন্ || ৭-১১||


সেই পুৰনাৰীসকলে ৰঘুৰ ৰূপ চাই চাই পাহৰি গ’ল সকলো কাম

সকলো ইন্দ্ৰিয়ৰ আস্বাদ যেন চকুতেই আহি সোমাল ।

 

তা ৰাঘবং দৃষ্টিভিৰাপিবন্ত্যো নার্যো ন জগ্মুর্বিষয়ান্তৰাণি |

তথা হি শেষেন্দ্রিয়বৃত্তিৰাসাং সর্বাত্মনা চক্ষুৰিব প্রবিষ্টা || ৭-১২||


নগৰৰ নাৰীসৱে একেমুখে এই কথা ক’লে-

যদিও দূৰৰ বহু ৰজাই মনে মনে বিচাৰিলে

ভোজকন্যাই সয়ংম্বৰ কৰি কৰিছে ভাল কাম

নহ’লেনো কেনেকৈ হ’লহেঁতেন লক্ষ্মীৰে নাৰায়ণৰ মিলন ।


স্থানে বৃতা ভূপতিভিঃ পৰোক্ষৈঃ স্বয়ংবৰং সাধুমমংস্ত ভোজ্যা |

পদ্মেব নাৰায়ণমন্যথাসৌ লভেত কান্তং কথমাত্মতুল্যম্ || ৭-১৩||


বিধাতাই নকৰাহেঁতেন অনন্য সুন্দৰ পৰস্পৰৰ মিলন

এনে যত্নৰে দুয়োকে স্ৰজাৰ উদ্দেশ্য নহ’লহেঁতেন সাধন ।


পৰস্পৰেণ স্পৃহণীয়শোভং ন চেদিদং দ্বন্দ্বময়োজয়িষ্যৎ |

অস্মিন্দ্বয়ে ৰূপবিধানয়ত্নঃ পত্যুঃ প্রজানাং বিতথোঽভবিষ্যৎ || ৭-১৪||


দুয়ো হয়তো পুনৰ্জনম ৰতি-মদনৰ

সেয়ে কন্যাই বাছি ল’লে মাজত হাজাৰ ৰজাৰ

কাৰণ হৃদয়ে বুজে সম্পৰ্ক জন্মান্তৰৰ ।


ৰতিস্মৰৌ নূনমিমাবভূতাং ৰাজ্ঞাং সহস্রেষু তথা হি বালা |

গতেয়মাত্মপ্রতিৰূপমেব মনো হি জন্মান্তৰসংগতিজ্ঞম্ || ৭-১৫||


শুনি শুনি নগৰৰ নাৰীৰ এনে মধুৰ কথোপকথন 

ৰাজকুমাৰ পালেগৈ মংগলসজ্জাৰে উদ্ভাসিত প্ৰাসাদ প্ৰাংগণ ।


ইত্যুদ্গতাঃ পৌৰবধূমুখেভ্যঃ শৃণ্বন্কথাঃ শ্রোত্রসুখাঃ কুমাৰঃ |

উদ্ভাসিতং মঙ্গলসংবিধাভিঃ সংবন্ধিনঃ সদ্ম সমাসসাদ || ৭-১৬||


অজ নামিল হাতীৰ পৰা ধৰি কামৰূপেশ্বৰৰ হাত

সোমোৱাৰ দৰেই নগৰৰ নাৰীৰ মনত

প্ৰৱেশ কৰিলে প্ৰাসাদৰ চাৰিসীমাত

বিদৰ্ভৰাজে দেখুৱালে বাট ।


ততোঽবতীর্যাশু কৰেণুকায়াঃ স কামৰূপেশ্বৰদত্তহস্তঃ |

বৈদর্ভনির্দিষ্টমথো বিবেশ নাৰীমনাংসীব চতুষ্কমন্তঃ || ৭-১৭||


বহুমূলীয়া সিংহাসনত তেওঁ কৰিলে আৰোহণ 

ৰত্নৰ পাত্ৰত দিয়া মধুপৰ্ক কৰিলে গ্ৰহণ।

ভোজৰাজে পঠোৱা বিৱাহৰ যোৰাৰ অৰ্ঘ্য  

লগতে আছিল অন্তপুৰৰ নাৰীৰ কটাক্ষ ।


মহার্হসিংহাসনসংস্থিতোঽসৌ সৰত্নমর্ঘ্যং মধুপর্কমিশ্রম্ |

ভোজোপনীতং চ দুকূলয়ুগ্মং জগ্রাহ সার্ধং বনিতাকটাক্ষৈঃ || ৭-১৮||


বিৱাহৰ সেই কাপোৰযোৰ পৰিধান কৰাৰ পাছত

বিনয়ী ৰক্ষীসকলে  তেওঁক পোৱালেগৈ কইনাৰ কাষত।

সাগৰৰ জোৱাৰে তীৰলৈ লৈ যোৱাৰ দৰে 

লহৰত জিলিকা জোনৰ পোহৰক ।


দুকূলবাসাঃ স বধূসমীপং নিন্যে বিনীতৈৰবৰোধৰক্ষৈঃ |

বেলাসকাশং স্ফুটফেনৰাশির্নবৈৰুদন্বানিব চন্দ্রপাদৈঃ || ৭-১৯||


ৰজা ভোজৰ অগ্নিসম পুৰোহিতে প্ৰজ্জ্বলিত কৰিলে হোমাগ্নি

বিৱাহেৰে দৰা-কন্যাৰ মিলন ঘটালে অগ্নিক সাক্ষী কৰি ।


তত্রার্চিতো ভোজপতেঃ পুৰোধা হুৎবাগ্নিমাজ্যাদিভিৰগ্নিকল্পঃ |

তমেব চাধায় বিবাহসাক্ষ্যে বধূবৰৌ সংগময়াংচকাৰ || ৭-২০||


ন-কইনাৰ হাতত ধৰি উজলি উঠিল ৰাজকুমাৰ 

যেন আমগছৰ কুঁহিপাতৰে মিলি গ’ল পল্লৱ অশোক লতাৰ ।


হস্তেন হস্তং পৰিগৃহ্য বধ্বাঃ স ৰাজসূনুঃ সুতৰাং চকাসে |

অনন্তৰাশোকলতাপ্রবালং প্রাপ্যেব চূতঃ প্রতিপল্লবেন || ৭-২১||


সেই ক্ষণত দুয়োৰে হৃদয়ৰ অনুৰাগ হ’ল ভাগ 

পাণিস্পৰ্শত দৰাৰ মণিবন্ধ হ’ল ৰোমাঞ্চিত

কইনাৰ হাতৰ আঙুলি সিক্ত হ’ল ঘামত ।


আসীদ্বৰঃ কণ্টকিতপ্রকোষ্ঠঃ স্বিন্নাঙ্গুলিঃ সংববৃতে কুমাৰী |

তস্মিন্দ্বয়ে তৎক্ষণমাত্মবৃত্তিঃ সমং বিভক্তেব মনোভবেন || ৭-২২||


সংস্কাৰ পৰ্বত ইজনে সিজনক চাবলৈ আছিল অতি উৎসুক

এবাৰ চাই পুনৰাই দৃষ্টি আঁতৰাই সংস্কাৰ বশতঃ

দৃষ্টিৰ এই মিলন আৰু বিচ্ছেদ আছিল অতিকে মনোজ্ঞ ।


তয়োৰপাঙ্গপ্রতিসাৰিতানি ক্রিয়াসমাপত্তিনিবর্তিতানি |

হ্রীয়ন্ত্রণামানশিৰে মনোজ্ঞামন্যোন্যলোলানি বিলোচনানি || ৭-২৩||


জ্বলি থকা হোমৰ জুইৰ চাৰিওফালে ঘূৰোঁতে হাতে হাত ধৰি 

দুয়োকে লাগিছিল যেন মেৰু প্ৰদক্ষিণ কৰা দিন আৰু ৰাতি ।


প্রদক্ষিণপ্রক্রমণাৎকৃশানোৰুদর্চিষস্তন্মিথুনং চকাসে |

মেৰোৰুপান্তেষ্বিব বর্তমানমন্যোন্যসংসক্তমহস্ত্রিয়ামম্ || ৭-২৪||


নিতম্বিনী ইন্দুমতী লজ্জাৱতী যেন প্ৰেমত মাতাল চাতক পখী

বিধাতাৰ দৰে গুৰুৰ আদেশত সুনয়নীয়ে দিলে লাজাঞ্জলি । 


নিতম্বগুর্বী গুৰুণা প্রয়ুক্তা বধূর্বিধাতৃপ্রতিমেন তেন |

চকাৰ সা মত্তচকোৰনেত্রা লজ্জাবতী লাজবিসর্গমগ্নৌ || ৭-২৫||


লাজাঞ্জলিত উঠা ধোঁৱা-ফিৰিঙতিত আখৈ আৰু  গোন্ধ সমিধৰ

কইনাৰ গালত বিয়পি পৰা সুৱাসিত ধোঁৱাই ঠাই ল’লে কাণৰ পদুমৰ ।


হবিঃশমীপল্লবলাজগন্ধী পুণ্যঃ কৃশানোৰুদিয়ায় ধূমঃ |

কপোলসংসর্পিশিখঃ স তস্যা মুহূর্তকর্ণোৎপলতাং প্রপেদে || ৭-২৬||


হোমৰ ধোঁৱা লাগি কইনাৰ চকুৰ কাজল-ধুই বৈ আহিল চকুপানী

কাণৰ বীজাংকুৰৰ গহনা ক’লা পৰিল ৰঙা হ’ল গাল দুয়োখনি ।


তদঞ্জনক্লেদসমাকুলাক্ষং প্রম্লানবীজাঙ্কুৰকর্ণপূৰম্ |

বধূমুখং পাটলগন্ধলেখমাচাৰধূমগ্রহণাদ্বভূব || ৭-২৭||


স্বৰ্ণাসনত দৰা-কইনাক বহুৱাই পৱিত্ৰ পানীৰে তিতা চাউল ছটিয়ালে

পুৰোহিত সবান্ধৱে ৰজা ভোজ সাধবা-পুত্ৰৱতী ৰমনীয়ে ।

  

তৌ স্নাতকৈর্বন্ধুমতা চ ৰাজ্ঞা পুৰংধ্রিভিশ্চ ক্রমশঃ প্রয়ুক্তম্ |

কন্যাকুমাৰৌ কনকাসনস্থাবার্দ্রাক্ষতাৰোপণমন্বভূতাম্ || ৭-২৮||


বংশৰ দীপ্ত-প্ৰদীপ ৰজা ভোজে পাতিলে বিৱাহ ভগ্নীৰ

আদেশ কৰিলে ৰাজ-অনুচৰক কৰিবলৈ

আমন্ত্ৰিত নৃপতিসৱক সাদৰ আপ্যায়ন পৃথককৈ ।


ইতি স্বসুর্ভোজকুলপ্রদীপঃ সংপাদ্য পাণিগ্রহণং স ৰাজা |

মহীপতীনাং পৃথগর্হণার্থং সমাদিদেশাধিকৃতানধিশ্রীঃ || ৭-২৯||


হিংস্ৰ জলচৰক লুকুৱাই থোৱা নিৰ্মল সৰোবৰৰ দৰে

সকলো ৰজাই সকলো দুখ-ক্ষোভ লুকুৱাই সুখী যেন দেখুৱালে ।

ভোজৰাজৰ সমস্ত উপহাৰ দান কৰি কইনালৈ

সকলো উভতিল নিজা নিজা ৰাজধানীলৈ ।


লিঙ্গৈর্মুদঃ সংবৃতবিক্রিয়াস্তে হ্রদাঃ প্রসন্না ইব গূঢনক্রাঃ |

বৈদর্ভমামন্ত্র্য যয়ুস্তদীয়াং প্রত্যর্প্য পূজামুপদাছলেন || ৭-৩০||


যদিও সকলো ৰজা উভতিল ৰাজধানীৰ পৰা 

পৰস্পৰক সংকেত দি পথত থাকিল খাপ পাতি

হিংস্ৰজন্তুৰ দৰে কাঢ়ি নিবলৈ ভোজৰ কন্যা ।


স ৰাজলোকঃ কৃতপূর্বসংবিদাৰম্ভসিদ্ধৌ সময়োপলভ্যম্ |

আদাস্যমানঃ প্রমদামিষং তদাবৃত্য পন্থানমজস্য তস্থৌ || ৭-৩১||


ইতিমধ্যে বিদৰ্ভৰাজে ভগ্নীৰ বিৱাহ কৰি সুসম্পন্ন

বিদায় দিলে ৰঘুপুত্ৰক যৌতুক দি মন পূৰাই যথাযোগ্য ।

তেওঁলোকৰ পিছে পিছে গ’ল স্বয়ং ৰজা ভোজ । 


ভর্তাপি তাবৎক্রথকৈশিকানামনুষ্ঠিতানন্তৰজাবিবাহঃ |

সত্ত্বানুৰূপাহৰণীকৃতশ্রীঃ প্রাস্থাপয়দ্রাঘবমন্বগাচ্চ || ৭-৩২||


ত্ৰিভুৱন প্ৰখ্যাত অজৰ সৈতে প্ৰথম তিনিটা শিবিৰত থাকি কুন্দিনৰাজে

সূৰ্যৰ উদয়ত পূৰ্ণচন্দ্ৰ আঁতৰি যোৱাৰ দৰে বিদায় ল’লে ।


তিস্রস্ত্রিলোকপ্রথিতেন সার্ধমজেন মার্গে বসতীৰুষিৎবা |

তস্মাদপাবর্তত কুণ্ডিনেশঃ পর্বাত্যয়ে সোম ইবোষ্ণৰশ্মেঃ || ৭-৩৩||


সকলো ৰজাৰ দ্বিগ্বিজয়ৰ সময়ত হৰিছিল সৰ্বস্ব

কোশলৰাজ ৰঘুৰ প্ৰতি আছিল আগৰে পৰাই ৰুষ্ট ।

সেয়ে স্বয়ম্বৰত অজৰ কন্যালাভ কাৰো নহ’ল সহ্য । 


প্রমন্যবঃ প্রাগপি কোসলেন্দ্রে প্রত্যেকমাত্তস্বতয়া বভূবুঃ |

অতো নৃপশ্চক্ষমিৰে সমেতাঃ স্ত্রীৰত্নলাভং ন তদাজত্মস্য || ৭-৩৪||


অহংকাৰী ৰজাৰ দলে কৰিলে 

ভোজকন্যাক লৈ যোৱা অজৰ পথ অৱৰুদ্ধ

যেনেকৈ বলিদত্ত পৃথিৱী গ্ৰহণৰ বাবে আগবঢ়োৱা

বামন-বিষ্ণুৰ পদ কৰিছিল প্ৰহ্লাদে অৱৰুদ্ধ ।


তমুদ্বহন্তং পথি ভোজকন্যাং ৰুৰোধ ৰাজন্যগণ স দৃপ্তঃ |

বলিপ্রদিষ্টাং শ্রিয়মাদদানং ত্রৈবিক্রমং পাদমিবেন্দ্রশত্রুঃ || ৭-৩৫||


ইন্দুমতীক ৰক্ষা কৰিবৰ বাবে আক্ৰমণ কৰিবলৈ

অজই আদেশ দিলে পিতৃৰ সচিৱক বহু সেনানী লৈ

ভাগীৰথীৰ বুকুত উত্তাল ঢৌৰ শোণনদ পৰাৰ দৰে  

জঁপিয়াই পৰিল সেই ৰাজবাহিনীৰ ওপৰত ।


তস্যাঃ স ৰক্ষার্থমনল্পয়োধমাদিশ্য পিত্র্যং সচিবং কুমাৰঃ |

প্রত্যগ্রহীৎপার্থিববাহিনীং তাং ভাগীৰথীং শোণ ইবোত্তৰঙ্গঃ || ৭-৩৬||


পদাতিৰ সৈতে পদাতি 

ৰথীৰ সৈতে ৰথী 

অশ্বৰোহীৰ সৈতে অশ্বাৰোহী

গজাৰোহীৰ সৈতে গজাৰোহী  ।

আৰম্ভ হ’ল মহাযুদ্ধ প্ৰতিদ্বন্দীৰ

সমানে সমানে  ৰাজবাহিনীৰ ।


পত্তিঃ পদাতিং ৰথিনং ৰথেশস্তুৰংগসাদী তুৰগাধিৰূঢম্ |

যন্তা গজস্যাভ্যপতদ্গজস্থং তুল্যপ্রতিদ্বন্দ্বি বভূব যুদ্ধম্ || ৭-৩৭||


ঘোৰ তূৰ্যধ্বনিত ধনুৰ্ধাৰীসকলে নুশুনা হ’ল কোনেও কাৰো মাত

বাণতে আছিল লিখা বিখ্যাত বংশ পৰিচয় কোৱাৰ নাছিল অৱকাশ ।


নদৎসু তূর্যেষ্ববিভাব্যবাচো নোদীৰয়ন্তি স্ম কুলোপদেশান্ |

বাণাক্ষৰৈৰেব পৰস্পৰস্য নামোর্জিতং চাপভৃতঃ শশংসুঃ || ৭-৩৮|


প্ৰচণ্ড যুদ্ধত ঘোঁৰাৰ খুৰাই উৰুওৱা ধূলি ঘন কৰিলে ৰথৰ চকা ঘূৰি

বেলিৰ পোহৰ ঢাকিলে হাতীৰ কাণে পাখিৰ দৰে উৰুৱাই সেই ধূলি ।


উত্থাপিতঃ সংযতি ৰেণুৰশ্বৈঃ সান্দ্রীকৃতঃ স্যন্দনবংশচক্রৈঃ |

বিস্তাৰিতঃ কুঞ্জৰকর্ণতালৈর্নেত্রক্রমেণোপৰুৰোধ সূর্যম্ || ৭-৩৯||


মাছৰ আকৃতিৰ ধ্বজাবোৰ বতাহত উৰিল

বতাহত যেন কাপকাপ কৰা মাছৰ মুখে ধূলি কটালে

ধূলিময় বতাহত বাৰিষাৰ বোকাপানীৰ সঁচা মাছৰ দৰে ।


মৎস্যধ্বজা বায়ুবশাদ্বিদীর্ণৈর্মুখৈঃ প্রবৃদ্ধধ্বজিনীৰজাংসি |

বভুঃ পিবন্তঃ পৰমার্থমৎস্যাঃ পর্যাবিলানীব নবোদকানি || ৭-৪০||


ডাঠ ধূলিৰ মাজত ৰথৰ চকাৰ শব্দই জনালে ৰথৰ উপস্থিতি

সঘন ঘণ্টাধ্বনিয়ে জনালে ক’ত আছে হাতী

শত্ৰু নে নিজপক্ষ বুজিব পাৰি শুনি নিজ প্ৰভুৰ জয়ধ্বনি ।


ৰথো ৰথাঙ্গধ্বনিনা বিজজ্ঞে বিলোলঘণ্টাক্বণিতেন নাগঃ |

স্বভর্তুনামগ্রহণাদ্বভূব সান্দ্রে ৰজস্যাত্মপৰাববোধঃ || ৭-৪১||


দিগন্তব্যাপি ধূলি-ধূসৰিত অন্ধকাৰ যুদ্ধক্ষেত্ৰত একোকে নমনি

অস্ত্ৰাঘাতত ছিটিকা হস্তী-অশ্ব-যোদ্ধাৰ তেজ যেন পুৱাৰ ৰঙা বেলি।


আবৃণ্বতো লোচনমার্গমাজৌ ৰজোন্ধকাৰস্য বিজৃম্ভিতস্য |

শস্ত্রক্ষতাশ্বদ্বীপবীৰজন্মা বালাৰুণোঽভূদ্রুধিৰপ্রবাহঃ || ৭-৪২||


ধূলি উৰিছিল বতাহত তেজত তিতা মাটিৰ পৰা উৰা

এনে লাগিছিল যেন এঙাৰ হোৱা জুইৰ পৰা উৰা ধোঁৱা ।


স চ্ছিন্নমূলঃ ক্ষতজেন ৰেণুস্তস্যোপৰিষ্টাৎপবনাপধূতঃ |

অঙ্গাৰশেষস্য হুতাশনস্য পূর্বোত্থিতো ধূম ইবাবভাসে || ৭-৪৩||


প্ৰহাৰত মূৰ্ছা যোৱাজনে সাৰ পাই উঠি 

তিৰস্কাৰ কৰিলে সাৰথিক ৰথ পিছুৱাই লোৱা দেখি ।

সক্ৰোধে কৰিলে প্ৰতি-আঘাত শত্ৰুৰ পতাকা চিনাক্ত কৰি ।


প্রহাৰমূর্চ্ছাপগমে ৰথস্থা যন্ত্ৠনুপালভ্য নিবর্তিতাশ্বান্ |

যৈঃ সাদিতা লক্ষিতপূর্বকেতূংস্তানেব সামর্ষতয়া নিজঘ্নুঃ || ৭-৪৪||


নিক্ষেপ কৰা বাণ আধাপথতে শত্ৰুৱে কৰিলেও দ্বিখণ্ডিত 

নিপুণ হাতৰে মৰা বাণৰ আগৰ খণ্ডই ভেদ কৰিছিল লক্ষ্য।


অপ্যর্ধমার্গে পৰবাণলূনা ধনুর্ভৃতাং হস্তবতাং পৃষৎকাঃ |

সংপ্রাপুৰেবাত্মজবানুবৃত্ত্যা পূর্বার্ধভাগৈঃ ফলিভিঃ শৰব্যম্ || ৭-৪৫||


হস্তীযুদ্ধত ধাৰাল চক্ৰই ছেদ কৰিলে  মুণ্ড গজাৰোহীৰ

শেনে নখেৰে চুলিত ধৰি থপিয়াই নিলে উৰি যোৱা কটা মূৰ

বহু সময়ৰ পাছতহে মাটিত আহি পৰিল ।


আধোৰণানাং গজসংনিপাতে শিৰাংসি চক্রৈর্নিশিতৈঃ ক্ষুৰাগ্রৈঃ |

হতান্যপি শ্যেননখাগ্রকোটিব্যাসক্তকেশানি চিৰেণ পেতুঃ || ৭-৪৬||


যদি অশ্বাৰোহী এজনে আঘাত কৰে প্ৰতিপক্ষক

ঘোঁৰাৰ পিঠিতে ওলমি ৰয় কৰিব নোৱাৰি প্ৰতিহত

জ্ঞান অহালৈ অপেক্ষা কৰে নকৰি পুনৰ আঘাত ।


পূর্বং প্রহর্তা ন জঘান ভূয়ঃ প্রতিপ্রহাৰাক্ষমমশ্বসাদী |

তুৰংগমস্কন্ধনিষণ্ণদেহং প্রত্যাশ্বসন্তং ৰিপুমাচকাঙ্ক্ষ || ৭-৪৭||


শৰীৰৰ মায়া এৰি বৰ্ম পৰিহিত সৈন্যই খোলা তৰোৱাল ঘূৰালে 

হাতীৰ বৃহৎ দাঁতত তৰোৱাল ঘঁহনি খাই জুইৰ ফিৰিঙতি ওলালে ।

ভীতিগ্ৰস্ত হাতীয়ে শুঁৰৰ পানীৰে সেই জুই নুমুৱালে । 


তনুত্যজাং বর্মভৃতাং বিকোশৈবৃহৎসু দন্তেষ্বসিভিঃ পতদ্ভিঃ |

উদ্যন্তমগ্নিং শময়াংবভূবুর্গজা বিবিগ্নাঃ কৰশীকৰেণ || ৭-৪৮||


সেই যুদ্ধক্ষেত্ৰ যেন পানভূমি মৃত্যুৰ দেৱতাৰ 

খাব খোজা ফল যেন শৰে কটা মূৰ

মূৰৰ পৰা সৰি পৰা শিৰস্ত্ৰাণ পানপাত্ৰ

মদিৰাৰ ঢল যেন বৈ যোৱা ৰক্তস্ৰোত ।


শিলীমুখোৎকৃত্তশিৰঃফলাঢ্যা চ্যুতৈঃ শিৰস্ত্রৈশ্চষকোত্তৰেব |

ৰণক্ষিতিঃ শোণিতমদ্যকুল্যা ৰৰাজ মৃত্যোৰিব পানভূমিঃ || ৭-৪৯||


মাংসৰ লোভত পিয়াপি দিয়া শিয়ালীয়ে আঁজুৰি নিছিল

মাংসহাৰী পক্ষীয়ে খাই থকা যুঁজত নিহতৰ মৃতদেহৰ ছিন্ন হাত 

পিছে খাব নোৱাৰি এৰি পলালে কেয়ুৰৰ জোঙে তালুত বিন্ধাত ।


উপান্তয়োর্নিষ্কুষিতং বিহংগৈৰাক্ষিপ্য তেভ্যঃ পিশিতপ্রিয়াপি |

কেয়ূৰকোটিক্ষততালুদেশা শিবা ভুজচ্ছেদমপাচকাৰ || ৭-৫০||


শত্ৰুৰ খৰ্গই কৰা শিৰচ্ছেদত সদ্য বীৰগতিপ্ৰাপ্ত হ’ল এজন 

বাওঁকাষে দেৱনাৰী লৈ স্বৰ্গৰ বিমানত কৰি আৰোহণ

তলৰ সমৰক্ষেত্ৰত নিজৰেই নাচি থকা কৱন্ধৰূপ কৰিলে দৰ্শন ।


কশ্চিদ্বিষৎখড্গহৃতোত্তমাঙ্গঃ সদ্যো বিমানপ্রভুতামুপেত্য |

বামাঙ্গসংসক্তসুৰাঙ্গনঃ স্বং নৃত্যৎকবন্ধং সমৰে দদর্শ || ৭-৫১||


দুজনৰ সাৰথি নিহত হ’লে এজন সাৰথি হ’ল এজন ৰথী 

দুয়োটা ঘোঁৰা যুঁজত মৰিলে গদাযুদ্ধ কৰিলে বহুক্ষণ ধৰি 

গদা যদি হৈ যায় গুৰি তাৰ পাছতো থাকিল বাহুযুদ্ধ কৰি ।


অন্যোন্যসূতোন্মথনাদভূতাং তাবেব সূতৌ ৰথিনৌ চ কৌচিৎ |

ব্যশ্বৌ গদাব্যায়তসংপ্রহাৰৌ ভগ্নায়ুধৌ বাহুবিমর্দনিষ্ঠৌ || ৭-৫২||


ক’ৰবাত দুইবীৰে পৰস্পৰক আঘাত কৰি কৰি একেলগে লৈছে মৰণ সাবটি

দেৱত্ব পোৱাৰ পাছতো অন্ত নহ’ল বিৱাদ একেজনী অপ্সৰাকে দুয়ো বিচাৰি ।


পৰস্পৰেণ ক্ষতয়োঃ প্রহর্ত্রোৰুৎক্রান্তবায়্বোঃ সমকালমেব |

অমর্ত্যভাবেঽপি কয়োশ্চিদাসীদেকাপ্সৰঃপ্রার্থিতয়োর্বিবাদঃ || ৭-৫৩||


সাগৰৰ ঢৌ আগুৱাই বা পিছুৱাই যোৱাৰ দৰে

অনুকূল আৰু প্ৰতিকূল বতাহৰ সতে ,

দুয়ো পক্ষৰে সৈন্যবাহিনীৰ এবাৰ জয় এবাৰ পৰাজয় ।


ব্যূহাবুভৌ তাবিতৰেতৰস্মাদ্ভঙ্গং জয়ং চাপতুৰব্যবস্থম্ |

পশ্চাৎপুৰোমাৰুতয়োঃ প্রবৃদ্ধৌ পর্যায়বৃত্যেব মহার্ণবোর্মী || ৭-৫৪||


যদিও শত্ৰুৰ হাতত পৰাজিত হ’ল নিজৰ সেনাদল

মহাশক্তিধৰ অজ শত্ৰুৰ সমুখত নিজে থিয় হৈ ৰ’ল।

বতাহে ধোঁৱা উৰুৱাই নিলেও জুয়ে দহি যায় শুকান বন ।


পৰেণ ভগ্নেঽপি বলে মহৌজা যয়াবজঃ প্রত্যৰিসৈন্যমেব |

ধূমো নিবর্ত্যেত সমীৰণেন যতস্তু কক্ষস্তত এব বহ্নিঃ || ৭-৫৫||


বৰাহৰূপী বিষ্ণুৱে কল্পৰ শেষৰ প্ৰলয়কালত 

যিদৰে কৰিছিল ৰুদ্ধ উত্তাল মহাসাগৰক

নিঃসংগ তেজস্বী বীৰ অজ আৰোহণ কৰি ৰথত 

বৰ্ম পিন্ধি ধনু-শৰ লৈ অকলেই ৰুধিলে ৰাজন্যবৰ্গক ।


ৰথী নিষঙ্গী কবচী ধনুষ্মান্দৃপ্তঃ স ৰাজন্যকমেকবীৰঃ |

নিবাৰয়ামাস মহাবৰাহঃ কল্পক্ষয়োদ্বৃত্তমিবার্ণবাম্ভঃ || ৭-৫৬||


সোঁহাত তূণত থৈ বাওঁহাতে গুণ আকৰ্ণ টানি লক্ষ্যত থিৰ

এনে লাগিল যেন গুণৰ পৰাই ওলাই আছে বাণ শত্ৰু নিধনৰ ।


স দক্ষিণং তূণমুখেন বামং ব্যাপাৰয়ন্হস্তমলক্ষ্যতাজৌ |

আকর্ণকৃষ্টা সকৃদস্য যোদ্ধুর্মৌর্বীব বাণান্সুষুবে ৰিপুঘ্নান্ || ৭-৫৭||


বৰ্শাৰে কটা মূৰেৰে ঢাক খালে ধৰণী

তেতিয়াও হুংকাৰি আছে মাটিত পৰি

ছিন্নমুণ্ডৰ ওঁঠবোৰ ক্ৰোধত ৰঙা 

আৰু ভ্ৰূযুগল ভ্ৰূকুটিত বেঁকা ।


স ৰোষদষ্টাধিকলোহিতোষ্ঠৈর্ব্যক্তোর্ধ্বৰেখা ভৃকুটীর্বহদ্ভিঃ |

তস্তাৰ গাং ভল্লনিকৃত্তকণ্ঠৈর্হূংকাৰগর্ভৈর্দ্বিষতাং শিৰোভিঃ || ৭-৫৮||


তেতিয়া সকলো ৰজা হৈ একত্ৰিত হৈ

 চতুৰংগ সেনা হস্তীবাহিনী সমুখত লৈ 

কৱচভেদী আৰু সকলো অস্ত্ৰসহ আন 

সৰ্বশক্তিৰে কৰিলে অজক আক্ৰমণ । 


সর্বৈর্বলাঙ্গৈর্দ্বিৰদপ্রধানৈঃ সর্বায়ুধৈঃ কঙ্কটভেদিভিশ্চ |

সর্বপ্রয়ত্নেন চ ভূমিপালাস্তস্মিন্প্রজহ্রুর্যুধি সর্ব এব || ৭-৫৯||


শত্ৰুৰ অস্ত্ৰবৰ্ষণে ঢাকি ধৰিলে অজৰ ৰথ 

দেখা গ’ল মাথোন ৰথৰ ওপৰৰ ধ্বজ ।

যেন কুঁৱলীয়ে ঢকা শীতৰ পুৱাত 

ওলাইছে সামান্য পোহৰ বেলিৰ ।


সোঽস্ত্রব্রজৈশ্ছন্নৰথঃ পৰেষাং ধ্বজাগ্রমাত্রেণ বভূব লক্ষ্যঃ |

নীহাৰমগ্নো দিনপূর্বভাগঃ কিংচিৎপ্রকাশেন বিবস্বতেব || ৭-৬০||


এই সংকটকালত মনৰ বিবূধি কাটি কামদেৱ যেন ৰঘুপুত্ৰ অজ 

কৰিলে স্মৰণ প্ৰিয়ম্বদ গন্ধৰ্বপ্ৰাপ্ত ‘প্ৰস্বাপন’ সন্মোহন নিদ্ৰা-অস্ত্ৰ 

সচেতন মনে নিক্ষেপ কৰিলে শত্ৰু ৰজাৰ ওপৰত সেই অস্ত্ৰ । 

(পূৰ্বে ৫ম অধ্যায়ত ৫৩-৫৭ত বৰ্ণিত)


প্রিয়ংবদাৎপ্রাপ্তমসৌ কুমাৰঃ প্রায়ুঙ্ক্ত ৰাজস্বধিৰাজসূনুঃ |

গান্ধর্বমস্ত্রং কুসুমাস্ত্রকান্তঃ প্রস্বাপনং স্বপ্ননিবৃত্তলৌল্যঃ || ৭-৬১||


সেই অস্ত্ৰৰ প্ৰভাৱত সৰি পৰিল হাতৰ ধনু

খহি পৰিল শিৰস্ত্ৰাণ হালি পৰিল ধ্বজাৰ খুঁটাত হেলান দি

সম্ৰাটসকলৰ সকলো সেনা পৰিল নিদ্ৰাৰ কোলাত ঢলি ।


ততো ধনুষ্কর্ষণমূঢহস্তমেকাংসপর্যস্তশিৰস্ত্রজালম্ |

তস্থৌ ধ্বজস্তম্ভনিষণ্ণদেহং নিদ্রাবিধেয়ং নৰদেবসৈন্যম্ || ৭-৬২||


তাৰ পাছত, 

যি ওঁঠেৰে পান কৰিছিল প্ৰিয়া ইন্দুমতীৰ অধৰামৃত 

সেই ওঁঠেৰে অজই কৰিলে শংখধ্বনি যেন 

অদ্বিতীয় বীৰে যশপান কৰিলে নিজৰ অৰ্জিত ।


ততঃ প্রিয়োপাত্তৰসেঽধৰোষ্ঠে নিবেশ্য দধ্মৌ জলজং কুমাৰঃ |

তেন স্বহস্তার্জিতমেকবীৰঃ পিবন্যশো মূর্তমিবাবভাসে || ৭-৬৩||


যেতিয়া শুনিলে অজৰ সৈন্যই চিনাকি শংখধ্বনি

দেখিলে উভতি আহি শুই থকা শত্ৰুৰ মাজত আছে অজ থিয় দি

যেন এডৰা ফুলি থকা পদুমৰ মাজত চন্দ্ৰৰ প্ৰতিবিম্ব আছে জ্বলি । 


শঙ্খস্বনাভিজ্ঞতয়া নিবৃত্তাস্তং সন্নশত্রুং দদৃশুঃ স্বয়োধাঃ |

নিমীলিতানামিব পঙ্কজানাং মধ্যে স্ফুৰন্ত.ম্ প্রতিমাশশাঙ্কম্ || ৭-৬৪||


তেওঁলোকে ৰক্তস্নাত কাঁড়েৰে লিখিলে ৰজাসকলৰ পতাকাত

‘ৰঘুৰ পুত্ৰই যদিও কৰিলে যশোহৰণ কৃপা কৰি নকৰিলে প্ৰাণনাশ’ ।


সশোণিতৈস্তেন শিলীমুখাগ্রৈর্নিক্ষেপিতাঃ কেতুষু পার্থিবানাম্ |

যশো হৃতং সংপ্রতি ৰাঘবেণ ন জীবিতং বঃ কৃপয়েতি বর্ণাঃ || ৭-৬৫||


থিয় হৈ  অজই ধনুৰ আগত ভৰ দি, 

অবিন্যস্ত চুলি শিৰস্ত্ৰাণ খুলি

কপালত বিন্দু বিন্দু ঘাম আছে জিলিকি

ক’লে যুঁজৰ ভয়ত ভীতা প্ৰিয়াৰ কাষ চাপি -


স চাপকোটীনিহিতৈকবাহুঃ শিৰস্ত্রনিষ্কর্ষণভিন্নমৌলিঃ |

ললাটবদ্ধশ্রমবাৰিবিন্দুর্ভীতাং প্রিয়ামেত্য বচো বভাষে || ৭-৬৬||


হে বিদৰ্ভৰ ৰাজকুমাৰী, এবাৰ শত্ৰুলৈ চোৱাঁ তুমি

এটি শিশুৱেও নিব পাৰে এতিয়া তেওঁলোকৰ অস্ত্ৰ কাঢ়ি 

এই বীৰত্ব লৈয়েই আহিছিল তোমাক মোৰ পৰা নিবলৈ জিনি ।


ইতঃ পৰানর্ভকহার্যশস্ত্রান্বৈদর্ভি পশ্যানুমতা ময়াসি |

এবংবিধেনাহবচেষ্টিতেন তৎবং প্রার্থ্যসে হস্তগতা মমৈভিঃ || ৭-৬৭|


শুনি দূৰ হ’ল ইন্দুমতীৰ শত্ৰুভয়ৰ বিষাদ

বাষ্পমুক্ত নিৰ্মল দাপোণ হৈ জিলিকি উঠিল মুখ।

 

তস্যাঃ প্রতিদ্বন্দ্বিভবাদ্বিষাদাৎসদ্যো বিমুক্তং মুখমাবভাসে |

নিঃশ্বাসবাষ্পাপগমাৎপ্রপন্নঃ প্রসাদমাত্মীয়মিবাত্মদর্শঃ || ৭-৬৮||


অতি সুখী হৈও লাজতে যদিও প্ৰশংসা নকৰিলে প্ৰিয়তমক

পৰোক্ষভাৱে সখীসকলৰ হতুৱাই কৰিলে অজক অভিনন্দিত ।

প্ৰথম বৰষুণজাকত সিক্ত ভুমিয়ে যেনেকৈ জনায়

ময়ূৰৰ কণ্ঠৰৱেৰে মেঘক মনৰ উলাহ । 


হৃষ্টাপি সা হ্রীবিজিতা ন সাক্ষাদ্বাগ্ভিঃ সখীনাং প্রিয়মভ্যনন্দৎ |

স্থলী নবাম্ভঃপৃষতাভিবৃষ্টা ময়ূৰকেকাভিৰিবাভ্রবৃন্দম্ || ৭-৬৯||


পৰাজিত ৰজাৰ মূৰত বাওঁভৰি থৈ

গৃহাভিমুখী হ’ল নিৰ্দোষ ৰঘুপুত্ৰ

নিষ্কলংক ইন্দুমতীক লৈ।

মূৰ্তিময়ী বিজয়লক্ষ্মী যেন ৰাজকন্যা

ৰথৰ চকা আৰু ঘোঁৰাৰ খুৰাৰ ধূলিৰে

ৰুক্ষ-ধূসৰিত তেওঁৰ কেশ-অলকা ।


ইতি শিৰসি স বামং পাদমাধায় ৰাজ্ঞা-

মুদবহদনবদ্যাং তামবদ্যাদপেতঃ |

ৰথতুৰগৰজোভিস্তস্য ৰূক্ষালকাগ্রা

সমৰবিজয়লক্ষ্মীঃ সৈব মূর্তা বভূব || ৭-৭০||


আগতেই বাৰ্তা পালে ৰজা ৰঘুৱে

সপত্নীক বিজয়ী পুত্ৰক জনালে অভিনন্দন সগৌৰৱে।

অজৰ হাতত সংসাৰৰ দায়িত্ব অৰ্পণ কৰি

যাব খুজিলে শান্তিৰ বাট বিচাৰি ।

থাকিলে যোগ্য সন্তান-সন্ততি

গৃহস্থীত বাস নকৰে কোনো সূৰ্যবংশী ।


প্রথমপৰিগতার্থস্তং ৰঘুঃ সংনিবৃত্তং

বিজয়িনমভিনন্দ্য শ্লাঘ্যজায়াসমেতম্ |

তদুপহিতকুটুম্বঃ শান্তিমার্গোৎসুকোঽভূ-

ন্ন হি সতি কুলধুর্যে সূর্যবংশ্যা গৃহায় || ৭-৭১||


কবি কালিদাস বিৰচিত ৰঘুবংশৰ সপ্তম অধ্যায় সমাপ্ত।


ইতি শ্রীৰঘুবংশে মহাকাব্যে কবিশ্রীকালিদাস-

কৃতাবজস্বয়ংবৰাভিগমনো নাম সপ্তমঃ সর্গঃ ||


।|  অধ্যায় ৮ ||

থাকোঁতেই অজৰ হাতত বিয়াৰ মংগলসূত্ৰ বন্ধা

ৰঘুৱে হাতত তুলি দিলে দ্বিতীয় ইন্দুমতীস্বৰূপ বসুন্ধৰা ।


অথ তস্য বিবাহকৌতুকং ললিতং বিভ্রত এব পার্থিবঃ |

বসুধামপি হস্তগামিনীমকৰাদিন্দুমতীমিবাপৰাম্ || ৮-১||


যিটো বহু দুষ্কৰ্মৰে ৰজাৰ কুমাৰসকলে কৰে আত্মসাৎ

ভোগতৃষ্ণা নথকা অজই গ্ৰহণ কৰিলে পিতাৰ আজ্ঞাত ।


দুৰিতৈৰপি কর্তুমাত্মসাৎপ্রয়তন্তে নৃপসূনবো হি যৎ |

তদুপস্থিতমগ্রহীদজঃ পিতুৰাজ্ঞেতি ন ভোগতৃষ্ণয়া || ৮-২||


বশিষ্টমুনিয়ে ছটিয়ালে পূণ্যজল অজ-মেদিনীৰ অভিষেকত

নিৰ্মল পানীৰ বাষ্পৰ উচ্ছ্বাসেৰে এৰি পৃথিৱীৰ ক’লে- মই কৃতাৰ্থ ।


অনুভূয় বসিষ্ঠসংভৃতৈঃ সলিলৈস্তেন সহাভিষেচনম্ |

বিশদোচ্ছ্বসিতেন মেদিনী কথয়ামাস কৃতার্থতামিব || ৮-৩||


অথৰ্ৱৱেদবিদ বশিষ্টই কৰিলে সংস্কাৰ কৰ্ম

অজ হৈ উঠিল শত্ৰুৰ বাবে দুৰ্ধৰ্ষ ।

কিয়নো বতাহত জুই হোৱাৰ দৰে প্ৰজ্জ্বলিত 

মিলিত হ’ল ব্ৰাহ্মতেজৰ সৈতে ক্ষত্ৰিয় ।


স বভূব দুৰাসদঃ পৰৈর্গুৰুণাঽথর্ববিদা কৃতক্রিয়ঃ |

পবনাগ্নিসমাগমো হ্যয়ং সহিতং ব্রহ্ম যদস্ত্রতেজসা || ৮-৪||


নতুন নৃপতিক দেখি ভাব হ’ল যেন ৰঘুলৈ নৱযৌৱন ঘূৰি আহিল

অজ কেৱল সম্পদৰে নহয় ৰঘুৰ গুণৰাশিৰো উত্তৰাধিকাৰী আছিল । 


ৰঘুমেব নিবৃত্তয়ৌবনং তমমন্যন্ত নবেশ্বৰং প্রজাঃ |

স হি তস্য ন কেবলাং শ্রিয়ং প্রতিপেদে সকলান্গুণানপি || ৮-৫||


দুজনৰ শুভগুণ যদি এজনৰ মাজত থাকে তেওঁ হয় দুগুণে শোভন

সমৃদ্ধ পিতাৰ পদত অধিষ্ঠিত অজৰ বিনয়েৰে শোভিত নৱ-যৌৱন ।


অধিকং শুশুভে শুভংযুনা দ্বিতয়েন দ্বয়মেব সংগতম্ |

পদমৃদ্ধমজেন পৈতৃকং বিনয়েনাস্য নবং চ যৌবনম্ || ৮-৬||


মহাবাহু অজই সাদৰ ধৈৰ্যৰে ল’লে মেদিনীৰ শাসনভাৰ যেন নকইনা 

যেনেকৈ সকলো উদ্বেগ সহজে লৈ জয় কৰিব পাৰিছিল হঠকাৰিতা ।


সদয়ং বুভুজে মহাভুজঃ সহসোদ্বেগমিয়ং ব্রজেদিতি |

অচিৰোপনতাং স মেদিনীং নবপাণিগ্রহণাং বধূমিব || ৮-৭||


প্ৰতিজন প্ৰজাই ভাবিছিল প্ৰিয়তম বুলি নিজকে ৰাজনৰ

যিদৰে শত শত নদী গৈ সাগৰত পৰিলেও ঘূৰাই নপঠায়।


অহমেব মতো মহীপতেৰিতি সর্বঃ প্রকৃতিষ্বচিন্তয়ৎ |

উদধেৰিব নিম্নগাশতেষ্বভবন্নাস্য বিমাননা ক্বচিৎ || ৮-৮||


অতি তীক্ষ্ণও নাছিল অতি মৃদুও নাছিল তেওঁৰ স্বভাৱ

মধ্যমপন্থাত থাকি বশ কৰিও উৎখাত নকৰিছিল অন্য ৰজাক

বতাহে যিদৰে হালিবলৈ বাধ্য কৰি উভালি নেপেলায় গছক ।


ন খৰো ন চ ভূয়সা মৃদুঃ পবমানঃ পৃথিবীৰুহানিব |

স পুৰস্কৃতমধ্যমক্রমো নময়ামাস নৃপাননুদ্ধৰন্ || ৮-৯||


ৰঘুৱে দেখিলে পুত্ৰই প্ৰতিষ্ঠা পালে প্ৰজাৰ মাজত

আপোন জ্ঞানেৰে নিস্পৃহ হ’ল 

নশ্বৰ বিষয়সুখেই নহয় স্বৰ্গসুখৰ প্ৰতিও যিহেতু পূৰ্ণতা মনত।


অথ বীক্ষ্য ৰঘুঃ প্রতিষ্ঠিতং প্রকৃতিষ্বাত্মজমাত্মবত্তয়া |

বিষয়েষু বিনাশধর্মসু ত্রিদিবস্থেষ্বপি নিঃস্পৃহোঽভবৎ || ৮-১০||


দিলীপবংশজসকলে বয়স হ’লে সঁপে সম্পদৰ ভাৰ গুণৱান পুত্ৰক

বাকলিবসন পিন্ধি সংযমী হৈ অৱলম্বন কৰে বনবাসী সন্ন্যাসীৰ পথ।


গুণবৎসুতৰোপিতশ্রিয়ঃ পৰিণামে হি দিলীপবংশজাঃ |

পদবীং তৰুবল্কবাসসাং প্রয়তাঃ সংযমিনাং প্রপেদিৰে || ৮-১১||


পিতা হ’ল বনবাসী দেখি পুত্ৰ অজই

মুকুটসুশোভিত শিৰ ৰঘুৰ ভৰিত থৈ

জনালে প্ৰাৰ্থনা তেওঁক এৰি নাযায় যেন বনলৈ ।


তমৰণ্যসমাশ্রয়োন্মুখং শিৰসা বেষ্টনশোভিনা সুতঃ |

পিতৰং প্রণিপত্য পাদয়োৰপৰিত্যাগময়াচতাত্মনঃ || ৮-১২||


অজৰ অশ্ৰুসিক্ত প্ৰাৰ্থনা স্বীকাৰ কৰিলে পুত্ৰৱৎসল ৰঘুৱে

পিছে সাপৰ মোটৰ দৰে এৰা ৰাজ্যভাৰ পুনু গ্ৰহণ নকৰিলে ।


ৰঘুৰশ্রুমুখস্য তস্য তৎকৃতবানীপ্সিতমাত্মজপ্রিয়ঃ |

ন তু সর্প ইব তৎবচং পুনঃ প্রতিপেদে ব্যপবর্জিতাং শ্রিয়ম্ || ৮-১৩||


জীৱনৰ শেষকাল আশ্ৰম পাতি নগৰপ্ৰান্তত অতিবাহিত কৰিলে 

তাতেই পালে পুত্ৰশাসিত ৰাজলক্ষ্মীৰ সেৱা পুত্ৰবধুৰ সেৱাৰ দৰে ।


স কিলাশ্রমমন্ত্যমাশ্রিতো নিবসন্নাবসথে পুৰাদ্বহিঃ |

সমুপাস্যত পুত্রভোগ্যয়া স্নুষয়েবাবিকৃতেন্দ্রিয়ঃ শ্রিয়া || ৮-১৪||


পূৰ্বৰ ৰজাই ল’লে অৱসৰ প্ৰশান্তিত নতুন ৰজা শাসনত জিলিকিল

দুয়োকে আকাশত একেলগে অস্তমিত চন্দ্ৰ আৰু উদিত সূৰ্য যেন লাগিল।


প্রশমস্থিতপূর্বপার্থিবং কুলমভ্যদ্যতনূতনেশ্বৰম্ |

নভসা নিভৃতেন্দুনা তুলামুদিতার্কেণ সমাৰুৰোহ তৎ || ৮-১৫||


পিতা-পুত্ৰক সন্ন্যাসী আৰু ৰজাৰ বেশত দেখিলে প্ৰজাই

পৃথিৱীত স্বয়ং যেন ধৰ্মৰ দুই অংশ মোক্ষ আৰু অভ্যুদয় ।


যতিপার্থিবলিঙ্গধাৰিণৌ দদৃশাতে ৰঘুৰাঘবৌ জনৈঃ |

অপবর্গমহোদয়ার্থয়োর্ভুবমংশাবিব ধর্ময়োর্গতৌ || ৮-১৬||


অসিদ্ধিক সিদ্ধ কৰিবৰ বাবে অজই মন্ত্ৰণা কৰিলে 

নীতিশাস্ত্ৰজ্ঞ মন্ত্ৰীমণ্ডলীৰ লগত

অক্ষয় মুক্তিজ্ঞানৰ বাবে ৰঘু থাকিল

তত্ত্বদৰ্শী যোগীসকলৰ সংগত ।


অজিতাধিগমায় মন্ত্রিভির্যুয়ুজে নীতিবিশাৰদৈৰজঃ |

অনুপায়িপদোপপ্রাপ্তয়ে ৰঘুৰাপ্তৈঃ সমিয়ায় যোগিভিঃ || ৮-১৭||


যুৱক ৰজাই পৃথিৱী ৰক্ষাৰ্থে গ্ৰহণ কৰিলে বিচাৰকৰ আসন

পৱিত্ৰ কুশৰ আসনত বহি প্ৰৱীণ ৰজাই কৰিলে ধ্যান ।

  

নৃপতিঃ প্রকৃতীৰবেক্ষিতুং ব্যবহাৰাসনমাদদে যুবা |

পৰিচেতুমুপাংশু ধাৰণাং কুশপূতং প্রবয়াস্তু বিষ্টৰম্ || ৮-১৮||


শক্তি আৰু সম্পদৰ প্ৰভুত্বৰে এজনে কৰিলে শত্ৰুৰজাক দমন

আনজনে যোগবলেৰে কৰিলে শৰীৰৰ পঞ্চবায়ুক নিয়ন্ত্ৰণ ।


অনয়ৎপ্রভুশক্তিসংপদা বশমেকো নৃপতীননন্তৰান্ |

অপৰঃ প্রণিধানয়োগ্যয়া মৰুতঃ পঞ্চ শৰীৰগোচৰান্ || ৮-১৯||


নতুন ৰজাই শত্ৰুৰ সকলো উদ্যোগ কৰিব খুজিলে ভষ্ম

ইজনে জ্ঞানৰ বহ্নিত পুৰিব খুজিলে নিজৰ সকলো কৰ্ম ।


অকৰোদচিৰেশ্বৰঃ ক্ষিতৌ দ্বিষদাৰম্ভফলানি ভস্মসাৎ |

ইতৰো দহনে স্বকর্মণাং ববৃতে জ্ঞানময়েন বহ্নিনা || ৮-২০||


পৰিণামৰ কথা ভাবিগুণি কৰি অজই সন্ধি আদি ছটি গুণ কৰিলে প্ৰয়োগ

ৰঘুৱে সোণ আৰু কাঠক সমবুদ্ধি কৰি প্ৰকৃতিৰ ত্ৰিগুণ কৰিলে জয় ।


পণবন্ধমুখান্গুণানজঃ ষডুপায়ুঙ্ক্ত সমীক্ষ্য তৎফলম্ |

ৰঘুৰপ্যজয়ৎগুণত্রয়ং প্রকৃতিস্থং সমলোষ্টকাঞ্চনঃ || ৮-২১||


কাৰ্যসিদ্ধি নোহোৱা পৰ্যন্ত নিষ্ঠাৰে লাগি থাকিলে কামত নবীন ৰাজন

প্ৰৱীণ পিতাই পৰমাত্মাৰ দৰ্শন নোপোৱালৈকে ত্যাগ নকৰিলে যোগাসন । 


ন নবঃ প্রভুৰা ফলোদয়াৎস্থিৰকর্মা বিৰৰাম কর্মণঃ |

ন চ যোগবিধের্নবেতৰঃ স্থিৰধীৰা পৰমাত্মদর্শনাৎ || ৮-২২||


তেওঁলোক জাগ্ৰত হৈ ৰ’ল শত্ৰুদমন আৰু ইন্দ্ৰিয়ভোগ সংযমত

দুয়ো সফল হ’ল অভ্যুদয় আৰু মোক্ষলাভ দুই অভীষ্ট সিদ্ধিত।


ইতি শত্রুষু চেন্দ্রিয়েষু চ প্রতিষিদ্ধপ্রসৰেষু জাগ্রতৌ |

প্রসিতাবুদয়াপবর্গয়োৰুভয়ীং সিদ্ধিমুভাববাপতুঃ || ৮-২৩||


সমগ্ৰ ভূততে সমদৰ্শী ৰঘুৱে অজৰ শাসন

নিৰপেক্ষ হৈ চাই থাকিল কিছু বছৰ

তাৰ পাছত যোগসমাধিত বহি মিলি গ’ল

তমসাৰ অতীত অবিনাশী পৰমাত্মাত ।


অথ কাশ্চিদজব্যপেক্ষয়া গময়িৎবা সমদর্শনঃ সমাঃ |

তমসঃ পৰমাপদব্যয়ং পুৰুষং যোগসমাধিনা ৰঘুঃ || ৮-২৪||


পিতাৰ দেহ বিসৰ্জনৰ কথা শুনি কান্দিলে অজই মহাদুখেৰে 

বিধিমতে সন্ন্যাসীসৱৰ দৰে 

অগ্নিসংস্কাৰৰহিত অন্তেষ্টিক্ৰিয়া সমাপণ কৰিলে। 

 

শ্রুতদেহবিসর্জনঃ পিতুশ্চিৰমশ্রূণি বিমুচ্য ৰাঘবঃ |

বিদধে বিধিমস্য নৈষ্ঠিকং যতিভিঃ সার্ধমনগ্নিৰগ্নিচিৎ || ৮-২৫||


পিতৃভক্ত বাবেই পিতৃবিয়োগৰ বিধান মানি কৰিলে পৰলৌকিক শ্ৰাদ্ধ

কিয়নো এনেদৰে দেহত্যাগ কৰাসকলে নকৰে আকাংক্ষা পিণ্ড ।


অকৰোৎস তদৌর্ধ্বদৈহিকং পিতৃভক্ত্যা পিতৃকার্যকল্পবিৎ |

ন হি তেন পথা তনুত্যজস্তনয়াবর্জিতপিণ্ডকাঙ্ক্ষিণঃ || ৮-২৬||


যি পিতাই পালে পৰমগতি তেওঁৰ বাবে বৃথা হৈ শোকাতুৰ 

দূৰ কৰিলে মনোব্যথা শাস্ত্ৰজ্ঞৰ উপদেশ কৰি শ্ৰৱণ।

হাতে ধৰি ধনুৰ্বাণ প্ৰতিপক্ষক দমন কৰি কৰিলে জগত শাসন ।


স পৰার্ধ্যগতেৰশোচ্যতাং পিতুৰুদ্দিশ্য সদর্থবেদিভিঃ |

শমিতাধিৰধিজ্যকার্মুকঃ কৃতবানপ্রতিশাসনং জগৎ || ৮-২৭||


পৌৰুষোজ্জ্বল অজক অধিপতিৰূপে পাই পৃথিৱী হ’ল ৰত্ন-প্ৰসৱিনী

এটি সুন্দৰ বীৰপুত্ৰৰ জননী হ’ল মহাৰাণী ইন্দুমতী ।


ক্ষিতিৰিন্দুমতী চ ভামিনী পতিমাসাদ্য তমগ্র্যপৌৰুষম্ |

প্রথমা বহুৰত্নসূৰভূদপৰা বীৰমজীজনৎসুতম্ || ৮-২৮||


দশোদিশ পোহৰাই তোলা হাজাৰ পোহৰ-ৰেখাৰ দৰে উজ্জ্বল

নাম-যশো বিয়পি যাব দশোদিশে জনক দশানন ঘাতকৰ 

বিজ্ঞ পণ্ডিতসবে জানি নাম থ’লে দশৰথ ।


দশৰশ্মিশতোপমদ্যুতিং যশসা দিক্ষু দশস্বপি শ্রুতম্ |

দশপূর্বৰথং যমাখ্যয়া দশকণ্ঠাৰিগুৰুং বিদুর্বুধাঃ || ৮-২৯||


এইদৰেই অজই বিদ্যাৰ্জন, যাগ-যজ্ঞ আৰু পুত্ৰজন্মৰে

ঋষিঋণ, দেৱঋণ আৰু পিতৃঋণ পৰিশোধ কৰিলে । 


ঋষিদেৱগণস্বধাভুজাং শ্রুতয়াগপ্রসবৈঃ স পার্থিবঃ |

অনৃণৎবমুপেয়িবান্বভৌ পৰিধের্মুক্ত ইবোষ্ণদীধিতিঃ || ৮-৩০||


অজৰ শক্তি আছিল বিপন্নসকলৰ ভয় দূৰৰ বাবে

বিদ্যা আছিল বিদ্বানলোকৰ সেৱা-সৎকাৰৰ বাবে

তেওঁৰ ধন আৰু গুণ কেৱল উৎসৰ্গিত লোকহিতাৰ্থে ।


বলমার্তভয়োপশান্তয়ে বিদুষাং সৎকৃতয়ে বহু শ্রুতম্ |

বসু তস্য বিভোর্ন কেবলং গুণবত্তাপি পৰপ্রয়োজনা || ৮-৩১||


এদিন সেই প্ৰজাপালক ৰজা সুপুত্ৰৰ পিতা

সকলো দেখি সমৃদ্ধ বিহাৰ কৰি আছিল নগৰৰ উপবনত

যেন শচীৰ সৈতে ইন্দ্ৰৰ বিহাৰ সৰগৰ নন্দন কাননত ।


স কদাচিদবেক্ষিতপ্রজঃ সহ দেব্যা বিজহাৰ সুপ্রজাঃ |

নগৰোপবনে শচীসখো মৰুতাং পালয়িতেব নন্দনে || ৮-৩২||


সেই সময়তে দেৱৰ্ষি নাৰদ গৈছিল আকাশী পথেৰে

সূৰুযৰ দক্ষিণায়ণৰ দিশে দক্ষিণসাগৰৰ পাৰলৈ 

মহাদেৱক শুনাবলৈ বীণাৰ সুৰ গোকৰ্ণৰ মন্দিৰলৈ।


অথ ৰোধসি দক্ষিণাদধেঃ শ্রিতগোকর্ণনিকেতমীশ্বৰম্ |

উপবীণয়িতুং যয়ৌ ৰবেৰুদয়াবৃত্তিপথেন নাৰদঃ || ৮-৩৩||


বীণাৰ আগত বন্ধা আছিল এধাৰি দিব্যপুষ্পৰ মালা

সমীৰে উৰুৱাই নিলে যেন তাৰ সুৱাসত হৈ মতলীয়া ।


কুসুমৈর্গ্রথিতামপার্থিবৈঃ স্রজমাতোদ্যশিৰোনিবেশিতাম্ |

অহৰৎকিল তস্য বেগবানধিবাসস্পৃহয়েব মাৰুতঃ || ৮-৩৪||


ফুলৰ সুৱাসত বীণখনক ঘেৰি থকা ভোমোৰাৰ দল 

যেন বতাহে কৰা সেই অপমানত বৈ অহা অশ্ৰুজল ।


ভ্রমৰৈঃ কুসুমানুসাৰিভিঃ পৰিকীর্ণা পৰিবাদিনী মুনেঃ |

দদৃশে পবনাপলেপজং সৃজতী বাষ্পমিবাঞ্জনাবিলম্ || ৮-৩৫||


মালাধাৰি আমোলমোল ফুলৰ মৌৰ গোন্ধত

বসন্তৰ তৰুলতাৰ শোভাতকৈও অধিক

উৰি গৈ পৰিলগৈ ৰজাৰ প্ৰিয়তমাৰ সুকোমল স্তনত ।


অভিভূয় বিভূতিমার্তবীং মধুগন্ধাতিশয়েন বীৰুধাম্ |

নৃপতেৰমৰস্রগাপ সা দয়িতোৰুস্তনকোটিসুস্থিতীম্ || ৮-৩৬||


ভৰাবুকুৰ মাজতে সখীৰ দৰে সাবটি ধৰা মালাধাৰিলৈ চালে ক্ষণিকলৈ

তাৰ পাছতে সহিব নোৱাৰি ৰাহুগ্ৰস্ত চন্দ্ৰমাৰ দৰে ৰজাৰ প্ৰিয়াই চকু মুদিলে ।


ক্ষণমাত্রসখীং সুজাতয়োঃ স্তনয়োস্তামবলোক্য বিহ্বলা |

নিমিমীল নৰোত্তমপ্রিয়া হৃতচন্দ্রা তমসেব কৌমুদী || ৮-৩৭||


ইন্দুমতী মাটিত বাগৰি পৰোতে চেতনাহীন শৰীৰটোৰে

স্বামীও হ’ল ভূ-লুণ্ঠিত যেন চাকিৰ শিখা মাটিত পৰিলে

শলিতাৰ তেলো তাৰ সৈতে মাটিত পৰে ।


বপুষা কৰণোজ্ঝিতেন সা নিপতন্তী পতিমপ্যপাতয়ৎ |

ননু তৈলনিষেকবিন্দুনা সহ দীপার্চিৰুপৈতি মেদিনীম্ || ৮-৩৮||


দুয়োকে পৰিৱেষ্টিত কৰি ৰখা 

অনুচৰৰ তুমুল আৰ্তনাদত

কাষৰ পদুমসৰোবৰৰ ত্ৰস্ত পখীয়ে 

কৰিলে ক্ৰন্দন যেন  সমবেদনাত । 


উভয়োৰপি পার্শ্ববর্তিনাং তুমুলেনার্তৰবেণ বেজিতাঃ |

বিহগাঃ কমলাকৰালয়াঃ সমদুঃখা ইব তত্র চুক্রুশুঃ || ৮-৩৯||


পানী আৰু বা দি চেতনা আনিলে ৰজাৰ

ৰাণী কিন্তু তেনেদৰেই পৰি ৰ’ল 

আয়ূ থাকিলেহে ফলপ্ৰসূ হয় প্ৰতিকাৰ ।


নৃপতের্ব্যজনাদিভিস্তমো নুনুদে সা তু তথৈব সংস্থিতা |

প্রতিকাৰবিধানমায়ুষঃ সতি শেষে হি ফলায় কল্পতে || ৮-৪০||


তাঁৰ ছিঙি যোৱা বীণাৰ দৰে নিষ্প্ৰাণ দেহাটি 

প্ৰিয়াবল্লভ ৰজাই কোলাত তুলি ল’লে দুহাতে সাবটি ।


প্রতিয়োজয়িতব্যবল্লকীসমবস্থামথ সত্ত্ববিপ্লবাৎ |

স নিনায় নিতান্তবৎসলঃ পৰিগৃহ্যোচিতমঙ্কমঙ্গনাম্ || ৮-৪১||


কোলাত লৈ প্ৰিয়তমাৰ দেহ নিস্তেজ বিৱৰ্ণ 

অজ যেন মৃগৰ কলংক অঁকা পুৱাৰ শেঁতা জোন ।


পতিৰঙ্কনিষণ্ণয়া তয়া কৰণাপায়বিভিন্নবর্ণয়া |

সমলক্ষ্যত বিভ্রদাবিলাং মৃগলেখামুষসীব চন্দ্রমাঃ || ৮-৪২||


লোহাও গলি যায় অতি দহনত কিনো ক’ম মানুহৰ শৰীৰৰ কথা

অজৰ বাষ্পাকুল বিলাপত  হেৰাল স্বাভাৱিক দৃঢ়তা ।

 

বিললাপ স বাষ্পগদ্গদং সহজামপ্যপহায় ধীৰতাম্ |

অভিতপ্তময়োঽপি মার্দবং ভজতে কৈব কথা শৰীৰিষু || ৮-৪৩||


ফুল আহি গাত পৰিলেও যদি প্ৰাণবায়ু উৰি গ’ল 

প্ৰাণঘাতী প্ৰহাৰৰ বাবে বিধাতাৰ কি সাধন বাকী ৰ’ল ।


কুসুমান্যপি গাত্রসংগমাৎপ্রভবন্ত্যায়ুৰপোহিতুং যদি |

ন ভবিষ্যতি হন্ত সাধনং কিমিবান্যৎপ্রহৰিষ্যতো বিধেঃ || ৮-৪৪||


অথবা যমৰাজ হয়তো কোমল বস্তুক কোমল অস্ত্ৰৰেই সংহাৰ কৰে

আগতেও নিদৰ্শন আছে পদ্মিনীৰ বিনাশ কৰে যেন তুষাৰপাতে ।


অথবা মৃদু বস্তু হিংসিতুং মৃদুনৈবাৰভতে প্রজান্তকঃ |

হিমসেকবিপত্তিৰত্র মে নলিনী পূর্বনিদর্শনং মতা || ৮-৪৫||


এই ফুলৰ মালাই যদি প্ৰাণঘাতী হয় 

মোৰ বুকু থওঁতে কিয় মোৰ প্ৰাণ নাযায়

ঈশ্বৰৰ ইচ্ছাতে বিষো অমৃত হয়

অমৃতো বিষত পৰিণত হয় ।


স্রগিয়ং যদি জীবিতাপহা হৃদয়ে কিং নিহিতা ন হন্তি মাম্ |

বিষমপ্যমৃতং ক্বচিদ্ভবেদমৃতং বা বিষমীশ্বৰেচ্ছয়া || ৮-৪৬||


অথবা ই আছিল মোৰেই ভাগ্যৰ বিপৰ্যয়

কপালত লিখা আছিল বিনামেঘে বজ্ৰপাত 

নপৰিল গছৰ গাত পৰিল মেৰিয়াই থকা লতাত।


অথবা মম ভাগ্যবিপ্লবাদশনিঃ কল্পিত এব বেধসা |

যদনেন তৰুর্ন পাতিতঃ ক্ষপিতা তদ্বিটপাশ্রিতা লতা || ৮-৪৭||


দোষ কৰিলেও মই নোলোৱা কোনোদিন তুমি মুখ ঘূৰাই

আজি বিনা দোষতে আছা, মুখৰ মাত এষাৰো  নাই ।


কৃতবত্যসি নাবধীৰণামপৰাদ্ধেঽপি যদা চিৰং ময়ি |

কথমেকপদে নিৰাগসং জনমাভাষ্যমিমং ন মন্যসে || ৮-৪৮||


হে স্মিত সুন্দৰ হাঁহিৰ গৰাকিনী, 

তুমি ভাবিছা নেকি মোক কপট প্ৰেমিক বুলি 

সেয়ে গুচি গ’লা তুমি একো নোকোৱাকৈ 

কোনো দিন উভটি নহা পৰলোকলৈ ।


ধ্রুবমস্মি শঠঃ শুচিস্মিতে বিদিতঃ কৈতববৎসলস্তব |

পৰলোকমসংনিবৃত্তয়ে যদনাপৃচ্ছ্য গতাসি মামিতঃ || ৮-৪৯||


প্ৰেয়সীক ধিয়াই যদি যাব খুজিছিলেই প্ৰাণ মোৰ 

তেন্তে ঘূৰি আহিল কিয় অবিহনে তেওঁৰ ।

কৰ্মফলৰ যাতনা ভূগিবলৈ মোৰ হতশ্ৰী জীৱনৰ।


দয়িতাং যদি তাবদন্বগাদ্বিনিবৃত্তং কিমিদং তয়া বিনা |

সহতাং হতজীবিতং মম প্রবলামাত্মকৃতেন বেদনাম্ || ৮-৫০||


তোমাৰ মুখত এতিয়াও শুকোৱা নাই ৰতিসুখৰ  ঘাম

অথচ তুমি এৰিলা সেই দেহ ধিক মানুহৰ এই জীৱন  ।


সুৰতশ্রমসংভৃতো মুখে ধ্রিয়তে স্বেদলবোদ্গমোঽপি তে |

অথ চাস্তমিতাৎবমাত্মনা ধিগিমাং দেহভৃতামসাৰতাম্ || ৮-৫১||


সঁচাই নামতেহে পৃথিৱীৰ পতি মই 

মোৰ সঁচা ভালপোৱা তোমাৰ বাবেই

ভাবনাতো গোপনে কৰা নাই তোমাৰ অপ্ৰিয় একো

তথাপি মোক কৰিলা ত্যাগ কিয়নো।


মনসাপি ন বিপ্রিয়ং ময়া কৃতপূর্বং তব কিং জহাসি মাম্ |

ননু শব্দপতিঃ ক্ষিতেৰহং তৎবয়ি মে ভাবনিবন্ধনা ৰতিঃ || ৮-৫২||


হে কৰভোৰু! তোমাৰ ভোমোৰাৰ দৰে ক’লা চুলিটাৰি ফুলৰ সুৱাসভৰা 

বতাহত উৰোঁতে এনে লাগিছে যেন তুমি মোৰ কাষলৈ উভতি আহিছা ।


কুসুমোৎখচিতান্বলীভৃতশ্চলয়ন্ভৃঙ্গৰুচস্তবালকান্ |

কৰভোৰু কৰোতি মাৰুতস্ত্বদুপাবর্তনশঙ্কি মে মনঃ || ৮-৫৩||


সেয়ে তুমি জাগি উঠাঁ আৰু মোৰ সকলো বিষাদ কৰাঁ দূৰ ।

যেনেকৈ ৰাতি উজলি তৃণজ্যোতি ঔষধি গছে 

নাশ কৰে হিমালয়ৰ গুহাৰ অন্ধকাৰ ।


তদপোহিতুমর্হসি প্রিয়ে প্রতিবোধেন বিষাদমাশু মে |

জ্বলিতেন গুহাগতং তমস্তুহিনাদ্রেৰিব নক্তমোষধিঃ || ৮-৫৪||


ৰাতি পাহি জপোৱা এপাহি পদ্মৰ মাজত ৰৈ যোৱা গুঞ্জনহীন মৌমাখি যেন

তোমাৰ আউল-বাউল চুলিয়ে ঢকা মুখনিয়ে মোক একো কোৱা নাই ।


ইদমুচ্ছ্বসিতালকং মুখং তব বিশ্রান্তকথং দুনোতি মাম্ |

নিশি সুপ্তমিবৈকপঙ্কজং বিৰতাভ্যন্তৰষট্পদস্বনম্ || ৮-৫৫||


চন্দ্ৰ আৰু ৰাতিৰ পুনৰ মিলন হ’ব দিন শেষ হ’লে

প্ৰেমিকা চাকৈ পুনৰ মিলিত হ’ব চকোৱাৰ সৈতে

সেই সেই বিচ্ছেদ সিহঁতে সহিব পাৰে ।

তুমিতো বিদায় ল’লা চিৰদিনলৈ

অন্তহীন বিৰহত নমৰিম নে মই দগ্ধ হৈ ।

 

শশিনং পুনৰেতি শর্বৰী দয়িতা দ্বন্দ্বচৰং পতত্রিণম্ |

ইতি তৌ বিৰহান্তৰক্ষমৌ কথমত্যন্তগতা ন মাং দহেঃ || ৮-৫৬||


কুমলীয়া পাতৰ বিছনাতো তোমাৰ ননীৰ শৰীৰত হৈছিল কষ্ট 

হে সুন্দৰ উৰুৰ গৰাকিনী, এতিয়ানো কেনেকৈ সহিবা চিতাকাঠ ।


নবপল্লবসংস্তৰেঽপি তে মৃদু দূয়েত যদঙ্গমর্পিতম্ |

তদিদং বিষহিষ্যতে কথং বদ বামোৰু চিতাধিৰোহণম্ || ৮-৫৭||


অকলশৰে যেতিয়া এবাগৰ দিছিলা 

কঁকালৰ এই কিংকিনী আছিল সংগী

আজি নীৰৱ  গতিহীনতাত তোমাৰ

যেন চিৰনিদ্ৰাত তোমাকেই কৰিছে অনুসৰণ ।


ইয়মপ্রতিবোধশায়িনীং ৰশনা চৎবাং প্রথমা ৰহঃসখী |

গতিবিভ্রমসাদনীৰবা ন শুচা নানু মৃতেব লক্ষ্যতে || ৮-৫৮||


তোমাৰ কণ্ঠস্বৰ থৈ গৈছা কোকিলৰ কাকলিত

মদালসা গতি থৈ গৈছা ৰাজহাঁহৰ খোজত

মোহিনী দৃষ্টি থৈ গৈছা হৰিণৰ চাৱনিত

তোমাৰ চঞ্চলতা বতাহত কম্পিত লতাই লতাই । 


কলমন্যভৃতাসু ভাসিতং কলহংসীষু মদালসং গতম্ |

পৃষতীষু বিলোলমীক্ষিতং পবনাধূতলতাসু বিভ্রমাঃ || ৮-৫৯||


সঁচাই তোমাৰ সকলো গুণ এৰি গ’লা মোৰ বাবে সৰগলৈ যাওঁতে

কিন্তু বিৰহত আতুৰ মোৰ হৃদয়ক বুজাব নোৱাৰোঁ কোনোপ্ৰকাৰে ।

 

ত্রিদিবোৎসুকয়াপ্যবেক্ষ্য মাং নিহিতাঃ সত্যমমী গুণাস্ত্বয়া |

বিৰহে তব মে গুৰুব্যথং হৃদয়ং ন ৎববলম্বিতুং ক্ষমাঃ || ৮-৬০||


তুমি কৰিছিলা পৰিকল্পনা পাতি দিবলৈ যোৰ 

উপবনৰ আমগছ আৰু প্ৰিয়ংগুলতাৰ

ভাল নহয় এয়া নপতাকৈয়ে সেই বিয়া বিদায় লোৱাৰ ।

 

মিথুনং পৰিকল্পিতং তৎবয়া সহকাৰঃ ফলিনী চ নন্বিমৌ |

অবিধায় বিবাহসৎক্রিয়ামনয়োর্গম্যত ইত্যসাংপ্রতম্ || ৮-৬১||


তুমি গৰ্ভাৱস্থাত পদাঘাত কৰি ফুলাই তুলিছিলা অশোকজুপি

যি ফুলেৰে ফুলাম কৰিছিলা তোমাৰ অলকা

সেই গছৰেই ফুলেৰেই কেনেকৈ সজাওঁ চিতাৰ মালা ।

 

কুসুমং কৃতদোহদস্ত্বয়া যদশোকোঽযমুদীৰয়িষ্যতি |

অলকাভৰণং কথং নু তত্তব নেষ্যামি নিবাপমাল্যতাম্ || ৮-৬২||


হে মোৰ আকাংক্ষিতা, 

পৰশ সুঁৱৰি তোমাৰ ৰুণজুন নূপুৰ পিন্ধা চৰণৰ 

অশোকজুপিয়ে বৰ্ষণ কৰিছে কুসুমাশ্ৰু হৈ শোকাতুৰ ।


স্মৰতেব সশব্দনূপুৰং চৰণানুগ্রহমন্যদুর্লভম্ |

অমুনা কুসুমাশ্রুবর্ষিণা তৎবমশোকেন সুগাত্রি শোচ্যসে || ৮-৬৩||


হে কিন্নৰকণ্ঠী ! শুই পৰিলা কিয়

তোমাৰ নিশ্বাসৰ দৰে সুৱাসৰ বকুলফুলৰে 

তুমি আৰু মই মিলি গঁথা 

তোমাৰ কঁকালৰ কিংকিণী এতিয়াও আধৰুৱা ।


তব নিঃশ্বসিতানুকাৰিভির্বকুলৈৰর্ধচিতাং সমং ময়া |

অসমাপ্য বিলাসমেখলাং কিমিদং কিন্নৰকণ্ঠি সুপ্যতে || ৮-৬৪||


সখীসকল তোমাৰ সুখে-দুখে লগৰীয়া

প্ৰতিপদৰ জোনৰ দৰে তোমাৰ পুত্ৰ

আৰু মই একান্তই তোমাৰ অনুগত

তথাপি এনেকৈ এৰি যোৱাটো সঁচাই নিষ্ঠুৰ ।


সমদুঃখসুখঃ সখীজনঃ প্রতিপচ্চন্দ্রনিভোঽযমাত্মজঃ |

অহমেকৰসস্তথাপি তে ব্যবসায়ঃ প্রতিপত্তিনিষ্ঠুৰঃ || ৮-৬৫||


মোৰ ধৈৰ্যৰ ছিঙিছে বান্ধ, নাই প্ৰেম-সম্ভোগ, সংগীতো স্তব্ধ 

ঋতুৰ উৎসৱ নাই, আভূষণৰো নাই প্ৰয়োজন, মোৰ শয্যাও শূন্য ।


ধৃতিৰস্তমিতা ৰতিশ্চ্যুতা বিৰতং গেয়মৃতুর্নিৰুৎসবঃ |

গতমাভৰণপ্রয়োজনং পৰিশূন্যং শয়নীয়মদ্য মে || ৮-৬৬||


মোৰ গৃহিণী, পৰামৰ্শদাত্ৰী, নিঃসংগতাত সখী, ললিতকলাৰ প্ৰিয় ছাত্ৰী 

মোৰ কাষৰ পৰা তোমাক লৈ গ’ল বিধাতাই মোক অকলে এৰি।


গৃহিণী সচিবঃ সখী মিথঃ প্রিয়শিষ্যা ললিতে কলাবিধৌ |

কৰুণাবিমুখেন মৃত্যুনা হৰতা তৎবাং বদ কিং ন মে হৃতম্ || ৮-৬৭||


হে মদিৰাক্ষি ! তুমি পান কৰিছিলা মই খাই এৰা সুমিষ্ট মদিৰা

আজি পৰলোকত মোৰ অশ্ৰুজলৰ অঞ্জলি কিদৰে পান কৰিবা ।


মদিৰাক্ষি মদাননার্পিতং মধু পীৎবা ৰসবৎকথং নু মে |

অনুপাস্যসি বাষ্পদূষিতং পৰলোকোপনতং জলাঞ্জলিম্ || ৮-৬৮||


ৰাজ ঐশ্বৰ্য থাকিলেও অজৰ সকলো সুখ হ’ল অন্ত

কোনো মনোলোভা বিষয়ে মোক নকৰে আকৰ্ষণ

তোমাক কেন্দ্ৰ কৰিয়েই আছিল মোৰ সুখ-বিনোদন ।


বিভবেঽপি সতি তৎবয়া বিনা সুখমেতাবদজস্য গণ্যতাম্ |

অহৃতস্য বিলোভনান্তৰৈর্মম সর্বে বিষয়াস্ত্বদাশ্রয়াঃ || ৮-৬৯||


কোশলাধিপতিয়ে কৰিলে কৰুণ বিলাপ প্ৰিয়তমাক হেৰুৱাই

শুনি তৰু-তৃণয়ো কৰিলে ক্ৰন্দন ডালৰ দ্ৰৱিত ৰস ভূমিত নিগৰাই  ।


বিলপন্নিতি কোসলাধিপঃ কৰুণার্থগ্রথিতং প্রিয়াং প্রতি |

অকৰোৎপৃথিবীৰুহানপি স্রুতশাখাৰসবাষ্পদূষিতান্ || ৮-৭০||


আত্মীয়-স্বজনে কোনোমতে মুক্ত কৰিলে ৰজাৰ বাহুৰ পৰা সুন্দৰীক

অন্তিম সাজেৰে সজাই সমৰ্পিলে অগৰু-চন্দন কাঠৰ চিতাজুইত।


অথ তস্য কথংচিদঙ্কতঃ স্বজনস্তামপনীয় সুন্দৰীম্ |

বিসসর্জ তদন্ত্যমণ্ডনামনলায়াগুৰুচন্দনৈধসে || ৮-৭১||


ইচ্ছা নাথাকিলেও জীয়াই থকাৰ

দেহ উৎসৰ্গা নকৰিলে চিতাগ্নিত প্ৰিয়াৰ

বিদ্বান ৰজাক অপবাদে চোৱে বুলি সহমৰণৰ।


প্রমদামনু সংস্থিতঃ শুচা নৃপতিঃ সন্নিতি বাচ্যদর্শনাৎ |

ন চকাৰ শৰীৰমগ্নিসাৎসহ দেব্যা ন তু জীবিতাশয়া || ৮-৭২||


দহদিনৰ পাছত সকলো নিয়ম মানি নগৰৰ সেই উপবনতে

অজই গুণৱতী পত্নীৰ শ্ৰাদ্ধ অনুষ্ঠান সমাপণ কৰিলে।


অথ তেন দশাহতঃ পৰে গুণশেষামপদিশ্য ভামিনীম্ |

বিদুষা বিধয়ো মহর্দ্ধয়ঃ পুৰ এবোপবনে সমাপিতাঃ || ৮-৭৩||


ইন্দুমতী অবিহনে যেতিয়া নগৰীলৈ ঘূৰিল অজ

এনে লাগিল যেন তেওঁ শেহৰাতিৰ মোলান পৰা চন্দ্ৰ ।

সেই শোকৰ প্ৰৱাহ নগৰৰ নাৰীসকলৰ অশ্ৰুধাৰাত । 


স বিবেশ পুৰীং তয়া বিনা ক্ষণদাপায়শশাঙ্কদর্শনঃ |

পৰিবাহমিবাবলোকয়ন্স্বশুচঃ পৌৰবধূমুখাশ্রুষু || ৮-৭৪||


যজ্ঞৰ বাবে দীক্ষিত হৈ আশ্ৰমত থকা কুলগুৰু বশিষ্টই

যেতিয়া জানিলে শোকত বিকল ৰজা ৰঘুৰ বিষয়ে

এক শিষ্যৰ মুখেৰে এটি বাৰ্তা পঠিয়ালে । 


অথ তং সবনায় দীক্ষিতঃ প্রণিধানাদ্গুৰুৰাশ্রমস্থিতঃ |

অভিষঙ্গজডং বিজজ্ঞিবানিতি শিষ্যেণ কিলান্ববোধয়ৎ || ৮-৭৫||


যিহেতু মুনিৰ যজ্ঞ সমাপণ হোৱা নাই এতিয়াও

নিজে আহি প্ৰকৃতিস্থ কৰিব পৰা নাই আপোনাক 

আপোনাৰ শোক-সন্তাপৰ কথা জানিও ।


অসমাপ্তবিধির্যতো মুনিস্তব বিদ্বানপি তাপকাৰণম্ |

ন ভবন্তমুপস্থিতঃ স্বয়ং প্রকৃতৌ স্থাপয়িতুং পথশ্চ্যুতম্ || ৮-৭৬||


হে সদাচাৰী, মোকে দি পঠাইছে তেওঁৰ সংক্ষিপ্ত উপদেশ 

জগতবিদিত আপোনাৰ ধৈৰ্য, শুনক গুৰুৰ কথন

সেই উপদেশ আপুনি হৃদয়ত কৰক ধাৰণ ।


ময়ি তস্য সুবৃত্ত বর্ততে লঘুসংদেশপদা সৰস্বতী |

শ্রুণু বিশ্রুতসত্ত্বসাৰ তাং হৃদি চৈনামপধাতুমর্হসি || ৮-৭৭||


মুনিবৰে দেখা পায় সমাধিত বহি 

অনাদি পুৰুষৰ খোজ স্বৰূপ ভূত ভৱিষ্যৎ বৰ্তমান

আছে তেওঁৰ অপ্ৰতিৰোধ্য দৃষ্টি আৰু অসীম জ্ঞান ।


পুৰুষস্য পদেষ্বজন্মনঃ সমতীতং চ ভবচ্চ ভাবি চ |

স হি নিষ্প্রতিঘেন চক্ষুষা ত্রিতয়ং জ্ঞানময়েন পশ্যতি || ৮-৭৮||


তৃণবিন্দু নামৰ ঋষিয়ে এবাৰ কৰিছিল ভীষণ তপস্যা

তপভংগ কৰিবলৈ ইন্দ্ৰই পঠালে হৰিণী নামে অপ্সৰা ।

 

চৰতঃ কিল দুশ্চৰং তপস্তৃণবিন্দোঃ পৰিশঙ্কিতঃ পুৰা |

প্রজিঘায় সমাধিভেদিনীং হৰিৰস্মৈ হৰিণীং সুৰাঙ্গনাম্ || ৮-৭৯||


তপৰ শান্তি-প্ৰতিবন্ধক অপ্সৰাৰ লাস্যময় ভাব প্ৰদৰ্শনত

মুনিৰ হ’লত তপস্যা ভংগ অভিশাপ দিলে হৈ ক্ৰোধান্বিত 

ৰমনীয় বিলাসত চঞ্চল হৰিণীৰ হওক মানৱী জন্ম ।


স তপঃপ্রতিবন্ধমন্যুনা প্রমুখাবিষ্কৃতচাৰুবিভ্রমম্ |

অশপদ্ভব মানুষীতি তাং শমবেলাপ্রলয়োর্মিণা ভুবি || ৮-৮০||


হে প্ৰভু! মই পৰাধীন বাবে কৰিব লগা হ’ল অন্যায় আচৰণ

এইবুলি ক্ষমা খুজি হৰিণীয়ে কৰিলে মুনিক কৰিলে অনুনয়।

দয়া কৰি ক’লে মুনিয়ে যেতিয়ালৈকে নাপায় এই দেৱপুষ্পৰ দৰ্শন

তেতিয়ালৈকে কৰিব লাগিব মানৱী ৰূপ ধাৰণ ।


ভগবন্পৰবানয়ং জনঃ প্রতিকূলাচৰিতং ক্ষমস্ব মে |

ইতি চোপনতাং ক্ষিতিস্পৃশং কৃতবানা সুৰপুষ্পদর্শনাৎ || ৮-৮১||


তাৰ পাছতে তেওঁ জন্ম ল’লে বিদৰ্ভৰ হৈ ৰাজকুমাৰী 

অতদিনে তেৱেঁই থাকিল হৈ আপোনাৰ ৰাজমহিষী ।

স্বৰ্গৰ পৰা পৰা  ফুলৰ মালা উপকৰণ তেওঁৰ শাপমুক্তিৰ।


ক্রথকৈশিকবংশসংভবা তব ভূৎবা মহিষী চিৰায় সা |

উপলব্ধবতী দিবশ্চ্যুতং বিৱশা শাপনিবৃত্তিকাৰণম্ || ৮-৮২||


সেয়ে তেওঁৰ মৃত্যত ব্যথিত নহ’ব আপুনি

মানুহৰ মৰণ এনেয়ো অৱশ্যম্ভাৱী ।

পালন কৰক এই সমগ্ৰ পৃথিৱী 

ৰজাৰ প্ৰকৃত পত্নী বসুমতী ।


তদলং তদপায়চিন্তয়া বিপদুৎপত্তিমতামুপস্থিতা |

বসুধেয়মবেক্ষ্যতাং তৎবয়া বসুমত্যা হি নৃপাঃ কলত্রিণঃ || ৮-৮৩||


আপুনি উত্থানৰ সময়ত প্ৰদৰ্শন কৰিছিল নিৰহংকাৰ

পৰিচয় দিছিল আত্মবিশ্বাস আৰু প্ৰজ্ঞাৰ

দুখৰ মাজতো এতিয়া প্ৰকাশ কৰক বীৰ্য-বিক্ৰমৰ ।

 

উদয়ে মদবাচ্যমুজ্ঝতা শ্রুতমাবিষ্কৃতমাত্মবত্ত্বয়া |

মনসস্তদুপস্থিতে জ্বৰে পুনৰক্লীবতয়া প্রকাশ্যতাম্ || ৮-৮৪||


এনেকৈ কান্দিলেই জানো তেওঁক আপুনি পাব ঘূৰাই

সহমৰণ লৈও আপুনি নোৱাৰে পাব ফিৰাই ।

পৰলোকগামীৰ কৰ্মফল অনুসৰি ভিন্ন গতি হয় ।


ৰুদতা কুত এব সা পুনর্ভবতা নানুমৃতাপি লভ্যতে |

পৰলোকজুষাং স্বকর্মভির্গতয়ো ভিন্নপথা হি দেহিনাম্ || ৮-৮৫||


শোক কাটিকৈ থৈ পিণ্ডজল দান কৰি পত্নীক কৰক তৰ্পণ

প্ৰিয়জনৰ চকুৰ পানী সদায় মৃতকৰ আত্মাৰ কষ্টৰ কাৰণ ।


অপশোকমনাঃ কুটুম্বিনীমনুগৃহ্ণীষ্ব নিবাপদত্তিভিঃ |

স্বজনাশ্রু কিলাতিসংততং দহতি প্রেতমিতি প্রচক্ষতে || ৮-৮৬||


শৰীৰৰ মৃত্যুৱেই প্ৰকৃতি জীৱন হৈছে মাথোঁ বিকৃতি

মুহূৰ্তৰ উশাহ চলি থকাতেই সেয়ে লাভৱান প্ৰাণী ।


মৰণং প্রকৃতিঃ শৰীৰিণাং বিকৃতির্জীবিতমুচ্যতে বুধৈঃ |

ক্ষণমপ্যবতিষ্ঠতে শ্বসন্যদি জন্তুর্ননু লাভবানসৌ || ৮-৮৭||


যিসকল চেতনাৰে মূঢ় প্ৰিয়জনৰ মৃত্যু হয় বুকুৰ শেল

পিছে ধীৰ-স্থিৰ লোকৰ বাবে সেয়া যেন কুশলাৰ্থে কঢ়া হুল ।


অবগচ্ছতি মূঢচেতনঃ প্রিয়নাশং হৃদি শল্যমর্পিতম্ |

স্থিৰধীস্তু তদেব মন্যতে কুশলদ্বাৰতয়া সমুদ্ধৃতম্ || ৮-৮৮||


নিজৰ শৰীৰ আৰু আত্মাৰ মিলন-বিচ্ছেদৰ কথা শ্ৰুতিয়ে কয়

তেন্তে তত্ত্বদৰ্শী লোকে কিয় কৰিব শোক বিৰহত বাহ্যিক বিষয়ৰ ।


স্বশৰীৰশৰীৰিণাবপি শ্রুতসংযোগবিপর্যয়ৌ যদা |

বিৰহঃ কিমিবানুতাপয়েদ্বদ বাহ্যৈর্বিষয়ৈর্বিপশ্চিতম্ || ৮-৮৯||


আত্মসংযমীসকলৰ ভিতৰত আপুনি শ্ৰেষ্ঠ

সাধাৰণ লোকৰ দৰে শোকৰ বশ হ’লে নুশুৱায়

বৃক্ষ আৰু পৰ্বতৰ মাজৰ থাকিব পাৰ্থক্য কি

যদিহে বতাহত পৰে দুয়ো হাওলি ?


ন পৃথগ্জনবচ্ছুচো বশং বশিনামুত্তম গন্তুমর্হসি |

দ্রুমসানুমতাং কিমন্তৰং যদি বায়ৌ দ্বিতয়েঽপি তে চলাঃ || ৮-৯০||


ৰজাই বিদায় দিলে উদাৰ বশিষ্টৰ শিষ্যক উপদেশ কৰি সৰোগত 

কিন্তু ধাৰণ কৰিব নোৱাৰিলে সেই উপদেশ শোকাতুৰ হৃদয়ত 

হয়তো পুনু গুৰুলৈকে ঘূৰি গ’ল সেই উপদেশৰ তত্ত্ব ।  


স তথেতি বিনেতুৰুদাৰমতেঃ প্রতিগৄহ্য বচো বিসসর্জ মুনিম্ |

তদলব্ধপদং হৃদি শোকঘনে প্রতিয়াতমিবান্তিকমস্য গুৰোঃ || ৮-৯১||


সত্যবাদী প্ৰিয়ভাষী অজই চাই কণমানি পুত্ৰৰ মুখ 

চাই চাই প্ৰিয়াৰ প্ৰতিকৃতি অথবা সপোনত মিলন ক্ষণিক

কোনোমতে জীয়াই থাকিল আঠোটি বছৰ ।


তেনাষ্টৌ পৰিগমিতাঃ সমাঃ কথংচিদ্বালৎবাদবিতথসূনৃতেন সূনোঃ |

সাদৃশ্যপ্রতিকৃতিদর্শনৈঃ প্রিয়ায়াঃ স্বপ্নেষু ক্ষণিকসমাগমোৎসবৈশ্চ || ৮-৯২||


আঁহতৰ শিপাই যেনেকৈ প্ৰাসাদৰ দেৱাল ফালে

শোকে বিদীৰ্ণ কৰিলে অজৰ হৃদয় তেনেকৈয়ে 

চিকিৎসাৰ অসাধ্য মৃত্যুৰ কাৰণ সেই ৰোগৰ কষ্ট

মৃত প্ৰেয়সীক অনুগমনৰ ইচ্ছাত তাকেই জনালে স্বাগত । 


তস্য প্রসহ্য হৃদয়ং কিল শোকশঙ্কুঃ

প্লক্ষপ্রৰোহ ইব সৌধতলং বিভেদ |

প্রাণান্তহেতুমপি তং ভিষজামসাধ্যং

লাভং প্রিয়ানুগমনে তৎবৰয়া স মেনে || ৮-৯৩||


সুশিক্ষিত আৰু কবচধাৰী তেওঁৰ পুত্ৰ

যথাবিধি কৰিলে প্ৰজাপালনৰ বাবে নিযুক্ত।

মুক্তিৰ কামনাত ৰুগ্ন শৰীৰৰ পৰা দুখে-শোকে জৰ্জৰিত

পুত্ৰক সকলো সঁপিয়েই  কৰিলে আমৰণ অনশন ব্ৰত ।


সম্যগ্বিনীতমথ বর্মহৰং কুমাৰ-

মাদিশ্য ৰক্ষণবিধৌ বিধিবৎপ্রজানাম্ |

ৰোগোপসৃষ্টতনুদুর্বসতিং মুমুক্ষুঃ

প্রায়োপবেশনমতির্নৃপতির্বভূব || ৮-৯৪||


দেহত্যাগ কৰি জাহ্নৱী আৰু সৰযুৰ সংগম তীৰ্থত 

পূৰ্বৰ গণনামতেই অজই লাভ কৰিলে দেৱত্ব ।

ধাৰণ কৰি আগতকৈও কমনীয় শৰীৰ

নন্দনকাননত কৰিলে প্ৰিয়াক লৈ বিহাৰ ।


তীর্থে তোয়ব্যতিকৰভবে জহ্নুকন্যাসৰয়্বো-

র্দেহত্যাগাদমৰগণনালেখ্যমাসাদ্য সদ্যঃ |

পূর্বাকাৰাধিকতৰৰুচা সংগতঃ কান্তয়াসৌ

লীলাগাৰেষ্বৰমত পুনর্নন্দনাভ্যন্তৰেষু || ৮-৯৫||


(টোকা : বাতায়ন-বেলকনি, প্ৰকৃতিৰ ত্ৰিগুণ-বায়ু, পানী, মাটি)

(মহাকবি কালিদাস বিৰচিত ৰঘুবংশ মহাকাব্যৰ অষ্টম অধ্যায় সমাপ্ত )


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ